১৫ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰিৰ শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ টি উদযাপন কৰা হয়।এই উপলক্ষে পুৱা ৪বজাত হেমজিৎ দাস আৰু অৱনী ভকতৰ পৰিচালনাত প্ৰভাতফেৰী কৰা হয়।পুৱা ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ ভক্ত বৃন্দই দ্বাৰা থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ৯.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চুছেন ওজাই।পুৱা ১১ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মণিকাঞ্চন মিলন সমাজৰ দ্বাৰা থাপনা গৃহৰ সম্মুখত থিয়নাম প্ৰদৰ্শন।দিনৰ ১২ বজাত ভাগৱত লৈ নগৰ পৰিভ্ৰমন উদ্বোধন কৰে ডালিম বায়নে ।ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসংগ আৰু বিষয় প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।
বাঘবৰৰ ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰাঃ বিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ
বাঘবৰ সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু বিদ্যালয় আন্তঃগাঁথনিৰ শিতানত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে আজি বিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমানৰ দুৰ্নীতি সন্দৰ্ভত ৰাইজে পূৰ্বেতে সংশ্লিষ্ট উৰ্ধতম কতৃপক্ষক মৌখিক-লিখিত অভিযোগ দিছিল যদিও কোনো ফল নধৰাত ৰাইজে এই প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰধান শিক্ষক গৰাকীৰ দুৰ্নীতিত বিদ্যালয় পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি আলী আকবৰে অৰিহণা যোগাই থকা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজৰ অভিযোগৰ পাছতো প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক লগত ৰাখি শিক্ষানুষ্ঠান খনত লুণ্ঠনৰাজ অব্যাহত ৰখা বুলিও সৰৱ চৰ্চা চলিছে। প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বাবে বিদ্যালয় খন সোণৰ কণী পৰা হাঁহ সদৃশ হৈ পৰা বুলিও ৰাইজৰ অভিযোগ। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন,ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম’ৰ ধনকে আদি কৰি সকলোতে বিয়াগোম দুৰ্নীতি কৰি সকলোতে প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি আলী আকবৰৰ বিৰুদ্ধে ৰাইজ সোচ্ছাৰ হৈ তদন্ত আৰু শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাইজে এই প্ৰতিবাদ সাৱ্যস্ত কৰে।
বৰপথাৰ নগৰৰ মাজমজিয়াতে অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু
ড্ৰাগছৰ সেৱনকাৰী আৰু সৰবৰাহকাৰীৰ ঘাটিলৈ এতিয়া পৰিণত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সমগ্ৰ বৰপথাৰ অঞ্চল। যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হৈ পৰিছে তেনে সময়তে বৰপথাৰ আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ বাবেই নিতৌ সমগ্ৰ অঞ্চলটোতে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ আসক্ত ছাত্ৰ-যুৱকৰ সংখ্যা। ভয়ানক ড্ৰাগছৰ কবলত পৰিছে স্কুল কলেজৰ বহু কম বয়সীয়া ছাত্ৰ। যোৱা 12 অক্টোবৰৰ দুৰ্গা পূজাৰ সপ্তমীৰ আনন্দ উল্লাসৰ মাজতেই নিশা প্ৰায় 