মঙলদৈ প্ৰতিবেদক: দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মা সহ ৪ গৰাকীলৈ দুৰ্ণীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শূণ্য সহনশীল বটাঁ। আজি সংগঠনটোৰ পৰা প্ৰকাশ কৰা অনুসৰি, দৰঙত যোগদান কৰিয়েই ড্ৰাগচ সহ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবেই এই বটাৰ বাবে মনোনীত কৰা হৈছে। আগন্তুক ডিচেম্বৰ মাহৰ ৯ তাৰিখে গুৱাহাটী জিলা পুথিভৰালত এই সন্মান প্ৰদান কৰি উৎসাহিত কৰা হব। লক্ষনীয় যে, একেটা অনুষ্ঠানে দৰং জিলা বিজেপিৰ যুৱ নেতা বসন্তদেৱ গোস্বামী, ছিপাঝাৰৰ দুই সাংবাদিক ক্ৰমে নৱ কুমাৰ শইকীয়া আৰু ঋষিপদ চহৰীয়ালৈয়ো শূণ্য সহনশীল বটা আগবঢ়োৱা হৈছে। ১৯৯৫ চনতে সক্ৰিয় ৰাজনীতিত যোগদান কৰা বসন্তদেৱ গোস্বামীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু অত্যন্ত সক্ৰিয়তাৰে সমাজ সেৱা মূলক কাম কৰি আহিছে। প্ৰতীক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিস্হাপক সভাপতি গোস্বামীয়ে বিভিন্ন সময়ত দুৰ্ণীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে সমাজৰ নিচলা, শ্ৰমিকগোষ্ঠীৰ বিপদত সহায় সহযোগ কৰি আহিছে। গোস্বামীৰ বিগত ২৭ বছৰীয়া সমাজসেৱা মূলক তথা ৰাজনীতিত যি বলিষ্ঠ ভূমিকা তাৰ বাবেই এই বটালৈ মনোনীত কৰিছে। ইপিনে, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ছিপাঝাৰৰ নৱ কুমাৰ শইকীয়া আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ঋষিপদ চহৰীয়ালৈয়ো এই বটা আগবঢ়োৱা হৈছে। লক্ষনীয় যে, ছিপাঝাৰ প্ৰেছ গীল্ডৰ প্ৰাক্তন সম্পাদক, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্য তথা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা সাংবাদিক নৱ কুমাৰ শইকীয়াই ২০১১ চনত আপকুৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ত প্ৰৱৰ্ত্তিত মন্টুমোহন দাস সোৱৰনী শ্ৰেষ্ঠ সাংবাদিকতা বটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ তৰফৰ পৰাও বিজেপিৰ দৰং জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক যুৱনেতা বিতুপন ডেকাক ১৯ নৱেম্বৰ ২০২১ তাৰিখে আগবঢ়াব প্ৰাগজ্যোতিষ বঁটা (যুৱ সংগঠক) ২০২১৷
নগৰবেৰাৰ নিচিলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
নগৰবেৰা প্ৰতিবেদক: কামৰূপৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত নিচিলামাৰীত শুক্ৰবাৰৰ সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এল্ট’-৮০০ মাৰুতি গাড়ী এখনেৰে পূজা মালো (১২) নামৰ এগৰাকী কিশোৰী আৰু সাগৰ মণ্ডল (৩০) নামৰ যুৱক এজনক খুন্দিওৱাৰ উপৰি পথৰ কাষত ঘাঁহ খাই থকা কাঢ়লী গৰু এজনীক খুন্দা মৰাৰ ফলত গৰুটো থিতাতে নিহত হয় আৰু আহত দুয়োজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰি AS-25 K 2526 নম্বৰৰ এল্ট’-৮০০ গাড়ী সহ চালক জনে পলাই গৈ মন্দিৰা এন চি চ’কৰ দোকান এখনত আত্মগোপন কৰিবলৈ চেষ্টা কৰোঁতে মন্দিৰা আৰক্ষীয়ে উপস্থিত হৈ গাড়ী সহ চালক জনক উদ্ধাৰ কৰে। পিছত দুৰ্ঘটনা সংঘটিত কৰা চালক জনক আৰক্ষী চকীলৈ নি থাকোতে আদবাটতে ৰাইজে উত্তেজিত হৈ খৰ্গহস্ত হয় আৰু আৰক্ষীৰ বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা চালক জন গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰা গাওঁৰ নুৰ ইছলামৰ পুত্ৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোক লৈ সম্প্ৰতি অঞ্চলজুৰি অব্যাহত আছে চেপাঁ উত্তেজনা।
