৩ ছেপ্টেম্বৰ অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। অভিৰুচি গোটে যোৱা ৩৭ বছৰ ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে দিনটো উদযাপন কৰি আহিছে। অৱশ্যে এইবাৰ ক’ভিড-১৯ মহামাৰীৰ বাবে আয়োজকে গণ জগিং, নৃত্য প্ৰতিযোগিতা আৰু খেলুৱৈৰ সম্বৰ্ধনা কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল যিটো ক্ৰীড়া দিৱসৰ অবিচ্ছেদ্য অংশ। ১৯৬৬ চনৰ এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱা। এজন ভাৰতীয় প্ৰাক্তন এথলীট আৰু প্ৰশিক্ষক। ১৯৬৬ চনৰ এছিয়ান গেমছত পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী অসমবাসীৰ ভিতৰত এজন আছিল। তেওঁ 1966 চনৰ এছিয়ান গেমছৰ 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদকৰ বিজয়ী আছিল। বৰুৱাৰ জন্মদিন প্ৰতি বছৰে ৩ ছেপ্টেম্বৰত অসমত পালন কৰা হয়, যাক তেওঁৰ সন্মানত “অভিৰুচি ক্ৰীড়া দিৱস” বুলি কোৱা হয়। তেওঁ ৯০ ৰ দশকৰ আৰম্ভণিতে গুৱাহাটীৰ দিম’ত এখন ক্ৰীড়া একাডেমী আৰম্ভ কৰিছিল। কিন্তু তিনি বছৰ কাম কৰাৰ পিছত, পুঁজিৰ অভাৱৰ বাবে তেওঁ কাম বন্ধ কৰি দিছিল। তেওঁ অৰ্জুন বঁটা প্ৰাপক। অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথম জন অসমবাসী।
৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস
ড্ৰাগছ আসক্ত সম্পর্কীয় ভাতৃয়ে নৃশংসভাৱে হত্যা কৰে ডিম্পলক
ডিম্পল কুমাৱাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে মহানগৰ আৰক্ষীয়ে৷ ডিম্পলক সম্পর্কীয় ককায়েক আশ্বিক গুপ্তাই হত্যা কৰিছিল৷ আৰক্ষীৰ জেৰাত ঘাতক আশ্বিকে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ মধ্য আৰক্ষী জিলাৰ ডিচিপি ৰাজবীৰে সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰে৷ আৰক্ষীৰ জেৰাত ১৩ বছৰীয়া ভগ্ণী ডিম্পলক কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল, সেই কথাও অকপটে স্বীকাৰ কৰিছে ঘাতক আশ্বিকে৷ কালি দিনৰ প্রায় ১০.৪৫ বজাত কোনো কথাক লৈ ডিম্পল আৰু আশ্বিকৰ মাজত কাজিয়াৰ সূত্রপাত হৈ দুয়োৰে মাজত মাৰপিট হয়৷ আশ্বিকে ভগ্ণী ডিম্পলক ওচৰতে থকা এটা প্রেছাৰ কুকাৰেৰে প্রচণ্ড জোৰেৰে প্রহাৰ কৰে৷ ডিম্পল বিছনাত পৰি যোৱাত আশ্বিকে প্রথমে ছুৰীৰে পেটত আৰু পাছত পিঠিত দহবাৰকৈ হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ তেতিয়াও ডিম্পল জীয়াই থকাত পটাগুটিৰে মূৰত প্রচণ্ড জোৰেৰে আঘাত কৰে৷ ঘাতক আশ্বিকে মূৰত পটাগুটিৰে প্রহাৰ কৰাত তেজে তুমৰলি হৈ পৰে কোঠাটো৷ এই আঘাত ইমানেই প্রচণ্ড আছিল ডিম্পলৰ দেহৰ পৰা ওলোৱা তেজৰ ছিটিকনিৰে কোঠাটোৰ বেৰ ৰাঙলি হৈছিল৷
ডিম্পলক হত্যা কৰি আশ্বিকে বাথৰুমত গাত লাগি থকা তেজ ধুই পুনৰ হত্যাকাণ্ড সংঘটিত কৰা কোঠাটোলৈ আহে৷ তেনে সময়তে ডিম্পলৰ পিতৃৰ ফোন অহাত আশ্বিকে ফোনটো ৰিচিভ কৰে৷ পিতৃ অশোক কুমাৱাটে ডিম্পলৰ কথা সোধাত আশ্বিকে ডিম্পলে গা ধুবলৈ যোৱা বুলি কয়৷ ইয়াৰ কিছু সময়ৰ পাছতে ঘাতক আশ্বিকে ডিম্পলৰ ম’বাইলৰ পৰা বন্ধু কৰণলৈ ফোন কৰি ঘৰৰ পৰা ওলাই যায়৷ ঘাতক আশ্বিকে প্রায় ১১.২০ বজাত ডিম্পলৰ পিতৃৰ উজান বজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানলৈ যায়৷ ডিম্পলৰ পিতৃয়ে আশ্বিকক কিছু টকা দি ঘৰলৈ খোৱাবস্তু লৈ যাবলৈ কয়৷ ডিম্পলৰ পিতৃৰ পৰা আশ্বিকে টকা লৈ উজান বজাৰৰ আৰিকাটিবস্তিত গাঞ্জা সেৱন কৰে৷ তাৰ পাছত বাৰোৱাৰী ৰে’লৱে কলনীত থকা বন্ধু চিণ্টু দাসৰ ঘৰলৈ গৈ ডিম্পলৰ ম’বাইল ফোনটো কাপোৰেৰে মেৰিয়াই এটা ড্রামৰ তলত লুকাই থয়৷ ডিম্পলৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ কিছু সময়ৰ পাছতেই আশ্বিকে ঘটনাস্থলীত উপস্থিত হৈ ভগ্ণীৰ মৃত্যুত চিঞৰি চিঞৰি কান্দি উঠে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আৰক্ষীকো সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াইছিল আশ্বিকে৷ আনকি আৰক্ষীয়ে স্নিফাৰ ডগ লৈ ঘটনাস্থলীত ক্লু বিচাৰি অভিযান চলাওঁতে আশ্বিক আৰক্ষীৰ পিছে পিছে গৈছিল৷
