ভাৰত বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় হৈ পৰিছে অবৈধ চোৰাং বেহাৰ মেলা। ক’ৰণাৰ বাবে দীৰ্ঘদিন ধৰি ভাৰত বাংলাদেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বন্ধ আছিল। কিন্তু শেহতিয়াকৈ কেতবোৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ১৯ অক্টোবৰৰ পৰা দুয়ো দেশৰ মাজত আমদানি আৰু ৰপ্তানি আৰম্ব হৈছে। দুই দেশৰ ব্যৱসায়ী সকলে ভাৰতৰ পৰা প্ৰতিদিনে অবৈধ হাৰত চোৰাং ভাৱে গৰু, নিষিদ্ধ ড্ৰাগছ, গাঞ্জা, ফে়ন্সী ডাইল আদি নিচাগ্ৰস্ত সামগ্ৰী সৰবৰাহ পুনৰ আৰম্ভ কৰিছে অসম আৰু চুবুৰীয়া পশ্চিমবংগৰ ভাৰত বাংলা সীমান্তৰে। চোৰাং সৰবৰাহ প্ৰতিৰোধ কৰাৰ বাবে সীমান্তত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি.এচ.এফ য়ে নিৰাপত্তা ব্য়ৱস্থা কটকটীয়া কৰাৰ পিছতো একাংশ অসাধু, দুৰ্নীতি পৰায়ণ বিষয়াৰ সহযোগত একাংশ কলা ব্যৱসায়ীয়ে চলাইছে পুনৰ লুন্ঠনৰ সাম্ৰাজ্য। চোৰাংচোৱাৰ গোপন প্ৰতিবেদন মতে অসমৰ ধুবুৰীজিলাস্থিত গোলকগঞ্জ থানাৰ অন্তৰ্গত সোনাৰহাটস্থিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ মাজেদি ভাৰত বাংলাদেশৰ মাজত ১৯ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হৈছে চুণশিল, কয়লা বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু পশ্চিমবংগৰ পৰা শিল আৰু বোন্ডাৰ সৰবৰাহ। প্ৰাপ্ত তথ্য মতে ধুবুৰী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া, বিতৰ্কিত মাফিয়া উত্তম প্ৰধানী আৰু পৰিদৰ্শক জনৈক আহমেদক মেনেজ কৰি সীমান্তত সক্ৰিয় হৈ পৰিছে প্ৰতিনিয়ত এই চক্ৰ।
ত্ৰিপুৰাৰ ভাবমূৰ্তিক কলুষিত কৰাৰ অপচেষ্টাঃ উপ মুখ্যমন্ত্ৰী,ত্ৰিপুৰা
ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰি অস্বীকাৰ কৰে আৰু দাবী কৰে যে উত্তৰ-পূবৰ ৰাজ্যখনৰ ভাবমূৰ্তিক কলুষিত কৰাৰ অপচেষ্টা কৰা হৈছে। ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবেদনক “ভুৱা বাতৰি” বুলি অভিহিত কৰে আৰু দাবী কৰে যে এইটো উত্তৰ-পূবৰ ৰাজ্যখনৰ ভাবমূৰ্তিক কলুষিত কৰাৰ এটা প্ৰয়াস।
উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই এখন সংবাদমেলত কয় যে.. “ত্ৰিপুৰাৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱক কলুষিত কৰাৰ এই প্ৰচেষ্টা অত্যন্ত নিন্দনীয়। দেশত ত্ৰিপুৰাক লাঞ্ছিত কৰাৰ চেষ্টা কৰা হৈছে। ৰাজ্য চৰকাৰে ত্ৰিপুৰাৰ নাম একেবাৰে লাঞ্ছিত হ’বলৈ নিদিব” ৰাজনৈতিক প্ৰতিদ্বন্দীসকলক লক্ষ্য কৰি জিষ্ণু দেৱ বৰ্মাই কয়, “কিছুমান লোকে ভুৱা বাতৰি আৰু ভিডিঅ’ প্ৰকাশ কৰি সংকীৰ্ণ ৰাজনীতি কৰি আছে। ৰাজ্য চৰকাৰে ইয়াক সহ্য নকৰিব।”
