Home Blog Page 2847

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত মুখ্যমন্ত্ৰী

পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত মুখ্যমন্ত্ৰী

খালিংদুৱাৰ সমষ্টিৰ এখন লেখত ল’ব লগিয়া বাঁহৰ দলং : যোৱা ৭৫ বছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে চিনিপাৰা গাওঁ‌বাসীয়ে

স্বাধীনত্তৰ দিনৰে পৰা দলং নিৰ্মাণ দাবী জনাই আহিছে চেনিপাৰা বাসীয়ে।কিন্তু কোনে সুনিব চেনিপাৰা বাসীৰ কৰুণ কথা।”হয় !!চিনিপাৰা গাওবাসীৰ এটা দীৰ্ঘদিনিয়া সমস্যা।।পৰিত্ৰান বিছাৰী অসম চৰকাৰ তথা বিটিআৰ চৰকাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লৈ কাতৰ আহ্বান।””উল্লেখ্য যে বিটিআৰ ওদালগুৰি জিলাৰ ৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পুৰন্দিয়া ভিচিডিচিৰ অন্তৰ্গত চিনিপাৰা গাঁওৰ পৰা কলাইগাইও ওদালগুৰি পথলৈ সংযোগ হোৱা একমাত্ৰ পথছোৱাৰ মাজ ভাগত থকা দুখনকৈ বাঁ‌হৰ দলঙে প্ৰতিবছৰে চেনিপাৰা বাসী ৰাইজক জলা-কলা খুৱাই আহিছে।এখন চাৰিচকীয়া বাহন আনিব নোৱাৰ পথটোৰ দুৰৱস্থাৰ ফলত বাৰিষা আহিলে অঞ্চলবাসীলৈ নামি আহে কাল অমানিশা।””প্ৰায় চাৰিখন কৈ গাঁ‌ৱৰ ৰাইজ লৰা,ছোৱালী স্কুল-কলেজ অহাযোৱা কৰা পথছোৱাৰ বাঁ‌হৰ দলংদুখন পকিকৰণৰ বাবে বিগত ১৭ বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন “মডেল বিটিচি!  চৰকাৰৰ  কাৰ্যবাহী সদস্য তথা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তণ পাৰিষদ বনজাৰ দৈমাৰী, আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰিহন দৈমাৰীক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনে চেনিপাৰা বাসীৰ সমস্যা কাণ সাৰ নিদিলে। যাৰ বাবে চেনিপাৰা বাসী ৰাইজে প্ৰতিবছৰে গাঁ‌থীৰ ধন খৰচ কৰি  বাঁ‌হ বেতৰে দলং নিৰ্মাণ কৰি আহিছে।সেয়েহে সমস্যাৰ পৰিত্ৰান বিছাৰি ৰাইজে পুনৰ বিটিআৰ পৰিৱৰ্তন কামী চৰকাৰৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলিপ কুমাৰ বড়োৰ দ্বাৰাই মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক চিনিপাৰা বাসীৰ দলং নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনাইছে।