সাৰৰ নামত ধুবুৰী জিলাৰ চাপৰত চলিছে বৃহৎ চিণ্ডিকেট
সাৰৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ অসাধু ব্যৱসায়ী চলাইছে লুণ্ঠনৰাজ।চৰকাৰী ৰাজ সাহায্য প্ৰাপ্ত ৮০০ টকীয়া DAP সাৰ ক্ৰয় কৰিছে কৃষকে ১৯০০ টকাত।ইউৰিয়া ২৬৬ টকাৰ পৰিৱৰ্তে কৃষকে ক্ৰয় কৰিছে ৫০০ টকাত।যি সময়ত মূল্যবৃদ্ধিয়ে সৰ্ব সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে। তাৰ মাজতে দুখীয়া কৃষক ৰাইজৰ ওপৰত মাধমাৰ একাংশ অসাধু ব্যৱসায়ীৰ। কুম্ভকৰ্ণ নিদ্ৰাত যেন আজি কৃষি বিভাগ। কানসাৰ নাই বিষয়া-আমোলাৰ। এপিনে সম্প্ৰতি সৰিয়হ কৰাৰ সময় আনপিনে নামনি অসমত এতিয়া সাৰ বিচাৰি হাবাথুৰি কৃষকৰ। দোকানত নাই DAP, MOP, তথা ইউৰিয়া,তাৰ মাজতে একাংশ দোকানত আছে যদিও মূল্য প্ৰায় দুগুণ। ইউৰিয়া সাৰ ২৬৬ টকাৰ পৰিৱৰ্তে ক্ৰয় কৰিব লগা ৫০০ টকাত, ইপিনে DAP আৰু MOP সাৰ নাই বজাৰত। তাৰে সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ী চলাইছে লুণ্ঠন ৰাজ। DAP সাৰ চৰকাৰী ৰাজ সাহায্য লাভ কৰি ক্ৰয় কৰিব লাগিছিল ৮০০ পৰা ৯০০ টকাত যদিও সেই সাৰৰ ক্ৰয় কৰিব লগা হৈছে ১৯০০ পৰা ২০০০ টকাত। বৰ্তমান কৃষকে কৃষি কৰ্মৰ ভৰপূৰ সময়। বিশেষকৈ সৰিয়হকে আদি কৰি বিভিন্ন খেতিত প্ৰয়োজন DAP সাৰ।
শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনিৰ ধন আজিও পাবলৈ সক্ষম নহ’ল
ৰৌতাচাৰিআলি প্ৰতিবেদক :ৰাজ্য চৰকাৰে প্ৰতি বছৰে আদিবাসী আৰু চাহ জনজাতিৰ শিক্ষিত দুখীয়া মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰ্থিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্য প্ৰৱৰ্তন কৰিছিল শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনি । এই আচঁনিখনৰ জৰিয়তে প্ৰতি বছৰে ২৫ হাজাৰ টকা আগবঢ়োৱা হৈছিল । যদিওঁ পৰবৰ্তী সময়ত এই আচঁনিখনৰ ধন ২৫ হাজাৰ টকাৰ পৰিবৰ্তে ৰাজ্য চৰকাৰে ১২ হাজাৰ টকাহে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে , ঢেকীয়াজুলিত বৃটিছৰ গুলীত মৃত্যুৱৰণ কৰা শ্বহীদ দয়াল দাস পানিকাৰ নামত ঘোষণা কৰা এই আচঁনিৰধন ৰাজ্যখনৰ প্ৰতিখন জিলাতে পাবলৈ সক্ষম হ’ল যদিও ওদালগুৰি জিলাত এই আচঁনিৰধন আজি এটা বছৰে শিক্ষিত নিবনুৱা যুবক-যুৱতী সকলে কিন্তু পাবলৈ সক্ষম নহ’ল। এই সন্দৰ্ভত ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক -যুৱতীসকলে বিৰ্ভাগীয কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছত বাচনি তালিকা এখন প্ৰকাশ কৰিছিল যদিও সেই বাচনি তালিকাখন প্ৰকাশ হোৱা আজি তিনি চাৰি মাহ হ’ল তথাপি আজি পৰ্য্যন্ত ওদালগুৰি জিলাত আদিবাসী যুৱক-যুৱতীৰ সকলে আচঁনখনৰ ধন পাবলৈ সক্ষম হোৱা নাই। শিক্ষিত মেধা সম্পূৰ্ণ আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনিখন ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক কিয় বঞ্চিত কৰা হ’ল । ইয়াকে লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে নিবনুৱা যুৱক-যুৱতীসকলে ।
মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ
মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ মণিপুৰৰ চুৰাচাংপুৰত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । নিহত হৈছে ৭ গৰাকী লোকৰ । কমাণ্ডিং বিযয়া বিপ্লৱ ত্ৰিপাঠীৰ লগতে নিহত হৈছে চাৰিগৰাকী অসম ৰাইফলছৰ জোৱানৰ । ভয়ংকৰ আক্ৰমণটোত নিহত হৈছে বিপ্লৱ ত্ৰিপাঠী সহিতে তেওঁৰ পত্নী আৰু পুত্ৰই ।
সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন
পানেৰী প্ৰতিবেদক : সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ইং ১২ নবেম্বৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ তেলীয়াপাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত সংগঠনটোৰ তৃতীয় সংখ্যক প্ৰতিস্থা দিৱস অনুস্তুপিয়াকৈ অনুস্থিত কৰা হয় | পৰিষদৰ পতাকা উত্তোলনৰ জড়িয়তে কেন্দ্ৰীয় সমিতিৰ সভাপতি তীৰ্থৰঞ্জন দেৱগোস্বামীয়ে অনুস্থানৰ শুভাৰম্ভনি কৰে | অনুস্থানটোৰ লগত সংগতি ৰাখি এখন বিষ্ণু যজ্ঞ্যানুস্থান আয়োজন কৰাৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ লগতে কৃতি ছাত্ৰ -ছাত্ৰী সকলক সম্বৰ্ধনা জনাই | প্ৰতিস্থা দিৱস অনুস্থানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ লগতে সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিৰ্থৰঞ্জন দেৱগোস্বামী, সম্পাদক দ্বীপেন শৰ্মা, সহকাৰী সম্পাদক দেৱজিৎ শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি শৰ্মা, বাস্কা জিলা ব্ৰাহ্মণ মহাসভাৰ সাধাৰণ সম্পাদক জীৱন শৰ্মাৰ লগতে অন্যান্য নেত্ৰীবৃন্দ | সভাত ব্ৰাহ্মণসকলৰ বিভিন্ন সমস্যা সমুহৰ বিষয়ে আলোচনা কৰা হয় | আনহাতে পৰিষদৰ সভাপতি তীৰ্থৰঞ্জন দেৱগোস্বামীয়ে ব্ৰাহ্মণসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান তথা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মেধাৰ ভিত্তিত নিৰ্বাচন কৰাৰ বাবে চৰকাৰখনক অনুৰোধ জনাইছে |
দায়িত্বৰত প্ৰদূষণ বিষয়াই অবৈধ ভাটা নিৰ্মাণত উদ্গনি দিয়াৰ অভিযোগ
ছিপাঝাৰ প্ৰতিবেদক : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৱৰীগাঁৱত অবৈধভাৱে ইটা ভাটা নিৰ্মাণৰ কাম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত কুৱৰীগাঁৱৰ সচেতন ৰাইজে ইতিমধ্যে দৰং প্ৰশাসনক কেইবাবাৰো অভিযোগ পত্ৰ দাখিল কৰিছে ৷ তৎস্বত্বেও দৰং জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ জনৈক দাস নামৰ এগৰাকী অসাধু ব্যৱসায়ীৰ চত্ৰছায়াত হৰেশ্বৰ ৰাজবংশী , ৰমা ৰাজবংশী , নবীন ৰাজবংশী আৰু ৰামেশ্বৰ ৰাজবংশীয়ে