বিশ্বনাথ জিলাৰ চতিয়াস্থিত মাজুলি গড় চাহ বাগিচাত সামৰিক বিভাগত মকৰল কৰিব বিচৰা যুৱক-যুৱতী তথা সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনীয়া কৰ্মশালাৰ শুভাৰম্ভণি। মাজুলি গড় চাহ বাগিচাৰ খেল পথাৰত তিনিদিনীয়াকৈ আয়োজিত কৰ্মশালাৰ মূখ্য সমল ব্যক্তি ৰাহুল মুণ্ডাৰ উপস্থিতিত কৰ্মশালাভাগৰ শুভ উদ্ধোধন কৰি মাজুলী গড় চাহ বাগিছাৰ জেষ্ঠ পৰিচালক তৰুণ চান্দাই বৰ্তমাণ যান্ত্ৰিক যুগত উঠি অহা নৱ প্ৰজন্মই বিভিন্ন বৈদ্যুতিক মাধ্যমত ব্যস্ত হৈ পৰি মানষিক উৎকৰ্ষ সাধন কৰি আহিছে যদিও বৰ্তমাণেও শাৰীৰ চৰ্চাৰ অধিক গুৰুত্ব লাভ কৰি আহিছে ফলস্বৰূপে আজিৰ নৱ প্ৰজন্মই নিজকে শাৰীৰিক ভাবে সৱল কৰি ৰখাটো অত্যন্ত প্ৰয়োজন বুলি মন্তৱ্য কৰে। ইয়াৰ উপৰিও আটছাই বিশেষ পদক্ষেপ গ্ৰহণ কৰা কৰ্মশালাটিৰ শুভাৰম্ভণি অনুষ্ঠানত গিলাধাৰী উপ-শাখা আটছাৰ সভাপতি নগেন ৰাজগড়, প্ৰাথমিক আটছাৰ সভাপতি কৰণ ছেত্ৰীয়ে উপস্থিত থকা অনুষ্ঠানটিত উক্ত কৰ্মশালাই অঞ্চলটিৰ বিশেষ ভাবে যুৱক-যুৱতী সকলক উৎসাহ যোগোৱাৰ উপৰিও অনাগত দিনত সামৰিক বিভাগত মকৰল কৰাত সহায়ক হব বুলি মন্তব্য কৰে। পুৱাৰ ভাগত আয়োজিত তিনিদিনীয়া কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানটিত অঞ্চলটিৰ ভালেসংখ্যক যুৱক-যুৱতী অংশ গ্ৰহণ কৰাৰ লগতে মাজুলি গড় চাহ বাগিচাৰ সহ-পৰিচালক ৰিতুৰাজ ভট্টাচাৰ্য্য,স্বাস্থ্য কৰ্মী দিনেশ নাগ,গিলাধাৰী উপ-শাখা আটছাৰ সহ-সম্পাদক আশিক তচা,সাংগঠনিক সম্পাদক মনোজ পানতাঁতীৰ উপৰিও মাজুলী গড় চাহ বাগিছাৰ বিশিষ্ট সমাজ কৰ্মী তথা জেষ্ঠ চমৰা মুন্ডা,অশোক তাঁতী,কবিনাথ তাঁতী,বিজয় খদাল,মিন্টু সোনা,হেমন্ত তেলেঙা, সঞ্জীত মুন্ডা,মিলন খদাল, ৰাহুল মুন্ডাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
দুটি শিশুক প্ৰহাৰক লৈ ইটাখোলাত উত্তপ্ত পৰিস্থিতি
বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁওৰ নৰেশ ঘাটোৱাৰ আৰু মইনা ঘাটোৱাৰৰ দুটি শিশু ক্ৰমে পূজা ঘাটোৱাৰ আৰু হেমন্ত ঘাটোৱাৰক গাঁও খনৰে হাৰুণ আলি নামৰ ব্যক্তি এজনে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি যোৱা কালি ইটাখোলা আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শিশু দুটিৰ মাতৃ মইনাই জানিব দিয়া মতে যোৱা দেওবাৰে তেওঁলোকে ঘৰত শিশু দুটিক ঘৰত থৈ বজাৰলৈ গৈছিল ঠিক চাৰিমান বজাত গা্ঁও খনৰে হাৰুণ আলিয়ে তেওঁলোকৰ ঘৰত উপস্থিত হৈ চোতালত বান্ধি থোৱা ছাগলী লৈ যাব বিছৰাত পূজা আৰু হেমন্তই আমাৰ ছাগলী কিয় লৈ গৈছে বুলি আগবাঢ়ি আহি হাৰুণক ছাগলীটো নিয়াত বাধা দিয়ে । হাৰুণে শিশু দুটিক তহঁতৰ ছাগলীয়ে মোৰ খেতি নষ্ট কৰিছে বুলি কৈ হাতেৰে শিশুদুটিক বেয়াকৈ প্ৰহাৰ কৰি গুচি যায় । পিছত শিশু দুটিৰ পিতৃ আৰু মাতৃ নিজ ঘৰত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সকলো জানিব পাৰি সন্ধিয়া ৭-৩০ মান বজাত ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।