Home Blog Page 2814

ঘগ্ৰাপাৰত পশু চিকিৎসা শিবিৰ সম্পন্ন

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁওত ঘগ্ৰাপাৰ পশু চিকিৎসালয়ৰ উদ্যোগত পশুৰ কৃমি নাশক দৰব বিতৰণ আৰু পশুধনৰ প্ৰজনন জনিত ৰোগ আৰু ওহাৰফুলা ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা সম্পৰ্কীয় এক শিবিৰ  অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসা সেৱা আগ বঢ়ায় ডাঃ অম্বিকা ডেকা, ডাঃ প্ৰতুল তালুকদাৰ, ক্ষেত্ৰ সহায়ক  কমল দাস আৰু মঃ ৰুবুল আলীয়ে । শিবিৰত সহায় কৰে বিভাগীয় কৰ্মচাৰী  মহেন্দ্ৰ কলিতা আৰু  হেম কান্ত বৈশ্যই । উক্ত শিবিৰত প্ৰায় ২০০ পশু ধনৰ চিকিৎসা কৰাৰ লগতে প্ৰায় ৩০০ পশু ধনৰ বাবে  ঔষধ বিতৰণ কৰা হয়।

গোলাঘাটত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি

শৰৎ আহিল শেৱালিৰ পাতত/শৰৎ আহিল পখীৰ মাতত।শেৱালিৰ সুৱাসে  শৰতৰ আগমনৰ বতৰা দিয়াৰ লগে লগে  শাৰদীয় দূৰ্গোৎসৱৰ বতৰাই মানুহৰ মন উৎফুল্লিত কৰি তুলিছে । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটতো কভিড নীতি নিয়ম মানি  ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গোৎসৱৰ । গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ মৃৎ শিয়ল্পীয়ে দূৰ্গা প্ৰতিমাত ৰঙ তুলিকাৰে আটক ধুনীয়া কৰি তুলিছে । শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা সমূহ । মা দূৰ্গাক জীৱন্ত ৰূপ দিবলৈ দিনে নিশাই কষ্ট কৰিছে এই সকল মৃৎ শিল্পীয়ে । বহু অভাৱ অভিযোগ সমস্যাৰ মাজেৰে এই সকল শিল্পীয়ে যুগ যুগ ধৰি জীয়াই ৰাখিছে তেওঁলোকৰ পৰম্পৰা । পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই এই পৰিয়াল সমূহ ব্যস্ত হৈ আহিছে যদিও তেওঁলোকে পৰিয়াল পোহ পাল দিয়াত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে । মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ । ৰঙকে ধৰি যাবতীয় সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাব ধৰিছে । সেই অনুসৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে এওঁলোক ।  সেয়ে এই মৃন্ময় শিল্পী সকলৰ আহবান চৰকাৰেই হওঁক বা পূজা সমিতিয়েই হওঁক এওঁলোকৰ কষ্টৰ বিনিময় লাভৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়াই ।

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘগ্ৰাপাৰত ব্ৰহ্মপুত্ৰ ভেলীৰ উদ‍্যোগত বৃক্ষৰোপন কাৰ্যসূচী

নলবাৰী জিলা কৃষি বিভাগ  আৰু  Brahmaputra valley Fertilizer corporation Ltd ৰ উদ‍্যোগত  ঘগ্ৰাপাৰত কালি   ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঘগ্ৰাপাৰ চ’কৰ সমীপত দামোদৰ ধাম পথত এই কাৰ্যসূচীতো মুকলি কৰে নলবাৰী জিলা কৃষি বিষয়া– মধুৰম পাটীৰ।তেওঁ ভাষণত গছ থাকিলে হে মানুহ থাকিব বুলি উল্লেখ কৰি গছ -পুলিসমুহ সংৰক্ষণত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত নলবাৰী কৃষি বিভাগ এ ডি ইউ( ADU) মুনিন্দ্ৰ শৰ্মা, Bhahmaputra valley Fertilizer corporation Ltd ৰ (Marketing) ডি জি এম অসীম কুমাৰ দত্ত, ডেপুটি পৰিচালক প্ৰতীম দত্ত,এলেকা পৰিচালক প্ৰাণ নাথ, জনতা যুৱ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহ তথা ৰিদিপ দত্ত, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, যূৱ ব‍্যৱসায়ী তথা বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, তথা  পূৱ -বনভাগ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মনিকা ভৰালী,বিজেপি নেত্ৰী ধৰিত্ৰী ডেকা,বিনীতা মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰি হাতে হাতে কৃষ্ণচুৰা গছৰ পুলি লৈ দামোদৰ ধাম পথটোত ৰোপণ কৰা পৰিলক্ষিত হয়।

