দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি-বাঘমাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বুধবাৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। “শক্তি বিভাগ হায়-হায় ,শক্তিমন্ত্ৰী হায়-হায় ,তিনি-চাৰিদিনে আন্ধাৰত মৰিছো ,আমাক পোহৰৰ দিহা কৰক ” আদি বিভিন্ন শ্ল’গানেৰে বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীত একেলগে দুঠাইত প্ৰতিবাদ। নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ বাঘবৰৰ আলোপতি-বাঘমাৰা চৰত বিদ্যুৎ গ্ৰাহকে সাৱ্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ। উল্লেখ্য যে বিগত প্ৰায় চাৰি-পাঁচ দিনৰে পৰা দক্ষিণ বৰপেটাৰ বাঘবৰ সমষ্টিৰ বিভিন্ন গাঁৱত বিদ্যুৎ ব্যাহত হৈ আছে। বিষয়টোক ল’ই গ্ৰাহক ৰাইজৰ লগতে আলোপতি ছাত্ৰ সংগঠনেও প্ৰতিবাদত অংশ ল’ই শীঘ্ৰে বিদ্যুত সেৱা নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে। স্মৰ্তৱ্য যে স্বাধীনতাৰ সাত দশকৰ অন্তত প্ৰায় ডেৰ-দুই বছৰৰ পূৰ্বেহে উল্লেখিত ঠাই সমূহত বিদ্যুৎ সেৱা আৰম্ভ হৈছিল যদিও সম্প্ৰতি উপৰিঞ্চি চাৰি-পাঁচ দিন একেৰাহে বিদ্যুৎ বিকল হৈ পৰাত সাধাৰণ গ্ৰাহকৰ লগতে বেয়াকৈ বিপদত পৰিছে একাংশ ব্যৱসায়ীও। বিদ্যুৎ চুৰি ৰোধ কৰি শীঘ্ৰে নিয়মীয়া গ্ৰাহক সকলক ২৪×৭ বিদ্যুৎ সেৱা আগবঢ়াবলৈ বিভাগটোলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।
গোসাইগাঁৱত সজল ফাউণ্ডেশ্যনৰ উদ্যাগত ৫০০ ই-ৰিক্মা চালকৰ মাজত চাউল বিতৰন
ক’ভিডৰ পৰা পৰিত্ৰান পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মিনি লক ডাউনৰ বাবে খাটি খোৱা লোকসকলে চৰম সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ ই ৰিক্সা চালক সকলে দুমুঠি অন্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সমস্যাৰ সন্মুখীন হোৱা গোসাইগাঁও সদৰ চহৰৰ ৫০০ ই- ৰিক্মা চালকক আজি হাব্ৰুবিল হাই স্কুল খেল পথাৰত সজল ফাউণ্ডেশ্যনৰ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যাগত তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা সংস্থাটোৰ সত্ৰাধিকাৰী সজল কুমাৰ সিংহই ১০ কেজিকৈ বাসমতি চাউল বিতৰন কৰি তেও সংবাদ মাধ্যমৰ আগত কয় যে মই আগতেও ৰাইজৰ স্বাৰ্থত কাম কৰি গৈছো আৰু এতিয়াও ৰাইজৰ হৈ সদায় কাম কৰি যাব ৷
নাজিৰা মহকুমাত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ লক্ষ্য : মহকুমাধিপতিৰ সভাকক্ষত বৈঠক
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে নাজিৰা প্ৰশাসনে মহকুমা খনত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে মহকুমা খনৰ চাহ বাগিচা সমূহতো ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলা হ’ব। এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ সভাকক্ষত স্থানীয় বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সভাপতিত্বত আৰু মহকুমাধিপতি সব্যসাচী কাশ্যপৰ অধ্যক্ষতাত মহকুমা খনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধায়ক গৰাকীয়ে কয় যে, ক’ভিড-১৯ -ৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধৰ বাবে মহকুমাখনৰ বাকী অঞ্চলৰ সমান্তৰালকৈ চাহ বাগিচা এলেকা সমূহতো ক’ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তুলিব লাগিব। এই লক্ষ্যত সফল হ’বলৈ তেওঁ বাগিচা কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সংগঠন সমূহক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ এই প্ৰক্ৰিয়াত প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে অতিৰিক্ত টিকাকৰণ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহনৰ বাবে আহ্বান জনায়। তেওঁ চাহ বাগিচা এলেকাৰ লোক সকলক প্ৰতিষেধক লোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকৰ মনত থকা ভয়-ভ্ৰান্তি-সংশয় আদি