সোঁতৰ বিপৰীতে সাঁতুৰি আগুৱাই যোৱা এটা আদৰ্শ পৰিয়ালৰ বাস্তব কাহিনী। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুচি পুখুৰীৰ পৰা গাঁৱৰ দিলীপ হাজৰিকা দম্পতিয়ে বন্ধন বেংকৰ পৰা ঋণলৈ যথেষ্ট উপকৃত হৈছে বুলি আমাক জানিবলৈ দিয়ে। দিলীপ হাজৰিকা নিজে এজন বডী মিস্ত্রি তথা পেইন্টাৰ কাম কৰিবলৈ বিভিন্ন যন্ত্রপাতি ক্রয় কৰাৰ উপৰি ঋণৰ টকাৰে ক্ৰয় কৰিলে এখন চাৰিচকীয়া বাহন। সম্প্ৰতি পৰিয়ালটো আজি আত্মনিৰ্ভৰশীলহৈ পৰিছে। ৰাজ্যত চলি থকা ঋণ ৰেহাইৰ প্ৰতিবাদৰ বিপৰীতে দম্পতি হালে আহ্বান জনালে -মাইক্র’ফাইনেন্সৰ ঋণ খাবলৈ বা বিলাসিতাৰ বাবে নহয়, বৰং ব্যৱসায়িক কামত সদ্ব্যবহাৰ কৰিলে সফল নোহোৱাৰ কাৰণ নাই বুলিকৈ বন্ধন বেংকলৈ কৃতজ্ঞতা জনালে হাজৰিকা দম্পতিয়ে।
ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ উপশমী চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ শিৱিৰ সম্পন্ন
কৰ্কট ৰোগৰ সজাগতাৰ হকে কাম কৰি অহা প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ ৰ দ্বাৰা আয়োজিত ১৬ ঘণ্টাৰ উপশমী সেৱাৰ চাটিফিকেট কৰ্ছৰ অফলাইন প্ৰশিক্ষণ শিৱিৰ ১৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায়৷ ইণ্ডিয়ান এচ’ছিেয়চন অৱ পেলিয়িটিভ কেয়াৰৰ দ্বাৰা পৰিচালিত আৰু হোটেল বাজাবাসত অনুষ্ঠিত এই প্ৰশিক্ষণৰ শিৱিৰত মুখ্য প্ৰশিক্ষক ৰূপে কেন্সাৰৰ মনোবিজ্ঞানী মুম্বাইৰ কে ভি গণপথীয়ে অংশগ্ৰহণ কৰে৷ শিৱিৰত ধেমাজি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড় আদি বিভিন্ন স্থানৰ কুৰি গৰাকী স্বেচ্ছাসেৱকে প্ৰশিক্ষণ সমাপ্ত কৰে৷ উল্লেখ্য যে এই প্ৰশিক্ষণৰ অন্তৰ্গত প্ৰথম দহঘণ্টা অনলাইনত চ্ছ্ৰ, প্ত ছেপ্টেম্বৰত হৈ গৈছিল৷

এই প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণিতে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ‘প্ৰতিশ্ৰুতি’ ৰ অবৈতনিক সঞ্চালক তথা কেন্সাৰ গৱেষক ডাঃ গগৈয়ে অনুষ্ঠানটোৰ লক্ষ্য-উদ্দেশ্যৰ লগতে ‘প্ৰতিশ্ৰুতি’ য়ে ক’ভিডকালীন সময়ত ধেমাজি, গুৱাহাটী আৰু ডিব্ৰুগড়ত ৬০ হেজাৰৰো অধিক লোকক হোম আইশ্যলেশ্যনত থকাৰ সময়ত সংগঠনটোৰ স্বেচ্চাসেৱক আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ সহযোগত সফল ৰূপায়ণ কৰা তিনিটা ‘ক’ভিড মনিটৰিং বিশেষ প্ৰকল্প’ ৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত [স্বাস্থ্য] বিশ্বজিত ফুকন, মডাৰেটৰ ডাঃ প্ৰণয় ফুকন, ডাঃ জিএছ বৰগোহাঁই, ডাঃ প্ৰবীন দত্ত, ডাঃ কাবেৰী বৰা, ডাঃ লুকিমা বৰুৱা, অস্মিতা কলিতাকে ধৰি প্ৰতিশ্ৰুতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

শিৱিৰত উপশমী সেৱাৰ বিভিন্ন দিশ সামৰি প্ৰজেক্টৰৰ জৰিয়তে প্ৰশিক্ষণ আগবঢ়ায় কে ভি গনপথিকে ধৰি ডাঃ জি এছ বৰগোহাঁই, ষ্টাফ নাৰ্চ ডালিমী গগৈ, কবিতা ৰাজোৱাৰ, ৱাজিৰ বিন কুটুব, পান্না ভৰালীয়ে৷ শিৱিৰত মুখ্য প্ৰশিক্ষক কে ভি গণপথীয়ে বিষয়টোৰ মনোবৈজ্ঞানিক বিভিন্ন দিশসমূহৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে স্বেচ্চাসেৱকসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে৷ অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ বিতৰন কৰা হয়।

