Home Blog Page 2796

অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন

যি সময়ত অসম চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পদক্ষেপ  ৰাখি উচ্চেদ অভিযান চলাইছে , সেই সময়তে অসমৰ ভূমিত সমীপৰ ৰাজ্য নাগালেণ্ডে আগ্ৰাসন অব্যাহত ৰখাত অসমৰে স্থানীয় প্ৰশাসন তথা আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ জলন্ত নিৰ্দশন স্বৰূপে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত গেলেকী সংৰক্ষিত বনাঞ্চলৰ লগতে সীমান্তৱৰ্তী অসমৰ শ শ হেজাৰ হেক্টৰ ভূমি নাগালেণ্ডে দখল কৰাই নহয় অসমৰ ভূমিত নগাই গাওঁ স্থাপন কৰি স্কুল , গীৰ্জা ঘৰ , চৰকাৰী কাৰ্যালয় আদি স্থাপনেৰে আগ্ৰাসন অব্যাহত ৰাখিছে । আনকি নগাই অসম সীমান্তৰ জনগণৰ পোহনীয়া জীৱ , জন্তু বলপূৰ্বক ভাৱে নিয়াৰ উপৰি অপহৰণ , হত্যা আদি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । শেহতীয়াকৈ যোৱা কালি গেলেকী আৰক্ষী থানাৰ সমীপৰ হাতীগড় অঞ্চলত নাগালেণ্ডৰ মুককচাং জিলাৰ তুলি ব্লকৰ অন্তৰ্গত নাগালেণ্ড চৰকাৰৰ ২০০৯ – ১০ বৰ্ষৰ আচনি মৰ্মে কান্তচুং নামাংকৰণেৰে ( ব্লক কৰ্ড – ২৩০৫০০১০১০/ আৰ চি / এল এ – ১০ পি এইচ আই ) এখন গাওঁ স্থাপনৰ প্ৰচেষ্টা কৰি পকী খুটা আৰু পকী নাম ফলক পুতি অসমৰ ভূমি দখলৰ চেষ্টা কৰে । এই খবৰ পাই নাজিৰা মহকুমা প্ৰশাসনৰ তৎপৰতাত ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ প্ৰীতম গগৈৰ উপস্থিতিত গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলেন্দ্ৰ চেতিয়া আৰু গেলেকী আৰক্ষীৰ এটা দলে নিশা প্ৰায় ৭ – ৩০ বজাত গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড় অঞ্চলৰ যথা স্থাপন উপস্থিত হৈ নাগালেণ্ড চৰকাৰে স্থাপন কৰা কান্তচুং নামাংকৰণৰ পকী নাম ফলক আৰু পকী খুটা উচ্ছেদ কৰি জব্দ কৰে ।

নিশা এই সমগ্ৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰি উভতি আহোঁতে বাটত সংবাদসেৱী কেইজনক গেলেকী আৰক্ষীয়ে বেৰি ধৰি ভাৰপ্ৰাপ্ত বিষয়া দুলেন্দ্ৰ চেতিয়াই ” তহঁতি ইয়ালৈ কিয় আহিছ , তহঁতক মই মতা নাই , তহঁতি এই বাতৰি নকৰিবি ” আদি বিভিন্ন কটু বাক্যৰে অপদস্থ কৰে । লগে লগে সংবাদসেৱী কেইজনে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰাত সীমান্ত দণ্ডাধীশ প্ৰীতম গগৈ , মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোৱৰৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় । উল্লেখ্য যে , ১৯৬৩ চনত অসমৰ পৰা পৃথক নাগালেণ্ড ৰাজ্য প্ৰশাসনিক ভাৱে গঠন কৰাৰ দিনৰে পৰা নাগালেণ্ড চৰকাৰ , এন এছ চি এন খাপলাং আৰু মুইভা দুয়োটা গোটৰ লগতে নগা লোকেও সীমান্তৱৰ্তী অসমৰ ভূমি দখল বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যৰে আগ্ৰাসন অব্যাহত ৰাখিছে । সুদীৰ্ঘ ৫৮ টা বছৰ অতিক্ৰম কৰাৰ পিছত কেইবাখনো চৰকাৰে শাসন শেষ কৰিলেও কোনো এখন চৰকাৰে অসম – নাগালেণ্ডৰ বিবদমান সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত স্থায়ীভাৱে সৱল পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । চৰকাৰৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষী বিভাগেও নগাৰ এই আগ্ৰাসনত হাত উজান দি ৰহস্যজনক ভূমিকা পালন কৰি আহিছে এই কথা পুনৰ প্ৰতিয়মান হয় নাজিৰা মহকুমা প্ৰশাসন তথা গেলেকী আৰক্ষীৰ শেহতীয়া কাৰ্য । 

 

