মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া মহমাৰা, টেঙাগুৰি কছাৰীগাঁও, বৰালিমাৰী আদি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। খহনীয়াত ইতিমধ্যে নিজৰ মাটি-ভেটি হেৰুৱাই গৃহহীন হৈ বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। মৰিগাঁও জিলাৰ নৱ নিযুক্তি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্থ অঞ্চল সমূহ। উল্লেখ্য যে জলসম্পদ বিভাগে বছৰ, বছৰ ধৰি খহনীয়া ৰোধৰ নামত বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি,কোটি খৰচ কৰি আহিছে যদিও সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। জিলা উপায়ুক্ত গৰাকীক খহনীয়াগ্ৰস্থ ৰাইজৰ দাবী প্ৰথমে খহনীয়া সমস্যাৰ সমাধান কৰক। পৰৱৰ্তী সময়ত মথাউৰিৰ নিৰ্মাণ কৰক। মথাউৰিৰ ফলত খহনীয়া সমস্যাৰ সমাধান হোৱাৰ নজিৰ নাই! মথাউৰিৰ ফলত খহনীয়াৰ হে সৃষ্টি হয়। খহনীয়াগ্ৰস্থ লোকৰ মন্তব্য আমি বানপানীক ভয় নকৰো আমি পানীৰ সৈতে সহাৱস্থান কৰি চলিব পাৰোঁ। আমি খহনীয়াক হে ভয় কৰোঁ। এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যাৰ সমাধান আশ্বাস দিয়ে ভুক্তভোগী ৰাইজক।
ৰৌতাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা
ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্য নিৰ্বাহক সভাখন কালি ৮ আগষ্টত ৰৌতা আঞ্চলিক বাথৌ মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হৈ যায় । এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনৰ কাৰ্যসূচীমতে পুৱাৰ ভাগত প্ৰতিনিধিৰ নাম পঞ্জীয়ন , বন্তি প্ৰজ্বলন , পতাকা উত্তোলনৰ পাছত বৃক্ষৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । বিজেপিৰ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগ্লাৰীয়ে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত উত্তৰ পূৰ্বাঞ্চল ৰেলৱে বোৰ্ডৰ সদস্যা তথা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰভাৰী নিলীমা দেৱীয়ে উপস্থিত থাকি বিজেপি দলটোৰ সংৰচনা আৰু পৰিকল্পনাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সদস্য জীতু কিষানে সভাখনত অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উপলব্ধি আৰু বাজেটৰ সম্পৰ্কত দীঘলীয়া বক্তব্য আগবঢ়ায় । কেইবাজনো ৰাজ্যিক সদস্য , জিলাৰ বিষয় ববীয়া, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ এলেকাস্হ ১১ খন বিজেপি মণ্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমুখ্যে সকলো বিষয় ববীয়াই উপস্থিত থকা সভাখনত বিটিচিৰ ৩৯ নম্বৰ পাচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰ , ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰভাৰী ধৰম বসুমতাৰীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ যুৱ মৰ্চাৰ কাম কাজৰ সন্দৰ্ভত সভাতখনত সাৰুৱা বক্তব্য আগবঢ়োৱাৰ আগতে দলটোৰ সদস্য সুমন নাথে এটা জ্যেতি সংগীত গায় সভাখনৰ শোভা বঢ়ায় । তদুপৰি ৮ নম্বৰ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অনলাইন যোগে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চালৈ সভাখনত আগবঢ়োৱা বক্তৃতা সকলোৱে একান্ত মনেৰে সভাখনত শুনা দেখা যায় ।