আৰক্ষীয়েও এজাহাৰ লাভ কৰাৰ পিছত হাৰুণক বিছাৰি তেওঁৰ ঘৰত উপস্থিত হয় যদিও হাৰুণক নেপাই তেওঁৰ শহুৰক আৰক্ষী চকীটোলৈ আনি সোধপোচ কৰি ২৪ ঘণ্টাৰ ভিতৰত হাৰুণক চকীটোত হাজিৰ কৰাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও শহুৰেকে হাজিৰ কৰাবলৈ সক্ষম নহল । ইফালে আৰক্ষীয়েও দেওবাৰৰ পৰা আজিলৈকে পলাতক হাৰুণক আটক কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে শিশু দুটিৰ পিতৃ মাতৃয়ে আৰক্ষীয়ে হাৰুণক গ্ৰেপ্তাৰ নকৰাত বিশ্বনাথ জিলা হিন্দু জাগৰণ মঞ্চৰ ওচৰত গৈ সহায় বিচাৰে ।যোৱা কালি দিনৰ তিনি মান বজাত হিন্দু জাগৰণ মঞ্চ বিশ্বনাথ জিলাৰ বিষয়ববীয়া সকলৰ নেতৃত্বত এদল যুৱকৰ দলে শিশুদুটিৰ মাতৃক লগত লৈ আৰক্ষী চকীটোত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইফালে যোৱা বুধ বাৰে ৰাতিপুৱা এদল দুৰ্বৃত্তই হাৰুণৰ ঘৰত উপস্থিত হৈ ঘৰৰ বেৰ আদি ভাঙি লণ্ডভণ্ড কৰে।
বৈদ্যগড়ত ৰাজহ আদালত সম্পন্ন
ৰঙিয়া ৰাজহ চক্ৰৰ পাণ্ডুৰী মৌজাৰ অন্তৰ্গত তৰণী ,তুলসীবাৰী, কৰৰা গড়ভিতৰ,ইচ্ছাপুৰকে ধৰি আন কেবাখনো গাৱৰ ভূমি সংক্ৰান্তীয় সমস্যা সমাধানৰ লক্ষ্যৰে আজি বৈদ্যগড় গাও পঞ্চায়ত প্ৰাংগণত ৰাজহ আদালত অনুষ্ঠিত কৰা হয় ।দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা ৰাজহ আদালত কাৰ্যসূচী ত বৃহত্তৰ অঞ্চলটোৰ ভালে সংখ্যক ভূমিৰ গৰাকীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।কাৰ্যসূচীত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লীনা কুমাৰী পাৱেলে উপস্থিত থাকি সময়মতে ৰাজহ আদায় দিয়াৰ ক্ষেত্ৰত সজাগ হবলৈ উপস্থিত লোক সকলক আহ্বান জনায় ।ইয়াৰ পূৰ্বে চক্ৰ বিষয়া গৰাকীক বৈদ্যগড় গাও পঞ্চায়তৰ সভাপতি দুলু ভূঞাই ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।কাৰ্যসূচীত পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস,মৌজাদাৰ তজিমা আহমেদ প্ৰমুখ্যে আন কেবাগৰাকী লোক উপস্থিত থাকে ।আনহাতে ৰাজহ আদালত সফলভাবে সম্পন্ন কৰাৰ ক্ষেত্ৰত গাওবুঢ়া ক্ৰমে জয়ন্ত কুমাৰ ভূঞা, অৰবিন্দ দাস ,চন্দ্ৰধৰ কলিতা আৰু ৰিতুৰাজ কলিতাৰ লগতে লাট মণ্ডল ক্ৰমে অপূৰ্ব গোস্বামী আৰু ভূপেন পাঠকে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ।
মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী ৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱা আৰু বৰতলাত দুখনকৈ চৰকাৰী অনুজ্ঞাপত্ৰ মদৰ দোকান মুকলি কৰাত উদ্বেগ প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ সচেতন মহলে ৷ অসম চৰকাৰৰ আবকাৰী বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লৈ মুকালমুৱাৰ সাপকাটা গাঁৱত হাজো-দৌলাশাল গড়কপ্তানি পথৰ দাঁতিত দুৰ্গা পূজাৰ পূৰ্বে বৰক্ষেত্ৰীত প্ৰথমখন মদৰ দোকান মুকলি কৰাৰ পিছতে শেহতীয়াভাৱে বৰতলা পেট্ৰ’ল পাম্পৰ নিচেই ওচৰত দ্বিতীয়খন মদৰ দোকান আৰম্ভ কৰে বৰক্ষেত্ৰীৰ দুগৰাকী ব্যৱসায়ীয়ে ৷ বৰক্ষেত্ৰীত দুখনকৈ মদৰ দোকান মুকলি কৰা বিষয়টোত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি জাঙুৰ খাই উঠিছে ৷ মদৰ দোকান দুখনৰ জড়িয়তে বৰক্ষেত্ৰীৰ শৈক্ষিক তথা সামাজিক পৰিৱেশ বিনষ্ট কৰা আৰু শান্তিপ্ৰিয় বৰক্ষেত্ৰীত অশান্তি সৃষ্টি কৰাৰ অভিযোগত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ নেতৃত্বসহিতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কংগ্ৰেছ কৰ্মীসকলে মদৰ দোকানৰ অনুজ্ঞা পত্ৰ শিঘ্ৰেই বাতিল কৰক, অসম চৰকাৰ হায়-হায়, আবকাৰী বিভাগ হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, মদৰ দোকানৰ পৰিবৰ্তে শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিয়ক ইত্যাদি ধ্বনি প্ৰদান কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মদৰ দোকান দুখনৰ শিঘ্ৰেই অনুজ্ঞা পত্ৰ বাতিল কৰি দোকান দুখন বন্ধ কৰাৰ দাবীৰে নলবাৰীৰ উপায়ুক্তলৈ বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখনৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনক প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ৷ প্ৰতিবাদকাৰী সকলে মদৰ দোকান দুখনৰ অনুজ্ঞা পত্ৰ বাতিল নকৰিলে বৰক্ষেত্ৰীত ইতিহাস সৃষ্টি কৰিব পৰাকৈ প্ৰৱল গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ সভাপতি ক্ৰমে অকণ চন্দ্ৰ চৌধুৰী, প্ৰাণেশ্বৰ বৰা, সাধাৰণ সম্পাদক আশিষ কুমাৰ আহমেদ, বৰক্ষেত্ৰী এন.এচ.ইউ.আইৰ সভাপতি ছাজিদ আখতাৰ, বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ সভাপতি ছহিদুল ইছলাম, বৰক্ষেত্ৰী ইয়ং বিগ্ৰেডৰ সভাপতি মেৰাজুল হক, নলবাৰী জিলা সংখ্যালঘু মহিলা কোষৰ সাধাৰণ সম্পাদিকা ফৰিদা ইয়াছমিন, বৰক্ষেত্ৰী ব্লক আই.টি.চেলৰ সভাপতি আলী আহমেদ, জয়সাগৰ-বৰতলা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি অমল বৰ্মনসহ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
হাতীখুলী আৰক্ষীয়ে বৃহত পৰিমাণে বাৰ্মী চুপাৰি জব্দ কৰে।
মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যিদৰে দালালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে তাৰ পিছতো লৰা কেৰেপ কৰা নাই একাংশ অসাধু লোকে। মুখ্যমন্ত্ৰীৰ হুংকাৰক কেৰেপ নকৰি একাংশ ব্যৱসায়ীয়ে এতিয়াও অবৈধ ভাবে চলাই আছে বাৰ্মী সুপাৰিৰ ৰমৰমীয়া বেহা। ডিমাহাচাও জিলাৰ অন্তৰ্গত হাতীখুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰ বৃহৎ অভিযানত 17/10/21 তাৰিখৰ দিনাই এক গোপন সুত্ৰ পম খেদি এক পাঞ্জাববোডী ট্ৰাক সহ 13 টন 160 কেজি বাৰ্মি সুপাৰি জব্দ কৰে।হাতীখুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰ বাৰ্মী সুপাৰি জব্দ কৰাৰ পিছত নিজা ববিয়া কৈ এখন এজাহাৰ দাখিল কৰে।এজাহাৰ নং 23/21420/411 IPC ধাৰা।জব্দ কৰা গাড়ীৰ নং AS 09 AC 9241 শিলচৰৰ পৰা আহীয়াছিলে বুলি আমাক জনায়।হাতীখুলী আৰক্ষী এতিয়াও তদন্ত অব্যাহত ৰাখিছে।
ওদালগুৰি জিলা পানেৰীত মমবাতি জ্বলাই মৌন সমদল।
উল্লেখ্য যে বিটিআৰ বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰৰ একৰাকী ২২ বছৰীয়া যুৱতীক ৩ জনকৈ নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।পৰিপেক্ষিতত বৰ্তমানেও ধৰ্ষণকাৰীৰ বিৰুদ্ধে বিভিন্ন ঠাইত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। ঘটনাসন্দৰ্ভত এতিমধ্যে জঘন্য ধৰ্ষণকাৰী লগতে হত্যাকাণ্ডটোৰ লগত জড়িত তিনিজন মূল অভিযুক্ত যুৱক ক্ৰমে জনচন বান্দ, অভিজিত তিৰ্কী আৰু ডেচলিন খাল্কোক বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে যদিও দোষীক দৃষ্টান্তমূলক সাস্তি প্ৰদান কৰা হোৱা নাই সংশ্লিষ্টত নিৰ্মম-জঘন্য কাণ্ডৰ দোষীয়ে যাতে কোনো প্ৰকাৰে পুনৰ মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে তাৰবাবে ৰুচিতা এক্কাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী তথা বিভিন্ন দল-সংগঠনে কৰযোৰে চৰকাৰক অনুৰোধ জনায়। আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু পানেৰী আঞ্চলিক সমিতি, আছাৰ যৌথ উদ্যোগত ২৭ অক্টোবৰ বুধবাৰে সন্ধিয়া হাতত মমবাতি লৈ এক বিশাল মৌন শান্তি সমদলেৰে পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কচুবিল চ’কৰ মাজমজিলৈকে ৰেলীৰ জৰিয়তে ৰুচিতা এক্কাৰ আত্মাৰ শান্তি কামনাৰ লগতে তেওঁ লগত সংঘটিত হোৱা জঘন্য কাণ্ডৰ উচিত ন্যায় বিচাৰি চৰকাৰক দাবী জনোৱাৰ লগতে সমগ্র ঘটনাটোক তীব্ৰ গৰিহণা প্ৰদান কৰে। উক্ত ৰেলীত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া তথা নেতাকৰ্মীসকলে এই জঘন্য ঘটনাৰটোৰ লগত জড়িত যুৱক কেইজনক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়। লগতে এই ধৰ্ষণ কাণ্ডৰ দৰে ঘটনাবোৰ ৰোধ কৰিবলৈ হলে শাস্তি হিচাবে চৰকাৰ তথা দেশৰ ন্যায়িক ব্যৱস্থাই একমাত্ৰ ফাঁচী দিয়া ব্যৱস্থা কৰিলেহে কিছু পৰিমাণে এনেবোৰ ঘটনা হ্ৰাস পোৱাৰ আশা কৰিব পাৰি বুলি মন্তব্য কৰে ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতীয়ে। আনহাতে ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটিবলগীয়া হোৱা ২২ বছৰীয়া ৰুচিতা এক্কাৰ আত্মাৰ লগতে তেওঁৰ পৰিয়ালে যদি উচিত ন্যায় নাপাই তথা দোষীক ফাঁচী কাঠত মৃত্যুদণ্ড নিদিয়ালৈকে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন-প্ৰতিবাদৰ কেতিয়াও অন্ত নপৰিব বুলি স্পষ্ট কৰি কয় পানেৰী আঞ্চলিক সমিতি, আছাৰ সাধাৰণ সম্পাদক তিলক ৰৌচন বাৰাই। বুধবাৰৰ সন্ধিয়াৰ হাতে-হাতে মমবাতি জ্বলাই কৰা বিশাল মৌন শান্তি সমদল কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে, ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতী, যুটীয়া সম্পাদক লক্ষীন্দৰ মূলা, পানেৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাজা এক্কা, সম্পাদক তিলক ৰৌচন বাৰা, সাংগঠনিক সম্পাদক প্ৰদীপ তাঁতী, শিক্ষা সম্পাদক বিকাশ তাঁতীৰ লগতে আৱা’ৰ সদস্যা বৃন্দ। অসম উড়িয়া যুৱ পৰিষদ জিলা সমিতিৰ সভাপতি সুৰেন বাগ আৰু সমাজ সেৱক জিতেন শৰ্মাৰ লগতে বহুতো সাধাৰণ ৰাইজ।
মৰিগাঁৱত আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে হাফ মাৰাথন দৌৰ আয়োজন
আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে মৰিগাঁও জিলাৰ আৰক্ষী সৌজন্যত হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা আয়োজন কৰে ।হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হয়। হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা বঘৰা চাৰিআলিৰ পৰা আৰম্ভ হৈ আৰক্ষী ৰিজাভত শেষ হয়।উক্ত হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা সুভাৰম্ভণি কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন,লগতে উপস্থিত অন্যান্য আৰক্ষী বিষয়া সকল।হাফ মাৰাথন দৌৰ প্ৰতিযোগীতাত মৰিগাঁও ভিন্ন প্ৰান্তৰ উদীয়মান যুৱকে অংশ গ্ৰহণ কৰে।
পঞ্জীয়নভুক্ত শ্ৰমিকৰ মুখত হাঁহি
অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ অন্তৰ্গত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ উদ্যোগত বেচৰকাৰী সংস্থা এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছ ঘগ্ৰাপাৰ শাখাৰ সহযোগত কালি ঘগ্ৰাপাৰত এটা দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত উক্ত প্ৰশিক্ষণ শিৱিৰটি মুকলি কৰে–নলবাৰীৰ শ্ৰম বিষয়া কবিতা বৰ্মনে।শিৱিৰটি মুকলি কৰি বিষয়াগৰাকীয়ে বৰ্তমান সময়ত দক্ষলোকৰ অভাৱ নাই বুলি উল্লেখ কৰি উপযুক্ত প্ৰশিক্ষণৰ অভাৱতহে নিষ্ক্ৰিয় হৈ থকা বুলি মন্তব্য কৰে।