Home Blog Page 2730

শিল্প সাধনাই মনক প্ৰশান্তি দিয়ে

সত্তোৰোৰ্দ্ধৰ বয়সতো শিল্প সাধনাত ব্ৰতী হৈ আছে গহপুুুৰ মহকুমাৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে। শিক্ষকতা জীৱনৰ সমান্তৰালকৈ তেওঁ ভাষা-সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে অৱসৰ গ্ৰহণৰ পাছত তেওঁ বিশেষভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰে। ক’ৰোনা কালৰ জটিল পৰিস্থিতিত নিজৰ শিল্পসত্তা জীয়াই ৰাখিছে গহপুৰ মহকুমাৰ বৰভেটিৰ এইগৰাকী পৰমানন্দ মুদৈয়ে। এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত পূৰ্নতা লাভ কৰিছে অলাগতীয়ালভাৱে পৰি ৰোৱা কাঠ, বাঁহ, বেতেৰে নিৰ্মিত বিভিন্ন মূৰ্তি সমূহে। বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী আছিল সত্তোৰোৰ্দ্ধৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁ বিবিধ মূৰ্তি নিৰ্মাণ কৰি দাঙি ধৰিছে নিপুন কৰ্মস্পৃহাৰ পৰিচয়। তাৰ সমান্তৰালকৈ বাঁহ-বেতেৰে অসমীয়া সংস্কৃতিৰ পুৰনিকলীয়া লুপ্তপ্ৰায় শিল্পসত্তা সমূহ প্ৰস্তুত কৰি সঁজাই ৰাখিছে নিজৰ ঘৰতে। যেন ঘৰ নহয়, সংগ্ৰাহলয়হে। বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী শিল্পী, শিক্ষক পৰমানন্দ মুদৈৰ আছে অদম্য কৰ্মস্পৃহা। যাৰ ফলস্বৰূপে এই বয়সতো নিজৰ শিল্পকৰ্মৰ জৰিয়তে দুপইছা উপাৰ্জন কৰাৰ উপৰিও ভাস্কৰ্য শিল্প সাধনাই মনক প্ৰশান্তি দিয়ে বুলি এই প্ৰতিবেদকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ উল্লেখ কৰে। দীৰ্ঘকাল ধৰি শৈক্ষিক জীৱনৰ সৈতে জড়িত হৈ থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা জীৱন সামৰিয়েই ১৯৭৭ চনত মহাত্মা গান্ধীৰ সপোনৰ প্ৰকল্প খাদী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ৰাওনা হয় মহাৰাষ্ট্ৰলৈ। ১৯৭৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই কলাসুলভ ব্যক্তিত্বৰ অধিকাৰী সেইগৰাকী ব্যক্তি পৰমানন্দ মুদৈয়ে তাত খাদী ক্ষেত্ৰ সংগঠক হিচাপে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ডিপ্লোমা লৈ ১৯৭৮ চনত জন্মভূমি লৈ ঘূৰি আহে। তাৰ পাছতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ খাদী কমিচনৰ দ্বাৰা পৰিচালিত ছয়দুৱাৰ গ্ৰাম নিৰ্মাণ সংঘৰ খাদী প্ৰডাকশ্যন চেণ্টাৰত যোগদান কৰে। কিছু বছৰ তাত চাকৰি কৰি শৈক্ষিক ক্ষেত্ৰখনলৈ ঘূৰি আহে। মিকিৰবৰা চুকস্থিত ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ১৯৮১ চনত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে। তাৰ পাছত তেওঁ ১৯৮৫ চনত ডুবিয়া ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ ঠিক পাছতেই ১৯৮৬ চনত পহুকটাত কস্তুৰৱা উচ্চ ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে যদিও সেই বিদ্যালয়খন ১৯৯৫ চনতহে চৰকাৰীকৰণ হয়। এই দীঘলীয়া শৈক্ষিক জীৱনৰ কালছোৱাত তেওঁ অসম সাহিত্য সভা, অসম হাইস্কুল শিক্ষক সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত বিশেষভাৱে জড়িত হৈও সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ আহিছে। বিশেষকৈ তেওঁ কলেজত অধ্যয়ন কৰি থকা কালত কুটিৰ শিল্পৰ চৰ্চাৰ সৈতে বিশেষভাৱে জড়িত হৈ পৰে। তেতিয়াৰ পৰাই তেওঁ ভাস্কৰ্য শিল্পকৰ্মতো নিবিড়ভাৱে জড়িত হৈ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰে। তাৰ পাছতে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গহপুুুৰত এগৰাকী ভাস্কৰ্য শিল্পী হিচাপে পৰিচিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি দেশৰ আগশাৰীৰ ভালেসংখ্যক পুৰোধা ব্যক্তিৰ অৱক্ষৰ প্ৰতিকৃতি ভাস্কৰ্য শিল্প সাজি উলিয়াৰ লগতে পৌৰাণিক চৰিত্ৰ শ্ৰীকৃষ্ণ, বিষ্ণুৰ প্ৰতিকৃতি সাজি ঘৰখন শিল্পময় কৰি তুলিছে। ইয়াৰ উপৰিও তেওঁ নানাবিধ জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বন সাজি উলিয়াৰ লগতে জাকৈ, খালৈ, জাপি, সৰুদৈয়া জাপি, পল’, জুলুকি, খোকা আদি নানা ধৰণৰ গ্ৰাম্য জীৱনৰ লগত সম্পৃক্ত কুটিৰ শিল্প সমূহৰ সংৰক্ষিত নমুনাসমূহ সাজি ঘৰখন ভৰাই থৈছে। উল্লেখ্য যে এইগৰাকী শিল্পপ্ৰাণ তথা ২০১৩ চনত কস্তুৰৱা হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা পৰমানন্দ মুদৈৰ কাষলৈ ভিন্ন সময়ত ঔষধ বিচাৰি বিভিন্ন অঞ্চলৰ পৰা ৰোগী অহাৰো দেখিবলৈ পোৱা যায়। এই বিষয়ে তেওঁক সোধাত তেওঁ ১৯৯৬ চনতে গুৱাহাটীস্থিত নেচনেল হোমিঅ’ চিকিৎসা কলেজৰ পৰা দুবছৰীয়া নেচনেল হোমিঅ’পিথি ডিপ্লোমা গ্ৰহণ কৰাৰ কথা অৱগত কৰে। ইয়াৰ উপৰিও তেওঁ দন্ত চিকিৎসকৰ ডিপ্লোমা, এম ডি হোমিঅ’ ডিপ্লোমা গ্ৰহণ কৰাৰ লগতে তেওঁ এফ আই চি হোমিঅ’ ডিপ্লোমাও শিক্ষকতা কৰ্মময় জীৱনৰ মাজতে ১৯৯৬ চনত গ্ৰহণ কৰিছিল। এইগৰাকী সমাজহিতৈষী পৰমানন্দ মুদৈয়ে কলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰাৰ লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ গহপুুুৰ জিলাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ সম্পাদক-সভাপতিৰ দৰে দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত পূব ছয়দুৱাৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিও হয়। অসম সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তেওঁ আজীৱন সভ্য।

