Home Blog Page 2790

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৬৫৪৮ ভেকচিন প্ৰদান

যোৱা ৯ অক্টোবৰ ২০২১ তাৰিখৰ পৰা ১১অক্টোবৰ ২০২১তাৰিখলৈ সমগ্ৰ অসমতে মেগা ভেকচিনেচন কাৰ্যসূচী আৰম্ভ হয়।সেই মৰ্মে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচী সুকলমে সম্পূৰ্ণ হয়। তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত মুঠ ১৯৮ গৰাকী হিতাধীকাৰীয়ে  ক’ভিড ভেকচিন গ্ৰহণ কৰে।ইয়াৰে ১৪৭ গৰাকী হিতাধীকাৰীয়ে প্ৰথম ‌পালি আৰু  ৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহন কৰে।আজিলৈ সৰ্বমুঠ ৬৫৪৮ গৰাকীক ক’ভিড ভেকচিন দিবলৈ সক্ষম হৈছে। ৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অভিজিৎ বসু আৰু ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰাৰ  লগতে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান মাতৃ সকলক ক’ভিড ভেকচিন প্রদান কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷আনহাতে ১১অক্টোবৰ ২০২১তাৰিখে ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতি ৰেখা শইকীয়া  ,  বি ছি এম  আৰু ব্লক coordinator ৰে ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰে লগতে এছ ডব্লিউ  বিপ্লৱ জ্যোতি ডেকা  উপস্থিত থাকে। ১০ অক্টোবৰ ২০২১ তাৰিখে মাজৰ চুবা গাওঁত স্বাস্থ্যকৰ্মী সকলে ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰিছে। মেগা ভেকচিনেচন কাৰ্য্যসূচীত জড়িত  সেৱক,সেবিকা  সকল ডাঃ স্নেহাস্মিতা ঘোষ, বীৰেন্দ্ৰ হাজং,মুনু দাস,ৰীছা দৈমাৰী, ৰিংকু দৈমাৰী, ছফিউৰ ৰহমান ,গোপী এ চাংমা,শিক্ষক পৰশু ৰাম উপাধ্যায় । যি সকল হিতাধীকাৰীয়ে তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত আহি তেওঁলোকৰ ক’ভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকক  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ধন্যবাদ জ্ঞাপন কৰে।

আৰক্ষীক হেণ্ডছেক দিয়াৰ বাবেই স্কুলীয়া ছাত্ৰীক ,মহিলাক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে ওৰাঙত

 সমগ্ৰ ভাৰতবৰ্ষতেই মহিলাক প্ৰথম স্থান দি অহাৰ সময়তে ওৰাংত সংঘটিত হৈছে এক জঘন্য কাণ্ড । সমগ্ৰ দেশতেই  মহিলাক সকলো ক্ষেত্ৰতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দেশজুৰি নানান পন্থা অৱলম্বন কৰি অহা সময়তে ওৰাং চমুৱাগাঁও নিবাসী দ্ৰোণ প্ৰসাদ ৰেগ্মীৰ পত্নী দয়মন্তী দেৱীক অভিযোগ অনুসৰি  হৰি লাল ৰেগ্মীয়ে অমানবীয় ভাবে  প্ৰহাৰ কৰে । জানিব পৰা মতে  হৰি লালশৰ্মাই প্ৰথমতে দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ফুল কুমলীয়া  ছাত্ৰীক আৰক্ষীক হেণ্ডছেক দিয়াৰ বাবেই দানবীয়  ভাবে  মাৰধৰ কৰে ।আনকি খেদি খেদি গৈ প্ৰহাৰ কৰা বুলি ছাত্ৰী আৰু পৰিয়ালবৰ্গই জনাইছে ৷ বিনা কাৰণত মাৰধৰ কৰাত ছাত্ৰী গৰাকীৰ মাতৃ দময়ন্তী দেৱীয়ে তেওঁৰ  ছোৱালীক বিনা কাৰণত কিয় বেয়াকৈ প্ৰহাৰ কৰিছে । কি ভুল কৰাৰ বাবে এজনী নাবলক ছাত্ৰীক মাৰধৰ কৰা বুলি  শুধোতে  পুনৰ ছাত্ৰী গৰাকীক পুনৰ মাৰধৰ কৰে ৷পুনৰ  হৰি লাল শৰ্মাৰ পৰা  জানিবৰ বাবে মাতৃ দময়ন্তী দেৱী সোধ পোছ কৰা মাত্ৰেই  হৰি লাল শৰ্মাই মহিলা জনীকো নানান অশ্লীল  ভাষাৰে গালি গলাজ পৰাৰ লগতে গুৰুলাগুলকৈ প্ৰহাৰ কৰে । এই সংক্ৰান্তত ১২অক্টোবৰত  ওৰাং আৰক্ষী থানাত  চমুৱাগাঁও নিবাসী দ্ৰোণ প্ৰসাদ শৰ্মাৰ পত্নী দময়ন্তী দেৱীবে একেখন গাওঁৰে মনোৰথ ৰেগমী/ শৰ্মাৰ পুত্ৰ হৰি প্ৰসাদ ৰেগমী ওৰফে হৰিলাল শৰ্মাৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে ।আনহাতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চমুবাগাওঁৰ এগৰাকী স্কুলীয়া ছাত্ৰীক এগৰাকী লোকে অমানবীয় অত্যাচাৰ কৰা ঘটনাটো সমগ্ৰ ওৰাং অঞ্চলটোতে চাঞ্চল্যৰ  সৃষ্টি হৈছে ৷এগৰাকী আৰক্ষীক ছাত্ৰী গৰাকীয়ে হেণ্ড ছেক দিয়াৰ বাবে গাও্ঁখনৰ এগৰাকী সম্বন্ধীয় খুড়ায়েকে অত্যাচাৰ কৰা ঘটনাটো সচেতন নাগৰিক সকলে আশ্বৰ্য প্ৰকাশ কৰিছে ৷এই ঘটনাৰ সম্পৰ্কত চমুৱাগাওঁৰ দ্ৰোন শৰ্মাৰ পত্নী দয়মন্তী দেবীয়ে তেওঁৰ কন্যাৰ  লগতে  নাৰকীয় অত্যাচাৰ কৰাৰ লগে তেওঁকো প্ৰহাৰ কৰা   হৰি প্ৰসাদ ৰেগমী ওৰফে হৰি লাল শৰ্মাৰ বিৰুদ্ধে ওৰাং আৰক্ষী থানাত দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমান ছাত্ৰী গৰাকী চিকিৎসাধীন অবস্থাত আছে ৷ ইতিমধ্য ওৰাং আৰক্ষী থানাত Case No. 152/21,Under Section -354/324 IPC,ত এটি গোছৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ৷যদিও এগৰাকী ছাত্ৰীৰ লগতে  এগৰাকী মহিলাৰ বৰ্বৰ ভাবে অত্যাচাৰ কৰা হৰি প্ৰসাদ ৰেগমী ওৰফে হৰিলাল শৰ্মাক বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ নকৰা বিষয়টো ৰহস্য আৰু আশ্চৰ্যজনক বুলি সচেতন নাগৰিক সকলে মত প্ৰকাশ কৰিছে ৷

বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহি, জেকলিন ফাৰ্ণাণ্ডেজক মানি-লণ্ডাৰিং গোচৰত চমন জাৰি EDৰ

প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) ২০০ কোটি টকাৰ ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজক চমন জাৰি কৰিছে।এই গোচৰটো দিল্লী আৰক্ষীয়ে কেলেংকাৰী সুকেশ চন্দ্ৰশেখৰ, লীনা মাৰিয়া-পল আৰু অন্যান্যলোকৰ দ্বাৰা সংঘটিত এক ধন দাবীৰ ৰেকেটৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ সৈতে সম্পৰ্কিত, য’ত কেইবাজনো ডাঙৰ ব্যক্তি জড়িত আছিল।কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে ইতিমধ্যে তেওঁলোকৰ বিবৃতি আগতে লিপিবদ্ধ কৰিছিল আৰু তেওঁলোকক পৰৱৰ্তী তদন্তৰ বাবে সাক্ষী হিচাপে পুনৰ মাতি অনা হৈছে।ইয়াৰ পূৰ্বে আগষ্ট মাহত EDয়ে ফাৰ্নাণ্ডেজক বহু কোটি টকাৰ ধন দাবীৰ ৰেকেটৰ অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে চলোৱা মানি লণ্ডাৰিং তদন্তৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল।

