Home Blog Page 2891

আজিৰে পৰা ৰাজ্যত বলৱৎ হ’ব নতুন এছঅ’পি

সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত এঘণ্টা বৃদ্ধি কৰা হৈছে৷

মঙলবাৰৰ পৰা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও মুকলি কৰা নহ’ব আন্তঃজিলা যাতায়াত৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷ ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পালেহে আন্তঃজিলা যাতায়াত পুনৰ মুকলি কৰা সন্দর্ভত বিবেচনা কৰা হ’ব বুলিও এছ অ’ পিত উল্লেখ কৰা হৈছে৷ বিবাহ অনুষ্ঠান আৰু শেষকৃত্যত সর্বাধিক ১০জন ব্যক্তি উপস্থিত থাকিবলৈহে অনুমতি প্রদান কৰা হৈছে৷

উল্লেখ্য যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি চৰকাৰে সময়ে সময়ে নতুন এছ অ’ পি প্রকাশ কৰি আহিছে৷ আক্রান্তৰ হাৰৰ প্রতি লক্ষ্য ৰাখি সময়ে সময়ে সান্ধ্য আইনৰ সময় সালসলনি কৰা হৈছে৷ শেহতীয়াকৈ গোলঘাট–লখিমপুৰক্ ধৰি কেইবাখনো জিলাত আক্রান্তৰ হাৰ অত্যধিক বৃদ্ধি পোৱাত সম্পূর্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছিল৷ পৰৱর্তী সময়ত উক্ত জিলাকেইখনত আক্রান্তৰ হাৰ হ্রাস পোৱাত নীতি–নির্দেশনাসমূহ শিথিল কৰা হৈছে৷ আজি প্রকাশ কৰা এছ অ’ পি অনুমতি ৰাজ্যত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান৷ অনলাইনযোগে শিক্ষানুষ্ঠানসমূহত অব্যাহত থাকিব পাঠদান৷

পশ্চিম নলবাৰীৰ চামতাত নলবাৰী জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন

বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন যোৱা ৮আগষ্টৰ  সন্ধিয়া চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মনৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক কপিলদেৱ তালুকদাৰ,ডাঃ অৰুণাভ কলিতাই আতঁ ধৰা সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱা,ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,নলবাৰী উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,জিলা পৰিষদৰ সদস্য পংকজ ডেকা,জিলা যুৱ মৰ্চাৰ প্ৰভাৰী  হিৰণ্য কলিতা,অসংগঠিত শ্ৰমিক কোষৰ ৰাজ্যিক সহ আহ্বায়ক ত্রিনয়ন বৰ্মন,কাৰ্যনিৰ্বাহক জোন কুমাৰ বৰ্মন,ৰাজীৱ ডেকা,জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন৷ জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰ, অঞ্জন ডেকা, যুৱ মৰ্চাৰ উপ সভাপতি ৰিদিপ দত্ত,গৌতম কাকতি,সম্পাদক কৰিশ্মা অধিকাৰী,দিপাংকৰ তালুকদাৰ,ধ্ৰুৱ শৰ্মা,আই টি চেলৰ আহ্বায়ক কিশোৰ দাস,কাৰ্যালয় সম্পাদক অসীম ৰাজবংশী সহ আঠ মন্ডলৰ  সভাপতি,সম্পাদক সকল উপস্হিত থাকে।সভাত ভাষণ ৰাখি নলবাৰী যুৱ মৰ্চাৰ প্ৰভাৰী হিৰণ্য কলিতাই কয় – আন দলৰ যুৱ সংগঠনৰ দৰে বিজেপিৰ যুৱ মৰ্চা নহয়।দেশ,জাতিৰ বাবেহে বুলি কয় ৷তেওঁ লগতে কয় সাংগঠনিক ভেটি মজবুত কৰিব লাগিলে যুৱক সমাজৰ খা খবৰ ৰাখিব লাগিব। অসহায়জনক সহায় কৰাত আগভাগ লব লাগিব। সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে এখন দেশ,সমাজ গঢ়াত যুৱচামৰ ভূমিকা অনন্য।ভাৰতবৰ্ষৰ জনসংখ্যাৰ দিশৰ পৰা এখন যুৱপ্ৰধান দেশ আৰু ই হল আমাৰ দেশৰ এক অন্যতম শক্তি।গতিকে যুৱ সমাজক আগবঢ়াই নিয়াত বিজেপিৰ যুৱ মৰ্চাৰ গুৰুত্ব ভূমিকা আছে বুলি দোহাৰে।