ঐতিহাসিক ফুলগুৰি ধেৱাৰ ১৬০বছৰ

ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিৱলৈ সংগঠিত হোৱা কৃষক সকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোৱৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাই চাওঁতে চাওঁতে আজি ১৬০ বছৰত ভৰি দিলে ৷ বুৰঞ্জীৰ পাট লুটিয়ালে দেখা যায় অতীতৰেপৰা বৰ্তমানলৈকে বিভিন্ন গণবিদ্ৰোহ, গণ- আন্দোলন আৰু গণ- বিপ্লৱত নগঞা ৰাইজে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ পৰিচয় দি আহিছে তাহানিৰে পৰা ৷ এই ক্ষেত্ৰত কৃষক তথা শ্ৰমজীৱি সাধাৰণ জনতাৰ ভুমিকা উল্লেখ যোগ্য আছিল ৷ শাসকীয় ইংৰাজ চৰকাৰৰ শোষণ- শাসন, নিস্পেষণৰ বিৰুদ্ধে ১৮ অক্টোবৰ ১৮৬১ চনত এনে এক জংগী কৃষক বিদ্ৰোহ হৈছিল মধ্য অসমৰ নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰি অঞ্চলত ৷ সেই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজৰ চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা শব্দই আন এক ৰূপ লৈ প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে উলাই আহি সংঘটিত কৰিছিল এই কৃষক বিদ্ৰোহ ৷১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত বৃটিছ চৰকাৰৰ ধনৰ ভঁড়াল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ জেমচ্ উইলচনৰ উপদেশ মতে লগোৱা আয়কৰ সমগ্ৰ অসমৰ লগতে নগাঁওতো বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰকাটলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলংঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁওৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওতে কৰতকৈ অধিক খৰচ হ’ব বুল্ জনজাতীয় এলেকা ইয়াৰপৰা বাদ পৰিল।  নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্ছ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য্য কৰে। হাট- ঘাটত অধিক ডাকত বিক্ৰি কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী- চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১-৫২ চনত চৰকাৰে নিজে আৱকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই  যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয়। ( বেণুধৰ কলিতাই তেওঁৰ “ফুলগুৰি ধেৱা” নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই। কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ জকি উঠিছিল।”)বিভিন্ন কাৰণত জুৰুলা নগঞা সংগ্ৰামী জনতাৰ মাজত এটা প্ৰচাৰ হ’ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল’লে পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰা বিৰুদ্ধে ৰাইজ মেল পাতিলে। ১৮৬১ চনৰ চনৰ চেপ্তেম্বৰৰ ৭ তাৰিখে এহাজাৰ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ- দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ’ল। চি. চি. হাৰবাৰ্ট স্বনচৰ কক্ষত সোমাই গ’ল। তেওঁ আন কামত ব্যস্ত থকাত ৰাইজৰ সমস্যা সম্পৰ্কে শুনি বুজনি দিয়াৰ পৰিবৰ্তে উশৃংখল অৱস্থাৰ সৃষ্টি কৰা বুলি মিছা অভিযোগত তেওঁলোকক জৰিমনা কৰাৰ লগতে থানাত আৱদ্ধ কৰে। কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধুলালৈ মুকলি কৰি দিয়ে, তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হবলৈ নাপালে। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখীয়াল কৃষকে আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোক পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে। তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিন্ধান্ত কৰে আৰু চৰকাৰৰ কাণত দুখ-দুৰ্গতিৰ কথা সিমুৱাবৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ পোন্ধৰৰ অক্টোবৰৰ পৰা একেলেঠাৰীয়ে পাঁচদিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ জাতে সবালৈ আহে আৰু তাৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিচনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি চৌধ অক্টোবৰত এজন দাৰোগা পঠাই সভাস্থলিত গোটখোৱা মানুহবোৰ আতৰাই পঠাবলৈ আৰু মুখীয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পোন্ধৰ অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আতৰি যাবলৈ কোৱাত তেওঁলোকক অকনো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে কাৰণ তেওঁলোকে সমুহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। সৰহীয়া মানুহৰ সভা, তাৰে কিছুমানে লাঠীলৈ সু- সজ্জিত হৈ থকাত পুলিচ আতৰি গৈ ডেপুটি কমিচনাৰক সকলো জনালেগৈ। ১৫ অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জামাদাৰ আৰু ১০ টা বৰকান্দাজ লৈ ১৬ অক্টোবৰ তাৰিখে পুৱা ফুলগুৰি পায়। তাত জন সমুদ্ৰক আতৰাই পঠোৱাত বিফল হয়। সেই দিনাই সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তিকান্ত মহৰী ফুলগুৰিত উপস্থিত হয় । ১৭ অক্টোবৰ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ তাত সমবেত হবলৈ ধৰিলে। সেইদিনা বিয়লি ২ বজাত প্ৰায় চাৰি হেজাৰ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠি-জোং ইত্যাদি আছিল। ১৮৬১ চনৰ ২৯ নবেম্বৰত হাবাৰ্ট স্কঞ্চে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদন কমিচনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক দৰিছিল যদিও মানুহে সেইবলাকক মুক্ত কৰি নিয়ে। লেফটেনেন্ট স্কনচ চাহেবে ১৮ অক্টোবৰ তাৰিখে নিজে ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে। পিছত তেও নিজে নাহিল। ১৮ অক্টোবৰৰ দিনা এচিষ্টেন্ট কমিচনাৰ লেফটেন্ট চিংগাৰ এটা টাটু ঘোৰাত উঠি জেইল ডাৰোগা আৰু এদল পুলিচৰ সৈতে ১০ বাজি ২ মিনিটত ফুলগুৰি ওলালহি। ২ বজাত লাঠি- জাঠি লৈ বহুত মানুহ আহিছিল। তেওঁলোকে ধনুকাড়ো আনিছিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪ টা চিপাহী, যাঠীৰ সৈতে ১১ টা বাৰাকান্দাজ সহ চিংগাৰ যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আহত গছৰ তলত আহল-বহল মুকলি ঠাইত তিনিজুমহৈ অতি কমেও প্ৰায় ৩,০০০ মানুহৰ সমাবেশ হোবা দেখা পায়। প্ৰায়বোৰ মানুহৰ মুৰত পাগুৰি আৰু লাঠী-জোংৰে সু-সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠিবোৰ জমাদি ঘটনাস্থলৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তাৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অনভিজ্ঞ বিষয়াজনে জোৰকৈ প্ৰজাক নিৰস্ত কৰিবলৈ পুলিচক হুকুম কৰাৰ লগতে নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নিৰস্ত্ৰ কৰিবলৈ লাগি যায়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থুলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে। এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা-আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মামুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (প্ৰকৃততে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাসায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সক্ৰান্তে পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল ৰাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা। (সদৰ থানাৰ দাৰোগা হলধৰ বৰুৱাৰ ১৮ অক্টোবৰ ১৮৬১ ৰ জৱানবন্দী, ফুলগুৰিত শিৱিৰ পাতি থাকোতে হাবাৰ্ট স্কঞ্চে ২৯ নবেম্বৰত কমিচনাৰলৈ পঠাইছিল।) অনাদৰ মহৰীৰ জৱানবন্দীয়ে হৰনাথ বৰুৱাৰ জৱানবন্দী ডাঠকৈ সাৱ্যস্ত কৰিছে। “চিংগাৰৰ শটো কলংনদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকে যাত্ৰা আৰম্ভ কৰে। এটা দলে ৰহা থানা দখল কৰি দাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে। শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহাৰ্য্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়।

কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫ টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে) কিবা কৰাত নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেন্টীৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰ পৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাওঁলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেন্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি। ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিত্সাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গ পৰিয়াল নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সত্কাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰী দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল। সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল।ডেপুটী কমিচনাৰে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (বৃটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তাৰোপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটঁহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন-জীপান্তকৰী কৰি কলিয়া-পানীলৈ পঠালে।

এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰ জৰ্জ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুং, মহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰ পৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লেখিত পাঁচোৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ ও সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোসাঁই প্ৰমুখ্যে সভ্ৰান্ত লোক সকলক কছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে ৷ বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল।যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে…। ৰূপচিং- চিৰচিং- বাহু- বনমালী…”। এতিয়া এই গীতবোৰ শুনিবলৈ পোৱা নাযায়। জীৱনৰ প্ৰত্যাহিকতাত মানুহে ফুলগুৰি ধেৱাৰ কথা পাহৰি যোৱাৰ লগে লগে তাৰ স্মৃতিত মুখে মুখে ৰচিত বেদনাদায়ক গীতবোৰো পাহৰণিৰ গৰ্ভত বিলীণ হ’ল। নগাঁও জিলাৰ সংগ্ৰামী ৰাইজ তথা ফুলগুৰিয়া ৰাইজৰ বাবে ১৮ অক্টোবৰ তাৰিখটো এতিয়া ৰৈ গ’ল মাথো স্মৃতি দিৱস হিছাপেহে ৷ মাত্ৰ সেই দিনটোত এইসকল বিদ্ৰোহী কৃষকৰ নামত কেইগচিমান চাকিবন্তি জলাইয়ে যেন স্মৃতি ৰোমণ্ঠন কৰাৰ বাহিৰে আন একোয়েই উল্লেখযোগ্য কাম কৰিব নোবাৰিলে স্বাধীনতাৰ আজি ৭৫ বছৰ পাছতো ফুলগুৰিৰ ঐতিহাসিক এই কৃষক বিদ্ৰোহৰ চিৰযুগমীয়া কৃৃৃৃতী স্বৰূপে উক্ত ঠাইত চৰকাৰী ব্যৱস্থাত আজিলৈকে কোনো উল্লেখযোগ্য স্মৃতি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ 