জুৰিয়া আৰক্ষীৰ বৃহৎ সাফল্য
আজি, ৰাতিপুৱা প্ৰায় ৫:৪০ বজাত তথ্য প্ৰাপ্ত হৈছিল যে ইজ্জত আলী, চাহিদুল ইছলাম আৰু তেওঁলোকৰ সহযোগীসকলৰ দ্বাৰা এক ডকাইতি কাণ্ডৰ। সেই মতে ধ্ৰুব বৰা এএছপি, টিএছআই নগাঁও আৰু দলৰ সৈতে জুৰিয়া পিএছৰ অধীনত চুটিৰপাৰত অভিযুক্ত ব্যক্তিসকলক আটক কৰে আৰু ৰাতিপুৱা প্ৰায় ৮.০০ বজাত ডকাইতি প্ৰতিহত কৰে। তেওঁলোকৰ পৰা ৫ টা জীৱন্ত ৰাউণ্ড আৰু এখন পালচাৰ বাইকৰ সৈতে এটা ০.২২ পিষ্টল উদ্ধাৰ কৰা হৈছে।তেওঁলোক দুয়োজন ননৈ কেছৰ পানীখেতিৰ চিএছপি মেনেজাৰৰ শেহতীয়া ডকাইতিৰ সৈতেও জড়িত আছিল।
মিজোৰামৰ পিছত এইবাৰ অসমৰ ভুমি বকোত মেঘালয়ৰ আগ্ৰাসন
অসমৰ চুবুৰীয়া ৰাজ্যই চৌদিশে আগ্ৰাসন কৰা নতুন কথা নহয়। সৌ সিদিনা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ অসমৰ ভুমিত মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ জোৱান। এই ঘটনাও সংঘটিত হৈছিল সীমা বিবাদৰ বাবে। মিজোৰামে অসমৰ ভুমি দখল কৰা বিষয়ৰ বাবে হৈছিল উক্ত ঘটনা। উল্লেখ্য যে ; ইফালে কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গামেৰীমুৰাৰ শালবাৰীত এইবাৰ প্ৰায় ২ কি’লোমিটাৰ ভিতৰলৈ সোমাই আহিল মেঘালয়ে। অসম-মেঘালয় সংযোগী পথৰ ওপৰত দি গ’ল মেঘালয়ৰ চিহ্ন। যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দলে এই কাণ্ড সংঘটিত কৰে। এই ঘটনাৰ উমান পাই ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু সবিশেষ অসম আৰক্ষী – প্ৰশাসনক অৱগত কৰে। ইফালে মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ নাযাওঁতেই মেঘালয়ৰ এনে কাৰ্য্যত হতবাক হৈ পৰিছে সীমান্তবাসী ৰাইজ। পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবৰ বাবে অতিশীঘ্ৰে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাই। অসম চৰকাৰে অতি শীঘ্ৰে সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাভা ছাত্ৰ সন্থাই। সময় থাকোঁতেই সময়োচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ আ শা কাং কাংশা দেখা দিছে।
ছিপাঝাৰত SBIৰ ATMত চুৰি কাণ্ড
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ছিপাঝাৰ ঘোঁৰা বান্ধাত তিনিটাকৈ এটিম চুৰি হয় । নিশা হোৱা এই চুৰি কাণ্ড ছিপাঝাৰ SBI ৰ ATM তিনিটাকৈ চুৰি হোৱা ঘটনাই সকলোকে আচৰিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ATM ত এতিয়া লৈকে কিমান টকা আছিল জানিব পৰা হোৱা নাই যদিও গেছ কাটাৰৰ দ্বাৰা ATM লুট হয় ৷ ছিপাঝাৰ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

বকোত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। এমাহৰ বিল আহিল লক্ষ্যাধিক টকা
ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ কামৰূপ জিলাৰ বকো বিদ্যূৎ সংমণ্ডলৰ দ্বাৰা প্ৰেৰণ কৰা বিদ্যুতৰ বিল দেখি চকু কপালত উঠিছে একাংশ উপভোক্তাৰ। ইফালে অধিক সংখ্যক উপভোক্তাই প্ৰতি মাহে আদায় দি আহিছে বিদ্যুৎ বিল ৷ ইয়াৰ পাছতো কেনেদৰে আহিল ইমান বিল এয়া হৈছে এক কৌতুহলী প্ৰশ্ন। বিদ্যুত বিভাগৰ এনে আজৱ কাণ্ড সংঘটিত হৈছে বকোৰ গামেৰীমুৰাত। এই অঞ্চলৰ এটা পৰিয়ালৰ বিল আহিল লক্ষ্যাধিক টকাৰ ৷ বিদ্যুত বিভাগৰ এনে আজৱ কাণ্ডই চিন্তিত কৰি তুলিছে বকোৰ গামেৰীমূৰা আৰু জয়পুৰ গাঁওবাসীক। কামৰূপ জিলাৰ বকো বৈদ্যুতিক উপ – সংমণ্ডলৰ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে এই গামেৰীমূৰা, জয়পুৰবাসী ৰাইজে। গাওঁদুখনত একাংশৰে আহিল মাহেকীয়া বিদ্যুৎ মাচুল ১,০১,৯১৮ টকা পর্য্যন্ত। মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাছতো কেনেদৰে আহিল ইমান বিল সেইলৈ বিমোৰত পৰিছে গাঁও বাসী ৷ এইসকল গ্রাহকে বিভাগটোৰ এনে কাণ্ডত এতিয়া মূৰে কপালে হাত দিছে। অভিযোগ অনুসৰি বিভাগটোৰ অধীনস্থ গামেৰীমূৰা আৰু জয়পুৰ গাওঁৰ উপভোক্তাই চলিত বৰ্ষৰ জুন জুলাই মাহ পর্য্যন্ত নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দি আহিছিল। কিন্তু আগষ্ট মাহত ৩১ দিনৰ বিল আদায় দিব লগীয়া ধনৰ পৰিমাণ দেখি উপভোক্তা সুগ্ৰীৱ ৰাভাৰ লগতে একাংশ উপভোক্তাই মূৰে কপালে হাত দিব লগীয়া হৈছে। এই সন্দৰ্ভত গ্রাহক সকলে বিষয়টোত হস্তক্ষেপ কৰাৰ লগতে এই বিল কোনোপধ্যেই পৰিশোধ নকৰোঁ বুলি দাবী কৰে।ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে গ্রাহক সকলে।
ওৰাঙত এচ এচ চিৰ এমহীয়া প্ৰশিক্ষণ শিবিৰ
ওদালগুৰি জিলাৰ ওৰাঙৰ ২ নং শইকীয়া চুবুৰী ভিচিডিচিৰ সমূহীয়া ভৱনত ৯ আগষ্টত এচ এচ চি (Staff Selection Commssion) এমহীয়া বিনামূলীয়া ক্ৰছিংৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । শিক্ষক তথা এগৰাকী প্ৰশিক্ষক অনিল মোচাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাত এমহীয়া প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অতিথি হিচাপে অংশ গ্ৰহণ কৰে এবছুৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সম্পাদক ৰতেন্দ্ৰ দৈমাৰীয়ে । তেখেতে ভাষণ প্ৰসংগত মুখ্য প্ৰশিক্ষক বি এছ এফ ৰ যোৱান উপেন্দ্ৰ বসুমতাৰীয়ে নিজৰ আমোদ প্ৰমোদৰ সলনি নিজৰ চুটিৰ সময় খিনি অতিকৈ পিছপৰা অঞ্চলৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীক এই ধৰণৰ উচৰ্গা কৰাত শলাগ লোৱাৰ লগতে এখনি আৰনাইৰে উপেন্দ্ৰ বাসুমতাৰীক সম্বৰ্ধনা জনায় ।উক্ত সভাত ইউপিপিএল দলৰ চি ডব্লিউ চি মেম্বাৰ ৰতন মোচাহাৰী ,ভিচিডিচি খনৰ চেয়াৰমেন অজৰ বসুমতাৰী ,ভাইচ চেয়াৰমেন দেবেন মাহাতো, নেহেৰু স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত মাহাতো প্ৰমুখ্যে অইন অইন ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে ২ নং শইকীয়া চুবুৰী গাঁওৰ বাসিন্দা তথা বি এছ এফ ত কৰ্মৰত জোৱান উপেন্দ্ৰ বসুমতাৰীয়ে ২০১৭ চনৰ পৰাই বছৰেকীয়া ছুটিত আহিলেই অঞ্চল টোৰ যুৱক যুৱতী সকলক এচ এচ চি জি ডি ৰ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়াই আহিছে । অইন বাৰৰ দৰে এইবছৰো বছৰেকীয়া ছুটিত আহিয়েই এই উদ্যমী জোৱান জনে সতীৰ্থ অনিল মোচাহাৰীৰ লগ লাগি এমাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰিছে । এইবাৰৰ এই জোৱান জনে আগবঢ়োৱা প্ৰশিক্ষণত ওৰাং ,মাজবাট, ঢেকীয়াজুলি , ৰৌতা , গেৰুৱা ,বৰছলা,বড়ো বজাৰ আদি ঠাইত ১০৫ গৰাকী যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ লয় ।

দিল্লীত নিজা প্ৰচেষ্টাৰ ফলত অশেষ কষ্টেৰে ক্ৰছিং কৰি চাকৰিত যোগদান কৰা জোৱান গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভগৱানে আমাৰ নচিব নিলিখে আমাৰ নচিব আমি নিজেই লিখিব লাগিব । বিহাৰৰ দৰে আমাৰ লৰা ছোৱালী বোৰে কষ্ট নকৰে । ইংৰাজী গ্ৰামাৰ আৰু মেট্ৰিক পৰ্য্যায়ৰ অংকৰ জ্ঞান থাকিলে এনেবোৰ প্ৰতিযোগিতা মুকল পৰীক্ষাত অতি সহজে উত্তীৰ্ণ হব পাৰি । এই পৰীক্ষাত উত্তীৰ্ণ হলে ডিফেঞ্চৰ যিকোনো চাকৰিত সুমাই শিক্ষাগত অৰ্হতা অনুযায়ী পদোন্নতিলৈ গৈ থাকিব পাৰি । তেখেতে লগতে দুখ প্ৰকাশ কৰি ব্যক্ত কৰে যে অইন অইন ৰাজ্যৰ কোটা সম্পূৰ্ণ হয় কিন্তু অসমৰ কোটা থাকি যায় । আমাৰ প্ৰাৰ্থীয়ে নোলায় । এই এমহীয়া প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত অজিত মাহাতো প্ৰথম , হৃদয় শইকীয়া দ্বিতীয় আৰু ব্ৰিগেশ্রী দৈমাৰীয়ে তৃতীয় স্থান দখল কৰে । প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষক উপেন্দ্ৰ বসুমতাৰী আৰু অনিল মোচাহাৰীক শলাগ জনায় ।আৰু এই প্ৰশিক্ষণৰ আগন্তুক প্ৰতিযোগিতা মুলক পৰীক্ষাত তেওঁলোকৰ সহায়ক হব বুলি মত প্ৰকাশ কৰিছে ৷
আঁচনিত দুৰ্নীতি,পথাৰত নাই গছ-গছনি
ধুবুৰী জিলাৰ চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ কলবাড়ী গাঁৱত যোৱা ২০২০ বৰ্ষৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ MGNREGA অধীনত ৪৯ লাখ টকা ব্যয় সাপেক্ষে গছ-পুলি ৰোপন আৰু চৌপাশ কাঁটাতাৰৰ বেৰ নিৰ্মান আঁচনি শুভাৰম্ভ হৈছিল। উক্ত কাৰ্যসূচীত উপস্থিত আছিল তেতিয়াৰ ধুবুৰী জিলা উপায়ুক্ত, বৰ্তমানৰ প্ৰাক্তন বিজেপি বিধায়ক। কিন্তু উল্লেখিত আঁচনিখনত অনিয়ম সংঘটিত হোৱাৰ দাবী ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

সংগঠনটোৱে দাবী কৰে যে গাঁও সভাত জালিয়াতি কৰি উক্ত আঁচনি ৰূপায়ন কৰিছিল। নামত হে গছ পুলি আঁচনি কিন্তু বাস্তৱত নাই এটাও গছ পুলি এনে বহু অভিযোগ আনি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা উক্ত কামৰ উচিত তদন্ত বিচাৰি চাপৰ থানাত এজাৰৰ দাখিল কৰে।

