Home Blog Page 2939

সমাজ কৰ্মী তুষাৰ পাললৈ “ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা”

Exif_JPEG_420

মৰিয়নি  চেলেংহাটৰ এগৰাকী সমাজ কর্মী তথা শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা । আপকুৰ সহযোগত পাঁচ বছৰো অধিক সময় ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে এই জন সমাজ  কৰ্মী তথা শৰীৰ চৰ্চা বিদলৈ আগবঢ়োৱা হৈছে এই সমাজ সেৱা ৰত্ন বঁটা ।২০১৬ চনৰ পৰা ড্ৰাগচৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি ধাৰাবাহিক ভাবে চলাই অহা এই জন সমাজ কর্মীয়ে ইতিমধ্যে পাঁচ তাকৈ বঁটা পাবলৈ সক্ষম  হোৱাৰ সমান্তৰাল ভাৱে এই বঁটা পাই তেওঁক কাম কৰাৰ প্ৰৱণতা অধিক জন্মিব বুলি জানিবলৈ দিয়ে । ২০১৯ চনত আম্বেদকাৰ বঁটা,২০২০ ত ইণ্ডিয়ান বুক অব ৰেকৰ্ডৰ পৰা মানৱতা বঁটা,ভাৰতীয় দলিত সাহিত্য একাডেমি বঁটা,বলমা আলোক যুৱ সংঘৰ ২০১৯ অনুপ্ৰেৰণা বঁটা আৰু এইবাৰ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা ২০২১ পাবলৈ সক্ষম হৈছে।  সজাগতা মূলক চুটি ছবিও ডিজিটেল মাধ্যমত ক্ৰমে আতংক,যোদ্ধা, মৃত্যু দূত,আদি সম্প্ৰচাৰ কৰিছে ড্ৰাগছ ৰোধৰ সজাগতা সৃষ্টি কৰিছে। উল্লেখ যে যি সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ যোৱাত উদ্ধাৰৰ চেষ্টাত ব্ৰতী এই গৰাকী শৰীৰ চৰ্চাবিদক বিভিন্ন দল সংগঠনে সন্মান প্ৰদান জনাইছে যদিও  মানৱ দৰদী  তুষাৰ পাল আজিও চৰকাৰী স্বীকৃতি পৰা বঞ্চিত।

ঈদগাহ, কৱৰ স্থানত দুই হিন্দু যুৱকৰ বৃক্ষৰোপন

দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স’তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসৰ দৰে দুই হিন্দু যুৱকে লোৱা এই প্ৰচেষ্টাক ইছলাম ধৰ্মাৱলম্বী একাংশ বিশিষ্ট লোকে ভূয়সী প্ৰশংসা কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ পাচনীয়াপাৰা ঈদগাহ, পাচনীয়াপাৰা ৰাজহুৱা কৱৰ স্থান, পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ কোছপাৰা নিউক’লনি জামা মছজিদ, কোছপাৰা নিউক’লনি কৱৰ স্থান, সৰপাৰা কৱৰ স্থান, হালীগাঁৱ- সৰপাৰা ঈদগাহ, হালীগাঁৱ কৱৰ স্থান, নৈপৰীয়া চিমিনা ৰাজহুৱা মছজিদ, চিমিনা ৰাজহুৱা কৱৰ স্থানত শতাধিক গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত পাচনীয়াপাৰা মফিজুদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আয়ুৱউদ্দিন আহমেদ, পাচনীয়াপাৰা ঈদগাহ সমিতিৰ সম্পাদক তথা খ্যাতিমান প্ৰাক্তন ফুটবল তথা কাবাডী খেলুৱৈ আক্ৰাম হুছেইন, বঙৰা অঞ্চলৰ সমাজকৰ্মী জাফৰ আলী, মকবুল আলী, মিৰ্জাৰ ইমাম মতিউৰ ৰহমান, মিৰ্জাৰ সমাজসেৱী নাছিৰ আহমেদ, বিজু ৰহমান, মোস্তফা ৰহমান, সৰপাৰা কৱৰ স্থানৰ সম্পাদক মন্টু আলী, সহ: সম্পাদক মমতাজ আলী, বিটিএডিৰ গোৰেশ্বৰ অঞ্চলৰ সমাজকৰ্মী ৰাজীৱ আলী, ইনটাজুল আলী, চফিকুৰ ৰহমান, নুৰুদ্দিন আলী, চিমিনাৰ ইমাম আব্দুল ৰহমান, সমাজকৰ্মী নুৰ ইছলাম আলী, ইউনুছ আলী, যুৱ ব্যৱসায়ী লফিকুল আলী, তাজনুৰ আলাম প্ৰভৃতি লোকসকলে অংশগ্রহণ কৰে। শিক্ষাবিদ-সমাজকৰ্মী আয়ুৱউদ্দিন আহমেদে কয়- সচেতন মঞ্চ সচাঁকৈয়ে প্ৰশংসাৰ পাত্ৰ। মহামাৰী কৰ’ণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো নিজৰ জীৱনৰ প্ৰতি ভয়- শংকা নকৰি সাংবাদিক দীপক শৰ্মা আৰু প্ৰাক্তন ছাত্র নেতা মদন দাসে ঈদগাহ, কৱৰ স্থানত গছ ৰোপন কৰে। খ্যাতিমান প্ৰাক্তন খেলুৱৈ আক্ৰাম হুছেইনে কয়- সমন্বয়-সংহতিৰ সেতু গঢ়িলে সচেতন মঞ্চই। তেওঁলোকৰ চিন্তাই সমাজত এক ইতিবাচক বাৰ্তা বহন কৰিব। ইমাম মতিউৰ ৰহমানে কয়- আজিৰ এই জটিল সন্ধিক্ষণত এক মহামিলনৰ বাট সূচল কৰিলে দীপক-মদনে। মানুহৰ মাজত থকা ভেদা ভেদৰ প্ৰাচিৰখন ভাঙিবলৈ কৰা প্ৰয়াসক ইমাম গৰাকীয়ে আদৰণি জনায়।

লাহৰীঘাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত ছেনিটাইজেচন

সম্প্রতি ক’ৰণা মহামাৰী চলি থকা সময়ত বহু সংখ্যক লোক ক’ৰণা আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে। তেনে অৱস্থাত বৰ্তমান মৰিগাঁও জিলাক ৰেড জ’ন চিনাক্ত কৰি সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে । এই কেইদিনত লাহৰীঘাটতো ক’ৰণা আক্রান্ত হৈ একাংশ ব্যক্তিৰ মৃত্যু হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি লাহৰীঘাট গাঁও পঞ্চায়তৰ তৰফৰ পৰা সভানেত্রী লিলিমা খাতুনৰ নেতৃত্বত উক্ত পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ কেবাটাও বাসগৃহত আৰু পঞ্চায়তৰ কাৰ্যালয়ত ছেনিটাইজেচন কৰোৱা হয়। উল্লেখ্য যে ৬ নং ৱাৰ্ডৰ দুগৰাকী ব্যক্তিৰ ক’ৰণাত আক্রান্ত হৈ মৃত্যু হোৱাত সেই ব্যক্তি সকলৰ ঘৰতো আজি ছেনিটাইজ কৰোৱা হয়। 

ব্লাড কেঞ্চাৰত ভুগি থকা শিশুৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটা ব্যতিক্রমী স্বেচ্ছাসেৱক সংগঠন, লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনে এই বেলি বহু জনহিতকৰ কাম কৰি সমাজত এটা বিশেষ মৰ্যাদা লাভ কৰিছে।লাহৰীঘাট অঞ্চলৰ ধিঙৰআটি গাঁৱৰ  আইজুল  ইছলামৰ কন্যা শিশু চোমাইয়া ছিদ্দিকা বিগত প্ৰায় এমাহ ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছিল। সেই মৰ্মে আজি লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনৰ  সভাপতি তথা সমাজ সেবক জাবেদ আলীৰ নেতৃত্বত  শিশুটিৰ অভিভাবকক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য আগবঢ়ায় । আৰু  আৰ্থিক সাহায্য প্ৰদান কাৰ্যত সহযোগিতা কৰে সমুহ  অৰগেনাইজেচনৰ কৰ্ম কৰ্তা ক্ৰমে ফাহাদ শাহিন আলী, ৰেজুৱান ইছলাম, , আজহাৰুল আহমেদ , আফৰুচ  জাহান আৰু  ৰাজিবুল ইছলামে। তেওঁলোকৰ এই কাৰ্যত স্হানীয় লোকে প্ৰশংসা কৰিছে। 