স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ শিলত খুদিত দূৰ্গা মন্দিৰত দূৰ্গা পূজা

দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ । সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দূৰ্গা পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দূৰ্গোৎসৱৰ মহা অষ্টমী।কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষৰ্দিনী দুৰ্গা মন্দিৰ। হাতীৰ মূৰসদৃশ এটি শিলত ১৬৬৭ শকত ইং ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভুজা দুৰ্গাদেৱীৰ মূৰ্তি খুদিত কৰি প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি। সেইবাবেই অঞ্চলটোৰ নাম হ’ল হাতীমূৰা।  মন্দিৰটিলৈ সোমাই যোৱা বাটতে এজোপা পুৰণি বৰগছৰ কাষতে আছে প্ৰকাণ্ড শিলত কটা গণেশৰ মুৰ্তি। হাতীমূৰালৈ মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজে মুকলি আকাশৰ তলত থকা গণেশৰ মূৰ্তিত কৰি আহিছে পুজা-অৰ্চনা। প্ৰতিবছৰে হতীমূৰাৰ দুৰ্গা মন্দিৰত উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ। এইবাৰো দুৰ্গোৎসৱ পালন কৰিছে ঐতিহ্যমণ্ডিত মন্দিৰটিত। দুৰ্গোৎসৱৰ প্ৰতিটো দিনতে ভক্তৰ সমাগম ঘটে হাতীমূৰাৰ দুৰ্গা মন্দিৰলৈ। অৱশ‍্যে এইবেলি কিছু ব‍্যতিক্ৰ পৰিলক্ষিত হৈছে।পূৰ্বৰ দৰে এইবাৰ কলিয়াবৰত নাই পূজাৰ জাক-জমকতা পূৰ্ণ পৰিৱেশ । চৰকাৰী কভিড বিধি মানি অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হৈছে দূৰ্গা পূজা । কলিয়াবৰত ১৯৭৯ চনৰে পৰা হাটবৰ সাৰ্বজনীন পূজা সমিতিয়েও আয়োজন কৰিছে চৰকাৰী নিয়ম অনুসৰি দূৰ্গা পূজা। কাঠেৰে নিৰ্মিত দূৰ্গা দেৱীক দৰ্শন কৰি মাৰ আৰ্শীবাদ ল’বৰ বাবে পুৱাৰে পৰা দৰ্শনাৰ্থীৰ পাতলীয়া ভীৰ দেখিবলৈ পোৱা গৈছে।

লেখাপানীত দুই উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল ‘এডভেন্সাৰ চাফাৰী ৰিজৰ্ট’

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰত পৰ্য্যটনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুকলি কৰা হয়  অফ ৰোড এডভেন্সাৰ চাফাৰী ৰিজৰ্ট । পাহাৰপুৰৰ দুজন উদ্যমী যুৱক ক্ৰমে সোতই চেমা আৰু অবিকা চেমাই অঞ্চলটোৰ প্ৰতি পৰ্য্যটক সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিয়ালে সুসজ্জিত ৰিজৰ্টখন। এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পাহাৰীয়া পৰিবেশেৰে পৰিবেষ্টিত ঠাইত গঢ়ি তোলা ৰিজৰ্ট খনে যেন সকলোকে হাতবাউলি মাতিছে। টিৰাপ গেট চেণ্ট্ৰেল বেংকৰ কাষৰ পথটোৰে তিনি কিলোমিটাৰ আগবাঢ়ি গলেই দেখা পোৱা যায় আটক ধুনীয়া ৰিজৰ্ট খন।

