Home Blog Page 2894

অলিম্পিকত স্বৰ্ণ জয় কৰা ভাৰতীয় নীৰজ চোপ্ৰা

হাৰিয়ানাৰ পানীপথ জিলাৰ খান্দ্ৰা গাঁৱৰ বাসিন্দা নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত 87.58 মিটাৰ প্ৰচেষ্টাৰে পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টত ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰে । নীৰজ চোপ্ৰা অলিম্পিকত ব্যক্তিগত স্বৰ্ণ জয় কৰা কেৱল দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়, কিছু দূৰত্বত খেলপথাৰখন প্ৰদৰ্শন কৰি দেশৰ বাবে প্ৰথম ট্ৰেক এণ্ড ফিল্ড গেমছ পদক বিজয়ী হিচাপে নিজকে অমৰ কৰি ৰাখে।


হাৰিয়ানাৰ পানীপথৰ ওচৰৰ খান্দ্ৰা গাঁৱৰ এজন কৃষকৰ ২৩ বছৰীয়া পুত্ৰই ফাইনেলত ৮৭.৫৮ মিটাৰ দ্বিতীয় ৰাউণ্ডৰ থ্ৰো প্ৰস্তুত কৰি এথলেটিকছ বিশ্বক হতবাক কৰে আৰু অলিম্পিকত ট্ৰেক এণ্ড ফিল্ড মেডেলৰ বাবে ভাৰতৰ ১০০ বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটায়।
তেওঁ এই অলিম্পিকত দেশৰ সপ্তম পদক আৰু প্ৰথম স্বৰ্ণ আছিল আৰু তেওঁ শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ (২০০৮ বেইজিং গেমছ) সৈতে ভাৰতৰ ব্যক্তিগত স্বৰ্ণ বিজয়ীসকলৰ এক অভিজাত আৰু অতি কঠিন ক্লাবত যোগদান কৰিছিল।

ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী

ভাৰতে দেওবাৰে ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী উদযাপন কৰে। আজিৰ দিনটো আগষ্ট ক্ৰান্তি দিন বুলিও জনা যায়, গণ আইন অমান্য আন্দোলনক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য কৰা হয়। আজিৰ দিনটোতে, 1942 চনত মুম্বাইত সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ এখন বৈঠকৰ পিছত মহাত্মা গান্ধীয়ে আন্দোলনআৰম্ভ কৰে। আন্দোলনৰ সৈতে “কৰক বা মৰক ” বুলি আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত এক ভাষণ প্ৰদান কৰে, যাক আগষ্ট ক্ৰান্তি ময়দান বুলিও কোৱা হয়। ইয়াত তেওঁ দাবী কৰে যে ব্ৰিটিছে তৎক্ষণাৎ দেশ ত্যাগ কৰক আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰক।

ভাৰতীয় ত্যাগ আন্দোলন ব্ৰিটেইনৰ প্ৰত্যক্ষ পৰিণাম আছিল ব্ৰিটেইনে ভাৰতক দ্বিতীয় বিশ্বযুদ্ধৰ অংশ কৰি তুলিছিল, উপ-মহাদেশৰ ইচ্ছাৰ বিপৰীতে। ভাৰতীয়সকলৰ মাজত বৰ্ধিত অসন্তুষ্টিৰ সৈতে ছাৰ ষ্টেফৰ্ড ক্ৰিপৰ নেতৃত্বত ক্ৰিপছ মিছনৰ যুদ্ধত ব্ৰিটেইনৰ সৈতে ভাৰতৰ সহযোগিতা সংগ্ৰহ কৰাৰ এক দুৰ্বল প্ৰয়াস ৰখা হৈছিল। যুদ্ধত সহযোগিতাৰ বাবে ব্ৰিটেইন ক্ৰাউনৰ পৰা শক্তি বিতৰণৰ প্ৰস্তাৱ দিবলৈ সাজু আছিল। অৱশ্যে, ১৯৪২ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা আলোচনা বিফল হয় কিয়নো ভাৰতে ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে আন একো বিচৰা নাছিল।

ভাৰতৰ বাবে স্বাধীনতা দাবী কৰা গণ প্ৰতিবাদৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশিষ্ট সদস্যসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। মহাত্মা গান্ধীৰ ভাষণৰ কেইঘণ্টামানৰ পিছত বহুতো নেতাক কাৰাগাৰত বন্দী কৰা হৈছিল আৰু যুদ্ধৰ বাকী অংশৰ এক বৃহৎ অংশৰ বাবে বিচাৰ নোহোৱাকৈ কাৰাগাৰত ৰখা হৈছিল।নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে গণ আন্দোলনৰ আহ্বানৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আন্দোলনটো দমন কৰাৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ, ৰাজহুৱা চাবুক, গণ জৰিমনা আৰু আটক। অৱশ্যে, দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ যুঁজ অবিৰতভাৱে অব্যাহত আছিল, যাৰ ফলত ভাৰত ত্যাগ আন্দোলন ভাৰতীয় ইতিহাসৰ এক জলবিভাজিকা মুহূৰ্ত হৈ পৰিছিল।