অসম চৰকাৰৰ শ্ৰম বিভাগত পঞ্জীয়নভুক্ত মুঠ ১২০ পুৰুষ-মহিলা,যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা স্বকৃতীপ্ৰাপ্ত শ্ৰমিকসকলক দক্ষ আৰু শুদ্ধতাৰে যাতে নিৰ্মাণ কাৰ্য সম্পাদান কৰিব পাৰে তাৰ বাবে একাগ্ৰতাৰে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ লৱলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়। উক্ত শিৱিৰটোত এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছৰ ঘগ্ৰাপাৰ শাখাৰ সঞ্চালিকা দেৱশ্ৰী কাশ্যপে অংশগ্ৰহণ কৰি উক্ত প্ৰশিক্ষণৰ জৰিয়তে চৰকাৰী সা-সুবিধাসমুহৰ পৰা শ্ৰমিকসকলে কেনেদৰে লাভবান হব পাৰি তাৰ ওপৰত বিশদ বাখ্যা কৰে।ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ ওপৰত হবলগা প্ৰশিক্ষণ শিৱিৰৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰতিদিনে ২৮০ টকাকৈ মাননি লাভ কৰিব বুলি সঞ্চালিকাগৰাকীয়ে সদৰী কৰে । সম্পূৰ্ণ দুমাহ অনুষ্ঠিত হবলগা প্ৰশিক্ষণ শিৱিৰটোত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে পূৱা ৯:১৫ ত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত প্ৰশিক্ষণ শিৱিৰত উপস্থিত থাকিব লাগিব বুলিও সঞ্চলিকাগৰাকীয়ে সদৰী কৰে।আজিৰ এই শিৱিৰটিয়ে পঞ্জীয়ন ভুক্ত শ্ৰমিকসকলৰ মাজত হাঁহি বিৰিঙোৱা পৰিলক্ষিত হৈছে।অনুষ্ঠানটি আঁত ধৰে ক্ৰমে কেন্দ্ৰ সমন্বয়ক ভগৱান তালুকদাৰ আৰু শিৱ শংকৰ দাসে।
গহপুৰৰ সাংবাদিকক দল-সংগঠনৰ অভিনন্দন
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছয়দুৱাৰ তথা গহপুৰৰ0 শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে সংগৃহীত ২৬ গৰাকীকৈ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি গহপুৰৰ এগৰাকী সংবাদদাতাই লিখা এটা অসমীয়া দেশপ্ৰেমমূলক গীতক India Book of Recordsয়ে স্বীকৃতি প্ৰদান কৰাত সাংবাদিক তথা ন গীতিকাৰ জনক গহপুৰৰ বিভিন্ন দল সংগঠনৰ অভিনন্দন জ্ঞাপন । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ২০ ছেপ্টেম্বৰৰ দিনটোত গহপুৰ আৰক্ষী থানাত ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহি বৃট্ৰীছ পুলিচৰ গুলীত শ্বহীদ হোৱা কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ নামৰ লগতে উক্ত দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগৃহীত পুৰুষ মুক্তিযুজাৰু ক্ৰমে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ৰামপতি ৰাজখোৱা, থুলেশ্বৰ ৰাজখোৱা, খৰ্গেশ্বৰ বৰুৱা, জীতেন্দ্ৰ কুমাৰ বৰা, অৰ্জুন ৰাজখোৱা, লক্ষী বৰা, হেম বৰুৱা, মিনাৰাম বৰুৱা, থানেশ্বৰ বৰুৱা, ভোলাৰাম বৰদলৈ, জোনাৰাম ভূঞা, কৰ্ণেশ্বৰ হাজৰিকা, পদ্মনাথ গোস্বামী, পুতুল সিং, চন্দ্ৰকান্ত বৰদলৈ, থানেশ্বৰ বৰুৱা(কলাবাৰী), মোহন মহন্ত, বেণুধৰ দত্ত, মনোৰাম বৰা, তোষণ চন্দ্ৰ মহন্ত, তিলেশ্বৰ বৰুৱা, মাঘিৰাম বৰা, গজেন্দ্ৰ নাথ গোস্বামী, হেমকান্ত বৰুৱা, হৰেন্দ্ৰ নাথ শইকীয়া, দণ্ডেধৰ গগৈ আৰু মহিম চন্দ্ৰ সিংকে ধৰি মুঠ ২৮গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা ‘মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা’ শীৰ্ষক গীতটোক ৰেকৰ্ড হিচাপে স্বীকৃতি প্ৰদান কৰিছে India Book of Records কৰ্তৃপক্ষই। গহপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সংগীত শিল্পী যাদৱ চলিহাই কণ্ঠদান কৰা, প্ৰবীন সংগীত শিল্পী বিজয় বৰাই সুৰ কৰা আৰু উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাই সংগীত সংযোজন আৰু সংমিশ্ৰন কৰা গীতটোৱে India Book of Records স্থান পোৱাত উৎফুল্লিত হৈ গহপুৰ মহকুমা প্ৰেছ গীল্ড, সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিক সমিতি, গহপুৰ ডিজিটেল মেডিয়া এচ’ছিয়েচনে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে গহপুৰ মহকুমাৰ ককিলা চাৰি আলিৰ নিৱাসী, অসৱৰ প্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ লগতে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ডম্বৰু বৰাৰ পুত্ৰ, গহপুৰৰ এগৰাকী স্থানীয় সংবাদদাতা ৰমেন বৰাক গহপুৰ মহকুমা প্ৰেছ গীল্ডৰ হৈ নিতুল বৰা, দ্বীপকুমাৰ শৰ্মা, সমীৰণ বৰা, গেৰেমচা নাৰ্জাৰী, গহপুৰ ডিজিটেল মেডিয়া এচ’ছিয়েচনৰ হৈ ড° কুকিল বৰুৱা, বিদ্যুৎপন ভূঞা, ৰুবু দাস, কাজু শইকীয়া আৰু সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা গহপুৰ আঞ্চলিক সমিতিৰ হৈ অমৃত মুণ্ডা, প্ৰবীণ ওৰাং, বিদান হাচা, ৰঞ্জন ওৰাং আদিয়ে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ উপৰিও লক্ষিমপুৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা প্ৰাপক, বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লক্ষিমপুৰ জিলাৰ ধলপুৰৰ এগৰাকী সাংস্কৃতিবান ব্যক্তি কনক দাসেও সাংবাদিক ৰমেন বৰাৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে পুৰুষ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্টৰে গীত লিখি বিশেষ ভাবে পৰিচিত হোৱা সাংবাদিক ৰমেন বৰাই গহপুৰৰ মহিলা স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি লিখা ‘পূন্যভূমি ছয়দুৱাৰৰ মহিয়সী নাৰী’ শীৰ্ষক দেশপ্ৰেমমূলক গীত এটা শীঘ্ৰে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। নিতুল বৰা হাৱাজান ।
নলবাৰীত বিশিষ্ট নাট্যকাৰ সমৰেন্দ্ৰ বর্মনৰ ” ২৬ জানুৱাৰীৰ গধূলি ” উন্মোচন
