Home Blog Page 2575

ডিচেম্বৰত গুজৰাটত নিৰ্বাচনঃ প্ৰচাৰ অভিযানত নামিল মোদী..

কালি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে৷ পঞ্জাবক বাদ দি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিজয় সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে৷ পাঁচোখন ৰাজ্যতে ধৰাশায়ী হৈ পৰিল কংগ্ৰেছ৷ উত্তৰ প্ৰদেশত মাত্ৰ দুখন আৰু মণিপুৰত পাঁচখন আসনতে সীমাবদ্ধ হৈ পৰিল ভাৰতীয় জাতীয় কংগ্ৰেছ৷ আৰু, আজিৰ দিনটোত দেশৰ ৰাজনীতিত দেখা গ’ল এক বিৰল দৃশ্য৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ চৌবিশ ঘণ্টা নৌহওঁতেই প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিলে গুজৰাট নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান৷ এইবৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ সাধাৰণ নিৰ্বাচন৷ আৰু, ডিচেম্বৰত অনুষ্ঠিতব্য নিৰ্বাচনৰ বাবে মাৰ্চৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ সেই উদ্দেশ্যৰে আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটত উপস্থিত হৈ এক বিশাল ৰোড শ্ব’ত অংশ লয়৷ মোদীযে গুজৰাটৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰে৷

আজিৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনোৱাৰ বাবে সহস্ৰাধিক লোক উপস্থিত হৈ ‘জয় শ্ৰীৰাম’ আৰু ‘ভাৰত মাতা কী জয়’ শ্ল’গানেৰে মুখৰিত কৰি তোলে ৰাজপথ৷ উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ কেইঘণ্টামান পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ৰাজ্যখনত এক বৃহৎ ৰোড শ্ব’ অনুষ্ঠিত কৰি গুজৰাটত নিৰ্বাচনী বিউগুল বজাই নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰে৷ গেৰুৱা ৰঙৰ টুপী পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে আজি ‘V’ প্ৰতীকৰ এক বিজয়-চিহ্ন প্ৰদৰ্শন কৰিছিল৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা গান্ধীনগৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছিল। দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদৰ এখন ষ্টেডিয়ামত ‘খেল মহাকুম্ভ’ ক্ৰীড়া অনুষ্ঠান উদ্বোধন কৰিব আৰু গান্ধীনগৰ জিলাৰ লাভাদত অৱস্থিত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব। কেইবাটাও কাৰ্যসূচী হাতত লৈ গুজৰাটত উপস্থিত হোৱা মোদীয়ে মূলতঃ বিধানসভা নিৰ্বাচনত বিজেপিক পুনৰ শাসনলৈ আনিবৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা যে চলাব তাত কোনো সন্দেহ নাই৷

যিসময়ত পৰাজয়বৰণ কৰি কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলে কঁকাল পোনাব পৰা নাই, সেই সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্ণোদ্যমে নামি পৰিছে পৰৱৰ্তী নিৰ্বাচনী যুঁজৰ বাবে৷ বিজেপিৰ বাবে প্ৰতিটো দিনেই যে নিৰ্বাচনকেন্দ্ৰিক, সেয়া এই কথাই প্ৰমাণ কৰিছে৷ নিৰ্বাচনী সফলতা পাবৰ বাবে উদ্বাউল হৈ থকা বিজেপিয়ে নিৰ্বাচনী যুঁজৰ বহু আগৰ পৰাই আৰম্ভণি ঘটাই নিৰ্বাচনী ৰণকৌশলৰ আৰু প্ৰস্তুত কৰে সুপৰিকল্পিত ষ্ট্ৰেটেজীৰ৷ আৰু, আজি গুজৰাটত তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গ’ল৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ চৌবিশ ঘণ্টা নৌহওঁতেই আঠমাহ পূৰ্বেই নিৰ্বাচনী অনুশীলন আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে৷

