Home Blog Page 2942

জম্মুৰ পৰা উদ্ধাৰ হোজাইৰ মহিলা, ২৫ জুনত ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত হৈছিল সন্ধানহীন

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা ২৫ জুন তাৰিখে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা৷ ডবকাৰ শিংগিৰপাৰৰ  এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ বাটৰ পৰা সন্ধানহীন হয়৷ ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত মহিলাগৰাকীৰ পিতৃয়ে গোচৰ তৰাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি লাভ কৰে কিছু তথ্য৷

জম্মু–কাশ্মীৰৰ জম্মুত বাস কৰা এজন যুৱকে মহিলাগৰাকীগৰাকীক ফুচলাই জম্মুলৈ নিয়াৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতে মহিলাগৰাকীগৰাকী নাৰীদেহ চক্ৰৰ জালত পৰা বুলি আৰক্ষী নিশ্চিত হয়৷ তাৰ পিছতে হোজাই আৰক্ষীয়ে জম্মু আৰক্ষীৰ লগত যোগাযোগ কৰাত জম্মু আৰক্ষীয়ে জম্মুৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকী৷ মোৰাঝাৰ আৰক্ষীৰ তিনিজনীয়া এটা দল জম্মুত উপস্থিত হৈ চমজি লয় মহিলাগৰাকী৷ শুকুৰবাৰে আৰক্ষীয়ে যুৱতীগৰাকীক লৈ উপস্থিত হয় হোজাইত৷

আৰক্ষীয়ে লাভ কৰা তথ্য মতে, জম্মুৰ এজন যুৱকে ফোনযোগে প্ৰলোভন দি মহিলাগৰাকীক লৈ যায় জম্মুলৈ৷ হোজাই আৰক্ষীৰ তৎপৰতাত জম্মু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক৷  ইফালে জম্মুত অভিযান চলোৱাৰ সময়তে যুৱকজনে পলায়ন কৰে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷ইফালে আদালতত উপস্থিত হৈ মহিলাগৰাকীয়ে প্ৰদান কৰে চাঞ্চল্যকৰ ভাষ্য৷ বিদেশত কৰ্মৰত মহিলাগৰাকীৰ স্বামীয়ে ফোনযোগে দ্বিতীয় বিবাহ কৰাৰ ভাবুকি দিয়াৰ বাবেই মহিলাগৰাকীয়ে জম্মুলৈ নিজ ইচ্ছামতে পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে। মহিলাগৰাকীৰ ভাষ্যই এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ৰাখিছে।

গোলাঘাটত ক’ভিডে লৈছে ভয়ংকৰ ৰূপ : নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাটত ৰোধ হোৱা নাই ক’ভিডৰ সংক্ৰমণ। দৈনিক বৃদ্ধি পোৱা ক’ভিড পৰিস্থিতিত ত্ৰস্তমান গোলাঘাটবাসী। কালি নতুনকৈ ৩২৩ জন ক’ভিড পজিটিভ চিনাক্ত হৈছে। ক’ভিডৰ দ্বিতীয় ঢৌত গোলাঘাটত এতিয়া ক’ভিড ৰোগীৰ সংখ্যাই  ১২৪৭১ ঘৰ স্পৰ্শ কৰিলে। লগতে কালি মৃত্যু হোৱা ২ জনক ধৰি এইপৰ্যন্ত ১১৪ ৰোগী মৃত্যু মুখত পৰিছে। মন্ত্ৰী-বিধায়কৰে স্বাস্থ্য বিভাগৰ সঘনে হোৱা বৈঠকেও যেন নিয়ন্ত্ৰণ কৰিব পৰা নাই গোলাঘাটৰ ক’ভিড পৰিস্থিতি । পূনৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কালি  নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক’ভিড-19ৰ স্বাস্থ্যবিধি তথা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ক’ভিডবিৰোধী যুঁজখনত সফল হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । লগতে তেওঁ কয় যে গোলাঘাট জিলাখনক ক’ভিডমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব । জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে গৃহ আছুতীয়াকৰণত থকা লোকসকলে যাতে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । গৃহ আছুতীয়াকৰণৰ অনুমতি দিয়াৰ পাছতে যাতে সংশ্লিষ্ট ঘৰতো ছিল কৰাৰ ব্যৱস্থা কৰা হয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে । আনহাতে এসপ্তাহৰ ভিতৰতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান ১০ খন বিচনাযুক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । ইয়াৰোপৰি ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে জিলাখনত ১০ খন বিচনাৰ শিশুৰ আই চি ইউ কক্ষ নিৰ্মাণৰ কামো দুই এদিনতে আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে দুই/ তিনিদিনৰ ভিতৰতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিচনাৰ ক’ভিড কেয়াৰ কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব । বৈঠকত আলোচনামৰ্মে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ক বৰ্তমানৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় । তেওঁ কয় যে গোলাঘাট জিলাত ক’ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়া হৈছে । আজিৰ বৈঠকত সমগ্ৰ জিলাখনতে ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে নীতি-নিৰ্দেশনাসমূহ অধিক কঠোৰ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পিছত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো  সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৈঠকত কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰায়ো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় । তেওঁ এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ক’ভিড পৰীক্ষাত পজিটিভ ওলোৱা কোনো ৰোগীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে অথবা ক’ভিড বিধি উলংঘা কৰিলে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত উত্তেজনা

মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত  যোৱা কালি স্বাস্হ্য কৰ্মী ছাইফুল ইছলামক কৰ্তব্যৰত অৱস্হাত ৬-৭ জনীয়া যুককৰ দল এটাই আমন্ত্ৰণ কৰি আহত কৰে । আক্ৰমণকাৰী আটাইকেইজন বিজেপি কৰ্মী । ইয়াৰ এজন লাহৰীঘাট কলেজৰ শিক্ষক মুকছিদুল ইছলাম । অৱশ্যে খবৰ পাই লাহৰীঘাট থানাৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত কৰি আছে বুলি জনা গৈছে। 

বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। শিৱসাগৰলৈ যোৱাৰ বাটত অখিল গগৈৰ মন্তব্য

প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পাছত অৱশেষত কাৰাবান্দী জীৱনৰ অৱসান ঘটাই  বৃহস্পতি বাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে নিজ সমষ্টিলৈ যোৱাৰ পথত নগাঁৱৰ কৃষ্ণাইখাট আৰু ৰহাত অখিল গগৈৰ সমৰ্থকে উষ্ম আদৰণি জনায়।

বিধায়ক অখিল গগৈয়ে  বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰি কয়, “বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। অসমৰ ৰাইজক কেতিয়াও বিশ্বাসঘাটকতা নকৰোঁ। টোল গেট আৰু নদীবান্ধৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ হ’ব। উপ-নিৰ্বাচনত ৰাইজৰ দলে তিনিওটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব।”

“অসমত পুনৰ ‘কা’ (CAA) আন্দোলন হ’ব। ‘কা’ আন্দোলনৰ নামত একাংশ জাতীয় সংগঠনে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে” বুলিও কয় অখিল গগৈয়ে।পুৱাৰে পৰা ৰহা আৰু কৃষ্ণাইখাটত  ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য লগতে  শ শ লোকে হাতে হাতে গামোচা লৈ অখিল গগৈলৈ অপেক্ষা কৰি আছিল আৰু বিধায়কজন আহি পোৱাৰ লগে লগে তেওঁক আদৰণি জনায়।  “মিকিৰ বামুণীৰ থলুৱাৰ ভূমি কেতিয়াও উচ্ছেদ কৰিব দিয়া নহ’ব।  থলুৱাৰ সুৰক্ষাৰ স্বাৰ্থত কোনো আপোচ কৰা নহ’ব আৰু বিধান সভাত সজোৰে প্ৰশ্ন তুলিব” বুলি উল্লেখ কৰে।

দৰঙৰ ডিটিঅ’ কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা দৰঙৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কুমাৰ সঞ্জীৱ কৃষ্ণক ‘আছাম ছার্ভিচেছ (ডিচিপ্লিন এণ্ড আপীল) ৰুলছ, ১৯৬৪ৰ ৬ (১) (এ) নং বিধিৰ অধীনত নিলম্বন কৰা হয়৷

উল্লেখ্য যে অতি শেহতীয়াকৈ দুই মিনিট ৫০ ছেকেণ্ড দৈর্ঘ্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ য’ত ৰাজপথতে সুৰাপান কৰি কুমাৰ সঞ্জীৱ কৃষ্ণই কেইজনমান সহকর্মীৰ উপস্থিতিতে অশ্লীল মন্তব্য তথা অভব্য আচৰণ কৰা পৰিলক্ষিত হৈছিল৷ সুৰামত্ত পৰিবহণ বিষয়াজনৰ এনে কাণ্ডক লৈ দৰং জিলাৰ লগতে সমগ্র ৰাজ্যতে বিৰূপ প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ মাজতে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বনৰ নির্দেশ দিয়ে৷ লগতে বিষয়টোৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে পৰিবহণ আয়ুক্ত আদিল খানক৷ অহা ১৫ দিনৰ ভিতৰত পৰিবহণ আয়ুক্ত আদিল খানে তদন্ত প্রতিবেদন দাখিল কৰিব লাগিব৷

