Home Blog Page 2889

স্বাধীনতাৰ অমৃত মহোৎসৱত বঙাইগাঁও লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আলোচনা চক্ৰ

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ শীৰ্ষক কাৰ্যসূচী । ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃ গাঠনি উন্নয়ন সন্থাৰ নিৰ্দেশমৰ্মে উদযাপন কৰা এই ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অধীনত আজি ( বুধবাৰে )  বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ২ বজাৰ পৰা ‘ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বঙাইগাঁও জিলাৰ গ্ৰাম্য অঞ্চলৰ বিকাশত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ ( PMGSY) ভূমিকা’ শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই আলোচনা চক্ৰৰ মূল উদ্দোশ্য হ’ল প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ অঁচনিৰ সবিশেষ ৰাইজক অৱগত কৰা আৰু এই সন্দৰ্ভত সজাগ কৰা ৷ আনহাতে এই আঁচনিৰ মূখ্য উদ্দেশ্য আছিল যে পাঁচ শতাধিক জনসংখ্যা থকা গাঁৱত সকলো সময়তে ব্যৱহাৰযোগ্য পথ নিৰ্মাণ কৰি মূল পথৰ সৈতে সংযোগ কৰা ৷ আলোচনা  চক্ৰখনৰ আৰম্ভণীতে কনিষ্ঠ অভিযন্তা জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ অধীনত পথ নিৰ্মাণত নতুন প্ৰযুক্তি সম্পৰ্কত এক ই-উপস্থাপন( Power Point Presentation) দাঙি ধৰে। তেওঁ কয় যে লাহে লাহে শিল,বালি আদি কমি অহা বাবে পথ নিৰ্মাণত আৱৰ্জনা প্লাষ্টিক, পেভাৰ ব্লক আদি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এই নতুন প্ৰযুক্তিৰ পথ নিৰ্মাণত খৰচো কম আৰু সময়ো কম লাগে।তদুপৰি মেৰামতিও কম কৰিলেই হয় ৷ পৰিৱেশ অনুকুল হয়, প্ৰদূষণ কমে আৰু বিটুমিন কম লাগে। আনহাতে আলোচনা চক্ৰত গ্ৰাম্য পথ বিভাগৰ অধীক্ষক অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে পথ নিৰ্মাণত পেলনীয়া প্লাষ্টিক ব্যৱহাৰ প্ৰযুক্তি (Waste Plastic Technology) সন্দৰ্ভত আৰু কাৰ্যবাহী অভিযন্তা দ্বীপেন মেধিয়ে গ্ৰাম্য পথ নিৰ্মাণত চেল  ফিল্ড কংক্ৰিট পেভমেণ্ট (Cell Filled Concrete Pavement) ৰ বিষয়ে বক্তব্যত উল্লেখ কৰে। এই আধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা পথ সহজে নষ্ট নহয়, মেৰামতিৰ প্ৰয়োজন নাই আৰু পথত পানী জমা নহয়। চহৰ বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণ হ’লে সৰ্বসাধাৰণ লোকৰ চহৰলৈ যোৱাৰ সুবিধা হয়, ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ যোৱাত সুবিধা হয়, গাঁৱৰ ৰাইজৰ প্ৰয়োজন সাপেক্ষে হাস্পতাললৈ যোৱাৰ সুবিধা হয়, কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে বুলিও উল্লেখ কৰে। মুঠতে গ্ৰাম্য পথৰ নিৰ্মাণে ৰাজ্য তথা দেশৰ উন্নয়নত অৰিহণা যোগায়, সাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহৰ মান উন্নত হয়। উল্লেখ্য যে প্ৰথমতে বিগত ২০০০ চনৰ ২৫ ডিচেম্বৰত যেতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি আৰম্ভ কৰা হৈছিল তেতিয়া অকল পথ নিৰ্মাণৰ কামহে অন্তৰ্ভুক্ত আছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পথৰ লগতে পকী দলং নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত কৰা হয় এই আঁচনিৰ অধীনত। গ্ৰাম্য পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকায়ে আলোচনা চক্ৰখনত উল্লেখ কৰা মতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১২ জুলাইৰ পৰা ১৮জুলাইলৈ ৫টা পথৰ কাষে কাষে প্ৰায় ২০০০ গছপুলিও ৰোপন কৰা হয়। আলোচনা চক্ৰত  বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, জিলা পৰিষদৰ সভাপতি বিজয় সিংহ, সমাজকৰ্মী নীৰেন দাস, বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম কুমাৰ নাগ আদি ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ৷ আলোচনা চক্ৰখনত বঙাইগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্য,আঞ্চলিক পঞ্চায়তৰ সদস্য,গাঁও-পঞ্চায়তৰ সভাপতি,সদস্য আদিও উপস্থিত থাকে।

ওৰাঙৰ ছিৰাজুলিত চিকিৎসকে উদ্ধাৰ কৰিলে অজগৰ

ছিৰাজুলিৰ নপাম পথাৰ গাঁও নিবাসী ৰমণী বৰ্মনৰ বাৰীৰ বাঁহনিত  ১৪আগষ্টত  পুৱা এডাল অজগৰ প্ৰত্যক্ষ কৰি গৃহস্থই বন বিভাগত খবৰ দিয়াত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক প্ৰাণকৃষ্ণ কেওঁট উপস্থিত হৈ ডাঃ সৌৰভ বৰ্মনৰ  সহযোগত  সাপডাল উদ্ধাৰ কৰে। প্ৰায় ৭ফুট ৩ ইঞ্চি দৈৰ্ঘ্যৰ সাপডাল পাচত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। লক্ষণীয়ভাবে খবৰ দিয়াৰ পাচতো বনবিভাগৰ কৰ্মচাৰী উপস্থিত নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজে পৰিয়ালটোৰ আৰু প্ৰকৃতিপ্ৰেমী যুৱকজনৰ চেষ্টাৰ শলাগ লৈছে। অজগড় উদ্বাৰ কৰাৰ সহযোগিতা কৰে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক  ডাঃ  সৌৰভ বৰ্মন ৷

বিশ্বজয়েৰে গৃহ ভূমিলৈ উভতিল লাভলীনা

বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে বিমান বন্দৰৰ পৰা পোনে পোনে এখন চাৰ্টাৰ্ড বাছত হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা। অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই। পুৱা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় লাভলীনা। বিমান বন্দৰত লাভলীনাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহিছে লাভলীনা বৰগোহাঁই। অসমত উপস্থিত হৈ অসমবাসীক ধন্যবাদ জনাই লাভলীনাই কয় যে সোণৰ পদক জয় কৰিব নোৱাৰি তেওঁ দুঃখিত। বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোহাঁইয়ে বিমান বন্দৰৰ পৰা পোনে পোনে এখন চাৰ্টাৰ্ড বাছত হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা।

ওদালগুৰিৰ তিনি দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আনফৰ নেতৃত্বাধীন জমিয়তৰ

 বিশিষ্ট আগৰ ব্যৱহায়ী তথা জমিয়ত উলামা-ই-হিন্দৰ অসম ৰাজ্যিক সভাপতি মৌলানা মুস্তাক আনফৰৰ মহানুভৱতা ।জটিল ৰোগত আক্ৰান্ত তিনি পৰিয়ালক আগবঢ়ালে আৰ্থিক সাহাৰ্য্য । ওদালগুৰি জিলাৰ মেধীপাৰা আৰু ৰাণীপুখুৰী গাঁৱৰ মোজাফৰ আলী,ৰহিম বাদশ্বাহ আৰু হজৰত আলী নামৰ এই তিনি গৰাকী লোক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সহ্যাগত অৱস্থাত পৰি আছিল । দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ লোক কেইজনক পৰ্যাপ্ত চিকিৎসা কৰাব নোৱাৰাৰ লগতে পৰিয়াল পোহপাল দিবলৈও অসমৰ্থ হৈ পৰিছে ।এই কথা ওদালগুৰি জিলা জমিয়তৰ কোষাধক্ষ আছাদুল্লাহ আলীয়ে মৌলানা মুস্তাক আনফৰক অৱগত কৰোৱাৰ লগে-লগে পৰিয়াল কেইটিক সকাহ দিবলৈ কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । মঙ্গলবাৰে জিলা জমিয়তৰ কোষাধক্ষ আছাদুল্লাহ আলীৰ নেতৃত্বত বকুলতলা আঞ্চলিক সমিতিৰ সজাতি দল এটাই পৰিয়াল তিনিটাৰ ঘৰত উপস্থিত হৈ সদ্যহতে ৰহিম বাদশ্বাহ ,হজৰত আলীক ৫ হাজাৰকৈ টকা আৰু মোজাফৰ আলীক ১০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে প্ৰয়োজনত পিছলৈ সহায্য আগবঢ়োৱাৰ কথা অৱগত কৰে ।দৰিদ্ৰ পৰিয়াল তিনিটাই সাহায্যখিনি পাই উৎফুল্লিত হৈ ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ ফুটি ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ : আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ

 দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সমীপৰ জাগুন পথাৰ গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ এডাল তেল পৰিবাহী পাইপলাইনত ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত বাতৰি মতে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা তথা সোপাঢিলা স্বৰূপৰ বাবেই বিগত কেইবাদিনোধৰি উক্ত পাইপডাল পৰা অহৰহ গতিত খাৰুৱা তেল নিৰ্গমণ হৈছে । দুলীয়াজানৰ ম’হমাৰীস্থিত  অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰৰ পৰা দুলীয়াজানৰ মুখ্য ঔদ্যোগিক এলেকাত অৱস্থিত কেন্দ্ৰীয় টেংক ফ্ৰামৰ লগত সংলগ্ন খাৰুৱাতেল পৰিবাহী পাইপলাইনডাল ফটাৰ ফলত বৃহৎ পৰিমাণৰ খাৰুৱা তেল নিৰ্গমণ হৈছে । শেহতীয়াকৈ পাইপলাইনৰ কাষতে থকা খেতিয়ক ৰাইজৰ পথাৰ আৰু পুখুৰীত খাৰুৱা তেলেৰে ভৰি পৰিছে । অইলৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ অইলৰ অগ্নিনিবাপক বাহিনীৰ সহায়ত টেংকাৰৰ যোগেদি তেল পুখুৰীৰ পৰা তুলি পুণৰ অইল ঔদ্যোগিক ক্ষেত্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাস্থলীত যি কোনো মুহুৰ্ততে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে । ইফালে খাৰুৱা তেল পথাৰলৈ বিয়পি যোৱাৰ ফলত খেতি পথাৰৰ উৱৰা শক্তি হ্ৰাস হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বাঘজানৰ ভয়াৱহ ঘটনাৰ শিক্ষা গ্ৰহণ নকৰিলে অইল কৰ্তৃপক্ষই । শেহতীয়াকৈ বিস্তৃত অঞ্চল খাৰুৱা তেল বিয়পি পৰিছে আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভৱনা আছে । যোৱা তিনি বছৰ পূৰ্বে উক্ত স্থানত অনুৰূপ ঘটনা সংঘটিত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

বোকাখাতৰ ৰোহিতাত বিজ্ঞান সন্মত প্ৰকল্পৰ অভাৱ : চৰকাৰলৈ প্ৰস্তাৱ বোকাখাতৰ অভিযন্তাৰ

১৯৬২ চনৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৮০দশকত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি বোকাখাত বিধানসভা সমষ্টিৰ মহুৰা মৌজাৰ বৰবালি আৰু ভলুকাগুৰি নামৰ দুখন গাঁও নদীখনৰ বুকুত জাহ গৈছিল।ইয়াৰ উপৰি বৃহৎ এলেকাৰ কৃষি ভূমি আৰু চৰ চাপৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰে। কালক্ৰমত নদীখন নেঘেৰিটিং-বংকুৱাল আৰু বংকুৱাল কৃষিবান্ধৰ কাষলৈ চাপি আহে। বৰ্তমান উত্তৰ -পূৱ বোকাখাতত চলি থকা গৰাখহনীয়াৰ মূল অভিকেন্দ্ৰ হিচাপে চিহ্নত হৈছে ৰোহিতা চাপৰিৰ সন্মখৰ পৰা দক্ষিণ-পশ্চিম দিশে সোমাই অহা ব্ৰহ্মপুত্ৰৰ এটা সুঁতি। দীৰ্ঘদিন ধৰি উক্ত বৃহৎ সুঁতিটোৱেদি সোমাই অহা বাঢ়নী পানীৰ প্ৰৱল সোঁতত ৰোহিতা, অফলা, কেমেৰি, বংকুৱাল, ৰিৰি নিকৰি, এলেংমাৰী আদি অঞ্চলত প্ৰায় ১০ কিলোমিটাৰ এলেকা ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া চলি আছে। ৰিৰি নিকৰি, এলেংমাৰী, বংকুৱাল আদি অঞ্চলত কোটি কোটি টকাৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি আহিছে যদিও গৰাখহনীয়াৰ মূল অভিকেন্দ্ৰ হিচাপে চিহ্নত ৰোহিতা চাপৰিত আজিকোপতি বিজ্ঞান সন্মত ব্যয়বহুল কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধ প্ৰকল্প ৰূপায়ন কৰা নাই। গৰাখহনীয়াৰ কেন্দ্ৰ স্থল ৰোহিতাত খহনীয়া প্ৰতিৰোধ প্ৰকল্প নির্মাণ নকৰাৰ ফলস্বৰূপে বিভিন্ন অঞ্চলত ৰূপায়ন কৰা গৰাখহনীয়া প্ৰতিৰোধ আঁচনিসমূহ বানপানীৰ প্ৰকোপত উটি যোৱা অথবা বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। গতিকে অতি শীঘ্ৰে উত্তৰ পূৱ বোকাখাতৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ মূল কেন্দ্ৰ স্থল ৰোহিতা চাপৰিত ?)গৰাখহনীয়া প্ৰতিৰোধৰ বৃহৎ প্ৰকল্প নির্মাণ কৰিবলৈ নৈপৰীয়া ৰাইজে চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে।
এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।উল্লেখযোগ্য জলসম্পদ বিভাগৰ (বোকাখাত) সহকাৰী কাৰ্যবাহী অভিযন্তা নয়নজ্যোতি তালুকদাৰে বোকাখাতৰ উত্তৰ-পূৱ অঞ্চলৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিজ্ঞান সন্মত বৃহৎ প্ৰকল্প ৰোহিতা চাপৰিত নিৰ্মাণ কৰাৰ উপৰি পূৱ ধনশিৰিৰ পৰা এলেংমাৰীলৈ প্ৰায় সাত কি:মি: দৈঘ্যৰ মথাউৰি নিৰ্মাণ প্ৰকল্পৰ প্ৰস্তাৱ চৰকাৰক প্ৰেৰণ কৰা বুলি সদৰী কৰিছে।

বিশ্বনাথৰ ইটাখোলাৰ সমীপৰ লক্ষমণবস্তিত বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰৰ শুভ উদ্বোধন

অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিশ্বনাথ জিলাৰ অধীনস্থ ইটাখোলাৰ সমীপৰ লক্ষমণবস্তিত আজি বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট সমাজকৰ্মী গোবিন্দ ভূঞাৰ আঁত ধৰা সভাত কাৰ্যসুচীৰ আৰম্ভণিতে বিশ্বনাথ চাৰিআলি বিদ্যুৎ  সংমণ্ডলৰ অভিযন্তা বিমান হালৈ   , কাৰিকৰী অভিযন্তা ধৈৰ্য হাজৰিকা , বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্বাছ আলি  আৰু  ছেলাইখাতি পঞ্চায়তৰ সভাপতি ধৰমসিং ৰংহাংক সম্বৰ্ধনা জনাই ৷ তৎপশ্চাৎ বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ অভিযন্তা গৰাকীয়ে  বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰৰ সেৱা   সম্পৰ্কীয় বিস্তৃত বিবৰণ দাঙি ধৰে ৷ বক্তব্য প্ৰসংগত  বিদ্যুৎৰ সেৱা সম্প্ৰসাৰণ বিষয়ৰ লগতে  অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ  এলেকাৰ  ৰাইজে বিদ্যুৎৰ  বিল এই  সেৱা কেন্দ্ৰতেই আদায় দিব পাৰিব বুলি উল্লেখ কৰে  ৷ ইয়াৰ বাবে  অতিৰিক্ত মাচুল লোৱা নহয় বুলিও  ৰাইজক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত    বিদ্যুৎৰ যোগান সম্পৰ্কীয়    বিভিন্ন সমস্যাদি তথা  অভিযোগ আদিও   এই  বিদ্যুৎ বিল পৰিশোধ  কেন্দ্ৰত  লিখিত বা মৌখিক আকাৰে  দিব পাৰিব বুলি  অভিযন্তা গৰাকীয়ে সদৰি  কৰে  ৷ আৰু   কাৰ্যসুচী অনুসৰি  অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা অনুমোদন প্ৰাপ্ত বিদ্যুত বিল পৰিশোধ কেন্দ্ৰ লক্ষমণবস্তি শাখা কাৰ্যালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে  অভিযন্তা বিমান হালৈয়ে   ৷  ৰাইজৰ তৰফৰ পৰা    বিদ্যুতৰ বিল পৰিশোধ সম্পৰ্কীয় বিভিন্ন অসুবিধা সমুহ উল্লেখ কৰি এক বহু দিনীয়া আশা পুৰণ হোৱা বুলি মতামত আগবঢ়াই ৷ গাম্ভীৰ্যপুৰ্ণ  অনুষ্ঠানত  সাকোমঠা সমবায় সমিতিৰ সভাপতি নাৰায়ণ উপাধ্যায় , বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চুৰেণ , পাভৈ আছুৰ সম্পাদক সুশীল তাতিৰ উপৰিও বিশ্বনাথ জিলা গ্ৰাম্য ঔষধ বিক্ৰেতা সন্থাৰ সভাপতি জিতু হাজৰিকাৰ লগতে বিদ্যুৎ বিভাগৰ বিভিন্ন পদত থকা বিষয়া কৰ্মচাৰী সকল উপস্থিত থকা প্ৰায় অৰ্ধ শতাধিক  লোক উপস্থিত থাকে  ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যুৎ বিল  পৰিশোধ কেন্দ্ৰৰ স্বৰ্তাধিকাৰী   প্ৰজ্বালিকা শইকীয়াই ৷

বৰপেটাতত স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি : ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন চিত্ৰাংকন, ৰচনা আৰু গীত প্ৰতিযোগিতাৰ আয়োজন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উৎসাহ-উদ্বীপনাৰে উদযাপনৰ বাবে বৰপেটা জিলা প্ৰশাসনে ব্যাপক কাৰ্যসূচী হাতত লৈছে। কালি সন্ধিয়া জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চূড়ান্ত ৰূপ দিয়া হয়।  সেই অনুসৰি ১৫ আগষ্টৰ দিনা পুৱা ৬ বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে দেশপ্ৰেমমূলক গীত মাত প্ৰচাৰৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব।  তাৰপিছতে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত বিশিষ্ট অতিথিয়ে পতাকা উত্তোলন কৰিব। ইয়াতে তেওঁ বিভিন্ন আৰক্ষী, অৰ্দ্ধসৈনিক বাহিনী, এনচিচি, স্কাউট আদিৰে পৰিবেশিত আকৰ্ষণীয় কুচকাৱাজৰো অভিবাদন গ্ৰহণ কৰিব।  সন্ধিয়া সকলো চৰকাৰী কাৰ্যালয় আৰু ভৱনত বন্তি প্ৰজ্বলন কৰা হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এইবেলি স্বাধীনতা দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন লাইনযোগে ৰচনা আৰু ছবি অকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ৰচনাৰ বিষয় হৈছে ‘কৰোনা মহামাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য”। ছবি অকাৰ বিষয় – স্বাধীনতা সংগ্ৰাম। ছবি অকা প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকেতিনিটা শাখাত আৰু ৰচনা প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা শাখাত অনুষ্ঠিত কৰা হৈছে।  একেদৰে সাংস্কৃতিক বিভাগৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত দেশপ্ৰেমমূলক গীতৰো অনলাইন যোগে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। যোগদানৰ অন্তিম তাৰিখ হৈছে ১২ আগষ্ট। প্ৰথম পুৰস্কাৰ বিজেতা সকলক মূল পেৰেড অনুষ্ঠানতে মুখ্য অতিথিৰ দ্বাৰা বঁটা প্ৰদান কৰা হ’ব আৰু বাকী সকলক নিজ নিজ বিদ্যালয়তে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।  ইয়াৰ উপৰিও যোৱা বছৰটোত আগবঢ়োৱা কৃতিত্বপূৰ্ণ সেৱাৰ বাবে  দুজনকৈ স্বাস্থ্য কৰ্মী, প্ৰগতিশীল কৃষক, পশুপালক, মৎস্য পালক আদিকো মূল কেন্দ্ৰীয় অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালিৰ প্ৰতিযোগিতা আৰু প্ৰীতি খেল আদি অনুষ্ঠিত নহ’ব বুলি জনসংযোগ বিষয়া গৰাকীয়ে জনাইছে। তেওঁ জনোৱা মতে, অনুষ্ঠান সম্পূৰ্ণ  কোভিড বিধি অনুসৰি কিছু সীমিত পৰিসৰত অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও  যোৱা ২৬ জুলাইৰ দিনা বৰপেটাৰ বিভিন্ন আগশাৰীৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ উপস্থিতিত স্বাধীনতা দিৱসৰ সম্পৰ্কত জিলা প্ৰশাসনৰ আলোচনা অনুষ্ঠিত হৈছিল।