বিভাগীয় কোনো নিয়ম অনুসৰণ নকৰাকৈ এনেদৰে ইটাভাটা স্থাপনৰ কাম কৰি থকাত কাৰ্যত অসন্তোষ প্ৰকাশ কৰিছে কুঁৱৰীগাঁৱৰ একাংশ সচেতন ৰাইজে ৷ একেদৰে এই সন্দৰ্ভত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ হস্তক্ষেপ বিচাৰি বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে ৷ বিশেষকৈ ইটাভাটা স্থাপনৰ ক্ষেত্ৰত ২০১৩ ত নিৰ্ধাৰণ কৰা বিভাগীয় সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি অসাধু চক্ৰটোৱে কাৰ সাহসত নথিপত্ৰ বিহীনভাৱে নতুন ভাটা স্থাপনৰ কাম অব্যাহত ৰাখিছে বুলি এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে , বিভাগীয় নীতি অনুসৰি দুটা ভাটাৰ চিমনিৰ মাজত অতি কমেও ৫০০ মিটাৰৰ ব্যৱধান থাকিব লাগে ৷ কিন্তু কুঁৱৰীগাঁৱত পূৰ্বৰেপৰা থকা ভাটাৰ চিমনিৰপৰা মাত্ৰ ২০০ মিটাৰমান ব্যৱধানতে অবৈধভাৱে নিৰ্মাণ কৰি থকা হৈছে নতুন ভাটাৰ চিমনি ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তক চলিত বৰ্ষৰ প্ৰথম ভাগতে ৰাজহুৱা আবেদন দাখিল কৰিছিল ৷ সেই আবেদনৰ ভিত্তিত বিভাগীয়ভাৱে ভাটাটোৰ কাম দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা হৈছিল যদিও ভাটাটো নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৱা ১ নৱেম্বৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ দৰং জিলা সমিতিৰ তৰফৰপৰা শীঘ্ৰে ভাটাটোৰ কাম বন্ধ কৰিবলৈ দৰং জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ৷ তাৰ পিছতো দৰং জিলা প্ৰশাসনে মৌন ব্ৰত পালন কৰাৰ ৰহস্য কি বুলি এতিয়া সাধাৰণ ৰাইজৰ মাজত গুজৱ উঠিছে ৷ বিশেষকৈ প্ৰদূষণ বিভাগৰ দায়িত্বৰত বিষয়াগৰাকীয়ে ৰহস্যজনক কাৰণত অবৈধভাৱে ভাটা নিৰ্মাণ কৰি থকা চক্ৰটোক এনে আইন বিৰোধী কাৰ্যত উদ্গনি দি অহা বুলি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে
চিলিত কাপোৰৰ পৰ্বত!
দক্ষিণ আমেৰিকাৰ দেশ চিলি ইয়াৰ সুন্দৰ পৰ্বতমালাৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। এই দেশত ২০,০০০ ফুট ওপৰৰ ২২ টা পৰ্বত আছে, কিন্তু চিলিৰ ইটাকামা মৰুভূমিত কাপোৰ আৰু জোতাৰে নিৰ্মিত এটা পৰ্বত আছে। পৰ্বতটোত খ্ৰীষ্টমাছ চুৱেটাৰৰ পৰা স্কি বুটলৈকে আৱৰ্জনা অন্তৰ্ভুক্ত আছে।ইয়াত কাপোৰৰ পাহাৰ প্ৰতি বছৰে কমেও ৩৯,000 টন বৃদ্ধি হৈ আছে। দ্ৰুত গতিত বিকশিত হোৱা ফেশ্বন উদ্যোগৰ বাবেপ্ৰদূষণো বৃদ্ধি পাইছে। যেতিয়া কাপোৰৰ স্তূপ মুকলিকৈ এৰি মাটিত পুতি থোৱা হয় তেতিয়া ই পৰিৱেশৰ ক্ষতি কৰে। ইয়াৰ ৰাসায়নিক পদাৰ্থবোৰ বায়ু আৰু ভূগৰ্ভস্থ পানীত উপনীত হয় আৰু সেইবোৰ কলুষিত কৰে।প্ৰতি বছৰে ৫৯,০০০ টন কাপোৰ বন্দৰলৈ আহে ।চিলি দীৰ্ঘদিন ধৰি পুৰণি আৰু বিক্ৰী নোহোৱা কাপোৰৰ কেন্দ্ৰ হৈ আহিছে। এই কাপোৰবোৰ চীন বা বাংলাদেশত তৈয়াৰ কৰা হয়। প্ৰতি বছৰে উত্তৰ চিলিৰ আল্টো হোস্পিচিঅ অঞ্চলৰ ইকুইক বন্দৰত প্ৰায় ৫৯,০০০ টন কাপোৰ উপস্থিত হয়, য’ত ইয়াক কাপোৰ ব্যৱসায়ীসকলে ক্ৰয় কৰে। ইয়াৰ পৰা, কাপোৰবোৰ সীমান্তৰ সিপাৰে আন লেটিন আমেৰিকাৰ দেশলৈও চোৰাংকৈ অনা হয়।