জিষ্ণু দেৱ বৰ্মাই দাবী কৰিছিল যে ত্ৰিপুৰাত সকলো স্বাভাৱিক আৰু ভুৱা বাতৰি বিয়পোৱা আৰু মহাৰাষ্ট্ৰত এক প্ৰতিবাদী শোভাযাত্ৰাত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা দিছিল। তেওঁ সকলোকে যিকোনো ধৰণৰ ভুৱা বাতৰিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল যিয়ে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰে।
টি-২০ বিশ্বকাপ ফাইনেলঃ এনজেড বনাম এইউএছ
নিউজিলেণ্ড, অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ ফাইনেলত ইতিহাস বিচাৰিছে। দেওবাৰে খিতাপ সংঘৰ্ষত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। ব্লেককেপাৰ সকলে তেওঁলোকৰ বছৰটোৰ দ্বিতীয় আইচিচি খিতাপ জয় কৰাৰ লক্ষ্য ৰাখিব। ইফালে, অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম বিশ্ব টি-২০ খিতাপৰ ওপৰত দৃষ্টি ৰাখিব। কেন উইলিয়ামছনৰ নিউজিলেণ্ডে এটা বছৰত দ্বিতীয়টো গোলকীয় মুকুট ৰখাৰ স্বপ্ন ৰাখিছে। নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াই ডুবাইত তেওঁলোকৰ ট্ৰেন্স-টাচমান প্ৰতিদ্বন্দিতা পুনৰ নৱীকৰণ কৰে কিয়নো দুয়োটা দলে আটাইতকৈ চুটি ফৰ্মেটত তেওঁলোকৰ প্ৰথম বিশ্ব খিতাপ অৰ্জন কৰিব বিচাৰিছে। জুনত উদ্বোধনী টেষ্ট চেম্পিয়নশ্বিপ জিকিবলৈ ভাৰতক পৰাস্ত কৰাৰ পিছত বিশ্ব ক্ৰিকেটৰ এসময়ৰ চিৰস্থায়ী আণ্ডাৰডগসকলৰ বাবে এইটো আইচিচি ফাইনেলৰ হেট্ৰিক। তেওঁলোকে ছেমি ফাইনেলত ফেভাৰেট ইংলেণ্ডক পৰাস্ত কৰি লৰ্ডছত ৫০ অভাৰৰ নাটকীয় বিশ্বকাপৰ ফাইনেলত ২০১৯ ৰ পৰাজয়ৰ প্ৰতিশোধ লয় যেতিয়া তেওঁলোকে চুপাৰ অভাৰৰ পিছত বাউণ্ডেৰী গণনাত নামি যায়। মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে কৈছিল যে ব্লেক কেপছে অষ্ট্ৰেলিয়াৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ উৎসাহিত যিটো তেওঁলোকৰ প্ৰথম টি-২০ বিশ্বকাপৰ ফাইনেল খেল হ’ব।
অৱসৰপ্ৰাপ্ত শিক্ষক পৰমানন্দ মুদৈৰ শিল্পকৰ্মৰে অৱসৰ বিনোদন
সত্তোৰোৰ্দ্ধৰ বয়সতো শিল্প সাধনাত ব্ৰতী হৈ আছে গহপুুুৰ মহকুমাৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। শিক্ষকতা জীৱনৰ সমান্তৰালকৈ তেওঁ ভাষা-সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে অৱসৰ গ্ৰহণৰ পাছত তেওঁ বিশেষভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰে। ক’ৰোনা কালৰ জটিল পৰিস্থিতিত নিজৰ শিল্পসত্তা জীয়াই ৰাখিছে গহপুৰ মহকুমাৰ বৰভেটিৰ এইগৰাকী পৰমানন্দ মুদৈয়ে। এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত পূৰ্নতা লাভ কৰিছে অলাগতীয়ালভাৱে পৰি ৰোৱা কাঠ, বাঁহ, বেতেৰে নিৰ্মিত বিভিন্ন মূৰ্তি সমূহে। বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী আছিল সত্তোৰোৰ্দ্ধৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁ বিবিধ মূৰ্তি নিৰ্মাণ কৰি দাঙি ধৰিছে নিপুন কৰ্মস্পৃহাৰ পৰিচয়। তাৰ সমান্তৰালকৈ বাঁহ-বেতেৰে অসমীয়া সংস্কৃতিৰ পুৰনিকলীয়া লুপ্তপ্ৰায় শিল্পসত্তা সমূহ প্ৰস্তুত কৰি সঁজাই ৰাখিছে নিজৰ ঘৰতে। যেন ঘৰ নহয়, সংগ্ৰাহলয়হে। বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী শিল্পী, শিক্ষক পৰমানন্দ মুদৈৰ আছে অদম্য কৰ্মস্পৃহা। যাৰ ফলস্বৰূপে এই বয়সতো নিজৰ শিল্পকৰ্মৰ জৰিয়তে দুপইছা উপাৰ্জন কৰাৰ উপৰিও ভাস্কৰ্য শিল্প সাধনাই মনক প্ৰশান্তি দিয়ে বুলি এই প্ৰতিবেদকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ উল্লেখ কৰে। দীৰ্ঘকাল ধৰি শৈক্ষিক জীৱনৰ সৈতে জড়িত হৈ থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা জীৱন সামৰিয়েই ১৯৭৭ চনত মহাত্মা গান্ধীৰ সপোনৰ প্ৰকল্প খাদী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ৰাওনা হয় মহাৰাষ্ট্ৰলৈ। ১৯৭৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই কলাসুলভ ব্যক্তিত্বৰ অধিকাৰী সেইগৰাকী ব্যক্তি পৰমানন্দ মুদৈয়ে তাত খাদী ক্ষেত্ৰ সংগঠক হিচাপে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ডিপ্লোমা লৈ ১৯৭৮ চনত জন্মভূমি লৈ ঘূৰি আহে। তাৰ পাছতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ খাদী কমিচনৰ দ্বাৰা পৰিচালিত ছয়দুৱাৰ গ্ৰাম নিৰ্মাণ সংঘৰ খাদী প্ৰডাকশ্যন চেণ্টাৰত যোগদান কৰে। কিছু বছৰ তাত চাকৰি কৰি শৈক্ষিক ক্ষেত্ৰখনলৈ ঘূৰি আহে। মিকিৰবৰা চুকস্থিত ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ১৯৮১ চনত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে। তাৰ পাছত তেওঁ ১৯৮৫ চনত ডুবিয়া ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ ঠিক পাছতেই ১৯৮৬ চনত পহুকটাত কস্তুৰৱা উচ্চ ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে যদিও সেই বিদ্যালয়খন ১৯৯৫ চনতহে চৰকাৰীকৰণ হয়। এই দীঘলীয়া শৈক্ষিক জীৱনৰ কালছোৱাত তেওঁ অসম সাহিত্য সভা, অসম হাইস্কুল শিক্ষক সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত বিশেষভাৱে জড়িত হৈও সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ আহিছে। বিশেষকৈ তেওঁ কলেজত অধ্যয়ন কৰি থকা কালত কুটিৰ শিল্পৰ চৰ্চাৰ সৈতে বিশেষভাৱে জড়িত হৈ পৰে। তেতিয়াৰ পৰাই তেওঁ ভাস্কৰ্য শিল্পকৰ্মতো নিবিড়ভাৱে জড়িত হৈ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰে। তাৰ পাছতে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গহপুুুৰত এগৰাকী ভাস্কৰ্য শিল্পী