সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ আৰু বিভিন্ন নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখা সময়ত আজি গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকত লুকুৱাই অনা বৃহৎ পৰিমানৰ আফিম উদ্ধাৰ কৰে।আৰক্ষী সূত্ৰই সদৰী কৰা মতে শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাওতে এখন ট্ৰাকৰ তেলৰ টেংকিৰ তলত লুকুৱাই অনা ২০ পেকেট আফিম উদ্ধাৰ কৰে যদিও ট্ৰাকৰ চালক খালাচী সকল ছেগ বুজি পলাই যায়।আটকাধীন পিবি-১০-এফ-০১৬৭ নম্বৰৰ ট্ৰাকখন আটক কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে।জব্দকৃত আফিমৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।
আজি ছাই ফা পূজা।
চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দিচাংপানীবাসী ৰাইজৰ সহযোগত ছাই ফা পূজা আজি অনুষ্ঠিত কৰা হয়।উপস্থিত থাকে টাই আহোম য়ুথ ফৰাম ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিশ্বজিৎ গগৈ , কাৰ্যকৰী সভাপতি চাও গণেশ গগৈ , সম্পাদক অম্লানজ্যোতি হাতিবৰুৱা লগতে উদযাপন সমিতিৰ সভাপতি চাও সুৰেণ বৰুৱা, কাৰ্যকৰী সভাপতি চাও মণিদ্বীপ মহন , যুটীয়া সম্পাদক ক্ৰমে চাও দ্বীপজ্যোতি বৰা, চাও কুমকুম ফুকন আৰু দিচাংপানী বাসী ৰাইজ উপস্থিত থাকে।
নাজিৰা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত বিশ্ব মানসিক দিৱস পালন
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নাজিৰাৰ হাতীপট্টীস্থিত মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতি গৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়।নাজিৰাৰ উদ্যমী যুৱক নাছেৰ খানৰ প্ৰচেষ্টাত বিগত প্ৰায় ১৫ বছৰে নাজিৰাত শতাধিক মানসিক ৰোগীক চিকিৎসা আৰু পুনঃসংস্থাপন কৰি অহা হিউমেন ৱেলফেয়াৰ চচাইটিয়ে এতিয়াও ৪২ জনকৈ মানসিক ৰোগীক চিকিৎসা প্ৰদান কৰি আছে।আজি বিশ্ব মানসিক স্বাস্থ্য দিৱসত উক্ত ৰোগীসকলৰ কাষত থিয় হয়হি অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, শিৱসাগৰ জিলা আইন প্ৰাধিকৰণৰ সচিব বৰ্ণানী গোস্বামীকে ধৰি আন বহুজন।মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰত এটি নতুন গৃহ উদ্বোধন কৰে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।