কোনো ধৰণৰ কৃতিমতা প্ৰয়োগ নকৰাকৈ প্ৰাকৃতিক ভাৱে উৎপাদিত সামগ্ৰীৰে নিৰ্মিত ৰিজৰ্ট খনত গঢ়ি তোলা হৈছে এটা ভিউ পইণ্ট, এই ভিউ পইণ্ট’ৰ পৰা বহু দূৰলৈ প্রকৃতিৰ সেউজ মনোমোহা দৃশ্য উপভোগ কৰাৰ উপৰিও সূৰ্য্য অস্ত যোৱাৰ এক নান্দনিক পৰিবেশ উপভোগ কৰিব পৰা যায়। উক্ত ৰিজৰ্ট খনত নাগা হাট নামেৰে এখন ৰেষ্টোৰাও গঢ়ি তোলা হৈছে যত উপলব্ধ থাকিব সুস্বাদু জনগোষ্ঠীয় খাদ্যসম্ভাৰ। ইয়াৰোপৰি ৰিজৰ্ট খনত উপলব্ধ থাকিব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ অফ ৰোড জিপ চাফাৰী। উক্ত ৰিজৰ্ট খনৰ উদ্যোগতা সকলে ভৱিষ্যতে ৰিজৰ্ট খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেনে ধৰণৰ পৰিকল্পনা হাতত লৈছে সেই পৰিকল্পনা সফল কৰি তুলিব পাৰিলে নিঃসন্দেহে অঞ্চলটোক যে পৰ্য্যটনৰ ক্ষেত্ৰত এক নতুনমাত্ৰা প্ৰদান কৰিব সেইয়া নিশ্চিত। এই চেগতে দুয়োগৰাকী উদ্যোক্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে তেখেতসকলৰ এই যোগাত্মক চিন্তাধাৰাই অসমৰ পৰ্য্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু হলেও অৰিহণা যোগাব পাৰে আৰু লগতে লেখাপানীৰ পৰ্য্যটন ক্ষেত্ৰখনো পৰ্য্যটকৰ বাবে আকৰ্ষণৰ থলী হিচাপে গঢ় লৈ উঠক।

জাগুনত এন এছ চি এন(আই এম)ৰ সদস্য আটক

জাগুনত মঙ্গল বাৰে সেনাবাহিনীৰ দ্বাৰা আটক কৰা হয় এজন এন, এছ, চি, এন(আই, এম)ৰ দুৰ্ধৰ্ষ কেডাৰ। জাগুনস্থিত সেনাছাউনিৰ এটা দলে অভিযান চলাই আটক কৰে কেডাৰ জনক। মঙ্গল বাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ পৰা এন, এছ, চি, এন, ৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয় সেনাবাহিনীৰ দলটোৱে।আটকাধিন সদস্য জনৰ নাম মনোৰঞ্জন পাইট(২৮)বুলি জানিব পৰা গৈছে। জাগুন ২নং কাংকান গাঁৱৰ স্বৰ্গীয় তানুৰাম পাইট, ৰ পুত্ৰ বুলি জানিব পৰা গৈছে আটকাধিন কেডাৰ জন। কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে আমেৰিকাত নিৰ্মিত এটা ৭.৬৫ এম,এম পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী,২৫০গ্ৰাম বিস্ফোৰক , এটা চেফটি ফিউজ আৰু এটা ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানে কেডাৰ জনক সেনাবাহিনীয়ে লেখাপানী আৰক্ষীক চমজাই দিছে। লেখাপানী আৰক্ষীয়ে আটকাধিন কেডাৰ জনক প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

শিমলীতোলাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

পুৰোহিতৰ মন্ত্ৰোচাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ তেনে সময়তে সংকীৰ্ণতা কিম্বা বিভেদৰ বিৰুদ্ধে  সমন্বয় আৰু ভাতৃত্ববোধৰ এক অনুকৰণীয় ছবি প্ৰস্ফুটিত হৈছে শিমলীতোলা দুৰ্গাপূজা থলীত। পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলত হিন্দু-মুছলমান উভয়ে মিলি পাতিছে ৬৪ সংখ্যক দুৰ্গাপূজা। কভিড প্ৰট’কল মানি এইবাৰৰ পূজাত উভয় সম্প্ৰদায়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিছে পুজাখন। পূজাথলীৰ পৰাই উভয় সম্প্ৰদায়েৰে গঠিত পূজা কমিটিয়ে  সমাজলৈ বিলাইছে এক ইতিবাচক মিলন বাৰ্তা। শিমলীতোলাৰ সাৰ্বজনীন দুৰ্গাপূজা স্থলীৰ পৰাই সমাজত অংকুৰিত হওক প্ৰেম ভাতৃত্ববোধৰ এক পৰিবেশ। স্মৰ্তৱ্য যে অকল পূজাৰ ক্ষেত্ৰতেই নহয় ঈদৰ পৰত হিন্দু সম্প্ৰদায়ৰ লোকেও কৰে পূৰ্ণ সহযোগ। নৱাগত শিমলীতোলাৰ পূজাৰ এই আদৰ্শই সমাজৰ প্ৰতিজনৰ মনলৈ এক প্ৰেম-ভাতৃত্বৰ ভাৱ অংকুৰিত হোৱাৰ কামনা কৰিলে উদযাপন সমিতিয়ে।

