Home Blog Page 2626

বিহালীত জিলা ভিত্তিক সমল ব্যক্তিৰ প্ৰশিক্ষণৰ সফল সামৰণি

বিশ্বনাথ জিলা সমগ্ৰ শিক্ষা আঁ‌চনিৰ অন্তৰ্গত জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১৮ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত সমল  ব্যক্তিৰ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে ।জিলা আঁ‌চনি বিষয়া বেদব্ৰত বৰাই পৰিচালনা কৰা প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্বনাথৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক দিলীপ শৰ্মা,বিশ্বনাথৰ   বিত্ত আৰু গাণনিক বিষয়া লক্ষীপ্ৰসাদ শইকীয়া, আৱাসিক বিদ্যালয় সমূহৰ জিলা আঁ‌চনি বিষয়া মনোজ গোহাঁই, খণ্ড সমল ব্যক্তি ক্ৰমে  চবিন চন্দ্ৰ লেখাৰু, উৎপল ভূঞা, হৃদয় বৈশ্য,  মধ্যাহ্ন ভোজনৰ আঁ‌চনি বিষয়া অসীম হাজৰিকাৰ লগতে মণ্ডল সমন্বয়ক ক্ৰমে নাৰায়ণ শৰ্মা, বিহালী খণ্ডৰ পলাশজ্যোতি দাস, বিশ্বনাথৰ অভিমন্যু দত্ত, উপূৰ্ব  শৰ্মা আদিয়ে প্ৰশিক্ষাৰ্থীক যাৱতীয় দিক্-নিৰ্দেশনা দি বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ।

উল্লেখযোগ্য যে, সমল ব্যক্তিৰ প্ৰশিক্ষণৰ পাছত মণ্ডল পৰ্যায়ত তিনিদিনীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ প্ৰশিক্ষণ অনুষ্ঠিত  কৰিব লাগিব ।আজি সামৰণি অনুষ্ঠানত  বেদব্ৰত বৰাই প্ৰতিগৰাকী বিষয়া আৰু খণ্ড আৰু মণ্ডল কেন্দ্ৰৰ ব্যক্তি সকলক একোখনকৈ গামোছাৰে আদৰণি জনায় ।একে কাৰ্যসূচীতে জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধক্ষ্যকো আদৰণি জনোৱা হয় ।প্ৰশিক্ষণত প্ৰায় দুশৰোধিক শিক্ষকে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ।উল্লেখ্য যে, প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বেদব্ৰত বৰাৰ পৰিকল্পনাৰে, শিল্পী দিবাকৰ বৰাই পৰিচালনা কৰা ‘সংকল্প যাত্ৰা’ শীৰ্ষক এটি গীতৰো শুভ উন্মোচন কৰা হয় ।

৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু আৰু হীৰক জয়ন্তী সমাৰোহ উদযাপন