মাজবাটত ‘আছা’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছাই ৯আগষ্টত মাজবাটত  ২৫ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। মাজবাট আঞ্চলিক  আছাৰ উদ্যোগত অনুষ্ঠিত কৰা এই  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা  ‘আছাৰ, পতাকা উত্তোলন কৰে সভাপতি  শিব লাল পালিকাই । সম্পাদক গোলাপ গোড়ে শ্বহীদ সকলৰ স্মৃতিত বন্তি জ্বলাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছত সভাপতি শিবলাল পানিকাই ‘আছাৰ,২৫ তম প্ৰতিষ্ঠা দিৱসৰ লগত ৰজিতা খুৱাই আছাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত চমু বক্তব্য আগবঢ়াই ।কেন্দ্ৰীয় আছাৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত কৰা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । গাম্ভীৰ্যপূৰ্ণ আৰু শৃংখলা বব্দভাবে অনুষ্ঠিত কৰা মানৱ শৃংখল কাৰ্যসূচীৰ  জৰিয়তে আদিবাসী সকলক জনজাতিকৰণ কৰা, ভুমি পট্টা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু আদিবাসী সকলৰ বাবে সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা আদি কেবাটাও দাবী  উত্থাপন কৰি আছাৰ দাবীসমূহ পুৰন কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

ধুবুৰীত বাওঁ সংগঠনৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি , ক’ভিড পৰিস্থিতিত কৰ্মহীন হৈ পৰা প্ৰতিটো শ্ৰমিক আৰু কৃষক পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ দূৰীকৰণ কৰা , ভেকচিন প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত আজি ধুবুৰীত “ভাৰত বচাও” নামাকৰণেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সংযুক্ত কৃষক মৰ্চা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু গণ সংগঠন সমুহৰ আহ্বানত আজি ধুবুৰী চহৰৰ ষ্টেচন ৰোডত চি.পি.আই.এম, নিখিল ভাৰত কৃষক সভা, মহিলা সমিতি, অংগনবাদী কৰ্মী সহায়িকা আৰু মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ বহু কৰ্ম-কৰ্তাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ সম্পদ-ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষক বিৰোধী তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা, অংগনবাদী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসহ আঁচনিভূক্ত শ্ৰমিকৰ মাননি বৃদ্ধি কৰাৰ দাবী আজিৰ কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰা হয়।

বগাহাতীত পৰিণত অসম পৰ্যটন বিভাগ।অটব্য অৰণ্যই আগুৰি ধৰিছে ইতিহাস প্ৰসিদ্ধ জীৰ পইণ্ট ষ্টীল ৱেল পার্ক

