Home Blog Page 2762

বৰপেটা জিলাত প্ৰায় ১১ লাখ লোকে ললে কোভিড প্ৰতিষেধক

বৰপেটা জিলাত প্ৰায় ১১ লাখ লোকে ললে কোভিড প্ৰতিষেধক কৰোনা মহামাৰীৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখন সম্পূৰ্ণ সফল হ’বলৈ বৰপেটা জিলাৰ প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকক কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মী আদিৰ জৰিয়তে প্ৰতিটো অঞ্চলৰ কোভিড টীকা নোলোৱা লোক সকলৰ যাৱতীয় তথ্য সংগ্ৰহ কৰি স্বাস্থ্য কেন্দ্ৰ সমূহৰ জৰিয়তে ফোন যোগে যোগাযোগ কৰি ভেকচিন লোৱাৰ বাবে বুজনি দিয়া হৈছে। এই ক্ষেত্ৰত সহযোগ নকৰা সকলক পিছত দণ্ডাধীশ সহ চিকিৎসকৰ দলে ঘৰে ঘৰে গৈ বুজনি দি প্ৰতিষেধক ল’বলৈ বাধ্য কৰোৱা হৈছে। এই অভিযানত অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকলকো জড়িত কৰা হৈছে। কালি কাৰ্যবাহী দণ্ডাধীশ নিমাশ্ৰী ডাইকাই সৰ্থেবাৰী অঞ্চলৰ বেলবাৰী, নামশলা আৰু বনিয়াকুছিত প্ৰায় ১৮ টা পৰিয়ালৰ ঘৰলৈ গৈ ভেকচিন দিয়াবলৈ সক্ষম হয়। মূলতঃ গৰ্ভৱতী অৱস্থাত থকা মহিলা সকলে কোভিড প্ৰতিষেধক লোৱাটো ক্ষতিকৰ বুলি কৰা ধাৰণাৰ ফলশ্ৰুতিত কেবল বৰপেটা জিলাৰে ৬৮৮১ গৰাকী মহিলাই এই পৰ্যন্ত টীকা লোৱা নাই। কিন্তু এই প্ৰতিষেধকে গৰ্ভৱতী মহিলা আৰু সন্তানৰ কোনো ক্ষতি নকৰে বুলি আন্তঃৰাষ্ট্ৰীয় চিকিৎসা বিশেষজ্ঞ সকলে দিয়া মতামতৰ পৰিপ্ৰেক্ষিতত সকলো গৰ্ভৱতী মহিলাকো প্ৰতিষেধক প্ৰদান কৰোৱাৰ বাবেই কালি সৰ্থেবাৰীত এই অভিযান চলোৱা হয়। দণ্ডাধীশ গৰাকীৰ সৈতে চিকিৎসক ড: প্ৰণৱজ্যোতি ডেকা আৰু স্বাস্থ্য কৰ্মীৰ দল এটিও গৈছিল। এনে সামূহিক পদক্ষেপৰ ফলত এতিয়ালৈকে অঞ্চলটোৰ ৫৬ গৰাকী গৰ্ভৱতী মহিলাক Covid প্ৰতিষেধক সফলতাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বেও জিলাখনৰ বিভিন্ন অঞ্চলত দণ্ডাধীশ সকলৰ জৰিয়তে ঘৰে ঘৰে অভিযান চলোৱা হৈছে। জিলা উপায়ুক্ত ভূষালে নিজেও কিছুমান ঠাইত ঘৰে ঘৰে গৈ মানুহক কোভিড ভেকচিন ল’বলৈ সৈমান কৰিছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে,  অবিভক্ত বৰপেটা জিলাত কালি পৰ্যন্ত মুঠ ১০, ৯২,০১২ জনক প্ৰথম পালি আৰু ৪৩,৩০২৯ গৰাকীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যৰ ৮৩.৬২ শতাংশ লোকক প্ৰথম পালি দিয়া হৈছে। চৰকাৰে বৰপেটা জিলাত ১৮ বছৰৰ উৰ্দ্ধৰ ১৩, ০৫,৯০৭ গৰাকী লোক থকা বুলি জিলাখনক লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অৱশ্যে জিলাখনৰ ভোটাৰ তালিকাৰ তথ্য আৰু স্বাস্থ্য কৰ্মী আৰু  অঙ্গনবাড়ী কৰ্মীয়ে ঘৰে ঘৰে গৈ চলোৱা সমীক্ষাত ভেকচিন লোৱাৰ যোগ্যতা থকা লোকৰ সংখ্যা নিৰ্ধাৰিত লক্ষ্যতকৈ যথেষ্ট কম হ’ব বুলি ধাৰণা কৰা হৈছে। কাৰণ লক্ষাধিক লোকে কামৰ বাবে অন্য স্থানলৈ স্থানান্তৰিত হৈছে।  এনে তথ্য অনুসৰি জিলাখনৰ ৯৬ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ সকলো ঠাইতে কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভেকচিন গ্ৰহণৰ পৰা কোনো লোকেই যাতে বাদ পৰি নাযায় তাৰ বাবে জিলা উপায়ুক্তই সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে।