বিৰাট কোহলীৰ পিছত আৰচিবিৰ নতুন অধিনায়ক কোন হ’ব?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ ছিজনৰ কিছুমান সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছে। ই সকলোকে আচৰিত কৰা এটা সিদ্ধান্তও দেখিছিল, যিটো হৈছে ৰাজকীয় প্ৰত্যাহ্বানকাৰী বাংগালোৰৰ অধিনায়ক বিৰাট কোহলীৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত। বিৰাট কোহলীয়ে কৈছিল যে তেওঁ ছিজনৰ দ্বিতীয় পৰ্যায়ত পৰৱৰ্তী ছিজনৰ পৰা অধিনায়ক নহ’ব।বিৰাট কোহলীয়ে যোৱা ৮ বছৰ ধৰি আৰচিবিৰ অধিনায়কত্ব কৰি আহিছে। কোহলীয়ে তেওঁৰ দল আৰচিবিৰ বাবে কোনো খিতাপ জিকিব নোৱাৰিলে কিন্তু তেওঁ নিজেই ভাল প্ৰদৰ্শন কৰিছে। তথাপিও, বিৰাট কোহলীয়ে পৰৱৰ্তী ছিজনৰ পৰা অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লয়।অৱশ্যে বিৰাট কোহলীয়ে এজন খেলুৱৈ হিচাপে আৰচিবিৰ হৈ খেলাৰ কথা কৈছে। কিন্তু তেওঁৰ পদ ত্যাগৰ সিদ্ধান্তৰ পিছৰে পৰা, অহা বছৰ আৰচিবিক কাক অধিনায়কত্ব অৰ্পণ কৰা হ’ব তাক লৈ চৰ্চা হৈছে।যদিও আই পি এলৰ পৰৱৰ্তী ছিজনত বৃহৎ নিলাম অনুষ্ঠিত হ’বলৈ গৈ আছে, সকলো দলে তেওঁলোকৰ কিছুমান খেলুৱৈক ধৰি ৰখাৰ নমনীয়তা লাভ কৰিব পাৰে। বিৰাট কোহলীক ধৰি ৰখাৰ বাবে সাজু হৈছে আৰু আৰু কিছুমান গুৰুত্বপূৰ্ণ খেলুৱৈ থাকিব পাৰে।কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল পৰৱৰ্তী ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ফ্ৰেঞ্চাইজিৰ দ্বাৰা কোনজন খেলুৱৈৰ অধিনায়ক হ’ব পাৰে। এ বি ডি ভিলিয়ৰ্ছ আৰু গ্লেন মেক্সৱেলৰ দৰে খেলুৱৈসকল শাৰীত আছে। কিন্তু এইটো তেওঁলোকৰ নামত থকা যেন নালাগে।যদিও কেৱল সময়হে এই বিষয়ে ক’ব, প্ৰাক্তন ভাৰতীয় পেচাৰ আশীষ নেহৰাই আৰচিবিৰ অধিনায়কত্বৰ বাবে এটা অতি আচৰিত নাম দিছে। নেহৰাই যুৱ বেটছমেন দেৱদত্ত পাডিকালক পৰৱৰ্তী আৰচিবি অধিনায়ক হিচাপে বৰ্ণনা কৰিছিল আৰু এজন অভিজ্ঞ খেলুৱৈ নহয়।আশীষ নেহৰাই তেওঁৰ হৈ আৰচিবিৰ অধিনায়ক হিচাপে দেৱদত্ত পদীকালৰ নাম পৰামৰ্শ দিছে। নেহৰাই অনুভৱ কৰে যে যদি ফ্ৰেঞ্চাইজিয়ে কাৰোবাক দীঘলীয়া সময়ৰ বাবে অধিনায়ক ৰাখিব লগা হয় তেন্তে দেৱদত্ত পদীকাল এটা ভাল বিকল্প।নেহৰাই ক’লে’যদি ‘ ফ্ৰেঞ্চাইজিয়ে দীৰ্ঘম্যাদী সমাধান বিচাৰে, দেৱদত্ত পডিক্কাল এটা ভাল বিকল্প হ’ব পাৰে। পেডিকলৰ আৰচিবিক কাৰ্যকৰীভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা আছে। যদি ফ্ৰেঞ্চাইজিয়ে দীৰ্ঘদিন ধৰি অধিনায়ক হিচাপে এজন খেলুৱৈ বিচাৰি আছে, তেওঁলোকে কাইলৈ দলটোৰ হাতত দলটোৰ কমাণ্ড হস্তান্তৰ কৰিব লাগিব। ‘

ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাবৰ উদ্যোগত ৩দিনীয়া ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাৱৰ উদ‍্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণ  ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰতনপুৰ অঞ্চলত ৮ অক্টোবৰ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰতনপুৰ আঞ্চলিক ক্লাৱৰ উদ‍্যোগত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেলখনৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে বড়িগাঁওৰ গা‍ঁওবুঢ়া কৰুণা কান্ত বড়োই। মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰাৰ লগতে খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক লক্ষীৰাম বড়োই। লগতে ৰতনপুৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও খেলখনৰ শুভাৰম্ভণিৰ মুহূৰ্তত উপস্থিত থাকি খেলুৱৈ সকলৰ লগতে উদ‍্যোগতাক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত ফুটবল প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক ট্ৰফীৰ সৈতে নগদ ১২,০০০ টকাৰ বিপৰীতে ৰানাৰ্ছাপ দলক ট্ৰফীসহ নগদ ৮০০০ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি উদ‍্যোগতা তথা ৰতনপুৰ আঞ্চলিক ক্লাৱৰ সভাপতি কৃষ্ণ ৰাভাই জনায়। আনহাতে খেল উপভোগ কৰিবলৈ সমূহ ৰাইজক আমন্ত্ৰণ জনায় ৰাফা দলৰ সক্ৰিয় সদস্য অমিত বড়োই‌।

বংগৰ দুৰ্গা পাণ্ডেলৰ ৰাজনীতি, ‘খেলা হোবে’ৰ বিষয়বস্তুৰ ওপৰত ডিজাইন ‘

নিৰ্বাচনৰ বতৰ হওঁক বা পশ্চিম বংগৰ উৎসৱৰ বতৰ হওঁক, ‘খেলা হোবে’ এতিয়া সকলো ঠাইতে শুনা বা দেখা গৈছে। এইটো এতিয়া নৱৰাত্ৰি আৰু ভক্তসকলে বংগত দুৰ্গা পেণ্ডেলত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে। ইফালে, বংগৰ পেণ্ডেলসমূহেও ৰাজনীতিৰ এক আভাস দেখিছে। বংগত বজোৱা হোবেৰ বিষয়বস্তুৰ ওপৰত পেণ্ডেলবোৰ ডিজাইন কৰা হৈছে, যাক চাবলৈ মানুহে ভিৰ কৰিছে।দক্ষিণ কলকাতাৰ দাৰুছত এটা দুৰ্গা পূজা পেণ্ডেল ‘খেলা হোবে’ শীৰ্ষক বিষয়বস্তুত ডিজাইন কৰা হৈছে। খেলা হোবে থীম কৰা এজন শিল্পী সৌমেন ঘোষে কয় যে ‘খেলা হোবে’ শ্লোগানটো সমগ্ৰ ভাৰততে বিখ্যাত। আমি শিশু আৰু যুৱক-যুৱতীসকলক মোবাইল গেমৰ সলনি বাহিৰৰ খেল খেলিবলৈ অনুপ্ৰাণিত কৰিবলৈ এই বিষয়বস্তুটো বাছনি কৰিছো।এই বছৰৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ‘খেলা হোবে’ শ্লোগান ব্যৱহাৰ কৰা হৈছিল। টিএমচিয়ে নিৰ্বাচনত বিজেপিক এক গুৰুতৰ আঘাত দিছিল। টিএমচিৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যোৱা মাহত ঘোষণা কৰিছিল যে ১৬ আগষ্ট ‘খেলা হোবে দিৱস’ হিচাপে উদযাপন কৰা হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ভৰি স্থাপন কৰিবলৈ চেষ্টা কৰি থকা টিএমচিয়ে ত্ৰিপুৰাকে ধৰি দেশৰ আন প্ৰান্তত দিনটো উদযাপন কৰাৰ বাবে ডাঙৰ পৰিকল্পনা কৰিছে, য’ত ২০২৩ চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।দুৰ্গা পূজাৰ পেণ্ডেলবোৰে ভিৰ কৰে, জনবহুল ঠাইপৰিহাৰ কৰিবলৈ আবেদন কৰেইফালে, পশ্চিম বংগ চৰকাৰে শনিবাৰে লোকসকলক জনবহুল স্থান পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে কোভিড মহামাৰী এতিয়াও শেষ হোৱা নাই। আনকি ৰাজ্যখনত উৎসৱ আৰম্ভ হোৱাৰ আগতেই, মানুহে বৃহৎ সংখ্যাত দুৰ্গা পূজাৰ পেণ্ডেল দৰ্শন কৰা আৰম্ভ কৰিছে, যাৰ ফলত সংক্ৰমণ বিয়পোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যিক স্বাস্থ্য বিভাগে লোকসকলক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক ব্যৱস্থা ল’বলৈ আৰু ঘৰত উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। যোৱা কেইদিনমানত বহু সংখ্যক লোকক কলকাতা আৰু ইয়াৰ আশে-পাশে ডাঙৰ পেণ্ডেল পৰিদৰ্শন কৰা দেখা গৈছিল যদিও প্ৰকৃত পূজা সোমবাৰে আৰম্ভ হ’ব।