হিচাপে পৰিচিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি দেশৰ আগশাৰীৰ ভালেসংখ্যক পুৰোধা ব্যক্তিৰ অৱক্ষৰ প্ৰতিকৃতি ভাস্কৰ্য শিল্প সাজি উলিয়াৰ লগতে পৌৰাণিক চৰিত্ৰ শ্ৰীকৃষ্ণ, বিষ্ণুৰ প্ৰতিকৃতি সাজি ঘৰখন শিল্পময় কৰি তুলিছে। ইয়াৰ উপৰিও তেওঁ নানাবিধ জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বন সাজি উলিয়াৰ লগতে জাকৈ, খালৈ, জাপি, সৰুদৈয়া জাপি, পল’, জুলুকি, খোকা আদি নানা ধৰণৰ গ্ৰাম্য জীৱনৰ লগত সম্পৃক্ত কুটিৰ শিল্প সমূহৰ সংৰক্ষিত নমুনাসমূহ সাজি ঘৰখন ভৰাই থৈছে। উল্লেখ্য যে এইগৰাকী শিল্পপ্ৰাণ তথা ২০১৩ চনত কস্তুৰৱা হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা পৰমানন্দ মুদৈৰ কাষলৈ ভিন্ন সময়ত ঔষধ বিচাৰি বিভিন্ন অঞ্চলৰ পৰা ৰোগী অহাৰো দেখিবলৈ পোৱা যায়। এই বিষয়ে তেওঁক সোধাত তেওঁ ১৯৯৬ চনতে গুৱাহাটীস্থিত নেচনেল হোমিঅ’ চিকিৎসা কলেজৰ পৰা দুবছৰীয়া নেচনেল হোমিঅ’পিথি ডিপ্লোমা গ্ৰহণ কৰাৰ কথা অৱগত কৰে। ইয়াৰ উপৰিও তেওঁ দন্ত চিকিৎসকৰ ডিপ্লোমা, এম ডি হোমিঅ’ ডিপ্লোমা গ্ৰহণ কৰাৰ লগতে তেওঁ এফ আই চি হোমিঅ’ ডিপ্লোমাও শিক্ষকতা কৰ্মময় জীৱনৰ মাজতে ১৯৯৬ চনত গ্ৰহণ কৰিছিল। এইগৰাকী সমাজহিতৈষী পৰমানন্দ মুদৈয়ে কলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰাৰ লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ গহপুুুৰ জিলাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ সম্পাদক-সভাপতিৰ দৰে দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত পূব ছয়দুৱাৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিও হয়।
দুৰ্নীতিৰ আতুৰ ঘৰত পৰিণত সমাজ কল্যান বিভাগৰ অংগনৱাদী কেন্দ্ৰ।
দীৰ্ঘদিন ধৰি অংগনবাদী কেন্দ্ৰত চলাই অহা দুৰ্নীতিৰ সম্পূৰ্ন তথ্য পোহৰলৈ আনিছে এখন গাঁৱৰ স্থানীয় ৰাইজে। এই ঘটনা হোজাই জিলাৰ অন্তৰ্গত কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰ কৃষ্ণনগৰ গাঁৱৰ লংকা সংহত শিশু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯১নং অংগনৱাদী কেন্দ্ৰৰ।কেন্দ্ৰটোৰ কৰ্মী মইনা দাসৰ বিৰুদ্ধে উঠিছে এই ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ। ৰাজ্যত দিনে নিশাই বৃদ্ধি পাইছে দুৰ্নীতিৰ কৰ্মকাণ্ড।সমান্তৰাল বাবে হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯১ নং অংগণবাদী কেন্দ্ৰৰ কৰ্মী মইনা দাসে কেন্দ্ৰটোত চলাই অহা দীৰ্ঘদিনীয়া দুৰ্নীতিৰ সমগ্ৰ ঘটনা পোহৰলৈ আনিলে সচেতন ৰাইজে।জানিব দিয়া মতে অসম চৰকাৰৰ সমাজ কল্যান বিভাগে কেন্দ্ৰলৈ ৰূপায়ন কৰা সা সামগ্ৰীবোৰ বহু বছৰৰ পৰা আত্মসাত কৰাৰ উপৰিও কেন্দ্ৰত পাঠদান কাৰ্য্যৰ পৰা বিৰত থাকি সহায়িকা গৰাকীৰ ওপৰত হেঁচা প্ৰধান কৰি আহিছে।