তিনিচুকীয়াত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

প্ৰতিজন সফল ব্যক্তিৰ আৰত থাকে বেংকৰ অৱদান৷ বেংক ফাইনেঞ্চৰ অবিহনে কোনো ব্যৱসায় বানিজ্য প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়৷ জনসাধাৰনক ঋণ সম্পৰ্কে সজাগতা আৰু কিদৰে বেংকৰ পৰা ঋণ লব পাৰি সেই বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আজি তিনিচুকীয়াত ভাৰতীয় ষ্টেট বেংকৰ তিনিচুকীয়া শাখাই এখনি লোন মেলাৰ আয়োজন কৰে৷ উক্ত লোন মেলাত ষ্টেট বেংক তিনিচুকীয়া শাখাৰ মুখ্য পৰিচালক বিক্ৰম প্ৰসাদে ৰাইজক বিভিন্ন প্ৰকাৰৰ ঋণ আৰু এই ঋণসমূহৰ লাভালাভ আৰু কিদৰে আবেদন কৰিব পাৰি সেই বিষয়ে সম্যক ধাৰনা প্ৰদান কৰে৷ শাখাটোৰ ঋণ বিভাগৰ  আন এগৰাকী পৰিচালক শ্যাম উপাধ্যায় সহ বহু কেইগৰাকী বেংক বিষয়াৰ উপস্থিত কেইবাজনো গ্ৰাহকে আজি গাড়ী ঋণ, ব্যক্তিগত ঋণ আৰু ব্যৱসায়ীক ঋণৰ বাবে আবেদন কৰে৷

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা পদযাত্ৰাৰ আয়োজন

স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্‌যাপনৰ অংশ  হিচাপে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণে যোৱা ২ অক্টোবৰৰ পৰা আৰম্ভ কৰা দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে জিলাখনত আইন সজাগতা আৰু প্ৰচাৰ অভিযানৰ উদ্দেশ্যে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতা আৰু সচিব লীনা দলেৰ তত্বাৱধানত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত ৩ অক্টোবৰৰ পুৱা গড়মূৰ কাছাৰী ময়দানৰ পৰা এক বাকাথান (পদযাত্ৰা) উলিওৱা হয় ৷ এই পদযাত্ৰা উদ্ধোধন কৰে জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ এই পদযাত্ৰাত জিলা উপায়ুক্ত , মাজুলী জিলা আইন প্ৰাধিকৰণৰ সচিব লীনা দলেৰ লগতে কৰ্মকৰ্তা সকল , মহকুমা ন্যায়িক দণ্ডাধীশ সবিতা ভৰদ্বাজ আৰু বিভাগীয় কৰ্মচাৰী সকল ,  মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ ,  মহকুমাধিপতি (সদৰ) ধৃতিমান দাস , মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ লগতে কৰ্মকৰ্তা সকল , মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক পদ্ম কুমাৰ পেগু ,  মাজুলী জিলা যুটীয়া সঞ্চালক , স্বাস্থ্য বিভাগ আৰু কৰ্মচাৰীসকল , মাজুলী জিলা কাৰাগাৰ অধীক্ষক আৰু কাৰাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা কোষাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকল , মাজুলী জিলাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কৰ্মকৰ্তাসকল , মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগৰ কৰ্মচাৰী , মাজুলী জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা , জিলা বণিক সন্থা , বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ-ছাত্ৰী , অংগনাবাড়ী কৰ্মকৰ্তাৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ অন্তৰ্গত অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলকে ধৰি প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলেও যাতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত সামাজিক , অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ লগতে সমান আইনী সুবিধাসমূহ বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবেই এই বাকাথানৰ আয়োজন কৰা হৈছে ৷  এই বাকাথান সূচাৰু ৰূপে সম্পন্ন হোৱাত বিশেষ সহযোগ আগবঢ়াই জিলা উপায়ুক্ত বিক্ৰম কৈৰী , জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু মাজুলী জিলা বণিক সন্থাই ৷

নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰিয়ঙ্কা গান্ধীৰ মুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী

সমগ্ৰ দেশৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত আজি বকো সমষ্টিৰ ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালৰ খৱৰ লবলৈ যাওঁতে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে মুক্তিৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লাহৰীঘাট ৰাজহ চক্ৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত   কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী মুক্তিৰ দাবী লাহৰীঘাট কংগ্ৰেছৰ প্ৰতিবাদ । স্হানীয়া বিধায়ক ডা: আছিফ নাজাৰৰ  নেতৃত্বত হাযে হাতে প্লে- কাৰ্ড লৈ লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৮ গৰাকীকৈ স্বহীদ কৃষকৰ খবৰ ল’বলৈ যোবাৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰত যোগীৰ পুলিছ বাহিনীয়ে প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা ঘটনা দুৰ্ভাগ্যজন । গান্ধীৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে বিধায়ক আছিফে বিজেপি চৰকাৰে ৰাজতন্ত্ৰ শাসন চলোবা বুলি অভিযোগ কৰে । 