11 মান বজাত অবিনাশ ফুকন (21) নামৰ এজন ছাত্ৰৰ অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হয় । খোদ বৰপথাৰ নগৰৰ মাজমজিয়াতে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ধনশিৰি মহকুমাটে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ ছাত্ৰ আছিল অবিনাশ ফুকন । বৰপথাৰ নগৰৰ 4 নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বৰপথাৰ পৌৰসভাৰ কৰ্মচাৰী মুকুল ফুকনৰ পুত্ৰ আছিল অবিনাশ ফুকন। ইফালে ঘটনাৰ বিৱৰণী অনুসৰি ঘৰৰ পৰা পূজা চাবলৈ বুলি ওলাই অহা মৃত অবিনাশ ফুকনে বৰপথাৰ নগৰৰ গেলাবিল তিনি আলিৰ কিছু সমীপত ৰাস্তাৰ কাষতে নিশা প্ৰায় 9.30 মান বজাত মটৰ চাইকেলত থকা পাচ জন ল’ৰাৰ সৈতে ড্ৰাগছ সেৱন কৰিছিল। উক্ত ল’ৰাকেইজনৰ লগত থকা এজন ল’ৰাৰ ভাষ্য অনুসৰি এটা টেমাত পানী মিহলাই চিৰিঞ্জেৰে হাতত ভয়ানক ড্ৰাগছ লোৱাৰ কিছু সময়ৰ পাছতেই ছাত্ৰজনৰ অৱস্থা শোচনীয় হৈ পৰে । পাছত চিকিৎসা লয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰপথাৰৰ নগৰৰ মাজমজিয়াৰ ৰাজহুৱা স্থানত এনেদৰে মাৰাত্মক আৰু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই এতিয়া বৰপথাৰ আৰক্ষীৰ দুৰ্বল স্বৰূপটো উদঙাই দিছে। উল্লেখ্য যে বিগত সময়ত বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীক আৰক্ষীয়ে বৰপথাৰৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীৰ দুৰ্বলতাৰ সুযোগৰ বাবে কাঠফুলাৰ দৰে ছানি ধৰিছে ড্ৰাগছৰ ব্যৱসায়ে। আশ্চৰ্যকৰ কথা যে যোৱাতো বছৰত বৰপথাৰ আৰক্ষী থানাৰ ভিতৰৰ পৰাই আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী এটা পলাই যাবলৈ সক্ষম হৈছিল। পাছত ছাত্ৰ সন্থাৰ এটা দলেহে উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক ধৰি আৰক্ষীক গটাই দিছিল। ইফালে বৰপথাৰৰ স্থানীয় সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠনে বৰপথাৰ আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ অতি শীঘ্ৰেই ড্ৰাগছৰ কবলৰ পৰা সমগ্ৰ বৰপথাৰখন মুক্ত কৰিবলৈ দাবী জনাইছে।
ইপিনে সপ্তমীৰ নিশা অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত ছাত্ৰৰ মৃত্যু হোৱা কৰুণ ঘটনাৰ পাছতেই তৎপৰ হোৱা দেখা গৈছে ধনশিৰি মহকুমা আৰক্ষী বিভাগ । ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষী থানাৰ সহযোগত আৰক্ষীৰ এটি দলে উক্ত ঘটনাৰ দিনা মৃত ছাত্ৰ জনৰ লগত ড্ৰাগছ সেৱন কৰা দুটি নাবালক সহ মুঠ চাৰি জন ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে গোলাঘাট জিলাৰ ফৰকাটিং আৰক্ষী থানাৰ অন্তৰ্গত চক্ৰধাৰা গাঁৱৰ পৰা মৃত তৰুণ নাথৰ পুত্ৰ মিন্টু নাথ(২১) নামৰ এটা ড্ৰাগছ সৰবৰাহীক আটক কৰিছে।উল্লেখ্য যে মিন্টু নাথ নামৰ এই ধৃত যুৱক জনৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি সেৱনকাৰী যুৱক কেইজনৰ স্বীকাৰোক্তীৰ পৰা জানিব পৰা গৈছে। ড্ৰাগছ সেৱনকাৰী কেইজন হ’ল ক্ৰমে, বৰপথাৰ গাঁৱৰ প্ৰবীণ শৰ্মাৰ পুত্ৰ প্ৰাঞ্জল শৰ্মা(১৯), বৰপথাৰ ৰেলৱে কলনীৰ মৃত মানিক দেৱনাথৰ পুত্ৰ পংকজ দেৱনাথ(১৮), বৰপথাৰ নগৰৰ ৪ নং ৱাৰ্ডৰ অনিল দাসৰ পুত্ৰ অপূৰ্ব দাস(১৭) আৰু শিঙিমাৰিৰ দিপক মাঝীৰ পুত্ৰ আকাশ মাঝী(১৪)।