জ্যোতি গৃহতে শিৱসাগৰ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত তথা হিউমেন ৱেলফেয়াৰ চচাইটিৰ সহযোগত মানসিক ৰোগীসকলৰ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হয়। এই উপলক্ষে কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি বিজয় আগৰৱালাৰ পৰিচালনাত আৰু বিশিষ্ট লোকধিবক্তা মহেন্দ্ৰ ভূঞাই আত ধৰা এক গাভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আইন প্ৰাধিকৰণৰ সচিব বৰ্ণানী গোশ্বামী , নাজিৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা , বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ , জিলা স্বাস্থ্য বিভাগৰ ডাঃ ৰাজীৱ পাংগিঙ , ৰবীন বৰঠাকুৰ আদিকেধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে । অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাস , অনিল পাংগিঙ , জ্যোতি গৃহতে আশ্ৰয় লৈ চিকিৎসাধীন হৈ থকা একালৰ শিল্পী পিকু মালাকাৰৰ গীত পৰিৱেশনে সকলোকে মুগ্ধ কৰে।
মুছলপুৰত বিনোদন উদ্যান উদ্বোধন কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ
বিটিচিৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত ৰাইজৰ বাবে এখন বিনোদন উদ্যান মুকলি কৰে ৷ উল্লেখনীয় যে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৰাইজৰ বাবে নিজৰ ধনেৰে ৭৮ বিঘা মাটি সামৰি ৬০ বিঘা মাটিত পুখুৰী খান্দি “মাউজী পাৰ্ক” নামেৰে সাজি উলিয়াইছে বিনোদন উদ্যানখন ৷ আজি উদ্যানখন উদ্বোধন কৰি ৰাকেশ ব্ৰহ্মই কয় যে মাউজী পাৰ্কক সমগ্ৰ বিটিআৰৰ অঞ্চলৰ ভিতৰতে একমাত্ৰ আকৰ্ষণীয় বিনোদন উদ্যান বনোৱাৰ পৰিকল্পনা আছে। এই পাৰ্কত স্থানীয় লোকৰ লগতে বাক্সালৈ আমোদ দিয়াৰ বাবে মাউজী পাৰ্কখন খোলা হৈছে। কোনো লোকে কোনো সময়ত অস্বস্তি অনুভৱ কৰিলে এই মাউজী পাৰ্কত আহি আমোদ লব পাৰিব ৷ ভৱিষ্যতে এই পাৰ্কখন অধিক উন্নত কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলা হ’ব বুলিও মন্তব্য কৰে ব্ৰহ্মই। উল্লেখ্য যে মুছলপুৰৰ পূৱ বাংনাবাৰীত স্থাপিত উদ্যানখনত থকা পুখুৰীত নৌকা বিহাৰ ব্যৱস্থাৰে বৃদ্ধি কৰা হৈছে আকৰ্ষণ, শিশু সকলৰ বাবেও স্থাপন কৰা হৈছে খেল-ধেমালি তথা বিনোদনৰ বিভিন্ন সা-সৰঞ্জাম ৷ উদ্যানখনৰ চৌপাশে বৃক্ষ ৰোপন কৰাৰ লগতে বিভিন্ন স্থানত বাঁহৰ দলং আৰু জিৰণি চ’ৰা স্থাপন কৰি সৃষ্টি কৰি গঢ়ি তোলা হৈছে এক নান্দনিক পৰিৱেশ ৷
দুৰ্গা পূজা উপলক্ষে হোজাইত মৰ্কজুল মা’আৰিফৰ উদ্যোগত চিলাই মেচিন আৰু ১২০ গৰাকী মহিলাক বস্ত্ৰ বিতৰণ ৷
আজমল চি এছ আৰৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ উদ্যোগত হোজাইৰ কৃষ্ণ নগৰত চিলাই মেচিন আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী উপলক্ষে আজি দুপৰীয়া এখন সভাৰ আয়োজন কৰা হয় ৷ শিক্ষাবিদ প্ৰমোদ ৰঞ্জন দাসে আঁত ধৰা সভাখনত অসহায় দৰিদ্ৰ বিধবা মহিলা পাঁচ গৰাকীক একোটাকৈ চিলাই মেচিন বিতৰণ কৰাৰ লগতে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কৃষ্ণ নগৰ আৰু বেলতলাত ১২০ গৰাকী দৰিদ্ৰ মহিলাক কাপোৰ বিতৰণ কৰা হয় ৷ এই উপলক্ষে হোজাই দেশবন্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰমোদ ৰঞ্জন দাসৰ লগতে স্থানীয় ব্যক্তি সকলে মৰ্কজক ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানত মৰ্কজৰ কাৰ্যকৰী সভাপতি ড৹ চামচুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ অসহায় মহিলাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি পাঁচটাকৈ চিলাই মেচিন আৰু ১২০ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত কাপোৰ বিতৰণ কৰাৰ কথা ব্যক্ত কৰি কয়–কৰোনা মহামাৰীয়ে জুৰুলা কৰি যোৱা এই সময়ছোৱাত দৰিদ্ৰ মহিলাসকলে পুজা উপলক্ষে একোখনকৈ শাৰী লাভ কৰি কিছু হ’লেও সকাহ পাব বুলি মন্তব্য কৰে ৷ শাৰী আৰু চিলাই মেচিন লাভ কৰা মহিলাসকলে বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ লগতে মৰ্কজুল মা’আৰিফৰ শলাগ লয় ৷ ইফালে হোজাইৰ বেলতলাত সমাজকৰ্মী প্ৰভাত কয়েলৰ সভাপতিত্বত মৰ্কজৰ উদ্যোগত আন এখন বস্ত্ৰ বিতৰণী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত প্ৰভাত কয়েল, মৰ্কজৰ কাৰ্যকৰী সভাপতি চামচুল হক চৌধুৰী, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে বক্তব্য প্ৰদান কৰে ৷ সভাত মৰ্কজৰ ডিপুটি মেনেজাৰ জামাল উদ্দিনৰ লগতে স্থানীয় ক্লাৱ আৰু দুৰ্গাপূজা কমিটিৰ সদস্যসকল উপস্থিত থাকি মৰ্কজৰ কাপোৰ বিতৰণি অনুষ্ঠানত সহযোগ কৰে ৷
সমাজ সেৱক গন্ধেশ্বৰ বড়াৰ দেহাৱসান : অঞ্চলজুৰি শোকৰ ছাঁ
চৰাইদেউ জিলাৰ সাপেখাতীৰ বাসিন্দাগন্ধেশ্বৰ বড়া আজি পূৱতিনিশা নিজ বাসগৃহত পৰলোকগামী হোৱাত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । ১৯২৪ চনত যোৰহাট টীয়কত জন্ম গ্ৰহণ কৰা প্ৰয়াত গন্ধেশ্বৰ বড়া টীয়কৰ বলমা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীণ হৈছিল । তেখেতে ১৯৫১ চনত ঘোঁৰাজান চাহ বাগিচাত কৰ্ম জীৱন আৰম্ভ কৰিছিল । একে কৰ্মস্থলীৰ পৰাই hed tea house হিচাপে ১৯ ৯৫ চনত অৱসৰ গ্ৰহণ কৰে। নিজৰ কৰ্মক সদায় আগস্থান দিয়া অত্যন্ত অমায়িক ,পৰোপকাৰী ,ধৰ্ম প্রাণ বড়া এজন সমগ্ৰ অঞ্চলৰে এজন লেখত লবলগীয়া আদৰ্শৱান ব্যক্তি আছিল। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজীৱন সেৱক আৰু সদস্য হৈ থকাৰ লগতে সংঘৰ বিভিন্ন বিষয় বাবত নিয়োজিত হৈ আছিল ।সাপেখাতী বৃহৎ অঞ্চলৰ বহুতো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতে ভূমিদান কৰি সমাজলৈ প্ৰভুত বৰঙণি আগবঢ়াই থৈ গৈছে ।প্ৰয়াত বড়াৰ মৃত্যুৰ বাতৰি পাই শতাধিক গুণমুগ্ধই তেখেতৰ গৃহত গৈ শেষ শ্ৰদ্ধা জনায় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী ,জী জোঁৱাই আৰু নাতি নাতিনীৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ গৈছে।
লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীৰ আক্ৰমণ।
পত্নীৰ ওপৰত স্বামী বা নাৰীৰ ওপত পুৰুষৰ নিৰ্যাতন-আক্ৰমণৰ ঘটনা আমি প্ৰায়ে শুনি আহিছোঁ।এইবাৰ কিন্তু লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীয়ে আক্ৰমণ চলোৱা ঘটনা সংঘটিত হৈছে। যুৱকৰ নাম ইনামূল হুছেইন।লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাবল গাঁৱৰ ইনামূল হুছেইনক পত্নী ফামতেমা খাতুনে মাতৃৰ সৈতে মিলি আক্ৰমণ কৰে।উল্লেখ্য যে তিনি মাহ পূৰ্বে ইনামূলৰ পত্নী ফাতেমাই স্বামীৰ গৃহতে জেহিৰুল ইছলাম নামৰ এগৰাকী শিক্ষকৰ সৈতে অপকৰ্মত লিপ্ত হোৱা ভিডিঅ’ ধৰা পেলাইছিল চি চি কেমেৰাত।পিছত স্বামীৰ পৰিয়ালে পত্নী ফাতেমাক পিতৃৰ গৃহত চমজাই দিয়ে।ইফালে কিছুদিন পূৰ্বে সেই গৰাকী ফাতেমাই স্বামী নথকাৰ সুযোগতে পুনৰ স্বামীৰ গৃহলৈ গৈ এনেদৰে দুৱাৰ তলা ভাঙি থাকিবলৈ লয়।পিছত এই কথা জানিব পাৰি স্বামী স্বামী ইনামূলে যোৱা ৮ অক্টোবৰত পত্নীক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত তেওঁৰ ওপৰত পত্নীৰ লগতে শাহুৱেকেও আক্ৰমণ কৰি এনেদৰে আহত কৰে।আনকি লগত যোৱা গাড়ীৰ চালক যুৱক জনকো মাৰপিট কৰে।ইফালে নিজ গৃহতে পত্নী আৰু শাহুৰ আক্ৰমণৰ বলি হোৱা ইনামূলে এই সন্দৰ্ভত লাহৰীঘাট থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।উক্ত ঘৰটোত যাতে স্বামী ইনামূল হুছেইন প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পত্নী ফাতেমা খাতুনে পিতৃ গৃহৰ পৰা গুণ্ডা বাহিনী সাজু কৰি ৰখা বুলিও অভিযোগ তুলিছে তেওঁলোকৰ আক্ৰমণৰ বলি হোৱা এইজন গাড়ী চলোৱা যুৱক।
পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ ড০ আব্দুল কাদিৰ খানৰ কৰোনাৰ ফলত মৃত্যু হয়।
পাকিস্তানৰ (পাকিস্তান) পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ আৰু বিজ্ঞানী ড০ আব্দুল কাদিৰ খানৰ (পাৰমাণৱিক বিজ্ঞানী ড০ আব্দুল কাদিৰ খান)ৰ মৃত্যু হৈছে। 85 বছৰীয়া ডাঃ খানক কোভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত 26 আগষ্টত গৱেষণা গৱেষণাগাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত তেওঁক ৰাৱালপিণ্ডিৰ এখন সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বৰ্ধিত সংক্ৰমণৰ বাবে তেওঁক আগতে ভেণ্টিলেটৰত ৰখা হৈছিল।ভূপালত জন্ম ড. কাদিৰৰ জন্ম অবিভক্ত ভাৰতৰ ভূপালত হৈছিল। ১৯৪৭ চনত বিভাজনৰ পিছত পাকিস্তান গঠন হোৱাৰ সময়ত ড০ খান গোটেই পৰিয়ালটোৰ সৈতে পাকিস্তানলৈ আহিছিল। পেছাত এজন অভিযন্তা খানে পাৰমাণৱিক বোমা নিৰ্মাণ প্ৰযুক্তি, মিছাইল নিৰ্মাণৰ বাবে ইউৰেনিয়াম সমৃদ্ধি, মিছাইল সঁজুলি আৰু অংশ ব্যৱসায়ত এক দশকৰো অধিক সময় কাম কৰিছে।