লামডিংত বিশ্ব হিন্দু পৰিষদৰ পাকিস্তানী সন্ত্ৰাসবাদী আৰু কাশ্মীৰি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হোজাই জিলাৰ অন্তৰ্গত লামডিঙ চহৰৰ মাজ মজিয়াত আজাদ হিন্দ লাইব্ৰেৰীৰ সম্মুখত বিশ্ব হিন্দু পৰিষদৰ লামডিঙ শাখাৰ নেতা কৰ্মী একলগ হৈ কাশ্মীৰি সন্ত্ৰাস বাদী আৰু পাকিস্তানী সন্ত্ৰাস বাদীৰ পুত্তলিকা দাহ কৰে আৰু কাশ্মীৰি সন্ত্ৰাস বাদীক হুংকাৰ দিয়ে। উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে কাশ্মীৰত এখন স্কুলৰ ভিতৰত পাকিস্তানী সন্ত্ৰাস বাদী সুমাই দুই জন হিন্দু শিক্ষকক গুলীয়াই হত্যা কৰাক লৈ আজি লামডিঙত পাকিস্তানী সন্ত্ৰাস বাদীৰ পুত্তলিকা দাহ কৰে আৰু তেওঁলোকক হুচিয়াৰী প্ৰদান কৰাৰ লগতে ভাৰত মাতা কি জয় আৰু পাকিস্তানী সন্ত্ৰাস বাদী হুচিয়াৰ পাকিস্তান গো বেক স্লোগানেৰে আকাশ বতাহ কপাই তুলে।

ওদালগুৰিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এম পি দিলীপ শইকীয়া

অসমৰ ইতিহাসত ৯  অক্টোবৰ একেলগে ৪০খন জিলাত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হৈছে।আৰম্ভণীতে ৰাজ্যিক সভাপতিয়ে সকলো লৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়াইছে।এয়াই হৈছে ডিজিতেল মাধ্যমেৰে ৰাইজৰ উন্নয়নৰ বিকাশ সাধন কৰা বিজেপিৰ উদ্দেশ্যে।এই মন্তব্য সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ। ৯অক্টোবৰত  ওদালগুৰিৰ পৌৰ সভাৰ প্ৰক্ষাগৃহত অনুষ্ঠিত জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সাংবাদিকে হোৱা বাৰ্তালাপত কয়- মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে সামগ্ৰ ৰাজ্যখনৰে উন্নয়ন সম্ভৱ হৈ উঠিছে।আগতে ৰাইজৰ চৰকাৰ ৰাইজৰ পদূলিত এক শ্লোগান আছিল ।এতিয়া ৰাইজে চৰকাৰৰ পদূলিলৈ আহিব নালাগে।চৰকাৰ ৰাইজৰ পদূলিত উপস্থিত হৈ উন্নয়নত গুৰুত্ব দি আহিছে।বাস্তৱত প্ৰিন্সত হৈছে।ডিজিটেলৰ অনলাইন মাধ্যমেৰে ।দুখীয়া খিলঞ্জীয়া সকলোৰে উন্নয়ন সহজ হৈ পৰিছে।বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়-ইউপিপিএলৰ সৈতে মিত্ৰতা সদায় আছে আৰু থাকিব। কিন্তু  বিপিএফৰে বিজেপিৰ কোনো আলোচনা হোৱা নাই।

জুই জ্বলিলে ধোৱা ওলাব আৰু আমি এতিয়া ধোৱা দেখা নাই।বিপিএফক লৈ কোনো চৰ্চাও চলা নাই।এই ক্ষেত্ৰত ৰাজ্যিক নেতৃবৃন্দই সিদ্ধান্ত গ্ৰহণ কৰিব ।অসমৰ মুখ্যমন্ত্ৰী য়ে আগন্তুক দিনত কৰণীয় কি সকলো কৰ্মকৰ্তাকে বুজাই দিছে আৰু সমন্বয়ৰ জৰিয়তেহে সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰে।আগন্তুক সময়ত উপ নিৰ্বাচন,পৌৰসভা নিৰ্বাচন আদিত বিপুল ভোটেৰে কেনেকৈ জয়ী হব পাৰি এই সম্পৰ্কতো দলীয় কৰ্ম কৰ্তা সকলক সচেতন হ’বলৈ আহ্বান জনায়।৯অক্টোবৰত  এই দলীয় কাৰ্যনিৰ্বাহক সভাত জিলা সভাপতি সুনীল বসুমতাৰী,ৰাজ্যিক সদস্য কাৰ্তিক বড়ো, এমচিএল এ, সঞ্জীত তাঁতী, শান্তিয়াছ কুজুৰ, এম চিএল এই দীপক মৌৰ,জিলা প্ৰভাৰী তথা ৰাষ্ট্ৰীয় কিমান মৰ্চাৰ উপ সভাপতি।প্ৰান কুমাৰ দাস,জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা,বীৰদাও বসুমতাৰী , ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য সকল, জিলা মৰ্চাৰ সভাপতি সকল, ১১ টা মণ্ডলৰ সভাপতি সকলৰ আদিকে ধৰি ভালেমান কাৰ্যকৰ্তা উপস্থিত আছিল৷