ধুবুৰীৰ দত্তবাৰীৰ ১৬১বছৰৰ পূজা

ধুবুৰীৰ দত্তবাৰীৰ দূৰ্গাপূজা এইবেলি ১৬১ বছৰত ভৰি দিব৷ পূজাখন আৰম্ভ হৈছিল ১৮৬১ চনত৷ পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী ৺ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল এই পাৰিবাৰিক দূৰ্গা পূজাখন৷ প্ৰথমাৱস্থাত পূজাখনত বলি প্ৰথা আছিল যদিও ৰাজমোহন দত্তৰ দুগৰাকী কৃতি পুত্ৰ কিশোৰ মোহন দত্ত আৰু বেণী মাধৱ দত্তৰ আকষ্মিক মৃত্যুৰ পিছৰ পৰা বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়৷ জানিব পৰা মতে পূৰ্বে সন্ধি পূজাৰ দিনা এই পাৰিবাৰিক পূজাখনত ১০৮ টা ছাগলী বলি দিয়া হৈছিল৷ কিন্তু ৺ৰাজমোহন দত্তৰ দুই প্ৰতিষ্ঠিত সন্তানৰ অকাল মৃত্যুৰ পিছত মাতৃ ৺ৰাশমনিয়ে শোক আৰু অভিমানত পূজাখন বন্ধ কৰি দিয়ে৷ পিছত ৺ৰাজমোহন দত্ত আৰু তেখেতৰ তিনি পুত্ৰ ৺প্যাৰিমোহন দত্ত, ৺শশীমোহন দত্ত, ৺ললিতমোহন দত্তৰ উদ্যোগত পূজাখন পুনৰ আৰম্ভ হয় যদিও তেতিয়াৰ পৰা পৰিয়ালটোৰ দুৰ্গাপূজাত বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়। উল্লেখ্য যে, দত্তবাৰীৰ এই দূৰ্গাপূজাখনৰ প্ৰতিমা, পূজাৰ প্ৰণালী আৰু বিসৰ্জনৰ আছে কেতবোৰ বিশেষ বৈশিষ্ট৷ পূৰ্বৰ দৰেই এতিয়াও পৰিয়ালটোৰ দেৱী প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ হয় জন্মাষ্টমীৰ দিনা৷ ১৫ ফুট উচ্চতাৰ তথা স্থানীয় ভাৱে “একচালা” শৈলীৰূপে পৰিচিত দুৰ্গা প্ৰতিমাৰ শৰীৰ আৰু বস্ত্ৰৰ ৰং, অংগ সজ্জা, মুখ আৰু চকুৰ অভিব্যক্তি পূজাখনৰ আৰম্ভণিৰে পৰা এতিয়াও সলনি হোৱা নাই। অৱশ্যে পূৰ্বে দেৱীৰ বস্ত্ৰ আৰু মুকুট মাটিৰে নিৰ্মাণ কৰা হৈছিল যদিও দশমীৰ বিসৰ্জনৰ সময়ত প্ৰতিমাৰ ওজনৰ হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে মাটিৰ ঠাইত কাপোৰৰ বস্ত্ৰ পৰিধান কৰোৱা হয় দেৱীক। ‘‘দত্তবাৰী’’ এই দুৰ্গা পূজাৰ আছে কেতবোৰ বিশেষ পৰম্পৰাও। মহালয়াৰ পিছদিনা প্ৰতিপদৰ পৰা আৰম্ভ হয় এই পূজাখন। পূজা আৰম্ভ হোৱাৰ দিনৰ পৰা দশমী পূজা সম্পন্ন নোহোৱালৈকে প্ৰতিদিন ধলপুৱাতে ‘ঢাক’ বজাই ‘দেবীক শয়নৰ পৰা উঠোৱাৰ এক বিশেষ লোকাচাৰো আছে পূজাখনৰ৷ ইয়াতে উল্লেখনীয় এয়াও যে, সুদূৰ জাৰ্মানীৰ পৰা আহি এই পৰিয়ালটোৰ বোৱাৰী হোৱা তথা প্ৰখ্যাত ভাৰতনাট্যম আৰু কত্থক নৃত্যশিল্পী ইৰিকা নন্দীয়ে ১৯৬৯ চনৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ দুৰ্গাপূজাৰ মণ্ডপত প্ৰদৰ্শিত কৰা আৰতিও ‘‘দত্তবাৰী’’ৰ পূজাৰ এক আন এক আকৰ্ষণ হোৱা পৰিলক্ষিত হয় বুলি জানিবপৰা গৈছে।