ডিম্পলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত লতাশিল থানাত ৰুজু হোৱা ৩০৩/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা প্রায় ৯.৩০ বজাত সন্দেহবশতঃ আশ্বিক গুপ্তা ওৰফে আশ্বিক, বন্ধু কৰণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বাসগৃহটোত ভাৰাতীয়া হিচাপে থকা এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ আৰক্ষীৰ জেৰাত আশ্বিকে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰাত লতাশিল থানাৰ আৰক্ষীয়ে ঘাতক আশ্বিকক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ঘাতকৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিম্পলৰ ম’বাইল ফোন আৰু ভঙা ছিমখন বাৰোৱাৰীৰ বন্ধুৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আশ্বিকে ড্রাগ্ছ সেৱন কৰিছিল৷ ড্রাগ্ছ আসক্ত আশ্বিকে কেইমাহমান পূর্বে গডৰেজৰ লকাৰ ভাঙি পিতৃয়ে জমা কৰি থোৱা পাঁচ লাখ টকা চুৰি কৰি নিছিল৷
ইয়াৰ পাছৰে পৰা ঘাতক আশ্বিক ডিম্পলহঁতৰ ঘৰতে আছিল৷ বিগত প্রায় দুমাহ ধৰি ডিম্পলহঁতৰ ভাৰাঘৰত থকা আশ্বিকে অতি নৃশংসতাৰে ভগ্ণী ডিম্পলক হত্যা কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে আজি স্থানীয় মহিলা সমিতি আৰু দল–সংগঠনে ডিম্পলৰ হত্যাকাৰীক কঠোৰ শাস্তি প্রদানৰ দাবীত উজান বজাৰত প্রতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে লতাশিল থানা ঘেৰাও কৰি হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্রদানৰ দাবী জনায়৷ আজি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ডিম্পলৰ নিথৰ দেহ উজান বজাৰৰ বাসগৃহলৈ অনা হয়৷ ডিম্পলৰ মৃতদেহ উজান বজাৰলৈ অনাৰ পাছতেই এক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷ ডিম্পলৰ মৃতদেহত অঞ্চলটোৰ ৰাইজে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷
আল্লিয়াত এখন দলঙে জ্বলা-কলা খুৱাইছে ১০খন গাঁৱৰ জনসাধাৰণক
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ এলেকাধীন আল্লিয়া মিলন বজাৰ সমীপৰ নোনা নৈৰ ওপৰত এখন অৰ্ধনমিত পকী দলঙে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ ৰাজহ গাঁৱৰ জনসাধাৰণক যাতায়ত ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ তুলিছে। উল্লেখ্য যে ঘগ্ৰাপাৰ হাইৱে চ’কৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দুৰৈত অৱস্থিত উক্ত দলংখন নিৰ্মাণৰ কাম আজিৰে পৰা প্ৰায় আঢ়ৈ বছৰ পুৰ্বে এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰে কাম আৰম্ভ কৰিছিল যদিও নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ গুৰুত্বহীনতা তথা হেমাহিত আজিও দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ তথা আছুৱে এই স্থানত উপস্থিত হৈ আজিও ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে পকী দলংখনৰ কাষেৰে উপপথ হিচাপে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও বাঢ়নী পানীয়ে অস্থায়ী দলংখন উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ খন গাঁৱৰ পথচাৰী,ছাত্ৰ-ছাত্রী আদিয়ে যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগি অহাৰ সময়তে কালি আবেলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে উক্ত স্থান পৰিভ্ৰমণ কৰে।পৰিভ্ৰমণ কালত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কল্প ৰাজবংশীয়ে অভিযোগ উত্থাপিত কৰি নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা,ঠিকাদাৰ,আমোলা-বিষয়াক ধিক্কাৰ প্ৰদান কৰে। লগতে আছুনেতা ৰাজবংশীয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাক এই অঞ্চলৰ ৰাইজে নিৰ্বাচনৰ পিছত গাঁৰ ছাঁ টোকে দেখা নাই বুলি মন্তব্য কৰি এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে কি দৰে যাতায়ত-যোগাযোগ কৰি আহিছে এবাৰ নিজ চকু চাই আহিবলৈ আছু নেতাগৰাকীয়ে আহ্বান জনায়। ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসে কয় যে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়ত-যোগাযোগ পথ হিচাপে চিহ্নিত– আল্লিয়া-দ্বাৰকুছি সংযোগী পথৰ নোনা নৈৰ ওপৰত উক্তস্থানত নিৰ্মিত পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ কৰিবলৈ অসম চৰকাৰ আৰু নলবাৰী জিলা উপায়ুক্তক দাবী কৰিছে।অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।উল্লেখ্য যে পুৰ্বেও আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত সুফল পোৱা নাই বুলি জানিব দিয়ে।
দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উল্লেখনীয় পদক্ষেপ
কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি তথা জনপ্ৰতিনিধি খনছিং ৰংপিৰ সমষ্টি হাওৰাঘাটত বিভিন্ন বিভাগত বিগত চাৰিটা বছৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিছত দৰিদ্ৰ হিতাধীকাৰীৰ অভিযোগৰ ভিত্তিত মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে তাৎক্ষণিকভাৱে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰাম্য সখী চাকৰি নিযুক্তি দিয়াৰ নামত হাওৰাঘাট বি এল চি চি’ৰ চেয়াৰমেন মৰমী শইকীয়া আৰু হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক বৰ্খাস্ত কৰি মৰমী শইকীয়াৰ ঠাইত নতুনকৈ মুকুল নাথ আৰু গণেশ ইংহিৰ ঠাইত নতুনকৈ বিলিচন ইংতিক আজি আনুষ্ঠানিকভাৱে হাওৰাঘাটৰ এখন সভাৰ যোগেদি নিযুক্তি প্ৰদান কৰে ১১ টা ব্লকৰ চেয়াৰমেন জৰ্ণেল ৰংহাঙে । বিজেপিৰ হাওৰাঘাট ব্লক মণ্ডলৰ সভাপতি ৰামায়ণ চৌহানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি মথুৰা ফংলোচাই লগতে পুনৰ কয় যে দুবছৰ ধৰি আমি ৰাইজক একো দিব পৰা নাছিলোঁ । আমি কান্দি কান্দি চকুলো টুকি টুকি আলোচনা কৰিছিলোঁ । কি কিয় ইমান দুৰ্নীতিবোৰ সংঘটিত হৈ আছে । দুৰ্নীতিৰ বিৰুদ্ধে দুবছৰ ধৰি আমি ষ্টিং অপাৰেশ্যন চলাই আছিলো । পূৰ্বৰ প্ৰাক্তন হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন যীশু কেম্পাইয়ে দুৰ্নীতি সংঘটিত কৰি ডিঙিলৈকে গিলি বিজেপিৰ কৰ্মকৰ্তাক পানীত ডুবাই থৈ গৈছিল বুলি কোৱাৰ লগতে কয় যে খনছিং ৰংপিয়ে নিজৰ পচন্দ মতে পুনৰ দ্বিতীয়জন ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক নিযুক্তি তেওঁকো দুৰ্নীতিৰ পোহাৰ মেলাৰ সুযোগ দিয়া বুলি অভিযোগ কৰে । এঘাৰটা ব্লকৰ চেয়াৰমেনৰ লগত আলোচনা কৰি দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যনত মণ্ডলৰ এটা টিম আৰু লগত মিডিয়া লৈ এমাহ সোতৰ দিন ধৰি দিনে নিশাই অভিযান চলোৱা হৈছিল। যাতে দুৰ্নীতি কৰা ভ্ৰষ্টাচাৰীসকলক একেবাৰে যমুনা নদীত বিসৰ্জন দিব পৰা যায় । যতে যাও তাতেই গ্ৰাম্য সখী নিযুক্তি দিয়ৰ নামত টকা লোৱা,যতে যাও তাতেই জবকাৰ্ডৰ ধন লুণ্ঠন কৰা, যতে যাও তাতেই পি ডি এছ ৰ পি এম ৱাই আঁচনিৰ টকা লোৱা আদিবোৰ দেখি দেখি সেইবোৰ অসহ্য লাগি গৈছিল বুলি কৈ মথুৰা ফংলোচাই কয় সেইবাবেই আমি ১৫ জনীয়া ষ্টিং অপাৰেশ্যন টিম গঠন কৰিছিলো বুলি কয় ।
আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়োক আৱকাৰি বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি
বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ডীমাকুছি টতলাপাৰা গাঁৱৰ নিবাসী সঞ্জয় বড়ো ২০০৫ চনৰ পৰা আৰ্চাৰী খেলৰ প্ৰসিক্ষণৰে প্ৰায় ২০০৮ চনত কোকৰাঝাৰ চাই কেন্দলৈ বাছনি হোৱা সঞ্জয় বড়োয়ে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেল প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সোণাৰ পদক বুটলিবলৈ সক্ষম হোৱা সঞ্জয় বড়োয়ে ক্ৰমান্বয়ে ১০ খনকৈ অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেলত অংশগ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষলৈ এটাৰ পিছত এটা সোণাম কঢ়িয়াই আনিবলৈ সক্ষমহোৱা অসমৰ আন এগৰাকী পৰিশ্ৰমী খৈলুৱৈ ।হীমা দাস আৰু লাভলিনাৰ পিছত বিটিআৰ অসমৰ আন দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈ সঞ্জয় বড়ো আৰু যুমনা বড়োক অসম চৰকাৰৰ কেবিনেট সিধান্ত মৰ্মে চৰকাৰীত নিয়োগ কৰা হ’ব।সেই মৰ্মে আপকাৰী বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি পদৰ ঘোষণাৰ পিছত সমগ্ৰ বিটিআৰ বাসীৰ লগতে সঞ্জয় বড়োৰ পৰিয়াল লোকে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে।সঞ্জয় বড়ো, যুমনা বড়োৰ দৰে অসমত থকা আন আন পৰিশ্ৰমি খেলুৱৈ সকলকো চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাই।

মোৰাঝাৰ ষ্টেড বেংকৰ শাখা পুনৰ স্থাপনৰ দাবীত সাংসদৰ স্মাৰকপত্ৰ
হোজাইৰ মোৰাঝাৰ অঞ্চল এক কৃষিপ্ৰধান অঞ্চল৷ বহু সমস্যাৰে জৰ্জৰিত অঞ্চলটিৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হল বেংক সমস্যা৷ ভাৰতীয় ষ্টেড বেংকৰ মোৰাঝাৰ শাখা মোৰাঝাৰত পুনৰ স্থাপন কৰাৰ দাবীত আজি গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰৱন্ধক Chief General Manager (CGM) ক স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে৷ লগতে যমুনামুখ সমষ্টিৰ যুৱ নেতা ৰেহান উদ্দিন,মোৰাঝাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিলাল উদ্দিন আৰু মোৰাঝাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক শ্বাহনেৱাজ মনজুৰ হুছেইনেও সংগ দিয়ে৷ মহাপ্ৰবন্ধক গৰাকীয়ে অতি কম সময়ৰ ভিতৰত বেংকৰ শাখাটি পুনৰ মোৰাঝাৰত স্থাপন কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰয়োজনত নতুন শাখা প্ৰদান কৰা হব বুলি সাংসদক আশ্বাস প্ৰদান কৰে ৷ সাংসদ গৰাকীয়ে CGM কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰ খন প্ৰদান কৰাত সাংসদক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটিৰ সচেতন ৰাইজে৷ উল্লেখ যোগ্য যে ১৯৮৬ স্থাপিত হোৱা শাখাটি শেহতীয়া বেংকত সংগঠিত কোটিটকীয়া দুৰ্নীতিৰ বাবে নীলবাগানত স্থানান্তৰিত হোৱাত গ্ৰাহকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷
চামগুৰিৰ ভূৰবন্ধাত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ১ নং ভূৰবন্ধা অঞ্চলত আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ হয় ৷ জানিব পৰা মতে ১ নং ভূৰবন্ধা অঞ্চলৰ কেইজন মান লোকে আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহুৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উক্ত কেটেলা পহুটো উদ্ধাৰ কৰি লাওখোৱা বন বিভাগৰ হাতত চমজাই দিয়ে ৷ বন বিভাগৰ লোকে উক্ত দুষ্প্ৰাপ্য কেটেলা পহুটো পৰৱৰ্তী সময়ত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনৰ বহু এলেকা বুৰাই পেলাইছে ৷ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্য খনৰ পৰাই উক্ত কেটেলা পহুটো ওলাই জনাঞ্চলত প্ৰেৱশ কৰিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে
ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ প্ৰতিষ্ঠা দিৱস পালন
বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° অনিল চন্দ্ৰ দাসে। ইয়াৰ পাছতে উপাধ্যক্ষ চুখলাল চুব্বাই দেশ আৰু সমাজৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ সকলো শিক্ষক তথা কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। বিজ্ঞান শাখাৰ সমুখৰ বাকৰিত গছপুলি ৰোপনৰ এটি কাৰ্যসূচীও সম্পন্ন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° নয়নমণি মেধিয়ে। সম্পূৰ্ণ কোভিড নীতি-নিয়ম মানি অধ্যক্ষ ড° দাসৰ সভাপতিত্বত শিক্ষক, কৰ্মচাৰী, ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ প্ৰতিনিধিৰ মাজত এখনি মত বিনিময় সভাও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৯৭ চনত সৰিয়হজান অঞ্চলৰ কেইগৰাকীমান সমাজকৰ্মী আৰু সদৌ ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। কোভিড অতিমাৰীজনিত পৰিস্থিতিৰ বাবে ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপনৰ বাবে আগবাঢ়িব পৰা নাই যদিও পৰিস্থিতি অনুকূল হ’লেই স্থানীয় ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী উৎসৱ পালন কৰাৰ পৰিকল্পনাৰ বিষয়ে সভাত অধ্যক্ষই ব্যক্ত কৰে। তদুপৰি তেখেতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ আৰু অধিক উন্নত কৰি সৰিয়হজানবাসী ৰাইজৰ আশা – আকাংক্ষাক বাস্তৱায়িত কৰাৰ লগতে পাহাৰীয়া জিলাখনক উচ্চ শিক্ষাৰ আগবাঢ়ি যোৱাত ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সকলো শিক্ষকক কাম কৰি যাবলৈ আহ্বান জনায়। লগতে অধ্যক্ষ ড° দাসে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ অৰ্থে চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি, ৰাইজ তথা প্ৰাক্তন ছাত্ৰ সমাজৰ সহায় – সহযোগিতা কামনা কৰে।
নলবাৰীত অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ
নলবাৰী জিলাৰ বিভিন্ন ঠাইত গোপনে চলাই থকা অনুজ্ঞাপত্ৰ বিহীন কাঠ মিলৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ৷ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত নলবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ অনুজ্ঞাপত্ৰ বিহীন কাঠফলা মিলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ সফলতাৰ অংশ হিচাপে কালি অৰ্থাৎ ১ ছেপ্তেম্বৰৰ পুৱাৰ ভাগত নলবাৰী বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দলে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাবাৰী আৰু আল্লিয়া অঞ্চলৰ পৰা দুটা কাঠফলা মিল জব্দ কৰা হয়৷ জব্দাকৃত সামগ্ৰী সমূহ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জমা ৰখা বুলি জনা গৈছে৷ ইপিনে জিলাখনৰ বিভিন্ন ঠাইত বৰ্তমানেও চলি থকা অনুজ্ঞাপত্ৰবিহীন কাঠফলা মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷
এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা : নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ
⚫এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা
⚫নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ
⭕নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।
⭕শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে।
⭕কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
⭕দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে।
⭕ছোনিয়া গান্ধীৰ সিদ্ধান্তই এইক্ষেত্ৰত শেষ সিদ্ধান্ত হ’ব।
⭕অৱশ্যে একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰা বুলি জানিব পৰা গৈছে।
⭕অৱশ্যে এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে আগবঢ়াৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক বিবেচিত হৈছে।











