প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, অজিত ডোভালে আজি লক্ষ্ণৌত ৫৬ সংখ্যক ডিজিপি সন্মিলনত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে শনিবাৰে, ২০ নৱেম্বৰ, ২০২১ তাৰিখে লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু আৰক্ষী মহাপৰিদৰ্শক (আইজিপি)ৰ ৫৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিব।সন্মিলনখন ২০ ৰ পৰা ২১ নৱেম্বৰ, ২০২১ লৈ অনুষ্ঠিত হ’ব। সন্মিলনখন দুদিনধৰি হাইব্ৰিড শৈলীত অনুষ্ঠিত হ’ব।ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষ আৰক্ষী বা ডিজিপি, লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকলে লক্ষ্ণৌত ব্যক্তিগতভাৱে সন্মিলনত অংশগ্ৰহণ কৰিব, আনহাতে বাকী আমন্ত্ৰণকাৰীসকলে আইবি/এছআইবি মুখ্য কাৰ্যালয়ৰ ৩৭ টা বিভিন্ন স্থানৰ পৰা অনলাইনত অংশগ্ৰহণ কৰিব।গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো শীৰ্ষ নিৰাপত্তা সন্মিলনৰ বাবে লক্ষ্ণৌত উপস্থিত থাকিব।সন্মিলনত চাইবাৰ অপৰাধ, তথ্য শাসন, সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ, নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ উদীয়মান প্ৰৱণতা, কাৰাগাৰ সংস্কাৰৰ দৰে বিষয়বোৰ আলোচনা কৰা হ’ব,প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ডিজিপিৰ সন্মিলনত তীব্ৰ আগ্ৰহ লৈ আহিছে। তেওঁৰ পূৰ্বৰ সাংকেতিক অংশগ্ৰহণৰ বিপৰীতে, প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সকলো অধিৱেশনত অংশগ্ৰহণ কৰে আৰু মুক্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপৰ প্ৰচাৰ কৰে যিয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলক দেশত প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ আৰক্ষী আৰু আভ্যন্তৰীণ নিৰাপত্তা বিষয়ত প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ আপডেট কৰিবলৈ অনুমতি দিয়ে।প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি, পূৰ্বতে দিল্লীত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনসমূহ ২০১৪ চনৰ পৰা দিল্লীৰ বাহিৰত আয়োজন কৰা হৈছে, ২০২০ চনৰ বাহিৰে, যেতিয়া কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনত সন্মিলন অনুষ্ঠিত হৈছিল।
ৰৌতা বঁটাবাৰীৰ সমাজসেৱক পূৰণ ডেকাৰ স্মৃতি চাৰণ সভা সম্পন্ন
ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ইকৰাবাৰী সাহিত্য সভাৰ সদস্য তথা ২ নং বঁটা বাৰী গাঁৱৰ নিবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ,ধৰ্মপ্ৰাণ ব্যক্তি পূৰণ ডেকাৰ সোঁৱৰণত ১৮ নবেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । বঁটাবাৰীৰ প্ৰয়াত ডেকাৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষক ডালিম কছাৰীয়ে আঁত ধৰা এই স্মৃতিচাৰণ সভাত পৌৰহিত্য কৰে ২ নং বটাঁবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ পাঠক নৰেন ডেকাই । ৰৌতা গাঁওৰক্ষী বাহিনী আৰু বটাবাৰী গাওঁ উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত হৈ গাওঁৰক্ষীৰ উপদেষ্টা সমিতিৰ সভাপতি নিৰ্মল দাসে