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হল আৰ্য়ান খানৰ

বিশিষ্ট অধিবক্তা মুকুল ৰোহতগী। উল্লেখ্য যে ২ আৰু ৩ অক্টোবৰৰ মাজনিশা মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন বিলাসী জাহাজত অভিযান চলাইছিল NCBয়ে। অভিযান কালত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আটক হৈছিল অভিনেতা শ্বাহৰুখ খানৰ পুত্র আৰ্য়ান খান। লগতে আটক হৈছিল আৰবাজ মাৰ্চেন্ট আৰু মুনমুন ধামোচাক। আটক হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আৰ্য়ানক। Bombay sessions court আৰ্য়ানৰ হৈ পক্ষ ৰাখিছিল অধিবক্তা সতীশ মানসিন্ধেই। কিন্তু চেচন কোৰ্টে জামিন আবেদন খাৰিজ কৰিছিল আৰ্য়ানৰ। তাৰ পিছতে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্বাহৰুখ খানৰ পৰিয়াল। জামিন খাৰিজ কৰাবলৈ NCB য়ে যথেষ্ট কষ্ট কৰিছিল যদিও অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হল আৰ্য়ানৰ। চৰ্ত সাপেক্ষে আৰ্য়ানৰ জামিন মঞ্জুৰ কৰিলে বোম্বাই উচ্চ ন্যায়ালয়ে। গোচৰ চলি থকা অৱস্থাত বিদেশ ভ্রমণলৈ যাব নোৱাৰিব আৰ্য়ান খান। সাক্ষীক প্ৰতাৰিত কৰিব নোৱাৰিব। পাচপোৰ্ট জমা দিবলৈ নিৰ্দেশ আৰ্য়ান খানক।
সুদীর্ঘ প্রায় ২৬ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি হোৱাৰ সুযোগ লাভ কৰিলে আৰ্য়ান খানে। আদালতৰ ৰায়ৰ নথিপত্ৰ সময়মতে কাৰাগাৰ পক্ষই লাভ কৰিলে শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিব আৰ্য়ান খান। অন্যথা শনিবাৰে মুক্তি লাভ কৰিব শ্বাহৰুখ খানৰ পুত্র আৰ্য়ান খানে।আনকি বোম্বাই উচ্চ ন্যায়ালয়ে ড্ৰাগছ-অন-ক্ৰুজ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক জামিন প্ৰদান কৰাৰ পিছতো, তেওঁৰ অধিবক্তাসকলে কাৰাগাৰৰ পৰা মুক্তি ৰখাৰ দিশত পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে উচ্চ ন্যায়ালয়ৰ অপাৰেটিভ আদেশ নোপোৱালৈকে অপেক্ষা কৰিব লাগিব।