কেন্দ্রীয় AYUSH মন্ত্রী সর্বানন্দ সোণোৱালৰ সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন
কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে দেওবাৰে সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন কৰি এটা বহুমুখী যোগ ভৱন আৰু এটা প্রেক্ষাগৃহ মুকলি কৰে৷ দুয়োগৰাকী মন্ত্রীয়ে প্রতিষ্ঠানটোৰ কাম–কাজৰ ভূয়সী শলাগ লয় আৰু প্রতিষ্ঠানটোক বিশ্বৰ ভিতৰতে অগ্রণী আয়ুর্বেদ অনুষ্ঠানৰূপে গঢ়ি তোলাৰ ক্ষেত্রত সকলো প্রকাৰৰ সহায়ৰ হাত আগবঢ়াই যাব বুলি আশ্বাস দিয়ে৷ প্রতিষ্ঠানটোৰ ভৱিষ্যত পৰিকল্পনাক উচ্চ প্রশংসা কৰি মন্ত্রী সোণোৱালে এই প্রতিষ্ঠানটোত বিশ্বৰ প্রথমটো আয়ুর্বেদ বায়’ বেংক স্থাপন কৰাৰ বাবে সকলো প্রকাৰৰ সহায় আগবঢ়াব বুলি লগতে উল্লেখ কৰে৷
মন্ত্রী সোণোৱালে প্রতিষ্ঠানটোৰ সঞ্চালক ডাঃ তনুজা নেচাৰিক বৈজ্ঞানিক অনুসন্ধানৰ লগতে গৱেষণাৰ সুফলসমূহ সকলো স্তৰৰ লোকৰ বাবে যাতে নিজ নিজ ভাষাত উপলব্ধ হয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানত আগবঢ়োৱা চিকিৎসাৰ প্রশংসা কৰি ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে সংযুক্ত আৰু পূর্ণাংগ চিকিৎসা সেৱা প্রদানৰ দিশত মনোনিৱেশ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ দুয়োগৰাকী মন্ত্রীয়ে প্রায়বোৰ গুৰুত্বপূর্ণ বিভাগ পৰিদর্শন কৰে আৰু চিকিৎসা সেৱা, গৱেষণাৰ সুবিধাসমূহৰ বিষয়ে শিক্ষক আৰু শিক্ষার্থীসকলৰ সৈতে বিস্তৃতভাৱে মত বিনিময় কৰে৷ মন্ত্রীদ্বয়ে এই প্রতিষ্ঠানৰ বিশেষত্ব শিশুৰ পঞ্চকর্ম আৰু নেত্র পঞ্চকর্মৰ বিশেষ শলাগ লয়৷ দুয়োৱে আয়ুর্বেদিক দন্ত গোটৰ লগতে আয়ুর্বেদিক অস্ত্রোপচাৰ গোটৰ বুজ লয়৷
সীমা সমস্যাক লৈ প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা
ৰাজ্যৰ বিজেপি সাংসদসকলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ ৷ অসম–মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্রদেশৰ সৈতে থকা সীমা বিবাদৰ প্রসংগও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ সন্মুখত উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লিৰ ভাগত দিল্লী আহি পাইছিল৷
শনিবাৰে দিল্লীৰ বসন্তকুঞ্জত থকা নিজা বাসভৱনত নিশা যাপন কৰাৰ পাছত দেওবাৰে পুৱাৰ ভাগত অসম হাউছত আহি পায় মুখ্যমন্ত্রী ড০ শর্মা৷ অসম হাউছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয়৷ দলৰ সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, পল্লৱলোচন দাস, তপন গগৈ, কুইন ওজা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক আছাম হাউছত থকা মুখ্যমন্ত্রীৰ কোঠাত প্রৱেশ কৰা পৰিলক্ষিত হৈছিল৷ জানিব পৰা মতে, আজি প্রধানমন্ত্রী মোদীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হ’ব৷ তদুপৰি আন কেইবাজনো কেন্দ্রীয় মন্ত্রীক মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰাৰ কথা৷