এই সন্দভত কেন্দ্ৰৰ স্থায়ী কমিটি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে বিগত 2017 চনত কৰ্মী জনৰ বিৰুদ্ধে লংকা সংহত শিশু উন্নয়ন খণ্ডৰ বিষয়লৈ স্থানীয় ৰাইজে লিখিত অভিযোগ দাখিল কৰে। কিন্ত উক্ত অভিযোগৰ বিপৰীতে সচেতন ৰাইজক একপ্ৰকাৰ বৃদ্ধা আঙুষ্ঠ দেখুৱালে বিভাগীয় কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত 2019 চনত পুনৰ লিখিত অভিযোগ দাখিল কৰিও ফলাফল শূণ্য উপভোগ কৰে সাধাৰণ ৰাইজে।এতিয়া প্ৰশ্ন উত্থাপন হয় যে মুখ্যমন্ত্ৰী হিমন্তৰ শিক্ষা বিভাগত এয়া কি চলিছে? দুৰ্নীতি মুক্ত অসম গঢ়াৰ হাই ভল্টেজ ভাষনে তিল পৰিমানেও বুকু কঁপি উঠানাই এই সকল দুৰ্নীতিৰ আদৰ্শত গঢ়লৈ উঠা একাংশ বিষয়া কৰ্মচাৰী সকলৰ।কাক মেনেজ কৰি তেজ পিঁয়া দানবৰ দৰে এইসকল শিশুৰ মুখৰ খাদ্য কাঢ়ি নিজ পৰিয়ালৰ ভৰণপোষণৰ লগত ৰাজভোগ গ্ৰহণ কৰিছে ।আমাৰ এই প্ৰতিবেদন চাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।
প্ৰাগজ্যোতিষ কলেজৰ ছাত্ৰীৰ বেগসহ হেৰাল নথিপত্ৰ
মঙ্গলদৈ নিবাসী,গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ এগৰাকী ছাত্ৰী, নাম প্ৰিয়ংকা মিত্ৰা। গুৱাহাটী ভৰলুমুখৰ পৰা চিটি বাছেৰে জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত প্ৰিয়ংকা নামৰ ছাত্ৰী গৰাকীৰ হেৰাল কিছু নথিপত্ৰ ৷ গাড়ীৰ পৰা নামি আহোতে আনিব পাহৰি গল নিজৰ মানি বেগ। গাড়ীতে থাকি গ’ল বেগসহ সকলো নথিপত্ৰ৷ কিন্তু কিছুসময় পাৰ হোৱাৰ পিছত গম পালে নিজৰ লগত নথিপত্ৰৰ বেগ নাই। বেগটোত আছিল ভোটাৰ আইডি ,পানকাৰ্ড, আধাৰ কাৰ্ড, এটিএম আৰু কিছু নগদ ধন ৷ যদি কোনোবাই নথিপত্ৰ থকা বেগটোৰ খবৰ পাই তেনেহলে ৮০১১১৪১৯৬৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰীগৰাকীয়ে ৷
আলফা (স্বাধীন) ৰ যুদ্ধবিৰতি আৰু ৩ মাহৰ বাবে
পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন) ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছামে চলিত একপক্ষীয় যুদ্ধবিৰতি আৰু ৩ মাহৰ বাবে বৃদ্ধি কৰিছিল। ১৯৭৯ চনৰ ৭ এপ্ৰিলত গঠন কৰা ভাৰত চৰকাৰৰ দ্বাৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ পৰা অস্ত্ৰ সংগ্ৰামৰ জৰিয়তে অসমক লিবাৰেট কৰাৰ লক্ষ্যৰে আলফা এক কট্টৰ উগ্ৰপন্থী গোট নিষিদ্ধ কৰা হৈছিল। এতিয়ালৈকে সংঘৰ্ষত ১০০০০ ৰো অধিক লোক নিহত হৈছে। আইবিৰ প্ৰতিবেদন অনুসৰি ভূটান, বাংলাদেশ, মিয়ানম্মাৰ, আফগানিস্থান, চীন আৰু অন্যান্য দেশত আলফাৰ ঘাটি আছিল।
আজি মুম্বাইত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কি কলে !