লাহদৈগড় আৰক্ষী চকীৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে পুনৰ ঢেকীয়াখোৱা দগাচুকৰ ডিম্বেশ্বৰ শইকীয়া ,বৰখেলিয়া তিনি আলিৰ গোপাল দাস আৰু ৰামপুৰৰ চুনিল কুমাৰৰ বাসগৃহত অভিযান চলাই অবৈধ ভাৱে ৰখা ৯ কাৰ্টুন দেশী,বিদেশী সুৰা জব্দ কৰি অৱকাৰী বিভাগক চমজাই দিয়ে। আৰক্ষী যোৱাৰ উমান পাই অভিযুক্ত কেইজন পলাই যাৱলৈ সক্ষম হয়।অসাধু ব্যৱসায়ী সকলৰ মুৰৰ কামোৰণী হৈ পৰিছে আৰক্ষী বিষয়া সঞ্জয় ৰয়।অাৰক্ষীয়ে জানিৱলৈ দিয়া মতে জব্দ কৰা সুৰা সমুহৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা।এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।

নগৰবেৰাৰ বদলাত হাঁহক ল’ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত কেইবাজন

নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ টিয়াপাৰাত ক্ৰমে দিলবৰ হুছেইন আৰু ফকৰ উদ্দিন নামৰ দুই পক্ষৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। কেইজনমানী হাঁহক ল’ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ ফলত দুয়ো পক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে ফকৰ উদ্দিনৰ মুঠ ১৯ টা হাঁহ ঘৰৰ পৰা নোহোৱা হোৱাত গাওঁখনৰে দিলবৰ হুছেইনৰ হাঁহৰ ফাৰ্মত হাঁহৰ লগত তেওঁৰ হাঁহ মিলি যোৱাৰ অভিযোগ তোলে যদিওঁ দিলবৰ হুছেইনে এই অভিযোগ মানি নলয়। তাৰ পিছত হাঁহক ল’ই উভয় পক্ষৰ মাজত প্ৰথমে কথা কটাকটি হয় তাৰ পিছত দুয়ো পক্ষই হাতত লাঠি, টাঙোন, চোকা অস্ত্ৰ লয় আৰু পৰিণতিত পৰস্পৰৰ মাজত প্ৰচণ্ড মাৰপিট হৈ দুয়ো পক্ষৰে গুৰুতৰভাৱে প্ৰায় পোন্ধৰ জনমান লোক আহত হয়। নিশাৰ ভাগতেই আৰক্ষীয়ে দুয়ো পক্ষকে নগৰবেৰা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও দিলবৰ হুছেইন, মনোৱাৰ হুছেইন, মুন্না আলী আৰু ফকৰ উদ্দিনৰ পক্ষৰ কেবাজনৰো অৱস্থা সংকটজনক হোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। সাধাৰণ কেইজনী মান হাঁহক কেন্দ্ৰ কৰি হোৱা এনে মাৰপিটৰ কাণ্ডই বহুতৰে চকু কপালত তুলিছে।

সাহিত্য অকাডেমীৰ ‘পৰিৱেশ সাহিত্য’ বিষয়ক গৱেষণাপত্ৰ পাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত অসমৰ তিনি লেখক