১৫ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত আমিৰ-কিৰণৰ

১৫ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত ল’লে বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে। শক্তি দম্পতীহালে ৩ জুলাইত এক যুটীয়া বিবৃতিৰে পৃথকীকৰণৰ কথা ঘোষণা কৰে। অভিনেতাজনে প্ৰথমে ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুই সন্তান ক্ৰমে পুত্ৰ – জুনেইদ আৰু জীয়ৰী- ইৰা। এই বিবাহ খনৰ পৃথকীকৰণৰ পিছত ২০০৫ চনৰ ২৮ডিচেম্বৰ তাৰিখে আমিৰ খান কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। সেই সময়চোৱাত কিৰণ লগনৰ ছেটত আছোতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক আছিল।২০১১ চনৰ ৫ডিচেম্বৰ তাৰিখে দুয়োজনে চাৰোগেচীৰ জৰিয়তে জন্ম হোৱা তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ কথা ঘোষণা কৰে।
“এই ১৫ টা সুন্দৰ বছৰত আমি জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ-বতৰা কৰিছো আৰু আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত হে বৃদ্ধি পাইছিল। এতিয়া আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো – এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ-পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে”।

বন্দীত্ব জীৱনৰ অৱসান ঘটাই পুৱাৰে পৰা শিৱসাগৰত তহল বিধায়ক অখিল গগৈৰ

দীৰ্ঘদিনৰ বন্দীত্ব জীৱনৰ অৱসান ঘটাই কালি শিৱসাগৰত গৈ উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এতিয়া শিৱসাগৰৰ সমস্যাক লৈ বিশেষ গুৰুত্ব দিছে।

শিৱসাগৰৰ সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী বিধায়ক গৰাকীয়ে আজি পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক দল-দেৱালয়,দলং, পুখুৰী আদি পৰিদৰ্শন কৰে।

পুৱা প্ৰায় ৫ বজাৰ পৰা অখিল গগৈয়ে শিৱসাগৰ পুখুৰী, বিষ্ণুদল,যমুনা নদী, আৱৰ্ত ভৱন, দিখৌ নদী ওপৰৰ ওলমা দলং, জয়সাগৰ পুখুৰী, স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, ঘনশ্যাম দল, দেৱী দল, ফাকুৱা দল, হৰগৌৰী দৌল, তলাতল ঘৰ, গোলাঘৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়।

উল্লেখযোগ্য যে,বিধায়ক অখিল গগৈয়ে ৪/৫ দিন শিৱসাগৰত থাকি শিৱসাগৰ সমষ্টিৰ প্ৰতিখন গাওঁলৈ গৈ অঞ্চলসমূহৰ সমস্যাবোৰৰ বুজ ল’ব বুলি জানিবলৈ দিছে।

ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলত শিক্ষকৰ ছিপ লৈ আত্মহত্যা

ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ বিদ্যলয় চাৰ্ছ পাব্লিক স্কুলৰ নৱ ডেকা নামৰ কম্পিউটাৰৰ শিক্ষক জনে আজি ৰাতিপুৱা প্ৰায় ৭ মান বজাত স্কুলখনৰে এটা শ্ৰেণিকোঠাত থকা ফেনত চিপলৈ আত্মহত্যা কৰে । কামৰূপ জিলাৰ বেজেৰাত ঘৰ আছিল শিক্ষকজনৰ। স্বৰ্গীয় বিপিন চন্দ্ৰ ডেকা মাতৃ বিণা ডেকাৰ পুত্ৰ নৱ ডেকা প্ৰায় ৮ বছৰে উক্ত বিদ্যলয়খনত কৰ্মৰত আছিল । আত্মহত্যৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বহুতে স্কুল কতৃপক্ষৰ সৈতে কোনো কথাত মতানৈক্য হৈ এই সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনাস্থলিত ইতিমধ্যে আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি পৰৱৰ্তী পৰ্যায়ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হʼব বুলি জানিবলৈ দিয়ে ।

আৰক্ষীৰ গুলীত নিহত মাষ্টাৰমাইণ্ড কানৱালদীপ

ড্রাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰা অজিত দাসৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত হৈ থকা অভিযুক্ত এজনক আজি গ্রেপ্তাৰ কৰাৰ পাছতেই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াই নিহত কৰে৷ কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রকাশ কৰা অনুসৰি অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ থকাৰ তথ্যৰ ভিত্তিত আজি কার্বি আংলঙৰ পৰা গ্রেপ্তাৰ কৰা কানৱালদীপ সিং সিদ্ধুক গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে লৈ আহি থকাৰ সময়তে কার্বি আংলং জিলাখনৰ দলদলি সংৰক্ষিত বনাঞ্চলত এজন আৰক্ষী বিষয়াৰ পৰা হঠাৎ অস্ত্র কাঢ়ি পলাবলৈ লওঁতে আৰক্ষীয়ে কানৱালদীপ সিং সিদ্ধুক গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা কানৱালক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ ইফালে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও এই ঘটনা সন্দর্ভত টুইট কৰি সবিশেষ প্রকাশ কৰিছে৷

উল্লেখ্য যে ৰে’লৱে প্রটেকচন স্পেচিয়েল ফ’চৰ চতুর্থ বেটেলিয়নৰ পৰিদর্শক হিচাপে চাকৰি কৰা কানৱালদীপ সিং সিদ্ধুক নানা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা অপৰাধত বর্খাস্ত কৰা হৈছিল৷ এনেদৰে চাকৰিৰ পৰা বর্খাস্ত হৈ থকাৰ সময়তে ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰা সিদ্ধুৱে শেহতীয়াকৈ অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ পৰাই নহয়, এই অপহৰণৰ মাষ্টাৰমাইণ্ড হিচাপেও কাম কৰিছিল৷

উল্লেখ্য যে অজিত দাসৰ অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্রেপ্তাৰ হৈছে ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজবাবু সিং, আছাম ফৰেষ্ট প্রটেকচন ফ’চ বেটেলিয়নৰ হাবিলদাৰ জিতেন বাইলুং আৰু জাগীৰোড থানাৰ গৃহৰক্ষী জোৱান সূৰুয পাটৰ৷ তদুপৰি মনেশ্বৰ দাস নামৰ এজন ফার্মাচিষ্টকো এই ঘটনা সন্দর্ভত গ্রেপ্তাৰ কৰা হৈছে৷ যোৱা ২৩ জুনৰ নিশা পৰিকল্পিতভাৱে গুৱাহাটীৰ ৰে’লৱে কলনীৰ কালীবাৰীৰ বাসগৃহৰ পৰা অজিত দাসক অপহৰণ কৰি নিছিল এই অভিযুক্তকেইজনে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে অভিযান চলাই কার্বি আংলঙৰ পৰা অজিত দাসক উদ্ধাৰ কৰাৰ লগতে গ্রেপ্তাৰ কৰিছিল তিনিজনকৈ অপহৰণকাৰীক৷ ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত থকা আটাইকেইজনে ধনৰ লেনদেনৰ খেলিমেলি হেতু অজিত দাসক অপহৰণ কৰা বুলি স্বীকাৰ কৰিছিল৷ উল্লেখ্য যে ড্রাগ্ছ সৰবৰাহ তথা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত অজিত দাসকো আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷

জম্মুৰ পৰা উদ্ধাৰ হোজাইৰ মহিলা, ২৫ জুনত ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত হৈছিল সন্ধানহীন

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা ২৫ জুন তাৰিখে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা৷ ডবকাৰ শিংগিৰপাৰৰ  এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ বাটৰ পৰা সন্ধানহীন হয়৷ ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত মহিলাগৰাকীৰ পিতৃয়ে গোচৰ তৰাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি লাভ কৰে কিছু তথ্য৷

জম্মু–কাশ্মীৰৰ জম্মুত বাস কৰা এজন যুৱকে মহিলাগৰাকীগৰাকীক ফুচলাই জম্মুলৈ নিয়াৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতে মহিলাগৰাকীগৰাকী নাৰীদেহ চক্ৰৰ জালত পৰা বুলি আৰক্ষী নিশ্চিত হয়৷ তাৰ পিছতে হোজাই আৰক্ষীয়ে জম্মু আৰক্ষীৰ লগত যোগাযোগ কৰাত জম্মু আৰক্ষীয়ে জম্মুৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকী৷ মোৰাঝাৰ আৰক্ষীৰ তিনিজনীয়া এটা দল জম্মুত উপস্থিত হৈ চমজি লয় মহিলাগৰাকী৷ শুকুৰবাৰে আৰক্ষীয়ে যুৱতীগৰাকীক লৈ উপস্থিত হয় হোজাইত৷

