Home Blog Page 2754

অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ক’ভিড ৱাৰ্ডৰ ১০ গৰাকী ৰোগীৰ !

মহাৰাষ্ট্ৰ চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ জুইত ১০ জন ৰোগীৰ মৃত্যু। মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে -আইচিইউটো ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছিল, আৰু জুই লগাটো এটা অতি গুৰুতৰ বিষয় আছিল। আজি পুৱা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ অসামৰিক চিকিৎসালয়ৰ আইচিইউ (নিবিড় যত্ন গোট)ত অগ্নিকাণ্ডসংঘটিত হোৱাৰ ফলত দহজন ৰোগীৰ মৃত্যু হৈছে। আন এজন ৰোগী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। জুই চিকিৎসালয়ৰ চি.ও.ভি.আই.ডি.-১৯ ৱাৰ্ডত আছিল, য’ত ১৭ জন ৰোগীক ভৰ্তি কৰা হৈছিল। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে, আৰু মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ৫ লাখ ক্ষতিপূৰণ ঘোষণা কৰিছে। বাকী থকা ৰোগীসকলক আন এখন চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে, জিলা উপায়ুক্ত ডাঃ ৰাজেন্দ্ৰ ভোচলে সাংবাদিকক কয় যে গাঁথনিটোৰ ‘অগ্নি অডিট’ কৰা হৈছে। এতিয়া নিৰ্বাপিত হোৱা জুইৰ কাৰণ এতিয়াও অজ্ঞাত, কিন্তু অগ্নি নিৰ্বাপক বিভাগৰ প্ৰাথমিক অনুসন্ধানে সূচায় যে ই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে আৰম্ভ হৈছিল।

২০২১’বৰ্ষৰ অসম ষ্টাৰ এৱাৰ্ড “প্ৰাপ্তিৰে তীৰ্থনগৰী হাজোলৈ সুনাম অৰ্জন ড°পংকজ নম:শূদ্ৰৰ

তীৰ্থনগৰী হাজোৰ সুযোগ্য সন্তান, নৃত্য বিশাৰদ, বিভিন্ন সন্মানেৰে বিভুষিত, ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ নম:শূদ্ৰই অসম ষ্টাৰ এৱাৰ্ড – ২০২১ সন্মানে প্ৰাপ্তিৰে বৃহত্তৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱৰ ধ্বজ্জা। সামাজিক- সাংস্কৃতিক সংগঠন অসম ষ্টাৰৰ উদ্যোগত গুৱাহাটী – পাঞ্জাবাৰীস্থিত শংকৰদেৱ ক’লাক্ষেত্ৰৰ আন্তৰ্জাতিক মাধৱদেৱ প্ৰেক্ষাগৃহত অনুস্থিত ” অসম ষ্টাৰ এৱাৰ্ড – ২০২১”শীৰ্ষক নৃত্যশ্ৰী সন্মানেৰে নিজ হাজোৰ পানীপাৰা নিৱাসী পংকজ নম:শূদ্ৰক সন্মানিত কৰে। বোলছৱি জগতৰ সুদক্ষ অভিনেতা নিপন গোস্বামী, মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অভিনেতা ৰবি শৰ্মাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সন্মানেৰে বিভুষিত কৰে পংকজ নম:শূদ্ৰক। অসম প্ৰকাশন পৰিষদৰ সভাপতি প্ৰমোদ কলিতাই প্ৰদান কৰা এই সন্মানত আছিল এখনি চেলেংচাদৰ, মানপত্ৰ, এখন গ্ৰন্থ আৰু ষ্টাৰ বটা এটা। উল্লেখ্য যে, অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী পংকজ নম:শূদ্ৰ লোকসংস্কৃতি বিষয়ৰো এগৰাকী স্নাতক। ইউ জি চি নেট্ আৰু শ্লেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ নম:শূদ্ৰই  ২০০৯-১০ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এম. ফিল আৰু ২০১৮ চনত পি এইচ ডি  উপাধি গ্ৰহণ কৰে । ২০০৪ বৰ্ষত তেওঁ হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত আৰু পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত কামৰূপৰ ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকৰ পদত যোগদান কৰে। ২০১২ চনত অসম সংগীত সত্ৰৰ পৰা নৃত্য বিষয়ত ‘গুণীন’ (নৃত্য বিশাৰদ) উপাধি প্ৰাপ্ত পংকজ নম:শূদ্ৰই ভাৰতৰ বিভিন্ন ঠাইত নৃত্য আৰু ভাওনা পৰিৱেশনেৰে বুটলিবলৈ সক্ষম হোৱা সন্মানসমূহ হৈছে, নৃত্য শিৰোমণি (২০১৮, কটক, ওড়়িশা), নৃত্য জয়া সন্মান (২০১৮, কলকাতা), কামাখ্যী আচাৰ্য সন্মান (২০১৮, গুৱাহাটী), নৃত্য কলা চূড়়ামণি (২০১৯, কটক, ওড়়িশা), নৃত্যমণি সন্মান (২০১৯, ৰাওৰকেলা, ওড়়িশা), নৃত্য বৈভৱ সন্মান (২০১৯, বেনাৰস হিন্দু বিশ্ববিদ্যালয়), নৃত্য শাস্ত্ৰীয় সন্মান (২০১৯, গুৱাহাটী), নৃত্য ভূষণ সন্মান, (২০২০, কটক, ওড়়িশা)। এই সমূহৰ উপৰি তেওঁ ২০১৪ চনত অসমীয়া কথাছবি ‘মমতাজ’ত কৰা নৃত্যাভিনয়ৰ লগতে গুৱাহাটী দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিক আৰু নৃত্য নাটিকাত অভিনয় প্ৰদৰ্শনেৰে সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

সদৌ অসম কেওঁট জাতীয় পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক সমূহৰ পৰ্য্যালোচনা সভা ৷

সদৌ অসম কেওঁট জাতীয় পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক সমূহৰ এখনি পৰ্য্যালোচনা সভা যোৱা ৩ নৱেম্বৰত নগাঁওস্থিত জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ উক্ত পৰ্যালোচনা সভাত কেন্দ্ৰীয় পৰ্যব্যেক্ষক হিছাপে সদৌ অসম কেওঁট জাতীয় পৰিষদৰ উপ-সভাপতি লক্ষণ শইকীয়া,সদৌ অসম কেওঁট জাতীয় পৰিষদৰ মুখপাত্ৰ জয়ন্ত শইকীয়া,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপক কুমাৰ শইকীয়া,সাহিত্য আৰু সাংস্কৃতিক সম্পাদক প্ৰবিন কুমাৰ হাজৰিকাৰ উপস্থিতিত নগাঁৱত হব লগীয়া আগন্তুক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ৷ উক্ত পৰ্য্যালোচনা সভাত নগাঁও জিলাৰ বিভিন্ন আঞ্চলিক সমূহৰ উপস্থিতিত এখনি অভ্যৰ্থনা সমিতি গঠন কৰি কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক খনি অনুষ্ঠিত কৰিবৰ বাবে নৱেম্বৰ মাহৰ ২৮ তাৰিখটো সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দীপক কুমাৰ শইকীয়াই এক বিবৃত্তি যোগে জানিবলৈ দিছে ৷ 

লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত অভিভাবক সভা

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ এক আগশাৰীৰ ব্যতিক্রমধৰ্মী তথা আধুনিক শিক্ষা জগতৰ উন্নত মানদণ্ডৰ এটি ব্যক্তিগত শিক্ষানুষ্ঠান লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত আজি দিনৰ ১২ বজাত শতাধিক ছাত্র ছাত্রীৰ অভিভাবক আৰু বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীৰ লগতে ১৭ জন শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্হিতিত কৰোনা মহামাৰীৰ লক ডাউনৰ বাবে প্ৰায় ৬ মাহৰ বিৰতিৰ অন্তত যোৱা ১৯ অক্টোবৰৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পিছত প্ৰথম খন অভিভাবক সভাৰ লগতে পৰিচালনা সমিতিৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। সভাত সভাপতিত্ব কৰে হাৰুণ অল ৰাশিদ দেৱে। সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীয়ে। সভাত বিদ্যালয় পৰিচালনা সমিতিয়ে বিগত লক ডাউনৰ সময়চোৱাত পাঠদান বন্ধ থকাত ছাত্র ছাত্রী সকলৰ মাহেকীয়া মাছুলৰ ওপৰত আলোচনা কৰা হয়। লগতে শিক্ষক গোটৰ লগত শৈক্ষিক পৰিবেশৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ সৰ্বাঙ্গীন বিকাশৰ দিশতো চৰ্চা কৰা হয়। অভিভাবক সকলৰ তৰফৰ পৰাও বিদ্যালয় কতৃপক্ষক সু পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়। 