খছ মহাসভা অসম কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন সম্পন্ন

বিগত ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ গোলমাগাওঁ হাইস্কুলৰ সভাকক্ষত গঠন হোৱা খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে সেইবেলি খছ গোৰ্খা জাতিৰ জনজাতিকৰনৰ কাৰণে কৰিবলগীয়া সম্পূৰ্ণ কাম কৰিলেও চৰকাৰৰ হেমাহিত আজিলৈকে উক্ত কামৰ অগ্ৰগতি নোহোৱাত খছ মহাজাতিৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আজিলৈও চৰকাৰৰ টেবুলতেই পৰি থকা দেখাপোৱা গৈছে। ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় সমিতি গঠনৰ দিনাই ওদালগুৰি জিলা সমিতিৰ উদ্যোগত গোলমাগাওঁ হাইস্কুল খেলপথাৰত অনুষ্ঠিত খছ সকলৰ পৰম্পৰাগত গীত-নৃত্য, খোৱা-বোৱা, পূজা-পাতল, বিৱাহ, মৃত্যু সংস্কাৰ আদিৰ সম্পূৰ্ণ বিৱৰনৰ প্ৰদৰ্শনী মুলক ব্যৱস্থা কৰাৰ লগতে উক্ত প্ৰদৰ্শনী সেই সময়ৰ ওদালগুৰি জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে উদ্ঘাটন কৰাৰ লগতে দিনযোৰা সময় তেওঁ খছ গোৰ্খা সকলৰ পৰম্পৰাগত গীত-নৃত্য উপভোগ কৰাৰ লগতে জনজাতিকৰণৰ বিষয় বস্তু প্ৰয়োজনীয়তাৰ দিশ চালিজাৰি খছ গোৰ্খা সকল জনজাতিকৰণৰ উপযুক্ত জাতি বুলি বিবেশিত কৰে। লগতে  অসম চৰকাৰৰ জনজাতি পৰ্য্যবেক্ষকৰূপে অসীম বৰাই প্ৰদৰ্শনীৰ লগতে খছ গোৰ্খা সকলৰ বিভিন্ন গাওঁলৈ গৈ খছ গোৰ্খাসকল প্ৰকৃততে জনজাতি হোৱাৰ  উপযুক্ত হয় ন নহয় সেই দিশতো পৰ্য্যবেক্ষণ কৰিছিল আৰু উক্ত পৰ্য্যবেক্ষণৰ প্ৰতিলিপি অসম চৰকাৰৰ জনজাতিকৰণ বিভাগলৈ প্ৰেৰণো কৰিছিল। কিন্তু অতিথি পৰিতাপৰ বিষয় এয়ে যে আজিলৈকে অসম চৰকাৰে গোৰ্খা খছ সকলৰ উক্ত প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাত খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে আচ্শৰ্য্য প্ৰকাশ কৰাৰ লগতে অতিশীঘ্ৰে অসম চৰকাৰ পৰা গ্ৰহণীয় পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ তথ্যপাতি সমুহ প্ৰেৰণ কৰিবলৈ খছ মহাসভা অসমৰ কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰী আৰু মুখ্য সাধাৰণ সম্পাদক দিপক নিৰোলাই  আহ্বান জনাইছে।       খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন যোৱা ১২  চেপ্তেম্বৰত গুৱাহাটীৰ পল্টনবজাৰ কে বি বেনাৰ্জী পথত থকা অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্য্যালয়  মণিকুমাৰ চুব্বা ভৱনত কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত সম্পন্ন হয়। সমিতিৰ সাধাৰণ সম্পাদক দিপক নিৰোলাই আত ধৰা সভা উদ্ধোধন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াইয়ে। সভাত ভাৰতীয় গোৰ্খা পৰিসংঘ অসম ক্ষেত্ৰীয় সমিতিৰ মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী লক্ষ্মী চুবেদী, অসম গোৰ্খা সন্মিলন বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল,উপদষ্টা ৰমেশ দাহাল আদি উপস্থিত থাকি খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ বিষয় সভাত বক্তব্য ৰাখে। খছ মহাসভা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিপক নিৰোলাই প্ৰতিবেদন পাঠ কৰাৰ পিছত  সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীয়ে পুৰনি সমিতি ভঙ্গ কৰি খছ মহাসভা অসমৰ নতুন সমিতি গঠন কৰিবলৈ সদনক আহ্বান জনায়। খছ মহাসভা অসমৰ নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় সমিতিত চিৰাং জিলাৰ কেশৱ বস্নেতক সভাপতি আৰু তিনিচুকীয়া জিলাৰ জগৎ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫৫ জনীয়া খছ মহাসভা অসম পুনৰ গঠন কৰা হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে ৷