“মিচন বসুন্ধৰা”আঁচনিক আদৰণি সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ

অসম চৰকাৰৰ “ৰাজহ আৰু দূৰ্য্যোগ ব্যৱস্হাপনা বিভাগ, অসম ” ৰ দ্বাৰা জনকল্যাণৰ বাবে “গান্ধী জয়ন্তী”  দিনা আৰম্ভ কৰা ” মিচন বসুন্ধৰা” আচঁনি খনক সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি  লোকনাথ সন্ধিকৈ আৰু সাধাৰণ সম্পাদক  ভৱানন্দ বৰাই আদৰণি জনাইছে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় মণ্ডলেই মংগল ” মন্ত্ৰৰে অসম চৰকাৰে আৰম্ভ কৰা এই “বসুন্ধৰা ” আঁচনি খনৰ জৰিয়তে জনসাধাৰণে ৯ টাকৈ ভুমি ৰাজহ  সম্পকীয় গুৰুত্বপূৰ্ণ  সেৱা লাভ কৰিব ৷এই সেৱা সমূহৰ ভিতৰত আছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি,বিবাদ মুক্ত বাটোৱাৰা,একচনীয়া পট্টাৰ ম্যাদী কৰণ,মাটিৰ শ্ৰেণী পৰিৱৰ্তন,ৰাজহ নথিৰ পৰা দখল/স্বত্ব বিহিন পট্টাদাৰৰ নাম কৰ্তন, আৱন্টিত মাটি ম্যাদীকৰণ, ভূমি নথি সংশোধন (নাম আৰু মাটিৰ কালি সংশোধন )আৰু ভূমি নথিত পট্টাদাৰৰ    ম’বাইল নং অন্তভূক্ত কৰণ।এই সেৱা সমূহ  জনসাধাৰণে কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ On line ৰ জৰিয়তে লাভ কৰিব ৷ এই সেৱা গ্ৰহণ কৰিব বাবে Online ত প্ৰ-পত্ৰ পূৰণ কৰোতে সকলো তথ্য সংলগ্ন কৰিবলৈ  জনসাধাৰণক অনুৰোধ জনাই ৷যিহেতু এই সেৱা Online ব্যৱস্থাৰে হ’ব গতিকে ইন্টানেটৰ নেট সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ আৰু প্ৰত্যেক জন লাট মণ্ডল- কাননগোকে একোটা কৈ উন্নত প্ৰয়ুক্তিৰ কম্পিউটা উপলব্ধ কৰিবলৈ চৰকাৰক  দাবী জনাই  ৷ জনসাধাৰণৰ ব্যাপক সংখ্যক আবেদন গোচৰ নিস্পতি কৰিব বাবে লাট মণ্ডল সকলে যিহেতু সদায় নিজৰ নিজৰ দায়িত্বত থকা এলেকালৈ যাব লাগিব ,সেয়েহে  মণ্ডল- কাননগো সকলক যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক সন্মিলনীৰ তৰফৰ পৰা দাবী জনাই কয় মণ্ডল- কাননগো সকলে যিহেতু ” অসম ভূমিলখ্য নিয়মাৱলী-১৮৮৬”  নামৰ আইনৰ আধাৰত প্ৰতিটো গোচৰ নিস্পতি কৰিব,গতিকে সকলো ৰাইজ তথা মাটিৰ পট্টাদাৰকে বিভাগৰ লগত  সহযোগ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। সকলো মণ্ডল- কাননগোক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আৰু আইনৰ আউতাত নপৰা বিষয়বোৰ  সহজ সৰল ভাষাত নম্ৰভাৱে ৰাইজক  বুজাই দিবলৈ আহ্বান জনাই  এই জনকল্যাণৰমূলক আঁচনি খনৰ ৰূপায়ণ ক্ষেত্ৰত যাতে জনসাধাৰণ আৰু বিভাগৰ মাজত কোনো ভূল বুজাবুজি নোহোৱাকৈ সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে সকলো পক্ষকে সজাগ আৰু সচেতন  হৈ থাকিবলৈ আহ্বান জনাই ৷যদি কোনো অভব্য ব্যক্তিৰ বাবে এই জনহিতৰ আঁচনি ৰূপায়ণ সময়ত কৰ্মবিৰতিকে আদি কৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব  লগিয়া পৰিবেশ আৰু পৰিস্থিতি সৃষ্টি হয় তেনে ক্ষেত্ৰত  সদৌ অসম মণ্ডল কাননগো সন্মিলনী কোনো কাৰণতে দায়ী নহব বুলি স্পষ্ট কৰি দিয়ে। যোৱা কালি লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদতো বসুন্ধৰা আঁচনিৰ বিষয়ে চক্র বিষয়া স্বৰাজ ভাৰত লাগাচু দেৱে ৰাইজক অৱগত কৰি দিয়ে। 