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত১৯৪২ চনৰ প্ৰথম ভাগত জাপানী সেনা বাহিনীয়ে সাগৰীয় উপকূল অৱৰোধ কৰাৰ ফলত ব্ৰহ্মদেশ আৰু চীন দেশত যুদ্ধৰত মিত্ৰ বাহিনীৰ সৈন্য-সামন্তক ৰচদ পাতি যোগান ধৰাত দেখা দিয়া জটিল সমস্যাৰ সমাধানৰ উদ্দেশ্যে লেখাপানীৰ শূণ্য দূৰত্বৰ পৰা ব্ৰহ্মদেশৰ মাজেদি চীনৰ য়ুনান প্ৰদেশৰ কুনমিঙলৈকে ১৭৩৬ কিলোমিটাৰ এক দীঘলীয়া স্থলপথ নিৰ্মাণ কৰা হৈছিল। পথটোৰ নিৰ্মাণ কার্য আমেৰিকান জেনেৰেল যোচেফ ষ্টীলৱেলৰ তত্বাৱধানত অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ১৯৪৫ চনৰ ১১ফেব্ৰুৱাৰীৰ দিনা এই ঠাইৰ পৰাই সন্মিলিত সামৰিক বাহিনীৰ এক বিশাল কনভয় চীন দেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত প্ৰৱেশ কৰি জাপানী সৈন্যই চীন দেশৰ ওপৰত কৰি থোৱা সকলো অৱৰোধ মুকলি কৰি দিবলৈ সক্ষম হয়। পথটো নিৰ্মাণৰ বাবে জেনেৰেল যোচেফ ষ্টীল ৱেলে কৰা  ত্যাগৰ বাবেই পথটোৰ নাম ষ্টীল ৱেল পথ হিচাপে নামাকৰণ কৰা হয়। ভাৰত, ব্ৰহ্মদেশ আৰু চীন এই তিনিখন দেশৰ মাজেৰে দীঘলীয়া সৰ্পিল পথটো নিৰ্মাণত বিভিন্ন বাধা-বিঘিনি, প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, শত্ৰু পক্ষৰ আক্ৰমণ, মেলেৰিয়া, কলাজ্বৰ আদিৰ দৰে সকলো প্ৰত্যাহ্বান নেওচি কৰ্মীসকলৰ যি ত্যাগ সেই ত্যাগ আৰু পথটোৰ নিৰ্মাণৰ আঁৰত থকা সকলো ইতিহাস প্ৰসিদ্ধ তথ্য লিপিবদ্ধ কৰি দেশী বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈ পথটোৰ শূন্য দূৰত্বত জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰা হয়।১৯৯৮ চনত বিধায়ক প্ৰদ্যুত বৰদলৈয়ে দূৰদৰ্শীতাৰ পৰিচয় দি তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰ ধনেৰে উক্ত ষ্টীল ৱেল পথটো নিৰ্মাণৰ আঁৰত থকা ইতিহাস বিজড়িত তথ্য সমূহ সংগ্ৰহ কৰি দেশী বিদেশী পৰ্য্যটকৰ সুবিধা হোৱাকৈ এখন সুবিশাল মানচিত্ৰ সংলগ্ন কৰি জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰে। এই পাৰ্কখন নিৰ্মাণৰ পাছতেই সকলো দেশী বিদেশী পৰ্য্যটকৰ লগতে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী সকলো যথেষ্ট উপকৃত হোৱা দেখা গৈছিল।কিন্তু দুৰ্ভাগ্যজনক কথাটো হল বিগত দুই-তিনি বছৰ মানৰ পৰা এই পার্ক খনে মৃত্যুৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে।পার্ক খনৰ পৰিচৰ্যাৰ অভাৱত চৌদিশে হাবি জংঘলেৰে আগুৰি ধৰিছে।সন্মুখৰ দেৱাল সমূহ ভাঙি পৰিছে।তথ্য সমৃদ্ধ লিখনি সমূহ ভাঙি-ছিঙি শেষ হোৱাৰ উপক্ৰম ঘটিছে। অসম চৰকাৰৰ এক বিয়াগোম বিভাগ অসম পৰ্যটনৰ দায়িত্ব জ্ঞান হীন কৰ্মকাণ্ডই সচেতন মহলৰ মাজত তীব্র অসন্তুষ্টিয়ে দেখা দিছে।পার্ক খনৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্তৃপক্ষও সমানে জগৰীয়া বুলি অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱক সকলো ধৰণৰ ৰাজনীতিৰ উৰ্দ্ধত থাকি ইতিহাস প্ৰসিদ্ধ পার্ক খনে যাতে পুনৰ জীৱন্ত ৰূপ পাই তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মধুপুৰত পদশিল্পৰ ৰজনজনীঃ গ্ৰামাঞ্চললৈ এম চিয়ে আনিছে ফুটবলৰ জোৱাৰ

