নাজিৰা প্ৰতিবেদক :- ভাৰত চৰকাৰৰ পৰিৱেশ অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ নিৰ্দেশনা No GSR, 571(E) dated-12 August, 2021 ৰ অনুসৰি Plastic waste management Rule, 2016 অধীনত নাজিৰা আৰু শিমলুগুৰি পৌৰ এলেকাত এবাৰ ব্যৱহাৰ হোৱা যিকোনো ধৰণৰ প্লাষ্টিক বা পলিথিন বেগ সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰিছে । এই নিৰ্দেশ অনুসৰি যিসকল ব্যৱসায়ী তথা জনসাধাৰণে পলিথিন মজুত কৰণ বা ব্যৱহাৰ কৰিব, তেওঁ লোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনা জাৰি কৰে । ঐতিহ্যমণ্ডিত নাজিৰা আৰু শিমলুগুৰি নগৰখন প্লাষ্টিক মুক্ত আৰু প্ৰদূষণ মুক্ত নগৰ হিচাপে গঢ়িতোলাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াদ্বয়ে আহ্বান জনাইছে ।
কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ এটা বছৰ পূৰ্ণ
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি তথা কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱাৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল ৷ অসমৰ তদানীন্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যৰ তদন্ত কৰিবলৈ চি আই ডি ক দায়িত্ব অৰ্পণ কৰিছিল যদিও আজি এটা বছৰে উক্ত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা ন’হল ৷ অবৈধ কয়লা, কাঠ, গৰু ইত্যাদি চোৰাং ব্যৱসায়ৰ উপৰত বলিষ্ঠভাৱে বা-বাতৰি পৰিৱেশন কৰা সাংবাদিক গৰাকীৰ মবাইল ফোনটোও তাৎপৰ্যপূৰ্ণভাৱে তদন্তকাৰী সংস্থাটোৱে জব্দ নকৰিলে ৷ ইয়াক লৈ সাংবাদিক গৰাকীৰ পৰিয়ালৰ লগতে কাকপথাৰবাসী সচেতন ৰাইজৰ মনত সাংবাদিক গৰাকীৰ ৰহস্যজনক দুৰ্ঘটনাটো সন্দেহজনক হৈ পৰিছে ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১১ নৱেম্বৰৰ গধুলি প্ৰায় ৮-১৫ বজাত কাকপথাৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত অৱস্থিত সাংবাদিক গৰাকীৰ ঘৰৰ সন্মুখতে এখন টাটা ডি আই গাড়ীয়ে খুন্দিয়াই থানাৰ সন্মুখেৰে পলায়ন কৰিছিল ৷ গুৰুতৰভাৱে আহত সাংবাদিক গৰাকীক ততাতৈয়াকৈ ৰূপাই চাইডিঙস্থিত ডিচি বৰা নাৰ্চিং হোমত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্ত্তি কৰিছিল যদিও ১২ নৱেম্বৰত সাংবাদিকগৰাকীৰ মূত্যু হয় ৷ সাংবাদিকগৰাকীৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ উচিত তদন্ত বিচাৰি সমগ্ৰ অসম জুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টোৱে গুৰুত্ব লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ এগৰাকী প্ৰতিনিধিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ ইমানৰ পিচতো অসম চৰকাৰৰ অপৰাধী অনুসন্ধান সংস্থাটোৱে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকী হিচাপে কালি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদী প্ৰাঙ্গণত কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অঞ্চলটোৰ সমূহ সাংবাদিকৰ উপস্থিতিত এক শ্ৰদ্ধাঞ্জলী তথা প্ৰতিবাদী কাৰ্যসূচী অনুস্থিত হয় । উক্ত কাৰ্যসূচীত কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্তই এগছী বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলী অনুস্থানটিৰ শুভাৰম্ভ কৰি সকলোৰে বাবে মুকলি কৰি দিয়ে । সহযোগ কৰে আপকু তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক দ্বীপেন লহকৰ, আছুৰ নেতা কনচেং গগৈ, সাংবাদিক কুলজিৎ মৰাণ, ৰাজকুমাৰ শৰ্মা আদিয়ে । ইয়াৰ পাছত আপকু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মনোৰঞ্জন নেওগ, আছু তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক বিতু ডেকা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক বিকাশ তালুকদাৰ, সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপন মৰাণে পৰাগ ভূঞাক সুঁৱৰি প্ৰতিবাদি বক্তব্য ৰাখে । অনুস্থানটি পৰিচালনা কৰে কাকপথাৰ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক মিন্টু তালুকদাৰে ।
ইফকো”ৰ উদ্যোগত বিনামূলীয়া কৃষি সামগ্ৰী বিতৰণ
হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত ১১ নৱেম্বৰত ইফকোৰ উদ্যোগত নামনি অসমৰ “ইফকো” ক্ষেত্ৰ প্ৰবন্ধক বিনোদ শইকীয়াৰ পৰিচালনাত এখনি প্ৰশিক্ষণ ওঁ বিনামূলীয়া কৃষি সামগ্ৰী বিতৰণ সভা অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে “ইফকো”ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰবন্ধক অজিত ভট্টাচাৰ্য্য, বৰপেটা জিলাৰ মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়নে, কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্রাপ্ত মুৰব্বী পিংকুধাৰ বৰ্মনকে ধৰি কেইবাজনো কৃষি বিজ্ঞানী। প্ৰশিক্ষণ কাৰ্য্যসূচীত বৰপেটা আৰু বজালী জিলাৰ ৫০ গৰাকী আমন্ত্ৰিত অগ্ৰণী কৃষকে ভাগ লয় আৰু প্ৰত্যেক গৰাকী কৃষকক “ইফকো”ৰ তৰফৰ পৰা সৰিয়নৰ বীজ, নেনো ইউৰীয়াৰ বটল, বৰণ সাৰৰ পেকেট আৰু কিছু জৈৱিক সাৰৰ বটল প্ৰদান কৰে।উক্ত প্ৰশিক্ষণত “ইফকো”ৰ বিনোদ শইকীয়া আৰু অজিত ভট্টাচাৰ্য্যই কৃষক সকলক “নেনো” ইউৰীয়া আৰু জৈৱিক সাৰ “সাগৰিকা” ৰ উপকাৰিতা, ব্যৱহাৰৰ বিষয়ে বিতংভাবে তথ্য দাঙি ধৰে। মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়নে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে আৰু “ইফকো” কৃষকৰ উন্নতিৰ কাৰণে কৰা কামৰ শলাগ লয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ পিংকুধৰ বৰ্মনে সৰিয়হ খেতি বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণ কাৰ্য্যসূচীত শলাগৰ শৰাই আগবঢ়ায় “ইফকো” ৰ ক্ষেত্ৰ বিষয়া মেৰাজুল হুছেইনে।
জামুগুৰিহাটৰ গাওেঁ গাওেঁ ৰাস উদযাপনৰ প্ৰস্তুতি
ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে নামঘৰ নগৰী জামুগুৰিহাটতো এতিয়া ৰাস উদযাপনৰ প্ৰস্তুুতি তুংগত উঠিছে ৷ খোল-তাল বাহীঁৰ শব্দই বৈকুণ্ঠ নগৰী কৰি তুলিছে জামুগুৰিহাটৰ আকাশ-বতাহ ৷ অঞ্চলটোৰ গাৱেঁ গাৱেঁ এতিয়া ৰাসৰ আখৰাত ব্যস্ত গঞাঁ ৰাইজ ৷ জামুগুৰিহাটৰ কলবস্তিৰ নামঘৰ প্ৰাঙ্গঁণত এইবেলি চাৰিগাওঁৰ ৰাইজে দুদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে ২১তম শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আৰু শিশু লীলা ৷ এই লৈ উখল- মাখল এতিয়া গাওঁৰ পৰিবেশ ৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী,মহিলা সকলো খোলৰ তালে তালে কৃষ্ণ,গোপীৰ অভিনয়ৰ আখৰাত ব্যস্তহৈ পৰা দেখা গৈছে ৷ চৰকাৰী সকলো নীতি-নিয়ম মানি চলি এই ৰাস উদযাপন কৰিব বুলি জানিবলৈ দিয়ে ৰাস উদযাপন কমিটিৰ অন্যতম উদ্যোক্তা চন্দ্ৰ কান্ত নাথে ৷Attachments area