কুখ্যাত গুণ্ডাৰ ৰূপত পি এইচ ইৰ কাৰ্যবাহী অভিযন্তাৰ পত্নী।

ৰাজ্যত ক্ৰমাৎ যেন বৃদ্ধি পাইছে সাংবাদিকক অপদস্থ, প্ৰহাৰ কৰা ঘটনাৰ অঘোষিত প্ৰতিযোগিতা। সাংবাদিকৰ ওপৰত দালাল, মধ্যভোগী, মাফিয়া, দস্যু, চোৰৰ ভয় ভাবুকি, আক্ৰমণৰ ঘটনা ঘটি থকা সময়তে  বৰপেটাত ঘটিল এক ব্যতিক্ৰমী আক্ৰমণৰ ঘটনা। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি সাংবাদিকৰ মোবাইল কাঢ়ি নিয়ে অভিযন্তাৰ পত্নীয়ে। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পত্নীৰ গুণ্ডাগিৰিৰ কাৰ্যই জিলাখনৰ সচেতন মহল , সাংবাদিকৰ লগতে দল সংগঠনে তীব্ৰ অসন্তুষ্টিৰ লগতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। ধন আৰু ক্ষমতাৰ বলত বলীয়ান হৈ কাৰোকে কেৰেপ নকৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ বিৰুদ্ধে আছে তিনি শ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। ১০ নৱেম্বৰত বিয়লি প্ৰায় ৪ বজাত বৰপেটাৰ সক্ৰিয় সাংবাদিক আজিজুল হকে লগত ব্যক্তিগত কেমেৰা পাৰ্ছনক লৈ কাৰ্যালয়ৰ ফলকৰ কিছু দৃশ্যাংশ বাহিৰৰ পৰা সংগ্ৰহ কৰে। তেনে সময়তে কুখ্যাত গুণ্ডাৰ ৰূপত আহি কাৰ্যবাহী অভিযন্তাৰ পত্নী গৰাকীয়ে উদ্ভণ্ডালি কৰিবলৈ ধৰে। কাৰ্যবাহী অভিযন্তাৰ পত্নীয়ে তেওঁৰ আবাস গৃহৰ পৰা ওলাই আহিয়েই কাক সুধি ভিডিঅ কৰিছা, কিয় ভিজুৱেল লৈছা, ভিতৰলৈ সোমাই আহ, জেলত ভৰাই থম আদি বুলি কৈ কেমেৰা পাৰ্ছন আদিত আলীক টানিবলৈ অপচেষ্টা চলায়। তাৰ পিছতে তেওঁ কেমেৰা পাৰ্ছনৰ মোবাইল ফোনটো কাঢ়িবলৈ অপচেষ্টা চলাই বিফল হৈ কেমেৰা পাৰ্ছনক ঠেলিয়াই দি সাংবাদিক আজিজুল হকৰ চাৰ্টৰ ওপৰৰ জেপত থকা মোবাইলতো অকস্মাতে কাঢ়ি নিয়ে। বাইকখনো বগৰাই পৰে । এই ঘটনাত হতবাক হৈ পৰে সাংবাদিক গৰাকী। দূৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ পত্নীয়ে অভব্য আচৰণ কৰি অকস্মাতে বৰপেটাৰ সাংবাদিক আজিজুল হকৰ ওপৰৰ পকেটত থকা এন্দ্ৰইড্ মোবাইল এটি কাঢ়ি নিয়ে তাৰ পিছত জেলত ভৰোৱাই থোৱাৰ ভাবুকি প্ৰদান কৰে। ইপিনে বিজিত দত্ত আৰু তেওঁৰ পত্নীয়ে ফোনযোগে ভাড়াতীয়া গুণ্ডাবাহিনীক মাতি আনি আক্ৰমণ চলাবলৈ অপচেষ্টা কৰে যদিও অভিযন্তা বিজিত দত্তয়ে বৰপেটা আৰক্ষীক খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীৰ হস্তক্ষেপতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে সাংবাদিক আজিজুল হকৰ লগতে সহকৰ্মী আদিতৰ। এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আজুৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েছন বৰপেটা জিলা সমিতি, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ, জনীয়া প্ৰেছ ক্লাৱ , মন্দিয়া প্ৰেছ ক্লাৱ, কলগাছিয়া মহকুমা সাংবাদিক সংস্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে বিভিন্ন দল সংগঠন আৰু সচেতন মহলে। সাংবাদিকক অপদস্থ কৰা বিষয়া গৰাকীৰ পত্নীৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে জিলা প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ অধিকাৰ কত পালে বুলি কৈ সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত নোহোৱালৈকে এইদৰে সাংবাদিকসকল প্ৰহাৰিত হৈ থাকিব লাগিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত  উচিত বিচাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী জনাই ভূক্তভোগী সাংবাদিক আজিজুল হক আৰু সহকৰ্মী আদিত আলীয়ে কেইবাগৰাকীও সাংবাদিকৰ সৈতে জিলা উপায়ুক্তক সাক্ষাৎ কৰি এক লিখিত আবেদন দাখিল কৰিছে। 