চীনত আকৌ লকডাউন! উদ্বিগ্নতা বৃদ্ধি পাইছে ভাৰতত…

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে, ছি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। এই চহৰখনৰ মুঠ জনসংখ্যা হৈছে ৯ নিযুত। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ জনবসতিপূৰ্ণ অঞ্চলটোৰ বাসিন্দাসকলক গৃহবন্দী কৰি ৰখা হৈছে। এইটো জানিব পৰা গৈছে যে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বা অত্যধিক প্ৰয়োজন নোহোৱালৈকে এই চহৰখনৰ বাসিন্দাসকলক বাহিৰলৈ যাবলৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি, চীনৰ সংশ্লিষ্ট চহৰসমূহত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশনা দিয়া হৈছে। লগতে ইয়াকো জানিব পৰা গৈছে যে এই চহৰখনৰ বাসিন্দাসকলক দৈনিক তিনিবাৰকৈ ক’ভিডৰ বাবে পৰীক্ষা কৰা হ’ব।

যদিও পৃথিৱীৰ আন দেশবোৰত ক’ভিডৰ গ্ৰাফ যথেষ্ট নিয়ন্ত্ৰণত আছে, যদিও চীন দেশ আকৌ এবাৰ ক’ভিডৰ কৱলত পৰা ঘটনাই আন্তঃজাৰ্তিক মহলত এতিয়া চিন্তিত কৰি তুলিছে। চুবুৰীয়া দেশখনত শেহতীয়াকৈ ৩৯৭ গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁলোকৰ ভিতৰত ৯৮জন চীনৰ চাংচুন চহৰৰ ওচৰৰ জিলিন প্ৰদেশৰ বাসিন্দা। তাৎপৰ্যপূৰ্ণভাৱে, চীনে ক’ভিডৰ বিৰুদ্ধে এক ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ যদি কৰ’না সংক্ৰমণ ক’ৰবাত ধৰা পৰে, তেনেহ’লে সেই অঞ্চল বা অংশত লকডাউন আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত কৰ’না পৰীক্ষাও কৰা হৈছে। ঘটনাক্ৰমে, কৰ’নাৰ সংক্ৰামক প্ৰকাৰ অ’মিক্ৰনৰ বাবে, চীনত কৰ’না সংক্ৰমণো বৃদ্ধি পাইছিল। মন কৰিব লগীয়া যে, ২০২০ চনৰ আৰম্ভণিৰ পৰা ২০২২ চনলৈ, এই দীঘলীয়া সময়ৰ বাবে চীনত এসপ্তাহত কৰ’না সংক্ৰমণ হাজাৰৰ ঘৰ অতিক্ৰম কৰা নাছিল। অৱশ্যে, এই সপ্তাহত চীনত হাজাৰ হাজাৰ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে-লগে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সমান্তৰালকৈ ভাৰততো চীনৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে।

ইভিএমৰ দয়াতহে জিকিছে বিজেপিঃ কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে যেতিয়া ৰোড শ্ব’ কৰিছিল তেতিয়া ৩০ কিলোমিটাৰ দীঘলীয়া শাৰী দেখা গৈছিল। আনহাতে নৰেন্দ্ৰ মোডীৰ মিটিংৰ আসন খালী আছিল, বিজেপিৰ নিৰ্বাচনী মিটিংসমুহ আছিল সেৰেঙা, বিজেপিৰ ৰোড শ্ব’ত মানুহে নাছিল, তথাপিও বিজেপি জিকিল । কেনেকৈ ? ইভিএম টেম্পাৰিং কৰি বিজেপি জিকিছে । ইভিএমৰ দয়াত হে বিজেপি জিকিছে – এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে ।

শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে উক্ত মন্তব্য কৰি প্ৰশাসনক টকা পইচা দি কিনি ইভিএমৰ দয়াতহে বিজেপি জিকা বুলি মন্তব্য কৰে । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অসম , বড়োলেণ্ড কেতিয়াও ভাৰতৰ সতে সংযুক্ত নাছিল আৰু ইয়াত কোচ ৰাজ্য , আহোম ৰাজ্যৰ দৰে সৰু সৰু ৰাজ্য – ৰাষ্ট্ৰ আছিল যদিও ঐক্যবদ্ধভাৱে যুঁজি বৃটিছৰ পৰা স্বাধীনতা আনিলে ।

