নগাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন চিনাকি কণ্ঠৰ শিল্পী হৈছে বিজয় বিশ্বাস । নগাঁৱৰ ইটাচালী নিবাসী তথা নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী পৰিকল্পনা বিষয়া বিজয় বিশ্বাসে নিজৰ সুমধুৰ কন্ঠৰে ইতিমধ্যেই বহুতো সংগীতানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । শিল্পী গৰাকীয়ে অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ মাজতো বিশেষকৈ আধুনিক অসমীয়া আৰু বঙালী গীতৰ চৰ্চাৰে এগৰাকী কণ্ঠ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসংখ্য অসমীয়া ,বাংলা আৰু হিন্দী গীতত কণ্ঠ নিগৰাইছে বিজয় বিশ্বাসে । ইয়াৰ উপৰিও দুটা দশকৰ পূৰ্বেই ১৯৯৪ চনতেই আকাশ বাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে প্ৰথম এগৰাকী অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিল তেওঁ । তেতিয়াই তেওঁ নগাঁৱৰ স্থানীয় চেনেল ‘নগাঁও টকচ্’ আৰু বিএম চিৰ এগৰাকী নিয়মীয়া শিল্পী আছিল আৰু সেই ধাৰা এতিয়াও অব্যাহত আছে । অসমীয়া জনপ্ৰিয় ধাৰাবাহিক ‘সূৰ্য্যস্নান’ আৰু ‘ককাদেউতাৰ দেউতাৰ হাৰ’ত তেওঁ ধাৰাবাহিক দুখনৰ শীৰ্ষ গীতটো পৰিবেশন কৰিছিল । ঠিক তেনেকৈ ২০১৩ চনত সৰ্বভাৰতীয় সংগীত সমাৰোহ ‘সুৰ নন্দন ভাৰতী’ত কলিকতাৰ ‘ বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰত ‘ আয়োজিত সমাৰোহতো গীত পৰিবেশন কৰিছিল তেওঁ । বিজয় বিশ্বাসৰ সংগীতৰ এই সোনসেৰীয়া যাত্ৰাৰ বাবে কলিকতাৰ ‘সুৰ নন্দন ভাৰতীয়ে ‘ ২০১৬ চনত তেওঁক “নন্দন শ্ৰী” আৰু ২০১৯ চনত “সুৰ নন্দন” বটা প্ৰদান কৰে । ইয়াৰ উপৰিও কলিকতাৰ ‘উত্তৰ বাংলা চেনেল’ আৰু ‘চি টি ভি এন চেনেলত 2013 চনৰ পৰাই তেওঁ গীত পৰিবেশন কৰি আহিছে । ইপিনে যাদৱপুৰ বিশ্ববিদ্যালয় চৌহদত দুবাৰকৈ সংগীত পৰিবেশন কৰিছে তেওঁ । এফ এম ৰেডিঅ’ৰ জড়িয়তে প্ৰচাৰ হৈছিল এই অনুষ্ঠান । অসমৰ জনপ্ৰিয় চেনেল ‘নিউজ লাইভ’, ‘প্ৰাগ নিউজ’ , কলিকতাৰ ‘ আমাৰ চেনেল’, ‘চেনেল ৱান’, কে লৈ বহু চেনেলত বহু গীত পৰিবেশন কৰাৰ লগতে গুৱাহাটী দুৰৰ্দশনতো তেওঁ এটা অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ২০১৮ চনত । বিজয় বিশ্বাসৰ ইতিমধ্যে পাচটা গীতৰ এলবাম মুকলি হৈছে । সেই এলবাম সমূহ হৈছে “প্ৰিয়াসী”(বাংলা) “কেচা মাতিৰ গোন্ধ”(অসমীয়া), “মৰমে ৰিঙিয়াই”(অসমীয়া), “অ কুলি-কেটেকী”(অসমীয়া), “সোনৰ মইনা”(লোকসংগীত) । বিজয় বিশ্বাসৰ প্ৰিয় শিল্পী হৈছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু কিশোৰ কুমাৰ । উল্লেখযোগ্য যে কলিকতাৰ বিভিন্ন চেনেলত তেওঁ পৰিবেশন কৰা অসমৰ বিহু গীতে অতি জনপ্ৰিয়তা লাভ কৰিছিল । ভয়াবহ কভিড পৰিস্থিতিৰ সময় খিনিটো এই গৰাকী শিল্পীয়ে নিজৰ ঘৰতে পত্নী পুত্ৰৰ সহযোগিতাত বিভিন্ন কালজয়ী গীত চৰ্চা আৰু সমাজিক মাধ্যমৰ জড়িয়তে প্ৰচাৰ কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল ।
ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে
বুধবাৰে পুৱা গুৱাহাটীত ৯ জন পিডব্লিউডি শ্ৰমিকক প্ৰহাৰ কৰা প্ৰাক্তন মডেল ৰাজকন্যা বৰুৱাক পুনৰ পৰীক্ষা কৰিবলৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) ৬ জনীয়া চিকিৎসকৰ এটা দলে ৰাজকন্যাৰ চিকিৎসা পৰীক্ষা কৰিছিল যাৰ পিছত চিকিৎসকসকলে প্ৰকাশ কৰিছিল যে তেওঁৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নাই।ৰাজকন্যাৰ চিকিৎসা প্ৰতিবেদনত কোৱা হৈছে, “এনে কোনো গুৰুতৰ বা তীব্ৰ অৱস্থা নাছিল যিয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন আছিল। নিদানিক আৰু জৈৱৰাসায়নিক প্ৰতিবেদনত বিভিন্ন নিদানিক নম্বৰ এপাচিই আৰু আৰটিএছ প্ৰয়োগ কৰা হৈছিল যি তাইক আইচিইউ ছেটআপ/চিকিৎসা ভৰ্তিত ৰাখিবলৈ উপযুক্ত নহয় (চিটি মগজু আৰু এক্স-ৰে গ্ৰীৱাৰ মেৰুদণ্ড স্বাভাৱিক সীমাৰ ভিতৰত)। তেজৰ অনুসন্ধান স্বাভাৱিক সীমাৰ ভিতৰত।”ওপৰোক্ত ফলাফলবোৰৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁ প্ৰয়োজনীয় লোকসকলৰ বাবে আই/অ’ৰ সন্মুখত উপস্থিত হ’বলৈ উপযুক্ত আৰু কোনো চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই। যিকোনো চিকিৎসাজনিত জৰুৰী কালীন অৱস্থাত তেওঁ জিএমচিএইচ জৰুৰীকালীন বিভাগ/অ’পিডি লৈ আহিব পাৰে।” প্ৰতিবেদনত যোগ দিয়া হৈছে।শেহতীয়া ঘটনাত, দিছপুৰ আৰক্ষীয়ে বুধবাৰে মিছ ইণ্ডিয়াৰ প্ৰাক্তন ফাইনেলিষ্ট ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ কৰে । জিএমচিএইচ পেনেলে দিচপুৰ এচিপিৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে যে তেওঁৰ কোনো স্বাস্থ্যজনিত জটিলতা নাই আৰু সম্পূৰ্ণসুস্থ আছে।
পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।
পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা অসুস্থতাৰ নাটক কৰি আইচিইউত সোমাইছিল ৰাজকন্যা জিএনআৰচিক আইচিইউত আছিল ৰাজকন্যা মাত্ৰাধিক সুৰাপান কৰি মহতিয়াই নিছিল ৯জনকভৰি চিঙি পেলাইছিল এজনৰঅজ্ঞাত শক্তিৰ বলত জামিনো পাইছিল মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনৰ তদন্ত হৈছিল ৰিজাৰ্ভ ক্লোজ কৰা হৈছিল দুজন আৰক্ষীকতাৰ পিছতেই অসুস্থতাৰ নাটক কৰিছিল ৰাজকন্যাইGMCHৰ মেডিকেল বৰ্ডে কোনো অসুস্থতা নাপালে৬জনীয়া বৰ্ডৰ প্ৰতিবেদন লৈ GNRCত উপস্থিত আৰক্ষীৰ দলতাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক।
নগাঁৱৰ ৰাজনন্দিনী বৰাৰ সাফল্য
নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৪ অক্টোবৰৰ নিশা সামৰনি পৰা এল কে ঈগলচ একাডেমিৰ দ্বিতীয় বাৰ্ষিক উত্তৰ পূৱ ভাৰত (মুকলি) টাইকোৱানডো চেম্পিয়নশ্বীপ কায়ৰ’জি আৰু প’মছে ২০২১ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি নগাঁৱৰ কণমানি ৰাজনন্দিনী বৰাই চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীয়ে ৮ বছৰৰ তলৰ কায়ৰ’জি শাখাত (২৬ কেজি) আৰু প’মছে ছোৱালীৰ চাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰিছে ৷ ৰাজনন্দিনীয়ে নগাঁও টাইকোৱানডো একাডেমিৰ ব্লেক বেল্ট চতুৰ্থ দান ৰাষ্ট্ৰীয় ৰেফাৰী জয়প্ৰকাশ শৰ্মাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ৰাজনন্দিনীয়ে ৰিভাৰডেল স্কুল নগাঁৱৰ কে জি ওৱানৰ ছাত্ৰী ৷ ৰাজনন্দিনী নগাঁৱৰ কামপুৰৰ ৰাজীৱ বৰা আৰু জ্যোতিৰ্ময়ী গগৈৰ কন্যা ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত নগাঁও টাইকোৱানডো একাডেমিয়ে বাৰটা সোনৰ,আঠটা ৰূপৰ আৰু দহটা ব্ৰঞ্জৰ পদক লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষ্যম হৈছে ৷