ক্ৰীড়াৰে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা নৱ কিৰণ মঞ্চৰ

অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান যোৰহাট জিলাৰ “নৱ কিৰণ মঞ্চ”ৰ উদ্যোগত আৰু অসম ভলীবল মিছন-১০০ৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে দিহা ভলীবল ক’চিং চেণ্টাৰ আৰু মনোময় ভলীবল ক’চিং চেণ্টাৰৰ খেলুৱৈ সকলক একগোট কৰি ভলীবলৰ এন আই এছ প্ৰশিক্ষকৰ দ্ধাৰা মনোময় চাহ বাগিছাত এক পোন্ধৰ দিনীয়া ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। যোৱাকালি বিয়লী ৩ বজাত উক্ত শিৱৰটো উদ্ধোধন কৰে মনোময় চাহ বাগিছাৰ পৰিচালক বলজিৎ সিংঙে। তেওঁ ভাষণ প্ৰসংগত ক্ৰীড়াৰে মানৱ সম্পদ গঢ়াৰ উদ্যোগ লোৱা বাবে অনুষ্ঠান দুয়োটাক ভূয়সী প্ৰশংসা কৰে। লগতে অতিকে পিছপৰা অঞ্চলটোৰ পৰা প্ৰতিভাৱান খেলুৱৈৰ জন্ম হ’ব বুলি আশা প্ৰকাশ কৰে। উপস্থিত থাকে নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ড° অৰ্চনা ভট্টাচাৰ্যই। প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব চাহিল দুবেডী। বৰ্তমানলৈ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশ গ্ৰহন কৰা বুলি জানিব পৰা গৈছে। কোনোদিন কেতিয়াও ভলীবলটো চুই নোপোৱা খেলুৱৈ সকলে ভলীবলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্ধাৰা ভলীবলৰ আদিপাঠ গ্ৰহন কৰিব পাৰি উৎফুল্লিত হৈ পৰা দেখা গেছে। অভিভাৱক সকলেওঁ এই কামক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসম ভলীবল মিছন-১০০ৰ মুখ্য উদ্যোক্তা তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ পৰা পোৱা সাহস আৰু প্ৰেৰণা লাভ কৰি তেওঁলোকে ভলীবল খেলুৱৈ হোৱাৰ সপোন দেখিছে আৰু এই সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অৱসৰী অধ্যাপিকা তথা নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ড° অৰ্চনা ভট্টাচাৰ্যই। বিগত দুই বছৰ ধৰি খেলুৱৈ সকলৰ লগত লাগি থাকি তেওঁ কিছু পৰিমানে সফল হোৱাও দেখা গৈছে। এই সফলতাৰ আৰত নৱ কিৰণ মঞ্চৰ উপ সভাপতি প্ৰবীণ মুণ্ডা আৰু শ্যাম গুৱালাৰ শ্ৰম অনস্বীকাৰ্য। এওঁলোক দুয়োজনে ক’চিং চেণ্টাৰ দুটাত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। প্ৰথম অৱস্থাত অভিজিৎ ভট্টাচাৰ্যই কাপোৰ মেৰিয়াই ভলীবলৰ আকৃতি কৰি লৈ অন লাইন যোগে তেওঁলোকক প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিছিল আৰু প্ৰথম বৰ্যতে তেওঁলোকে অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্যিক ব্ৰহ্মপুত্ৰ ভলীবল লীগত অংশ গ্ৰহন কৰি সকলোকে আচৰিত কৰি তুলিছিল। এইবেলিওঁ ব্ৰহ্মপুত্ৰ ভলীবলৰ দ্বিতীয় সংস্কৰণত তেওঁলোকে যোগদান নিশ্চিত কৰি যুদ্ধংদেহী প্ৰস্তুতি হাতত লোৱা পৰিলক্ষিত হৈছে।