বগাহাতীত পৰিণত চাপৰমুখ জলসিঞ্চন আঁচনি

সুদীৰ্ঘ ১৫-১৬ বছৰে পানী এটুপীও পোৱা নাই কৃষকে। ১৯৮৬-৮৭ চনতে ৰহাৰ চাপৰমুখৰ ধলিজানত স্থাপন কৰা হৈছিল ব্ৰাজ পদ্ধতিৰ এই বৃহৎ জলসিঞ্চন আঁচনিখন। কপিলী নদীৰ পৰা পানী তুলি যোগান ধৰা হৈছিল ধলিজান, কচুৱা, বামুণীজান, লাউফুলাবড়ী, দীঘলীআটি আদি গাঁৱৰ কৃষি পথাৰত। প্ৰথম অৱস্থাত আঁচনিখন সুচলভাৱে চলিছিল আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে খাৰিফ আৰু ৰবি শস্য কৰি যথেষ্ঠ উপকৃত হৈছিল। কিন্তু কেইটামান বছৰ সঠিকভাৱে চলাৰ পিছতে কিছু যন্ত্ৰপাতি বিকল হোৱাৰ অজুহাততে সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিল আঁচনিখন। বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰে বিকল যন্ত্ৰপাতি মেৰামতি নকৰি দীৰ্ঘ দিন পেলাই থোৱাত এতিয়া সকলো যন্ত্ৰপাতিয়ে নষ্ট হৈ গ’ল। কেইবাখনো ব্ৰাজনাও পানী তলত পৰি আছে।  পাম্পহাউচত এতিয়া নাই  একো সা- সৰঞ্জাম ,হাবি জংঘলেৰে আৱৰি ধৰি  সাপ, বেঙৰ বাসস্হান, ভুত বাংলাত পৰিনত হৈছে ।

স্হানীয় লোকৰ অভিযোগ মতে  কপিলীৰ বুকুত থকা ব্ৰাজ কেইখন ফুটা ওলোৱাৰ অজুহাতত  একাংশ কৰ্মচাৰীয়ে হৰলুকি কৰি পানী উত্তোলন বৈদ্যুতিক পাম্প , অনান্য ,সা- সৰঞ্জাম হৰলুকি কৰে ।ক্ৰমে ক্ৰমে জৰাজীৰ্ণ  হবলৈ ধৰা আঁচনিখন এতিয়া এখন হাবিতলী হৈ পৰিছে।কপিলীৰ পানীৰ তলত বোকাত পোত গৈ আছে দুখন ব্ৰাজ ।পাৰত কংকালসাৰ হৈ আঁচনি খনৰ অস্তিত্ব জাহিৰ কৰি এতিয়াও জংঘলত পৰি আছে দুখন ব্ৰাজৰ কেইটুকুৰামান মান  লোহাৰটুকুৰা । আঁচনি খন নাই কিন্তু তাহানিতে থকা এটা জলসিঞ্চনৰ কোৱাটাৰত  আজিও আছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । পকী দীঘলীয়া নলাত এতিয়া পানীৰ সলনি ঠাড হাবিয়নী ‌‌।

স্হানীয় লোকে দুখ প্ৰকাশ কৰে এখন  বহু কোটি টকীয়া জলসিঞ্চন আঁচনিৰ বিসম পৰিণতি দৃশ্য প্ৰত্যক্ষ কৰি । বিগত চৰকাৰসমূহৰ বিফলতাৰ বাবেই আঁচনি থাকিও কৃষক ৰাইজ উপকৃত নহ’ল। ভালুকৰ সাঙিত পৰিণত হৈছে জলসিঞ্চন আঁচনিখন। মানুহৰ মাটি অধিগ্ৰহণ কৰি খন্দা ড্ৰেইনত এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে। ইপিনে এইবাৰ খৰাঙৰ কৱলত পৰিছে কৃষক আৰু পানীৰ অভাৱত বহুতে শালিধানৰ খেতি কৰিব পৰা নাই। আঁচনিখন সচল কৰিলে কৃষক ৰাইজ উপকৃত হ’লহেঁতেন। কিন্তু লক্ষণীয়ভাৱে এই আঁচনিখনৰ বিপৰীতে নিয়োজিত হৈ আছে কেইবাজনো চৰকাৰী কৰ্মচাৰী। ওপৰতে দি থকা হৈছে চৰকাৰী দৰমহা, সা সুবিধা। সেয়ে কোটি টকীয়া আঁচনিখন কাৰ্যক্ষম কৰি জলসিঞ্চন ব্যৱস্থা সচল কৰিবলৈ স্থানীয় কৃষক ৰাইজে জলসিঞ্চন মন্ত্ৰী তথা চৰকাৰক দাবী জনাইছে।