গোলাঘাট জিলাৰ ২৭ খন বিদ্যালয়ত প্ৰথমবাৰলৈ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে আৰম্ভ হ’ল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যৌথ উদ্যোগত জিলাখনৰ চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আজিৰে পৰা এলানি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । এই প্ৰশিক্ষনৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ দিয়া হ’ব । আজি জিলাখনৰ মুঠ ২৭ খন বিদ্যালয়ৰ খেলপথাৰত এই শাৰীৰিক প্ৰশিক্ষণ আৰম্ভ হৈছে । এই উপলক্ষে গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুল আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শাৰীৰিক প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুতা পম্পী দেৱীয়ে অংশগ্ৰহণ কৰে । দুয়োখন বিদ্যালয়তে শাৰীৰিক নিৰ্দেশক বিপিন গগৈ আৰু প্ৰিন্স বৰাই যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে এই প্ৰচেষ্টাক সফল কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । তেওঁ কয় যে চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাত যাতে কেৱল গোলাঘাট জিলাৰে বৃহৎ সংখ্যক নিবনুৱা উপকৃত হয় সেয়া সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে এই প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থীসকলক অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ভাৰতীয় সেনাবাহিনী, অগ্নি নিৰ্বাপন সেৱা আদিৰ দৰে বিভিন্ন বিভাগৰ চাকৰিত নিয়োজিত হ’ব পৰাকৈ প্ৰয়োজনীয় শাৰিৰীক সক্ষমতাৰ প্ৰশিক্ষণ দিয়া হ’ব । উল্লেখযোগ্য যে শাৰীৰিক প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ভিডিঅ’যোগে সাধাৰন জ্ঞান আৰু সাম্প্ৰতিক ঘটনাপ্ৰবাহ সম্পৰ্কে জ্ঞান দিয়া হব । একে সময়তে অভিজ্ঞ শিক্ষকৰদ্বাৰা বিভিন্ন বিষয়ত জিলাভিত্তিক লাইভ ক্লাছৰ ব্যৱস্থা কৰা হ’ব । অনলাইন লাইভ ক্লাছসমূহ অহা ১৬ চেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । ইচ্ছুকসকলে ৮৮২২০-৯৯২৫৭ নম্বৰত “Project Achiever” বুলি লিখি এছ এম এছ কৰিলে পৰৱৰ্তী সময়ত লাভ কৰা নিৰ্দেশনা পালন কৰি বিনামূলীয়া অনলাইন লাইভ ক্লাছত নাম পঞ্জীয়ন কৰিব পাৰিব । আনহাতে শাৰীৰিক প্ৰশিক্ষণত যোগ দিবলৈ ইচ্ছুক চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট বিদ্যালয় প্ৰধানসকলৰ সৈতে নাইবা শাৰিৰীক নিৰ্দেশকসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব । আজি তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুলৰ অনুষ্ঠানটোত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীযুত মৃদুপৱন শৰ্মা বৰবৰা আৰু বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ৰাজেন্দ্ৰনাথ বৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছিল ।

গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ ধাৰাবাহিক অভিযান

গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে  আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ  কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ উপৰিও  দেশী –  বিদেশী অবৈধ সুৰাৰ  বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে ।  আনহাতে   কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস  আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে এক  অভিযান চলায় । আৱকাৰী  বিভাগৰ সূত্ৰই  সদৰি কৰা অনুসৰি   উলুবাৰী কছাৰীবস্তি  ,  ফটাশিল আমবাৰী হৰিজন কলনী  , ভূতনাথ , আঠগাঁও , উজান বজাৰ, নাৰিকলবস্তি  আৰু  জাপৰিগোগ  আদিত চলোৱা অভিযানত  প্ৰায় ৭০  লিটাৰৰো অধিক চুলাই মদ , ১৩০ টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ কোৱাৰ্টাৰ বটল আৰু ৪ কার্টুন  বিয়েৰ জব্দ কৰা হয় । লগতে মহিলাসহ মুঠ তিনিজন বিক্ৰেতাক হাতে লোটে   আটক কৰা হয়  । আনহাতে অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্ৰহ কৰা হয় ।

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি ভিচিডিচিৰ অন্তৰ্গত দাৰোগাখাট কলবাৰী গাঁওৰ মিলনজ্যোতি সংঘৰ উদ্যোগত ২০২০-২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।উল্লেখ্য যে ১৯৮৫ চনত স্থাপিত কৰা সংঘটিৰ উদ্যোগত বিগত আঠ বছৰে   দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আৰু অধিক  উৎসাহ আৰু উদ্দীপনা যগোৱাৰ উদ্দশ্যৰে যোৱা ২০১২ চনৰ পৰাই সম্বৰ্ধনা ও গৃষ্মবন্ধত বিনামূলীয়া পাঠদান কৰি আহিছে যাৰ পৰিপেক্ষিতত এইবাৰো মিলজ্যোতি সংঘই মাহামাৰী কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি পটাকা উত্তোলন, গছপুলি ৰোপন, স্মৃতি তৰ্পন, শিশু সকলৰ খেল প্ৰতিযোগীতাৰ লগতে, কলবাৰী গাঁ‌ৱৰ প্ৰায় আঠ গৰাকীকৈ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লক্ষ্যৰে মিলনজ্যোতি সংঘৰ উদ্যোগত নৱম বাৰ্ষিক সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্টুপীয়া অনুষ্ঠিত কৰা দেখা যায়।