ধুবুৰীৰ বিমল কাৰত টাটা মটৰ্ছৰ টাটা পাঞ্চ মুকলি

 ধুবুৰীবাসীৰ বাবে সুখবৰ।

 ধুবুৰীবাসীৰ বাবে সুখবৰ। ধুবুৰীৰ গৌৰীপুৰত নতুনকৈ মুকলি কৰা হ’ল বিমল কাৰৰ এটা ডিলাৰ। ইপিনে এই বিমল কাৰতে আজি মুকলি কৰা হয় ভাৰতৰ আগশাৰীৰ অটোমোবাইল ব্ৰেণ্ড ‘টাটা মটৰ্ছ’ৰ টাটা পাঞ্চ (Tata Punch)।উল্লেখ্য যে টাটা পাঞ্চ-এ প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ বাবে বহু আকাংক্ষিত গ্লোবেল এন.চি.এ.পি.(NCAP)ৰ 5-ষ্টাৰ ৰেটিং (16.453) আৰু শিশু সুৰক্ষাৰ বাবে 4-ষ্টাৰ ৰেটিং (40.891) প্ৰাপ্ত কৰিছে। আজিৰ এই অনুষ্ঠানত বাহনখন মুকলি কৰে টাটা মটৰ্ছৰ টিএছএম অভিক দাস, অভিজিৎ ধৰ আৰু বিমল কাৰৰ জিএম দীপাংকৰ দাসে।অতি আশ্বৰ্যকৰ ডিজাইনৰ সৈতে আহল-বহল ভিতৰভাগৰ লগতে পাঞ্চত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে সুৰক্ষাৰ দিশটোক। বৰ্তমান দেশৰ ১০০০টা টাটা শ্বৰুমৰ লগতে ধুবুৰীত উপলব্ধ হোৱা পাঞ্চৰ প্ৰাৰম্ভিক মূল্য হ’ব মাত্ৰ ৫.৪৯ লাখ টকা।গ্ৰাহকৰ প্ৰয়োজন অনুসৰি, সৰু কিন্তু অধিক ঠাইৰ এছ ইউ ভিৰ চাহিদা পূৰণৰ অৰ্থে ভাৰত, ইংলেণ্ড আৰু ইটালীয়ে লগ হৈ ভাৰতৰ প্ৰথমখন চাব-কণ্টেক্ট এছ ইউ ভি প্ৰস্তুত কৰি উলিয়াইছে। অত্যাধুনিক এজাইল লাইট ফ্লেক্সিবেল আৰ্কিটেকচাৰ ওপৰত নিৰ্মিত পাঞ্চে, কাৰ্যক্ষমতা আৰু ড্ৰাইভিং আনন্দ দুয়োটা উন্নত কৰাৰ বাবে কেইবাটাও প্ৰচেষ্টা হাতত লৈছে । তদুপৰি, ট্ৰিমৰ পৰম্পৰাগত উদ্যোগ প্ৰথাৰ পৰা আঁতৰি আহি, টাটা মটৰ্ছে পাঞ্চ পৰিয়ালৰ বিকাশত এক নতুন যুগ, মানৱ কেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছে।টাটা পাঞ্চ ১৫ বা ১৬ ইঞ্চি ডাইমণ্ড কাট এলয় হুইলত আহে, ইয়াত১৮৭ মিঃমিঃৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু ৩৬৬ লিটাৰ বুট স্পেচ আছে। টাটা মটৰ্ছে দাবী কৰে যে পাঞ্চৰ ৩৭০ মিঃমিঃ পানীৰ ক্ষমতা আছে, যিয়ে গাড়ীখনৰ এছ.ইউ.ভি. ডিএনএ-ক সংলগ্ন কৰে।টাটা পাঞ্চত ডাইনা-প্ৰ’ প্ৰযুক্তিৰ সৈতে ১.২-লিটাৰ ৰেভট্ৰন ইঞ্জিন আছে। কোম্পানীটোৱে দাবী কৰা অনুসৰি ৬.৫ ছেকেণ্ডত ০ৰ পৰা ৬০কিঃমিঃ প্ৰতি ঘণ্টা বেগেৰে গতি কৰাৰ উপৰি ১৬.৫ ছেকেণ্ডত ০ ৰ পৰা ১০০ কিঃমিঃ প্ৰতি ঘণ্টা বেগত ই গতি কৰিব পাৰে।।
টাটা পাঞ্চৰ ডিজাইন আৰু সুবিধাসমূহ-
🔸ব’ল্ড আৰু ষ্টানিং ডিজাইন
-আৰ16 ডায়মণ্ড কাট এলয় হুইলচ
-প্ৰজেক্টৰ হেডলেম্প আৰু এলইডি ডে-টাইম ৰানিং লাইট (ডিআৰএল)
-ছিগনেছাৰ এলইডি টেইল লেম্প
-ষ্টাইলিছ ৰুফ ৰেইলছ
-ডুৱেল টোন ৰুফ অপচন(বগা আৰু ক’লাত)