সদৌ বিটিএডি প্ৰাথমিক অসম টেট উত্তীৰ্ণ সন্থাৰ পৰিষদীয় চৰকাৰলৈ দাবী

 বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ’ন – ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট – ২০১৯ উত্তীৰ্ণ সন্থাই ৷ অন্যথা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷ শনিবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সভাপতি সুদেন বৰ্মনে কয় যে আমাক নিযুক্তি লাগে ৷ বিগত ২০১৯ চনত যি অসম টেট অনুষ্ঠিত হৈছিল সেই টেট পৰীক্ষাত জ’ন – ২ হিচাপে অৰ্থাৎ আমি বিটিআৰ জ’ন হিচাপে পৰীক্ষা দিছিলো আৰু উত্তীৰ্ণ হৈছিলো ৷ কিন্তু ২০১৯ বৰ্ষৰ টেট পৰীক্ষাৰ পিছত বিটিআৰৰ বাহিৰৰ জিলাসমূহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে নিযুক্তিৰ বাবে দুবাৰকৈ আবেদন কৰাৰ বাবে সুযোগ লাভ কৰিছে ৷ আনকি নিযুক্তি লাভ কৰি চাকৰিও কৰি আছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বিটিআৰত নিযুক্তি প্ৰদান কৰা হোৱা নাই ৷ ফলত আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ কিন্তু শেহতীয়াকৈ ২৮ জুলাইত বিটিআৰত শিক্ষক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে যদিও টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ তুলনাত একেবাৰে নগণ্য সংখ্যক পদৰ বাবেহে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ কেৱল ৪২৭ টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ সেয়ে আমি এই বিজ্ঞাপনকলৈ আনন্দিত নহও আৰু ইয়াৰ বিৰোধ কৰিছো ৷ কাৰণ এই বিজ্ঞাপনত যিসকলে ইতিমধ্যে ছমহীয়া ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকক যোগ্যতাৰ ভিত্তিত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ দিয়া হৈছে ৷ গতিকে এই ব্যৱস্থাৰ ফলত আমি পুনৰ নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব লাগিব ৷ সেয়ে আমি বৰ্তমানৰ প্ৰমোদ বড়ো  নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰখনক  অনুৰোধ জনাইছো যাতে আমাক যি কোনো  প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে আৰু সমাজত  যাতে আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ে ৷ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয় যে যি বিজ্ঞাপন প্ৰকাশ পাইছে তাত পূৰ্বৰ বিটিচি পৰিষদীয় চৰকাৰে ছয়মহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল তেওঁলোককহে যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰা হৈছে ৷ গতিকে এই ব্যৱস্থাৰ জৰিয়তে ২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক মানসিকভাৱে তথা ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে ৷ কাৰণ ২০১৭ বৰ্ষৰ পিছত এতিয়ালৈকে বিটিআৰত প্ৰাথমিক শিক্ষক নিযুক্তি হোৱা নাই আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে এতিয়াও বিটিআৰত বহুতো প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ খালী হৈ আছে ৷ সেই ক্ষেত্ৰত ৪২৭ টা পদৰ বিজ্ঞাপন দি আমাক পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে  ৷ আমাৰ দাবী যি কোনো প্ৰকাৰে আমাক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা আমি বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সাজু আছো ৷ সেয়ে নিযুক্তৰ ক্ষেত্ৰত যদি বিটিচি পৰিষদীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে অতিশীঘ্ৰে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি ইয়াৰ ফলত যদি কিবা পৰিৱেশ – পৰিস্থিতি বিনষ্ট হয় তেতিয়াহলে তাৰ কাৰণে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো জগৰীয়া হ’ব ৷ আমি জগৰীয়া নহও ৷ কাৰণ আমি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বৰে পৰা তেওঁৰ সৈতে যোগাযোগ কৰি আহিছিলো আৰু সাক্ষাৎ কৰি বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলো ৷ তেওঁ আমাক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদানো কৰিছিল ৷ কিন্তু শেহতীয়াকৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছে সেই বিজ্ঞাপনে আমাক মানসিকভাৱে হতাশ কৰি তুলিছে,  আমাক ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে আৰু আমাৰ যোগ্যতাক ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে ৷ সেয়ে বিটিচি পৰিষদীয় চৰকাৰক সময় থাকোতে আমাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো ৷ অন্যথা পিছলৈ পৰিস্থিতি ভয়ংকৰ হ’ব ৷ সংবাদ মেলত সন্থাৰ সম্পাদক অনচাই বসুমতাৰীকে ধৰি কেইবাগৰাকীও  বিষয়ববীয়া উপস্থিত আছিল ৷

