ৰাজ্যত পুনৰ হত্যাকাণ্ড। স্বামীৰ আক্ৰমণত পত্নীৰ মৃত্যু ।কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অধীনস্ত ফুলকুমাৰী গাঁৱত নিশা এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে নিজ হাতেৰে হত্যা কৰিলে পত্নীক । এই ঘটনা গোসাঁইগাঁৱৰ সাপকাটা আৰক্ষী চকীৰ অসম বংগ সীমান্তৱৰ্তী ফুলকুমাৰী গাঁৱত । পাৰিবাৰিক কন্দলৰ বাবে এই হত্যা কাণ্ড বুলি সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে ।স্বামী জমেশ হেমব্ৰমৰ আক্ৰমণত পত্নী জুমিলা টুডুৰ মৃত্যু হয়। হত্যাকাৰী স্বামী আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, পত্নীয়ে নিশা ভাত বনোৱা বাদ দি চুবুৰীত মদ সেৱন কৰিবলৈ যায়। তাৰ পৰা ঘূৰি অহাৰ পাছত কিয় মদ খাবলৈ যাব লাগে তাকে কৈ উত্তম মাধ্যম দিয়ে। এইখিনি ঠিকে আছিল। স্বামী – স্ত্ৰী বিছনাত শুই পৰে। মাজনিশা জমেশ বিছনাৰ পৰা উঠি কাজিয়াৰ সৃষ্টি কৰে আৰু সুবিধা বুজি আক্ৰমণ কৰে । খঙত ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰে স্বামীয়ে।তিনি সন্তানৰ মাতৃ জুমিলাৰ কৰুণ মৃত্যুই উক্ত সীমান্ত অঞ্চলটোত চাঞ্চলয়ৰ সৃষ্টি কৰিছে।বৰ্তমান হত্যাকাৰী স্বামী জমেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ঘটনাস্থলীত ঐআৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ কোকৰাঝাৰ লৈ প্ৰেৰণ কৰি হত্যাৰ তদন্ত অব্যাহত ৰাখিছে ।
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি আৱাসিক চিকিৎসক ছাত্ৰাবাস
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫০খন আসনযুক্ত এটা আৱাসিক চিকিৎসক ছাত্ৰাবাস শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে এছ এম চি এইচত আৱাসিক চিকিৎসকসকলৰ বাবে কোনো আৱাসৰ সুবিধা নাছিল৷ এতিয়া ৭.০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছাত্ৰাবাসে এছ এম চি এইচৰ কৰ্তব্যৰত আৱাসিক চিকিৎসকসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিলে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷


এই উদ্বোধনী কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ ৰাজদীপ ৰয়কে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে৷
Sun NGO ৰ প্ৰশংসনীয় পদক্ষেপ
দিনক- দিনে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ বিপৰীতে আশাৰ বতৰা কঢ়িয়াই লৈ আনি সংস্থাপনৰ বাট দেখুৱাইছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ কুহিয়াঁৰকুছিৰ ’চান এনজিঅ’ই ৷ ২০১৬ বৰ্ষত সমাজ সেৱক বাপন বসুমতাৰী আৰু বকুল স্বৰ্গীয়াৰীৰ নেতৃত্বত গঠিত ’চান এনজিঅ’ই কুহিয়াৰকুছি মালদাংপাৰা গাঁৱৰ কেইগৰাকীমান নিবনুৱা যুৱক সকলক একগোট কৰি এইবেলি গাঁৱৰে কৃষক সকলৰ কৃষিভূমিত ৮০ বিঘা সৰিয়হ ,প্ৰায় ১৪ বিঘা আলু-মটৰৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ উক্ত কৃষিভূমিত দৈনিক চোৱাচিতা কৰি আপডাল কৰিছে এনজিঅ’ৰ প্ৰধান বাপন বসুমতাৰী লগতে সদস্য সকলে ৷ মালদাংপাৰাৰ কৃষিভূমি বৰ্তমান সোণোৱালী ৰঙৰ দলিচা এখনহে যেন আৰি থৈছে এনে লাগে ৷
চৰকাৰৰ কোনো সহায়-সহযোগিতা অবিহনে বাপন বসুমতাৰী আৰু গকুল স্বৰ্গীয়াৰীৰ ঐকান্তিক প্ৰচেষ্টাৰে গঢ় দিয়া এনজিঅ’টোৱে প্ৰাৰম্ভিকভাৱে গাঁৱৰ নিবনুৱা যুৱক সকলক মাটিতে সোণ বুটলিব পাৰি এই মন্ত্ৰৰে আপ্লুত কৰি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে ৷ গাঁৱৰ পৰা দূৰ-দূৰনিলৈ কৰ্মসংস্থাপন বিচাৰি যাতে গাঁৱৰ ল’ৰা গাঁৱতে সংস্থাপন লাভ কৰিব পাৰে তাৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ’চান এনজিঅ’ই ৷ উল্লেখ্য যে চৰকাৰে কৃষকৰ উন্নয়ণৰ নামত বিয়াগোম আঁচনি লৈছে যদিও কোনো সুবিধা লাভৰ পৰা বঞ্চিত ’চান এনজিঅ’ৰ কৃষক সকল ৷ যদিহে কৃষি বিভাগে উক্ত কুহিয়াৰকুছিৰ বৃহত্তৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলেহেতেন তেন্তে আৰু অধিক লাভাম্বিত হ’লহেতেন বুলি আক্ষেপেৰে উষ্মা প্ৰকাশ কৰিছে কৃষক সকলে ৷ অনাগত দিনত জিলাৰ কৃষি বিভাগে এই কুহিয়াঁৰকুছি মালদাংপাৰাৰ কৃষক সকলৰ উন্নয়ণৰ বাবে কি ব্যৱস্থা লয় এয়া হ’ব লক্ষণীয় বিষয়
বিদ্যুৎ বিজুতিৰ খৈৰাবাৰীত বিস্তৰ ক্ষতি সাধন
বিদ্যুৎ সংযোক্ত হৈ খৈৰাবাৰী বটাবাৰী দেউৰীয়াপাৰা গাঁৱত বিস্তৰ ক্ষতি সাধন।উল্লেখ্য যে ওদালগুৰি জিলা খৈৰাবাৰী থানা অন্তৰ্গত খৈৰাবাৰী ১নং বটাবাৰী দেউৰীয়াপাৰা গাঁৱৰ নিবাসী বিনোদ স্বৰ্গিয়াৰীৰ বাস গৃহত বৃহস্পতিবাৰ দিনা আবেলি দুৰ্ভাগ্য বসত বিদ্যুৎ বিজুতিৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ অবিৰ্ভাৱ হয়। ফলত কম সময়ৰ ভিতৰতে জুইয়ে আৱৰি লোৱাত গৰাকী বিনোদ স্বৰ্গিয়াৰীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। তাৰ পৰিপেক্ষিতত নিমিশতে দাউ দাউ কৈ জ্বলি ঘৰখনৰ নথিপত্ৰ সহ সম্পূৰ্ণ সা সম্পত্তি ভস্মীভূত কৰি পেলোৱাত বিনোদ স্বৰ্গিয়াৰীৰ বিস্তৰ ক্ষতি সাধন হয়।
২০২১ত কোন কোন তাৰকাৰ স্থায়ী নহ’ল প্ৰেম?
কিম কাৰ্দাচিয়ান আৰু কেনে ৱেষ্টৰ পৰা জেনিফাৰ লোপেজ আৰু এলেক্স ৰড্ৰিগেজলৈকে পেচাগতভাবে সফল হলেও এইসকল দম্পতীৰ স্থায়ী নহল প্ৰেম। যাৰ বাবে অনুৰাগীসকলে ব্যাপক চৰ্চা কৰা পৰিলক্ষিত হয় ২০২১ চনত।