ভাৰতৱাসীৰ সেই ঐকতা বিজেপিয়ে ধ্বংস কৰি দিলে আৰু এতিয়া মাথো জাত পাত , জাতি -ধৰ্মক ভাগ ভাগ কৰি বৃটিছৰ পথ অনুসৰণ কৰিছে বিজেপিয়ে । কংগ্ৰেছক আৰু ২০ খনমান আসন দিলে একো সন্দেহ নকৰিলোহেতেন বুলি মন্তব্যৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে যি দেশে ইভিএম উদ্ভাৱন কৰিছিল সেই দেশেই এতিয়া ইভিএম ব্যৱহাৰ নকৰে । ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত বেলট পেপাৰ ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে ।

আমগুৰিত আৰক্ষী-আবকাৰীৰ অভিযান: চুলাই ঘাটি উচ্ছেদ প্ৰশাসনৰ

পৰিণত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগে আজি বহুকেইটা চুলাই ঘাটি কুঠাৰে ভাঙি চুলাই ব্যৱসায় বন্ধ কৰিবলৈ অভিযান চলায় । আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আমগুৰি আবকাৰী বিভাগে লালিম ছিগা, বৰাহীবাৰী, ন-আলি চুক, পুলিবৰ, হাতীমূৰীয়াত অভিযান চলাই ৭০০ লিটাৰ চুলাই, ২০০০ ৰো অধিক চুলাইপাচ, বহুকেইটা চুলাই বনোৱ

জানিব পৰা মতে ন-আলি চুকৰ কচু গগৈ(অভিজিৎ), লালিম ছিগাৰ কণ্ঠী গগৈ(মইনা), লগতে কলিমনৰ চুলাই ভাটীত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাইপাচ নষ্ট কৰিবলৈ সক্ষম হয়। আনহাতে আমগুৰিৰ জেহেনীয়া আৰু দেওঁৰজাত আৰক্ষী-আবকাৰী বিভাগে চুলাই ভাটী ধ্বংস কৰাত হাৰ মানিছে। মাহেকত চাৰিবাৰকৈ চুলাই ভাটি ধ্বংস কৰিলেও চুলাই ব্যৱসায়ীয়ে পূণ্যোদ্যমে চলাই গৈছে চুলাই ব্যৱসায়। দেওঁৰজা কমাৰচুকৰ প্ৰশান্ত, বৰচহকী চুকৰ ৰঞ্জন, বসন্ত, বিতুপনৰ নেতৃত্বত বৃহৎ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বিশেষ সূত্ৰে জানিব পৰা মতে দেওঁৰজা কমাৰচুকৰ প্ৰশান্ত, বৰচহকী চুকৰ ৰঞ্জন, বসন্ত, বিতুপনে যোৰহাটৰ বিশেষ লালিগুৰ পাৰ্টীৰ লগত গোপনে ব্যৱসায় আৰম্ভ কৰি অঞ্চলটোত সামাজিক,শৈক্ষিক বাতাবৰণ বিনষ্ট কৰি পেলাইছে। কমাৰচুক আৰু বৰচহকী চুকৰ এইকেইটা চুলাই ব্যৱসায়ীয়ে আমগুৰি নগৰৰ লগতে জাঁজী, চেলেংহাট, বৰবাম, হালোৱাটিঙলৈ বিশেষ গাড়ীৰে চুলাই সৰবৰাহ কৰি আহিছে। এইক্ষেত্ৰত আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগটোৱে দওৰজা অঞ্চলটোত বহুবাৰ অভিযান চলাই আহিছে যদিও অবৈধ ব্যৱসায়ীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

জেবিআইচিক অসমৰ উদ্যোগীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস

কুৰিহাৰা (তোশী) তোশিহিকো, জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অপাৰেচন (জেবিআইচি)ৰ মুখ্য প্ৰতিনিধি; মিৎচুই এণ্ড কোং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কলকাতা শাখাৰ মুখ্য আঞ্চলিক বিষয়া, সঞ্চালক চুয়োশি হোণ্ডা আৰু জ্যেষ্ঠ অৰ্থনীতিবিদ (জেবিআইচি) ড০ বিনায়ক কান্ত মিশ্ৰাই আজি উদ্যোগ আৰু বাণিজ্য, এআইআইডিচি, এপিডিচিএল, এএছটিইচি আৰু এমএছএমই-ডিআইৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