খৈৰাবাৰী ব্লক উপিপিএলৰ উদ্যোগত টিনপাট বিতৰণ কাৰ্যসূচী

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৩১ নং খৈৰাবাৰী পৰষদীয় সমষ্টিৰ চিনাকনা ভিচিডিচিত আজি খৈৰাবাৰী ব্লক উপিপিএলৰ উদ্যোগত প্ৰায় ৩৭টা কৈ দৰিদ্ৰ পৰিয়ালক টিনপাট বিতৰণ কৰাৰ পৰিলক্ষিত  হয়।প্ৰায় ৯০০ টা কৈ পৰিয়ালক টিনপাট বিতাৰণ কৰাৰ লক্ষ্যৰে খৈৰাবাৰী সমষ্টিত মহামাৰী কৰো’নাই জৰুলা কৰা আৰ্থিকভাৱে দুৰ্বল, দৰিদ্ৰ পৰিয়ালক উপিপিএলৰ উদ্যোগত আজি ১ বানকৈ টিনপাট  প্ৰদান কৰা কাৰ্যসূচীক সচেতন ৰাইজ সলাগ লোৱাৰ লগতে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে টিনপাট লাভ কৰা পৰিয়াল সমূহে।

টিনপাট বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে খৈৰাবাৰী ব্লক উপিপিএলৰ  সভাপতি ভূৱন চন্দ্ৰ বড়ো,খৈৰাবাৰি ব্লক উপিপিএলৰ উপসভাপতি কমলেশ্বৰ  বড়োৰ লগতেচিনাকনা ভিচিডিচিৰ ভাইচ চীয়াৰমেনসহ উপস্থিতৱত থাকে  উপিপিএলৰ বিভিন্ন কৰ্মকৰ্তা,উল্লেখ্য যে  খৈৰাবাৰী পৰিষদীয়  সমষ্টিৰ অন্তৰ্গত  প্ৰায় ৯ টাকৈ ভিচিডিচিত বসবাসকৰা দৰিদ্ৰ পৰিয়ালৰ বাবে বিটিআৰ চৰকাৰে লোৱা আচনীৰ সহায়ত খৈৰাবাৰী সমষ্টিৰ প্ৰায়  ৯০০ টা কৈ পৰিয়ালক টিন পাত বিতৰণ কৰাৰ লক্ষ্যৰে আজি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত চিনাকনা ভিচডিচিৰ ৩৭ টা পৰিয়ালক টিনপাট বিতাৰণৰে সুভাৰম্ভণি কৰেউপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে।

চিনামৰা মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস পালন : গ্ৰন্থ উন্মোচনেৰে পণ্ডিতপ্ৰৱৰলৈ শ্ৰদ্ধা