গ্রন্থৰ মৃত্যু নহয় সদায় অজৰ অমৰ ৷ই ভগৱানৰ ইচ্ছাতহে নতুন নতুন গ্রন্থৰ জন্ম হয় ৷মানুহৰ জন্ম জাগতিক কিন্তু প্রতিখন গ্রন্থৰ জন্ম মহাজাগতিক ৷এই মন্তব্য নাট্যকাৰ ,তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ,সদৌ অসম সাংবাদিক সন্থাৰ কার্যকৰী সভাপতি ধ্ৰুৱজ্যোতি শর্মাৰ ৷যোৱা কালি নলবাৰীৰ বালিকৰিয়াত আমন্ৰিত ” নয়নতৰা থিয়েটাৰৰ প্রেক্ষাগৃহত বিশিষ্ট নাট্যকাৰ,কবি সমৰেন্দ্ৰ বর্মনৰ দ্বাৰা ৰচিত আৰু অতি জনপ্রিয় নাটক ” ২৬ জানুৱাৰীৰ গধূলি ” গ্রন্থৰ আকাৰত উন্মোচন কৰি ধ্ৰূৱজ্যোতি শর্মাই উল্লেখ কৰে সকলো পাঠক আৰু শ্রোতাৰ হ্নদয়ত নাটকৰ কাহিনী আৰু বিষয় বস্তু যুগমীয়া হৈ থাকে ৷নাটকৰ মাজেদি ৰূপান্তৰৰ পৰা ৰূপান্তৰলৈ গতি কৰে ৷ ধ্ৰুৱজ্যোতি শর্মাই কয় সমৰেন্দ্ৰ বর্মন এজন অতি মেধাবি বিজ্ঞানৰ ছাত্র আছিল আৰু সেই সময়ত এটি ভাল চৰকাৰী চাকৰী পালে হেতেন যদিও সেইবোৰ সকলো পৰিহাৰ কৰি অকল বর্মনে নাটককে জীৱনৰ ব্রত হিচাপে লৈ নাট্য খেত্রখনলৈ তেখেতৰ অবদান বহুখিনি দিবলৈ আগবাঢ়ি আহিল ৷ বর্মন এটা সময়ত অভিনেতা এটা সময়ত নাট্যকাৰ, পৰিচালক সকলো গুনৰ অধিকাৰী বর্মন সফল হৈছে ৷এজন নাট্যযুদ্ধা বুলিও উল্লেখ কৰে ৷ সাংবাদাক আব্দুল মজিদে আতঁধৰা অনুষ্ঠানটো অতি ৰসাল হোৱা বুলিও কয় ৷অনুষ্ঠানত উপস্থিত থাকে নলবাৰী শান্তি নিবাস বৃদ্ধাশ্রমৰ পৰিচালক মজিবুৰ ৰহমান,সাংবাদিক তপন কুমাৰ শর্মা,চন্দন তালুকদাৰ ৷ইফালে পান্দু কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক অভিজ্ঞান অনুৰাগে “” ২৬ জানুৱাৰীৰ গধূলি ” নাটকৰ গ্ৰন্থখনি উন্মোচন কৰি কয় যে ড০ভৱেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ পাছতে নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ নাটকত সাহিত্যৰ সমল সোমাই আছে আৰু এই নাটকখন পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হব লাগে। তেখেতে ভাষন প্ৰসংগত আৰু কয় যে ভ্ৰাম্যমাণ থিয়েটাৰত এচামে চিনেমা চাই লিখা ধাৰ কৰা কাহিনীৰ নাটকৰ বিপৰীতে সমৰেন্দ্ৰ বৰ্মনৰ নাটকত মানুহৰ কথা, সমাজৰ কথা, মৃল্যবোধৰ বাৰ্তাৰে সমৃদ্ধ প্ৰকৃত নাটকৰ গোন্ধ বিৰাজমান,, লগতেই নয়নতৰা থিয়েটাৰৰ প্ৰেক্ষাগৃহত সমৰেন্দ্ৰ বৰ্মনৰ নাটক ” ২৬ জানুৱাৰীৰ গধুলি ” গ্ৰন্থ উন্মোচন হোৱাৰ পাছতে তেখেতৰে অন্য এখন জনপ্ৰিয় নাটক ” গুৰুদেৱ ” মঞ্চস্হ কৰে নয়নতৰা থিয়েটাৰৰ শিল্পী সকলে। এটা জীয়া কাহিনীৰ আধাৰত, নলবাৰী চহৰৰ সাংবাদিক মজিবূৰ ৰহমানৰ পৰিচালনাত গঢ়ি উঠা ” শান্তি নিবাস আশ্ৰম”ৰ আধাৰতে নাট্যকাৰ গৰাকীয়ে বৃদ্ধাশ্ৰমৰ বৃদ্ধ ককা আইতাহতৰ নেপথ্যৰ সকৰুন বাস্তৱ ঘটনাৰ প্ৰতিফলন,, ” গুৰুদেৱ ” । নাটকখনে দৰ্শকৰ হৃদয় জোকাৰি কন্দুৱাই উপলদ্ধি কৰিবলৈ বাধ্য কৰিছে যে যদি সচাৰ্থত ঘৰবোৰ প্ৰেম আৰু বিশ্বাসৰ ঘৰ হয় তেনেহ’লে বৃদ্ধাশ্ৰমৰ কোনো প্ৰয়োজন নাথাকিব। সচাকৈয়ে পৰিয়ালৰ এখন উপভোগ্য নাটক দর্শকলৈ আগবঢ়াই ৷ গ্রন্থ উন্মোচনৰ ফটো দিয়া হল ৷