সকলো কেইজনৰে ঘৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত। ইতিমধ্যে আৰক্ষীয়ে পৃঠকে পৃঠকে বৰপথাৰ আৰক্ষী থানা আৰু গোলাঘাট আৰক্ষী থানাত দুটাকৈ ক্ৰমে ১৫১/২০২১ ইউ/এচ ৩০২ আইপিচি,১০৫৮/২০২১ ইউ/এচ ২১(এ) এনডিপিএচ আইনৰ অধীনত গোচৰ তৰি তদন্ত অব্যহত ৰাখিছে। আনহাতে চৈধ্য বছৰীয়া ছাত্ৰই ড্ৰাগছ সেৱন কৰা ঘটনাই এতিয়া সমগ্ৰ ধনশিৰি মহকুমাৰ সচেতন মহলক চিন্তিত কৰি তুলিছে। ইপিনে কালি নৱমীৰ সন্ধ্যা বৰপথাৰৰ কালীবাৰীস্হিত কাজল হোটেলৰ পৰা আৰু এজন যুৱকক ড্ৰাগছৰ সৈতে হাতে লোতে বৰপথাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। যুৱক জন বৰপথাৰ থানাৰ অন্তৰ্গত জোলাবস্তিৰ ছাজিদ আলি। আনহাতে ছাজিদ আলিৰ লগত থকা আন এটা ড্ৰাগছৰ লগত জড়িত লোক পলাই যাবলৈ সক্ষম হয়
ইটাখোলাত পূজাৰ মাজতে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী এলেকা চিজুছাৰ পৰা ইটাখোলা আৰক্ষীৰ দ্বাৰা মহানৱমীৰ দিনা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰে ।জানিব পৰা মতে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহাদেব নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই এক গোপন সুত্ৰৰ পম খেদি চিজুছা গেটত অভিযান চলাই প্ৰায় ১০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে অবৈধ সুৰা বেপাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয় ।নব প্ৰজন্মৰ ধ্বংস কাৰী উক্ত সুৰাখিনি লুকুৱাই সুৰাৰ বেপাৰী কেইজনে পূজাৰ বতৰত ৰমৰমীয়া বেপাৰ চলাই আহিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লোৱা পদক্ষেপক স্থানীয় সচেতন লোকে ভূয়সী প্ৰসংশা কৰিছে ।
টিংখাঙত সাংবাদিক অমৰজ্যোতি আৰন্ধৰাক সম্বৰ্ধনা
ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ প্ৰাণ কেন্দ্ৰ ৰাজগড় দৈনিক বজাৰ আৰু চুপাৰ মাৰ্কেট দূৰ্গাপূজা সমিতিয়ে সাংবাদিক তথা দূৰ্গাপূজা সমিতিখনৰ প্ৰাক্তন সভাপতি অমৰজ্যোতি আৰন্ধৰাক বৃহস্পতিবাৰে এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানতে সমিতিখনৰ অন্য এগৰাকী প্ৰাক্তন সভাপতি অসিত সেনকো দূৰ্গাপূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে পূজাৰ স্থলীত দূৰ্গাপূজা উদ্যাপন সমিতিৰ সভাপতি তথা টিপমীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন ভট্টৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা টিংখাং বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক এতোৱা মুণ্ডা,ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাস,সাংবাদিক মনোজ সিং প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।সভাত উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিখিল বৰুৱা, বিত্ত আৰু পৰিকল্পনা বিভাগৰ সম্পাদক নীৰৱ লিকচন,সম্পাদক লক্ষণ পাল,অনুপ জয়ছোৱালসহ সমূহ ব্যৱসায়ী তথা বিষয় ববীয়াৰ লগতে বহুসংখ্যক স্থানীয় লোক উপস্থিত থাকে।এইবাৰ দূৰ্গাপূজাৰ মণ্ডপস্থলী আগবঢ়োৱা স্থানীয় ব্যৱসায়ী মুনু বাচাক অনুষ্ঠানত উদ্যাপন সমিতি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে ৰাজগড়ৰ মাজমজিয়াত থকা চুপাৰ মাৰ্কেটখনত বিগত পোন্ধৰ বছৰ ধৰি দূৰ্গাপূজা অনুষ্ঠিত হৈ আহিছে।