কলবাৰী গাওঁ পৰিচালনা সমিতিৰ সভাপতি গোপালচন্দ্ৰ ৰাভাই সঞ্চালনা কৰা মুকলি সভাখনত উপস্থিত থাকে ক্ৰমে, মিলনজ্যোতি সংঘৰ উপদেষ্টা ঘনকান্ত ৰাভা। ভেৰগাঁও মহাবিদ্যালয়ৰ শিক্ষা বিষয়ৰ প্ৰৱক্তা চন্দনা ৰাভা। ওদালগুৰি জিলা পটঞ্জুলি য়োগ পীঠৰ সম্পাদক মাঘোৱা ৰাভা, প্ৰাক্তণ বগপুৰি ভিচিডিচিৰ চিয়াৰমেন নমাই ৰাহাং ৰাভা, কলবাৰী মিলনজ্যোতি সংঘৰ বিষয়ববীয়াসহ ।টংলা মৌ গাওঁ মিলন হাইস্কুলৰ প্ৰধান শিক্ষক গনেশ শৰনীয়াই উপস্থিত থাকি কয় যে শিক্ষাই হৈছে মানুহৰ জীৱন, শিক্ষাই অন্ধকাৰ জীৱনৰ অজ্ঞানতা দূৰ কৰি  পোহৰ দিয়ে,শিক্ষাই হৈছে যিৱন জোৰা পক্ৰীয়া সেয়েহে, এজন সুনাগৰীকৰ ভৱিষ্যৎ শিক্ষাইহে সুনিশ্চিত কৰে গতিকে এজন লৰা বা ছোৱালী শিক্ষিত কৰিবলৈ হলে ছাত্ৰ জনৰ লগতে পিতৃ মাতৃৰো গুৰু দায়িত্ব থাকিব লাগে বুলি মন্তব্য দাঙি ধৰে।

বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

বঙাইগাঁও জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয় ৷ বঙাইগাঁওস্থিত জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকে ৷ জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন মণ্ডল,  ব্লক আদি কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ সভাত মূলত দলটোৰ সাংগঠিক দিশৰ ওপৰত আলোচনা হয় ৷ ইপিনে সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আমি গোটেই অসমতে কংগ্ৰেছ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে বৰাক উপত্যকাৰ  পৰা আৰম্ভ কৰি উজনি – নামনি সকলোতে দলৰ সভা- সমিতি অনুষ্ঠিত হৈ আছে ৷ মই কাৰ্যকৰী সভাপতি হিচাপে বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ আহিছো ৷ এই সভাৰ জৰিয়তে বঙাইগাঁও জিলাৰ প্ৰতিটো বুথ, মণ্ডল আৰু ব্লকত দলটোৰ সাংগঠনিক দিশ কিমান টনকিয়াল আৰু আগন্তুক দিনত অঘিক শক্তিশালী কৰাৰ কাৰণে কি কৰিব লাগিব  আদি কথাবোৰ আলোচনা কৰা হয় ৷ লগতে যোৱা বিধান সভা নিৰ্বাচনত দলে জিলাখনৰ দুটা বিধান সভা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে এটা সমষ্টিত পৰাজিত হৈছিল ৷ এই পৰাজয়ৰ কাৰণসমূহো সভাত বিশ্লেষণ কৰা হয় ৷ এই সভাত দলৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰি পৰৱৰ্তী সময়ত সেইবোৰ শক্তিশালী কৰি ৰাইজৰ ওচৰত ঠিয় হৈ কিদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰো সেয়া আলোচনা হৈছে ৷ বঙাইগাঁও জিলাত দলৰ কৰ্মীসকলে ভাল কাম কৰি থকা বুলিও কয় ৷ 
ইপিনে কংগ্ৰেছৰ বিধায়ক, নেতা- কৰ্মীৰ বিজেপি গমণ সন্দৰ্ভত  সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে কংগ্ৰেছৰ পৰা ইতিমধ্যে বহু ব্যক্তি বিজেপিলৈ গৈছে আৰু তাক আমি অস্বীকাৰ নকৰো ৷ কিন্তু কংগ্ৰেছলৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহু ব্যক্তি আহিছিল , যিবিলাক হয়তো পোহৰলৈ অহা নাই ৷ আমি ২০১৬ চনত চৰকাৰ গঠন কৰিব পৰা নাই , ২০২১ চনত চৰকাৰ গঠন কৰিব পৰা নাই , দিল্লীত দলৰ চৰকাৰ নাই ৷ তেনেকুৱা সময়ত যিসকল কংগ্ৰেছী আমাৰ মাজত থাকি তেওঁলোকে পৰিচয় লাভ কৰিছে ,যিসকলে কংগ্ৰেছ দলৰ মজিয়াত থাকি তেওঁলোকে নিজকে গোটেই ৰাজ্যখনত বা সমষ্টিত এক সুকীয়া পৰিচয় পাইছিল তেনেকুৱা কিছু ব্যক্তি আমাৰ দলৰ পৰা গুচি গৈছে ৷ সেইসকল ব্যক্তিৰ কথা বহলকৈ ক’ব আৰু নিবিচাৰো ৷
 দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে যিসকলে ক্ষমতা নহলে ৰাতি শুব নোৱাৰে , যিসকলে ক্ষমতা নহলে ভালকৈ থাকিব নোৱাৰে ,যিসকলে ক্ষমতা নহলে ভাত এসাজ খালেও তেওঁলোকৰ পেটটো নভৰে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি গৈছে ৷ গতিকে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি যোৱাত আমি আক্ষেপ নকৰো ৷ কাৰণ সেইসকল  ব্যক্তিক কংগ্ৰেছ দলে বহু কিবা- কিবি দিছিল ৷ কিন্তু যিসকল ব্যক্তিক কংগ্ৰেছ দলে একো দিয়া নাই , কিন্তু কংগ্ৰেছ দলক গোটেই জীৱনটো দি সেৱা আগবঢ়াই আছে আৰু দলক বিজয়ী কৰিবলৈ উঠি পৰি লাগি আহিছে ,তেনে ব্যক্তি এজনো যোৱা নাই ৷ গতিকে ক্ষমতা লোভী ,স্বাৰ্থলোভী আৰু যিসকলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে ৷ কোনো নৈতিকতা নাই ৷ তেনেকুৱা ব্যক্তি যেতিয়া আমাৰ দলৰ পৰা যায় তেতিয়া আমি আক্ষেপ নকৰো, বৰং সুখী অনুভৱ কৰো ৷ কাৰণ দলৰ বেয়া