ৰঙিয়াত একেদিনাই নিলম্বন ৮ জনকৈ বিদ্যুত বিভাগৰ বিষয়া বিভাগৰ্মচাৰীক

ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহা প্ৰৱন্ধক দিগন্ত ডেকাই এজাহাৰ দাখিল কৰিছে ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে । একোজন কৰ্মচাৰীয়ে  ৪ লাখৰ পৰা ১১ লাখ টকা পৰ্যন্ত চিকিৎসাৰ নামত ভুৱা মেডিকেল ক্লেইম জমা কৰি ধৰা পৰিছিল । ৰঙিয়াস্থিত বিদ্যুৎ বিভাগৰ  তিনিটা কাৰ্যালয়ৰ মুঠ ৮ গৰাকীকৈ কৰ্মচাৰী এই ঘটনাৰ লগত জড়িত । ইয়াৰ পিছতে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে ২ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, মুখ্য সহায়ক যতীন বৈশ্য, লাইন মেন ক্ৰমে মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবিন মেধী, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ মুখ্য সহায়ক উমেশ দাস, ১ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মণক । ৰঙিয়া থানাত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ ৰ অধিনত গোচৰ ৰুজু কৰা হৈছে ।ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ।ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

বৰপেটা আৰক্ষী আৰু তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা

গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁওত ড্ৰাগছ সৰবৰাহৰ সম্ভেদ পায় আৰক্ষীয়ে অভিযান চলাই প্রসেনজিত দাসৰ ঘৰত অবৈধ কফ চিৰাফ আৰু নিচাজাতিয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।বৰপেটা আৰক্ষী আৰু তাৰাবাৰী আৰক্ষী সহযোগত জব্দ কৰা ২৮৮০ বটল বৃহৎ পৰিমাণৰ কফ চিৰাফ, ১৬,২৭২ টা এছ পি টেবলেট,১০৫০০ টা নিট্ৰজেনপাম টেবলেট , ২২,৫০০ টকা নগদ ধন লগতে ড্ৰাগছ সৰবৰাহ কৰা সৰুগাড়ী আৰু এখন বাইক জব্দ কৰে। এই অবৈধ ড্ৰাগছখিনি বঙাইগাঁও পৰা বৰপেটা থানাৰ অন্তৰ্গত নগাওঁৰ এখন ফাৰ্মাচীলৈ লৈ আনিছিল। কিন্তু আৰক্ষী পিছত লাগি থকা বুলি সম্ভেদ পাই বাটগাঁওৰ প্ৰসেনজিত দাসৰ ঘৰত নমাই থকা অৱস্থাত উক্ত ড্ৰাগছ খিনি জব্দ কৰে। এই সংক্ৰান্তত দুজন ব্যক্তিক সোধ পোচৰ বাবে আটক কৰে। ইতিমধ্যে প্ৰসেজিত দাসে পলাই যাবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত তাৰাবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।