দক্ষিণ যোৰহাটত মহাবিদ্যালয় প্ৰতিষ্ঠাৰে বহুমুখী চিন্তাধাৰাৰ শিক্ষাবিদ আনন্দ শইকীয়াই যিদৰে সমাজ জীৱনৰ সাৰ্থকতালৈ আনিব পৰা দিশেৰে এই উচ্চ শিক্ষানুষ্ঠান গঢ়াত ভূমিকা ল’লে সেয়া নিশ্চয়কৈ চাবলগীয়া। শইকীয়াৰ অৱসৰত পুত্ৰ ড০ অঞ্জন শইকীয়াৰ দৃষ্টিভঙ্গীয়ে উচ্চৰ পৰা শীৰ্ষলৈ নিব ধৰা মহাবিদ্যালয়খন শিক্ষাৰ পৰ্য্যটনলীলৈ ৰূপান্তৰ হৈছে।এই প্ৰসঙ্গ পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৪ তম্ জন্ম দিৱস উপলক্ষে মহাবিদ্যালয়ৰ কাব্যক্ষেত্ৰত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথিয়ে প্ৰকাশ কৰে। মোহন চন্দ্ৰ মহন্ত অধ্যয়ন গৱেষণা কেন্দ্ৰৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চিনামৰা মহাবিদ্যালয় কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড০ পৰাণ বৰুৱা, সমাজ-সংস্কৃতিত জড়িত ক’ভিড নিৰাময়ত ব্ৰতী বাঘচোং স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা: অৰুণ শইকীয়া, মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্ম্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা দিয়ে। অনুষ্ঠানৰ উল্লেখযোগ্য কাৰ্য্যসূচী আছিল ভিন্ন ক্ষেত্ৰৰ বিশিষ্টক সম্বৰ্দ্ধনা। মহাবিদ্যালয়খনৰ ৰাসত কংস আৰু ভাওনাত ঘটোৎকচৰ অভিনয়েৰে অভিলেখ গঢ়া সৃষ্টিপ্ৰাণ উপাধি বিভূষিত বিনোদ গগৈক সম্বৰ্দ্ধনা জনায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান বুলিবলৈ সক্ষম হোৱা চুটি ছবি ‘অনীহা’তো অভিনয়ত ভাগ লোৱা বিনোদ গগৈয়ে প্ৰযোজক পিতৃ আৰু পৰিচালক মাতৃ আখ্যা দিয়ে। চমু বক্তব্যত তেখেতে নাট্য জগতৰ শিল্পী সৃষ্টিকৰ্ত্তা মানবেন্দ্ৰ শৰ্ম্মা আৰু প্ৰযোজক নয়নজ্যোতি শৰ্ম্মাক শলাগ লয়। চিনামৰা মহাবিদ্যালয়ৰ সম্বৰ্দ্ধনা তথা তেনে অনুপ্ৰেৰণা শিল্পীৰ উশাহ বুলি কয়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনে এটি গীত গুণগুণায়। সাংবাদিক দিব্যজ্যোতি শইকীয়াই বিশেষ সন্মান গ্ৰহণেৰে স্বমত ব্যক্ত কৰে। অনীহা চুটি ছবি পৰিচালনাৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মানপ্ৰাপ্ত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মৃগাংক বৰা আৰু অন্যজন পৰিচালক ছাত্ৰ পূৰৱ শৰ্ম্মাৰ লগতে শিক্ষানুষ্ঠানৰ ছাত্ৰ চিত্ৰশিল্পী সুনীল পাইকলৈও বিশেষ সন্মান আগবঢ়ায়। সাহিত্য চৰ্চ্চা আৰু গ্ৰন্থ প্ৰণয়নত অভিলেখ গঢ়া চিনামৰা মহাবিদ্যালয়ৰ পণ্ডিতপ্ৰৱৰলৈ শ্ৰদ্ধা নিবেদিত অনুষ্ঠানত লৱ কুমাৰ দত্তৰ উপন্যাস ‘নেদেখা কান্দোনৰ সুৰ’ বন্তি প্ৰজ্বলক চফিকুৰ ৰহমানে, প্ৰজ্ঞা পাৰমিতা কৌশিকৰ ‘দ্যা ব্ৰুডিং’ আদৰণী ভাষণ প্ৰদাতা অধ্যক্ষ ড০ অঞ্জন শইকীয়াই, অধ্যাপকদ্বয় সীমান্ত বৰা আৰু তৰুণ শইকীয়া সম্পাদিত ‘প্ৰজ্ঞানজ্যোতি’ ডা: অৰুণ শইকীয়াই আৰু অধ্যাপক তৰুণ শইকীয়া আৰু অধ্যাপিকা ৰুণু বৰা সম্পাদিত ‘শিক্ষাজ্যোতি’ সঞ্চালক অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ শইকীয়াই উন্মোচন কৰে। ক’ভিড পৰিস্থিতিৰ বাবে ২০ জুলাইৰ পৰিৱৰ্তে ০৭ আগষ্টলৈ পিছুৱাব লগা,অধ্যাপক-অধ্যাপিকাসকল বিভিন্ন দায়িত্ব পালনত ব্ৰতী হোৱা অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰঞ্জিত হাজৰিকা আৰু সাংস্কৃতিক কৰ্ম্মী ঋষিকেশ ভট্টাচাৰ্য্যকো আদৰণি জনায়। নিৰ্দ্দিষ্ট সময়ত আৰম্ভ হোৱা অনুষ্ঠান নিৰ্দ্দিষ্ট সময়তে সমাপ্ত হোৱাতো এই কালৰ ইতিবাচক দিশ।