ছিপাঝাৰত অৱসৰী শিক্ষক মতলিব আলীৰ মৃত্যুত শোক

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলিমঘোপা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি অৱসৰী শিক্ষক মতলিব আলী (৮০)ৰ কালি দুপৰীয়া ১২-১৫ বজাত মৃত্যু হয়৷ তেখেত যোৱা কেইবাবছৰ ধৰি অসুস্থ অৱস্থাত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহিতে ৩ জন পুত্ৰ, ৪ জনী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেত ছিপাঝাৰ শিক্ষাখণ্ডৰ অধীনস্থ ৰামৰাইপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত প্ৰধানশিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেত কলাঠাচুবা জামে মছজিদ পৰিচালনা সমিতিৰ সুদীৰ্ঘ ২০ বছৰ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল৷ তেখেত এজন সহজ সৰল অন্তৰৰ সকলোৰে প্ৰতি মৰম থকা ব্যক্তি আছিল৷ কণ কণ ল’ৰা-ছোৱালীক ফল-মূল, চকলেট বিতৰণ কৰি আনন্দ পাইছিল৷ তেখেতৰ জানাজা নামাজ কালি নিশা ৮-৩০ বজাত সম্পন্ন কৰা হয়৷ জানাজা নামাজত ইমামতি কৰে মৌলানা আলহাজ ইক্ৰামূল মজিদে৷ দফনৰ পিছত দোৱা সম্পন্ন কৰে মুছলিমঘোপা কলাঠাচুবা জামে মছজিদৰ পেচ ইমাম মৌঃ আব্দুল কাদিৰে৷ জানাজাত বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী, অধিবক্তা নজৰুল হুছেইন (মুকুট)ৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন, অসম, মুছলিমঘোপা কলাঠাচুবা জামে মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

বকোত ” পাঞ্চজন্য শিল্পী গোষ্ঠী”ৰ নাট শুভ উদ্ধোধন

নাটকৰ জৰিয়তে স্বকীয় সংস্কৃতি আৰু সমাজ সংস্কাৰ কৰিব পাৰি, :খয়াৰ আলী আহমেদ।দৈনন্দিন বাৰ্তা সেৱা,বকো, ৬ নবেম্বৰকৃষ্টিৰ পথাৰত সৃষ্টিৰ থাপনা স্থাপন কৰি কামৰূপ জিলাৰ বকোত আজি শুভ উন্মোচনী অনুষ্ঠান ৰূপায়ণ কৰা হয় পাঞ্চজন্য নামৰ শিল্পী গোষ্ঠীৰ সাংস্কৃতিক মঞ্চ। উল্লেখ্য যে ; কৃষ্টি সংস্কৃতিত চহকী পশ্চিম অসমৰ দেশী জনগোষ্ঠীয়ে আধ্যাত্মিক পৰম্পৰা তথা জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিত যথেষ্ট ভুমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এই বেলিও নতুন সাজ সজ্জাৰে কেইবাখনো নাট সম্ভাৰ লৈ বকো আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা বালিঝাৰ বজাৰ প্ৰাঙ্গনাত আনুষ্ঠানিকতা ৰক্ষা কৰি সাংস্কৃতিক গোষ্ঠীটোৰ সাংস্কৃতিক মঞ্চ শুভ উদ্ধোধন কৰা হয়। সাংস্কৃতিক মঞ্চ খন উদ্ধোধন কৰে বৰুৱাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে। সভাত কামৰূপ জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি খয়াৰ আলী আহমেদে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ” কলা সংস্কৃতি হৈছে এটা জাতি জনগোষ্ঠীৰ দাপোন স্বৰূপ। ইয়ে বিশ্বৰ দৰবাৰত জনগোষ্ঠীক আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। তেওঁ আৰু কয় যে কেৱল নিজৰ পৰম্পৰাৰ মাজতেই আৱদ্ধ নাথাকি নাট্য দল টোয়ে বাল্য বিবাহৰ বিৰুদ্ধে ; মদ ড্ৰাগছ ; গুটখা ; বিড়ি ; চিগাৰেট আদিৰ নিচিনা সমাজৰ ব্যাধি স্বৰূপ অপ শক্তিৰ ওপৰত তথ্য চিত্ৰ ; বাটৰ নাট আদিতো মনোনিবেশ কৰি সমাজ খনক যাতে আগুৱাই নিয়াত সহায় কৰে তাৰ পৰামৰ্শ দিয়ে সাংস্কৃতিক দলটোক। অনুস্থানত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মতিউৰ ৰহমান ; নৰুল হক গাওবুঢ়া ; বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি ছামাদ আলী ; সম্পাদক ইমাৰ আলী ; কেৰামত আলীৰ উপৰিও অঞ্চলটোৰ বয়োজেষ্ঠ্য ব্যক্তি সকলে উপস্থিত থাকি দলটোক দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে প্ৰায় পাঁচ শতাধিক দৰ্শক উপস্থিত থকা অনুস্থানৰ আত ধৰে পাঞ্চজন্য শিল্পী গোষ্ঠীৰ মুখ্য প্ৰযোজক আবু ছালাম আৰু ৰবিউল হুছেইনে।