বৈকুণ্ঠগামী পূৰণ ডেকাৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও প্ৰয়াত ডেকাই সমাজত আগবঢ়াই যোৱা ত্যাগৰ কথা স্মৰণ কৰে । বিটিএডিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীও এই স্মৃতি চাৰণসভাত অংশ গ্ৰহণ কৰি মাৰ্জিত, অমায়িক দায়িত্ব আৰু নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ডেকাৰ মৃত্যুত ৰৌতা গাওঁৰক্ষী বাহিনীৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰে । তদুপৰি তেওঁ ২ নং বটাবাৰী গাওঁ উন্নয়ন সমিতিয়ে এজন নিষ্ঠাৱান কৰ্মী অকালতে হেৰুৱাব লগা হ’ল বুলি মৃত পৰিয়াল বৰ্গক প্ৰাক্তন সমবেদনা জ্ঞাপন কৰে । পুৱা প্ৰয়াত পূৰণ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী গুণেশ্বৰী ডেকাই তেখেতৰ স্বামীৰ প্ৰবিত্ৰ স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এই স্মৃতি চাৰণ সভাত ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক মিঠুন বৰুৱা, ৰৌতা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি পবিত্ৰ ডেকা, কুদ্দুচ আলিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কেবাখনো সত্ৰৰ ভক্তসকল উপস্হিত আছিল । উক্ত ম্মৃতি চাৰণ সভাতেই মৃত পূৰণ ডেকাৰ সোঁৱৰণীত কেবাখনো সম্বৰ্ধনা পত্ৰ পৰিয়ালক বৰ্গৰৰ হাতত প্ৰদান কৰে ।
পশ্চিম দৰঙত অনাময় আঁচনিৰ নামত প্ৰহসন
স্বচ্চ ভাৰত অভিযান আচঁনিৰ অংশ হিচাপে চৰকাৰে জিলা সমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অনাময় আঁচনিৰ অধীনত দৰিদ্ৰ লোক সকলৰ পৰিয়ালত নিৰ্মাণ কৰা অনাময়ৰ বাৰ হাজাৰ টকীয়া বিনামূলীয়া শৌচাগাৰ পশ্চিম দৰঙত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনত গাঁও পঞ্চায়ত সমূহত গাঁও সভা অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টিৰ বাবে খন্তেকীয়া চাফাইকে ধৰি স্বচ্চতাৰ ওপৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা দেখা যায়। কিন্তু বাস্তৱ ক্ষেত্ৰত মূৰকত গৈ ভেঁকোভাওনা স্পষ্ট হৈ পৰে। দৰঙৰ পশ্চিমাঞ্চলৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগে মলত্যাগমুক্ত গাঁও পঞ্চায়ত হিচাপে চিহ্নিত কৰি বৃহৎ আকাৰৰ ছাইনবোৰ্ড একোখন আঁৰি দিয়া দেখা গৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ কিমান শতাংশ দৰিদ্ৰ পৰিয়ালে প্ৰকৃতাৰ্থত অনাময়ৰ শৌচাগাৰ লাভ কৰিছে।এক উদাহৰণ স্বৰূপে ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ বন্যাক্ৰান্ত গাঁও দুৰদুৰীয়া গাঁৱৰ অতিকৈ ডাল দৰিদ্ৰ মৎস্য ব্যৱসায়ী আলী, বিভক্ষু ছাইফুদ্দিন আহমেদ, আতোৱাৰ ৰহমান,ঘোপেলীৰ ভবেন ডেকাকে পঞ্চায়ত খনৰ গাঁৱে গাঁৱে বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ অনাময়ৰ বিনামূলীয়া শৌচাগাৰৰ বঞ্চিত হৈ অহাত আজিও মুকলি ঠাইত শৌচ-প্ৰচাৱ কৰি আহিবলগীয়া হৈছে। আশ্বৰ্যজনক কথা যে গাঁও পঞ্চায়তখনত মলত্যাগমুক্ত পঞ্চায়ত হিচাপে বিভাগে কিয় বৰ বৰ আখৰেৰে বৃহৎ ছাইনবোৰ্ড আঁৰি দিলে ই এক নুবুজা সাঁথৰ। ইফালে যি সকল হিতাধিকাৰীৰ অনাময়ৰ বিনামূলীয়া শৌচাগাৰ এন জি অ’ৰ ঠিকাদাৰৰ জৰিয়তে কৰিছে সেইবোৰ ব্যৱহাৰ নৌকৰোতেই ভাগি যোৱাৰ অভিযোগ উঠিছে। উদাহৰণ হিচাপে কুমাৰপাৰা গাঁৱৰ ৰূপা ডেকা নামৰ এজন অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ঘৰত নিৰ্মাণ কৰা অনাময় শৌচাগাৰ নিৰ্মাণ শেষ হোৱাৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰি ভাগি পেলাই দিয়াৰ ঘটনাই দুৰ্নীতি অনিয়মৰ ছবিখন স্পষ্ট ৰূপত উদঙাই দেখুৱাইছে। তদুপৰি বিভাগৰ মনেমিলা এন জি অ’ৰ তথাকথিত ঠিকাদাৰ সকলে আঁচনিৰ নীতি নিয়মক জাঁৱৰেৰে ঢাকি প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ নকৰি পালমাৰি কৰিয়েই বিষয়া-কৰ্মচাৰীৰ সহযোগত আঁচনিৰ বিপৰীতে আবন্টিত ধন মুকলি কৰিবলৈ সৌভাগ্য ঘটিছে।ইয়াত হিতাধিকাৰী কিম্বা ৰাইজৰ কোনো অভিযোগক গুৰুত্ব দিয়া নহয়। ইফালে একাংশ দুখীয়া দৰিদ্ৰলোক এটা পকী চৰকাৰী শৌচাগাৰৰ বাবে কান্দি থাকি মুকলি ঠাইত দিন ৰাতি মলত্যাগ কৰি আহিবলগীয়া হোৱাৰ পাছতো বিভাগে বাঃ বাঃ লোৱাৰ যুক্তি ক’ত বুলি সচেতন লোক সকলে প্ৰশ্ন উত্থাপন কৰিছে।
পাউৰীপোটাত প্রসূতি বিভাগৰ ৬ খন বিছনা যুক্ত কোঠালী নিৰ্মাণৰ আধাৰ শিলা
ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত বি টি আৰৰ ইএম (EM) অথাৎ ৪০ নং ৰৌতা সমষ্টিৰ স্থানীয় এম চি এল এ ডo নিলুট স্বৰ্গীয়াৰীদেৱে দিনৰ ১১বজাত উপস্থিত হৈ নতুনকৈ প্রসূতি বিভাগৰ ৬ খন বিছনা যুক্ত কোঠালী নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। ড০ নিলুট স্বৰ্গীয়াৰীয়ে কয় যে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ সকলৰ থকা কোৱাৰ্টাৰ সমুহ অতি সোনকলে নিৰ্মাণৰ কৰা হব।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ৰ যি যি সমস্যা আছে ,সমস্যা বোৰ বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ই,এমক অবগত কৰিম বুলি জনায়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিত ,পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ সকলো চিকিৎসক ,চিকিৎসা কৰ্মী,এমপিডব্লিউ,এএনএম , আশা কৰ্মী আৰু আশা ছুপাৰ ভাইজাৰ আনহাতে ৬৬নং ধনশিৰি ভিচিডিচিৰ সভানেত্ৰী আৰু স্থানীয় ৰাইজ।
ছিপাঝাৰত আঘোণৰ পথাৰৰ সোণগুটিৰ সুবাসেৰে চৌদিশ সুবাসিত
এতিয়া হিমসনা আঘোণৰ বতৰ।কৃষক ৰাইজৰ বহু আশা আৰু হেঁপাহৰ এই আঘোণ মাহ।কিয়নো বাৰিষা কালত মনত বহু আশা আৰু সপোনলৈ খেতিপথাৰত কৃষক ৰাইজে শালি ধানৰ খেতি কৰাৰ পাছত আঘোণৰ ভৰপক পথাৰৰ সোণোৱালী ধাননিডৰালৈ আশাৰে বাট চাই থাকে।আঘোণ পৰিলেই কৃষক সকলৰ কষ্টৰে খেতি কৰাৰ সকলো কথা পাহৰি পথাৰৰ সোণগুটিৰ প্ৰাপ্তিৰ আনন্দই মতলীয়া কৰি তোলে দেহ-মন।অকল কৃষকৰ সোণগুটি প্ৰাপ্তিৰ বাবেই যে দেহ-মন আনন্দ কৰে তেনে নহয় বৰঞ্চ আঘোণৰ প্ৰাচুৰ্যও কৃষকক লখিমী পথাৰলৈ হাতবাউলি মাতে।আঘোণৰ মাদকতাই যেন সুবাসিত কৰে গাঁৱৰ পথাৰ, আলি-পদূলি সকলো।আঘোণৰ ভৰপক বতৰত চহা জীৱনৰ কৃষক সকলৰ ব্যস্ততাৰ যেন সীমা নাই।পথাৰৰ থোকভৰা লখিমীক ঘৰলৈ দাই নিয়াত পুৱাৰ পৰা গধূলিলৈ ব্যস্ত। লক্ষণীয় যে সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবিয়ে প্ৰাণ পাই উঠে এই আঘোণৰ পথাৰত।সাউৰী খোৱা প্ৰথা ইয়াৰ যেন এক উজ্জ্বল নিদৰ্শন। য’ত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই আছে।সাউৰী খোৱা দিনটোত গাঁৱৰ কোনো কৃষকৰ খেতি পথাৰত দল বান্ধি দিনত ধান দাই দিয়াৰ পাছত হাঁহ- পাৰৰ মাংস, মাটি মাহৰ দাইলেৰে সকলোৱে আনন্দ মনেৰে এসাঁজ খোৱা হয়।ইয়াত কোনো মাননি লোৱা নহয়। কিন্তু সম্প্ৰতি সময়ত ধানকটা যন্ত্ৰৰ আগমনে এই সাউৰী খোৱা পৰম্পৰা যেন গিলি পেলোৱাৰ উপক্ৰম হৈছে।একেদৰে আঘোণৰ আন পৰিচিত ছবিৰ ভিতৰত হ’ল কাচি উঠা,ন-খোৱা আদি প্ৰথা। আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আৰু কৃষ্টি যেন আধুনিকতাৰ গ্ৰাসত বিলুপ্তিৰ পথত গতি কৰিছে। তদুপৰি আঘোণৰ পথাৰখনকলৈ মাটিৰ গোন্ধ থকা গীত- মাত, কৃষ্টি সংস্কৃতি সমূহো যেন আজি নাইকীয়া হৈ যোৱাৰ দিশে ধাবমান। আধুনিকতাৰ বতাহে উৰুৱাই নিব বিচৰা এই সমূহ নিৰ্ভেজাল কৃষ্টি সংস্কৃতি যদি আমি সময় থাকোঁতেই ৰক্ষা কৰাৰ ব্যৱস্থা নকৰো তেনেহলে অসমীয়া সমাজখনৰ হ’ব অতিকৈ দুৰ্ভাগ্য জনক।
যুৱ লেখক কমল কুমাৰক সাহিত্য সাৰথি বঁটা প্ৰদান
অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মল আৰু প্ৰাগজ্যোতিষ ন্যাসৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে আজি শুক্ৰবাৰে বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত যুৱ লেখক কমল কুমাৰক প্ৰাগজ্যোতিষ সাহিত্য সাৰথি বটাঁ প্ৰদান কৰা হয় । সাহিত্য আৰু সামাজিক আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত বিগত প্ৰায় ডেৰ দশক ধৰি নিৰলসভাবে সেৱা আগবঢ়োৱাৰ উপৰিও আৰ্তজনক সহায়, সমাজৰ কুসংস্কাৰ, অন্ধ বিশ্বাস দূৰীকৰণ, ক’ৰোনা মহামাৰীৰ আতংকৰ সময়ত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে কাম কৰাৰ লগতে সাহিত্যৰ পথাৰত নতুন প্ৰজন্মক আগবঢ়াই অনাৰ চেষ্টাৰ বাবে কমল কুমাৰলৈ আগবঢ়াইছে সাহিত্য-সাৰথি ২০২১ বঁটা।
দৰং জিলাৰ সাত্শয়া কুমাৰপাৰা গাঁৱত জন্ম গ্ৰহণ কৰা কমল কুমাৰে প্ৰথমে মংগলদৈৰ পৰা প্ৰকাশিত মংগল বাতৰি, নতুন প্ৰবাহৰ বাতৰি কাকতৰ জৰিয়তে সাংবাদিকতাৰ পৃথিৱীত খোজ দি পৰবৰ্তী সময়ত অসমৰ বহুকেইখন আগশাৰীৰ কাকতত সাংবাদিকতা কৰাৰ লগতে মননশীল লেখনিৰ জৰিয়তে সাহিত্য পৃথিৱীলৈ বৰঙণিৰ লগতে কুৰি খনকৈও অধিক গ্ৰন্থ সম্পাদনা কৰাৰ উপৰিও অসমৰ জনপ্ৰিয় আলোচনী ‘মায়া’ৰ কাৰ্যবাহী সম্পাদক, ‘বিন্দু আলোচনী’ৰ সম্পাদক হিচাবে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰে। সম্প্ৰতি অসমৰ জনপ্ৰিয় নিউজ পৰ্টেল ‘প্ৰথম খবৰ’ৰ কাৰ্যবাহী সম্পাদক কমল কুমাৰে সমান্তৰালকৈ অসমৰ বিভিন্ন স্থানত ৰক্তদান শিবিৰ , কেন্সাৰ ৰোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা সভা, বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ অন্যতম জাতীয় অনুষ্ঠান ঐক্য সেনা অসমৰ জন্ম লগ্নৰে পৰা মুখ্য মুখ্যপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি জাতিৰ সংকট কালত বলিষ্ঠ কন্ঠৰে মাত মাতি আহিছে।