চাপৰত চৰকাৰী ধনৰ ব্যাপক অপচয়

অসম চৰকাৰৰ এক বিয়াগোম বিভাগ হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগ। জল জীৱন আঁচনিৰ জৰিয়তে নতুনকৈ এই বিভাগটোত ৰাজ্যজুৰি চলিছে পানী যোগান আঁচনিৰ কাম। কিন্তু ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফলিমাৰী ২ খণ্ডত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ এটা প্ৰকল্প আজিও পৰিত্যক্ত অৱস্থাত আছে। জহি খহি যোৱাৰ লগতে প্ৰকল্পটো চৌদিশে জংগলে আগুৰি ধৰিছে। ব্যয় বহুল টকাৰে নিৰ্মিত এই প্ৰকল্পটো প্ৰায় সাত আঠ বছৰ পূৰ্বে নিৰ্মান হৈ উঠিছিল। কিন্তু আজিলৈ এই প্ৰকল্পটো বিকল হৈ আছে। প্ৰকল্পটোত থকা বিভিন্ন সা-সামগ্ৰী ধ্বংস হব ধৰিছে।

কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত নাই কাণ সাৰ।যাৰ বাবে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়া জাঙুৰ খাই উঠিছে, গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে। উক্ত প্ৰকল্পটোৰ কাম অনতিপলমে আৰম্ভ কৰিব লাগে আৰু প্ৰকল্পটো চোৱা-চিতা কৰিবলৈ মানুহ নিয়োগ কৰিব লাগে। লগতে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে জল-জীৱন আঁচনিৰে জৰিয়তে যি সমূহ কাম চাপৰত চলি আছে সেই সমূহ কাম অতি নিম্ন মানৰ কৰাৰ লগতে অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰে।ধুবুৰী জিলা উপায়ুক্তক এই কাম সমূহ তদাৰক কৰিবলৈও পুনৰ বাৰ আহ্বান জনায়।

খৰাং বতৰত খেতিপথাৰত চিৰাঁলফাট পৰিস্থিতিত হাহাকাৰ ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান গ্ৰামাঞ্চল বৰবৰুৱা

ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান অঞ্চলবোৰত খৰাং সদৃশ পৰিস্থিতিৰ বাবে গ্ৰামাঞ্চলৰ কৃষকে শালিধানৰ খেতি কৰিৱ নোৱৰা সমস্যাই কৃষকৰ মাজত হাহাকাৰ হৈ পৰিছে।ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ কোটোহা ‘বগীবিল  ‘লেজাই -কলাখোৱা ‘ খনিকৰ ‘বকপৰা ‘ চেচা ‘জকাই ‘ লেকাই ‘ ডুলীয়া কাকতি লেপেটকটা ‘ চিৰিংডাইনী ‘মানকটা ‘জামিৰা ‘ৰজা্ভেটা ‘আদি কৃষিপ্ৰধান অঞ্চলৰ খৰাং বতৰৰ কৱলত পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া পথাৰত ৰোপন কৰিৱ পৰা নাই।বৰষুণৰ অভাৱত আৰু খৰাং বতৰৰ বাবেই এই অঞ্চলৰ খেতিপথাৰ হাজাৰ হাজাৰ বিঘা মাটি চিৰাল ফাট মেলি শুকান মৰুভূমি সদৃশ হৈ পৰাত খেতিয়ক সকলে মূৰে কপালে হাত দিছে। আনহাতে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ আৰু পূৱ ৰাজহচক্ৰৰ বিস্তৃত খেতিপথাৰ খৰাঙৰ কৱলত পৰাত খেতিয়ক সকলে হাহাকাৰ কৰিছে।মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ চহৰীকটা ‘তেপৰ গুৰি ‘নিগম চৰাই হাবি কলৌলোৱা ‘বুঢ়ীখোৱাং ‘ তিনঠেঙীয়া চেৰেপাখাটী ‘বেতনি ‘দলনি কুৰ ‘গেৰগেৰী ‘ খলিহামাৰীকে ধৰি বহু কৃষিপ্ৰধান অঞ্চল খৰাং বতৰৰ কৱল পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ পৰা নাই।সেই দৰে ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ মদাৰখাট ‘ফুটাহলা ‘চিৰিং হোলা ডঙ্গৰ পথাৰ’ তেলপানী আদি বৃহত্তৰ খেতিপথাৰ অঞ্চল বৰ্তমান খৰাং বতৰৰ কৱলত পৰি খেতি কৰিৱ পৰা নাই।বহাগৰ মাহৰ পৰা বৰ্তমানৰ শাওণ মাহ পৰ্যন্ত বৰষুণৰ অভাৱত খৰাং বতৰৰ অবাঞ্চিত প্ৰাকৃতিক দুৰ্যোগে এই কৃষিপ্ৰধান অঞ্চলত খেতিয়কে শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ কৰিৱ নোৱৰা হৈছে। উল্লেখ যোগ্য বিষয় যে জলসিঞ্চনৰ নথকাৰ কাৰণে এই অঞ্চলৰ খেতিয়কে  কৃষিকাৰ্য সম্পাদন কৰিৱ পৰা নাই বুলি খেতিয়ক সকলে জানিৱলৈ দিছে ।কোটোহাৰ বলাইত জলসিঞ্চন আচঁনি স্থাপন হৈছিল যদিও খেতিপথাৰলৈ পানী বোৱাই নিৱ পৰা সুযোগ নাপালে বৃহত্তৰ বলাই বাসীয়ে।কোটোহা নাওজানৰ জলসিঞ্চন আচঁনি খনো ভালুকৰ সাঙিত পৰিণত।আজোকোপতি কোটোহা নাওজানৰ জলসিঞ্চন আচঁনি খন বিকল অৱস্থাতেই বিদ্যমান ।সেইদৰে খোৱাং চমুৱা গাওঁ ‘ কলৌলোৱা গাৱঁৰ জলসিঞ্চন আচঁনিখন খনৰ পৰা কৃষকে কোনোধৰণে উপকৃত হোৱা নাই বুলি জানিবলৈ দিছে।অন্য হাতে ডিব্ৰুগড় জিলাৰ লৰুৱা ‘জামিৰা ‘মানকটাকে ধৰি বহু খেতি প্ৰধান অঞ্চলত আজিকোপতি জলসিঞ্চন আচঁনি স্থাপন নোহোৱাত খৰাং বতৰৰ বাবে খেতিয়কে সকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিৱ লগীয়া হয় যদিও বৰষুণ নোহোৱাৰ ফলত খেতিয়ক সকলে ধান খেতিৰ ৰোপনৰ সময়ত হাহাকাৰ পৰিস্থিতিৰ সম্মুখীন হব লগা হৈছে বুলি খেতিয়ক সকলে দুখেৰে প্ৰকাশ কৰিছে ।বৰ্তমানৰ শাওন মাহ পৰ্যন্ত বৰষুণ নোহোৱাৰ ফলত খৰাং বতৰৰ কৱলত পৰি শালিধানৰ খেতি কৰিৱ নোৱৰাত কৃষক সকলৰ মাজত গভীৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।ডিব্ৰুগড় জিলা উপায়ুক্তই খৰাং বতৰৰ কৱলত পৰি শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ নোৱাৰা দুৰ্ভগীয়া কৃষকৰ স্বাৰ্থত গুৰুত্ব দি কৃত্ৰিম জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহন কৰিবনে বুলি কৃষকৰ প্ৰশ্ন ।