টিৰাপ নৈত মৃতদেহ উদ্ধাৰ
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ নৈত আজি পুৱা উদ্ধাৰ হয় এজন ৪৫ বছৰ উৰ্ধৰ ব্যক্তিৰ মৃতদেহ ৷মৃত ব্যক্তিজন লিডু কাম্বা গাঁও নিবাসী পৱন গড় বুলি চিনাক্ত হৈছে ৷ যোৱা কালিৰে পৰা পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ আছিল বুলি জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে ব্যক্তিজনক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আজি পুৱাৰ ভাগত টিৰাপ নৈত ব্যক্তিজনৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়। মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কি আৰু কেনে পৰিস্থিতিত পৰি ব্যক্তিজনে এনেদৰে মৃত্যুক আকোৱালি লব লগা হল সেয়া বৰ্তমানেওঁ পৰা হোৱা নাই ৷ বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
তামুলপুৰ মহকুমা সদৰৰ নিকটৱৰ্তী কুমাৰীকাটাত অৱস্থিত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰধান কাৰ্যালয়ৰ সভা গৃহত আজি সংঘৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠুপীয়া কৈ উদযাপন কৰা হয়। ৰাতিপুৱা ১০ বজাত সংঘৰ সভাপতি যতীন সৰকাৰৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত তামুলপুৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জলেন দৈমাৰীয়ে স্বৰ্গীয় অমল প্ৰভা দাসৰ প্ৰতিচ্ছবিৰ সম্মূখত বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন কৰি দৈমাৰীয়ে কয়- তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনাথ উপাধ্যায় অৰ্থাৎ ৰবীন্দ্ৰ ভায়ে চীনা আক্ৰমণৰ পিছৰে পৰা উত্তৰ পূৰ্বাঞ্চলত মৃত্যুৰ সময়লৈ সদায় শান্তিৰ বাবে কাম কৰিছিল। ১৯৬২ চনত কুমাৰীকাটাত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ প্ৰতিষ্ঠা কৰি খাদী আৰু গ্ৰমোদ্যোগৰ বিকাশ কৰাৰ লগতে গ্ৰামাঞ্চলত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছিল।খাদী আৰু গ্ৰমোদ্যোগ আয়োগৰ সহযোগত গ্ৰামদান সংঘ নামৰ অনুষ্ঠানটোৰ তত্বাৱধানত চলি থকা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী সকলে বিভিন্ন শাখাত প্ৰশিক্ষণ লৈ আছে। সেই সকলক স্বনিয়োজনৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে পৰৱৰ্তী সময়ত সংঘৰ উন্নয়নৰ বাবে চেষ্টা কৰিব। লগতে তেওঁ কেইবাগৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে।
সভাখনত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহাই তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠা আৰু অমল প্ৰভা দাসৰ কৰ্মময় জীৱনৰ বিভিন্ন দিশৰ ওপৰত বাখ্যা কৰে। সংঘৰ সম্পাদক জলেন নাৰ্জাৰীয়ে কয়- তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ প্ৰতিষ্ঠাৰ সময়ত কেইবাগৰাকী স্থানীয় বিশিষ্ট সমাজকৰ্মী লগত লৈ প্ৰয়াত পদ্মশ্ৰী সন্মানেৰে সন্মানিত ৰবীন্দ্ৰনাথ উপাধ্যায় যথেষ্ঠ কষ্ট স্বীকাৰ কৰিছিল। সেই সময়ত অসমৰ এগৰাকী শিক্ষাবিদ, সৰ্বোদয় নেত্ৰী অমল প্ৰভা দাসৰ অৰিহণা যথেষ্ঠ আছিল। অমল প্ৰভা দাসৰ জন্ম তাৰিখটোকে তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰা হয়। ভাষণ প্ৰসংগত নাৰ্জাৰীয়ে অনুষ্ঠান টোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সকলোৰে সামুহিক সহযোগিতা কামনা কৰে। সভাখনত বছৰটোৰ শ্ৰেষ্ঠ শিপিনী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। আজি অনুষ্ঠিত সভাখনত সংঘৰ সম্পাদক জলেন নাৰ্জাৰী,খাদী গ্ৰমোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহা,কটাহবাৰী, চন্দনপুৰ, নবিনগাঁও তৰণগাঁও, চন্দ্ৰনগৰ গ্ৰামদানী গাঁও সভাৰ সভাপতি, সম্পাদক, সদস্য, খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলৰ ওপৰি কাটনী- শিপিনী সকল উপস্থিত থাকে।।
ৰাজ্যত এতিয়া অব্যাহত আছে বালিৰ চিণ্ডিকেট
ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী নিত্য বজাৰত অবৈধ ভাৱে বালি কঢ়িওৱা ৩খন ট্ৰেইলাৰ জব্দ।বহলপুৰ বন বিভাগৰ কাৰ্যলয়ৰ অধীনস্থ ৰাখালঠাকুৰ বন বিভাগে জব্দ কৰে অভাৰলডিং ট্ৰেইলৰ কেইখন।বাসুগাঁৱৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে ট্ৰেইলাৰ কেইখন।জব্দকৃত ট্ৰেইলৰ কেইখনৰ নম্বৰ NL O1 G5096, NL01 G9502, আৰু PB03 Y7977 দীৰ্ঘদিন ধৰি উক্ত পথছোৱাৰে ট্ৰেইলৰেৰেৰে অবৈধ ভাৱে শিল-বালি কঢ়িওৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।ঘটনা সন্দৰ্ভত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় মুখ্য সম্পাদক ৰহিবুল সেখে বঙাইগাঁও জিলা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা লবলৈ আহ্বান জনায় অন্যথাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আনহাতে জানিব দিয়া মতে উক্ত ট্ৰেইলাৰ কেইখনত অনা বালিখিনি LNT নামৰ এটা কোম্পানিৰ আৰু এই বালিখিনি বাসুগাঁওৰ পৰা ধুবুৰীৰ আদাবাৰীত লৈ গৈ অছিল
ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ
আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুখবৰ । পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই কৰি দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় দুই লাখতকৈ কম, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ৰেহাই পাব কেন্দ্ৰ আৰু পৰীক্ষাৰ মাচুল । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এই সন্দৰ্ভত কালি অৰ্থাৎ ১১-১১-২০২১ তাৰিখৰ AHSEC/CoE/HSFE-22/Notification/2021/03 নং জাননী যোগে অৱগত কৰিছে ।
অসমত সফল আমলা কাৰ্যসূচী
আজি আমলা নৱমী। এই উৎসৱ টো অসমৰ হাইলাকান্দি জিলাত উদযাপন কৰা নহয়। কিন্তু এই গছৰ আশীৰ্বাদত, ইয়াত মহিলাসকল বিকশিত হৈছে। এয়া আছিল ২০১৯। এই জিলাৰ মহিলাসকলে সমাজকৰ্মীৰ সহায়ত আমলা লাড়ু বনোৱা আৰম্ভ কৰিছিল। পুষ্টিগত ভাৱে পৰি থকা লাড্ডু লোৰ অভাৱথকা কিশোৰী আৰু মহিলাসকলৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছিলএই অমৃত সমৃদ্ধ লাড়ুৱে মহিলাসকলক ৰক্তহীনতাৰ পৰা সুৰক্ষিত কৰি আছে ঘৰৰ চোতালত কৰবাত, সন্মুখৰ বাগিচাৰ কৰবাত। পুখুৰীৰ পাৰত কৰবাত, পিছফালৰ বেষ্টনীৰ কোনোবা ঠাইত। অসমৰ এই জিলাৰ সকলো ঠাইতে আমলা গছ দেখা যায়। ইয়াত থকা মানুহে ইয়াক বিভিন্ন ধৰণে খায়। কিন্তু কোনে জানিছিল যে এই লো সমৃদ্ধ অমৃত ফলটো এদিন ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈ পৰিব। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ 2015-ৰ প্ৰতিবেদন অনুসৰি, জিলাখনৰ প্ৰায় 50% মহিলা যিসকল ৰেপোপ্ৰটেক্টিভ বয়সৰ, তেওঁলোক ৰক্তহীনতাত ভুগি আছে।হিমাচল প্ৰদেশত সামাজিক কৰ্মৰ শিক্ষাৰ্থী হিচাপে কাম কৰা ৰনিকা দেৱাৰ্শীয়ে মহিলাসকলক আমলা মুৰাব্বা বনোৱা দেখিছিল। তাৰ পৰা তেওঁলোকে দেখিলে যে ইয়াত যথেষ্ট পুষ্টি থাকে, সেয়েহে মুৰাব্বা যথেষ্ট খোৱা হয়। যেতিয়া ৰনিকা টাটা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত অসম স্বস্ত ভাৰত মোটিভেটৰ কাৰ্যসূচীৰ অধীনত অসমলৈ আহিছিল, তেতিয়া তেওঁ দেখিছিল যে ইয়াত মহিলা আৰু কিশোৰীসকল ৰক্তহীনতাত ভুগী আছিল। তেওঁলোকে আইৰণ টেবলেট ভাল নাপায়। ইয়াক খোৱাৰ পিছত, তেওঁলোকে বমি ৰঙৰ দৰে অনুভৱ কৰে। তাৰ পিছত তেওঁ হাইলাকান্দিত হিমাচল সূত্ৰ ৰূপায়ণ কৰাৰ কথা ভাবিছিল। তেওঁ সামাজিক মাধ্যমত বহুতো আমলা ৰন্ধনপ্ৰণালী দেখিছিল যিবোৰ সহজ ।ৰনিকাই সেই ৰেচিপিবোৰ ঘৰত বনাব আৰু সেইবোৰ চাব। অৱশেষত, সহজে বনোৱা গুৰ-আমলা লাড্ডু চূড়ান্ত ফলাফল হিচাপে ওলাই আহিছিল। গাওঁখনৰ মহিলাসকলৰ দৰে ইয়াতো শিশুসকলক কেণ্ডি অংগনৱাড়ী কৰ্মীৰ সহায়ত একত্ৰিত কৰা হৈছিল। তেওঁলোকক আমলখিৰ গুণাগুণৰ বিষয়ে অৱগত কৰা হৈছিল। একে সময়তে, আমলা লাড্ডু শিকোৱা হৈছিল। মহিলাসকলে এই লাড্ডুটো ভাল পাইছিল। লাড়ুত চেনীৰ সলনি গুড় ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ দুটা কাৰণ আছিল, এটা হ’ল গুড়তো লো থাকে, আনটো এই জিলাত সহজে উপলব্ধ। স্পষ্টকৈ ক’বলৈ গ’লে, তেওঁলোকে এই লাড্ডুৰ বাবে টকা খৰচ কৰাৰ প্ৰয়োজন নাই। ৰনিকাৰ মনত এইটোও আছিল যে স্থানীয় খাদ্য সহজে গ্ৰহণ কৰা হ’ব। মাজত ইয়াক আমলা-গুৰ কাণ্ডি বুলি জনা যায়।জনসজাগতাৰ ফলস্বৰূপে, যোৱা মাহত জিলাখনত বৃহৎ সংখ্যক আমলা গছ ৰোপণ কৰা হৈছিল। এই পুষ্টি কাৰ্যসূচীৰ সফলতাই প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বৰ্তমান ইউনিচেফৰ পুষ্টি কাৰ্যসূচীৰ সৈতে জড়িত ৰনিকাই উল্লেখ কৰিছে যে চৰকাৰে প্ৰদান কৰা লোৰ ঔষধ অতি গুৰুত্বপূৰ্ণ। কিন্তু একে সময়তে, এই লাড্ডুটোৱে তেওঁলোকক যথেষ্ট লাভালাভপ্ৰদান কৰিব। তেওঁ উৎসাহিত হৈ কয় যে কোভিড মুকলি কৰাৰ ঠিক আগতে অসম চৰকাৰৰ পোচন অভিযান আৰু ৰাজ্যিক সমাজ কৰ্ম বিভাগেও লাড়ুটোৰ পুষ্টি পৰীক্ষা কৰিছিল যাতে পৰীক্ষাটো অধিক স্থানত ৰূপায়ণ কৰিব পৰা যায়। কোভিডৰ কাৰণে আঁচনিখন কাৰ্যকৰী কৰিব পৰা নগ’ল। এতিয়া, যেতিয়া পৰিস্থিতি স্বাভাৱিক হয়, ই সফল হোৱাৰ সম্ভাৱনা আছে।
পাক পৰাজয়ক লৈ বেলুচিস্তানত উদযাপন
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পাকিস্তান অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়। এফালে, সমগ্ৰ পাকিস্তান হতাশ দেখা গৈছিল, আনহাতে বেলুচিস্তানৰ লোকসকলে পাকিস্তানৰ পৰাজয় উদযাপন কৰিছিল।এই প্ৰফুল্ল বেলুচ লোকসকলৰ বহুতো ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা ভিডিঅ’ত বেলুচিস্তানৰ লোকসকলক পাকিস্তানৰ পৰাজয়ৰ বাবে ইজনে সিজনক অভিনন্দন জনোৱা দেখা গৈছে, আনহাতে আন এটা ভিডিঅ’ত তেওঁলোকক নৃত্য কৰা দেখা গৈছে।