অসম-বংগ সীমান্তত সক্ৰিয় অবৈধ গৰু ব্যাৱসায়ী চক্ৰ ।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰিগাঁওত  বৃহস্পতি বাৰে মাৰহাট থানাৰ টহল দাৰী আৰক্ষীৰ দল এটাই এখন ছুইফ্ট  ডিজেয়াৰ গাড়ীত দুটা বহি:ৰাজ্যৰ গৰু লৈ যোৱা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে বৃহস্পতি বাৰে আবেলি তামাৰহাট থানাৰ আৰক্ষীৰ দল এটাই থানা খনৰ অন্তৰ্গত কাছাৰিগাঁওত টহল দি আছিল । সেই সময়তে পশ্চিমবংগৰ ফালৰ পৰা তামাৰহাট অভিমুখে আহি থকা এ এছ ১৮ এ  ৫৭৮৬  নম্বৰৰ এখন ছুইফ্ট ডিজেয়াৰ গাড়ী দেখা পাই সন্দেহ বশত: আৰক্ষীৰ দলটোৱে  গাড়ী খন ৰখাবলৈ নিৰ্দেশ দিয়ে  । লগে লগে গাড়ী খন ৰখাই চালক জন পলাই যায় । পিছত গাড়ী খনত তালাচী কৰাত গাড়ী খনৰ পাছ ফালৰ  ডিগিত ঠেং বন্ধা অৱস্থাত দুটা গৰু উদ্ধাৰ হয় যদিও এটা গৰুৰ ইতিমধ্যে মৃত্যু হয় । পিছত আৰক্ষীয়ে জীয়াই থকা গৰুটো কাছাৰিগাঁওত থকা খোৱাৰত জমা দিয়াৰ বিপৰীতে মৃত গৰুটোৰ সৈতে ছুইফ্ট গাড়ী খন থানালৈ লৈ যায় । উল্লেখযোগ্য যে অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা অবৈধ গৰু ব্যাৱসায়ী চক্ৰই  বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু আনি অসম-বংগ সীমান্তৰ গংগাধৰ নদী পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত বিভিন্ন  ভিতৰুৱা পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যাৱসায় চলাই আছে ।

উৎসৱৰ বতৰত বঙাইগাঁৱত বেংকৰ ঋণ প্ৰদান অনুষ্ঠান

 উত্তৰ-পূৰ্ৱাঞ্চলত বৰ্তমানৰ উৎসৱৰ বতৰত বিভিন্ন বেংকৰ দ্বাৰা ঋণ প্ৰদান অনুষ্ঠান চলি আছে। বঙাইগাঁৱতো আজি জিলাখনত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাৰ পৃষ্ঠপোষকতাত বঙাইগাঁও জিলা পুথিভঁৰাল পৃক্ষাগৃহত এক ঋণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ষ্টেট বেংক অৱ ইণ্ডিয়া,পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ বৰোদা, ইণ্ডিয়ান বেংক, ফেডাৰেল বেংক, আই ডি বি আই, এক্সিচ বেংক, এপেক্স বেংক, এইচ ডি এফ চি বেংক, বন্ধন বেংক, নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক, কানাড়া বেংক, ইউকো বেংক, বেংক অৱ ইণ্ডিয়া,অসম গ্ৰামীণ বিকাশ বেংক আদি বেংকসমূহে ঋণ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে পি এম স্বনিধি, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি, মহিলা আত্ম-সহায়ক গোট, ষ্টেণ্ড আপ ইণ্ডিয়া, মুদ্ৰা ঋণ, গাহৰি পালন, কেচিচি, ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগী, গৃহ নিৰ্মাণ, গাড়ী ক্ৰয়, পেঞ্চন ঋণ আদি সামৰি মুঠ ৪২৯ সংখ্যক হিতাধিকাৰীক ঋণ মঞ্জুৰী পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয়। উক্ত ঋণৰ বাবে ধাৰ্য মুঠ টকাৰ পৰিমাণ হৈছে ২০ কোটি ৭১ লাখ টকা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া।তেওঁ ভাষণ প্ৰসংগত বেংকৰ এই ঋণ প্ৰদান অনুষ্ঠানৰ বাবে বেংকসমূহক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত লীড বেংক মেনেজাৰ হেমতসিং ইছলাৰীয়ে উদ্যেশ্য ব্যাখ্যা কৰে আৰু উপস্থিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। অনুষ্ঠানত বঙাইগাঁও ষ্টেট বেংকৰ মাণ্ডলিক বাণিজ্যিক বিষয়া তথা সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰ ,বেংক অৱ বৰোদাৰ মাণ্ডলিক মুৰব্বী আইলীন ডিংডো,নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক আলাৰাম ডেউৰী,চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মুখ্য প্ৰবন্ধক ৰাজীৱ বাঞ্চাল,গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক তপন কুমাৰ সৰকাৰ,ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ল’ৰাজ মুছাহাৰী,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক সঞ্জীৱ দাস আদিকে ধৰি বিশিষ্ট ব্যক্তিসকল ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে ১৬ অক্টোৱৰৰ পৰা আৰম্ভ হোৱা এই ঋণ প্ৰদান অনুষ্ঠান ৩০ অক্টোৱৰলৈ চলি থাকিব।