সামাজিক সংস্থা শুভাকাংক্ষীৰ জন্মদাতা কমল কুমাৰে শুভাকাংক্ষীৰ জৰিয়তে বানপীড়িত লোকক সহায়, অসমৰ সাহিত্য – সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত উজ্জ্বলি উঠা প্ৰতিভাসমূহক একত্ৰ কৰি ভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আনহাতে “ধুনীয়া বাবেই ভালপাওঁ তোমাক”, “ৰক্ত কমল” কাব্য গ্ৰন্থৰ বাবে অসম চৰকাৰৰ লেখক সন্মান লাভ কৰে। “মজেবাই” নামৰ বিশেষ এখন উপন্যাস শীঘ্ৰেই প্ৰকাশ হ’ব বুলি জনায় কুমাৰে।
আজি আবেলি ১ বজাৰ পৰা অনুষ্ঠিত হৈ যোৱা উক্ত সভাত প্ৰস্তুতি পৰাশৰক শ্ৰেষ্ঠ অভিনেত্ৰী, প্ৰিয়ংকা ভৰালীক শ্ৰেষ্ঠ কন্ঠশিল্পী, বেহাৰবাৰী আউটপোষ্টক শ্ৰেষ্ঠ ধাৰাবাহিকৰ বঁটা প্ৰদান কৰিব বুলি জনায় অধ্যক্ষা ত্ৰিৱেণী শৰ্মা বৰুৱা, সম্পাদক উৎপল ভৰদ্বাজ আৰু আহ্বায়ক মুন তালুকদাৰে ।
মুছলপুৰত ৫১ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ
ৰাজ্যৰ চৌদিশে মহামাৰী ক’ৰণা ভাইৰাছৰ তীব্ৰ আতংকৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তত চলিছে শৰত কালৰ প্ৰভু শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ সমন্বয় আৰু ভাতৃত্বৰ বাণীৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী নাৰায়ণপুৰ ৰাস মন্দিৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ৫১ সংখ্যক নাৰায়ণপুৰ আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

ক’ভিড প্ৰট’কল ৰক্ষা কৰি পাঁচদিনীয়াকৈ আৰম্ভ হোৱা ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৯ বজাত নিকাছী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ হাজৰিকাই মুখ্যদ্বাৰ উদ্ঘাটনেৰে ৫১ সংখ্যক নাৰায়ণপুৰ আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিচতে ধৰ্মধ্বজা উত্তোলন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি মধুসূদন বৰ্মনে ৷ প্ৰতিদিনে ভাগৱত পাঠ, আয়তীৰ নাম প্ৰসংগ, নৃত্যানুষ্ঠান, সাংস্কৃতিক সন্ধিয়া, ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত এই ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱথলীত বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে ক’ভিড প্ৰট’কল ৰক্ষা কৰি ৰাস মহোৎসৱ থলীত সামাজিক দূৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে মহোৎসৱথলীত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে।
মাজুলীত মন্ত্ৰী বিমল বৰাঃ নিৰ্মীয়মান কেবিনযুক্ত ৰিজৰ্ট পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ
মাজুলীৰ ৰাস মহোৎসৱৰ আজি দ্বিতীয়টো দিন।এই দ্বিতীয় দিনা মাজুলীৰ ৰাস মহোৎসৱ দৰ্শন কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।মাজুলী এতিয়া গকুল বিন্দাবনলৈ পৰ্যবেক্ষিত হৈছে।মাজুলীত ৰাস উপভোগ কৰিবলৈ যোৱা পৰ্যটন আৰু সাংস্কৃতিৰ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই মাজুলীত যোৱা কালি কেবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাছত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰকে আদি কৰি কেবাখনো সত্ৰত সেৱা লৈ মাজুলী ৰাস উপভোগ কৰে।