-৩ জন যাত্ৰীৰ বাবে পৰ্যাপ্ত লেগৰুম আৰু ৭ জনীয়া আৰামদায়ক পিছফালৰ আসন
🔸বহুমুখী আৰু উৎসাহী প্ৰদৰ্শন
– ট্ৰু এছইউভি প্ৰদৰ্শন – নিউ জেনেৰেছন ১.২এল ৰিভট্ৰন বিএছ6 ইঞ্জিনলেটেষ্ট ডাইনা-প্ৰ’ প্ৰযুক্তি
– 190 মিঃমিঃ +/-3 মিঃমিঃ (Unladen) উন্নত গ্ৰাউণ্ড ক্লিয়াৰেন্স
– 5 স্পীড এএমটি / মেনুৱেল ট্ৰেন্সমিচন
– ড্ৰাইভ মোডঃ যিকোনো ড্ৰাইভিং মোডৰ সৈতে খাপ খোৱাকৈ ইঞ্জিন ড্ৰাইভ মোড (City & Eco)।
– ইন্ধনৰ ক্ষমতা অধিক বৃদ্ধি কৰিবলৈ চিগনেল আৰু ট্ৰেফিকত ইঞ্জিনটো স্বয়ংক্ৰিয়ভাৱে অফ হ’ব।
– ক্ৰুজ নিয়ন্ত্ৰণ
– ৩৭০ মিঃমিঃ পানী ৰখাৰ ক্ষমতা
🔸সম্পূৰ্ণ সুৰক্ষা
– দ্বৈত এয়াৰবেগ
– ইবিডি আৰু কৰ্ণাৰ স্থিৰতা নিয়ন্ত্ৰণৰ সৈতে এবিএছ
– চেগমেণ্ট ফাৰ্ষ্ট ফিচাৰঃ ব্ৰেক স্ৱে কণ্ট্ৰোল – আকস্মিক ব্ৰেকিংৰ সময়ত বাহনৰ অস্থিৰতাৰ প্ৰৱণতা চিনাক্ত কৰে
– কৰ্ণাৰিং ফাংচনৰ সৈতে সন্মুখৰ ফগ লেম্প
– চাইল্ড চিট ISOFIX এংকৰ পইণ্ট
– পেৰিমেট্ৰিক এলাৰ্ম চিষ্টেম
– ৰিভাৰ্চ পাৰ্কিং কেমেৰা
– চালক আৰু সহ-চালকৰ চিট বেল্ট ৰিমাইণ্ডাৰ
– টায়াৰ পাংচাৰ মেৰামতি কিট
🔸আৰাম আৰু সুবিধাসমূহ
– অটো হেডলেম্প আৰু ৰেইন চেঞ্চিং ৱাইপাৰ
– 366 লিটাৰলৈকে বুট স্পেচ ( ISO V215)
– 25 টাতকৈ অধিক ইউটিলিটি স্থান
– সম্পূৰ্ণ স্বয়ংক্ৰিয় তাপমাত্ৰা নিয়ন্ত্ৰণ
– এডজাষ্টেবল ড্ৰাইভাৰ চিট
– কুলড গ্লোভ বক্স
– অটো ফোল্ড অ’আৰভিএম
– ৰিয়াৰ আৰ্ম ৰেষ্ট
– ৰিয়াৰ ৱাইপাৰ আৰু ৱাছ
– ষ্টিয়েৰিং মাউণ্টেড কণ্ট্ৰোল
– টিল্ট ষ্টিয়েৰিং
– দ্ৰুত ইউএছবি চাৰ্জাৰ
– 7″ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লেৰ সৈতে হাৰমান ইনফোটেইনমেণ্ট চিষ্টেম
– 7″ টিএফটি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ
– আই.আৰ.এ. সংযোজিত কাৰ প্ৰযুক্তি হোৱাট3ৱৰ্ডচ আৰু নেচাৰেল ভইচ টেকৰ সৈতে সংযোজিত অতি আশ্বৰ্যকৰ ডিজাইনৰ সৈতে আহল-বহল ভিতৰভাগৰ লগতে পাঞ্চত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে সুৰক্ষাৰ দিশটোক। বৰ্তমান দেশৰ ১০০০টা টাটা শ্বৰুমৰ লগতে ধুবুৰীত উপলব্ধ হোৱা পাঞ্চৰ প্ৰাৰম্ভিক মূল্য হ’ব মাত্ৰ ৫.৪৯ লাখ টকা। টাটা পাঞ্চ ১৫ বা ১৬ ইঞ্চি ডাইমণ্ড কাট এলয় হুইলত আহে, ইয়াত১৮৭ মিঃমিঃৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু ৩৬৬ লিটাৰ বুট স্পেচ আছে। টাটা মটৰ্ছে দাবী কৰে যে পাঞ্চৰ ৩৭০ মিঃমিঃ পানীৰ ক্ষমতা আছে, যিয়ে গাড়ীখনৰ এছ.ইউ.ভি. ডিএনএ-ক সংলগ্ন কৰে।

দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে (টাটা মটৰ্ছে) ভাৰতত ইয়াৰ বহু প্ৰতীক্ষিত ‘মাইক্ৰ’ এছইউভি’ টাটা পাঞ্চ (টাটা পাঞ্চ) আনুষ্ঠানিকভাৱে মুকলি কৰিছে। টাটা পাঞ্চ এছইউভি আটাইতকৈ সস্তা আৰু লগতে আটাইতকৈ সুৰক্ষিত গাড়ী হৈ পৰিছে। কোম্পানীটোৱে ভাৰতীয় বজাৰত টাটা পাঞ্চ এছ.ইউ.ভি.-ৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্য 5.49 লাখ টকা নিৰ্ধাৰণ কৰিছে। আনহাতে শীৰ্ষ প্ৰকাৰটোৰ এক্স-শ্ব’ৰুমমূল্য 8.49 লাখ টকালৈ বৃদ্ধি হয়। এই মূল্যবোৰ পৰিচয়মূলক, অৰ্থাৎ কোম্পানীয়ে পিছত গাড়ীখনৰ মূল্য বৃদ্ধি কৰিব পাৰে। এছইউভিখনে গ্লোবেল এনচিএপি সুৰক্ষা দুৰ্ঘটনা পৰীক্ষাত ৫ তাৰকা ৰেটিং লাভ কৰিছে। টাটা পাঞ্চ কোম্পানীৰ অন্যান্য এছ.ইউ.ভি. যেনে চাফাৰী (চাফাৰী), হেৰিয়াৰ (হেয়াৰিয়াৰ)ৰ দ্বাৰা অনুপ্ৰাণিত এটা ডিজাইনৰ সৈতে মুকলি কৰা হৈছে। অৱশ্যে, কোম্পানীটোৱে এই নতুন আচুয়াভিত কিছুমান বিশেষ ডিজাইন উপাদানো দিছে, যি ইয়াক আন গাড়ীতকৈ পৃথক কৰে।

দৰঙৰ নয়নজ্যোতি শৰ্মালৈ ‘প্ৰাগজ্যোতিষ বিশেষ বঁটা ২০২১’

গুৱাহাটীস্থিত অগ্ৰণী সামাজিক সংস্থা নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসে ২০২১ বৰ্ষৰ বাবে আগবঢ়োৱা ‘প্ৰাগজ্যোতিষ বিশেষ বঁটা’ লাভ কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা , যুৱ সমাজকৰ্মী আৰু বিশিষ্ট জ্যোতিষী হিচাপে খ্যাতি থকা শৰ্মাই হাইস্কুলীয়া জীৱনৰ পৰাই সমাজ সেৱক হিচাপে কাম কৰি আহিছে । প্ৰণিধানযোগ্য যে , সমলা লাচিত গোষ্ঠী সংঘ , ঝাকুৱাপাৰা অৰুণোদয় সংঘ , দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় , ভাৰতীয় স্কাউট আৰু গাইড , সদৌ অসম ছাত্ৰ সন্থা , নেহৰু যুৱ কেন্দ্ৰ দৰং , দৰং-ওদালগুৰি ব্ৰাহ্মণ সভা , সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ আৰু ভাৰতীয় ৰেডক্ৰচ চছাইটি আদি বিভিন্ন অনুষ্ঠান তথা সংগঠণৰ সতে দীৰ্ঘ দিন ধৰি জৰিত হৈ আছে প্ৰাগজ্যোতিষ বিশেষ বঁটা প্ৰাপক নয়নজ্যোতি শৰ্মা ।  বৃহস্পতিবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে শৈক্ষিক ন্যাসটোৱে ।

দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱনৰ ৰহস্য !