চাবুৱা সংগীত বিদ্যালয়- চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ সুধাকণ্ঠক  স্মৰণ

বিশ্ব বৰেণ্য শিল্পী, অসম ৰত্ন তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী আজি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে বৃহত্তৰ চাবুৱা অঞ্চলটো দিনজোৰা বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। চাবুৱা সংগীত বিদ্যালয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহান শিল্পীজনাৰ মৃত্যু দিনটো গীত-মাত পৰিৱেশনৰ মাজেৰে উদযাপন কৰে । সন্ধিয়া ৫ বজাৰ পৰা  অনুষ্ঠিত মৃত্যু দিৱসটি ড০  ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন- ধূপ-চাকি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোলোক বৰপাত্ৰগোঁহাই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিশুবন্ধু কুলেন দাসে । এটি বৰগীতেৰে কাৰ্যসূচী উদ্বোধন হোৱাৰ পিছতে ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০  দিগন্ত দত্তই সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে। ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ শীৰ্ষক হাজৰিকাদেৱৰ কালজয়ী গীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । সাংস্কৃতিক কাৰ্যসূচীত ক্ৰমে শ্যামলী গোহাঁই, আদ্ৰিজা গোহাঁই , জাহ্নৱী ফুকন, হৰিপ্ৰিয়া গগৈ, অনাতাঁৰ শিল্পী চন্দ্ৰকান্ত ফুকন, প্ৰাৰ্থনা ফুকন, মুকুল দাস, অনুপ বৰুৱা,ৰহিত ডাঙৰীয়া, ভাৰ্স্বতী দাস, ৰামানুজ চেতিয়া, আচিক ফুকন, কৰিষ্ণু গগৈ, দীপান্বিতা হাজৰিকা,অভিনৱ গগৈ, তেজস্বিতা দিহিঙ্গীয়াকে ধৰি বহু কেইগৰাকী শিল্পীয়ে ড০  ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশনেৰে অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত চাবুৱা ডায়েটৰ জেষ্ঠ্য প্ৰবক্তা ভূপেন দাস, চাবুৱা বিদ্যানিকেতনৰ অধ্যক্ষ দিগন্ত দত্ত, সমাজ সেৱাক তুলেশ্বৰ ঘৰফলীয়া, হাতীআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবীন চেতিয়া, সাংবাদিক ক্ৰমে অৰুণ বৰপাত্ৰগোঁহাই, দিব্যজ্যোতি লাহন, বিশ্বজিৎ ফুকনকে ধৰি অন্যান্যসকল। অনুষ্ঠানটি আঁত ধৰে সংগীত বিদ্যালয়ৰ অধ্যক্ষ মুকুট নেওগ আৰু অনুপম বুঢ়াগোহাঁয়ে। ইফালে চাবুৱা চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে ‘শ্ৰদ্ধাঞ্জলী অনুষ্ঠান’ নামেৰে উদযাপন কৰে। পূৱা ভাগত দিলীপ দাসৰ দুটি প্ৰভাতী বৰগীতেৰে অনুষ্ঠান শুভাৰম্ভ কৰে।  পূৱা দহ বজাত চিহ্নিযাত্ৰাৰ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি প্ৰশান্ত নেওগে পতাকা উত্তোলন, ১০.১৫ বজাত  শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি পূৰন্দৰ গোহাঁইয়ে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত। সন্ধিয়া ৫ বজাত চাবুৱা নগৰত উলিওৱা শুভাযাত্ৰাৰ উদ্বোধন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱাই । ৬ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন-ধূপ-চাকি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে সাংস্কৃতিক গোষ্ঠীটোয়ে । নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন হয়।