বাইডেন-জিনপিং বৈঠক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন সোমবাৰে সন্ধিয়া চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে। হোৱাইট হাউচৰ প্ৰেছ সচিব জেন চাকীয়ে শুক্ৰবাৰে কৈছিল যে বিডেনে বৈঠকত চীনসম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্বেগৰ বিষয়ে আলোচনা কৰিব। ভাৰতৰ সৈতে চীনৰ সীমান্ত বিবাদো বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ বৈঠকৰ সন্দৰ্ভত চাকীয়ে কয়, “ৰাষ্ট্ৰপতি বিডেনে নিশ্চিতভাৱে নিৰাপত্তাৰ বিষয়ত আলোচনা কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ সম্পৰ্ক কিছু সময়ৰ পৰা তিক্ত হৈ আছে। বাইডেন স্পষ্ট কৰি দিছে যে টাইৱান, দক্ষিণ চীন সাগৰ আৰু সংখ্যালঘুসকলৰ দ্বাৰা মানৱ অধিকাৰ উলংঘনৰ ওপৰত চীনা মনোভাৱৰ বাবে তেওঁ অসন্তুষ্ট।ফেব্ৰুৱাৰীৰ পৰা দুয়োজন নেতাৰ মাজত এইখন তৃতীয় বৈঠক হ’ব।
“চিক্কি, পিল্লু আৰু মই” উন্মোচন
নাজিৰা প্ৰতিবেদক :- নাজিৰাৰ বৰবৰুৱা পুখুৰী পাৰৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ এখনি পুথিৰ উন্মোচনে লক ডাউনত সময়ৰ সদ্ব্যৱহাৰ আৰু জীৱ – জন্ত্তৰ প্ৰতি এৰাব নোৱাৰা প্ৰীতিক উদ্ভাসিত কৰাৰ লগতে সকলো শিশু আৰু অভিভাৱকৰে দৃষ্টি আকৰ্ষণ কৰিছে । সুগন্ধি উৰুলি বৰুৱা (জিকমিক ) নামৰ দিল্লী পাব্লিক স্কুলৰ এইগৰাকী ছাত্ৰীয়ে মাতৃৰ কবিতা পুথিত তেওঁৰ এখন ফটো ছপা হোৱাত প্ৰেৰণা লাভ কৰি নিজে কিতাপ লিখিব পাৰে নেকি বুলি মাকক প্ৰশ্ন কৰে । মাকৰ অনুমতি লাভ কৰিয়েই নিজৰ প্ৰিয় কুকুৰ চিক্কি আৰু পিল্লুৰ সৈতে দৈনন্দিন চিন্তা-ভাৱনাৰ ভাগ-বতৰাৰ বৰ্ণনাৰে বিশ পৃষ্ঠাৰ কিতাপ খনি লিখি উলিয়ায় আৰু ১১ নৱেম্বৰত জন্মদিনৰ অতিথি সকলৰ উপস্থিতিত উন্মোচন কৰে । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তা বিজয়লাল বৰুৱা আৰু লেখিকা অসমী গগৈ বৰুৱাৰ কন্যা এই গৰাকী কণমাণিৰ যোৱা বছৰৰ জন্মদিনত মাতৃৰ দ্বাৰা লিখিত চুটি গল্পৰ পুথি “তিনিকুৰি ক্ষুদ্ৰ গল্প” ৰ উন্মোচন হৈছিল ।

জন্মদিনৰ পৰম্পৰাত কেৱল পুথি উন্মোচন ঘটোৱাই নহয় সুগন্ধি উৰুলিয়ে নিজে শিকি অহা যোগ শিক্ষাৰ অনুশীলন প্ৰদৰ্শন কৰি ক্ৰমে পদ্মাসন, মৎস্যাসন, পদ-অঙ্গ উষ্টাসনে ধনুৰাসন, পূৰ্বভূজঙ্গাসন, কপতাসন, তৃপ্তিভাসন, যুৱ নিদ্ৰাসনৰ লগতে এক জটিল দেহ সজ্জাৰে বৃশ্চিকাসন প্ৰদৰ্শন কৰি জন্মদিনৰ অতিথি সকলক মনৰ সন্ত্তষ্টি যোগাই আশীৰ্বাদ কামনা কৰে । “চিক্কি পিল্লু আৰু মই” শিশুৰ গ্ৰন্থখন উন্মোচন কৰি নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে শিশুৰ বাবে জন্মদিনৰ এই পৰম্পৰা এক আদৰ্শ হ’ব বুলি প্ৰকাশ কৰে । শিক্ষক গোপাল বৰুৱাই আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শৰ্মা, যোগ প্ৰশিক্ষক অনন্ত শইকীয়া উপস্থিত থকাৰ লগতে শিশু অভিজ্ঞান বৰঠাকুৰে কবিতা আবৃতি, ধৃতিশা গগৈয়ে এটি গীত পৰিৱেশন কৰে । সকলো অতিথিলৈকে ৰোপনৰ বাবে একোটিকৈ সেউজীয়া বকুলৰ পুলি আগবঢ়োৱা হয়