১৯৬০ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন কৰি আহিছে। ২০১০ চনত সোণালী জয়ন্তী গৰকা গাঁওবাসীৰ প্ৰাণৰ অনুষ্ঠানটিয়ে ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক দিশত নৱপ্ৰজন্মৰ উত্তৰণ ঘটোৱাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। এইবেলি হলিৰাম চহৰীয়া ক্ষেত্ৰত ৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু উৎসৱৰ লগতে হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে ৩ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰে। ১৪ জানুৱাৰী ২০২২ তাৰিখে ৰাতিপুৱা ৫ বজাত প্ৰভাত ফেৰীৰে লগতে মেজি দাহন আৰু নাম প্ৰসঙ্গৰ পিছতেই উদযাপন সমিতিৰ সভাপতি গজেন ডেকা ডাঙৰীয়াই বিহুপতাকা উত্তোলন কৰে আৰু কৰ্ণধাৰ সমিতিৰ সভাপতি অৱসৰী শিক্ষক কৰুণা কান্ত কলিতা ডাঙৰীয়াই হীৰক জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰে আৰু হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি ৬০ খন পতাকা উত্তোলন কৰা হয়। সমাজৰ পৰা স্বৰ্গগামী হোৱা লোক সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অবসৰী প্ৰধান শিক্ষক কনক চন্দ্ৰ কলিতা দেৱে, প্ৰতিবছৰে প্ৰকাশ কৰি অহা প্ৰাচিৰ প্ৰত্ৰিকা উন্মোচন কৰে দুনী নিবাসী শিক্ষক কৰুণা কান্ত শৰ্মাদেৱে। খেল বিভাগৰ সভাপতি হেমন্ত কলিতা আৰু সম্পাদক দ্বীপেন ডেকা আৰু অপুৰ্ব কলিতাৰ নেতৃত্বত পৰিচালনা কৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পুৰ্বে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা দেৱে অলিম্পিক শিখা প্ৰজ্বলন কৰি দিয়া ভাষণত সমাজ সংগঠিত কৰাৰ বাবে আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে আজি কেইবা বছৰ ধৰি পশ্চিম দৰংৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা কাৰ্যসূচী অব্যাহত ৰাখি এইবেলি শিক্ষা সাহিত্যৰ লগতে সাংস্কৃতিক দিশত জৰিত ব্যক্তি ঐতিয্যমণ্ডিত খটৰা সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত বাপজনাৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুখ্য প্ৰজ্জ্বলাক হিচাপে কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰী প্ৰধান শিক্ষক ভাবিৰাম ডেকা ডাঙৰীয়াই। ১৫ জানুৱাৰীৰ ৰাতিপুৱা ৫ বজাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্পৰাম কলিতাই ফ্লেগ অফ কৰা আকৰ্ষণীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সেই দিনটোতে সাহিত্য বিভাগৰ সভাপতি বৰুণ চন্দ্ৰ কলিতাৰ নেতৃত্বত আৰু সম্পাদক অবিনাশ ডেকাৰ সুপৰিকল্পনাত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ লগতে অন্যতম আকৰ্ষণীয় ভেশছন প্ৰতিযোগিতাৰ পিছতে বিভিন্ন গীত মাত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু চৰকাৰে বান্ধি দিয়া কভিড এছ অ পি অনুসৰণ কৰি সন্ধিয়া ৭ বজাৰ পৰা স্বৰ্গীয় ফটিক চন্দ্ৰ কলিতা সোৱৰণী মঞ্চত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত কৰা হয়। অন্তিম দিনত ৰাতিপুৱা ১১ বজাত সাংস্কৃতিক বিভাগৰ সভাপতি অৰূপ কলিতাৰ নেতৃত্বত আৰু যুটীয়া সম্পাদক মহেন্দ্ৰ কলিতা আৰু ধ্ৰুৱজ্যোতি মহন্তৰ একান্ত প্ৰচেষ্টাত বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ উপস্থিতিত যুৱ সমাজকৰ্মী ৰাণা বশিষ্ঠ ডাঙৰীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়। আপ্যায়ন সমিতিৰ অশেষ প্ৰচেষ্টাৰ ফলত শোভাযাত্ৰা সামৰণিৰ পিছত আঞ্চলিক ৰাইজে সমূহীয়া ভোজনৰ গ্ৰহণ কৰে।

দুপৰীয়া ২ বজাত স্বৰ্গীয় অসাৰ চন্দ্ৰ ডেকা আৰু স্বৰ্গীয়া খন্তিবালা ডেকা সোৱৰণী মঞ্চত কৰ্ণধাৰ সমিতিৰ সভাপতি কৰুণা কান্ত কলিতাৰ সভাপতিত্বত মুকলি ও বটা বিটৰণী সভা অনুষ্ঠিত হয়। মুকলি সভা উদ্বোধন কৰে লোকভাষা প্ৰচাৰ সমিতিৰ মহা সচিব কুশল কলিতাই, জয়ন্ত কলিতাৰ সভাপতিত্ব আৰু মনোজ কুমাৰ চহৰীয়া আৰু দিলীপ ডেকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মেজি” উন্মোচন কৰে ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া দেৱে, মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় দিলীপ শইকীয়া দেৱে মুখ্য অতিথিৰ হিচাপে সভা শুৱনি কৰি আঞ্চলিক ৰাইজক কৃতাৰ্থ কৰে আৰু শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে, স্থানীয় বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী দেৱে বিশিষ্ট অতিথি হিচাপে সভাত ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ ৰাখে যুৱ সমালোচক ড০ জয়ন্ত ডেকা দেৱে, সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ৰমেণ মালাকাৰ দেৱ উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে। মীন উন্নয়ন নিগম অসমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া সভাৰ পুৰ্বে উপস্থিত হৈ আঞ্চলিক ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।

