Home Blog Page 2855

নগাঁৱত সীতাজখলাৰ বিপনী মুকলি অনুষ্ঠানত জুবিন গাৰ্গ

নগাঁও চহৰৰ ফৌজাদাৰপট্টিত সীতাজখলাৰ এখন বিপনী মুকলি কৰিবলৈ আজি নগাঁৱত  উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।সীতাজখলাৰ বিপনীখন মুকলি কৰি সংবাদমাধ্যমৰ আগত গাড়ীৰ হৰ্ণ লগোৱা প্ৰসংগত  এগৰাকী জনপ্ৰতিনিধিয়ে কৰা মন্তব্য সম্পৰ্কত কয় যে মিউজিক কেৱল ষ্টুডিঅৰ বাবেহে।গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱা অদ্ভুত কথা।যদি মিউজিক গাড়ীৰ হৰ্ণত বাজে আমি কি লগাম।যিজনে এই কথা কৈছে তেওঁই নিজৰ গাড়ীত সেই হৰ্ণ লগাওক। শিল্পী গৰাকীয়ে লগতে অসমৰ যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত জড়িত হোৱাৰ বাবে আহ্বান জনায়। নগাঁৱত এটি ভাল ছবি ঘৰ নিৰ্মানৰ বাবেও শিল্পী গৰাকীয়ে বিধায়ক তথা তেঁওৰ বন্ধু ৰূপক শৰ্মাৰ সৈতে পৰিকল্পনা কৰিছে বুলিও জনায়।

আনহাতে ছনী টিভিৰ ৰিয়েলিটি শ্ব’ কৌন বনেগা ক্ৰ’ড়পটিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ মামা প্ৰসংগই স্থান লাভ কৰা বিষয়ৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয়, “ছনী টিভিত মোৰ নাম বহুত আগতেই ওলাল।” ইপিনে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত জুবিনে কয়, “চৰকাৰখনৰ মতে চলক। অলপ ধৈৰ্য্য ধৰক। নৱেম্বৰৰ পৰা ভাল দিন আহিব। মই নিজেও বৃন্দাবন থিয়েটাৰৰ সৈতে জড়িত। কিন্তু এতিয়াও আমি অলপ ধৈৰ্য্য ধৰিব লাগিব।ইপিনে বিপনী খনৰ মুকলি অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ সৈতে উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে বিগত সময়ছোৱাত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমত এক নতুন বিপ্লৱৰ সূচনা কৰা সীতাজখলা সমবায় খনক শিল্পী জুবিন গাৰ্গে উৎসাহ যোগাই আহিছে। অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মোৰ বন্ধু তথা শিল্পী জুবিন গাৰ্গৰ এই প্ৰচেষ্টা সঁচাই আদৰণীয়।

বাছ ভাড়াক কেন্দ্ৰ কৰি দুলীয়াজানৰ নতুন বাছ আস্থানত উত্তপ্ত পৰিস্থিতি

আজি দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ- ট্ৰেভেলাৰ মালিক আৰু চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰ আৰু মেজিক সমূহৰ চলাচল বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছ । ইয়াৰ পৰিপ্ৰেক্ষিতত যাত্ৰী সকলৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় । উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহন বিভাগে যাত্ৰীবাহী গাড়ী আৰু ট্ৰেভেলাৰ সমূহৰ নথি-পত্ৰ সমূহ ৩০ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু কিছু দিনৰ পৰা পৰিবহন বিভাগে বাছ আৰু ট্ৰেভেলাৰ সমূহৰ পৰা ১২ ৰ পৰা ১৫ হেজাৰ বিভিন্ন অজুহাত দেখুৱাই আদায় কৰি আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে গাড়ীৰ মালিক সকলে স্বইচ্ছাই ভাড়া বৃদ্ধিকলৈ পৰিবহণ বিভাগে মালিক সকলক ভাড়া বৃদ্ধি নকৰিবলৈ কঠোৰ নিৰ্দ্দেশনা জাৰি কৰিছে । ইয়াকলৈ ক্ষুদ্ধহৈ পৰিছে মালিক আৰু চালক সন্থাই । কৰ’ণাসৃষ্ট পৰিবেশৰ লগতে দৈনিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে এক প্ৰকাৰে সকলোকে কোঙা কৰি পেলাইছে । তেনে ক্ষেত্ৰত গাড়ীৰ ভাড়া বৃদ্ধি নকৰি গাড়ী চলোৱা অসম্ভৱ বুলি মন্তব্য কৰিছে মালিক আৰু চালক সন্থাই । ইফালে যাত্ৰী সকলে গাড়ীৰ ভাড়া অত্যাধিক হোৱা বুলি অভিযোগ উত্থাপন কৰে । এনে পৰিস্থিতিত চৰকাৰৰ পৰা ইতিবাচক সহাৰি বিছাৰিছে প্ৰতিবাদকাৰীয়ে । শীঘ্ৰে চৰকাৰৰ পৰা ইতিবাচক সহাৰি নেপালে প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বাহন চালক আৰু মালিক সন্থাই ।

পৰি থকা মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া,ADCৰসন্মিলনত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। পৰি থকা ফাইলসমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ৰাজহ চক্ৰ বিষয়াসকলক দালালিৰাজ বন্ধ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কামৰ বিনিময়ত কোনো লোকে ধন ল’ব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি। সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাবলৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ।

নগৰবেৰা-টুপামাৰীত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা

কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰী যেনে মদ, জুৱা, কৰেক্স, ভাং ইৰেজাৰ, ডেণ্ডৰাইট আদি মাৰাত্মক সামগ্ৰী একাংশ অসাধু ব্যৱসায়ীয়ে বুকু ফিন্দাই বিক্ৰী কৰি থকাৰ খৱৰে অঞ্চলটোলৈ অসণি সংকেত কঢ়িয়াইছে। একাংশ অসাধু ব্যৱসায়ীয়ে বৃহৎ ছিণ্ডিকেট গঢ়ি তুলি নিতৌ লাখ লাখ টকাৰ এনেবোৰ নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি মোটা অংকৰ ধন ঘটিবলৈ তৎপৰ হৈ পৰিছে। এনে ক্ষেত্ৰত সকলো দেখিও আৰক্ষী-প্ৰশাসনে চকু মুদা কুলিৰ ভাও লোৱা বুলি সচেতন ৰাইজে কোৱাইকুই কৰিছে। নিতৌ নগৰবেৰাৰ বিভিন্ন অঞ্চলত একাংশ মদ ব্যৱসায়ীয়ে সন্ধিয়া মটৰ চাইকেলত মোনা ভৰ্তি কৰি দেশী-বিদেশী সুৰা, চুলাই আদি সদম্ভে বিক্ৰী কৰাটো এক ধৰণৰ স্বাভাৱিক কাণ্ড হৈ পৰিছে। স্মৰ্তৱ্য যে বৃহত্তৰ নগৰবেৰা অঞ্চলত এখনো অনুজ্ঞাপত্ৰ থকা ওৱাইন চপ’ নাই যদিও অবৈধ ভাৱে বিভিন্ন ঠাইত এই ব্যৱসায় দীৰ্ঘদিনৰে পৰা চলি থকাৰ পাছতো আৱকাৰী কিম্বা আৰক্ষী কাৰোৱেই কানসাৰ নথকাটোহে সকলোৰে বাবে এক অবুজ সাঁথৰ হৈ পৰিছে। অনুৰূপ ধৰণেৰে একাংশ স্কুল-কলেজৰ ছাত্ৰক প্ৰায়ে বিভিন্ন স্থানত জুম বান্ধি কেতবোৰ নিচাজাতীয় দ্ৰব্য সেৱনৰ অভ্যাস গঢ়ি তোলা বুলিও সততে খৱৰ পোৱা যায়। নগৰবেৰা বজাৰৰ উপৰি ৰঙ্গেশ্বৰী, টুপামাৰী, বদলা, ৰাঙ্গাপানী আদি অঞ্চলত দীৰ্ঘদিনৰে পৰা একাংশ অদূৰদৰ্শী ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্য কফ চিৰাপ, মদ, ভাং ইৰেজাৰ, ডেণ্ডৰাইট আদি কাৰ্টুনে কাৰ্টুনে বিক্ৰী কৰি থকা উপৰি মজবুত নেটৱৰ্ক গঢ়ি তোলা বুলিও সম্ভেদ পোৱা গৈছে। আনকি এনে একাংশ যুৱ ব্যৱসায়ীয়ে সময়ে সময়ে নিচাজাতীয় সামগ্ৰী সৰবৰাহ পৰত হাতে-লোটে আৰক্ষীৰ হাতত আটক হৈছে যদিও পিছমুহূৰ্ততে মুকলি আকাশৰ তললৈ গৈ পুনৰ দ্বিগুণ উৎসাহেৰে নিজৰ ব্যৱসায় চলাই গৈছে। বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায় বাণিজ্যৰ অন্যতম প্ৰতিষ্ঠান টুপামাৰী বজাৰৰ অলিয়ে-গলিয়ে এতিয়া কেৱল নিচাজাতীয় দ্ৰব্য কফ চিৰাপ খালি বটল পৰি আছে। একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীৰ নাকৰ তলতে অবাধে চলাই গৈছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা। কিন্তু ইমানৰ পাছতো নীৰৱ আৰক্ষী মৌন অঞ্চলটোৰ দল-সংগঠন। উল্লেখিত অঞ্চলসমূহত প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে ল’ই এই সমূহ নিয়ন্ত্ৰণ কৰাই নহয়, সমূলি উৎখাতৰ বাবে তৎপৰ হ’বলৈ সচেতন ৰাইজে দাবী জনাইছে।

ধুবুৰী অসামৰিক চিকিৎসালয়ত ৰোগীক দিয়া হৈছে ম্যাদ উকলি যোৱা চেলাইন

ধুবুৰীত কি চলিছে? চিকিৎসাৰ নামত চৰকাৰী ভাবে আগবঢ়োৱা চেলাইন লগাই অসুস্থ একাংশ ৰোগী।ৰোগীৰ আত্মীয়ৰ মাজত লাগিছে হাহাকাৰ।নাৰ্চে আহি লগাইছিল ম্যাদ উকলি যোৱা চেলাইন।হস্পিতালত মেডিচিনৰ বৃহৎ চিণ্ডিকেট চলাৰ অভিযোগ।
মৃত্যু দূতত পৰিণত এতিয়া ধুবুৰীৰ অসামৰিক চিকিৎসালয়।ৰোগীৰ চিকিৎসাৰ নামত চৰম গাফিলতি স্বয়ং চিকিৎসালয় কৰ্তৃপক্ষৰ।ৰোগীক মেডিচিন দিয়াৰ নামত ভয়ঙ্কৰ দুৰ্নীতি পোহৰলৈ।আজি দীৰ্ঘ দিনেই ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগাই চলি আহিছিল চিকিৎসা।চিকিৎসালয় লৈ অহা বহু দুখীয়া ব্যক্তিক ৰাম চিকিৎসাৰ নামত ৰাম ঠগণ দি একাংশ চিকিৎসক, নাৰ্চ আৰু হস্পিতাল কৰ্তৃপক্ষয়
 মেডিচিন ৰ নামত চলাই আহিছে অবাধ ছিণ্ডিকেট।ৰোগীক ম্যাদ উকলি যোৱা মেডিচিন আৰু চেলাইন যোগান ধৰি একপ্ৰকাৰ হাজাৰ জাহাৰ ৰোগীৰ জীৱনৰ সৈতে ধেমালি কৰি আহিছে হস্পিতাল কৰ্তৃপক্ষই।আনপিনে চৰকাৰী ভাবে যোগান ধৰা মেডিচিন আৰু চেলাইনকলৈও বৃহৎ ছিণ্ডিকেটৰ অভিযোগ উত্থাপিত হৈছে অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে।
আজি ধুবুৰীৰ মহিলা কক্ষত কেইবাজনো  ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগোৱাৰ পিছে পিছেই ৰোগী সকল অসুস্থ হৈ পৰাত হুয়া দুৱা লাগে আত্মীয় লৰ মাজত অৱশেষত ম্যাদ উকলি যোৱা চেলাইন লগোৱা বিষয় টো পোহৰ লৈ অহাৰ পাছতেই ক্ষোভিত হৈ পৰে আত্মীয় সকল।লগে লগে চিকিৎসক আৰু নাৰ্চৰ দল উপস্থিত হৈ বিষয় টো গাপ দিয়াৰ বা আত্মীয় সকলোক মেনেজ কৰাৰ বাবে চেষ্টা চলায় যদিও ক্ষোভিত জনতাই সংবাদ মাধ্যমক খবৰ দিয়াত সাংবাদীৰ দল উপস্থিত হোৱাত কেমেৰাৰ সন্মুখত এইদৰে কয়।, আনহাতে এই বিষয়ে দায়িত্বত থকা চিকিৎসকক প্ৰশ্ন কৰাৰ চিকিৎসক গৰাকী ও সমগ্ৰ বিষয় টো গাপ দিয়াৰ চেষ্টা চলায়।অকল চিকিৎসকেই নহয় নাৰ্চ আৰু একাংশ মেডিচিন মৰ দায়িত্বত থকা কৰ্মচাৰীয়ে ও সাংবাদিকৰ সৈতে সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে সাংবাদিকৰ দলক বাধা দিয়াৰ চেষ্টা চলায়।

চেঙাৰ কাছুমাৰা-মহচৰাত ধুমুহাৰ তাণ্ডৱ

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা -মহচৰা অঞ্চলত কালি সন্ধিয়া সময়ত অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাই অঞ্চলটোৰ বহুতোৰে ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰি একাধিক ঘৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ হয়। তদুপৰি ধুমুহাৰ ফলতবিদ্যুতৰ তাঁৰ চিঙি লণ্ডভণ্ড হৈ অঞ্চলটোত বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈ পৰিছে।শীঘ্ৰে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছে ৷

নাজিৰা মহকুমাৰ তিনি শিক্ষকক বিশেষ পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান

এইবছৰ শিৱসাগৰ জিলাৰ ২০২১বৰ্ষৰ কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত নাজিৰা মহকুমাৰ তিনিজন শিক্ষাগুৰুক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত নাজিৰা মহকুমাৰ সংশ্লিষ্ট বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।উল্ললেখ্য যে অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা প্ৰদান দুটা ভাগত ভাগ কৰা হয় ।নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দিশৰ ওপৰত ভিত্তি কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা ৰ পৰা আৰম্ভ কৰা হয়।সেই অনুসৰি জিলা শিক্ষক বঁটা ২টা ভাগত ভাগ কৰি প্ৰদান কৰা হয়।প্ৰথম জিলা কৃতী শিক্ষক বঁটা আৰু পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয় ৫চেপ্তেম্বৰত শিৱসাগৰ জিলাত অনুষ্ঠিত শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ।এই অনুষ্ঠান ত জিলাখনৰ ১৬গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ তিনিজন শিক্ষা গুৰুক এই পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ পাৰদৰ্শী শিক্ষক বঁটা লাভ কৰা শিক্ষা গুৰুসকল হৈছে মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়া,নাজিৰা বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী নিবেদিতা গগৈ আৰু বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নয়নমনি কলিতা।মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়াক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে মেজেঙাবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

লিডু-বিচাগাওঁ সংযোগী ওলমা দলঙৰ বিপদ জনক অৱস্থা।দুচকীয়া বাহনৰ বাদে অন্য যাতায়ত বন্ধ

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডু-বিচাগাওঁ সংযোগী এখন ওলমা দলং। প্ৰায় পঞ্চাছ(৫০) খন গাঁৱৰ ৰাইজ সুচল যাতায়ত ব্যৱস্থাৰে উপকৃত হব পৰাকৈ নিৰ্মাণ কৰা হৈছিল দলংখন। ২০০০ চনত সেই সময়ৰ বিধায়ক প্ৰদ্যুত বৰদলৈয়ে তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰে টিৰাপ নৈৰ ওপৰত  লিডু-বিচাগাওঁ সংযোগী উক্ত দলংখন নিৰ্মাণ কৰি উলিয়াইছিল। সেই সময়তে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে ওলমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰাৰ বাবে বিধায়ক গৰাকীৰ লগতে চৰকাৰক আহ্বান জনাইছিল। কিন্তু ৰাইজৰ সেই আহ্বানক গুৰুত্ব নিদি নিৰ্মাণ কৰা হৈছিল ওলমা দলংখন। ২০০০ চনৰ পৰা প্ৰায় পঞ্চাছ(৫০)খন গাঁৱৰ ৰাইজে এই দলংখনকেই যাতায়ত আৰু যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে। দুৰ্ভাগ্যজনক কথাটো হৈছে যে বিগত কিছুদিনৰ পৰা উক্ত দলংখনৰ কেইবাঠাইটো লোহাৰ আঁচবাব সমূহ মামৰে ধৰি ছিঙি যোৱাত যাতায়তৰ বাবে বিপদ সংকুল হৈ পৰিছে।দুই এজন ব্যক্তি খোজ কাঢ়ি আৰু দুই এখন দুচকীয়া বাহন অহা যোৱা কৰিছে যদিও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। সেই দলংখনেৰে অহা যোৱা কৰা গাওঁ বাসীৰ ভাষ্য অনুসৰি দলংখনেৰে গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰাৰ বাবে ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি যাত্ৰী সকলে এতিয়া প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি লংটং হৈ অহা যোৱা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত বৰ্তমান গাঁৱৰ ৰাইজে না না ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। গাওঁ বাসীৰ এটাই আহ্বান বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে অতি সোনকালে এই লিডু-বিচাগাওঁ সংযোগী ওলমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি পঞ্চাছ খনকৈ গাঁৱৰ ৰাইজৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা সুচল কৰি তোলে যেন।

ডেউকা শিক্ষক মহামান্য বঁটা ২০২১

আজি স্বেচ্ছাসেৱী সংস্থা “ডেউকা”ৰ ফালৰ পৰা শিক্ষাৰ জগত খনৰ লগত নিৰলস প্ৰচেষ্টাৰে ব্ৰতী হৈ থকা নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ টেঘ্ৰেটাৰী গাওঁৰ নিবাসী মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ ভবিন চন্দ্ৰ বৰ্মন দেৱক এইবছৰৰ “Teachers Excellency Award 2021″প্ৰদান কৰা হয়।

নতুন দিল্লীত বি জে পি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক নাজিৰাৰ ৰাইছা তাবাচ্চুম

বি জে পি দলৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লাভ কৰিছে নাজিৰাৰ মেধাৱী ছাত্ৰী শ্বেইখ ৰাইছা তাবাচ্চুমে । সম্প্ৰতি নতুন দিল্লীত অধ্যয়নৰত আৰু নাজিৰাস্থ দিল্লী পাব্লিক স্কুলৰপৰা ২০১৮ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পূৰ্বৰ শীৰ্ষ অভিলেখ ভংগ কৰি উত্তীৰ্ণ হোৱা ৰাইছা তাবাচ্চুমে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ পৰা এইবাৰ প্ৰথম শ্ৰেণী সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে । যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া ১৪ পণ্ট মাৰ্গত অৱস্থিত  দিল্লী প্ৰদেশ বি জে পিৰ কাৰ্য্যালয়ত দিল্লী ৰাজ্যিক বি জে পিৰ সভাপতি আদেশ গুপ্তা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি বাসু ৰোখৰে নতুন প্ৰজন্মৰ  ছাত্ৰী গৰাকীক আনুষ্ঠানিক ভাৱে এই নিযুক্তি প্ৰদান কৰে । মাথো ২০ বছৰীয়া ৰাজনীতি বিজ্ঞানৰ স্নাতক ছাত্ৰী গৰাকী বিজেপি যুৱ মৰ্চাৰ দিল্লী প্ৰদেশৰ আটাইটকৈ কম বয়সীয়া ৰাজ্যিক সম্পাদক ৰূপে পৰিগণিত হৈছে  । শ্বেখ ৰাইছা তাবাচ্চুমে ইতিমধ্যে  El Jeffa Foundation নামৰ এক ৰাষ্ট্ৰ-ভিত্তিক বে-চৰকাৰী সংস্থা  প্ৰতিষ্ঠা কৰি  ৰাষ্ট্ৰ-সংঘৰ সৈতে ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ইয়াৰ সেৱা কৰ্ম দাঙি ধৰিছে ।  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদিকা হিচাপে ইয়াৰ পূৰ্বে “শ্লাম স্কুল প্ৰজেক্ট”ৰ যোগেদি “এ বি ভি পি দিল্লী নৰ্থ ইষ্ট চেল” ৰ দায়িত্ব লৈ  তিনি শতাধিক মুছলমান সুযোগ আৰু সুবিধা বঞ্চিত শিশুৰ শৈক্ষিক উত্তৰণৰ হকে কৰা কামৰ অভিজ্ঞতা লাভ কৰিছে । জোকতলি মৌজাৰ  নমাটি নিবাসী অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সম্প্ৰসাৰণ বিষয়া ৰেকিবুৰ ৰহমান আৰ নাজিৰাৰ কীডচ কেম্প বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হামিদা ৰহমানৰ জ্যেষ্ঠ কন্যা তাবাচ্চুমৰ ৰাজনৈতিক ক্ষেত্ৰত অংশ গ্ৰহণত নাজিৰাৰ বিভিন্নজন লোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।