আজি মাজুলীৰ কমলাবাৰীত পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মীয়মান অৱস্থাত থকা লগ কেবিনযুক্ত ৰিজৰ্টৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলীত উপস্থিত বিষয়াবৰ্গ আৰু অন্যান্য কৰ্তৃপক্ষক অতি শীঘ্ৰেই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতাৰে বাকী থকা কামবোৰ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী বিমল বৰাই। লগতে মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত মাজুলীত বিভিন্ন সাংস্কৃতিক সংগঠন, ট্যুৰ অপাৰেটৰ আৰু হোটেল মালিক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে পৰ্যটন তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে।

মন্ত্ৰী গৰাকীয়ে বিভিন্ন আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰাৰ লগতে মাজুলীত পৰ্যটনৰ নতুন সম্ভাৱনীয়তা পূৰণ কৰিবলৈ উপস্থিত সকলোৰে সৈতে আলোচনা কৰি তেওঁলোকৰ দিহা-পৰামৰ্শ কামনা কৰে।মন্ত্ৰী গৰাকীয়ে মাজুলীৰ উন্নয়ন সম্পৰ্কীয় কাম-কাজসমূহ ৰাষ্ট্ৰসংঘৰ ঐতিহ্যক্ষেত্ৰৰ নিৰ্দেশনা অনুসৰি সম্পন্ন কৰাটো প্ৰয়োজনীয়। এইক্ষেত্ৰত জিলা প্ৰশাসনক মাজুলীৰ বিভিন্ন সাংস্কৃতিক সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনাই এক সুনিৰ্দিষ্ট ৰ’ড মেপ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে।মাজুলীৰ বিভিন্ন স্থানত তথ্য কেন্দ্ৰ স্থাপনৰ লগতে ফেৰী আৰু আন সকলো যান-বাহনত গাইড মেপ তথা নদীদ্বীপ জিলাখনৰ বিভিন্ন সত্ৰ আৰু অন্যান্য আকৰ্ষণীয় পৰ্যটনস্থলী সম্পৰ্কে সঠিক তথ্যসূচী সংলগ্ন কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰে।ইয়াৰ উপৰিও পৰ্যটক আৰু দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সঠিক তথ্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে মাজুলীৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ ওপৰত পৰ্যাপ্ত জ্ঞান থকা লোকসকলকহে ‘পৰ্যটক গাইড’ হিচাপে নিযুক্তি দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।বৈঠকত অতিৰিক্ত মুখ্য সচিব (পৰ্যটন বিভাগ) পৱন কুমাৰ বৰঠাকুৰ , মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্ত আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।
৩০ নৱেম্বৰত মাজুলী-যোৰহাট দলংৰ প্ৰথমটো পাইলিংৰ কাম আৰম্ভ হ’বঃ ড°হিমন্ত বিশ্ব শৰ্মা
মাজুলীৰ গড়াখহনীয়া , বানপানীৰ সমস্যাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আজি জিলাখনৰ বালি জকাইবোৱাত প্ৰায় ৩০ কোটি টকা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ আমি আশা কৰিছো এই গড়াখহনীয়া প্ৰতিৰোধকে ধৰি দূৰ্বল মথাউৰিৰ সবলীকৰণে মাজুলীবাসীক কিছু সকাহ দিব ৷ অহা ৩০ বা তাৰ পৰৱৰ্তী সময়ত আমি মাজুলীৰ বাবে আৰু ৩০ কোটি টকা মঞ্জুৰ কৰিছোঁ ৷ মোৰ অহা ভৱনৰ সময়ত নহ’লে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকায়ে এই আঁচনিৰ আধাৰশিলা কৰিব ৷ অৰ্থাৎ প্ৰায় ৬০ কোটি টকাৰ নতুনকৈ গড়াখহনীয়া নিয়ন্ত্ৰণৰ কাম হাতত লৈছোঁ ৷ মই ভাৱো যে , লাহে-লাহে প্ৰত্যেক বছৰে আমি লৈ থকা আঁচনিৰ ফলাফল ৰূপে নিশ্চয় মাজুলীৰ গড়াখহনীয়া সমস্যা , বানপানী সমস্যা কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ম ৷
আজি পকাজৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালি জকাইবোৱাত আয়োজিত এক অনুষ্ঠানত জলসম্পদ বিভাগে জিলাখনত বিভিন্ন শিতানত ৰূপায়ণ কৰিবলৈ প্ৰায় ৩০ কোটি টকা আঁচনিৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷ জিলাখনৰ বিভিন্ন স্থানত ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ জৰিয়তে মাজুলীবাসী উপকৃত হ’ব বুলিও সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ব্যক্ত কৰে ৷

আজি আধাৰশিলা স্থাপন কৰা ৰূপায়ণ কৰিবলগীয়া আঁচনি সমূহ হ’ল অসম চৰকাৰৰ স্বঃঅগ্ৰাধিকাৰ উন্নয়ন পূঁজিৰ শিতানৰ মিছামৰা অঞ্চলৰ সোৱণশিৰী নদীৰ বাওঁফালৰ খহনীয়া প্ৰতিৰোধ ব্যয়-১০০০’০০ লাখ , নাৰ্বাড গ্ৰামীণ আন্তঃগাঁথনি পূঁজিৰ শিতানত বালি জকাইবোৱাত খেৰকটীয়া নদীৰ বাওঁফালৰ গড়াখহনীয়া প্ৰতিৰোধ ব্যয়-২৬০’০০ লাখ , লুইত ঘাট অঞ্চলত খেৰকটীয়া নদীৰ বাওঁফালৰ গড়াখহনীয়া প্ৰতিৰোধ ব্যয়-২৩০’০০ লাখ , ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ পৰা জেংৰাইমুখৰ পৰা পকাজৰালৈ থকা খেৰকটীয়া নদীৰ বাওঁপাৰৰ মথাউৰিৰ ২২০০ মিটাৰ সৱলীকৰণ ব্যয়-২৫০’০০ লাখ , ব্ৰহ্মপুত্ৰ মথাউৰিৰ বনগাঁও অঞ্চলত ৩৫০০ মিটাৰ সৱলীকৰণ ব্যয়- ২৫০’০০ লাখ , ব্ৰহ্মপুত্ৰ মথাউৰিৰ জাবৰচুকত থকা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ চেক বান্ধৰ মেৰামতি আৰু সৱলীকৰণ ব্যয়-২২০’০০ লাখ , দক্ষিণ আঁহতগুৰি অঞ্চলৰ ন-মাটি অঞ্চলত গড়াখহনীয়া নিয়ন্ত্ৰণ ব্যয়-৩৯৯’০০ কোটি , ব্ৰহ্মপুত্ৰ মথাউৰিৰ কেং মিলি অঞ্চলত ৬০০ মিটাৰ সৱলীকৰণ আৰু জিঅ’ বেগ সংস্থাপন ব্যয়-১৬৫’০০ লাখ , মলয়াচাপৰি অঞ্চলত সোৱণশিৰি নদীৰ বাওঁপাৰৰ গড়াখহনীয়া নিয়ন্ত্ৰণ ব্যয়-৮৮’৮৮ লাখ আৰু ব্ৰহ্মপুত্ৰ মথাউৰিৰ চেনীমৰা জান শ্বুইচ্ গেটৰ আগমন আৰু নিৰ্গমনৰ নলা নিস্কাশন ব্যয়-৪৭’৫৫ লাখ ৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা , মন্ত্ৰী ৰনোজ পেগু , জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা সমীৰণ ডেকা , অতিৰিক্ত মুখ্য অভিযন্তা পলাশজ্যোতি গোস্বামী , মুখ্য অভিযন্তা আইভি গোঁহাই (মান নিৰূপক) , কাৰ্যবাহী অভিযন্তা কমলজিৎ গায়ন , সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় ডেকা , জিলা উপায়ুক্ত পুলক মহন্ত , প্ৰমুখ্যে জিলা বিজেপিৰ বিষয়ববীয়া , এম এ চিৰ কাৰ্যবাহী সদস্য উমা পাথৰী , সাধাৰণ সদস্যদ্বয় নীল দলে আৰু ত্ৰৈলোক্য পামেগাম সহ বহু সংখ্যক লোক উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ পিছতে নামনি জকাইবোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা ক্ষুদ্ৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শিশিৰ ভৰালী আৰু কনিষ্ঠ অভিযন্তা নৱজিৎ গোঁহাইৰ পৰা আঁচনিৰ সবিশেষ বুজ লয় ৷