ইউৰোপত বছৰ বছৰ ধৰি পাৰমাণৱিক শক্তিৰ ওপৰত অধ্যয়ন আৰু কাম কৰা ড০ খানেও মিছাইল কেনেদৰে নিৰ্মাণ কৰিব লাগে জানিছিল। তেওঁৰ বিৰুদ্ধে লিবিয়া, উত্তৰ কোৰিয়া আৰু ইৰাণক পাৰমাণৱিক প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁ এই দেশসমূহৰ পাৰমাণৱিক কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ নাম হিচাপে আত্মপ্ৰকাশ কৰিছিল।এটা সময়ত তেওঁ পাকিস্তানৰ আটাইতকৈ শক্তিশালী ব্যক্তি হৈ পৰিছিল। বিদ্যালয়ৰ দেৱালত তেওঁৰ ছবি দেখা গৈছিল, ৰাস্তা আৰু ৰাস্তাত পোষ্টাৰত তেওঁৰ ছবি দেখা গৈছিল। তেওঁক ১৯৯৬ আৰু ১৯ চনত দুবাৰকৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিশান-ই-ইমতিয়াজ প্ৰদান কৰা হৈছিল।প্ৰযুক্তি বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰা হৈছেডঃ খান ২০০৪ চনত বিশ্বব্যাপী পাৰমাণৱিক প্ৰসাৰ কেলেংকাৰীৰ কেন্দ্ৰত আছিল। তেওঁৰ ওপৰত পাৰমাণৱিক সামগ্ৰী বিয়পোৱাৰ অভিযোগ আছিল। তেওঁক পাকিস্তানৰ প্ৰাক্তন সামৰিক মুৰব্বী আৰু ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফেও আঙুলি তুলিছিল। টেলিভিছনত দিয়া বাৰ্তাত ড০ খানে ইৰাণ, উত্তৰ কোৰিয়া আৰু লিবিয়াক পাৰমাণৱিক প্ৰযুক্তি বিক্ৰী কৰাৰ কথাও স্বীকাৰ কৰে। কিন্তু পিছত তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈছিল। ২০০৮ চনত ব্ৰিটিছ বাতৰি কাকত দ্য গাৰ্ডিয়ানক দিয়া এক সাক্ষাৎকাৰত ড০ খানে কৈছিল যে তেওঁ ৰাষ্ট্ৰপতি মুছাৰফৰ হেঁচাত আছিল, যাৰ বাবে তেওঁ বিক্ৰী কৰাৰ কথা কৈছিল।
গ্ৰহাণু নিৰন্তৰ পৃথিৱীৰ বাবে ভাবুকি হিচাপে প্ৰমাণিত হৈ আছে।
গ্ৰহাণু নিৰন্তৰ পৃথিৱীৰ বাবে ভাবুকি হিচাপে প্ৰমাণিত হৈ আছে।প্ৰতি বছৰে বাতৰি পোৱা যায় যে দৈত্য গ্ৰহাণু পৃথিৱীৰ ফালে দ্ৰুতগতিত আগবাঢ়ি ছে। এইটো মানুহৰ বাবে শুভকামনা যে এতিয়ালৈকে এনে কোনো গ্ৰহাণু নাই যি পৃথিৱীত পোনপটীয়াকৈ আঘাত কৰে আৰু সকলো ধ্বংস কৰে, কিন্তু মহাকাশ বিজ্ঞানীজনৰ মনত এনে ধৰণৰ আশংকা আছে। প্ৰশ্ন টো হ’ল, যদি অদূৰ ভৱিষ্যতে এনে গ্ৰহাণু পৃথিৱীত পোনপটীয়াকৈ আঘাত কৰে তেন্তে কি হ’ব? তেওঁক কেনেকৈ বাধা দিব পাৰি? কাৰণ যেতিয়া একে ধৰণৰ গ্ৰহাণু পৃথিৱীত আঘাত কৰিছিল তেতিয়া ডাইনোচৰবোৰ পৃথিৱীৰ পৰা নিশ্চিহ্ন হৈ গৈছিল। শেহতীয়া খবৰটো হ’ল যে বিজ্ঞানীসকলে এনে বিপদজনক গ্ৰহাণুৰ সৈতে মোকাবিলা কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰা আৰম্ভ কৰিছে। তেওঁ কয় যে এনে গ্ৰহাণুধ্বংস কৰিবলৈ পাৰমাণৱিক বিস্ফোৰণো আৰম্ভ কৰিব লাগিব পাৰে।