বকোৰ গামেৰীমুৰাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন।
সুদীৰ্ঘ দিন ধৰি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলে অনুসুচীত জনজাতিৰ মৰ্য্যদা লাভ কৰা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰাৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখি আহিছে। এই ক্ষেত্ৰত সংকতাপূৰ্ণ অৱস্থাৰ পৰা জাতিক ৰক্ষা কৰিবলৈ কোচ ৰাজবংশী জাতীয় সংগঠনৰ অন্যতম ভাতৃ সংগঠন কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত জাতীয় সংগ্ৰাম অব্যাহত আছে। উল্লেখ্য যে ; সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত বকো আঞ্চলিক সমিতিৰ এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিষ্ণু ৰাম দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনৰ আত ধৰে সম্পাদক বিপুল তালুকদাৰে। কোচ ৰাজবংশী জনবসতি অঞ্চল গামেৰীমুৰাৰ জাকুৱাপাৰা প্ৰাথমিক গোটৰ আমন্ত্ৰণক্ৰমে আয়োজন কৰা সভা খন অনুষ্ঠিত হয় জাকুৱাপাৰা – কাউলীপাৰা – কোচপাৰা পুথিভঁৰালৰ সভাকক্ষত। সভাত গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক দীপক কুমাৰ ৰয় ; পংকজ বীৰ দাস ; পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি মলিন দাস আৰু সম্পাদক ৰাজকুমাৰ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ গাওঁ শাখা সমিতিৰ সভাপতি বীৰেণ দাস ; সম্পাদক সত্যজিৎ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাস ; উপদেষ্টা নগেন দাস ; কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস ; উপ সভাপতি অনাদী পাটোৱাৰী ; অশ্বিনী লহকৰ আৰু দ্বীপেন দাসৰ উপৰিও মহিলা সন্মিলনীৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী ৰীণা ডেকা আৰু সম্পাদিকা মঞ্জুলা দাসে অংশগ্ৰহণ কৰে। সভাত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু অসম চৰকাৰক অতিশীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে আজিৰ সভাৰ জৰিয়তে যদি চৰকাৰে কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰে তেন্তে অনাগত দিনত কোচ ৰাজবংশী জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পদ আৰু পদবী এৰি দিব লাগে বুলি কোচ ৰাজবংশী জনতাক আহ্বান জনায় সভাপতি বিষ্ণু ৰাম দাসে। ইফালে সভাত ভাষণ প্ৰসংগত সংগঠনটোৰ সম্পাদক বিপুল তালুকদাৰে কোচ ৰাজবংশী সকলৰ জনজাতিৰ মৰ্য্যদা জন্মস্বত্ব অধিকাৰ। গতিকে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে কোচ ৰাজবংশী সকলক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে। আজিৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কোচ ৰাজবংশী সকলক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় আৰু জনজাতিৰ স্বীকৃতি দিবলৈ আহ্বান জনায়।
আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন
চছিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)ৰ সদস্য ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কাৰণ শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা কেইবাগৰাকীও যুৱক আটক হৈছে সোণাৰিত। চৰাইদেউ জিলাৰ সদৰ সোণাৰি তথা অসম নগালেণ্ড সীমান্তৰ নামতোলা হৈ আলফা স্বাধীনৰ শিবিৰলৈ বাট লোৱা কেইবাগৰাকীও যুৱক ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ জালত পৰিছে। আটকাধীন যুৱককেইজনে জানিবলৈ দিয়া অনুসৰি ফেচবুকত চিনাকি হৈ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ হেঁচা দিছিল বহু যুৱকক। শেহতীয়াকৈ আজি পুৱা ফেচবুকত চিনাকি হৈ আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ সোণাৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া। সেনাবাহিনীৰ পৰা লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আজি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰপৰাই আটক কৰিলে যুৱকজনক। আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁওত বুলি জানিব পৰা গৈছে। আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন।আটকাধীন যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত 206/2021 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/121/121A R W 10/13/18 B uA (p)Act ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে কেইটামান দিনৰ পূৰ্বেও ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা সাতজনকৈ যুৱকক আচাম ৰাইফলছৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছিল চৰাইদেউ আৰক্ষী। ইয়াৰ পৰিপ্ৰেক্ষিতত আছলতে আলফা স্বাধীনৰ সদস্য ফেচবুকত সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।
পাণ্ডোৰা পেপাৰচ কি ?এই তালিকাত কোনভাৰতীয় সকল আছে?
শচীন তেণ্ডুলকাৰ, পপ গায়িকা শাকিৰা আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকে ধৰি সমগ্ৰ বিশ্বৰ শ শ চেলিব্ৰিটিক বেনামি বিনিয়োগ বুলি দাবী কৰা হৈছে। অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংস্থাই ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান প্ৰতিবেদন প্ৰকাশ কৰিছে।ই 64 লাখ নথিপত্ৰ, 10 লাখতকৈও অধিক ইমেইল, 30 লাখতকৈ অধিক ফটোগ্ৰাফ আৰু প্ৰায় 5 লাখ স্প্ৰেডশ্বীট লিক কৰিছে। তেওঁলোকে দাবী কৰে যে এই চেলিব্ৰিটিসকলে কৰ বচাবলৈ আৰু কিছুমান ক্ষেত্ৰত ধন ৰপ্তানিৰ বাবে এনে ধৰণৰ বেনামি বিনিয়োগ কৰিছে। ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্টৰ (আইচিআইজে) প্ৰতিবেদনবোৰক ‘পাণ্ডোৰা পেপাৰছ’ নাম দিয়া হৈছে।পাণ্ডোৰা পেপাৰচ ১৪ গ্লোবেল কৰ্পোৰেট ফাৰ্মৰ ১১.৯ নিযুত লিক ফাইল আছে। লিকটোক পাণ্ডোৰা পেপাৰছ হিচাপে নামাকৰণ কৰা হৈছে। এই প্ৰতিষ্ঠানবোৰে প্ৰায় 29,000 অফ-দ্য-শ্বেল্ফ কোম্পানী আৰু ব্যক্তিগত ট্ৰাষ্ট গঠন কৰিছিল। এইবোৰ কৰ ৰাহি কৰিবলৈ প্ৰস্তুত কৰা হৈছিল। ছিংগাপুৰ, নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশবোৰো ৰেকৰ্ড লুকুৱাবলৈ কৰ আশ্ৰয়স্থল দেশবোৰৰ সৈতে ব্যৱহাৰ কৰা হৈছিল। প্ৰতিবেদনখন ৱাশ্বিংটনৰ ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট (আইচিআইজে)ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।লিকটোৱে ৯০ খন দেশৰ ৩৩০ জন লোকৰ নাম দিছে। তেওঁলোকৰ ভিতৰত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, জৰ্ডানৰ ৰজা, আজাৰবাইজানৰ ৰক্ষণশীল পৰিয়াল, চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু লগতে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ।শচীন তেণ্ডুলকাৰ লিকটোত নাম থকা ভাৰতীয়সকলৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম। শচীনৰ সৈতে তেওঁৰ পত্নী অঞ্জলি, শহুৰেক আনন্দ মেহতা, ব্যৱসায়ী অনিল আম্বানী আৰু কিছুনেতা আছে। নীৰৱ মোডী, তেওঁৰ ভগ্নী কিৰণ মজুমদাৰ শ্ব’ৰ দৰে ব্যৱসায়িক ব্যক্তিও তালিকাত আছে। অভিনেতা জেকি শ্ৰফ, গান্ধী পৰিয়ালৰ সতীশ শৰ্মা আৰু কৰ্পোৰেট লবিষ্ট নীৰা ৰাডিয়াও ইয়াৰ অংশ।পাণ্ডোৰা পেপাৰছত ভাৰতীয়সকলৰ নাম প্ৰকাশ হোৱাৰ পিছত, ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে বিষয়টোৰ তদন্ত কৰা হ’ব। অনুসন্ধানটো সংস্থাৰ এটা গোটৰ দ্বাৰা পৰিচালনা কৰা হ’ব। ইয়াৰ অধ্যক্ষতা কৰিব কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ (চিবিডিটি) অধ্যক্ষৰ দ্বাৰা। গোটটোত চিবিডিটি, প্ৰৱৰ্তন সঞ্চালকালয় (ইডি), ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) আৰু বিত্তীয় চোৰাংচোৱা গোটৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত থাকিব ।
উত্তৰ প্ৰদেশৰ লখিমপুৰ হিংসা: মৃতকৰ পৰিয়ালক প্ৰতিটো ৪৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়
ৰাষ্ট্ৰীয় ডেস্কঃ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ডিএম ড০ অৰবিন্দ কুমাৰ চৌৰাছিয়া মঙলবাৰে সন্ধিয়া তহচিল নিঘাচানৰ মৃত কৃষকজনৰ ঘৰত চৌক্ৰা ফাৰ্মত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। তেওঁ চৰকাৰে ঘোষণা কৰা ৪৫ লাখ টকাৰ চেক তেওঁৰ দেউতাকক প্ৰদান কৰিছিল। মুখ্য উন্নয়ন বিষয়া অনিল কুমাৰ সিং আৰু অতিৰিক্ত জিলা উপায়ুক্ত (বিত্ত আৰু ৰাজহ) সঞ্জয় কুমাৰ সিঙে তহচিল ধোৰহাৰাৰ আমেঠি গাঁৱৰ নামদাৰপুৰৱাৰ মৃত কৃষকজনৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু ৪৫ লাখ টকাৰ চেক প্ৰদান কৰে। ডিএমে কৈছিল যে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভুক্তভোগী পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদান কৰিছে।দেওবাৰে আবেলি লখিমপুৰ খেৰীত সংঘটিত ঘটনাত চাৰিজন কৃষকসহ আঠজন লোকে প্ৰাণ হেৰুৱায়। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষৰ গাড়ীখন কৃষকসকলৰ ওপৰত ভৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বিৰোধী দলৰ নেতাসকলে লখিমপুৰ খেৰী পাবলৈ চেষ্টা কৰিছিল কিন্তু সফল হ’ব নোৱাৰিলে।কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সীতাপুৰত জিম্মাত লোৱা হৈছিল। ইয়াৰ উপৰিও, এছপিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ, বিএছপি নেতা সতীশ চন্দ্ৰ মিশ্ৰ আৰু অন্যান্য নেতাসকলকো লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল। কৃষকসকলে গোচৰটোত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ।
উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ। হত্যা, অপহৰণ, ডকাইতি আৰু চুৰিকাণ্ডৰ দৰে অপৰাধত জড়িত বিমানক তিনিচুকীয়া সমীপৰ কাজিখোৱাত এনকাউন্টাৰ ডিব্ৰুগড় আৰক্ষীৰ। এখন গাড়ী চুৰি কৰিবলৈ যোৱাৰ সময়ত কুখ্যাত অপৰাধী বিমানক গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত বাওভৰিত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীৰ মতে, গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় এ এম চিত আত্মীয়ৰ চিকিৎসা কৰি নাহৰকটীয়াৰ পৰা এখন গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল। ইফালে কাজিখোৱাত এখন গাড়ী চুৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান। এ এম চিত চিকিৎসাধীন হৈ থকা বিমানৰ পৰা পিষ্টলসহ এডাল তাৰ জব্দ কৰিছে।
পশ্চিম দৰঙৰ সৰাবাৰীৰ ৰাইজ জল জীৱন মিচন আচনিৰ পৰা বঞ্চিত
ছিপাঝাৰ সমষ্টিৰ সীমামূৰীয়া গাওঁ নিজ সৰাবাৰী পানী যোগান আচনিৰ অন্তৰ্গত নিজ সৰাবাৰী আৰু বুঢ়াখাট গাওঁৰ গ্ৰাহক সকল ভাৰত চৰকাৰৰ জল জীৱন আচনিৰপৰা বঞ্চিত ৷ 1990 চনতে এম এম ৰ’ডৰ সমিপত স্থাপন কৰা সৰাবাৰী পানী যোগান আছনিৰ জৰিয়তে স্থানীয় ৰাইজক আৰ্ছেনিক মুক্ত খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ যথেষ্ট পৰিকল্পনা হাতত লৈছিল আৰু গাওখনৰ প্ৰত্যেকটো চুবুৰি পাইপেৰে সংযোগ কৰিছিল ৷ আনহাতে সেই পানীৰ পাইপ সমুহ অতি নিম্ন মানৰ হোৱা হেতুকে আচনিটোৰ পৰা চৰকাৰ বা ৰাইজ উপকৃত হোৱা নাছিল ৷ সেইসময়ত বিভাগীয় কৰ্তিপক্ষৰ লোকসকলে ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে হয়তো আচনিখন ফলপ্ৰসূ ন’হল ৷ সেই সময়ত অসম চৰকাৰে সকলো পানী যোগান আচনিত অৱৈতনিক ভাৱে এজন কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশনা দিছিল আৰু মঙলদৈ জনস্বাস্থ্য কাৰিকৰী কাৰ্যলয়ে নিজ সৰাবাৰী ৰাইজক আৱগত কৰিছিল ৷ তেনে নিৰ্দেশনা অনুসৰি নিজ সৰাবাৰী গাওঁৰ ৰাইজ একত্ৰিত হৈ এখন গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰে আৰু সমিতিৰ জৰিয়তে এজন স্থানীয় ব্যক্তিক অৱৈতনিক ভাৱে নিয়োগ কৰিবলৈ সমিতিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু লগে লগে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সমিতি খনক নিজ সৰাবাৰী গাওখনত ঘৰুৱা পানী সংযোগ দিয়াৰ বাবে পৰামৰ্শ দিছিল ৷ সমিতিয়ে পৰামৰ্শ গ্ৰহন কৰি পানী টেপ সংযোগ দিয়াৰ ব্যৱস্থা গ্ৰহন কৰে ৷ নিজ সৰাবাৰীৰ পানী যোগান আচনিত অন্তভূক্ত হোৱা স্বত্বেও এই সকল নিজ সৰাবাৰী দক্ষিণ চুবুৰিৰ প্ৰায় ১০০ পৰিয়াল জল জীৱন আচনিৰ পৰা বঞ্চিত ৷ আজিও দক্ষিন চুবুৰিৰ লোকসকল ঘৰুৱা পানীৰ টেপ সংযোগ পোৱাৰ বাবে অপেক্ষাত ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ঘৰে ঘৰে পানীৰ ব্যৱস্থাই হৱ বি জে পি চৰকাৰৰ এক মূলমন্ত্ৰ ৷ প্ৰধান মন্ত্ৰী মোদীয়ে যাতে জল জীৱন আছনিৰ জৰিয়তে আৰ্ছেনিক মুক্ত পানী জনসাধাৰণক ঘৰে ঘৰে যোগান ধৰিৱ পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে ৷ এতিয়া প্ৰশ্ন হ’ল পুৰনি আচনিত অন্তভূক্ত হৈ থকা বা ঘৰুৱা পানীৰ সংযোগ থকা স্বত্বেও নিজ সৰাবাৰীৰ দক্ষিণ চুবুৰিৰ ১০০টা পৰিয়াল জল জীৱন আছনিৰ পৰা কিয় বঞ্চিত হ’ল ? চুবুৰিটোৰ লোকসকল পদূলিত ঠিয় দি আজিকোপতি পানীৰ পাইপৰ অপেক্ষাত ৷ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক বাৰম্বাৰ জনোৱাৰ পিচতো নাই কোনো সহাৰি ৷ ইয়াৰ বাবে দায়ী কোন ? চৰাকৰ নে বিভাগীয় কৰ্তিপক্ষ ?