সময়ত অন্তত আচল ব্যক্তিক চিনাক্ত কৰিব পাৰিছো যে তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে কংগ্ৰেছ দলৰ লগত আছিল ৷ সেই ব্যক্তিসকলক কিছুদিন পিছত চাব যে ২০২৪ চনত যেতিয়া কেন্দ্ৰত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিব তাৰ পিছত আকৌ আমাৰ দললৈ অহা আৰম্ভ কৰিব ৷ কিন্তু আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো যে সেই ক্ষমতালোভী কেইটাই আৰু আমাৰ দলত স্থান নাপায় আৰু কেতিয়াও দলত স্থান দিয়া নহ’ব ৷সেয়ে আহি থকা দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি নকৰে , চৰকাৰ গঠন কৰাৰ কাৰণে কেৱল ৰাজনীতি নকৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সুখৰ সময়ত ,দুখৰ সময়ত ভাৰত তথা অসমৰ জনতাৰ কাষত সদায় ঠিয় হৈ দেশৰ  কাৰণে, অসমৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে মাত মাতি যাব , অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাব আৰু ইয়াত বসবাস কৰা প্ৰতিটো ধৰ্মালম্বী ,ভাষা- ভাষী , প্ৰতিটো জাতি – জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু একটা গঢ়ি তোলাৰ কাৰণে দলে সদায় কাম কৰি যাব ৷ এইদৰে কাম কৰি যাওতে আমি আশাবাদী যে এটা সময়ত অসমৰ জনতাই আকৌ কংগ্ৰেছ দলক আশীৰ্বাদ দিব আৰু দলটোক অসমক সেৱা কৰিবলৈ সুযোগ দিব ৷ 
আনহাতে বিজেপি দল তথা চৰকাৰ সন্দৰ্ভত কয় যে বিজেপি চৰকাৰ আৰু বিজেপি দলৰ বৰ্তমান এটাই কাম হৈছে যে অসমত আৰু ভাৰতত ক’ত ক’ত সম্পদ আছে তাক বিক্ৰী কৰি দেশখন চলাব লাগে আৰু পুঁজিপতিক সন্তুষ্ট কৰিব লাগে ৷ সত্তৰ বছৰে কংগ্ৰেছে কি কৰিছে বুলি প্ৰশ্ন কৰা বিজেপি দল তথা চৰকাৰখনে এটা এটা কৰি কংগ্ৰেছে কৰা সম্পদ বিক্ৰী কৰি তেওঁলোকে খাই আছে আৰু পুঁজিপতিক সন্তুষ্ট কৰি আছে ৷ সেই কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ নেতাসকলে ভাবে যে কংগ্ৰেছে আৰু সম্পদ গঢ়ি থৈ যাব লাগিছিল , কৰি থব লাগিছিল যাতে তেওঁলোকে আৰু বেছিকৈ বিক্ৰী কৰিব পাৰিলহেতেন ৷ এই যে বিজেপি চৰকাৰখনে দেশৰ সম্পদ বিক্ৰী কৰি আছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু আহি থকা দিনত দেশ তথা অসমৰ জনসাধাৰণক আহ্বান জনাইছো যে সম্পদ বিক্ৰী কৰা এই বিজেপি দলক অতি সোনকালে বিদায় দিব লাগে ৷ আনহাতে বিজেপি দল তথা চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই বুলি কৈ উপ নিৰ্বাচনৰ পৰাই বিজেপি দলক খেদা আন্দোলন আৰম্ভ কৰিবলৈকো সেই সমষ্টিসমূহৰ ৰাইজক আহ্বান জনায় ৷ তেওঁ কয় যে আমি উপ নিৰ্বাচন বিচৰা নাছিলো ৷ কিন্তু কেইজনমান সন্মানীয় বিধায়ক আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে ৷ অৱশ্যে কেইটামান সমষ্টিত বিজেপিয়ে উপ নিৰ্বাচন পাতিবলৈ নিজে বাধ্য কৰিছে ৷ কংগ্ৰেছ বা মহাজোটবন্ধনৰ পৰা নিৰ্বাচিত বিধায়কসকলক বিভিন্ন ভয় – ভাবুকিৰে আৰু বিভিন্ন লোভ দেখুৱাই তেওঁলোকক বিধায়ক পদ ত্যাগ কৰাই বিজেপি দলত যোগদান কৰাইছে ৷ কংগ্ৰেছে উপ নিৰ্বাচনত বিজয়ৰ লক্ষ্যৰে নামিব বুলিও কয় ৷ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাকেন খন্দকাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰি,  প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  জ্যোতিৰ্ময় বৈশ্য, জিলা মহিলা কংগ্ৰেছ,  সুৱ কংগ্ৰেছ,  এন এছ ইউ আই, সেৱা দলৰ আদিৰ সভাপতি তথা বিষয়ববীয়াসকল উপস্থিত থাকে ৷ 