শৃংখলিত যুৱ সমাজেহে শৃংখলিত সমাজ গঢ়ি তুলিব পাৰে: দেৱজিৎ বৰা

অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ অসমৰ মাজুলী জিলা সমিতি গঠনৰ উদ্দেশ্যে আজি শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সংস্কৃত টোলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় | দিনৰ ১১ বাজি ৩০ মিনিটৰ পৰা সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দীপাংকৰ মহন্তই সভাপতিত্ব কৰা আজি অনুষ্ঠানত মুখ্য পৰ্যবেক্ষক তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃণাল খনিকৰে অসমীয়া জাতীয় জীৱন শক্তিশালী কৰিবৰ বাবে অসমৰ যুৱ প্ৰজন্মক অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ অসমৰ অন্তভুক্ত হৈ স্বদেশ আৰু স্বজাতিৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনায় |  সভাৰ অন্যতম আহ্বায়ক শংকুসিদ্ধ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই ভাষণ প্ৰসংগত কয় শৃংখলিত যুৱ সমাজে শৃংখলিত সমাজ গঢ়ি তুলিব পাৰে | শিক্ষা-দীক্ষা গ্ৰহণ কৰি যুৱ প্ৰজন্মই অসমৰ জাতীয় জীৱন শক্তিমান কৰি তুলিবৰ বাবে ঐক্যবদ্ধ হ’ব পাৰিব লাগিব, নহ’লে সবল শক্তিমান জাতি গঢ় দিয়াত আমি সাফল্য হ’ব নোৱাৰিম | সভাৰ আহ্বায়ক মনোজ্যোতি ৰেগনে আঁত ধৰা সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰে বিশিষ্ট কবি তথা মাজুলী জিলা সাহিত্য সভাৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই | অসম সত্র মহাসভাৰ চৰাইদেউ জিলাৰ সম্পাদক প্ৰমোদ মহন্ত, মাজুলী জিলা সত্র মহাসভাৰ সম্পাদক পুতুল মহন্ত, যোৰহাট জিলা সমন্বিত যুৱতীৰ্থৰ সভাপতি ধ্ৰুৱজ্যোতি বৰদলৈ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰা সভাখনত শিক্ষক প্ৰণৱজিত মিশ্ৰ, অনুপ্ৰভা দেৱী, যাদৱকৃষ্ণ মহন্ত, শিল্পী গোলাপ চন্দ্ৰ নাথ, প্ৰফুল্ল বৰুৱা প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে | সভাৰ শেষত উৎপল মহন্তক সভাপতি, মনোজ্যোতি ৰেগনক কাৰ্যকৰী সভাপতি, শংকুসিদ্ধ নাথ আৰু চন্দন গোস্বামীক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰি সমন্বিত যুৱতীৰ্থ অসমৰ মাজুলী জিলা সমিতিখন গঠন কৰে | 

ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পোন প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্গাপূজা উপভোগ কৰিবলৈ উপস্হিত হ’ল কোকৰাঝাৰ জিলাৰ লগতে নামনি অসমৰ ধুবুৰী জিলা লৈ।  আজি দিনৰ ১-৪৫ মান বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  পাণবাৰীস্থ বিএছএফ কেম্পৰ হেলিপেডত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বিটিআৰৰ  কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত বিশেষ পূজা আগবঢ়ায়। পিছত মন্দিৰত দুপৰীয়া প্ৰসাদ গ্ৰহণ কৰে। তাৰ পাছত ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজবাৰীৰ মাটিয়াবগস্থিত হাওয়া খানা পৰিদৰ্শন কৰাৰ লগতে গৌৰীপুৰ, ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত অংশ গ্ৰহণ কৰে। মুখ্যমুন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে পঞ্চায়ত ও গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে ।