বৰপেটা জিলাৰ ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা ৰাজহ চক্ৰৰ উদ্যোগত চেঙা উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ সভাকক্ষত আজি ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন ২০১৯’ সম্পৰ্কীয় এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ৷ জনসাধাৰণক ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন’ৰ অধীনত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপলব্ধ হোৱা সেৱা সমূহৰ বিষয়ে বক্তব্য আগবঢ়াই ক্ৰমে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰানজিৎ কুমাৰ দেৱৰ লগতে অসম ৰাজহুৱা সেৱা অধিকাৰ আইনৰ বৰপেটা জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ অধ্যাপক পাৰ্থপ্ৰতিম চৌধুৰীয়ে। চেঙা ৰাজহ চক্ৰৰ জ্যেষ্ঠ সহায়ক গীতা কাকতি পাঠকে অাঁত ধৰা এই অনুষ্ঠানত চেঙা আৰু গোমাফুলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে লাচিত দাস আৰু আয়নাল হ’ক মোল্লাৰ লগতে চেঙা ৰাজহ চক্ৰৰ অধীনৰ গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।
বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱঃ উৎফুল্লিত জিলাবাসী
অসম বিধান সভাৰ বাজেট অধিৱেশনত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত বঙাইগাঁও জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাত জিলাবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন দল- সংগঠনৰ লগতে ৰাইজে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছিল ৷ কিন্তু শেহতীয়াভাৱে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰ দলৰ চৰকাৰে বঙাইগাঁও জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই তাক বাস্তৱায়িত কৰিবলৈ আগবঢ়াত জিলাবাসীৰ আন এটা আশা পূৰণ হ’ল ৷ যাৰ বাবে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজ, একাদিশ দল সংগঠনৰ নেতৃত্ব, বঙাইগাঁও জিলা যুৱ পৰিষদৰ নেতা, বঙাইগাঁও অঞ্চলৰ স্থানীয় যুৱক আদিয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে অগপ দলে ৷ শনিবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চৌধুৰীক অগপৰ লগতে মিত্ৰ দল বিজেপি আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ সেইদৰে বঙাইগাঁও জিলা যুৱ পৰিষদৰ নেতা সমন্বিতে বঙাইগাঁৱৰ স্থানীয় যুৱক সকলেও অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে বিধায়ক গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে৷
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিক লৈ মাজবাটত প্ৰতিবাদ
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্য বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে মাজবাটৰ যুৱ প্রজন্ম। ১৭জুলাইত মাজবাট টাউনৰ টেক্সি ষ্টেন্ডত দিনৰ এক বজাত মাজবাট অঞ্চলৰ যুৱ প্রজন্ম সকলে প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত দেশখনৰ সৰ্বসাধাৰণ ৰাইজে এমুঠি অন্নৰ বাবে যুঁজ দি আছে ঠিক সেই সময়তে বস্তুৰ চৰা দামে ৰাইজক একপ্ৰকাৰে কোঙা কৰি পেলাইছে !আজিৰ দিনত দালি ,মিঠাতেল , ৰন্ধন গেছ আদিৰ লগতে পেট্ৰলৰ মূল্য 100 টকা ,ডিজেলৰ মূল্য 90/- টকা চুইছেগৈ কিন্তুু এই ক্ষেত্ৰত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে চৰকাৰ ।এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনায় মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ বাবে মাজবাটৰ যুৱক প্রজন্ময়। ইয়াৰোপৰি এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অতি সোনকালে বেৱস্থা গ্রহণ কৰক
ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী: নিজ হাতেৰে দহন কৰিলে জব্দকৃত ড্ৰাগছ
আজি গোলাঘাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হৈয়ে গোলাঘাটস্থিত বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এক সভাত বিগত মাহত জব্দ কৰা সমূহ ড্ৰাগছ নিজ হাতে অগ্নি সংযোগ কৰি বিনষ্ট কৰে। ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে। ইয়াৰপিছতে ক’ভিড-১৯ ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰি উৎসাহিত কৰে । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কৰা এই যুঁজ খনত বিগত দুই মাহত ৰাজ্যখনত ১৬৮.৩৮ কোটি ড্ৰাগছ জব্দ কৰে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । বিশেষকৈ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে কৰা যুজঁ খনত অসম আৰক্ষীয়ে লাভ কৰা সফলতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । আজি এই অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, যোগেন মোহন , কেশৱ মহন্ত , অশোক সিংঘল বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকন , বিশ্বজিৎ ফূকন উপস্থিত থাকে।
ক’ভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক মন্ত্ৰী পিযুষ হাজৰিকাৰ চেক প্ৰদান
শণিবাৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ক’ভিড-১৯ ত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে । বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাক প্ৰদান কৰা হয় ২ লাখ ৫০ হেজাৰ আৰ্থিক সাহাৰ্য চেক । উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বাকী সকল পৰিয়ালকো বিতৰণ কৰা হ’ব এই সাহায্য ।ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় এই আচঁনি একমাত্ৰ দৰিদ্ৰ পৰিয়াল সকলক হে প্ৰথম পৰ্যায়ত দি থকা হৈছে।আনহাতে সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰ কয় বিশ্বনাথ জিলাত কভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কন্টেনমেন্ট জ’ন উঠোঁ হ’ব নে নহয় ৰাইজৰ লগতে প্ৰশাসন লগত বিষয়টো আলোচনা কৰি হে চিন্তা কৰা হ’ব বুলি প্ৰকাশ কৰে ।ন’হলে ৬০ জনৰ ৬০০ জন হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ লোকসভাৰ সাংসদ পল্লব লকচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মা,জিলা আৰক্ষী অধিক্ষক ৰিপুল দাস,জিলা প্ৰশাসনৰ সকলো প্ৰশাসনিক বিষয়া সহ উপস্হিত থাকে বহু লোক।।
লাহৰীঘাটত ৬ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ
আজি জুৱাৰীৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীৰ অভিযান।নিশা অভিযান চলাই লাহৰীঘাটৰ শিঙাহেৰুৱা গাঁৱৰ পৰা লাহৰীঘাটৰ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লগতে জুৱাৰী কেইটাৰ পৰা ৭,৪৫০ টকাসহ ছয় পেকেট তাচপাত উদ্ধাৰ কৰে।গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা হৈছে লাহৰীঘাট অঞ্চলৰ অমৰাগুৰি গাঁৱৰ হজৰত আলী,নিজাম আলী,মুছাবীৰ হুছেইন, মহিবুৰ ৰহমান, মৰিতলিৰ আলী হুছেইন আৰু ডোংগাপাৰাৰ ৰফিকুল ইছলাম ওৰফে কালীয়া।ইফালে জুৱাৰী কেইটাৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ৪৪৬/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি এনেদৰে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।
বৰনৰ্দ্দীত ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধাক স্বাস্থ্যকৰ্মীৰ সম্বৰ্ধনা
নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শুক্ৰবাৰে আবেলি বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক ডা° বসন্ত ডেকাৰ নেতৃত্বত স্বাস্থ্যকৰ্মীৰ এটা দল ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধা অলকা দেৱীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ অলকা দেৱীৰ ক’ভিড পৰীক্ষা কৰোতে ক’ভিড আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হয় ৷ স্বাস্থ্য বিভাগে তেওঁক নিয়ম অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰাব বিচাৰিছিল যদিও বৃদ্ধাগৰাকীয়ে নিজৰ ঘৰতে থাকি চিকিৎসা গ্ৰহণ কৰিব বুলি জনায় ৷ তেওঁ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগক লিখিতভাবে অৱগত কৰে যে যদি ঘৰত চিকিৎসাসেৱা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বিভাগ জগৰীয়া নহ’ব ৷ ইয়াৰ পাছত বৃদ্ধাগৰাকীক ঘৰতে চিকিৎসাসেৱা লাভৰ অনুমতি প্ৰদান কৰে ৷ যোৱা ১১ জুলাইত পুনৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত ক’ভিড নিকেটিভ বুলি ফলাফল আহে ৷ ৮৪ বছৰ বয়সত সাহসেৰে ক’ভিড জয় কৰা বৃদ্ধাগৰাকীক আজি স্বাস্থ্য বিভাগে সম্বৰ্ধনা জনোৱা কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে ৷
অসম বাজেট: প্ৰতিজন ক’ভিড ভুক্তভোগীৰ পৰিয়ালৰ বাবে ১ লাখ টকা, শিক্ষাৰ্থীৰ বাবে ফোন
অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে বিধানসভাত ৫৬৬.২০ কোটি টকাৰ ঘাটি বাজেট উত্থাপন কৰে।ক’ভিড-১৯ মহামাৰীৰ দ্বাৰা হেৰুওৱা প্ৰতিটো সদস্যৰ পৰিয়ালক ১ লাখ টকাৰ আৰ্থিক সহায়ৰ দৰে বিভিন্ন সাহসী পদক্ষেপ বিধানসভাখনৰ। ডিজিটেল বিভাজন দূৰ কৰিবলৈ চৰকাৰী বিদ্যালয়ৰ প্ৰায় আঠ লাখ শিক্ষাৰ্থীক স্মাৰ্টফোন প্ৰদান কৰা হ’ব ।
“ক’ভিড-পীড়িত পৰিয়ালবোৰক আৰ্থিক সাহায্য, যি হৈছে দেশৰ এনে ধৰণৰ প্ৰথম, এই কঠিন সময়ত আমাৰ লোকসকলৰ সৈতে থকাৰ আমাৰ দৃঢ় সংকল্প প্ৰমাণ কৰে। এই আঁচনিৰ বাবে তৎক্ষণাৎ ৰাজকোষত প্ৰায় ৪০ কোটি টকা ব্যয় হ’ব,” নেওগে কয়।
শিমলীতোলাত আৰক্ষীৰ চুলাইৰ ঘাটি উচ্ছেদ অভিযান
ৰাজ্যত অব্যাহত আছে চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান তেনে সময়তে নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী পূৱ গোৱালপাৰা জিলাৰ শিমলীতোলাত শুক্ৰবাৰৰ সন্ধিয়াত আৰক্ষীয়ে চলালে ব্যাপক অভিযান। গাঁৱে গাঁৱে ঘূৰি আৰক্ষীয়ে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত চলিছিল এই চুলাই ধ্বংস অভিযান। অঞ্চলটোৰ ক্ৰমে চেগুনবাৰী, নেপালী পাৰা আদি গাওঁত সোমাই আৰক্ষীৰ দলটিয়ে বুজন পৰিমাণৰ বিক্ৰীৰ বাবে মজুত কৰা চুলাইৰ পেকেট আৰু চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল, বাখৰ আদি জব্দ কৰি সকলো নষ্ট কৰাৰ উপৰিও ব্যৱহৃত বাচন-বৰ্তন জব্দ কৰে। সম্প্ৰতি অঞ্চলটোক সম্পূৰ্ণৰূপে চুলাই মুক্ত কৰাৰ সংকল্পেৰে আগলৈও আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ওৰাং,মাজবাট,ৰৌতাত গৰ্ভৱতী মহিলাৰ বিশেষ স্বাস্থ্য পৰীক্ষন
ওদালগুৰি জিলাৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ১৬ জুলাইৰ পৰা ৩১ জুলাই লৈকে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ গৰ্ভৱতী মহিলা বিশেষ স্বাস্থ্য পৰীক্ষণ পষেক কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত গৰ্ভবতী মাতৃৰ বিশেষ স্বাস্থ্য পৰীক্ষন পষেকৰ উপলক্ষে ১৬ জুলাইত মেৰাবিল ,বালিগাওঁ পানবাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কল্যান কেন্দ্ৰ আৰু মাজবাটৰ বাহিপুখুৰী চাহ বাগিচা চিকিৎসালয়ত গৰ্ভৱতী মাতৃ সকলৰ বিশেষ স্বাস্থ্য পৰীক্ষা কৰা হয় । মেৰাবিল স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত ৪০ গৰাকী গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । এই বিশেষ স্বাস্থ্য প্ৰশিক্ষণত গৰ্ভৱতী মাতৃ সকলৰ ওজন ,হিমগ্লবিন ৰক্তচাপ আদি পৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত সামূহিক স্বাস্থ্য বিষয়া জয়া বৰুৱা , পাৰ্থজিৎ ৰয় , এ এন এম কাশ্মীৰি গোস্বামী , এচ ডব্লিউ বিজু ডেকা , আশা কর্মী ক্ৰমে-ৰাধিকা দেৱী , তাৰা দেৱী,ৰণ মায়া দেৱী,দিপিকা দেৱী,সবিতা দাস,হিমা গিৰি উপস্থিত থাকি উক্ত কাৰ্য্যসূচী ৰূপায়ণ কৰে । সেইদৰে বালিগাঁও ,পানবাৰী , স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰতো ৫০ গৰাকী গৰ্ভৱতী মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । এই স্বাস্থ্য কেন্দ্ৰটোৰ কাৰ্য্যসূচী ৰূপায়নত সামূহিক স্বাস্থ্য বিষয়া ক্ৰমে জিম্পী শইকীয়া , নৰ্মদা ডেকা , ৰূপজ্যোতি দাসৰ লগতে এ এন এম -ক্ৰমে হিমাক্ষী চহৰীয়া ,আৰু সংগীতা দাস ,অনিমা বসুমতাৰী , এচ ডব্লিউ গৌহমচা দৈমাৰী , আশা চুপাৰ ভাইজাৰ প্ৰিয়া প্ৰভা ডেকা , আশা কৰ্মী বিবাৰী বসুমতাৰী ,বিহেশ্বৰী দৈমাৰী, মল্লিকা বেগম ,ৰহিলা বেগম ,মামণি দৈমাৰী,নিজুংশ্ৰী দৈমাৰী আদি উপস্থিত থাকি সহযোগিতা আগবঢ়াই ।সেইদৰে বাহিপুখুৰী চাহ বাগিচাত ১৬জুলাইত ৩৩ গৰাকী গৰ্ভৱতী মাতৃক বিশেষ ভাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে কৰোণা, এইছ আই ভি টেষ্ট আৰু ডায়েবেটিচৰো পৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত ৰূপায়নত সহায় সহযোগিতা আগবঢ়াই ডাঃ উপেন ডেকা ,ডাঃ কে পি মিশ্ৰ ,ফাৰ্মাচিষ্ট কে চি ব্ৰহ্ম, এ এন এম নিৰুপমা চহৰীয়া,হেলৰ্থ এচিচটেণ্ট চিবেশ গোৱালা , এ এন এম নিতা দেৱী ,মহিমা কুৰ্মী ,থিপলিং বড়ো ,আশা চুপাৰ ভাইজাৰ ববি তিগ্গা,আশা কৰ্মী ক্ৰম -আছিচন হেৰেঞ্জ, বেদৱন্তী ৰজক, যশোদা লাকড়া, মমি গৌড় আৰু সন্ধ্যা তাঁতিয়ে ।উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ উপায়ুক্ত ডাঃ পি উদয়ন প্ৰবীনে যোৱা ১১ জুলাইত ওৰাঙৰ কলাগুৰু বিষুৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত পৰ্য্যালোচনা সভাত উচ্চ শংকাজনিত গৰ্ভৱতী মহিলা সন্দৰ্ভত আলোকপাত কৰি বিষয়টো গুৰুত্ব ভাবে গ্ৰহণ কৰে । ১২ জুলাইত বেটিবাৰী চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন কৰি ২৯ গৰাকী গৰ্ভৱতী মাতৃৰ ৬ গৰাকী উচ্চ শংকাজনিত মহিলা চিনাক্ত কৰা হয় ।সেয়ে ওৰাং স্বাস্থ্য খণ্ডৰ অধীনস্থ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ সু স্বাস্থ্য ,সঠিক পুষ্টি ইত্যাদি সুনিশ্চিত কৰিবলৈ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য প্ৰশিক্ষণ পষেক মাহটোৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে ২৮০০ ৰ পৰা ৩০০০ হেজাৰ গৰ্ভৱতী মাতৃৰ প্ৰতি গৰাকীক সামৰি লোবা হব বুলি ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপি এম পংকজ সভাপণ্ডিতৰ পৰা জানিব পৰা যায় ।