মুম্বাইৰ ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ অসম কন্যাৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ‘লিভা মিচ দিভা, ২০২১’শীৰ্ষক মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ সন্মান আজুৰি অনা এগৰাকী অসম কন্যাই দেখুৱালে আদৰ্শৰ এক অনন্য নিদৰ্শন। কঠোৰ সাধনা, একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে মানুহে কৰিব নোৱাৰা একো কাম নাই, এই কথা সঁচা যে এশ শতাংশ ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল  মুম্বাইত সদ্যসমাপ্ত ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক সৌন্দৰ্য কিম্বা মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ কৰা অসমৰ পল্লৱী শইকীয়া। উক্ত প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ অন্যতম পল্লৱীয়ে ‘টাইমছ মিছ টেলেণ্টেড’ আৰু ‘লিভা টপ মডেল’ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী । তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জ্যেষ্ঠ কন্যা পল্লৱীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল তৈল নগৰী ডিগবৈস্থিত ‘লিটল ষ্টাৰ ছিনিয়ৰ ছেকণ্ডাৰী স্কুল’ত। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ পল্লৱীয়ে সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীততো বিশাৰদ ডিগ্ৰী লাভ কৰিছে। পল্লৱী এগৰাকী নাট্য শিল্পীও। উল্লেখ্য যে সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত সন্মান সহ সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য বান্ধি লৈছে। পল্লৱীৰ এনে বিৰল কৃতিত্বত উৎফুল্লিত হৈছে টিংৰাইবাসী।

চিৰাং জিলা ছাত্ৰ সংগঠনৰ সমন্বয় ৰক্ষা সমিতিৰ সৈতে বঙাইগাঁও তেল শোধানাগাৰ কতৃপক্ষৰ গুৰুত্বপূৰ্ণ বৈঠক।

 অসমৰ অন্যতম তেল শোধানাগাৰ হিচাপে জনাজাত চিৰাং জিলাৰ ঢালিগাওঁস্থিত বঙাইগাঁও তেল শোধানাগাৰ। য’ত কৰ্মৰত সহস্ৰাধিক স্থানীয় আৰু বহিৰাগত কৰ্মচাৰী । এক প্ৰকাৰ বৃহৎ প্ৰকল্প হিচাবে পৰিগণিত হোৱা বঙাইগাঁও তেল শোধানাগাৰ কতৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় চিৰাং জিলাৰ ছাত্ৰ সংগঠনসমূহৰ সমন্বয় ৰক্ষা সমিতি। বেংগলী ফেডাৰেশ্যন,আমছু,এবিএমছুকে আদি কৰি চিৰাং জিলাৰ মুঠ দহটা জাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বত গঢ় লৈ উঠা সমন্বয় ৰক্ষা সমিতিৰ নেতৃবৰ্গৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় তেল শোধানাগাৰ কতৃপক্ষই। তেল শোধানাগাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা পৰ্বত তেল শোধানাগাৰৰ মহা প্ৰবন্ধক ফুলাম গামোচাৰে সম্বোৰ্ধনা জ্ঞাপন কৰে সমিতিৰ সহকাৰী আহ্বায়ক শুভ মজুমদাৰে আৰু স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিৰ আহ্বায়ক গুলজাৰ হুছেইনে। স্মাৰক পত্ৰত উল্লেখিত বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰায় তিনি ঘণ্টীয়া এই আলোচনাত তেল শোধানাগাৰ কেন্দ্ৰীক প্ৰায় সকলোবোৰ কথা বিষদভাৱে আলোচনা কৰা হয় য’ত শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ ওপৰত মূলতঃ আলোকপাত কৰা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক ভবিষ্যতৰ কথা চিন্তা কৰি বিনামূলীয়া শিক্ষা কেন্দ্ৰ, স্বাস্থ্যৰ ক্ষেত্ৰত এম্বুলেন্স যোগানৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজক পৰ্যাপ্ত পৰিমাণে সহায়-সহযোগ কৰা, স্থানীয় নিবনুৱা সকলোক কৰ্ম সংস্থাপনৰ  ক্ষেত্ৰত প্ৰথম প্ৰাধান্য দিয়াৰ লগতে সম্ভাৱ্য অস্থায়ী পদসমূহত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰে পৰা আদি কৰি তেল শোধানাগাৰৰ পৰা সৃষ্টি হোৱা বিভিন্ন সমস্যা, যেনে – প্ৰদূষণ হ্ৰাস কৰা, দূৰ্গন্ধ দূৰীকৰণ আদি বিষয় বোৰ বিশেষ ভাৱে আলোচিত হয়। সদৌ শেষত প্ৰায় সকলোবোৰ সমস্যা সমাধানৰ বাবে পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে শোধানাগাৰ কতৃপক্ষই ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গক পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায়।