বিজ্ঞানীসকলে গ্ৰহাণু বন্ধ কৰাৰ পৰিকল্পনা কি কৰিছেজাৰ্নেল অফ এক্টা এষ্ট্ৰ’নমীত প্ৰকাশিত গৱেষণাই লৰেন্স লিভাৰমোৰ ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ (এলএলএনএল) এজন বিজ্ঞানী পেট্ৰিক কিংৰ দ্বাৰা এই বিষয়ে বৰ্ণনা কৰিছে। তেওঁৰ আৰ্টকিলে গ্ৰহাণু প্ৰতিৰোধ কৰিবলৈ পাৰমাণৱিক শক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে। এনেদৰে গ্ৰহাণুটো পৃথিৱীপোৱাৰ আগতে ইয়াৰ পথৰ পৰা আঁতৰ কৰিব পাৰি। অৱশ্যে, এক নিৰ্দিষ্ট সতৰ্কবাণী ৰখা উচিত য’ত গ্ৰহাণুটো কটাবলৈ ব্যৱস্থা ল’ব পাৰি। ইয়াৰ ওপৰত দীৰ্ঘদিন ধৰি কাম চলি আছে। শেহতীয়া গৱেষণাত কোৱা হৈছে যে যদি গ্ৰহাণুপ্ৰতিৰোধ কৰিবলৈ পৰ্যাপ্ত সময় নাথাকে, গ্ৰহাণুটো পাৰমাণৱিক বিস্ফোৰণৰ দ্বাৰা টুকুৰাটুকুৰালৈ ৰূপান্তৰিত হ’ব।কিন্তু ইমান সহজ নহয়অৱশ্যে, বিজ্ঞানীসকলে এইটোও বিশ্বাস কৰে যে ই যিমান সহজ যেন লাগে সিমান সহজ নহয়। লেখক ৰজাই কৈছিল যে এক ৰণনীতি হিচাপে, পৃথিৱীৰ ক্ষতিৰ মূল্যাঙ্কন কৰিব লাগিব। আন কিছুমান প্ৰত্যাহ্বান থাকিব পাৰে যিবোৰ কোনেও আশা কৰা নাছিল। ৰজাই কৈছিল যে তেওঁৰ অধ্যয়নত পাৰমাণৱিক বিস্ফোৰণক অন্তিম উপায় হিচাপে বৰ্ণনা কৰা হৈছিল, কিন্তু সময় উপলব্ধ হ’লে বিজ্ঞানীসকলে আন ব্যৱস্থা চেষ্টা কৰিব।সৌৰজগতত দেখা পোৱা বিৰল 7,20,000 কিলোমিটাৰ দীঘল নেজৰ বস্তুমহাকাশ বিজ্ঞানত আগ্ৰহী সকলৰ বাবে আন এটা আকৰ্ষণীয় খবৰ আছে। জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতত ঘূৰি থকা এটা বিৰল বস্তু আৱিষ্কাৰ কৰিছে। ইয়াক গ্ৰহাণু আৰু ধূমকেতু দুয়োটা বুলি কোৱা হয়। সাধাৰণতে মঙ্গল আৰু বৃহস্পতিগ্ৰহৰ মাজৰ মুখ্য বেল্টত পাৰ হোৱা গ্ৰহাণুবোৰে তেওঁলোকৰ গাঁথনি সলনি নকৰে, কিন্তু 2005 কিউএন173 লৈ লক্ষ্য কৰিলে, ই ধুলি উৰুৱাই থকা যেন লাগে। সেইকাৰণে ইয়াৰ পিছফালে এটা 7,20,000 কিলোমিটাৰ দীঘল নেজ দেখা যায়। ই এক বৰফযুক্ত পদাৰ্থ বুলি অনুমান কৰা হয়, যি সক্ৰিয় হ’লে বাষ্পীভূত হয়।
টেলেংগনীয়া গাঁও পঞ্চায়তত ৰোগী ব্যক্তিক চেক প্রদান
বিহালী বিধান সভা সমষ্টিৰ অন্তর্গত টেলেংগনীয়া গাঁও পঞ্চায়তৰ অন্তর্গত বিভিন্ন ৰোগীত ভোগী থকা লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা দিয়া চেক যোৱা কালি বিতৰণ কৰা হয় ।বিহালীৰ বিধায়ক ৰণ্জিত দত্তৰ ততপৰতাত ,টেলেংগনীয়া গাঁও পঞ্চায়তৰ সভানেত্রী জান্হবী দাসৰ উদ্যোগত চেক সমুহ দিয়া হয় ।চেক বিতৰণ কার্যসুচীত পঞ্চায়ত সচিব ভীষ্ম কটুৱাল,নৱ নির্বাচিত বিশ্বনাথ জিলা ভাৰতীয় জনতা পার্টিৰ উপসভাপতি ক্ষীৰোদ দাস,আঞ্চলিক সদস্য অমিয় ৰয় সহ বার্ড সদস্য সকল উপস্হিত আছিল ।পঞ্চায়ত খনৰ মুঠ ২৬ গৰাকী ৰোগী লোকক এই চেক প্ৰদান কৰা হয় ।