আঁতৰাবলৈ ব্যাপক সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উক্ত বৈঠকত, মহকুমাধিপতি সব্যসাচী কাশ্যপে চাহ বাগিচাৰ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে প্ৰতিষেধক লাভ কৰিছে, তেওঁলোকৰ সহায়ত বাগিচাৰ আৱাসী সকলক প্ৰতিষেধক লোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ পোষকতা কৰে। লগতে তেওঁ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ বিষয়ে উল্লেখ কৰে। আজিৰ বৈঠকত কাৰ্যবাহী দণ্ডাধীশসকল, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে মহকুমাটিৰ অন্তৰ্গত চাহ বাগানসমূহৰ কৰ্তৃপক্ষসকল উপস্থিত থাকে।
অসমৰ শিশুক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগৰ নৱতম প্ৰয়াস
অসমৰ শিশুসকলক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থৃয বিভাগে আজিৰে পৰা ‘নিউম’ক’ক্কেল কনজুগেট ভেক্সিন’ (পিচিভি) নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ প্ৰথমবাৰলৈ অন্তৰ্ভুক্তিৰে ৰাজ্যত কালিৰে পৰা পিচিভি টীকাকৰণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰত বুধবাৰে আগবেলা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই এটি ডেৰমহীয়া শিশুক কোলাত তুলি লৈ প্ৰথম পালি নিউম’ক’ক্কেল কনজুগেট ভেক্সিন প্ৰদানেৰে ৰাজ্য জোৰা এই অভিযান উদ্বোধন কৰে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাটে আৰু চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনৰ উপস্থিতিত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত নিউম’নিয়া প্ৰতিৰোধী এই নতুন টীকাকৰণ কাৰ্যসূচী মুকলি কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘আজিৰে পৰা অসমৰ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এটা নতুন প্ৰতিষেধকৰ অন্তৰ্ভুক্তিৰে আমাৰ ৰাজ্যখনৰ শিশুসকলক নিউম’নিয়াৰ সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়াস আৰম্ভ কৰিছে। ৫ বছৰৰ তলৰ শিশুসকল ষ্টেপট’ক’কাছ নিউম’নি নামৰ এবিধ বেক্টেৰিয়াৰ বাবে নিউম’নিয়াত আক্ৰান্ত হয়। নিউম’ক্কাচৰ সংক্ৰমণৰ ফলত নিউম’নিয়াৰ লগতে মেনিনজাইটিছ আৰু চেপ্টিছেমিয়াও হ’ব পাৰে। আজিৰে পৰা অসমতো চৰকাৰী বিনামূলীয়া টীকাকৰণ কাৰ্যসূচীত এই নিউম’ক’ক্কেল কনজুগেট ভেক্সিন (পিচিভি)কো আমি সামৰি লোৱাৰ ব্যৱস্থা কৰি আমাৰ শিশুসকলক সুৰক্ষিত কৰিব বিচাৰিছো। ৰাজ্যৰ প্ৰতিগৰাকী নৱজাতক শিশুৰ মাতৃকে মই আহ্বান জনাইছো যে তেওঁলোকে যাতে সপ্তাহৰ প্ৰতি বুধবাৰে আমাৰ স্বাস্থ্য বিভাগে হাতত লোৱা সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে নিজ নিজ সন্তানক এই প্ৰতিষেধক প্ৰদান কৰি নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহে।’ উল্লখ্য যে, মুঠ তিনি পালি খোৰাকীৰ এই পিচিভি প্ৰতিষেধকবিধৰ প্ৰথম পালি খোৰাকী শিশুক জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি খোৰাকী চৈধ্য সপ্তাহত আৰু অন্তিম পালি খোৰাকী ন মাহ বয়সত দিব লাগে। স্বাস্থ সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক নাটেই অনুষ্ঠানত প্ৰকাশ কৰে যে, এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ সম্পূৰ্ণ বিনামূলীয়া আৰু অতি সুৰক্ষিত প্ৰতিষেধক। ভাৰতত ২০১৭ চনত পৰীক্ষামূলক ভাৱে প্ৰথম পৰ্যায়ত মাথো পাঁচখন ৰাজ্যতহে এই পিচিভি প্ৰতিষেধক বিধ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ২০২১ চনত অসমকে ধৰি সকলো ৰাজ্যতে ইয়াক নিয়মীয়া চৰকাৰী টীকাকৰণ কাৰ্যসূচীত সামৰি ল’বলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। এতিয়ালৈকে বিশ্বৰ ১৪৬খন দেশত এই প্ৰতিষেধক বিধ ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। গুৱাহাটীৰ এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলৰ উপস্থিতিত আয়োজিত জিলাস্তৰীয় অনুষ্ঠানৰ জৰিয়তে পিচিভি প্ৰতিষেধক প্ৰদান অভিযান জিলাসমূহতো আজি আৰম্ভ কৰা হয়। স্বাস্থ্যমন্ত্ৰী মহন্তই অংশগ্ৰহণ কৰা ৰাজ্যিক অনুষ্ঠানটি প্ৰতিখন জিলা সদৰত আয়োজিত এই জিলাস্তৰীয় অনুষ্ঠানসমূহতো ভাৰ্চুৱেল মাধ্যমেৰে সংযুক্ত কৰি প্ৰচাৰ কৰা হয়।