2022 চনত ভাৰতত হজ প্ৰক্ৰিয়া 100% ডিজিটেল হ’ব, অনলাইন বুকিং কেন্দ্ৰ আৰম্ভ কৰা হৈছে

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে কয় যে ২০২২ চনত ভাৰতত সমগ্ৰ হজ প্ৰক্ৰিয়া ১০০% ডিজিটেল হ’ব। নকভিয়ে মুম্বাইৰ হাজ হাউচত অনলাইন বুকিং কেন্দ্ৰটো উদ্বোধন কৰিছিল আৰু পিছত এক বিবৃতিত কৈছিল যে ইণ্ডোনেছিয়াৰ পিছত ভাৰতৰ পৰা সৰ্বাধিক সংখ্যক হজ যাত্ৰী প্ৰেৰণ কৰা হয়। তেওঁ কয় যে বিশ্বব্যাপী মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোভিড-১৯ আৰু চৌদি চৰকাৰে লোৱা সিদ্ধান্তই ২০২০ আৰু এই বছৰ হজ যাত্ৰা প্ৰতিহত কৰে । কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে কয় যে ২০২২ চনত ভাৰতত সমগ্ৰ হজ প্ৰক্ৰিয়া ১০০% ডিজিটেল হ’ব। নকভিয়ে মুম্বাইৰ হাজ হাউচত অনলাইন বুকিং কেন্দ্ৰটো উদ্বোধন কৰিছিল আৰু পিছত এক বিবৃতিত কৈছিল যে ইণ্ডোনেছিয়াৰ পিছত ভাৰতৰ পৰা সৰ্বাধিক সংখ্যক হজ যাত্ৰী প্ৰেৰণ কৰা হয়। তেওঁ কয় যে বিশ্বব্যাপী মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোভিড-১৯ আৰু চৌদি চৰকাৰে লোৱা সিদ্ধান্তই ২০২০ আৰু এই বছৰ হজ যাত্ৰা প্ৰতিহত কৰে।তেওঁ কয় যে ভাৰত আৰু চৌদি আৰৱত হজ যাত্ৰীসকলৰ বাবে কোভিড-১৯ প্ৰটোকল আৰু স্বাস্থ্য আৰু অনাময় ৰ ক্ষেত্ৰত হজ ২০২২ৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। “ভাৰতত সমগ্ৰ হজ ২০২২ প্ৰক্ৰিয়া ১০০ শতাংশ ডিজিটেল হ’ব,” মন্ত্ৰীগৰাকীয়ে কয়। নকভিয়ে কয় যে ২০২১ চনত ৭০০ ৰো অধিক মহিলাই ‘মেহৰাম’ (পুৰুষ সঙ্গী) অবিহনে হজৰ বাবে আবেদন কৰিছিল আৰু ২০২০ চনত একে টা শ্ৰেণীত প্ৰায় ২,১০০ গৰাকী মহিলাই আবেদন কৰিছিল। যদি তাই হজ যাত্ৰা কৰিব বিচাৰে, তাইৰ আবেদনবোৰো 2022 চনৰ বাবে বৈধ হ’ব। মন্ত্ৰীগৰাকীয়ে শনিবাৰে ইয়াত ভাৰতৰ হজ কমিটিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত হজ ২০২২ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে।

কঙ্গোৰ নাও দুৰ্ঘটনাত ১০০ ৰো অধিক লোক ডুবিছে, এতিয়ালৈকে ৫১ টা মৃতদেহ উদ্ধাৰ

শনিবাৰে ডেমক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গো (ডিআৰচি) কঙ্গোত এখন নাও ডুবি যোৱাৰ ফলত ১০০ ৰো অধিক লোক ডুবি যায় আৰু ৫১ জন লোকৰ মৃত্যু হয়। মঙ্গলা প্ৰদেশৰ ৰাজ্যপালৰ মুখপাত্ৰ নেষ্টৰ মাগবাডোৰ মতে, ৫১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে ৬০ জনৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। দুৰ্ঘটনাটোত ৩৯ জন লোককো উদ্ধাৰ কৰা হৈছে। মুখপাত্ৰজনে কৈছিল যে যাত্ৰীসকলক নাওখনত উঠোৱাৰ আগতে গণনা কৰা হোৱা নাছিল।মুখপাত্ৰ নেষ্টৰ মাগবাডোৱে কৈছিল যে কঙ্গোত নাও দুৰ্ঘটনা সংঘটিত হয় কিয়নো তেওঁলোকে প্ৰায়ে তেওঁলোকৰ তুলনাত অধিক যাত্ৰী কঢ়িয়াই আনে, যাৰ ফলত নাওখনৰ ভাৰসাম্য নষ্ট হয়। একে সময়তে, বেছিভাগ লোকে যাত্ৰাৰ সময়ত সুৰক্ষা জেকেট পৰিধান নকৰে, যি এনে দুৰ্ঘটনাৰ পিছত লোকসকলক সাঁতুৰিবলৈ বাধা দিয়ে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত মাই-নাদকম্ব প্ৰদেশৰ কঙ্গো নদীত এখন নাও ডুবি যায়, যাৰ ফলত ৬০ জন লোকৰ মৃত্যু হয়। নাওখনত ৭০০ ৰো অধিক যাত্ৰী আছিল। অনুসন্ধানে প্ৰকাশ কৰিছিল যে যাত্ৰীসকলে অতিক্ৰম কৰাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল।তেওঁ কয় যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে, কিন্তু অধিক জীৱিত লোকৰ আশা ম্লান হৈ আহিছে। প্ৰাদেশিক কৰ্তৃপক্ষই সোমবাৰৰ পৰা কঙ্গোত তিনি দিনৰ শোক ঘোষণা কৰিছে।