ফুটবল, ফুটবল খেল মানেই উত্তেজনা, শিহৰণ, আক্ৰমণ-প্ৰত্যাক্ৰমণ, দুভৰিৰ ক’লা-কৌশলৰ মহাৰণ ৷ আকৰ্ষণ, প্ৰতিপলে প্ৰতিপক্ষৰ মাজত তীব্ৰস্নায়ু যুঁজ ৷ যাৰ অন্য নাম পদশিল্প ৷  পদশিল্পৰ এনে কঠিন অথচ নান্দনিক ক’লাৰ বাবে সমগ্ৰ বিশ্ব ফুটবলৰ বাবে চমকিত, উৎসাহিত আৰু বিশ্ব ক্ৰীড়াৰ সৰ্বোত্তম ৷ ফুটবলৰ এনে জনপ্ৰিয়তাৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিয়ে মিচিং অধ্যুষিত অঞ্চলত ফুটবলৰ জোৱাৰ আনিবলৈ দীৰ্ঘদিন ধৰি  প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এম এ চিয়ে গ্ৰামাঞ্চলৰ ফুটবল খেলুৱৈ সকলক বুটলি আনি ইতিমধ্যে এটি ফুটবল দলো তৈয়াৰ কৰিছে আৰু বিভিন্ন প্ৰতযোগিতাত অংশগ্ৰহণ কৰি সফলতাও লাভ কৰিছে ৷ এম এ চিৰ এনে দীঘলীয়া পৰিকল্পনা অনুযায়ী এইবাৰ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে ফুটবল প্ৰশিক্ষণ শিবিৰৰ দিশা কৰিছে আৰু এই যাত্ৰা আৰম্ভ হৈছে  এম  এ চিৰ ১৬ নং নলবাৰী  পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী  মধুপুৰ খেলপথাৰত ৷ ফুটবল প্ৰশিক্ষণ শিবিৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু শ শ তৰুণ-তৰণীয়ে আনিছে নতুন আশা, নতুন গতি ৷ ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মিংমাং পাহাৰৰ নিৰিবিলি পৰিৱেশ উখল-মাখল কৰি শৃংখলিত ছন্দত মধুপুৰ খেলপথাৰলৈ  নামি আহিছে পদশিল্পৰ কঠিন তথা নান্দনিক জোৱাৰ ৷ এম   এ চিৰ ক্ৰীড়া বিভাগৰ পূঁজিৰে অনুষ্ঠিত কৰা উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক  সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে ৷ আজি  এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তেওঁ জনোৱা মতে এই প্ৰশিক্ষণ শিবিৰৰ বাবে ২৫  লাখ টকা এম এ চি য়ে পূঁজি ধাৰ্য কৰিছে আৰু অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰশিক্ষণটো হোৱাত দুয়োখন ৰাজ্যৰ খেলুৱৈয়ে প্ৰশিক্ষণ ল’বলৈ সুবিধা লাভ কৰিছে ৷ মুঠ আঠশ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰটোত ৰাষ্ট্ৰীয় এথ্লেটিক প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু সুদক্ষ ফুটবল খেলুৱৈ মাৰাড’না বসুমতাৰীয়ে প্ৰশিক্ষণ দি আছে ৷ গেৰেমছা দৈমাৰীয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ উৎসাহ দেখি খেলপথাৰখনত ফুটবলৰ লগতে এথ্লেটিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব আমাক জনাইছে ৷

চিৰাঙৰ ভাৰত-ভুটান সীমান্ত ৰুণীখাতাত ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড

 চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) ।
স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী বজুন কিস্কুয়ে জানিবলৈ দিয়া মতে কালি নিশাৰ ভাগত ঘৰৰ চোতালত পত্নী বালে মাৰ্ডিৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে । 
কিন্তু কোনে হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে এই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মৃত মহিলা গৰাকীৰ স্বামীয়ে সদৰি কৰে ।
 উল্লেখযোগ্য যে ঘটনাৰ খবৰ পোৱাৰ পিছত ৰুণীখাতা থানাৰ আৰক্ষীয়ে  তিনিখনকৈ নৈ পাৰ কৰি অতিকৈ দুৰ্গম অঞ্চল কুমগুৰী গাঁৱত গৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি ৰাইজৰ সহযোগত কান্ধত তুলি কেইবা কিলোমিটাৰ পথ খোজকাঢ়ি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত  আৰক্ষীয়ে তদন্তৰ পিছত কব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।
এতিয়ালৈকে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই ।  
কিন্তু চিৰাং আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

বিটিচিৰ কার্যবাহী সদস্য, উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলে চিরাঙর ইণ্ডো-ভূটান সীমান্ত অঞ্চলৰ লোকসকলৰ সমস্যাৰ বুজ লয়