 জেবিআইচি হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যি সম্পূৰ্ণৰূপে জাপান চৰকাৰৰ মালিকানাধীন। জেবিআইচিয়ে বিদেশী প্ৰতিষ্ঠানৰ সৈতে বিদেশী ব্যৱসায়ত অংশীদাৰী ত্বৰান্বিত জাপানী কোম্পানীবোৰৰ যুটীয়া উদ্যোগত প্ৰচাৰ আৰু বিনিয়োগ কৰে।

মিৎচুই এণ্ড কোম্পানী হৈছে 63 খনতকৈও অধিক দেশত কাম কৰা এটা জাপানী গোট। কোম্পানীটোৱে শক্তি, খনিজ আৰু ধাতুসম্পদ, যন্ত্ৰপাতি আৰু আন্তঃগাঁথনি আদিৰ প্ৰতি বিশেষ আগ্ৰহৰ সৈতে বিভিন্ন খণ্ডত কাম কৰে।

বাৰ্তালাপৰ সময়ত কুৰিহাৰা (তোশী) তোশিহিকোৱে কয় যে জেবিআইচিয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় কাৰ্যকলাপৰ বাবে ৭.৮ বিলিয়ন আমেৰিকান ডলাৰ সংগ্ৰহ কৰিছে। তেওঁ ভাৰত-জাপান দ্বিপাক্ষিক সম্পৰ্ক আৰু জেবিআইচিয়ে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ সৈতে তেওঁলোকৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত যিধৰণে সামঞ্জস্য ৰাখিছে তাৰ ওপৰত চিন্তা-চৰ্চা কৰে। তেওঁ কাৰ্বন পদচিহ্ন হ্ৰাস কৰা আৰু নৱীকৰণযোগ্য শক্তি সম্পদ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ জলবায়ু কাৰ্যকলাপক সমৰ্থন জনোৱাৰ বিষয়ে বৰ্ণনা কৰে।

তেওঁ লগতে মত প্ৰকাশ কৰে যে জেবিআইচি ভাৰতীয় কোম্পানী আৰু ৰাজহুৱা ব্যক্তিগত উদ্যোগসমূহক ঋণ দিবলৈ আগ্ৰহী যাৰ এটা জাপানী কোম্পানীৰ দ্বাৰা নিম্নতম 10% ইকুইটি ধাৰ আছে আৰু জেবিআইচি জাপানী সঁজুলি ক্ৰয় কৰা প্ৰতিষ্ঠানবোৰক অন্যান্য সহ-বিত্তীয় সংস্থাৰ সৈতে উদ্যোগবোৰক ঋণ দিবলৈ মুকলি।

চুয়োশি হোণ্ডাই কোম্পানীটোৱে কাম কৰি থকা বিভিন্ন খণ্ডৰ ওপৰত এক চমু প্ৰেজেণ্টেচন দিছিল, বিশেষকৈ সেউজ শক্তি খণ্ডৰ ওপৰত। এপিডিচিএলৰ বিষয়াসকলে ভূ-তাপীয় শক্তি, বায়ু আৰু সৌৰ শক্তিৰ ক্ষেত্ৰত সুযোগ আৰু ভৱিষ্যতৰ সহযোগিতা অন্বেষণৰ আশা ব্যক্ত কৰে।

উদ্যোগ আৰু বাণিজ্যবিভাগৰ অন্যান্য বিষয়াসকলৰ সৈতে উদ্যোগ আৰু বাণিজ্যবিভাগৰ অতিৰিক্ত সঞ্চালক নৱ কুমাৰ তালুকদাৰে অঞ্চলটোৰ উদ্যোগীসকলৰ বাবে উপলব্ধ বিভিন্ন আঁচনিৰ বিষয়ে জাপানী প্ৰতিনিধিসকলৰ সৈতে বিতংভাৱে আলোচনা কৰে। তেওঁ জেবিআইচিক অসমৰ উদ্যোগীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

অৰুনোদয় আঁচনি আৰু চৰকাৰী গৃহৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী।

বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও একো সকাহ নোপোৱা এটি দুৰ্ভগীয়া পৰিয়াল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা নাৰায়ণপুৰ গাঁৱৰ এই অসহায় পৰিয়ালটি। উল্লেখ্য যে নাৰায়্ণপুৰ গাঁৱৰ বিধবা মহিলা মালেকা বেগমৰ কণিষ্ঠ পুত্ৰ ৰফিকুল আলী বিশেষভাবে সক্ষম এজন লোক। খোজকাঢ়িব নোৱাৰা হৈ সৰ্বস্বান্ত হোৱা এই পৰিয়ালটোৱে টকাৰ অভাৱত ৰফিকুলৰ চিকিৎসা আধৰুৱা কৰিবলগীয়া হৈছে।

৪জনীয়া এই পৰিয়ালটোৱে কেৱল অসহায়ভাৱে চাই থাকিবলগীয়া হৈছে ৰফিকুলক।অসহায় পৰিয়ালটিৰ মুৰব্বী মালেকা বেগমে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰভাৱে অনুৰোধ কৰিছে যাতে তেওঁলোকৰ কণিষ্ঠ পুত্ৰ ৰফিকুলৰ উন্নতমানৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। কোনো সদাশয় লোকে পৰিয়ালটোক আর্থিকভাৱে কিছু সহায় কৰিব বিচাৰিলে পৰিয়ালটোৰ মুৰব্বী ৰফিকুল ৰ মোবাইল নম্বৰ 6003877568 ত যোগাযোগ কৰিব পাৰিব বা ৰফিকুলৰ কাপলাবড়ীস্থিত ইউকো বেংকৰ IFSC code: UCBA0002650 আৰু একাউণ্ট নম্বৰ 26503211003267 ত আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াব পাৰিব।

চামধৰাত পহু উদ্ধাৰ কৰি আঘাত প্ৰাপ্ত পহুটোক বন বিভাগক চমজাই দিয়ে স্থানীয় ৰাইজে 

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাবিল চামধৰা পানী গাঁৱত কালি এটা প্ৰকাণ্ড পহু ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। জানিব পৰা মতে গাঁওখনৰ যুৱ প্ৰকৃতি প্ৰেমী বুবু শইকীয়া নামৰ যুৱক জনৰ ঘৰৰ পিছফালৰ বাৰিত পহুটোক প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক খৱৰ দিয়ে ।

পিছত প্ৰকৃতি প্ৰেমী যুৱকজন নিৰিহ জন্তুটোৰ প্ৰতি থকা দ্বায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত পহুটোক পুনৰ বঞ্চালত পঠোৱাৰ বাবে ৰাইজৰ লগত কৌশলৰে বহু চেষ্টাৰ পিছত পহুটোক আটক কৰে।

প্ৰ্কৃতি প্ৰেমী যুৱকজনৰ লগত স্থানীয় ৰাইজে এই সন্দৰ্ভত ডিপলোঙা আঞ্চলিক বন বিষয়াক খৱৰ দিয়াত বন বিভাগৰ লোক আহি আঘাত প্ৰাপ্ত  প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ পহুটোক উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে। পহুটো সুস্থ হোৱাৰ পিছত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে বুলি বন বিভাগৰলোকে জানিব দিয়ে।

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ : পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ ? সংকটত বাংলাদেশ

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ: দুয়োটা সংকটত বাংলাদেশৰ পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ?

ইউক্ৰেইন  আক্ৰমণৰ ফলত সমগ্ৰ পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ বিৰুদ্ধে একত্ৰিত হৈছে। ইউৰোপ, আমেৰিকা, এছিয়া আৰু আফ্ৰিকাৰ বেছিভাগ দেশ, আমেৰিকা যুক্তৰাজ্য, যুক্তৰাজ্যকে ধৰি, ৰাছিয়াৰ বিৰুদ্ধে।

কিন্তু চীন, ভাৰত আৰু বাংলাদেশে এই ক্ষেত্ৰত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰসংঘত ৰাছিয়াক গৰিহণা দিয়া প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ পৰা বিৰত থাকি বাংলাদেশে নিজৰ কূটনৈতিক স্থিতি ব্যক্ত কৰিছিল।

বিশ্লেষকসকলৰ মতে, চলিত যুদ্ধৰ পৰিপ্ৰেক্ষিতত, বিশ্বৰ মহাশক্তিসমূহৰ স্পষ্ট বিভাজনৰ মাজত বাংলাদেশৰ বাবে এটা পক্ষ লোৱাটো এক প্ৰত্যাহ্বান, আৰু এই ক্ষেত্ৰত দেশখন যথেষ্ট সংকটত আছে।