শাৰীৰিক অসুবিধাকো নেওচি LED বাল্প নিৰ্মাণ কৰি আত্মনিৰ্ভৰশীলতা নিৰ্দশন ঢকুৱাখনাৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ

বিশেষভাৱে সক্ষম যুৱকৰ আত্মসংস্থাপন । ঘৰেত ইলেক্ট্ৰনিক এল ই ডি  (LED) বাল্প নিৰ্মাণ কৰি উপাৰ্জনৰ পথ মোকলাইছে লখিমপুৰ জিলা ঢকুৱাখনাৰ এগৰাকী যুৱকে । দিব্যাংগ হৈয়ো এটা শক্তিশালী সৃষ্টিশীল মন আৰু চিন্তা চেতনাৰ গৰাকী হোৱা এগৰাকী ব্যক্তি হৈছে প্ৰাণজিৎ বৰুৱা ৷ আত্মসংস্থাপনৰ বাতত  বিকলাংগতাৰ হেঙাৰ স্বৰুপ সব নোৱাৰে  ইয়াৰে এনে নিৰ্দশন দাঙি ধৰিছে ঢকুৱাখনা মহকুমাৰ বৰপাত্ৰ গাৱঁৰ ৰঞ্জিত বৰুৱা আৰু মাতৃ মিতালী গগৈ বৰুৱাৰ পুত্ৰ ২২ বছৰীয়া বিশেষ ভাৱে সক্ষম প্ৰাণজিৎ বৰুৱাই ৷ ৯-১০ বছৰৰ বয়সৰ পৰাই পৰাই বৰ্তমানলৈকে বিশেষভাৱে সক্ষম হৈও হাৰ মনা নাই প্ৰাণজিৎ বৰুৱাই ৷ খোজ কাঢ়িব নোৱাৰা বিশেষ ভাৱে সক্ষম যুৱক গৰাকীয়ে কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ কেৱল YouTube চাই চাই লোৱা শিক্ষাৰ যৰিয়তে প্ৰাণজিতে নিজৰ শাৰীৰিক অক্ষমতা আৰু আৰ্থিক নাটনিৰ বাবে আন দহ গৰাকী যুৱকৰ দৰে স্বাৱলম্বনৰ মৰ্য্যদাপূৰ্ণ বৃত্তিৰ পাছত দৌৰিব নোৱাৰি স্ব-গৃহতে বহি বহিয়েই ইটোৰ পিছত সিটো নিৰ্মাণ কৰি উলিয়াইছে ইলেক্ট্ৰনিক LED বাল্প ৷ ইপিনে যুৱকজনে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰনিক LED বাল্প সমূহ বজাৰ মূল্যতকৈ ৩০% কম দামতে বিক্ৰী কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰি আহিছে । দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰাণজিতে ইয়াৰ উপৰিও নিৰ্মাণ কৰি উলিওৱাইছে বাঁহেৰে সজোৱা বিভিন্ন সামগ্ৰী । এই সমূহ বিক্ৰী কৰি তেওঁ আৰ্থিক বাবে লাভৱান হৈছে যদিও সমগ্ৰ দেশৰ লগতে অসম হোৱা কভিড মহামাৰীৰ বাবে ক্ৰয় কৰিব পৰা নাই নিৰ্মাণত ব্যৱহিত সামগ্ৰী। যাৰবাবে যথেষ্ট অসুবিধাও সন্মুখিন হব লগীয়া হয় কিছু সময়ত ৷ আনহাতে প্ৰাণজিতে বিশেষ ভাৱে সক্ষম হৈ ও কিন্ত নিজকে জীৱনৰ বাটত আগুৱাই নিবলৈ অব্যাহত ৰাখিছে আত্মবিশ্বাস, ধৈৰ্য আৰু মনত সাহস । নিজকে বিশেষভাৱে সক্ষম বুলি হতাশাত ভোগা বিপৰিতে সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰি ৰখাৰ লগতে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা যুৱকজন এতিয়া ঢকুৱাখনাৰ আন দহজন যুৱকৰ বাবে হৈ পৰিছে এক সুন্দৰ উদাহৰণ । বিশেষকৈ দৰিদ্ৰ পিতৃ মাতৃৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰীলৈ সকাতৰ আহ্বান, বিশেষ ভাৱে সক্ষম যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য  বাবে ।