আৰক্ষীয়ে লাভ কৰা তথ্য মতে, জম্মুৰ এজন যুৱকে ফোনযোগে প্ৰলোভন দি মহিলাগৰাকীক লৈ যায় জম্মুলৈ৷ হোজাই আৰক্ষীৰ তৎপৰতাত জম্মু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক৷  ইফালে জম্মুত অভিযান চলোৱাৰ সময়তে যুৱকজনে পলায়ন কৰে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷ইফালে আদালতত উপস্থিত হৈ মহিলাগৰাকীয়ে প্ৰদান কৰে চাঞ্চল্যকৰ ভাষ্য৷ বিদেশত কৰ্মৰত মহিলাগৰাকীৰ স্বামীয়ে ফোনযোগে দ্বিতীয় বিবাহ কৰাৰ ভাবুকি দিয়াৰ বাবেই মহিলাগৰাকীয়ে জম্মুলৈ নিজ ইচ্ছামতে পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে। মহিলাগৰাকীৰ ভাষ্যই এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ৰাখিছে।

গোলাঘাটত ক’ভিডে লৈছে ভয়ংকৰ ৰূপ : নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাটত ৰোধ হোৱা নাই ক’ভিডৰ সংক্ৰমণ। দৈনিক বৃদ্ধি পোৱা ক’ভিড পৰিস্থিতিত ত্ৰস্তমান গোলাঘাটবাসী। কালি নতুনকৈ ৩২৩ জন ক’ভিড পজিটিভ চিনাক্ত হৈছে। ক’ভিডৰ দ্বিতীয় ঢৌত গোলাঘাটত এতিয়া ক’ভিড ৰোগীৰ সংখ্যাই  ১২৪৭১ ঘৰ স্পৰ্শ কৰিলে। লগতে কালি মৃত্যু হোৱা ২ জনক ধৰি এইপৰ্যন্ত ১১৪ ৰোগী মৃত্যু মুখত পৰিছে। মন্ত্ৰী-বিধায়কৰে স্বাস্থ্য বিভাগৰ সঘনে হোৱা বৈঠকেও যেন নিয়ন্ত্ৰণ কৰিব পৰা নাই গোলাঘাটৰ ক’ভিড পৰিস্থিতি । পূনৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কালি  নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক’ভিড-19ৰ স্বাস্থ্যবিধি তথা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ক’ভিডবিৰোধী যুঁজখনত সফল হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । লগতে তেওঁ কয় যে গোলাঘাট জিলাখনক ক’ভিডমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব । জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে গৃহ আছুতীয়াকৰণত থকা লোকসকলে যাতে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । গৃহ আছুতীয়াকৰণৰ অনুমতি দিয়াৰ পাছতে যাতে সংশ্লিষ্ট ঘৰতো ছিল কৰাৰ ব্যৱস্থা কৰা হয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে । আনহাতে এসপ্তাহৰ ভিতৰতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান ১০ খন বিচনাযুক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । ইয়াৰোপৰি ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে জিলাখনত ১০ খন বিচনাৰ শিশুৰ আই চি ইউ কক্ষ নিৰ্মাণৰ কামো দুই এদিনতে আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে দুই/ তিনিদিনৰ ভিতৰতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিচনাৰ ক’ভিড কেয়াৰ কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব । বৈঠকত আলোচনামৰ্মে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ক বৰ্তমানৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় । তেওঁ কয় যে গোলাঘাট জিলাত ক’ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়া হৈছে । আজিৰ বৈঠকত সমগ্ৰ জিলাখনতে ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে নীতি-নিৰ্দেশনাসমূহ অধিক কঠোৰ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পিছত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো  সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৈঠকত কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰায়ো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় । তেওঁ এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ক’ভিড পৰীক্ষাত পজিটিভ ওলোৱা কোনো ৰোগীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে অথবা ক’ভিড বিধি উলংঘা কৰিলে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।