এই তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰাত আঞ্চলিক ৰাইজে যিধৰণে বিভিন্ন দিহা পৰামৰ্শৰ লগতে আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়ালে আৰু স্থানীয় প্ৰশাসনৰ একান্ত সহযোগৰ বাবে উদযাপন সমিতিৰ হৈ যুটীয়া সাধাৰণ সম্পাদক জগদীশ ডেকা আৰু জীৱন বৰুৱাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

কামৰূপত বনভোজথলীসমূহ বন্ধ ৰখাৰ আদেশ জাৰি

বৰ্তমানৰ কোভিড-১৯ৰ বৰ্দ্ধিত সংক্ৰমণ আৰু ৰাইজৰ মাজত কোভিড ১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা যেনে দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

তৎকালীনভাৱে আজি অৰ্থাৎ ২১ জানুৱাৰী ২০২২ ৰ পৰা বলবৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকিয়াম, কুলশী, চানডুবি, বাৰেগাঁও, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীর্ঘেশ্বৰী, মদন কামদেৱ, মলং শিলডুবি হহুৱাপাৰাকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ’ব।
এমআৰডি/২১-০১-২০২২

গোসাঁইগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড : স্বামীয়ে হত্যা কৰিলে পত্নীক

ৰাজ্যত পুনৰ হত্যাকাণ্ড। স্বামীৰ আক্ৰমণত পত্নীৰ মৃত্যু ।কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অধীনস্ত ফুলকুমাৰী গাঁৱত   নিশা এক ভয়ংকৰ  হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে নিজ হাতেৰে  হত্যা কৰিলে পত্নীক । এই ঘটনা গোসাঁইগাঁৱৰ সাপকাটা আৰক্ষী চকীৰ অসম বংগ সীমান্তৱৰ্তী  ফুলকুমাৰী গাঁৱত । পাৰিবাৰিক কন্দলৰ বাবে এই হত্যা কাণ্ড বুলি সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে ।স্বামী জমেশ হেমব্ৰমৰ আক্ৰমণত পত্নী জুমিলা টুডুৰ মৃত্যু হয়। হত্যাকাৰী স্বামী আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে,  পত্নীয়ে  নিশা ভাত বনোৱা বাদ দি চুবুৰীত  মদ সেৱন কৰিবলৈ  যায়। তাৰ পৰা ঘূৰি অহাৰ পাছত কিয় মদ খাবলৈ যাব লাগে তাকে কৈ উত্তম মাধ্যম দিয়ে। এইখিনি ঠিকে আছিল। স্বামী – স্ত্ৰী বিছনাত শুই পৰে। মাজনিশা জমেশ বিছনাৰ পৰা উঠি  কাজিয়াৰ সৃষ্টি  কৰে আৰু সুবিধা বুজি আক্ৰমণ কৰে  । খঙত ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰে  স্বামীয়ে।তিনি সন্তানৰ মাতৃ জুমিলাৰ কৰুণ মৃত্যুই উক্ত সীমান্ত অঞ্চলটোত চাঞ্চলয়ৰ সৃষ্টি কৰিছে।বৰ্তমান  হত্যাকাৰী স্বামী জমেশক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ঘটনাস্থলীত ঐআৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ কোকৰাঝাৰ লৈ প্ৰেৰণ কৰি  হত্যাৰ তদন্ত অব্যাহত ৰাখিছে ।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি আৱাসিক চিকিৎসক ছাত্ৰাবাস

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫০খন আসনযুক্ত এটা আৱাসিক চিকিৎসক ছাত্ৰাবাস শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে এছ এম চি এইচত আৱাসিক চিকিৎসকসকলৰ বাবে কোনো আৱাসৰ সুবিধা নাছিল৷ এতিয়া ৭.০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছাত্ৰাবাসে এছ এম চি এইচৰ কৰ্তব্যৰত আৱাসিক চিকিৎসকসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিলে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷

এই উদ্বোধনী কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ ৰাজদীপ ৰয়কে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে৷

Sun NGO ৰ প্ৰশংসনীয় পদক্ষেপ

দিনক- দিনে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ বিপৰীতে আশাৰ বতৰা কঢ়িয়াই লৈ আনি সংস্থাপনৰ বাট দেখুৱাইছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ কুহিয়াঁৰকুছিৰ ’চান এনজিঅ’ই ৷ ২০১৬ বৰ্ষত সমাজ সেৱক বাপন বসুমতাৰী আৰু বকুল স্বৰ্গীয়াৰীৰ নেতৃত্বত গঠিত ’চান এনজিঅ’ই কুহিয়াৰকুছি মালদাংপাৰা গাঁৱৰ কেইগৰাকীমান নিবনুৱা যুৱক সকলক একগোট কৰি এইবেলি গাঁৱৰে কৃষক সকলৰ কৃষিভূমিত ৮০ বিঘা সৰিয়হ ,প্ৰায় ১৪ বিঘা আলু-মটৰৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ উক্ত কৃষিভূমিত দৈনিক চোৱাচিতা কৰি আপডাল কৰিছে এনজিঅ’ৰ প্ৰধান বাপন বসুমতাৰী লগতে সদস্য সকলে ৷ মালদাংপাৰাৰ কৃষিভূমি বৰ্তমান সোণোৱালী ৰঙৰ দলিচা এখনহে যেন আৰি থৈছে এনে লাগে ৷

চৰকাৰৰ কোনো সহায়-সহযোগিতা অবিহনে বাপন বসুমতাৰী আৰু গকুল স্বৰ্গীয়াৰীৰ ঐকান্তিক প্ৰচেষ্টাৰে গঢ় দিয়া এনজিঅ’টোৱে প্ৰাৰম্ভিকভাৱে গাঁৱৰ নিবনুৱা যুৱক সকলক মাটিতে সোণ বুটলিব পাৰি এই মন্ত্ৰৰে আপ্লুত কৰি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে ৷ গাঁৱৰ পৰা দূৰ-দূৰনিলৈ কৰ্মসংস্থাপন বিচাৰি যাতে গাঁৱৰ ল’ৰা গাঁৱতে সংস্থাপন লাভ কৰিব পাৰে তাৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ’চান এনজিঅ’ই ৷ উল্লেখ্য যে চৰকাৰে কৃষকৰ উন্নয়ণৰ নামত বিয়াগোম আঁচনি লৈছে যদিও কোনো সুবিধা লাভৰ পৰা বঞ্চিত ’চান এনজিঅ’ৰ কৃষক সকল ৷ যদিহে কৃষি বিভাগে উক্ত কুহিয়াৰকুছিৰ বৃহত্তৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলেহেতেন তেন্তে আৰু অধিক লাভাম্বিত হ’লহেতেন বুলি আক্ষেপেৰে উষ্মা প্ৰকাশ কৰিছে কৃষক সকলে ৷ অনাগত দিনত জিলাৰ কৃষি বিভাগে এই কুহিয়াঁৰকুছি মালদাংপাৰাৰ কৃষক সকলৰ উন্নয়ণৰ বাবে কি ব্যৱস্থা লয় এয়া হ’ব লক্ষণীয় বিষয়