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি মুম্বাইত অনুষ্ঠিত হয় অসমৰ বিজেপি বিধায়ক সকলৰ প্ৰশিক্ষণ শিবিৰ।সেয়েহে আজি অসমৰ বিজেপি বিধায়ক সকল উপস্থিত হৈছে মুম্বাইত।এই প্ৰশিক্ষণ শিবিৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক সকলক উদ্দেশ্যি ভাষনত কয় যে জনতাৰ চিন্তাক বিধায়কে প্ৰধান উদ্দেশ্য হিচাপে লব লাগিব। দলীয় সেৱাক প্ৰধান আত্মা হিচাপে প্ৰতিজন কাৰ্যকৰ্তাই লোৱা উচিত।প্ৰতিজন বিধায়কে দলৰ মুল আদৰ্শ আৰু মুল্যবোধৰ বাবে চিৰযুগমীয়া হোৱাৰো আহ্বান জনায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
বকোৰ তাৰাবাৰীত চল্লিশ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তূতি
বকো প্ৰতিবেদক- বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত তাৰাবাৰীত চল্লিশ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তূতি চলিছে। ৰাস মহোৎসৱ উদযাপনৰ বাবে ইতিমধ্যে তাৰাবাৰীৰ ৰাসস্থলীত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে মণ্ডপ আৰু তোৰণ। বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত আয়োজন কৰা ৰাস মহোৎসৱ খন এই বেলি সু -পৰিচালনাৰ বাবে সমাজ কৰ্মী ধৰণী ৰাভাক সভাপতি , থুলেশ্বৰ বড়োক কাৰ্য্যকৰী সভাপতি , মনোৰঞ্জন দাসক মুখ্য সম্পাদক আৰু বিশ্বজিৎ সুত্ৰধৰক সহকাৰী সম্পাদক লগতে বহু কেইখন উপ সমিতি হিচাপে লৈ গঠন কৰা হৈছে ৰাস মহোৎসৱ উদযাপন সমিতি খন। জানিব পৰা মতে অহা ১৮ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ পাছ দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ। উদযাপন সমিতিৰ বিষয় ববীয়া সকলে জনোৱা মতে ইতিমধ্যেই পূজাৰ প্ৰস্তূতি পূৰ্ণগতিত চলি আছে আৰু সাজঘৰৰ কৰ্মীয়ে কাম চলাই আহিছে।
অংগনৱাদী কৰ্মী মইনা দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
লামডিং প্ৰতিবেদক: উল্লেখযোগ্য যে হোজাই জিলাৰ অন্তৰ্গত বৰদলং পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ 91 নং অংগণবাদী কেন্দ্ৰৰ কৰ্মী ময়না দাস কেন্দ্ৰটোৰ মধ্যাহ্ন ভোজনৰ চাউল মটৰ আদি কৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ নকৰাকলৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগত অভিবাবক সহ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি ডিগেন্দ্ৰ মালাকৰ।স্থানীয় ৰাইজৰ অভিযোগ যে কৰ্মী মইনা দাসে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ দ্বাৰা কেন্দ্ৰলৈ ৰূপায়ন কৰা খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি শিশু সকল বহি পুস্থক আৰু খেলা দুলাৰ সামগ্ৰী আত্মসাত কৰি আহিছে বুলি তীব্র অভিযোগ কৰে ।লগতে কয় যে কেন্দ্ৰত কৰ্মী জনী বছৰটোত মাতৃ কেইটা মান দিন উপস্থিত থাকি বাকী দিন বোৰ সহায়িকাৰ দ্বাৰা কেন্দ্ৰত কোনোমতে পাঠ দান কাৰ্য্য চলাই যায়। অকল এয়াই নহয় কৰ্মী মইনা দাসে কেন্দ্ৰত ৰূপায়ন কৰা সমগ্ৰীবোৰ নিজ ঘৰলৈ লৈ যায় আৰু আত্মসাত কৰাৰ ঘটনা পোহৰলৈ আনে স্থানীয় ৰাইজৰ লগতে শিশু সকলৰ অভিভাৱকে।