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ২০ দিনীয়া জন্মোৎসৱৰ প্ৰথমটো দিনত বৰ্ধিত টিকাকৰণ কাৰ্যসূচী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্মদিন।প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ।৭১তম জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশ।অন্যান্য প্ৰান্তৰ লগতে ৰঙাপৰাতো মোডীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিবলৈ সাজু হৈছে।ৰঙাপৰাত প্ৰধানমন্ত্ৰীৰ অনুৰাগী তথা বিজেপি কৰ্মীসকলে অঞ্চলটোৰ চাহ বাগিচা সমুহত ২০ দিনীয়া বৰ্ধিত টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰিছে।এই ২০ দিনীয়া জন্ম উৎসৱ উপলক্ষে বিজেপি কৰ্মী সকলে বাগিচা অঞ্চলত শ্ৰমিক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে আৰু কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক লবলৈ আহ্বান জনায়। জন্মোৎসৱৰ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন,বিজেপি শোণিতপুৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ৰঙাপৰা নগৰ মণ্ডল অবিচি মৰ্চাৰ প্ৰভাৰী ৰানা ভাটিয়া, মণ্ডল সভাপতি দিপক তেলি আৰু বহু বিজেপি কৰ্মী অংশগ্ৰহণ কৰে।
গুৰুতৰ ভাৱে অসুস্থ কাৰেংঘৰ থিয়েটাৰৰ প্ৰযোজক সোনমণি দত্ত
বিশিষ্ট সাংবাদিক, সাংস্কৃতিক কৰ্মী, কাৰেংঘৰ থিয়েটাৰৰ প্ৰযোজক সোণমণি দত্ত যোৱা ৬ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ হেলথচিটি হাস্পতাল আই.চি.ইউত ভৰ্ত্তি হৈ আছে। সাংবাদিক গৰাকীক প্ৰথমে দিশপুৰ হাস্পতালৰ আই.চি.ইউত ভৰ্ত্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত হেলথচিটিলৈ স্থানান্তৰিত কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সোণমণি দত্তই শিৱসাগৰৰ পৰা প্ৰকাশিত কলম কাকত সম্পাদনা কৰাৰ ওপৰিও সাপ্তাহিক কৃষকবন্ধু,অসম সেতু, সূৰ্য,স্বাভিমান, দৈনিক বাতৰি কাকত আদি কাকত আলোচনীৰ সম্পাদনা কৰাৰ লগতে অসমীয়া প্ৰতিদিন “আজি” বুধবাৰ আদি বিভিন্ন কাকতলৈ সাংবাদ সেৱা আগবঢ়াই আছিল আৰু বৰ্তমানো NEWS 24 নৰ্থ ইষ্ট নামৰ চেনেল এটাৰো মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছিল। অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ আগশাৰীৰ নাট্যদল কাৰেংঘৰ থিয়েটাৰৰ প্ৰয়োজক সোণমণি দত্তই কাৰেংঘৰ থিয়েটাৰৰ যোগেদি বিভিন্ন গণমুখী কাম-কাজৰ লগতে নিজে ৰচনা কৰা নাটকৰ যোগেদি এক নতুন সোৱাদ কঢ়িয়াই আনিছিল নাট্যজগতলৈ।
সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মাৰ বিয়োগ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা অৱসৰী মুৰব্বী অধ্যাপক, বৰেণ্য সংস্কৃত পণ্ডিত, সাহিত্যিক, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মা চাৰৰ আজি দেহাৱসান ঘটাত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে। এক শোক-বাৰ্তাত ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যতাৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “আমি হেৰুৱালোঁ এজন জ্ঞান তপস্বী সাধকক। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ড০ শৰ্মা চাৰে শিক্ষা জগতৰ বাবে অভূতপূর্ব বৰঙণি আগবঢ়াইছে। সাহিত্য জগতলৈ তেওঁৰ অৱদান অনন্য। তেওঁৰ সূদুৰ প্ৰসাৰী চিন্তাৰে সকলোকে আকৃষ্ট কৰিছিল।” এইগৰাকী মহান শিক্ষাবিদৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০মলিনা দেৱী ৰাভা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম -সম্পাদক গোলাপ বড়ো, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
মুছলপুৰত এছ এছ বিৰ উদ্যোগত চিভিক একচন কাৰ্যসূচী
আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দাৰাগাৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ শীৰ্ষত অনুষ্ঠান। উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ঔষধ প্ৰদান কৰাৰ উপৰিও ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু চাবোনৰ সৈতে একোটিকৈ গছপুলি প্ৰদান কৰে এছ এছ বিয়ে । অনুষ্ঠানত উপস্থিত থাকি সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেণ্ট নন্দ কিশোৰ টমটায়ে সকলোকে ক’ভিডৰ বিৰুদ্ধে সজাগ হৈ ভেকচিন ল’বলৈ আহ্বান জনায় ৷ উক্ত কাৰ্যসূচীত ভূটানখুটি উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ অনুপ দাস, সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ ডেপুটী কামাণ্ডেণ্ট সন্দীপ পুনিয়াকে ধৰি অঞ্চলটোৰ কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
নগৰবেৰাত ফেচবুকত প্ৰেমিকাৰ আপত্তিজনক ভিডিঅ ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হল প্ৰেমিক
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে আটক কৰিলে প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰা প্ৰেমিকক। জানিব পৰা মতে বাংগালোৰত বি-ফাৰ্মত অধ্যয়নৰত ছাত্ৰ জাহিদুল ইছলামে মোবাইল যোগে নগৰবেৰা অঞ্চলৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ সতে প্ৰথমে চিনাকি হয় তাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পাছলৈ কিবা কাৰণত প্ৰেমত ফাঁট মেলাত প্ৰেমিক জনে ফেচবুক ফেক একাউণ্ট খুলি প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰে। নগৰবেৰা অঞ্চলৰ প্ৰেয়সীৰ মাতৃয়ে দিয়া এক এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰে অসম-বাংলাদেশ সীমান্তৰ সুখচৰ আৰক্ষী থানা এলেকাৰ বেৰাভঙা গাঁৱৰ জাহিদ মণ্ডল ওৰফে জাহিদুল ইছলাম নামৰ যুৱক জনক। ঘটনাটোক লৈ নগৰবেৰা অঞ্চলত অব্যাহত আছে চাঞ্চল্য।
মুছলপুৰত পুখুৰীত বিহ ঢালি মাছ নিধন দুৰ্বৃত্তৰ
স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য আগত ৰাখি মৎস্য পালনৰ পথ বাচি লোৱা বাক্সা জিলাৰ এগৰাকী যুৱকৰ পুখুৰীত দুৰ্বৃত্তই বিহ ঢালি মাছ নিধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰামতে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত অদালবাৰীৰ শিক্ষিত যুৱক ৰাতুল শৰ্মাই চৰকাৰী চাকৰিৰ আশা বাদ দি নিজৰ মাটিত পুখুৰী খান্দি মৎস পালনেৰে বাচি লৈছিল স্বাৱলম্বিতাৰ পথ ৷ ৰৌ, আঁৰি, ভকুৱা, কমনকাৰ্প, গ্ৰাছকাৰ্প আদিকে ধৰি বিভিন্ন জাতৰ থলুৱা মাছৰ পোনা পুখুৰীত মেলি দিয়াৰ পিছত এতিয়া সেই পোনাবোৰ প্ৰায় এক-ডেৰ কেজি ওজনলৈকে ডাঙৰ হৈ পৰাত সঞ্চাৰ হৈছিল লাভৰ আশা ৷ কিন্তু, দুর্ভাগ্যজনকভাৱে কালি নিশা কোনো অচিনাক্ত দুর্বৃত্তই পুখুৰীটোত বিহ ঢালি দিয়ে৷ যাৰ ফলত আজি পুৱাৰ ভাগত ভাহি উঠে হাজাৰ হাজাৰ বিভিন্ন প্রজাতিৰ মাছ৷ বিহ সেৱনৰ ফলত লগে লগে মৃত্যু হয় লক্ষাধিক টকা মূল্যৰ মাছৰ ৷ দিনে-ৰাতিয়ে প্ৰতিপালন কৰি ডাঙৰ কৰা মাছবোৰ আজি পুখুৰীত ৰাতিপুৱা চাবলৈ গৈ সকলো মাছ মৃত অৱস্থাত ওপঙি থকা দেখি হতভম্ব হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে মৎসপালক ৰাতুল শৰ্মা ৷ কোনো দুষ্ট লোকে পুখুৰীত বিহ দি মাছ নিধন কৰা বুলি সন্দেহ ব্যক্ত কৰে মৎসপালক ৰাতুল শৰ্মাই ৷ অঞ্চলটোৰ সচেতন মহলে দোষীক চিনাক্ত কৰি শীঘ্রে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷
চাহ জনগোষ্ঠীৰ কৰম উৎসৱ উপলক্ষে দিয়া বন্ধ সম্পৰ্কে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া নদুৱাৰত
![]() |
চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰৱ। কৰম উৎসৱৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি,জাতীয় পৰিচয় বহন কৰা পৰম্পৰাগত উৎসৱটিত চাহ জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই বৰ্তমাণৰ বিজেপিধীন চৰকাৰখনে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধ ঘোষনা কৰিছে।চৰকাৰকাৰখনৰ এই সিদ্ধান্তক স্বাভাৱিকতে জনগষ্ঠীটোৰ মাজত এক সুখৱৰ কঢ়িয়াই আনিছে বুলি কব লাগিব। অৱশ্যে ৰাজ্যখনত দীৰ্ঘদিনধৰি বৃহৎৰ চাহ জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ লগতে কৰম পৰৱৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনা কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাই দাবী জনাই অহাৰ মাজতে যোৱাকালি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্ত অনুযায়ী কৰম উপলক্ষে চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰখনক ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। আনহাতে বৰ্তমানৰ চৰকাৰখনে চৰকাৰী বন্দ্ধ দিয়াৰ বিপৰীতে চাহজনগোষ্ঠীৰলোক বাগিচাত কাম কৰিবলগীয়া হোৱা ঘটনাই চাহ জনগোষ্ঠীৰ বিভিন্ন মহলে চৰকাৰখনে লোৱা যুগাত্মক সিদ্ধান্তৰ শলাগলোৱাৰ বিপৰীতে বিভিন্ন প্ৰান্তত চৰকাৰখনৰ লগতে বাগিচা মালিক পক্ষক ধীক্কাৰ দিয়াৰ লগতে তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে। ইয়াৰ মাজতে নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতীয়ে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে দীৰ্ঘদিনে আটছাই দাবী জনাই অহা প্ৰতি সহাৰি জনাই ৰাজ্যচৰকাৰখনে ‘চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ ‘কৰম পৰৱ’ উপলক্ষে ৰাজ্যিক বন্দ্ধ ঘোষনাই জনগোষ্ঠীটোৰ এক যুগাত্মক দিশ । আৰু লগতে কয় যে চাহ জনগোষ্ঠীৰ বাপুতিসাহোন কৰম পৰৱ উদযাপনৰ বিশেষ দিন হিচাপে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰী বিভাগৰ কৰ্মী-কৰ্মচাৰীয়ে বন্দ্ধ ভোগ কৰিছে কিন্তু চাহ জনগোষ্ঠীৰ ৭০%চাহ শ্ৰমিকে বাগিচাত কাম কৰিব লগীয়া হোৱা ঘটনাই কৰম উৎসৱৰ প্ৰতি জনোৱা সন্মান যেন বিকৃত হৈছে,সেইহে প্ৰকৃতাৰ্থত যদি কৰম পৰৱটি পালনৰ অৰ্থে চৰকাৰে ৰাজ্যিক বন্দ্ধ ঘোষণা কৰিলেই জনগোষ্ঠীটোৰ প্ৰতি জনোৱা সাৰ্থক নহব যেতিয়ালৈকে সমগ্ৰ ৰাজ্যজুৰি ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধত চাহ শ্ৰমিকসকলৰ মজুৰীসহ বাগিচাসমুহ বন্ধ ঘোষনা কৰিলেহে কৰম পৰৱটি পালনত সাৰ্থক হব বুলি মন্তব্য কৰে।
অৱসৰী আৰক্ষী বিষয়া কান্তেশ্বৰ গগৈৰ আকস্মিক মৃত্যু
অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক কান্তেশ্বৰ গগৈৰ ১৬ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । শদিয়াৰ এখন ভিতৰুৱা গাঁওত জন্মগ্ৰহণ কৰা গগৈয়ে অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে যোগদান কৰি নিজৰ দক্ষতা , যোগ্যতা আৰু অভিজ্ঞতাৰ বলত উপ আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি লাভ কৰি ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে । চাকৰি কালত এজন নীতি নিষ্ঠ বিষয়া হিচাপে পৰিচিত গগৈয়ে কিছু বছৰ পূৰ্বে পৰিয়ালসহ চার্ভেস্কুলত নিগাজিকৈ বাস কৰি কমদিনৰ ভিতৰতে দূৰ্গাপূজাকে ধৰি বিভিন্ন সামাজিক , সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সকলোৰে সমাদৰ লাভ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী তথা ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া গীতিকা গগৈ , দুই পুত্ৰ ক্ৰমে অংশুমান আৰু ঋতুৰাজ , এজন ককায়েককে ধৰি বহু সংযোগ আত্মীয়- স্বজন এৰি থৈ যায় । তেওঁৰ আকস্মিক মৃত্যুত বৃহত্তৰ চার্ভেস্কুলকে ধৰি কাষৰীয়া অঞ্চলত শোকৰ ছাঁ পৰে । ১৭ ছেপ্টেম্বৰত এক শোকাকূল পৰিৱেশত ভূতনাথত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয় ।