বিদ্যুৎ বিজুতিৰ খৈৰাবাৰীত বিস্তৰ ক্ষতি সাধন

বিদ্যুৎ সংযোক্ত হৈ খৈৰাবাৰী বটাবাৰী দেউৰীয়াপাৰা গাঁ‌ৱত  বিস্তৰ ক্ষতি সাধন।উল্লেখ্য যে ওদালগুৰি জিলা খৈৰাবাৰী থানা অন্তৰ্গত খৈৰাবাৰী ১নং বটাবাৰী দেউৰীয়াপাৰা গাঁ‌ৱৰ নিবাসী বিনোদ স্বৰ্গিয়াৰীৰ বাস গৃহত বৃহস্পতিবাৰ দিনা আবেলি দুৰ্ভাগ্য বসত বিদ্যুৎ বিজুতিৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ অবিৰ্ভাৱ হয়। ফলত কম সময়ৰ ভিতৰতে জুইয়ে আৱৰি লোৱাত গৰাকী বিনোদ স্বৰ্গিয়াৰীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। তাৰ পৰিপেক্ষিতত নিমিশতে দাউ দাউ কৈ জ্বলি ঘৰখনৰ নথিপত্ৰ সহ সম্পূৰ্ণ  সা সম্পত্তি ভস্মীভূত কৰি পেলোৱাত বিনোদ স্বৰ্গিয়াৰীৰ বিস্তৰ ক্ষতি সাধন হয়।

২০২১ত কোন কোন তাৰকাৰ স্থায়ী নহ’ল প্ৰেম?

কিম কাৰ্দাচিয়ান আৰু কেনে ৱেষ্টৰ পৰা জেনিফাৰ লোপেজ আৰু এলেক্স ৰড্ৰিগেজলৈকে পেচাগতভাবে সফল হলেও এইসকল দম্পতীৰ স্থায়ী নহল প্ৰেম। যাৰ বাবে অনুৰাগীসকলে ব্যাপক চৰ্চা কৰা পৰিলক্ষিত হয় ২০২১ চনত।

জাইন মালিক আৰু মডেল গিগি হাদিদৰ স্থায়ী নহ’ল প্ৰেম। পাঁচ বছৰ একেলগে থকাৰ পিছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে। মালিক আৰু গিগিয়ে ২০২০ চনৰ ছেপ্টেম্বৰত এগৰাকী কন্যাৰো অভিভাৱক হৈছিল। দুয়োৰে জীৱনলে এগৰাকী কন্যাৰ আগমনৰ পিছতো চিৰস্থায়ী নহল প্ৰেম।

ৰে জে আৰু প্ৰিন্সেছ লাভৰ মাজতো বিচ্ছেদ ঘটিছে। অৱশ্য উমৈহতীয়াভাবে দুই সন্তান ৩ বছৰীয়া পুত্ৰ এপিক আৰু এবছৰীয়া কন্যা মেলোডিক প্ৰতিপালনৰ সহমত প্ৰকাশ কৰিছে।

“লাভ আইলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ”ৰ তাৰকা আলানা পাওলুচি আৰু চাৰ্লি লিঞ্চেৰ ৰোমাঞ্চৰ ইতি পৰিছে।

স্কট ডিচিক আৰু এমেলিয়া গ্ৰে হেমলিনৰ এবছৰতকৈও কম সময়ৰ ডেটিঙৰ পিছত বিচ্ছেদ হয়।

“পিটচ পাৰফেক্ট” তাৰকা স্কাইলাৰ এষ্টিন আৰু প্ৰেমিকা লিছা ষ্টেলীৰ মাজতো ছেপ্টেম্বৰত বিচ্ছেদ ঘটে। দুয়ো ব্যস্ততাৰ বাবে ইজনে সিজনক সময় দিব পৰা নাছিল বুলি গুজব ওলাইছে।

শ্বান্না মকলেৰ আৰু তৰুণ প্ৰেমিক মেথিউ ৰণ্ডেউ এতিয়া বিচ্ছেদিতৰ তালিকাত। এই সম্পৰ্কটো সমাপ্ত কৰাৰ পিছত আগতকৈ অধিক সুখী হোৱা বুলি দাবী কৰে মেথিউৱে।

ফ্লিটউড মেকৰ প্ৰাক্তন গায়ক, গীটাৰবাদক লিণ্ডচে বাকিংহাম আৰু পত্নী ক্ৰিষ্টেন মেছনাৰৰ মাজতো বিচ্ছেদ ঘটিছে। দুয়োৰে ৩টা সন্তানো আছে। ১৭ বছৰতকৈ অধিক কাল একেলগে থকাৰ পিছত দুয়োৰে মাজৰ সম্পৰ্ক ইতি পৰিছে।

