Home Blog Page 2990

সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ এবছৰ, আজিও প্ৰতিগৰাকী অনুৰাগীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি

এটা বছৰ সম্পূৰ্ণ হ’ল সুশান্ত সিঙৰ অনুপস্থিতিৰ৷ বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে যদিও আজিও প্ৰতিগৰাকী অনুৰাগী তথা চলচ্চিত্ৰপ্ৰেমীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি৷ অবিশ্বাস্য তথা অতি আশ্বৰ্যজনকভাৱে হঠাতে হেৰাই যোৱা সুশান্তক দেশবাসীয়ে পুনৰ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছে৷

‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকৰ ‘মানৱ’ৰ চৰিত্ৰৰ জৰিয়তে সকলোৰে পৰিচিত তথা আপোন হৈ পৰা অভিনেতাগৰাকীয়ে ‘এম এছ ধোনী’, ‘দিল বেচ্চাৰা’, ‘কেদাৰনাথ’, ‘চিচোৰে’ আদি ছবিত কৰা অভিনয়ৰ প্ৰতিটো চৰিত্ৰই জীপাল কৰি ৰাখিছে সুশান্তৰ স্মৃতি৷
মুম্বাই ঘৰৰ নিজ কোঠাৰ ভিতৰতে আত্মহত্যা কৰা সুশান্তৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী৷ বহুকেইজন ঘনিষ্ঠ বন্ধুও আওপকীয়াকৈ চৰ্চালৈ আহিছিল সুশান্তৰ মুত্যুক কেন্দ্ৰ কৰি৷অতি নম্ৰ তথা শান্ত প্ৰকৃতিৰ সুশান্তৰ আত্মহত্যাৰ ঘটনাটো অনুৰাগী তথা পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি ধাৰণা কৰিছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ পাছত নিশ্চিত কৰা হয় আত্মহত্যা বুলি৷ আনহাতে সুশান্তৰ মৃত্যুৰ তদন্তৰ আঁত ধৰি এতিয়াও নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৱে মুম্বাইত চলাই আছে ড্ৰাগছবিৰোধী অভিযান। সেয়া অৱশ্যে এক অন্য প্ৰসংগ। প্ৰতিভাশালী অভিনেতাগৰাকীৰ আত্মহত্যাই হিন্দী ছবিজগতৰ পৰা এগৰাকী অতি প্ৰতিভাশালী অভিনেতাক আঁতৰাই লৈ গ’ল। দি গ’ল এক অপূৰণীয় শূন্যতৰ।

লাহৰীঘাটৰ বগলীপাৰাত নগদ ধন সহ ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটত  যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি  ড্ৰাগছ , নগদ ধনসহ  এজনক  আটক  কৰে। বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম নজৰুল ইছলাম( ৫০ ) । ধৃত নজৰুলৰ পৰা ৫ টা হি’ৰইন ভৰ্তি ,১ টা খালি কণ্টেইনাৰ, ২৩ টা টেবলেট আৰু নগদ ২৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহী নজরুল ইছলামৰ বিৰুদ্ধে Case No 337/21 U/S 21(a)/25/29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰিছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

ৰঙিয়াৰ বিজেপি সদস্য প্ৰদীপ চৌধুৰীক তাৎক্ষণিকভাৱে নিলম্বন

শুকুৰবাৰে নিশা কৰায়ত্ত হোৱা ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীৰ বাতৰিয়ে সমগ্ৰ অসম তোলপাৰ লগাইছিল,যত সাঙোৰ সাই পৰিছিল বিজেপিৰ কিছু নেতা মন্ত্ৰীৰ পৰা সাংসদলৈকে নাম । এইসন্দৰ্ভত উত্তৰ কামৰূপ জিলা বিজেপিৰ তৰফৰ পৰা এখন সংবাদমেল যোগে উপ-সভাপতি ভবেশ ডেকাই স্পষ্ট কৰি দিয়ে যে ধৃত প্ৰদীপ চৌধুৰীৰ লগত বিজেপিৰ কোনো নেতা মন্ত্ৰী তথা সাংসদৰ ঘণিষ্ঠতা নাই,হয়তো তেওঁ বিজেপি দলক ঢাল হিচাপে ব্যৱহাৰ কৰি সকলোৰে অজ্ঞাতে এই ব্যৱসায় চলাই গৈছিল ।সেয়েহে বিজেপি দলে তেওঁৰ এই অভিযোগ পোৱাৰ মাত্ৰেই তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ধৃত ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি জনাই। হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অসমতেই যি ড্ৰাগচ বিৰোধী অভিযান চলাই আছে ,ইয়াত বিজেপি দলে সম্পূৰ্ণ সহযোগীতা আগবঢ়াই আছে আৰু ভৱিষ্যতেও থাকিব বুলি জনাই । তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলকো সঠিক সংবাদ পৰিবেশন কৰি ড্ৰাগছ বিৰোধী সংগ্ৰাম খনক শক্তিশালী কৰিবলৈ অনুৰোধ জনাই। আনহাতে ৰঙিয়া সমষ্টিত প্ৰায় ৪২ হাজাৰ সদস্যৰে পুষ্ট এটি দলৰ প্ৰতিগৰাকীকে চিনাক্ত কৰা অত্যন্ত কঠিন, আৰু ভৱিষ্যতে দল এইক্ষেত্ৰত অধিক কঠোৰ হ্ব বুলিও জনাই ।

গুৱাহাটীত ১৬,৫৭০জনক ভেকচিন প্রদান

ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷

দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ মহানগৰ জিলা প্রশাসনে এসপ্তাহৰ ভিতৰত বাকী থকা প্রায় ১.৬০ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইফালে, দেওবাৰে গুৱাহাটী মহানগৰীত ২১,৪৩৫গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ২২৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

২৪ ঘণ্টাত ৭০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, এটা সপ্তাহত ৩০ শতাংশ হ্ৰাস আক্ৰান্তৰ হাৰ

দেশত কোৰোণা ভাইৰাছৰ (Covid-19 Cases in India) দ্বিতীয় ঢৌত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে। বিগত সপ্তাহত সংক্ৰমণৰ হাৰ ৩০ শতাংশ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১জন লোক। মৃত্যু হৈছে ৩৯২১জনৰ। ১ লাখ ১৯ হাজাৰ ৫০১জন লোক সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এতিয়ালৈ ২ কোটি ৯৫ লাখ ১০ হাজাৰ ৪১০জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২ কোটি ৮১ লাখ ৬২ হাজাৰ ৯৪৭জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ ৩ লাখ ৭৪ হাজাৰ ৩০৫জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৯ লাখ ৭৩ হাজাৰ ১৫৮জন লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছত।

লাহে লাহে শিথিল হ’ব কোভিড নিয়ম।দুটা ড’জ ভেকচিন লোৱা চৰকাৰী কর্মচাৰীক কার্যালয়ত যোগদানৰ নির্দেশ।

দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ সেই অনুসৰি ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা চৰকাৰী কর্মচাৰীসকল আজিৰ পৰা নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কার্যালয়ত৷ অৱশ্যে ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা কর্মচাৰীসকলে কার্যালয়ত উপস্থিত থকাৰ সময়ত মানি চলিব লাগিব চৰকাৰে জাৰি কৰা ক’ভিড প্রট’কল৷

প্ৰথমতে চৰকাৰী আৰু বেচৰকাৰী কার্যালয় দিনৰ দুই বজালৈ খোলা ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল চৰকাৰে৷  কিন্তু পৰৱর্তী সময়ত চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ ১৫ জুনলৈ সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰা হয়৷ ১৫ জুনলৈ চৰকাৰৰ এই এছ অ’ পি বাহাল থাকিব৷ ১৬ জুনৰ পৰা ক’ভিড নিয়ম শিথিল হ’ব বুলি আশা কৰা হৈছে।

ইপিনে ৰাজ্যত ভেকচিন প্রদানৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই পর্যন্ত ৰাজ্যৰ মুঠ ৪৭ লাখ৫০ হাজাৰ অধিক লোকে। ইপিনে ক’ভিডৰ সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ৰাজ্যত ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ নীতি–নির্দেশনা শিথিল কৰাৰ চিন্তা–চর্চা আৰম্ভ হৈছে৷ এনে পৰিপ্ৰেক্ষিতত দুটা ড’জ লোৱা চৰকাৰী কৰ্মচাৰীসকলক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিছে চৰকাৰে।

নলবাৰীৰ বিভিন্ন ঠাইত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী

স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয়  । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । বৰভাগ অঞ্চলৰ ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই । তদুপৰি এই ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থকা স্বাস্থ্য বিষয়া সহ স্বাস্থ্যকৰ্মী সকলক প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই গামোচাৰে সম্বৰ্দ্ধনা জনাই  । উল্লেখ্য যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী লোকে কোভিড ভেকচিন গ্ৰহণ কৰে । আজিৰ এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহিন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু কেইজন দলটোৰ কৰ্মী উপস্থিত থাকে  ।
          আনহাতে নলবাৰী জিলাৰ গোপালবজাৰস্থিত জ্ঞানপীঠ হাইস্কুলত ও ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক কোভিড ভেকচিন প্ৰদান কৰা হয়  । ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত ৪ নং খাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১২২ নং বুথৰ ৪৫ বছৰ ঊৰ্ধৰ ২০০ ব্যক্তিক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । আজিৰ এই কাৰ্যসূচীত নলবাৰী স্বাস্থ্য বিভাগৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মী সকল ,ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী সমিতিৰ বিষয়ববীয়া,৪ নং গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকল, বুথৰ কাৰ্যকাৰী সভাপতি সহ প্ৰমুখ্যে দলটোৰ কৰ্মকৰ্তা সকল  উপস্থিত থাকে  ।

কণ্টেইনমেণ্ট হোমত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী ,মাস্ক,চেনিটাইজাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক’ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক’ৰোণাত প্ৰাণ হেৰুৱাইছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক’ৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো সমষ্টিটোৰ চিকিৎসালয় সমূহত থকা ক’ভিদ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ’ন আৰু কন্টেইনমেন্ট হোম সমূহতো সাধাৰণ জনতাৰ অসুবিধাৰ বুজ লোৱা দেখা গৈছে। আজিও বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত,দক্ষিণপাট গাঁও পঞ্চায়ত,পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত  কণ্টেইনমেণ্ট হোমত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেঁওলোকে সন্মুখীন হোৱা সমস্যাৰো বুজ লয়। লগতে এই জটিল সন্বিক্ষণত কন্টেইনমেন্ট হোমত থকা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ  মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।খাদ্য সামগ্ৰী বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে যৎপৰোনস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আশাকৰো ইয়াৰ জৰিয়তে ৰাইজসকল উপকৃত হব।

যাত্ৰীৰ সুবিধাৰ বাবে অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন সাপ্তাহিক ৰেল

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে’ৰ পৰা সাতখনকৈ বিশেষ সাপ্তাহিক ৰেল চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত দুখন বিশেষ সাপ্তাহিক ৰেল অসমৰ দুটা ৰেল ষ্টেচনৰ পৰা  চলাচল কৰিব । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে  অসমৰ পৰা চলাচল কৰিবলগীয়া ৰেল দুখন হল ক্ৰমে  ০৫৬১৯/৫৬২০ কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক  এক্সপ্ৰেছ আৰু ০৩১৮১/৩১৮২ কলকাতা – শিলঘাট  টাউন – কলকাতা বিশেষ সাপ্তাহিক এক্সপ্ৰেছ । ইয়াৰ ভিতৰত কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক ৰেলখন অহা ২১ জুনৰ পৰা সপ্তাহৰ  প্ৰতি সোমবাৰে পুৱা ৬.৩০ বজাত কামাখ্যা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা পুৱা ৫.২৯ বজাত গৈ গয়া ষ্টেচন পাব । তেনেদৰে ২২ জুনৰ পৰা  সপ্তাহৰ প্ৰতি মঙলবাৰে বিশেষ সাপ্তাহিক ৰেলখন  দুপৰীয়া  ১২.৫৫ বজাত গয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা দুপৰীয়া ১২.৩০ বজাত আহি কামাখ্যা ষ্টেচন পাব । আনহাতে কলকাতা – শিলঘাট – কলকাতা বিশেষ সাপ্তাহিক ৰেলখন ২১ জুনৰ পৰা প্ৰতি সপ্তাহৰ   সোমবাৰে  কলকাতা আৰু ২২ জুনৰ পৰা  প্ৰতি সপ্তাহৰ মঙলবাৰে শিলঘাট ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব । আনহাতে দুয়োখন ৰেলৰে   যাত্ৰাকালত ৰাখিব লগীয়া ষ্টেচন , সময়সূচি  আদিৰ বিতং তথ্য ৰেলৱেৰ  ৱেবচাইটত আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন চ’ছিয়েল  মিডিয়াত উপলব্ধ হব বুলি মুখ্য  জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰিছে ।

সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

বৰপেটাৰ হাউলিত উপস্থিত মন্ত্রী ৰঞ্জিত কুমাৰ দাস।বৰপেটাৰ হাউলী অঞ্চলৰ ঐতিহাসিক মৈৰামাৰা সত্ৰৰ ভূমি বেদখল কৰাক লৈ বিশেক তৎপৰতা  হাতত লৈছে।  তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াবৰ্গক উক্ত বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে  নিৰ্দেশ দিয়ে ।  তেনে এক পৰিপ্ৰেক্ষিততেই আজি জিলা প্ৰশাসনৰ সমূহ বিষয়া সকল সত্ৰখনত উপস্থিত হৈ তৎপৰতাৰে সত্ৰৰ মাটিখিনিত  শান্তিপূৰ্ণ ভাবে সীমা নিৰ্ধাৰণ কৰাৰ সমান্তৰালকৈ মাটিৰ পট্টা থকা ব্যক্তিসকলক তেওঁলোকৰ ব্যক্তিগত মাটিৰ চিনাক্তকৰণ কৰি দিয়ে।  ইয়াৰ লগতে, তেখেতে তিনিওখন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায় যে সত্ৰৰেই হওঁক অথবা মছজিদেই হওঁক নাইবা গীৰ্জাই হওঁক, কোনো লোকেই যাতে এনে ধৰ্মীয় অনুষ্ঠানৰ মাটি বেদখল কৰিব   নোৱাৰে তাৰ প্ৰতি আব্বান জনায়।