৩০ নৱেম্বৰত মাজুলী-যোৰহাট দলংৰ খুটাৰ প্ৰাইলিংৰ কাম আৰম্ভ হ’ব : ড°শৰ্মা মাজুলীবাসীৰ বাবে আনন্দৰ খবৰ যে অহা ৩০ নৱেম্বৰত মাজুলী-যোৰহাট সংযোগী বহু প্ৰতিক্ষিত দলংৰ খুটাৰ পাইলিংৰ কাম আৰম্ভ হ’ব ৷ আজি সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- ইতিমধ্যে দলংৰ আধাৰশিলাৰ লগতে ভূমি পূজন হৈ গৈছে ৷ অহা ৩০ নৱেম্বৰত মই আহি দলংৰ খুটাৰ প্ৰথমটো পাইলিংৰ শুভাৰম্ভ কৰিম ৷ এই দলংখন চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ ইতিমধ্যে নিৰ্মাণ কোম্পানীয়ে প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াইছে ৷ কালি নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷ বালি জকাইবোৱাৰ মিছিং জনগোষ্ঠীৰ ঘৰত থকাৰ অনুভৱ ব্যক্ত কৰি কয়-আমি গুৱাহাটীৰ পৰিবেশত থাকি ডাঙৰ-দীঘল হৈছো ৷ গাওঁৰ পৰিবেশ আমাৰ বাবে নতুন যদিও এই পৰিবেশ আমাৰ বাবে মিঠা অনুভৱ। গাঁৱত থকা এই দিনটো জীৱনত মনত থাকিব বুলি কয় ৷ অন্যহাতে নিমাতী ঘাটৰ ফেৰী দূৰ্ঘটনাত ভুক্তভোগী সকলে পাবলগীয়া মতেই ক্ষতিপূৰণ পাব ৷ ইতিমধ্যে জিলা উপায়ুক্তক এই বিষয়ে নিৰ্দেশনা দিয়া বুলি সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে ৷
এদল যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাইছে এখন বনাঞ্চল
জোনাইত কেইজনমান যু্ৱকৰ এক ব্যক্তিক্ৰমি প্ৰচেষ্টা৷এদল যুৱকৰ প্ৰচেষ্টাত এখন বনাঞ্চলে প্ৰাণ পাইছে ন ৰূপত৷ যি সময়ত বনাঞ্চল ধ্বংসত এচামে হাত উজান দিছে তেনে সময়তে জোনাইৰ এদল যুৱকে গ্ৰহণ কৰিছে ব্যক্তিক্ৰম পদক্ষেপ৷জোনাইৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা “টিম জ’নাই”ৰ সদস্য সকলে ধেমাজি জিলাৰ একমাত্ৰ বনাঞ্চল “পবা”ৰ প্ৰতি পৰ্যটনক আৰ্কষিত কৰিবলৈ হাতে হাতে ৰঙৰ ব্ৰাছ লৈ গছত সানিলে ৰং৷
জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সকলোতকৈ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান হল তিলিমাইল ঘাট৷ জৈৱ বৈচিত্ৰ্যৰ অপূৰন্ত ভৰাঁল পৱা উত্তৰ পূৰ্বৰ অন্যতম বৰ্ষাৰণ্য সমূহৰ ভিতৰতে অন্যতম৷ চিয়াং নদীৰ দাতিত অৱস্থিত পবাৰ এই তিনামাইল ঘাটত অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নৰ উপৰি বহু গৱেষক শিক্ষাৰ্থীৰ গৱেষণাৰ থলীৰ লগতে পিকনিকৰ বাবে এক উপযুক্ত স্থান৷ বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল ঘাটত পৰ্যটনৰ উপস্থিতি দেখা যায়৷ চিৰ সেউজীয়া পবা বনাঞ্চলৰ লগতে কাষতে থকা চিয়াংৰ নৈসৰ্গিক সৌন্দৰ্য্য লগতে বিভিন্ন পৰিভ্ৰমী চৰাই চাবলৈ বছৰত ভিৰ কৰে বহু পৰ্যটকে৷ এই স্থানতে পৰ্যটন আৰু অধিক আৰ্কষণ কৰিবলৈ নদীৰ দাতি কাষৰীয়া গছসমূহত হাতে হাতে ৰঙৰ ব্ৰাছ লৈ ৰং কৰে টিম জ’নাইৰ সদস্য সকলে৷
সোমবাৰৰ পৰা যুৱক সকলে গছসমূহ ৰং কৰি সৌন্দৰ্য্য কৰাৰ লগতে তিনিমাইলৰ চিয়াঙৰ কাষতে I LOVE POBA বুলি এখন বৰ্ডৰ স্থাপন কৰে৷স্বেচ্ছাসেৱী সংগঠনটোৱে স্থাপন কৰা এই ফলক যোৱা বৃহস্পতি বাৰে উদ্ধোধন কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জোনাইৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে৷ স্বেচ্ছাসেৱী সংস্থাৰ এই পদক্ষেপক শলাগ লৈছে বিষয়াজনে৷ ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্ত জনে ৰোপন কৰে এজোপা বিৰল প্ৰজাতিৰ অৰ্কিড৷ এই উদ্ধোধনী অনুষ্ঠানত জোনাই আঞ্চলিক বনবিষয়া মুকুট ৰাভা আৰু মিচিং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাংৰ লগতে কেবাজনো প্ৰকৃতি প্ৰেমী ব্যক্তি৷