নাগালেণ্ডক ৬মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ
নাগালেণ্ডক ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ। আজিৰ পৰা এই ঘোষণা কাৰ্যকৰী কৰা হৈছে। Armed Forces (Special Power) Act 1958ৰ দফা ৩ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ। নাগালেণ্ডৰ পৰিস্থিতি ভয়াৱহ হৈ থকাৰ বাবে সামৰিক হস্তক্ষেপ প্ৰয়োজন বুলি মন্তব্য কেন্দ্ৰৰ। এখন ৰাজপত্ৰিত জাননী জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে লৈছে এই পদক্ষেপ।
ৰাজহ চক্রৰ কার্যালয় ঘেৰাও প্রতিবাদী ৰাইজৰ
গুৱাহাটী মহানগৰীৰ জাবৰেৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে পানীখাইতী চ’কত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ উদ্যোগত ৰাজহুৱা ধর্ণা কার্যসূচীৰে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রদান কৰা হয়৷ প্রতিবাদকাৰীসকলে পানীখাইতী বিহু মঞ্চৰ পৰা এক প্রতিবাদী সমদল উলিয়াই চন্দ্রপুৰ ৰাজহ চক্রৰ কার্যালয়লৈ যোৱাৰ সময়ত ‘অসম চৰকাৰ হায় হায়, জি এম চি হায় হায়, ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, চন্দ্রপুৰলৈ জাবৰ অনা বন্ধ কৰক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
প্রতিবাদকাৰীসকলক্ উদ্দেশ্যি প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডোৱে কয় যে চন্দ্রপুৰবাসী ৰাইজে কোনো কাৰণত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ নিদিয়ে, সেয়েহে আজি ৰাইজে স্বতঃস্ফূর্তভাৱে প্রতিবাদস্থলীলৈ ওলাই আহিছে আৰু ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷
ইপিনে আন এক চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে গুৱাহাটী পৌৰ নিগমে অতিশীঘ্রে চন্দ্রপুৰলৈ জাবৰ অনা বন্ধ কৰিব লাগে৷ স্থানীয় বিধায়কগৰাকীৰ ভূমিকাক লৈ তীব্র ক্ষোভ কৰে নেতৃত্বদ্বয়ে৷ আজিৰ এই কার্যসূচীত প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্রতিনিধি, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ প্রতিনিধি, গুৱাহাটী জিলা ড্রাইবেল সংঘৰ প্রতিনিধি, চন্দ্রপুৰ উন্নয়ন খণ্ডৰ প্রতিনিধি, গুৱাহাটী জিলা কর্মচাৰী পৰিষদৰ প্রতিনিধি, প্রাগজ্যোতিষপুৰ নাগৰিক সমিতিৰ প্রতিনিধি, প্রাগজ্যোতিষপুৰ জনজাতীয় মহিলা কল্যাণ সমিতিৰ প্রতিনিধি, গ্রীন বাৰি’ৰ ফাউণ্ডেচনৰ প্রতিনিধিৰ লগতে চন্দ্রপুৰ অঞ্চলৰ দুই সহস্রাধিক লোকে অংশগ্রহণ কৰে৷
বৰপেটাৰ বামুনা গাঁওৰ উপ পশু চিকিৎসালয় শিয়াল কুকুৰৰ বাসস্থানলৈ পৰিণত
বৰপেটাৰ চহৰৰ গাতে লাগি থকা বামুনা গাঁওৰ উপ পশু চিকিৎসালয়খনৰ বিধ্বস্ত ৰূপ। জানিবপৰা মতে ৯০ দশকত স্থাপিত এই চিকিৎসালয়ত বৰ্তমান কোনো পশু চিকিৎসক নাই । বিগত প্রায় ১৬ বছৰ ধৰি বন্ধ হৈ আছে এই চিকিৎসালয়। এই চিকিৎসালয়খন মাথো শিয়াল কুকুৰেহে বাস কৰে। এটা সময়ত চাৰি পাঁচখন গাওঁৰ লোকে এই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ আহিছিল পশুধন। এতিয়া ৪ কিলোমিটাৰ আঁতৰত থকা বৰপেটা পশু চিকিৎসালয় লৈ আনিব লগা হয় চিকিৎসাৰ বাবে । এই এই অঞ্চলৰ লোকে খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা হেতুকে পৰিবহণ ব্যয় কৰিবলৈ অসমৰ্থ । যিবোৰ পশু চিকিৎসাৰ বাবে নিয়া হয় সেইবোৰ আধা বাটতে মৃত্যু হয়। ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৰাইজে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত চৰকাৰলৈ ৰাইজৰ অনুৰোধ এই পশু চিকিৎসালয়খন পুনৰনিৰ্মাণ কৰি চিকিৎসকসহ উপলব্ধ কৰে। পশুধনৰ বেমাৰত যাতে মৃত্যু নহয় তাৰবাবে ৰাইজৰ কাতৰ অনুৰোধ।