কাৰ্যবাহী সদস্য (ইএম), বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি), ৰঞ্জিত বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে অতিৰিক্ত উপায়ুক্ত খানিন্দ্ৰ দাস আৰু অজিত কুমাৰ শৰ্মা শনিবাৰে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ হাতীচাৰ, দেওশ্ৰী আৰু তুক্ৰিবস্তি ভ্ৰমণ কৰে আৰু গাওঁবাসীসকলৰ সৈতে তেওঁলোকৰ ডেউশ্ৰী আৰু হাতিচাৰত সমস্যা কেন্দ্ৰীক  বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত গাওঁবাসীয়ে অঞ্চলটোত পৰ্যাপ্ত সংখ্যক বিদ্যালয়, অঙ্গনাৱাড়ী কেন্দ্ৰ, স্বাস্থ্য কেন্দ্ৰ, খোৱা পানীৰ সুবিধা, মানুহ-হাতীৰ সংঘাত নিৰ্মূল আৰু পথ সংযোগৰ ক্ষেত্ৰত অঞ্চলটোত অধিক আন্তঃগাঁথনিগত বিকাশৰ বাবে উপস্থিত কৰ্তৃপক্ষক আহ্বান জনায়। চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অৱগত কৰে যে অনুন্নত ইণ্ডো-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে সূক্ষ্ম পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট লাইন বিভাগসমূহে এই সকলো বোৰ অঞ্চল পৰিদৰ্শন কৰি আছে, য’ৰ পৰা ৪০ টা শিশু আৰু ২ জন প্ৰাপ্তবয়স্কক ছিকিমলৈ সৰবৰাহ কৰা হৈছিল।বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে ৰাইজৰ সৈতে বাৰ্তালাপ কৰি যিকোনো মধ্যস্থতাকাৰীৰ প্ৰলোভন প্ৰতিহত কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকক তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ কয়, কিয়নো তেওঁলোকে অঞ্চলটোৰ দ্ৰুত বিকাশৰ বাবে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰি তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ সময়ত বেংতল চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা, চিদলী খণ্ড উন্নয়ন বিষয়া বিমলা বৰগয়াৰী, লাইন বিভাগৰ বিষয়া আৰু ভিচিডিচি সদস্যসকল উপস্থিত আছিল। 

বিজেপিৰ নবনিৰ্বাচিত ৰাজ্যিক সভাপতিক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গৰ

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গই। ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰ, প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গ সৌমেন দত্ত,উত্তম দত্তকে আদি কৰি বিটিআৰৰ চাৰিখন জিলাৰ পৰা সংমিশ্ৰিত দল এটাই যোৱা শণিবাৰে সভাপতিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয়। নবনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এন.আৰ.চি, ডি ভোটাৰ, কা কেন্দ্ৰীক বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা বোৰৰ সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উদ্দেশ্যে বেংগলী মাধ্যমৰ বিদ্যালয় সমূহৰ বিদ্যায়তনিক পৰিবেশৰ উন্নীতকৰণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহত বিষয় হিচাপে বেংগলী অন্তৰ্ভুক্তিকৰণ, জিলা ভিত্তিক বাৰ্ষিক গ্ৰন্থ মেলা আৰু কেৰিয়াৰ পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা, বিটিআৰৰ চাৰিওখন জিলাতে স্বামী বিবেকানন্দৰ নামত চাৰিখন সাংস্কৃতিক প্ৰেক্ষাগৃহ স্থাপন আদি বিষয় কেন্দ্ৰীক এক পৰ্যাপ্ত স্মাৰক পত্ৰ সভাপতিলৈ আগবঢ়ায় আৰু উল্লেখনীয় ভাৱে সভাপতিয়ে পৰ্যায় ক্ৰমে সম্ভাৱ্য সকলো সমস্যা অনতিপলমে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ কথা সংগঠন দুটাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

ধুবুৰীত জিলা যক্ষ্মা কেন্দ্রত অনুষ্ঠিত সাংবাদিকৰ কৰ্মশালা

ধুবুৰী জিলা যক্ষ্মা কেন্দ্রৰ উদ্দোগত ভাৰচুয়েল পদ্ধতিত আজি ধুবুৰী জিলা যক্ষ্মা হস্পিতাল প্ৰাংগনত ৰাজ্যিক যক্ষ্মা গোট, গুৱাহাটীৰ পৰা পৰিচালিত হোৱা অনুষ্ঠানটোত সকলো জিলা গোট অংশ গ্রহন কৰে। অনুষ্ঠানটোত মূলত যক্ষ্মা নিয়ন্ত্রণৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি। এই সম্পর্কে সাংবাদিক সকল ক্ষেত্রেই অবগত কৰা হয়। আৰু সমাজত সজাগতা আনিবলৈ সাংবাদিক সকলক অনুৰোধ কৰা হয়। অনষ্ঠান ত জিলা যক্ষ্মা বিষয়া ড: জে বি ৰয় কয়”- আজি ৰ এই কৰ্ম শালাত ভাগ লোৱা  জিলা খনৰ বিভিন্ন ঠাইৰ পৰা  অহা ২৮ জন সাংবাদিক ক সংবর্ধনা জ্ঞাপন কৰা হয়। সভাত ধুবুৰী যক্ষ্মা হস্পিতালৰ উপ-অধক্ষ্য    এম চি দাস উপস্থিত থাকে।