শাস্ত্ৰীৰ পিছত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ টীম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষকৰ বাবে সাজু

টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল এই বছৰ শেষ হ’ব। ইফালে, বিচিচিআইয়ে বিৰাট কোহলী এণ্ড কোম্পানীৰ বাবে বিদেশী প্ৰশিক্ষকৰ ওপৰত দৃষ্টি ৰাখিছে। অষ্ট্ৰেলিয়াৰ টম মুডিয়ে ৰবি শাস্ত্ৰীক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে সলনি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। Foxsports.com.au এক প্ৰতিবেদন অনুসৰি, মুডিয়ে টি-২০ বিশ্বকাপৰ পিছত তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত শাস্ত্ৰীক অধিগ্ৰহণ কৰিব বিচাৰে।টম মুডিয়ে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত শেষবাৰৰ বাবে ছানৰাইজাৰ্ছক প্ৰশিক্ষণ দিছিল। তেওঁ ডেভিদ ৱাৰ্ণাৰৰ সৈতে ২০১৬ চনত তেওঁৰ প্ৰথম আই পি এল খিতাপৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদক নিৰ্দেশনা দিছিল। তেওঁৰ কেৰিয়াৰত, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন জনে শ্ৰীলংকাৰ প্ৰশিক্ষক আছিল আৰু পশ্চিম অষ্ট্ৰেলিয়াকে ধৰি কেইবাটাও ঘৰুৱা দলৰ নেতৃত্ব দিছিল।তেওঁ শ্ৰীলংকাক ২০০৭ চনৰ ৫০ অভাৰৰ বিশ্বকাপৰ ফাইনেললৈও পথ প্ৰদৰ্শন কৰিছে। তেওঁ আই পি এল ২০২১ ত পৰিচালক হিচাপে এছআৰএইচলৈ উভতি আহিছে। মুডিক 2017 আৰু 2019 চনত চাকৰিটোৰ বাবে তালিকাভুক্ত কৰা হৈছিল, কিন্তু অৱশেষত শীৰ্ষ পদৰ পৰা বাদ পৰিছিল।সূত্ৰসমূহে কৈছিল যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এতিয়া বিদেশী প্ৰশিক্ষক বিচাৰি আছে কিয়নো অনিল কুম্বলেক ঘূৰাই অনাৰ ধাৰণাটোৱে পৰিষদৰ বেছিভাগ সদস্যক প্ৰভাৱিত কৰিব নোৱাৰে। বিচিচিআইৰ বেছিভাগ সদস্য বা কুম্বলে নিজেই এই ভূমিকাৰ বাবে আগ্ৰহী নহয়।বাতৰি অনুসৰি, কুম্বলে কোনোৱেই প্ৰত্যাৱৰ্তন কৰিব নিবিচাৰে, বা তেওঁ বিচিচিআইৰ অফিচিয়েল সভাপতি সৌৰভ গাংগুলীৰ প্ৰতি খুব আগ্ৰহী নহয়। পৰিষদে এতিয়া বিদেশী প্ৰশিক্ষক বিচাৰি আছে।কুম্বলে জানে যে তেওঁ দলটোৰ একেজন পুৰণি সদস্যৰ (বিৰাট কোহলী আৰু দলৰ আন সকলৰ) মুখামুখি হ’ব, নতুন একো নহয়, তেন্তে তেওঁ কিয় ঘূৰি আহিব? আৰু ইয়াৰ উপৰিও, দাদাই (গাংগুলী) তেওঁৰ নামৰ পৰামৰ্শ দিছে কিন্তু আন বিষয়াসকলে এই বিষয়ে তেওঁলোকৰ মতভেদ প্ৰকাশ কৰিছে। ভিভিএছ লক্ষ্মণেও পদটো নাপাব। অৱশ্যে, এতিয়াও এমাহ বাকী আছে, গতিকে চাওঁ আহক কি ওলাই আহে।