এই পূজাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰম্ভণিতে সাংবাদিক অমৰজ্যোতি আৰন্ধৰা,ব্যৱসায়ী অসিত সেন,বিমল দে’,মুক্তিনাথ জয়ছোৱাল প্ৰমুখ্যে কেবাগৰাকী ব্যক্তিয়ে উদ্যোগ গ্ৰহণ কৰিছিল।আনহাতে ৰাজগড়কে ধৰি সমগ্ৰ টিংখাং অঞ্চলত অনুষ্ঠিত প্ৰায় কুৰিখন দূৰ্গাপূজা অতি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।
দ্বিতীয় বৈকুণ্ঠপুৰি খ্যাত বৰপেটা সত্ৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ
সমগ্ৰ ৰাজ্য ব্যাপী শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰাৰ সমান্তৰাল কৈ সত্ৰ নগৰী বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি পৰম্পৰা অনুসাৰে ৰাতিপুৱাৰ পৰা অধিক বন্তি জ্বলাই আৰু অধিক ঘোষা গায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়।অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বৰপেটা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ৰাতি পুৱাৰে পৰা সত্ৰত উখল -মাখল পৰিবেশ দেখিবলৈ পোৱা যায়।প্ৰখৰ ৰ’দকো নেওচি বৰপেটা সত্ৰৰ পৰা আৰম্ভ কৰি বৰপেটা চহৰৰ মাজেৰে এখন ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ কৰে। এই শোভাযাত্ৰাত গায়ন-বায়নে খোল বজাই লগতে বাপু সকল আৰু আইসকলৰ নাম প্ৰসঙ্গৰে মুখৰিত কৰে সত্ৰ নগৰী বৰপেটা
দৌলাশালত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ বিৰিণা গোষ্ঠীৰ
অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ অক্টোবৰ মাহৰ সাহিত্য আলাপ ‘বিৰিণা বৈভৱ’ শীৰ্ষক অনুষ্ঠান কালি সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হৈ যায় । গোষ্ঠীটোৰ নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী সদস্যৰ উপস্থিতিত অনুষ্ঠিত বিৰিণা বৈভৱ অনুষ্ঠানত অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উপলক্ষ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত “বিৰিণা বৈভৱ” আৰু “স্মৃতিচাৰণ সভা”খনত ৰসৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু ৰসৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট কবি জিয়াউৰ ৰহমানে । উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে । বিৰিণা বৈভৱ অনুষ্ঠানটোত ৰমনী নাথ, আতিকুৰ ৰহমান, খঞ্জনজ্যোতি পাঠক, ছাহজাহান আলী, জেহেৰুল ইছলাম, জয়ন্ত ডেকা, দেৱজিৎ নাথ, ছাহনুৰ আলী, ছেলিম মালিক, মুকিবুল ইছলাম আদিয়ে কথা-কবিতাৰে অনুষ্ঠানটো জীপাল কৰাৰ লগতে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু বিশিষ্ট কবি জিয়াউৰ ৰহমানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-দৰ্শন আৰু সাহিত্যৰাজিৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ লীলাধৰ পাঠকে সভাপতিৰ বক্তব্যত বেজবৰুৱাৰ চিন্তাৰ পৰিধি আৰু কল্পনাৰ বিস্তৃতিৰ ওপৰত প্ৰণালীবদ্ধ আৰু পক্ষপাতহীন আলোচনাৰ প্ৰয়োজন বুলি দোহাৰে । ভাষণ প্ৰসংগত সভাপতিয়ে অহা ১৮ নবেম্বৰত বৰক্ষেত্ৰীৰ বৰতলা গাঁৱত গোষ্ঠীটোৰ সাহিত্য আলাপ অনুষ্ঠানৰ লগতে ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন কৰা হ’ব বুলি উল্লেখ কৰে । অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
ৰতনপুৰ আঞ্চলিক ক্লাবৰ উদোগত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি
ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৃহত্তৰ ৰতনপুৰ অঞ্চলৰ ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাবৰ উদ্যোগত ৰতনপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এদিনীয়া ফুটবল টুৰ্ণামেণ্টখনৰ ১২ অক্টোবৰত সফল সামৰণি পৰে। টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনৰ আৰম্ভণি ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভণি কৰা হয়। আনহাতে খেলখনৰ লগত সংগতি ৰাখি স্থানীয় বিভিন্ন নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰে। লগতে আমন্ত্ৰিত অতিথিবৃন্দ সকলে খেল আৰু স্বাস্থ্যৰ লগতে ইয়াৰ গুণ-গৰিমাৰ ওপৰত বিভিন্ন উপদেশমূলক ভাষণ প্ৰদান কৰে। উক্ত প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখন ডাউহাৰু ফুটবল ক্লাব বনাম সন্ধ্যাবাৰী ফুটবল ক্লাবৰ মাজত এক আমোদজনক খেল অনুষ্ঠিত হয়। আনহাতে, ডাউহাৰু ফুটবল ক্লাবে ১-০ ব্যৱধানৰ গ’লত বিজয়ী লাভ কৰিবলৈ সক্ষম হয় আৰু বিজয়ী দলক প্ৰাইজমানি পুৰস্কাৰটি প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰীয়ে। লগতে তেওঁৰ সহধৰ্মিনীও সম্পূৰ্ণ খেলখন উপভোগ কৰে। আনহাতে বিশ্বজিত দৈমাৰীয়ে খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এনেবোৰ খেলৰ জৰিয়তেই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পোৱা যায় বুলি এলেন দেউৰী, দুৰ্গা বড়ো আদিৰ দৰে খেলুৱৈ সকলৰ নাম লৈ উৎসাহিত কৰে। খেলখনৰ উদ্যোগতা তথা ৰতনপুৰ আঞ্চলিক ক্লাবৰ সভাপতি, সম্পাদক তথা সদস্য সকলে আৰম্ভণিৰে পৰা সহায় সহযোগিতা কৰি অহা, উপস্থিত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল লগতে সমূহ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত চূড়ান্ত খেলখনত উপস্থিত থাকে ক্ৰমে অসম বিধানসভাৰ অধ্যক্ষ তথা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰী আৰু তেওঁৰ সহধৰ্মিনী, জিলা এছ.টি. মৰ্চাৰ সভাপতি জোচৰাং বড়ো, ৰতনপুৰ গাঁৱৰ গাঁওবুঢ়া বিষ্ণু বড়ো, ৰতনপুৰ হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ দুগ্ধ শৰ্মা, ৰতনপুৰ শান্তি কমিটিৰ সম্পাদক শংকৰ দাস, লগতে বহুতো সমাজকৰ্মী আৰু ক্ৰীড়া প্ৰেমী লোকসকল তথা ৰতনপুৰবাসী ৰাইজ।
লাহৰীঘাটত অ গ প ৰ ৩৭ তম প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন
যোৱা ১৪ অক্টোবৰত সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিতো শাসকীয় মিত্রজোঁট চৰকাৰৰ অগপ দলৰ ৩৭ তম প্ৰতিষ্ঠা দিবস উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসুচীৰ শুভাৰম্ভ কৰে জাতীয় সংগীত পৰিবেশন কৰাৰ পিছত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন, দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ওপৰত বিশেষ আলোচনা ৰখা হয়। পতাকা উত্তোলন কৰে অগপ দলৰ কেন্দ্রীয় সংখ্যালঘু সম্প্রদায়ৰ সভাপতি তথা সাংগঠনিক সম্পাদক আবু বক্কৰ ছিদ্দিক দেৱৰ লগতে লাহৰীঘাট বিধান পৰিষদৰ প্ৰাক্তন সম্পাদক নৱজ্যোতি বৰুৱাই। শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে শ্বহীদ পৰিয়ালৰ সদস্য তথা বিধান পৰিষদৰ প্ৰাক্তন উপ সভাপতি উমেশ চন্দ্র ডেকা আৰু তিলক ডেকাই। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলীয় কৰ্ম কৰ্তা সকলৰ ওপৰিও প্ৰাক্তন উপ সভাপতি মিৰাজ আলী, ৰাজেন বৰা , বিশিষ্ট কৰ্মী চাজাহান আহমেদৰ লগতে বহু গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।
লাহৰীঘাটত বঁটা প্ৰাপ্ত শিক্ষক, সমাজ সেৱক সকলক সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা
অসমৰ সাহিত্য আৰু উন্নয়নৰ হকে কাম কৰি অহা “উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলন ” অসম, তাৰে স্বীকৃতি প্ৰাপ্ত লাহৰীঘাট শাখাৰ সৌজন্যত যোৱা ১২ অক্টোবৰত মৰিগাঁও জিলাৰ লাহৰীঘাট ইকৰা একচেলেঞ্চ একাডেমিত দুখন গ্ৰন্থ উন্মোচন আৰু ৫ গৰাকী সদ্যহতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা, অসম জ্ঞান ৰত্ন বঁটা প্ৰাপ্ত বিশেষ ব্যক্তি সকলক সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটিত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ধোৱাঙখাইতী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনৰ স্বৰচিত “হৃদয়ৰ অনুভৱ” আৰু অসম আৰক্ষী দ্বীপ জ্যোতি বৰদলৈৰ স্বৰচিত “নিভৃত মৰিশালি” নামৰ কাব্য গ্ৰন্থ দুখন উন্মোচন কৰা হয়। গ্ৰন্থ দুটি উন্মোচন কৰে ক্ৰমে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলা সম্পাদিকা তথা কবি, সাহিত্যিক আৰু লেখক ৰশ্মি ৰেখা কাশ্যপ আৰু ঢেকিয়াজুলিৰ সাহিত্যিক লেখক কবীন্দ্র কুমাৰ দাস দেৱে। একেই অনুষ্ঠানতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক মকবুল হুছেইন,, ২০২০ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ২ নং টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম, বিশিষ্ট সমাজ সেৱকৰ বঁটা লাভ কৰা হিন্দি শিক্ষক কমৰুল হুছেইন চৌধুৰী , শিক্ষা সৌৰভ বঁটা লাভ কৰা লাহৰীঘাট উচ্চতর মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পূৰ্ণ কান্ত বসুমতাৰী আৰু লাহৰীঘাটৰ পৰা সমাজ সেৱাৰ ক্ষেত্ৰত ২০২১ বৰ্ষৰ অসম জ্ঞান ৰত্ন বঁটা লাভ কৰা ছফিকুল ইছলামক লই ৫ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা জনোৱা ব্যক্তি সকলক এখনকৈ সম্বৰ্দ্ধনা পত্র, ফুলাম গামোচা আৰু জাপি প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে সাংস্কৃতিক সন্মিলনৰ সম্পাদক হেমচন্দ্র বৰ্মন, আমন্ত্রিত অতিথি তেজপুৰ জিলা সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপদেষ্টা জয়ন্ত শৰ্মা, তেজপুৰ জিলা আদালতৰ অধিবক্তা দ্বীপক কলিতাৰ লগতে ইকৰা একচেলেঞ্চ একাডেমিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জান্নাতুল ফেৰদৌছো উপস্থিত আছিল। অনুষ্ঠানটি পৰিচালনা কৰে লাহৰীঘাট শাখা কমিটিৰ সম্পাদক তথা কবি সাহিত্যিক ৰেকিবুল আজাদে। এই গাম্ভীর্য পূর্ণ অনুষ্ঠানটিত একাডেমিৰ শিক্ষক গোট, ছাত্র ছাত্রী, সাহিত্য সন্মিলনৰ কৰ্ম কৰ্তা আৰু সচেতন নাগৰিকৰ উপস্থিতিয়ে সৌষ্ঠব বৃদ্ধি কৰে।