৮0 ৰ বাহিৰত যদি আপুনি স্বাস্থ্যৱান হৈ থাকিব বিচাৰে, আপোনাৰ ব্যক্তিত্ব শক্তিশালী কৰিব বিচাৰে, লগতে খোৱা আৰু ব্যায়াম কৰা, ই বয়স বৃদ্ধিত সহায় কৰে।যেতিয়াই বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰাৰ উপায়ৰ ওপৰত আলোচনা হয়, ব্যায়াম আৰু কেটাৰিঙৰ ওপৰত গুৰুত্ব দিয়া হয়, কিন্তু কম সংখ্যক লোকে জানে যে ব্যক্তিত্বে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে বহুতো ব্যক্তিত্বৰ গুণাগুণে নিৰ্ধাৰণ কৰে যে কোনে ৮০ ৰ পিছতো উন্নত স্বাস্থ্যৰ সুবিধা ল’ব।বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ব্যক্তিত্ব আৰু দীৰ্ঘজীৱনৰ মাজৰ সম্পৰ্ক বুদ্ধিমত্তা আৰু বৰ্তমানৰ সম্পদৰ দৰেশক্তিশালী। দুয়োটা দীৰ্ঘজীৱনৰ সৈতে সম্পৰ্কিত। ব্যক্তিত্বৰ বৈশিষ্ট্যবোৰৰ বিষয়ে পঢ়ক যি আমাক দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱন যাপন কৰাত সহায় কৰিব পাৰে।ইতিবাচকতা দীঘলীয়া জীৱনৰ বাবে গুৰুত্বপূৰ্ণ। ইতিবাচকতাই মানুহক বৃদ্ধ বয়সত লক্ষ্য পূৰণ কৰাত সহায় কৰে। ই তেওঁলোকক অধিক আত্মবিশ্বাসী কৰি তোলে। ইয়েল স্কুল অৱ পাব্লিক হেল্থৰ মনোবিজ্ঞানী বেক্কা লেভিয়ে বৰ্ণনা কৰে, “যিসকলে বয়স বৃদ্ধিক ইতিবাচকভাৱে গ্ৰহণ কৰে, তেওঁলোক আনতকৈ ৭.৬ বছৰ বেছি জীয়াই থাকে।” ‘

কাৰাগাৰত বিবাহ !

ৱিকিলিক্সৰ প্ৰতিষ্ঠাপকে বাগদত্তা ষ্টেলা মৰিছৰ সৈতে বিবাহ , 2 বছৰ ধৰি লণ্ডনৰ কাৰাগাৰত আছে।ৱিকিলিক্সৰ প্ৰতিষ্ঠাপক জুলিয়ান এচাঞ্জ বেলমাৰ্ছ কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোকক বাহিৰ লৈ যোৱাৰ প্ৰচেষ্টা চলি আছে, কিন্তু ই সফল হোৱা নাই। অৱশ্যে, এতিয়া তেওঁলোকে আনন্দ পাব। তেওঁক তেওঁৰ বাগদত্তা ষ্টেলা মৰিছক কাৰাগাৰত বিয়া কৰিবলৈ অনুমতি দিয়া হৈছে।এছাঞ্জে ২০১৯ চনৰ পৰা লণ্ডনৰ কাৰাগাৰত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন বিভাগে তেওঁক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিল কিয়নো তেওঁৰ মানসিক স্বাস্থ্যৰ প্ৰতি ভাবুকি আছে আৰু আত্মহত্যা কৰাৰ সম্ভাৱনা আছে। এচাঞ্জে ২০১০-১১ বৰ্ষত হাজাৰ হাজাৰ শ্ৰেণীবদ্ধ নথি ৰাজহুৱা কৰিছিল।তেওঁ ২০১২ চনত ইকুৱেডৰৰ পৰা আশ্ৰয় বিচাৰিছিল, যাৰ পিছত তেওঁক লণ্ডনৰ ইকুৱেডৰ দূতাবাসত ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰা হৈছিল। তেওঁ ২০১২ ৰ পৰা ২০১৯ ৰ ভিতৰত ইয়াত আছিল। তেওঁ 11 এপ্ৰিল, 2019 তাৰিখে আদালতত হাজিৰ হ’বলৈ বিফল হৈছিল যাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