পানেৰি সমষ্টিত বিশ হাজাৰ বিনামূলীয়া ছ’লাৰ বিতৰণ

ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নং পানেৰি বিধানসভা সমষ্টিত আজি প্ৰায় বিশ হাজাৰ ছ’লাৰ(Cookstove) বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে অসম বিধান সভা মজিয়াৰ অধক্ষ্য তথা পানেৰি বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।তেওঁ কয় যে পানেৰি সমষ্টিত বসবাস কৰা ৬০শতাংশ জনসাধাৰণেই ৰন্ধনত ইন্ধন হিচাপে বাঁহ,কাঠ,খেৰ ইত্যাদি, ব্যৱহাৰ কৰি আহিছে যাৰ ফলত যথেষ্ট পৰিমানে প্ৰদূষণ হোৱাৰ শ্ংকা প্ৰকাশ কৰিছে অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে।সেয়েহে অত্যাধনিক প্ৰযুক্তি বিদ্যাৰে প্ৰদূষণ মুক্তৰ লক্ষ্যৰে নিৰ্মাণ কৰা (Cookstove)ছ’লাৰ, বিবিশিখা এলএলপি এচুচ্যেছনৰ উদ্যোগত বিতৰণ কৰাৰ পৰিলক্ষিত হয়।বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে কয় যে উজলা আছ্নীৰ অধিনত দিয়া বিনামূলীয়া এলপিজি ৰন্ধন গেছৰ ফলত কিছুপৰিমানে প্ৰদূষণ মুক্ত হোৱাৰ দিশে গতি কৰিছিল যদিও, পানেৰি সমষ্টিৰ গ্ৰামাঞ্চ্যলত  বসবাস কৰা সাধাৰণ ৰাইজে ধনৰ অভাৱত ৰন্ধন গেছৰ সলনি বাঁহ,কাঠ,খেৰ আদিক হে ইন্ধন হিছাপে ৰন্ধনৰ কামত ব্যৱহাৰ কৰি আহিছে।  যাৰ বাবে বিধায়ক গৰাকীয়ে এই অত্যাধনিক ছ’লাৰ (cookstove) প্ৰদান কৰি সমাজ কল্যাণ সন্থাৰ উদ্যোগতা বিবিশিখা এলএলপি এচুচ্যেছনক ধন্যবাদ দিয়াৰ লগতে  কমদিনৰ ভিতৰত  পানেৰি সমষ্টিত বাসকৰা প্ৰতিটো পৰিয়ালক ৬টা কৈ বিনামূলীয়া বাল্প দিয়াৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে অসম বিধানসভা মজিয়াৰ অধক্ষ্য তথা পানেৰি সমষ্টিৰ বিধায়ক বিশ্ব্জিৎ দৈমাৰীয়ে।