জাইন মালিক আৰু মডেল গিগি হাদিদৰ স্থায়ী নহ’ল প্ৰেম। পাঁচ বছৰ একেলগে থকাৰ পিছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে। মালিক আৰু গিগিয়ে ২০২০ চনৰ ছেপ্টেম্বৰত এগৰাকী কন্যাৰো অভিভাৱক হৈছিল। দুয়োৰে জীৱনলে এগৰাকী কন্যাৰ আগমনৰ পিছতো চিৰস্থায়ী নহল প্ৰেম।

ৰে জে আৰু প্ৰিন্সেছ লাভৰ মাজতো বিচ্ছেদ ঘটিছে। অৱশ্য উমৈহতীয়াভাবে দুই সন্তান ৩ বছৰীয়া পুত্ৰ এপিক আৰু এবছৰীয়া কন্যা মেলোডিক প্ৰতিপালনৰ সহমত প্ৰকাশ কৰিছে।

“লাভ আইলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ”ৰ তাৰকা আলানা পাওলুচি আৰু চাৰ্লি লিঞ্চেৰ ৰোমাঞ্চৰ ইতি পৰিছে।

স্কট ডিচিক আৰু এমেলিয়া গ্ৰে হেমলিনৰ এবছৰতকৈও কম সময়ৰ ডেটিঙৰ পিছত বিচ্ছেদ হয়।

“পিটচ পাৰফেক্ট” তাৰকা স্কাইলাৰ এষ্টিন আৰু প্ৰেমিকা লিছা ষ্টেলীৰ মাজতো ছেপ্টেম্বৰত বিচ্ছেদ ঘটে। দুয়ো ব্যস্ততাৰ বাবে ইজনে সিজনক সময় দিব পৰা নাছিল বুলি গুজব ওলাইছে।

শ্বান্না মকলেৰ আৰু তৰুণ প্ৰেমিক মেথিউ ৰণ্ডেউ এতিয়া বিচ্ছেদিতৰ তালিকাত। এই সম্পৰ্কটো সমাপ্ত কৰাৰ পিছত আগতকৈ অধিক সুখী হোৱা বুলি দাবী কৰে মেথিউৱে।

ফ্লিটউড মেকৰ প্ৰাক্তন গায়ক, গীটাৰবাদক লিণ্ডচে বাকিংহাম আৰু পত্নী ক্ৰিষ্টেন মেছনাৰৰ মাজতো বিচ্ছেদ ঘটিছে। দুয়োৰে ৩টা সন্তানো আছে। ১৭ বছৰতকৈ অধিক কাল একেলগে থকাৰ পিছত দুয়োৰে মাজৰ সম্পৰ্ক ইতি পৰিছে।

ইজা গঞ্জালেজ আৰু পল ৰাবিল সাত মাহ একেলগে থকাৰ পিছত বিচ্ছেদ হৈছিল। ৬ ডিচেম্বৰত সদৰি কৰি জাষ্ট জেৰেডক কৈছিল, বিচ্ছেদ কেইসপ্তাহমান আগতে ঘটিছিল আৰু ই অত্যন্ত বেয়া নাছিল আৰু দুয়ো আজীৱন বন্ধু হৈ থাকিব।

ষ্টাউচ আৰু মটছেপৰ সম্পৰ্ক প্ৰায় ৩ মাহতে অন্ত পৰে। “চেলিং চানছেট”ৰ তাৰকাগৰাকীয়ে মটছেপ নামৰ এগৰাকী প্ৰ’ডান্সাৰক লগ পাইছিল, যিগৰাকী “ডান্সিং উইথ দা ষ্টাৰ্ছ”ৰ চিজন ২৯ত প্ৰতিযোগী আছিল। দুয়োৰে বিভাজন এটা “পাৰস্পৰিক” সিদ্ধান্ত আছিল বুলি জনা গৈছে।

জেনিফাৰ লোপেজ আৰু এলেক্স ৰড্ৰিগেজৰ মাজতো বিচ্ছেদ ঘটিছে। দুয়োৰে বিচ্ছেদ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছিল।

বিভিন্ন কাৰণত সকলোৰে প্ৰিয় তাৰকাৰ এইদৰে সমাপ্ত ঘটিছে বৈবাহিক অথবা প্ৰেমৰ সম্পৰ্কৰ।
নগৰবেৰাৰ কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ
কামৰূপৰ নগৰবেৰা আৰক্ষী থানাত অন্তৰ্গত কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। দোষীক ফাঁচীৰ দাবী আৰু প্ৰশাসনৰ নিস্কৃয়তাৰ বিৰুদ্ধে কল্যাণপুৰ গাওঁৰ শ শ লোকে মৃতদেহ সন্মুখত লৈ সাৱ্যস্ত কৰিলে এই প্ৰতিবাদ। স্মৰ্তৱ্য যে বুধবাৰে নিশা কল্যাণপুৰ গাওঁত নিশা এডোখৰ ভূমিক কেন্দ্ৰ কৰি সহোদৰ ভাই ককাইৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট, মাৰপিটৰ ফলত উভয় পক্ষৰে দহজনকৈ লোক আহত হৈছিল আৰু আহত সকলক নগৰবেৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মিজানুৰ ৰহমান আৰু ছানোৱাৰ হুছেইনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম ছি লৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আহত মিজানুৰ ৰহমান (৪৫) নামৰ লোকজনক জি এম ছি লৈ নিয়া অৱস্থাত আদবাটতে মৃত্যু ঘটিছিল। মৃতদেহ ঘৰলৈ ওভটাই নি এই হত্যাকাণ্ডত জড়িত সকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবীত মৃতদেহ সন্মুখত ৰাখি ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰে। আনহাতে প্ৰশাসনৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ সৎকাৰৰ দিহা কৰা নহয় বুলিও আকোঁৰগোজ হৈ পৰে প্ৰতিবাদী ৰাইজ। ভূমি কেন্দ্ৰিক সংঘৰ্ষত এজনৰ মৃত্যু আৰু প্ৰতিবাদী কাৰ্যসূচীয়ে উত্তপ্ত হৈ পৰে নগৰবেৰাৰ কল্যাণপুৰ অঞ্চলটো।
বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ!
বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ। স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ অসম বিৰোধী সিদ্ধান্ত। সোণাপুৰৰ আৰ্চাৰী কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ। নেচনেল চেণ্টাৰ অব এক্সেলেন্সৰ কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ।

আৰ্চাৰী কেন্দটো অসমৰ পৰা উঠাই নিয়াৰ বিৰুদ্ধে SAI লৈ পত্ৰ অসম আৰ্চাৰী সন্থাৰ। সোণাপুৰৰ এই কেন্দ্ৰটোৰ পৰাই অৰ্জুন জয়ন্ত তালুকদাৰ, প্ৰমিলা দৈমাৰী, সঞ্জয় বড়োৰ দৰে বিশ্বমানৰ আৰ্চাৰে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। কিন্তু স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ হঠকাৰী সিদ্ধান্তত এতিয়া স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী।
নিষিদ্ধ হ’ব মিছা বাতৰি প্ৰচাৰ কৰা ইউটিউব চেনেল
ভাৰত বিৰোধী সমল বিয়পোৱা আৰু ষড়যন্ত্ৰ কৰা ৱেবছাইট আৰু চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সদৰি কৰিছে এই কথা। ইয়াৰ পূৰ্বে ২০টা ইউটিউব চেনেল আৰু ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি আৰু উৰাবাতৰি বিয়পোৱা দুটা ৱেবছাইট বন্ধ কৰি দিয়া হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে পুনৰ এবাৰ সতৰ্ক কৰি দিছে যে দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত থাকিব।

মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকা ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰি দিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে যোৱা বছৰ ডিচেম্বৰত চোৰাংচোৱা সংস্থাৰ সৈতে ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কাৰণ ইয়াৰ জৰিয়তে ভাৰত বিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল।
মন্ত্ৰালয়ে ডিচেম্বৰ মাহত এক বিবৃতিত কৈছিল, “এই ২০টা ইউটিউব চেনেল আৰু ৱেবছাইট পাকিস্তানৰ পৰা চলি থকা এটা নেটৱৰ্কৰ অন্তৰ্গত আৰু ভাৰতৰ সৈতে সম্পৰ্কিত বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল।” এই ৱেবছাইট আৰু চেনেলবোৰে কাশ্মীৰ, ভাৰতীয় সেনা, জেনেৰেল বিপিন ৰাৱট, ৰাম মন্দিৰ আৰু ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিষয়ে ভুৱা বাতৰি চলাই আছিল। কেন্দ্ৰীয় চৰকাৰে এই চেনেলসমূহৰ এখন তালিকাও প্ৰকাশ কৰিছিল। চৰকাৰে নিষিদ্ধ কৰা ২০টা ইউটিউব চেনেলৰ তালিকাঃ
Punjab Viral
Cover Story
The Punch Line
InternationalWeb News
Khalsa TV
The Naked Truth
News24
48 News
Fictional
Historical Facts
Go Global eCommerce
Junaid Haleem Official
Tayyab Hanif
Zain Ali Official
Mohsin Rajput Official
Kaneez Fatima
Sadaf Durrani
Mian Imran Ahmad
Najam Ul Hassan Bajwa
Naya Pakistan Global
নাজিৰাত ড্ৰাগছসহ আটক এজন যুৱক
নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰা বৰতল অঞ্চলৰ পৰা নাজিৰা আৰক্ষীয়ে নিষিদ্ধ ককেইন সহ এজন যুৱকক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ মেতৃত্বত চলা নাজিৰা আৰু শিমলুগুৰি আৰক্ষীৰ যৌথ অভিযানত বৰতল অঞ্চলৰপৰা দেৱব্ৰত বৰা নামৰ এজন ২১ বছৰীয়া যুৱকক ১৩ . ৩০ গ্ৰাম হেৰইন সহ গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতেই আৰক্ষীৰ দলটোৱে নাজিৰাৰ আন কেইবা স্থানটো অভিযান চলায় যদিও আৰু কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।
দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ’ব কন্যা
কন্যা বা জীয়েকসকলে দেউতাকৰ উপাৰ্জনৰ উত্সৰ উত্তৰাধিকাৰী আৰু দেউতাকৰ সম্পত্তি লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ে হিন্দু উত্তৰাধিকাৰী আইনৰ অধীনত হিন্দু মহিলা আৰু বিধৱাসকলৰ সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ ওপৰত এই নিৰ্দেশনা জাৰি কৰে। বৃহস্পতিবাৰে নিজৰ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে ইচ্ছাপত্ৰ অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ কন্যাসকল পিতৃৰ স্ব-উপাৰ্জিত আৰু অন্যান্য সম্পত্তিৰ সমানে অধিকাৰী হ’ব আৰু পৰিয়ালৰ আন সদস্যৰ ভিতৰত কন্যাক প্ৰাধান্য দিব লাগিব।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পূৰ্বে ৰায়দান কৰা এক ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে। ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে কয় যে ইচ্ছা অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃত্যুৰ পিছত সম্পত্তি, সেয়া লাগিলে স্ব-অধিগ্ৰহণ কৰা সম্পত্তি হওঁক বা পাৰিবাৰিক সম্পত্তিৰ বিভাজনত হওঁক, উত্তৰাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। বিচাৰপীঠে লগতে কয় যে জীয়েকে আন আত্মীয়সকল যেনে মৃত পিতৃৰ ভাতৃসকলৰ পুত্ৰ বা কন্যাৰ সৈতে সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ অধিকাৰ পাব।