ইজা গঞ্জালেজ আৰু পল ৰাবিল সাত মাহ একেলগে থকাৰ পিছত বিচ্ছেদ হৈছিল। ৬ ডিচেম্বৰত সদৰি কৰি জাষ্ট জেৰেডক কৈছিল, বিচ্ছেদ কেইসপ্তাহমান আগতে ঘটিছিল আৰু ই অত্যন্ত বেয়া নাছিল আৰু দুয়ো আজীৱন বন্ধু হৈ থাকিব।

ষ্টাউচ আৰু মটছেপৰ সম্পৰ্ক প্ৰায় ৩ মাহতে অন্ত পৰে। “চেলিং চানছেট”ৰ তাৰকাগৰাকীয়ে মটছেপ নামৰ এগৰাকী প্ৰ’ডান্সাৰক লগ পাইছিল, যিগৰাকী “ডান্সিং উইথ দা ষ্টাৰ্ছ”ৰ চিজন ২৯ত প্ৰতিযোগী আছিল। দুয়োৰে বিভাজন এটা “পাৰস্পৰিক” সিদ্ধান্ত আছিল বুলি জনা গৈছে।

জেনিফাৰ লোপেজ আৰু এলেক্স ৰড্ৰিগেজৰ মাজতো বিচ্ছেদ ঘটিছে। দুয়োৰে বিচ্ছেদ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছিল।

বিভিন্ন কাৰণত সকলোৰে প্ৰিয় তাৰকাৰ এইদৰে সমাপ্ত ঘটিছে বৈবাহিক অথবা প্ৰেমৰ সম্পৰ্কৰ।

নগৰবেৰাৰ কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাত অন্তৰ্গত কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। দোষীক ফাঁচীৰ দাবী আৰু প্ৰশাসনৰ নিস্কৃয়তাৰ বিৰুদ্ধে কল্যাণপুৰ গাওঁৰ শ শ লোকে মৃতদেহ সন্মুখত লৈ সাৱ্যস্ত কৰিলে এই প্ৰতিবাদ। স্মৰ্তৱ্য যে বুধবাৰে নিশা কল্যাণপুৰ গাওঁত নিশা এডোখৰ ভূমিক কেন্দ্ৰ কৰি সহোদৰ ভাই ককাইৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট, মাৰপিটৰ ফলত উভয় পক্ষৰে দহজনকৈ লোক আহত হৈছিল আৰু আহত সকলক নগৰবেৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মিজানুৰ ৰহমান আৰু ছানোৱাৰ হুছেইনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম ছি লৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আহত মিজানুৰ ৰহমান (৪৫) নামৰ লোকজনক জি এম ছি লৈ নিয়া অৱস্থাত আদবাটতে মৃত্যু ঘটিছিল। মৃতদেহ ঘৰলৈ ওভটাই নি এই হত্যাকাণ্ডত জড়িত সকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবীত মৃতদেহ সন্মুখত ৰাখি ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰে। আনহাতে প্ৰশাসনৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ সৎকাৰৰ দিহা কৰা নহয় বুলিও আকোঁৰগোজ হৈ পৰে প্ৰতিবাদী ৰাইজ। ভূমি কেন্দ্ৰিক সংঘৰ্ষত এজনৰ মৃত্যু আৰু প্ৰতিবাদী কাৰ্যসূচীয়ে উত্তপ্ত হৈ পৰে নগৰবেৰাৰ কল্যাণপুৰ অঞ্চলটো।

বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ!

বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ। স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ অসম বিৰোধী সিদ্ধান্ত। সোণাপুৰৰ আৰ্চাৰী কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ। নেচনেল চেণ্টাৰ অব এক্সেলেন্সৰ কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ।

আৰ্চাৰী কেন্দটো অসমৰ পৰা উঠাই নিয়াৰ বিৰুদ্ধে SAI লৈ পত্ৰ অসম আৰ্চাৰী সন্থাৰ। সোণাপুৰৰ এই কেন্দ্ৰটোৰ পৰাই অৰ্জুন জয়ন্ত তালুকদাৰ, প্ৰমিলা দৈমাৰী, সঞ্জয় বড়োৰ দৰে বিশ্বমানৰ আৰ্চাৰে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। কিন্তু স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ হঠকাৰী সিদ্ধান্তত এতিয়া স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী।