আন্তঃজিলা যাতায়ত বন্ধৰ নামত আচলতে চলিছে কি? ৰেলেৰে বহি:ৰাজ্যৰ পৰা যাত্ৰীসকলে অসমলৈ আহি থকাটো সকলোৰে জ্ঞাত। কিন্তু এইবাৰ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীবাহী বাছৰ প্ৰবেশ অসমত।জিলাই জিলাই দায়িত্বত নিয়োজিত আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা অসমত প্ৰবেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাছৰ চালক হেণ্ডিমেনসকলে। শনিবাৰে উত্তৰ প্ৰদেশৰ পৰা অহা যাত্ৰী ভৰ্তি বাছ এখন উপস্থিত হোৱাৰ লগে লগেই ৰঙিয়াৰ ১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত থকা স্থানীয় বাছৰ চালক হেণ্ডিমেনসকল ক্ষোভিত হৈ পৰে। বহু দিনৰ পৰাই ৰঙিয়াৰ মাজেৰে অন্য ৰাজ্য তথা জিলাৰ একাংশ যাত্ৰীবাহী বাছ নিৰ্বিঘ্নে পাৰ হৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যে জিলাখনৰ সীমাত থকা অস্থায়ী আৰক্ষী চকী সমুহতো আৰক্ষী উপস্থিত নাথাকে । শনিবাৰেও উত্তৰ প্ৰদেশৰ পৰা অহা বাছখনত পান জপা দি গাত গা লগাই প্ৰায় শতধিক যাত্ৰী লৈ আহিছে অসমলৈ । দুজনৰ আসনত বহিছে তিনিজনকৈ । বাছখনৰ আসনৰ তলতো যাত্ৰী বহি আহিছে । বাছখনৰ ভিতৰত আছে প্ৰায় দহটাতকৈও অধিক কণমানি শিশু। ক’ভিডৰ সম্পূৰ্ণ নীতি নিয়ম ভৰিৰে মোহাৰি উত্তৰ প্ৰদেশৰ পৰা অহা এই বাছখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে । যাত্ৰীসকলক অনুজ্ঞাপত্ৰৰ কথা সোধাত মাত্ৰ পাঁচজন যাত্ৰীয়ে দেখুৱাবলৈ সক্ষম হয় ক’ভিড পৰীক্ষাৰ প্ৰমাণ পত্ৰ । ড্ৰাইভাৰক এই বিষয়ে প্ৰশ্ন কৰাত কোনো কথা জনাবলৈ অস্বীকাৰ কৰে । এতিয়া প্ৰশ্ন হয় কেইবাখনো ৰাজ্য পাৰহৈ অহা বাছখনে অসমত সোমোৱাৰ পিছত ইমান কেইখন জিলা পাৰহৈ ৰঙিয়াত কেনেদৰে উপস্থিত হ’ল ? ইমানদিনে আৰক্ষীৰ বিৰুদ্ধে টকাৰ বিনিময়ত বাছ সমুহক যাবলৈ দিয়া অভিযোগ সচা প্ৰমাণিত নেকি ! যদিহে এইদৰেই বাছসমূহৰ যাতায়ত চলি থাকে, চৰকাৰে দিনে দিনে জাৰি কৰি থকা এছ অ’ পি সমুহ নাটকত পৰিণত হ’বযে খাটাং।
বৰপেটাৰ আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত সোণালী জয়ন্তী উৎসৱৰ প্ৰস্তুতি সভা
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত কালি আলোপতি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ প্ৰস্তুতি সভাৰ লগতে এখনি কাব্য গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ছাত্ৰ সন্থাৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা হান্নানুল আহমেদে।স্থানীয় ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ গণশিল্পী আবু বাহাৰ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ সন্থাৰ সম্পাদক ৰুকেশ আলীয়ে।সভাত আলোপতি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ সম্পৰ্কে বিতং আলোচনা কৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত সোণালী জয়ন্তী উৎসৱ পতাৰ লগতে কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সৰ্বসন্মত সিদ্ধান্ত লোৱা হয়।তদুপৰি আলোপতি ফকিৰ পাৰাৰ আদম আলী নামৰ এজন লোকে স্বয়ম্ভূ সভাপতি হৈ আলোপতিৰ নামত আন এটা ভুৱা ছাত্ৰ সন্থা গঠন কৰাৰ অভিযোগত তেওৰ লগতে কেইবাজনক অনিৰ্দিষ্ট কালৰ বাবে আলোপতি ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ্য যে সভাৰ আৰম্ভণিতে মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ বাংশী আপাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক তথা আলোপতিচৰ অঞ্চলৰ সু- সন্তান তথা উদীয়মান কবি আলতাফ মজুমদাৰৰ কবিতা সংকলন পুথি “অগ্নিস্নান” আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধুবুৰী বি এন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ অহিজ উদ্দিন আহমেদে। কবিতা পুথিখন উন্মোচন কৰি প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে কয় যে কবিতা হৈছে সাহিত্যৰ আটাইকেইটা বিষয়ৰ ভিতৰত আটাইতকৈ প্ৰাচীন। কবিয়ে মানুহৰ সুখ দুখ, শোষন, বঞ্চনা আদি কবিতাৰ মাজেৰে সমাজত দাঙি ধৰে। ভাষণত উন্মোচক গৰাকীয়ে ইয়াকো উল্লেখ কৰে যে চৰ চাপৰিৰ জনগনে বৃহত্তৰ অসমীয়াৰ হকে আৰু অসমীয়া ভাষা সংস্কৃতিৰ উন্নয়ণৰ হকে আমি কাম কৰি যাব লাগিব। দূৰ্গম অঞ্চল সমূহত এই জনগোষ্ঠীৰ লোকে হাবি বননি কাটি মাটি সমূহ কৃষিৰ বাবে উপযোগী কৰিয়েই ক্ষান্ত নাথাকি বিভিন্ন অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। ইমান কষ্ট কৰাৰ পিছতো এই জনগোষ্ঠীটোক বিশ্বাসত লোৱা হোৱা নাই। শাসক পক্ষই সদায় সন্দেহৰ আঙুলি টোৱাই কথা কয়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই জনগোষ্ঠীটোৱে বলিষ্ঠ ভূমিকা থাকিলেও শাসক গোষ্ঠীয়ে মানি লোৱা নাই।সেয়ে আমি আমাৰ অধিকাৰ কাঢ়ি আনিব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। সভাত কবিতা পুথিৰ ৰচক উদীয়মান কবি আলতাফ মজুমদাৰে কয় যে মোৰ অধিকাংশ কবিতাত চৰ চাপৰি অঞ্চলৰ খাটি খোৱা লোকৰ জীৱন কাহিনী কবিতাৰ মাজেৰে প্ৰকাশ কৰা হৈছে। উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদ, অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ মহম্মদ আলী, অৱসৰপ্ৰাপ্ত শিক্ষক মীৰ মহম্মদ আলী,অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া আতাউৰ ৰহমান, বিষয় শিক্ষক ওজেদুল হাচান, ৰাজমাহমুদ হুছেইন, আলাউদ্দিন আল আমিন, আলোপতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে নুৰ আলম, নুৰ আলম হ’ক, গাজী ৰহমান,ৰফিকূল হাছান, ছামছুল আলম ছৰৱাৰ্দ্দী প্ৰমূখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি, আলোপতি ছাত্ৰ সন্থাৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়ববীয়া ও সদস্য সকল উপস্থিত থাকে ।
চিন্তামণিগড়ৰ পঞ্চী ৰাজখোৱালৈ ‘গতি অসম’ৰ ‘শিশু প্ৰতিভা বঁটা’
অসমৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান গুৱাহাটীৰ ‘গতি অসমে’ শিশুসকলক উৎসাহিত কৰিবৰ বাবে প্ৰতি বছৰে প্ৰদান কৰি অহা ‘শিশু প্ৰতিভা বঁটা’ৰ বাবে নিৰ্বাচিত শিশুসকলৰ নাম ঘোষণা কৰিছে। তিনিজনীয়া জুৰী সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক আবেদনকাৰীৰ মাজৰ পৰা বিভিন্ন ক্ষেত্ৰৰ দহগৰাকী প্ৰতিভাৱান শিশুক এইবাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। সেই অনুসৰি যোৰহাট জিলাৰ টীয়ক চিন্তামণিগড়ৰ প্ৰতিভাৱান শিশু, কণ্ঠশিল্পী পঞ্চী ৰাজখোৱালৈ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিভাৱান শিশু বঁটা প্ৰদান কৰিছে। অঞ্চলটোৰ চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী পঞ্চী ৰাজখোৱাই বিগত সময়ত জিলা, ৰাজ্যিক আৰু আঞ্চলিক ভিত্তিক বিভিন্ন গীত-নৃত্য-অভিনয়, কবিতা আবৃত্তি, সাধুকোৱা আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে ৰংমেলা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা, মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীপ ৰাজখোৱাৰ কন্যা পঞ্চী ৰাজখোৱাই কেইবাটাও দূৰদৰ্শন কেন্দ্ৰতো গীত পৰিৱেশন কৰি সুখ্যাতি অৰ্জন কৰিছে। শিশু অৱস্থাতে বিভিন্ন পাৰদৰ্শিতাৰে ‘প্ৰতিভাৱান শিশু বঁটা’ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা খবৰ পোৱাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগ, চিন্তামণিগড় সৃষ্ট প্ৰগতি চ’ৰাৰ সম্পাদক তথা কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাই, অনাতাঁৰ শিল্পী ৰাজু ৰাজখোৱা পঞ্চীৰ বাসগৃহত আজি উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে।
নলবাৰীৰ কুখ্যাত ডকাইত ম’ষ্ট ৱাণ্টেড আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ
নলবাৰীৰ কুখ্যাত ডকাইত তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ । নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত আত্মসমৰ্পণ আনোৱাৰৰ । এসময়ৰ অসম আৰক্ষীৰ কনিষ্টবল আনোৱাৰ হুছেইন পৰৱৰ্তীকালত হৈ পৰিল দুধৰ্ষ ডকাইত । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক হাইজেক মাষ্টাৰ মাইণ্ড আছিল আনোৱাৰ হুছেইন। লগতে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জৰিত আছিল আনোৱাৰ হুছেইন৷ অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড হিচাপে চিহ্নিত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইন হৈ পৰিছিল আৰক্ষীৰ মুৰৰ কামোৰণি।আৰক্ষীৰ নিদ্ৰা হৰণ কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমত চলাইছিল সন্ত্ৰাস । ১৯৯৬ চনত অসম আৰক্ষীত যোগদান কৰা কৰা আনোৱাৰ হুছেইন পৰৱৰ্তী সময়ত ডকাইতি কাণ্ডৰ সৈতে জৰিত হৈ পৰিছিল৷কুখ্যাত ডকাইত আনোৱাৰৰ ফটো প্ৰায়বোৰ থানাতে আৰি থোৱা আছে৷অৱশেষত অসম আৰক্ষী ম’ষ্ট ৱাণ্টেড তথা দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনে আজি নলবাৰীৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰে৷নলবাৰী জিলাৰ সুৰাদিত ঘৰ আনোৱাৰ হুছেইনৰ৷অসম আৰক্ষীৰ কনিষ্টবল নলবাৰীৰ আব্দুল ৰৌফ আৰু আনোৱাৰৰ ভাতৃ তথা আৰক্ষী জোৱান ইনামুল হুছেইনে বুজনি দি আনোৱাৰ হুছেইনক আত্মসমৰ্পণ কৰায় বুলি জানিব পৰা গৈছে৷ আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ কাৰ্যত নলবাৰী আৰক্ষীয়ে স্বস্তি লাভ কৰিছে৷
NASAৰ বিজ্ঞানীৰ সতৰ্কবাণী : মানুহৰ বাবে অত্যাধিক গৰম হ’ব পৃথিৱী
নেচনেল এৰোন’টিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)ৰ এজন প্ৰাক্তন বিজ্ঞানীয়ে দাবী কৰিছে যে মানুহে বৃহস্পতিৰ কক্ষপথৰ পৰা শক্তি চুৰি নকৰিলে পৃথিৱী জ্বলি যাব। তেওঁ কয় যে আজিৰ পৰা প্ৰায় এক বিলিয়ন বছৰৰ পিছত সূৰ্য অত্যাধিক গৰম হ’ব আৰু পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পাব, যাৰ ফলত মানুহে বৰ্তমানৰ দূৰত্বত জীয়াই থকাটো অত্যাধিক অসুৰক্ষিত হৈ পৰিব।ডেভিদ হোলজ নামৰ এজন পিএইচডিয়েও 1 বিলিয়ন বছৰত ব্লু প্লেনেট ধ্বংস পৰিহাৰ কৰাৰ পৰিকল্পনাৰ প্ৰস্তাৱ দিছে। তেওঁৰ মতে, বিজ্ঞানীসকলে পৃথিৱীৰ কক্ষপথ ডাঙৰ কৰিবলৈ বিশাল গ্ৰহাণু ব্যৱহাৰ কৰা উচিত যাতে আমি বৃহস্পতিৰ কক্ষপথৰ পৰা শক্তি “চুৰি” কৰোঁ। পদাৰ্থবিজ্ঞানী আৰু উদ্যোগীজনে আৰু দাবী কৰিছে যে ই সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সম্প্ৰসাৰিত কৰিব আৰু গ্ৰহ আৰু মানৱ প্ৰজাতিবোৰ কমেও 5 বিলিয়ন বছৰৰ বাবে সংৰক্ষণ কৰাত সহায় কৰিব।হোলজে কৈছিল যে এইটো তেওঁৰ “এই পৃথিৱীৰ বাহিৰৰ ধাৰণা” আৰু ইয়াক প্ৰথমে মহাকাশ সম্পৰ্কীয় বিভিন্ন প্ৰযুক্তিত যথেষ্ট উন্নতিৰ প্ৰয়োজন।
শিক্ষক, কবি ৰফিক উদ্দিনৰ ‘ উপবন’ নামৰ কবিতা পুথিৰ উন্মোচন
দেওবাৰে দিনৰ তিনি বজাত হোজাই জিলাৰ পূৱ জাৰুণী উচ্চ ইংৰাজী বিদ্যালয়ত অসম কবি চক্ৰৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভাৰ আয়োজন কৰা হয়। এই কাৰ্যনিৰ্বাহ সভাৰ লগত সংগতি ৰাখি সংগঠনটোৰ পত্ৰিকা সম্পাদক বিশিষ্ট কবি ,শিক্ষক ৰফিক উদ্দিন দেৱৰ ‘ উপবন’ নামৰ কবিতা পুথি খনৰ উন্মোচন কৰা হয়। এই খন লৈ তেওঁ তিনিখন পুথিৰ লিখি পাঠকৰ সমাজত তুলি ধৰিবলৈ সক্ষম হয়। আজিৰ আয়োজিত সভাত উপস্থিত থাকে শিক্ষাবিদ তথা অসম কবি চক্ৰৰ সম্মানিয় সভাপতি তথা অধ্যাপক ড: হাচিনুচ চুলতান দেৱ, বিশিষ্ট সাংবাদিক ,অসম কবি চক্ৰৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, কবি মুজাম্মিল আলী উপ-সভাপতি অসম কবি চক্ৰ, কবি তথা নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক দিলৱাৰ হুছেইন, সাংবাদিক কফিল উদ্দিন বৰভূঞা, মুজিবুৰ ৰহমান বাৰভূঞা (কালা ভাই) বিশিষ্ট সমাজ সেৱক তথা স্বত্বাধিকাৰী জোনাকী নিউজ চেণ্টাৰ নীলবাগান, সাংবাদিক হাচিব উদ্দিন তালুকদাৰ কে আদি কৰি বহু কবি আৰু সাহিত্যক উপস্হিত থাকে | কবি ৰফিক উদ্দিনৰ ‘উপবন’ নামৰ কাব্যগ্ৰন্থ উন্মোচনৰ পিছতে অসম কবি চক্ৰৰ উপ-সভাপতি মুজাম্মিল আলীয়ে কবি ৰফিক উদ্দিনক ‘উপবন’ ৰ কবি নামেৰে সন্মানিত কৰিবলৈ সভাত দাবী জনায় | ইপিনে সভাৰ সভাপতি ড: হাচিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ‘উপবন’ নামৰ কাব্যগ্ৰন্থ উন্মোচনৰ পিছত কবি গৰাকীক ভূয়সী প্ৰশংসা কৰি দীঘলীয়া ভাষণ ৰাখে | উল্লেখ্য যে, কবি ৰফিক উদ্দিনে ভাষণ প্ৰসংগত কয় — কবিতা লিখাত অধ্যাপক ডঃ হাচিনুচ চুলতানে দিয়া অনুপ্ৰেৰণাৰ বাবে আজিলৈ তেওঁ অসমীয়া ভাষাত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হয় | ইপিনে সভাত উপস্থিত হোৱা অতিথি সকলেওঁ ভাষণত উন্মোচন হোৱা কাব্যগ্ৰন্থৰ কবি গৰাকীক ‘উপবন’ৰ কবি বুলি কয় আৰু তেওঁ কবিতাৰ মানদণ্ড বহু উন্নত বুলি কৈ প্ৰশংসাৰে উপচি পেলায় | শেষত অধ্যাপক ডঃ হাচিনুচ চুলতান দেৱে ‘উপবন’ নামৰ কাব্যগ্ৰন্থৰ এটি কবিতা পাঠ কৰি সভা ভংগ কৰে |
নিউয়ৰ্কত বোহেমিয়ান জীৱনশৈলী যাপন আশ্ৰাফ ঘানিৰ জীয়ৰী মাৰিয়ামৰ
আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ জীয়ৰী মাৰিয়ামে নিউয়ৰ্কত এক বোহেমিয়ান জীৱনশৈলী যাপন কৰি আছে, এইটো প্ৰকাশ পাইছে, য’ত মহিলা আৰু ছোৱালীৰ ওপৰত তালিবানৰ কঠোৰ শাসনৰ বিপৰীততা অধিক স্পষ্ট হ’ব নোৱাৰে ,যদিও আফগানিস্তানৰ মহিলাসকলে তালিবানৰ অত্যাচাৰী শাসনৰ উভতি অহাৰ বাবে ভয়ত ভস্মীভূত হৈছে।মাৰিয়ামে তাইৰ এপাৰ্টমেণ্টৰ বাহিৰৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল, ক্লিণ্টন হিলৰ এটা শান্ত, পাতযুক্ত খণ্ডত, গুঞ্জনপূৰ্ণ ৰেষ্টুৰেণ্ট আৰু প্ৰেট ইনষ্টিটিউটৰ ওচৰত এটা বিলাসী কো-অ’প বিল্ডিংত অৱস্থিত।দ্য টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত ঘানীয়ে এই সপ্তাহত কৈছিল যে তেওঁ “আফগানিস্তানত এৰি যোৱা মোৰ পৰিয়াল, বন্ধু বৰ্গ আৰু সহকৰ্মীসকলৰ বাবে খং, শোক আৰু ভয়ানক ভয় খাইছিল।”তাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক ৰাজনীতিবিদসকলক আফগান শৰণাৰ্থীসকলৰ বিতাড়ন বন্ধ কৰিবলৈ আৰু পলাই যোৱাৰ আশা কৰা সকলৰ বাবে ভিছা ত্বৰান্বিত কৰিবলৈ অনুৰোধ কৰিবলৈ উৎসাহিত কৰে
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন আটক
ড্ৰাগছৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ পুনৰ বৃহৎ সফলতা।নগাওঁ হয়বৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰিত আজি নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ নাৰকটিং স্কোৱাদ আৰু ৰাইডাৰ গ্ৰুপে এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে কাটিমাৰীৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে স্বামী পত্নীয়ে মিলি দীৰ্ঘদিন ধৰি কৰি আহিছিল কাটিমাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ধৃত দুই ড্ৰাগছৰ ব্যৱসায়ী হৈছে চফিকুল ইছলাম আৰু হাচিনা ইয়াছমিন বুলি জানিব পৰা গৈছে। জব্দ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় ৯০,০০০ হাজাৰ টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কামৰূপ জিলাৰ তিনিখন জলসিঞ্চন আঁচনিৰ জৰিয়তে উপকৃত কৃষক ৰাইজ
কৃষক ৰাইজৰ উপকৃত সাধনৰ লক্ষ্যৰে কামৰূপৰ তিনিখন জলসিঞ্চন আঁচনিয়ে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক যথেষ্ট খিনি উপকাৰ সাধন কৰা পৰিলক্ষিত হোৱাৰ বাতৰি পোৱা গৈছে । শেহতীয়াকৈ ইয়াৰ অন্তৰ্গত তথা বকো সমষ্টিৰ মেধিপাৰাকে ধৰি শিংৰা , শিঙুৱা সহ মু্ঠ তিনিখন বোৱতি নৈ আঁচনিয়ে উপকাৰ সাধিছে । তথ্য মতে মেধিপাৰা আঁচনিখনে ৮০০ হেক্টৰ , শিংৰাই ৫০০ হেক্টৰ আৰু শিংগুৱা জলসিঞ্চন আঁচনিখনে ৪০০ হেক্টৰ কৃষিভূমিত বিস্তৃত ভাৱে পানী যোগান ধৰি আহিছে । জানিব পৰা মতে এই আঁচনি কেইখনৰ অন্তৰ্গত গাঁৱসমূহ হ’ল মেধিপাৰা , নাৰেংগা , আউনিআটি , পৈৰাংগা , কাইঠপাৰা , বজ্ৰাপাৰা , ৰাজাপাৰা , কুকুৰমাৰা , বন্দাপাৰা , বৰচুং , বৰিপাৰা , পালাহপাৰা(শিংৰা) , জলাপাৰা , নোৱাপাৰা , পুখুৰীপাৰা আদি । ইতিমধ্যে এই আঁচনিৰ পৰা বৃহত্তৰ অঞ্চলটোৰ প্ৰায় আঠ শতাধিকতকৈ অধিক কৃষক ৰাইজ উপকৃত হৈছে । আনপিনে এই আঁচনি কেইখনে খোৰাং বতৰতো কৃষক ৰাইজক কিছু পৰিমাণে হ’লেও পানী যোগান ধৰিছে লগতে বকোৰ ৰায়পাৰা আৰু বাদলিপাৰা গভীৰ নলী নাদ আঁচনি দুখনো উপকাৰ সাধিছে ৰাইজক । কোৱা বাহুল্য যে এই আঁচনি কেইখনৰ বিভিন্ন প্ৰান্তত এতিয়াও মেৰামতিৰ পৰা অৱহেলিত হৈ আছে লগতে বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে মেৰামতিৰ ব্যৱস্হা কৰিলে প্ৰতিখন বোৱতি আঁচনিয়ে ১২০০ হেক্টৰকৈ কৃষক সকলক পানী যোগান সু-ব্যৱস্হা কৰিব পাৰিব । বৃহত্তৰ অঞ্চলটোৰ সৰহ সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে সম্পূৰ্ণ ৰূপে মেৰামতি নোহোৱাৰ ফলস্বৰূপে ৰাইজ বিমোৰত পৰিব লগা হোৱাৰ উপৰি বিভাগে যিমান ধন আঁচনিৰ নামত মোকলাই দিছে সেয়া পৰ্যাপ্ত নহয় স্পষ্ট । সেয়েহে বিভাগীয় কৰ্তৃপক্ষই এই আঁচনি কেইখনৰ মেৰামতি কৰিলে আৰু অধিক কৃষক ৰাইজ উপকৃত হ’ব সেই কথা বিনাদ্বিধাই ক’ব পাৰি ।
বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ক পদ্মশ্ৰী বটাৰ বাবে মনোনীত কৰিবলৈ প্ৰতিবেদন প্ৰদান
অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ৬৯নং ওদালগুৰি বিধানসভাৰ বিধায়ক তথা বি টি চিৰ উপমুখ্য কাৰ্য্যবাহী গোবিন্দ বসুমতাৰীক লগ ধৰি অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰত ভাৰত চৰকাৰে প্ৰদান কৰিবলগীয়া বিশিষ্ট সাহিত্যিক সকলক এইবছৰ প্ৰদান কৰিবলগীয়া পদ্মশ্ৰী পুৰস্কাৰৰ কাৰণে ওদালগুৰিৰ বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ক উক্ত পদ্মশ্ৰী বটাৰ বাবে মনোনীত কৰিবলৈ আহ্বান জনায়। লগতে নতুনকৈ পুনৰ গঠন হোৱা ওদালগুৰি জিলা নেপালী সাহিত্য সভায়ে ওদালগুৰি জিলাৰ বিধায়ক সকলক সম্বৰ্ধনা জনোৱা কাৰ্য্যসূচীও কোৰোনা কালৰ বাবে স্থগিত কৰিবলগীয়া হৈছিল। সেই চেগতে ওদালগুৰি জিলা নেপালী সাহিত্য সভাই বিধায়ক তথা বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহীক এখন সম্বৰ্ধনা পত্ৰ, খদা, টুপী আৰু কলম প্ৰদান কৰি সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা প্ৰদান কাৰ্য্যসূচীত বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, বিশিষ্ট সাংবাদিক তথা সাহিত্যিক বৈদ্যনাথ উপাধ্যায়, অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সদস্য সহদেৱ গৌতম, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সদস্য কৃষ্ণ মিজাৰ, নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ছেত্ৰী, শিক্ষা সম্পাদক দ্বীপেন্দ্ৰ সাপকোটা, ওদালগুৰি জিলা নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটা আদি উপস্থিত থাকে।