ভাৰত চৰকাৰৰ অধীনস্থ প্ৰসিদ্ধ প্ৰতিষ্ঠান সাহিত্য অকাডেমীৰ উদ্যোগত পৰিৱেশ সাহিত্য বিষয়ক গৱেষণাপত্ৰপাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে অসমৰ সাম্প্ৰতিক প্ৰজন্মৰ তিনিগৰাকী লেখক। আধুনিক সাহিত্যত বিশেষ গুৰুত্ব লাভ কৰা ইকো-ক্ৰিটিচিজ্মৰ চৰ্চা কৰি থকা তিনিগৰাকী লেখক ড০ অৰবিন্দ ৰাজখোৱা, পংকজ কুমাৰ দত্ত আৰু পংকজগোবিন্দ মেধিয়ে ৫ জুলাইত সাহিত্য অকাডেমীয়ে আয়োজন কৰা অনলাইন অনুষ্ঠানত নিৰ্দিষ্ট বিষয়ত গৱেষণা পত্ৰ পাঠ কৰিব। সাহিত্য অকাডেমীৰ কলকতাস্থ আঞ্চলিক সচিব দেবেন্দ্ৰ কুমাৰ দেবেশ, অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ ধ্ৰুৱজ্যোতি বৰাই অংশ গ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীত ‘কী নোট এড্ৰেছ’ সম্বোধন কৰিব অসম বিজ্ঞান সমিতিৰ সাধাৰণ সম্পাদক জয়দ্বীপ বৰুৱাই। উল্লেখ্য, অসমীয়া সাহিত্যত প্ৰকৃতি সাহিত্য বিষয়টো নতুন বিষয়। সেই দিশৰ পৰা “প্ৰকৃতি সচেতনতা আৰু অসমীয়া সাহিত্য” শীৰ্ষক সাহিত্য অকাডেমীৰ এই আয়োজনে অসমীয়া সাহিত্যৰ এই নতুন ধাৰাটোক মান্যতা দিছে।
এই গৱেষণাপত্ৰ পাঠ কাৰ্যসূচী সাহিত্য অকাডেমীৰ ইউটিউব চেনেল, ৱেবকাষ্ট আৰু ফে’চবুক পেজযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ হ’ব।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী ৰাইজৰ

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ ঘৰ বৰপেটা জিলাৰ বামুনকুছি গাওঁত। ১৯৭৮ ত জন্ম গ্ৰহন কৰা জয়ন্তৰ দেউতাকৰ নাম গোলোক শৰ্মা আৰু মাকৰ নাম ডালিমী দেৱী। আন্তঃ জিলা ছাব-জুনিয়ৰত জয়ন্তই বজালী জিলাক প্ৰতিনিধিত্ব কৰি চেম্পিয়ন হোৱাৰ লগতে জুনিয়ৰ আন্তঃ জিলাত দুবাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। ২০০০ চনত পাঠশালাত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত শ্ৰেষ্ট খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় জয়ন্তই। ইয়াৰ সুবাদতে একে বছৰতে গুৰগাওঁত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত তেওঁ পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। পঞ্চম সংখ্যক বৰপেটাত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ আৰু নৰ্থইষ্ট জোন, ৰাইপুৰত অনুষ্ঠিত হৈ যোৱা ৫৫ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতা, ডুলিয়াজানত অনুষ্ঠিত হোৱা ১৩ সংখ্যক নেচনেল ভলীবল লীগ প্ৰতিযোগিতা, বিশাখাপট্টমত অনুষ্ঠিত হৈ যোৱা ৫৭ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতা, গোৱালিৱৰত অনুষ্ঠিত হৈ যোৱা ৫৮ সংখ্যক চিনিয়ৰ ভলীবল প্ৰতিযোগিতা, চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৫৯ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত জয়ন্তই অংশ গ্ৰহন কৰাৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ উপৰিও প্ৰথম নৰ্থইষ্ট জোন ভলীবল প্ৰতিযোগিতাত জয়ন্তৰ অসম দলে বিজয়ীৰ খিতাপ অৰ্জন কৰে। লগতে ২০০১ চনৰ পৰা ২০০৭ চনলৈ ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ হৈ জয়ন্তই অংশ গ্ৰহন কৰে। তেওঁ লগ পোৱা ভলীবলৰ প্ৰশিক্ষক গনেশ শৰ্মা, প্ৰেমা শৰ্মা, গুণীন গগৈৰ উপৰিও আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰশিক্ষক চন্দ্ৰ সিং আৰু পি চি পাণ্ডিয়ানৰ আন্তৰিকতাৰে শলাগ জনাই। ২০১৮ চনত তেজপুৰত অসমৰ ভিতৰতে প্ৰথম ভলীবলৰ একাডেমী হিচাপে স্থাপন হৈছিল ৰেঙণী নামেৰে। একাডেমীৰ জন্ম দিছিল ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভটাচাৰ্য্যই আৰু একাডেমীত জন্ম লগ্নৰে পৰাই জয়ন্ত জড়িত হোৱাৰ উপৰিও প্ৰশিক্ষক হিচাপে বৰ্তমানেও কাম কৰি আছে। প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভটাচাৰ্য্যৰ একান্ত বিশ্বাসী আৰু মৰমৰ জয়ন্তই একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলক লৈ অসমৰ বিভিন্ন আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰাৰ উদ্যেশ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰি খেলুৱৈ সকলক সাহস আৰু প্ৰেৰণা যোগাই আহিছে। দলটোৰ লগত নিজেই খেলি খেলুৱৈ সকলৰ ভুল বিলাক আঙুলিয়াই দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। খুব কম সময়ৰ ভিতৰতে ৰেঙণীক অন্যান্য মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে জয়ন্ত শৰ্মাই। ৰেঙণীত প্ৰশিক্ষণপ্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া জিলা তথা ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ভট্টাচাৰ্য্যৰ লগত একেলগে ভলীবলৰ কাম কৰিবলৈ পায় জয়ন্তই গৌৰৱবোধ কৰে। তেওঁৰ পৰা যথেষ্ট কথা শিকা বুলি প্ৰতিবেদকৰ আগত অকপটে স্বীকাৰ কৰে। ভলীবলৰ লগত লাগি থাকি তেওঁ পাহৰি পেলাইছে নিজৰ জীৱনৰ কথা জীৱিকাৰ কথা। নুন্যতম মাননীৰে চলি থকা জয়ন্তৰ আৰ্থিক অৱস্থা সুৰক্ষিত নহয়। কিবাকৈ চলি থকা ঘৰ খনত তেওঁৰ যথেষ্ট অভাৱ প্ৰকট হৈ উঠিছে। একমাত্ৰ যুজাৰু মনটোৰ বাবেই লঘোণ নপৰাকে চলি আছে। অসমত ক্ৰীড়া কৰি কোনেওঁ জীৱন-জীৱিকাৰ পথ পাবলৈ সক্ষম হোৱা নাই। যাৰ বাবে অসমত খেলুৱৈৰ সংখ্যা কমি গৈ আছে। সম্প্ৰতি অসমত খেলুৱৈ সকলৰ বাবে ক্ৰীড়াটো হৈছে গৌন আৰু জীৱিকাটো মুখ্য। ইয়াৰ উমান পোৱা যায় অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা ভলীবল প্ৰতিযোগিতা সমূহত। খেলুৱৈ সকলে বিৰামহীন ভাৱে ইখনৰ পিছত সিখন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে কেইটামান টকাৰ কাৰণে। নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি পৰিয়ালৰ ভোৰণ-পোষণ দিয়া, ৰুগীয়া মাক-দেউটাকৰ ঔষধৰ যোগান ধৰা ইত্যাদি অনেক সমস্যা যোৰা মাৰিবলৈ তেওঁলোকে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দুপইচা সংগ্ৰহ কৰিব খোজে। তেওঁলোকৰ হাতত এতিয়া অন্য উপায়ো নাই। গতিকে এই সকল খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিব নোৱাৰি। কিন্তু এওঁলোকৰ প্ৰতিভাক অস্বীকাৰ কৰিব নোৱাৰি। জয়ন্তও ইয়াৰে এজন প্ৰতিভা সম্পন্ন খেলুৱৈ। বিশেষত তেওঁ হৈছে দলটোৰ লিবোৰু। জয়ন্ত খেলপথাৰত থকা মানে প্ৰতিপক্ষ দলৰ মূৰৰ কোমোৰণী হৈ পৰে। ক’ত কেনেদৰে বল পেলাব উপায় নোহোৱা হৈ যায়। যেন তেওঁ এজন উৰন্ত মানৱহে। এনেহেন খেলুৱৈ এজনৰ বাবে চৰকাৰৰ ফালৰ পৰা সংস্থাপনৰ ব্যাৱস্থা কৰিব পাৰিলে নিশ্চিত ভাৱে খেলুৱৈ সকল উৎসাহিত হৈ পৰিব লগতে অযুত আশা বুকুট বান্ধি খেলুৱৈ সকল খেলপথাৰলৈ আহি পাৰদৰ্শীতা উন্নত কৰাৰ প্ৰচেষ্ঠা হাতত ল’ব। ভলীবলৰ নামতে নিজকে সমৰ্পিত কৰা জয়ন্তৰ আত্ম সংস্থাপনৰ বাবে ক্ৰীড়া প্ৰেমী ৰাইজে বিনম্ৰতাৰে অনুৰোধ ৰাখিছে।

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক

সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক

কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীকো কৰিব সাক্ষাৎ