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত হৈ সহপাঠী সকলৰ সৈতে তাতক্ষণিকভাৱে ইউক্ৰেইন এৰাৰ সিদ্ধান্ত লয় জাভেদে।

ইফালে জাভেদৰ নিজা গৃহ ডিব্ৰুগড়তো পৰিয়ালৰ লোকে ইউক্ৰেণৰ পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰে। আনহাতে বুধবাৰে ইউক্ৰেণৰ পৰা সুকলমে নিজ বাসগৃহত উপস্থিত হয় ছাত্ৰ জাভেদ আহমেদ। পুৱা ৯ বজাত ডিব্ৰুগ়ড় বিমান বন্দৰত আহি উপস্থিত হয় ছাত্ৰগৰাকী। চহৰখনৰ মিৰ্জাবাগৰ বাসিন্দা ছামিম আহমেদৰ পুত্ৰ জাভেদ আহমেদ ছাত্ৰগৰাকীয়ে আজি ইউ. এ. টিভিৰ আগত ৰাছিয়া আৰু ইউক্ৰেণৰ যুদ্ধৰ মাজত আবদ্ধ হৈ থকা সময়ছোৱাৰ সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱা উঠিয়েই যুদ্ধৰ পৰিৱেশ দেখিবলৈ পাইছিল অডেছা চহৰখনত। ২৭ ফেব্ৰুৱাৰীত ছাত্ৰগৰাকীয়ে ৫ জন বন্ধুৰ সৈতে ইউক্ৰেণৰ ইজমাইল হৈ ৰোমানিয়া সীমাৰে নিৰাপদ স্থানত আহি উপস্থিত হয়। ৰোমানিয়াত উপস্থিত হৈ ভাৰতীয়া দুতাবাসৰ লগত যোগাযোগ কৰি বায়ু সেনাৰ চি ১৭ বিমানেৰে ভাৰত আহি উপস্থিত হয়। ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়ামতে ছামি ষ্টেট ইউনিভাৰ্চিটিত ৭০০ৰো অধিক ভাৰতীয়া ছাত্ৰ-ছাত্ৰী বৰ্তমানেও আবদ্ধ হৈ আছে। যুদ্ধ পৰিস্থিতি তথা নিজৰ যাত্ৰাৰ বৰ্ণনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ভাৰত – বাংলাদেশ সীমান্তত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম

ভাৰত – বাংলাদেশ সীমান্তৰ  টিস্তাৰপাৰ ঘিউমাৰী চৰত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত  হয় ।ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰ বালাডোবাত ১৯  নং বেটলিয়ন  সীমান্ত সুৰক্ষা বাহিনীৰ এখন নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় ।অনুষ্ঠানৰ আৰম্ভনিতে সীমান্ত সুৰক্ষা বাহিনীৰ চি ও ৱে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে কমান্ডেন্ট ১৯ বেটলিয়নৰ সীমান্ত সুৰক্ষা  কমান্ডাডিং বিষয়াসহ শীৰ্ষ বিষয়াসকল৷এই অনুষ্ঠানত  লক্ষ্যাধিক টকাৰ বস্তু সামগ্ৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে । স্কুলীয়া ছাত্ৰ -ছাত্ৰী সকলৰ বাবে বহী কলম পেন্ছিলসহ বিভিন্ন সামগ্ৰীৰ লগতে , ফুটবল, ভলিবল সহ বিভিন্ন লাগতিয়াল বস্তুবিতৰণ কৰি আহিছে  ।

এইবেলিভোগডৰবালাডোবা,টিস্তাৰপাৰ ঘিউমাৰী অন্চলৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকললৈ আগবাঢ়োৱা উপহাৰ লৈ গাওঁ বাসীয়ে ধন্যবাদ জনায়৷এনে ধৰনৰ নাগৰিক কাৰ্যক্ৰম প্ৰতিবছৰে সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা কৰা হয়  আৰু এইবেলি ইয়াৰো ব্যতিক্ৰম নহয় CIVIC ACTION ,তাক লৈ BSF য়ে এইদৰে কয়৷।