নলবাৰী সত্র মজলীয়া বিদ্যালয়ত ছেনিটাজাৰ বিতৰণ আৰু গছ পুলি ৰোপন

 ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ(National Welfare Council) নামৰ ৰাষ্ট্ৰীয় সামাজিক সংগঠনটোৱে জিলা খনৰ বিভিন্ন ঠাইত  বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে । কালি স্বেচ্ছাসেৱী সংগঠনটোৱে নলবাৰী চহৰস্থিত নলবাৰী   সত্র মজলীয়া  বিদ্যালয়ৰ ছাত্র ছাত্রী আৰু শিক্ষক শিক্ষয়িত্রী  সকলৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি আৰু মহামাৰী কভিডৰ পৰা ৰক্ষা কৰিবলৈ  মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে বিদ্যালয় খনৰ প্ৰাংগনত গছপুলি ৰোপন কৰে ।স্বেচ্ছাসেৱী সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ (মহিলা প্ৰভাগ ) সভানেত্রী জিমনি তামুলী আৰু সাধাৰণ সম্পাদিকা   বিজুলী কলিতাৰ নেতৃত্বত অনুস্থিত অনুস্থানটোত সংগঠনটোৰ সদস্য দীপামনি বৈশ্য  , বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী  মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকল উপস্থিত থাকি সহযোগিতা কৰে ।  স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে সংগঠনটোলৈ শুভেচ্ছা জনায় আৰু ভৱিষ্যতে বিভিন্ন সামাজিক কাম কাজ কৰিবলৈ আহ্বান জনায়  বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম  সহ শিক্ষক শিক্ষয়িত্রী সকলে  ।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দুটা আঁচনি উদ্বোধন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰিটেইল ডাইৰেক্ট আঁচনি আৰু একত্ৰিত লোকপাল আঁচনি মুকলি কৰে। যদিও আৰ.বি.আই.-ৰ খুচুৰা প্ৰত্যক্ষ আঁচনিয়ে চৰকাৰী চিকিউৰিটিত খুচুৰা অংশগ্ৰহণ বৃদ্ধি কৰিব, ইণ্টিগ্ৰেটেড লোকপাল আঁচনিৰ লক্ষ্য হৈছে অভিযোগ নিষ্পত্তি প্ৰণালীঅধিক উন্নত কৰা।মোদীয়ে কয়, “আজি আৰম্ভ কৰা দুয়োখন আঁচনিয়ে দেশত বিনিয়োগৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব আৰু পুঁজি বজাৰৰ প্ৰৱেশাধিকাৰ সহজ, বিনিয়োগকাৰীসকলৰ বাবে অধিক সুবিধাজনক কৰি তুলিব। ভাৰতৰ সকলো চৰকাৰী চিকিউৰিটিত নিৰাপত্তা নিশ্চিত, সেয়েহে ক্ষুদ্ৰ বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগৰ ওপৰত সুৰক্ষাৰ নিশ্চয়তা পাব। ‘

চাপৰত স্বাস্থ্য বিভাগৰ বৃহৎ পদক্ষেপ

২৮ নবেম্বৰৰ ভিতৰত কোভিড টিকাকৰণৰ প্ৰথম পালি প্ৰতিজন ব্যক্তিক প্ৰদান কৰাৰ লক্ষ্য চাপৰ স্বাস্থ্য বিভাগৰ।ভোটাৰ তালিকা হাতত লৈ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰিব স্বাস্থ্য কৰ্মীয়ে।চাপৰৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ১ লাখ ২ হাজাৰ লোকৰ ভিতৰত ইতিমধ্যে  ৯৬ হাজাৰ ব্যক্তিক কোভিড প্ৰথম পালি টিকাকৰণ প্ৰদান। ধুবুৰী জিলাৰ চাপৰ প্ৰগতি ভৱনত স্বাস্থ্য বিভাগৰ নিৰ্দেশত চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত আশা কৰ্মী সকলৰ লগতে বিভিন্ন বৰ্গৰ স্বাস্থ্য কৰ্মী সকলক লগত লৈ কোভিড ভেকচিনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। চাপৰ প্ৰাথমিক চিকিৎসালয়ে ইতিমধ্যে চাপৰ অঞ্চলৰ ১লাখ ২ হাজাৰ লোকৰ ভিতৰত ৯৬ হাজাৰ লোকক প্ৰথম পালি কোভিড টিকাকৰণ প্ৰদান কৰিছে আৰু যি সকল ব্যক্তি এতিয়ালৈ কোভিড টিকাকৰণৰ প্ৰথম পালি লোৱা নাই তেওঁলোকক অহা ১৯ নবেম্বৰ তাৰিখৰ ভিতৰত চিনাক্ত কৰি প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকা লৈ ২০ তাৰিখৰ পিছত ঘৰে ঘৰে গৈ কোভিড ভেকচিন প্ৰদান কৰিব বুলি জানিব পৰা যায়। ইতিমধ্যে চাপৰ স্বাস্থ্য কৰ্মী সকলে চাপৰ অঞ্চলৰ প্ৰতিজন ব্যক্তিক ২৮ নবেম্বৰ ভিতৰত সম্পূৰ্ণ টিকাকৰণ কৰিব বুলি জানিবলৈ দিয়ে।