কাৰ্বি পাহাৰলৈ নামিছে শান্তি

কাৰ্বি শান্তি চুক্তিৰ ভিত্তিত মূলসুতিলৈ প্ৰত্যাবৰ্তন আৰম্ভ কৰিছে কাৰ্বি বিদ্ৰোহি সংগঠন সমূহে। শেহতিয়াকৈ আনুষ্ঠানিকভাবে ইউ পি এল এ অৰ্থাৎ ইউনাইটেড পিপুলচ লিবাৰেচন আৰ্মি ভঙ্গ কৰা বুলি ঘোষনা কৰিছে সংগঠনটোৱে। এই কথা আনুষ্ঠানিক ভাবে ঘোষনা কৰিছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ নিকঞ্জ কাথাৰে।ইউ পি এল এৰ আনুষ্ঠানিক ভঙ্গ ঘোষনা কৰি কাথাৰে কয় যে তেওলোকে পৃথক ৰাজ্য দাবী কৰি কৰা দীঘলীয়া সহস্ত্ৰ সংগ্ৰামত বহু সতীৰ্থ হেৰুৱালে। বহুতে কাৰাবাস খাতিলে। এতিয়া যিহেতু কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হ’ল তাৰবাবে তেওলোকে বিদ্ৰোহ ত্যাগ কৰি
মূলসুতিলৈ ঘূৰি আহিছে। সংগঠনটোৰ ডেজিগনেটেড কেম্পত এই মন্তব্য কৰি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষজনে কয় যে সংগঠনটো ভঙ্গ হোৱাত এতিয়া মুঠ ৩৭৮ গৰাকী কেডাৰ নিজ নিজ ঘৰলৈ ঘূৰি যোৱা আৰম্ভ কৰিছে।আনহাতে শান্তি চুক্তি সফল ভাবে স্বাক্ষৰিত হোৱাৰ বাবে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অৱদান উল্লেখনীয়।লগতে সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।ইপিনে কাৰ্বিআঙলঙৰ ২৪টাকৈ দল সংগঠনে কাৰ্বি শান্তি চুক্তিক বিৰোধীতা কৰি জনগোষ্ঠিটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছেবুলিও অভিযোগ উত্থাপন কৰিছে ইউ পি এল এয়ে। সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰিছে যে এতিয়া কাৰ্বিআঙলঙবাসীয়ে শান্তি বিচাৰে। কাৰ্বি শান্তি চুক্তিয়ে সেই প্ৰত্যক্ষিত শান্তি কঢ়িয়াই আনিব।

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ আলোচনা চক্ৰ

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰে ৰঙিয়া জিলা ভলীবল খেলপৰিচালক সকলৰ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক ৰণজিৎ ডেকাৰ আহ্বানত বিশিষ্ট খেল সংগঠক তথা জ্যেষ্ঠ ৰেফাৰী গফুৰ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল খেলৰ উন্নয়নৰ ক্ষেত্ৰত অভাৱ অভিযোগ, সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনা চক্ৰতে ৰঙিয়াৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল ৰেফাৰী হিচাপে নিজকে স্বৃকীত দি গৌৰৱবোধ কৰি ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতিয়ে খেল-খেলুৱৈ আৰু ৰেফাৰী সকলৰ কৰণীয় লগতে জানিবলগীয়া খেলৰ নীতি নিয়মৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰে।লগতে জিলা ভলীবল ৰেফাৰী সন্থাৰ সমন্বয়ক হিচাপে দ্বায়িত্ব পায় পৰৱৰ্তী সময়ত ৰঙিয়াৰ  ভলীবলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত পাৰ্যমানে যথেষ্ট চেষ্টা কৰাৰ আশ্বাস দিয়ে ।আনহাতে আজিৰ আলোচনা চক্ৰতে সৰহ সংখ্যক ভলীবল খেল পৰিচালকে ক্ৰীড়াৰ ক্ষেত্ৰত গঠনমূলক মতামত দাঙি ধৰে। আজিৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্য, সহকাৰী সাধাৰণ সম্পাদক তাৰিফুল ইছলাম, ক্ৰিকেট সম্পাদক  নয়নজ্যোতি দাস, ৰাষ্ট্ৰীয় ভলীবল়় ৰেফাৰী জল্টিৰাম কাকতি, জ্যেষ্ঠ ৰেফাৰী সীতাৰাম ডেকা, পহৰেদ আলী আহমেদ, কিশোৰ দাস, জমিৰুদ্দিন আহমেদ, ময়িদুল ইছলাম, আনোৱাৰ হুছেইন মজুমদাৰ, খাইৰুল হুছেইন, হিতেশ বৰ্মন, হেদেয়াত খান, লোহিত চন্দ্ৰ কাকতি, আবুল আলী, দুৰ্গেশ্বৰ চৌধুৰী আৰু মতিউৰ ৰহমানে।আজিৰ সভাতে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ সমন্বয়ক হিচাপে ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতি, আনোৱাৰ হুছেইন আৰু সীতাৰাম ডেকাক দ্বায়িত্ব দিয়া হয় ।