ওদালগুৰি জিলা শাখাৰ সপ্তদশ বাৰ্ষিক আই-মাতৃ-যুৱ সমাৰোহ

উত্তৰ-পূৱ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ- জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ সপ্তদশ বাৰ্ষিক আই-মাতৃ-যুৱ সমাৰোহ, গুৰু আসন প্ৰতিষ্ঠা দিৱস আৰু ৫৭৩ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱটি  ২৭ অক্টোবৰত হৈ যায়  ওৰাঙৰ নিকটবৰ্ত্তী ধনশ্ৰীঘাটস্থিত জিলা শাখাৰ কেন্দ্ৰীয় নামঘৰত দিনজোৰা ভক্তিময় কাৰ্যক্ৰমণিকাৰে আয়োজিত এই অনুষ্ঠানৰ শুভ অনুষ্ঠানটো  ৰাতিপুৱা ৫ বজাত নিৰ্মোহ বৈষ্ণৱ তথা নামঘৰীয়া মেনাৰাম ৰাভাৰ পৰিচালনাত প্ৰাত:প্ৰসংগৰে হৈ যায় ।ইয়াৰ পিছতে ক্ৰমে মূলৰ সদস্য বিষ্ণু ঠাকুৰীয়াৰ দ্বাৰা বৃক্ষ ৰোপন, জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলণ,সামৃহিক নাম প্ৰসংগ,সাহিত্য আৰু সংস্কৃতি শাখাৰ প্ৰতিযোগিতা  আৰাম্ভ কৰা হয় ৷ অপৰাহ্ন ২ বজাত অনুষ্ঠিত হ’ব জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ পৌৰহিত্যত তথা মূলৰ প্ৰাক্তন সদস্য লংকেশ্বৰ ডেকাৰ উদ্বোধনেৰে মূল ধৰ্মালোচনা সভা ।বক্তাৰ আসনত থাকিব অগ্ৰণী ভক্তপ্ৰাণ ব্যক্তি ক্ৰমে ধীৰেন্দ্ৰ শইকীয়া , পূৰ্ণৰাম ডেকা ,  মৃণাল কলিতা ,কুন্তী বৰা (আই বক্তা) আৰু মুখ্য অতিথি হিচাপে মুলৰ প্ৰচাৰক  মনিৰাম দাস আদি সকল উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ আগবঢ়ায় ৷

ৰুচিতা এক্কাৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবী আছাৰ পানেৰীত মমবাতি জ্বলাই বিশাল মৌন সমদল।

২৪ অক্টোবৰত বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰৰ একৰাকী ২২ বছৰীয়া যুৱতীক ৩ জনকৈ নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ কাণ্ডই সমগ্ৰ অঞ্চলবাসীৰ লগতে ৰাজ্যবাসীৰ মনত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈ আছে‌। উক্ত জঘন্য ধৰ্ষণৰ লগতে হত‍্যাকাণ্ডটোৰ  লগত জড়িত তিনিজন যুৱক ক্ৰমে জনচন বান্দ, অভিজিত তিৰ্কী আৰু ডেচলিন খাল্কোক বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে। যদিওবা আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিছে উক্ত নিৰ্মম-জঘন্য কাণ্ডৰ দোষীয়ে যাতে কোনো প্ৰকাৰে পুনৰ মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে তাৰবাবে ৰুচিতা এক্কাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী তথা বিভিন্ন দল-সংগঠনে কৰযোৰে চৰকাৰক অনুৰোধ জনায়। আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু পানেৰী আঞ্চলিক সমিতি, আছাৰ যৌথ উদ‍্যোগত ২৭ অক্টোবৰ বুধবাৰে সন্ধিয়া হাতত মমবাতি লৈ এক বিশাল মৌন শান্তি সমদলেৰে পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কচুবিল চ’কৰ মাজমজিলৈকে ৰেলীৰ জৰিয়তে ৰুচিতা এক্কাৰ আত্মাৰ শান্তি কামনাৰ লগতে তেওঁ লগত সংঘটিত হোৱা জঘন্য কাণ্ডৰ উচিত ন‍্যায় বিচাৰি চৰকাৰক   দাবী জনোৱাৰ লগতে সমগ্র ঘটনাটোক তীব্ৰ গৰিহণা প্ৰদান কৰে। উক্ত ৰেলীত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া তথা নেতাকৰ্মীসকলে এই জঘন্য ঘটনাৰটোৰ লগত জড়িত যুৱক কেইজনক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়। লগতে এই ধৰ্ষণ কাণ্ডৰ দৰে ঘটনাবোৰ ৰোধ কৰিবলৈ হলে শাস্তি হিচাবে চৰকাৰ তথা দেশৰ ন‍্যায়িক ব‍্যৱস্থাই একমাত্ৰ ফাঁচী দিয়া ব‍্যৱস্থা কৰিলেহে কিছু পৰিমাণে এনেবোৰ ঘটনা হ্ৰাস পোৱাৰ আশা কৰিব পাৰি বুলি মন্তব্য কৰে ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতীয়ে। আনহাতে ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটিবলগীয়া হোৱা ২২ বছৰীয়া ৰুচিতা এক্কাৰ আত্মাৰ লগতে তেওঁৰ পৰিয়ালে যদি উচিত ন‍্যায় নাপাই তথা দোষীক ফা‍ঁচী কাঠত মৃত্যুদণ্ড নিদিয়ালৈকে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন-প্ৰতিবাদৰ কেতিয়াও অন্ত নপৰিব বুলি স্পষ্ট কৰি কয় পানেৰী আঞ্চলিক সমিতি, আছাৰ সাধাৰণ সম্পাদক তিলক ৰৌচন বাৰাই। বুধবাৰৰ সন্ধিয়াৰ হাতে-হাতে মমবাতি জ্বলাই কৰা বিশাল মৌন শান্তি সমদল কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে, ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতী, যুটীয়া সম্পাদক লক্ষীন্দৰ মূলা, পানেৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাজা এক্কা, সম্পাদক তিলক ৰৌচন বাৰা, সাংগঠনিক সম্পাদক প্ৰদীপ তাঁতী, শিক্ষা সম্পাদক বিকাশ তাঁতীৰ লগতে আৱা’ৰ সদস্যা বৃন্দ। অসম উড়িয়া যুৱ পৰিষদ জিলা সমিতিৰ সভাপতি সুৰেন বাগ আৰু সমাজ সেৱক জিতেন শৰ্মাৰ লগতে বহুতো সাধাৰণ ৰাইজ উপস্থিত আছিল।

ফেচবুকৰ নাম সলনি কৰা হৈছে: কোম্পানীৰ নতুন নাম মেটা

ছ’চিয়েল মিডিয়া কোম্পানী ফেচবুকক এতিয়া ‘মেটা’ বুলি জনা যাব। ফেচবুকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বৃহস্পতিবাৰে অকলেণ্ডত এক বাৰ্ষিক সন্মিলনত এই ঘোষণা কৰিছিল। তেওঁ কয়, “ভৱিষ্যতৰ ভাৰ্চুৱেল-ৰিয়েলিটি ভিজন (মেটাভাৰ্চ) প্ৰাপ্ত কৰাৰ বাবে আমি নিজকে পুনৰ ব্ৰেণ্ডিং কৰি আছো। এতিয়া আমাৰ বাবে, ফেচবুক প্ৰথমৰ পৰিৱৰ্তে প্ৰথমে মেটাভাৰ্চ হ’ব। ‘ট্ৰেডিংও 1 ডিচেম্বৰৰ পৰা এটা নতুন নামৰ অধীনত থাকিব কোম্পানীটোৰ শ্বেয়াৰবোৰে 1 ডিচেম্বৰৰ পৰা এফবিৰ পৰিৱৰ্তে এমভিআৰএছ (মেটা প্লেটফৰ্ম ইনক.) চিহ্নৰ পৰা ব্যৱসায় আৰম্ভ কৰিব। জুকাৰবাৰ্গে কৈছিল যে মেটা গ্ৰীক শব্দ ‘বিয়ণ্ড’ৰ পৰা আহিছিল। ই কোম্পানীটোক পৃথিৱীত ভালদৰে প্ৰতিনিধিত্ব কৰে। আমাৰ কোম্পানীটো এনেকুৱা এটা যিমানুহক সংযোগ কৰিবলৈ প্ৰযুক্তি সৃষ্টি কৰে। পৰিৱৰ্তনটোৰ উদ্দেশ্য হৈছে ফেচবুকক এটা মেটাভাৰ্ছ কোম্পানী হিচাপে প্ৰক্ষেপ কৰা। ফেচবুকৰ মুখ্য সামাজিক এপটো তেতিয়া নতুন ব্ৰেণ্ড নাম আম্ব্ৰেলাত উপলব্ধ হ’ব।জুকাৰবাৰ্গে কৈছিল যে কোম্পানীৰ অন্যান্য এপ আৰু সেৱা, যাৰ ভিতৰত আছে ইনষ্টাগ্ৰাম, হোৱাটছএপ, নতুন মৌলিক গাঁথনিত কাম কৰিব। এই পুনৰ-ব্ৰেণ্ডিং গুগলে এলফাবেট নামৰ মূল গাঁথনি টো ছেট কৰাৰ দৰে একে হ’ব। অৱশ্যে, ফেচবুকে বৰ্ণমালাৰ ধৰণে কৰ্পোৰেট পুনৰ্গঠন নকৰে। কোম্পানীটোৱে কৈছে যে আমাৰ বিত্তীয় প্ৰতিবেদনদুটা খণ্ডত বিভক্ত কৰা হ’ব – ৰিয়েলিটি লেব আৰু ফেমিলি অফ এপ্পচ। ‘যিদৰে গুগলৰ মূল কোম্পানী হৈছে এলফাবেট, এটা মূল কোম্পানীৰ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু অন্যান্য কোম্পানীৰ প্লেটফৰ্ম থাকিব। এই পৰিৱৰ্তনবোৰ মেটাভাৰ্চৰ ওপৰত গুৰুত্ব দিবলৈ কৰা হৈছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বিশ্বাস কৰে যে অদূৰ ভৱিষ্যতে মেটাভাৰ্চ বিশ্বৰ বাস্তৱতা হ’ব। তেওঁলোকে মেটাভাৰ্চ প্ৰযুক্তিৰ এই দৌৰত পিছ পৰি থাকিব নিবিচাৰে।মেটাভাৰ্ছ এক প্ৰকাৰৰ ভাৰ্চুৱেল পৃথিৱী হ’ব। এই প্ৰযুক্তিয়ে আপোনাক ভাৰ্চুৱেল পৰিচয়ৰ জৰিয়তে ডিজিটেল পৃথিৱীত প্ৰৱেশ কৰিবলৈ সক্ষম কৰিব। অৰ্থাৎ এক সমান্তৰাল পৃথিৱী য’ত আপোনাৰ এক সুকীয়া পৰিচয় থাকিব। সেই সমান্তৰাল পৃথিৱীত ঘূৰি ফুৰা, সামগ্ৰী ক্ৰয় কৰা, এই পৃথিৱীত আপোনাৰ বন্ধু বৰ্গ আৰু আত্মীয়সকলক লগ কৰালৈকে।কোম্পানীটোৱে মেটাভাৰ্চত 10 বিলিয়ন ডলাৰ বা প্ৰায় 75,000 কোটি টকা ব্যয় কৰিব। কোম্পানীৰ শাখাই বৰ্ধিত আৰু ভাৰ্চুৱেল বাস্তৱতাৰ ওপৰত কাম কৰিব। ইয়াক ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসকলে ভাৰ্চুৱেল পৃথিৱীৰ অভিজ্ঞতা ল’বলৈ সক্ষম হ’ব। ফেচবুকেও প্ৰকল্পটোৰ বাবে 10,000 লোকনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।

চৰাইদেউ সাপেখাতীত মহিলা ভাওনা উদযাপনৰ উপলক্ষে লাই খুঁটা স্থাপন

চৰাইদেউ জিলা অগ্ৰণী মহিলা মঞ্চৰ উদ্যোগত আৰু চৰাইদেউ চুকাফা নাট্য গোষ্টী আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ২আৰু ৩ নৱেম্বৰত   দুদিনীয়া কৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা চৰাইদেউ জিলাৰ প্রথম মহিলাৰ দ্বাৰা  মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ ভাওনা প্ৰদৰ্শনৰ  অনুষ্ঠানটি উদযাপন কৰাৰ উদ্দেশ্যে  আজি সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত  লাই খুঁটা স্থাপন কৰা হয় ।আয়তিৰ উৰুলিৰে ব্যাপক উৎসাহ উদ্বিপনাৰ মাজৰ  মহিলা ভাওনাপ্ৰদৰ্শন অনুষ্ঠানৰ লাই খুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি হৰেন গগৈয়ে ।অহা ২ আৰু ৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হ’ব লগা এই  মহিলা ভাওনাক  লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।ভাওনা উদযাপন  সমিতিৰ অন্যতম সম্পাদক পূৰবী দুৱৰাই  আঁত ধৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি  বাসনা ফুকন ,  সাংস্কৃতিক সম্পাদক জয়ন্ত বৰুৱা , স্মৰণিকাৰ  সভাপতি অৰুণ গগৈ ,  সমাজ সেৱক  ফণীন্দ্ৰ শইকীয়া ,  জ্যোতিপ্ৰসাদ গগৈ , পবি গগৈ  , সুৰুজ বুঢ়াগোহাঁই , সমাজ সেৱক শিৱ গগৈ , থুলন গগৈ  ,ললিতা বড়া , হিৰণ্য গগৈ , বুলিনীছা বুঢ়াগোহাঁই , মেঘালী ৰাজকুমাৰী , গীতাঞ্জলি কোঁৱৰকে   ধৰি বহু কেইজন বিষয়ববীয়াৰ লগতে  ৰাইজ উপস্থিত থাকে

এটা কাঠফলা মিল সহ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

কৰ্মচাৰীক মেনেজ কৰি একাংশ কাঠ মাফিয়াই কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিভিন্ন অঞ্চলত মুকলিকৈ  চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে ।এনে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে আজি জিলা খনৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাধীন জাওঁকাটাদিয়াত  বন বিভাগে এক অতৰ্কিতে অভিযান চলোৱা পৰিলক্ষিত হয় ।বন বিভাগৰ এই অভিযানত অভিযানকাৰীৰ দলটোৱে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে  এটা অবৈধ কাঠফলা মিল উৎক্ষাত কৰিবলৈ সক্ষম হয় ।জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।বন্দাপাৰা ৰেঞ্জৰ বন বিষয়া ৰিংকুমনি বৰাৰ নেতৃত্বত  এই অভিযান চলোৱা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাত বন্দাপাৰাৰ পৰা আহি অভিযান চলোৱা কাৰ্যত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত সুদীৰ্ঘ দিন ধৰি  চোৰাং কাঠৰ লগতে অবৈধভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে ।

ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱৰ এগৰাকী কিশোৰ নিৰুদ্দেশ

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱৰ মোতালেৱ আলীৰ পুত্ৰ জয়নাল আবদিনে ককাইয়েকৰ সৈতে কৰ্মসূত্ৰে আছিল অৰুণাচল প্ৰদেশৰ বৰডুংচা থানাৰ অন্তৰ্গত NIB ইটা ভাটাত। যোৱা ২৬ তাৰিখ ১১বজাৰ পৰা কিশোৰ নিৰুদ্দেশ হৈ আছে। কিশোৰ জনৰ নিৰুদ্দেশৰ খবৰে শোকৰ ছাঁ পেলাইছে সমগ্ৰ গাওঁখনতে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ভূৰাগাঁও থানাত এজাহাৰ দাখিল কৰিছে । যদি কোনোবাই কিশোৰ জনৰ সন্ধান পায় তেন্তে 7896292465 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনাইছে পৰিয়ালৰ লোকে।