টুপামাৰীত শোকৰ ছাঁ! বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ মৃত্যু

টুপামাৰীত শোকৰ ছাঁ, বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ পৰলোক। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুপামাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ওৱাহেদ আলী (৭২) ৰ যোৱা নিশা ৯ঃ৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়। বৃহত্তৰ টুপামাৰী অঞ্চলৰ এখন অতিকে চিনাকি মূখ তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি আলহাজ ওৱাহেদ আলীৰ মৃত্যুত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মৰ্মাহত। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত থকাৰ উপৰিও বিভিন্ন সমাজিক কাম কাজ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান লগতো জড়িত থাকি কাম কাজ কৰাৰ বাবে সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন হবলৈ সক্ষম হোৱা লোকজনৰ বিয়োগে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আজি ৰাতিপুৱা ১০ বজাত কৰিতলা কৱৰস্থানত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ জানাজা সম্পন্ন হয়। জানাজাত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দাসো উপস্থিত থাকি আলহাজ ওৱাহেদ আলীলৈ অন্তিম সেৱা যাঁচে। মৃত্যুৰ সময়ত পত্নী, এজন লৰা, দুজনী কন্যা, নাতি, নাতিনী সহ অসংখ্য গুণমুগ্ধক ইসংসাৰত এৰি থৈ যায়। জানাজাৰ পৰত আত্মীয় স্বজনৰ উপৰিও কেবা সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন আৰু আত্মাৰ  চিৰশান্তি কামনা কৰে।

মহাৰাষ্ট্ৰৰ আহমদনগৰত ভয়ংকৰ অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ আহমদনগৰস্থিত শনিবাৰে এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে ১০ গৰাকী ৰোগীৰ । চিকিৎসালয় খনত চিকিৎসা গ্ৰহণ কৰি থকা ১০ গৰাকী কভিড আক্ৰান্তৰ মৃত্যু ঘটিছে । গুৰুতৰ ভাৱে আহত হৈছে ৬ গৰাকী ৰোগী । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

আজিৰে পৰা বন্ধ কেদাৰনাথ মন্দিৰৰ দুৱাৰ!

পুৱা ৮ বজাৰ লগে লগে বন্ধ হৈ পৰিল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। শীতৰ আগমণৰ লগে লগে পুনৰ ৬ মাহৰ বাবে বন্ধ হল কেদাৰনাথ মন্দিৰৰ দুৱাৰ । মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত, বাবা কেদাৰৰ (ভগৱান শিৱ) পাঁচমুখৰ মূৰ্তিটো ফুলেৰে সজোৱা এটা পালঙ্কুৰত উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰলৈ লৈ যোৱা হৈছিল য’ত শীতৰ মাহবোৰত তেওঁক পূজা কৰা হয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২.৪০ লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছিল। দেশৰ লগেতে বিদেশৰ বিভিন্ন ঠাইৰ পৰা এই তীৰ্থ স্থানলৈ বছৰি অগণন ভক্তৰ আগমণ হয়। যদিও প্ৰতিবাৰে শীতত তুষাৰপাতৰ বাবে বন্ধ হয় চাৰি ধাম ক্ৰমে কেদাৰনাথ লগতে বদ্ৰীনাথ ,যমুনন্ত্ৰী আৰু গংগোত্ৰী মন্দিৰ।