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড

 অতিমাৰী ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণে দেশ তথা ৰাজ্য এক প্ৰকাৰ স্তব্ধ কৰি পেলোৱাৰ লগতে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান।একাংশ ধনবন্ত বা মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে অন লাইন মাধ্যমেৰে শিক্ষা গ্ৰহন কৰি আছে যদিও দৰিদ্ৰ পৰিয়ালৰ বহু মেধাবী শিক্ষাৰ্থীয়ে এনে এক জটিল পৰিস্হিতিত হতাশাত সময় অতিবাহিত কৰিব লগা হৈছে।কিন্তু এনে হতাশজনক মূহুৰ্তত অসমৰ এগৰাকী দৰিদ্ৰ,পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিছে।ছাত্ৰীগৰকীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ,নাজিৰা মহকুমা তথা সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়,নতুন দিল্লীয়ে আয়োজন কৰা সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড(Inspire Award)অৰ্থাৎ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযগিতাত অংশ গ্ৰহন কৰে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ টিপমীয়া ধনেখনা গাঁৱৰ প্ৰয়াত নেকীব আহমেদৰ কনিষ্ঠ কন্যা তথা লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২০বৰ্ষত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰী য়াচমিন আহমেদে।এই প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত অসমৰ প্ৰতিযোগীসমূহৰ হৈ একমাত্ৰ য়াচমিন আহমেদে ” Improvise Climbing Wheel Chair” আবিস্কাৰ কৰি যুৱ বিজ্ঞানীৰূপে প্ৰথম হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷উল্লেখ্য যে য়াচমিন আহমেদে প্ৰতিবন্ধী তথা বিশেষভাবে সক্ষম ব্যক্তিয়ে পকীঘৰৰ খটখটিয়েদি বগাই যাব পৰা হুইল শ্বেয়াৰ উদ্ভাৱন কৰি ভাৰতৰ শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত বিশেষ স্হান দখল কৰাৰ লগতে অসমৰ যুৱ বিজ্ঞানীসকলৰ ভিতৰত প্ৰথম স্হান দখল কৰি শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷য়াচমিন আহমেদৰ এই উদ্ভাবনে আন এক সুখবৰ কঢ়িয়াই আনিছে৷ য়াচমিন আহমেদে আবিস্কাৰ কৰা এই হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে “পেটেন্ট”(Patent)ঘোষণা কৰিছে।আনহাতে অহা অক্টোবৰ মাহত শ্বিলঙত অনুষ্ঠিত হব লগা এক বিশেষ যুৱ বিজ্ঞানী সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যুৱ বিজ্ঞানী য়াচমিন আহমেদক বঁটা প্ৰদান কৰিব।ইফালে য়াচমিন আহমেদে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্ণালয়ৰ পৰা এই বঁটা লাভ কৰাৰ বাবে জাপানৰ চাঁকুৰা এক্সেঞ্জ প্ৰগেম,ব্ৰীক্স আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞানী কনক্লেভ সমাৰোহ,এছিয়ান ইনভেনচন চামিত,আই চি টি আই ভি(I C T I V)আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ অন ক্ৰিয়েটিভিটি গ্ৰাছৰূত ইন’ভেচন কনক্লেভ,প্ৰধান মন্ত্ৰীৰ উদ্ভাৱনী সন্মিলন আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান বিষয়ক সমাৰোহত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।আনহাতে য়াচমিনে আবিস্কাৰ কৰা হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে পেটেন্ট ঘোষণা কৰাত উৎফুলিত হৈ পৰিছে শিক্ষক আৰু শিক্ষাৰ্থী সমাজ।ইফালে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ এনে এটি বৈজ্ঞানিক আবিস্কাৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কূত হোৱাৰ বাবে অবিভক্ত শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে পিতৃহীনা যুৱ বিজ্ঞানী য়াচমিন আহমেদক নিজা কাৰ্যালয় কক্ষত সম্বৰ্ধনা জনোৱা ৰ লগতে তত্বাৱধায়ক শিক্ষকদ্বয় সমীৰণ বৰঠাকুৰ,প্ৰাঞ্জল মহন্ত,জিলা আঁচনি বিষয়া ৰিছা শইকীয়া আৰু লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক থানুৰাম ৰাজকোঁৱৰক অভিনন্দন জ্ঞাপন কৰে।স্মৰ্তব্য যে য়াচমিন আহমেদে ২০১৪ বৰ্ষত প্ৰাথমিক বৃত্তি আৰু ২০১৭বৰ্ষত অষ্টম শ্ৰেণীত মূখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰিছিল।