Home Blog Page 3012

ডাঃ সেউজ কুমাৰ সেনাপতিক নিজৰ পছন্দৰ স্থানত সেৱা আগবঢ়োৱাৰ অনুমতি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

ডাঃ সেনাপতিৰ মাতৃ আৰু পৰিয়ালবৰ্গৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰে।

সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

লগতে মুখ্যমন্ত্ৰীয়ে চিকিৎসকক আক্ৰমণ কৰা কোনো দোষী সাৰি যাব নোৱাৰিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব বুলি মত প্ৰকাশ কৰে।

বৰলীয়া নৈৰ ওপৰত বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে আজি উটুৱাই নিলে এখন বাঁহৰ সাঁকো।

দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে।

কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন নৈৰ পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজে বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল।

প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰে।

সাঁকো খন উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ বাবে বন্ধ হৈ পৰে যাতায়ত।

অনতি পলমে দ্বাৰকুছি-
ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ এবিএমছু আৰু স্থানীয় ৰাইজৰ।

অন্যথা গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও এবিএমছুৰ সকীয়নি।

নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমত স্বেচ্ছাসেৱী সংগঠন সন্ধানৰ প্ৰতিষ্ঠা দিৱস পালন

“সন্ধান” স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মকৰ্তা সকলে প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটো নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত পালন কৰে। সংস্থাটোৰ কৰ্মকৰ্তা সকলে আশ্ৰমৰ ককা আইতা সকলৰ লগত সময় কটায় ধন্য অনুভৱ কৰাৰ লগতে আশ্ৰমখনৰ পৰিচালক মানৱদৰদী মজিবুৰ ৰহমানে দীৰ্ঘদিন ধৰি চলাই অহা মানৱতাবাদী পদক্ষেপক আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সংস্থাটোৱে আশ্ৰম চৌহদত ৰহমান ডাঙৰীয়াৰ হতুৱাই এটি মহানিম গছপুলি ৰোপণ কৰে আৰু সংৰক্ষণৰ ব্যৱস্থা কৰে। মজিবুৰ ৰহমানে সন্ধানৰ মাধ্যমেৰে যুৱ-সমাজক পৰিৱেশৰ প্ৰতি সজাগ সচেতন হোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে মানুহৰ সেৱাত ব্ৰতী হৈ মানৱতাক উদ্ধাৰ কৰাৰ বাবে অনুৰোধ জনায়।

বন ধ্বংসকাৰীক বিহা হ’ব কঠোৰতম শাস্তি -জিতু গোস্বামী

নগাঁও জিলা বন সংমণ্ডল কাৰ্যালয়ৰ এলেকাধীন কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু কন্দলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গাভৰু জুৰিৰ পাৰত আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৩৫ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপন কৰা হয়।দুই বছৰৰ ভিতৰত মুঠ ৬৫০ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লোৱা নগাঁও বন বিভাগৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।নগাঁও জিলা সংমণ্ডল বন বিষয়া বচনথম বিয়ে আত ধৰা এই কাৰ্যসূচীত নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু কঠিয়াতলি আঞ্চলিক বন বিষয়া দুলাল বৰদলৈ,বনপালক প্ৰভাত বৰা প্ৰমুখ্যে বন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিত থাকে। কভিড প্ৰটকল ৰক্ষা কৰি অনুষ্ঠিত হোৱা কাৰ্যসূচীত কন্দলি ,বামুনীকে ধৰি আশে পাশে থকা বহু অঞ্চলৰ গাঁওবুঢ়া,গাঁও পঞ্চায়ত ,সভাতিকে ধৰি বহু স্থানীয় লোকে  অংশগ্ৰহণ কৰে।উল্লেখ , যোৱা ১৩ মে তাৰিখে কন্দলিৰ সমীপবৰ্তী তপতজুৰি এলেকাত ব্ৰজপাতৰ ফলত ১৮ টাকৈ বন্য হস্তীয়ে কৰুণ মৃত্যুক সাৱটি লব লগা হয়।বিশেষকৈ খাদ্যৰ অভাৱত বনাঞ্চলত থকা বন্য হস্তীয়ে জনাঞ্চলত প্ৰবেশ কৰি উপদ্ৰৱ চলোৱাৰ বাবে দিনক দিনে হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে।এনেধৰণৰ সংঘাত ৰোধ কৰাৰ বাবে হাতীৰ খাদ্যৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী এক ইতিবাচক খবৰ হিছাপে বিবেচিত হৈছে।আজি এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়ক জিতু গোস্বামীয়ে কয় যোৱা ১৩ মেত কন্দলি তপত জুৰি ব্ৰজপাত পৰি ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছিল।ইয়াৰ পিছতে মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই পাহাৰটো সেউজীয়া আৰু সুন্দৰ কৰি তোলাৰ পদক্ষেপ গ্ৰহন কৰা হৈছে।বৰ্তমান সময়ত ৩৫ হেক্টৰ বন ভূমিত এই আঁচনি হাতত লোৱা হৈছে আৰু দুবছৰৰ ভিতৰত ৬৫০ হেক্টৰ ভূমিত এই বৃক্ষৰোপন কাৰ্যসূচীৰ জৰিয়তে সামৰি লোৱা হব বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে।অবৈধ ভাৱে গছ কাটি বন ধ্বংস কৰা বন মাফিয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তি বিহা হব বুলি বিধায়ক জিতু গোস্বামীয়ে উল্লেখ কৰি ৰোপন কৰা গছপুলি সমূহ ৰক্ষণাবেক্ষণৰ বাবে স্থানীয় লোকক দায়িত্ব অৰ্পন কৰা হৈছে আৰু ইতিমধ্যে স্থানীয় লোকসকলক জড়িত কৰি সমিতি গঠন কৰা হৈছে।আজিৰ এই কাৰ্যসূচীত নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ,টিৱা কাউঞ্চিলৰ সভাপতি মদন বৰদলৈকে ধৰি বন বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া ,সমাজকৰ্মী স্থানীয় ৰাইজ উপস্থিত থাকি একোটাকৈ গছপুলি ৰোপন কৰি কাৰ্যসূচী সফল কৰি তোলে।

ৰায়মনা নেশ্যনাল পাৰ্ক নিৰ্মাণৰ ঘোষণা মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰঃ উৎফল্লিত গোসাইগাঁওবাসী

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি  গোটেই বিশ্বৰ লগতে  আজি গোসাইগাঁও মহকুমাৰ বিভিন্ন ঠাইত অনুষ্ঠান – প্ৰতিষ্ঠান,প্ৰশাসন যন্ত্ৰকে  ধৰি বিভিন্ন জনে বিভিন্ন প্ৰকাৰে  বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ সেই উপলক্ষে আজি কচুগাঁও বনসংমণ্ডলৰ কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জৰ উদ্দোগত ভাৰত-ভূটান সীমান্ত এলেকাৰ নবীন নগৰত চেণ্ট্ৰেল ৰেঞ্জৰ  ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰ নেতৃত্বত আৰু বন কৰ্মী সকলৰ সহযোগত ৫০০ গছপুলি ৰোপন কৰি তালুকদাৰে কয়’এটি গছ এটি প্ৰাণ জীয়াই থাকিব লাগিলে গছ ৰোপণ কৰক ৷ এই মূলমন্ত্ৰৰ বানীৰে অঞ্চলটো সেউজ – শ্যামলা কৰি তোলাৰ বাবে  পাঁচ শ বিভিন্ন প্ৰজাতিৰ বাবে গছ পুলি ৰোপণ কৰে ৷ৰায়মোনা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ সঞ্জয় মছাহাৰীৰ নেতৃত্বত আৰু বনকৰ্মী সকলৰ সহযোগত ৩০০ তিনিশ গছপুলি ৰোপন কৰে।বড়বাদা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ শাহানুৰ আলম শ্বেখৰ নেতৃত্বত আৰু বনকৰ্মী সকলৰ সহযোগত অসম -বংগসীমান্তবৰ্তী এলেকাৰ  ফাইলাগুৰীত  বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ ৫০০ গছপুলি  ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত  বিভিন্ন প্ৰজাতিৰ গছ পুলি বিতৰণ  কৰে  লগতে কভি’ড সংক্ৰান্তীয় সজাগতাৰ বাবে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ৷ ফাইলাগুৰীত এখন ফৰেষ্ট কেম্পৰ দ্বাৰ মুকলি কৰে ৷বড়বাদা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ শাহানুৰ আলমে কয় যে  বনধ্বংসই আমাৰ মানৱ জাতিক সংকটময় অৱস্থাত লৈ যাব সেয়ে ধুৰূপ ৷গতিকে বিশ্ব তথা দেশৰ পৰিস্থিতিৰ পিনে দৃষ্টি দি প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাত সকলোৱে যত্ন পৰ হব লাগিব ৷তেতিয়াহে জীয়াই থকাৰ যি সমল অক্সিজেন সেয়া কেতিয়াও নাটনি নহব আৰু মানৱ জাতি সংকটত নপৰিব ৷ বিশ্ব পৰিৱেশ দিৱসত গ্ৰাহামপুৰ সমবায় সমিতিৰ সভাপতি সভাপতি সঞ্জয় মাৰাণ্ডীয়ে অংশ গ্ৰহণ কৰি কয় যে বনজ সম্পদ ৰক্ষা কৰাৰ বাবে সকলোৱে দায়বদ্ধ হব লাগিব ৷অকল গছ পুলি ৰোপণ কৰিলে নহব  যত্ন সহকাৰে ডাঙৰ দীঘল কৰি বট বৃক্ষৰ ৰূপ দিব পাৰিলেহে বিশ্ব পৰিৱেশৰ দিনটোৰ স্বাৰ্থকতাৰ প্ৰতিচ্ছবিৰ বাস্তৱতা দেখা পাম ৷তেলিপাৰাস্হিত গোসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন প্ৰজাতিৰ  ২০০ গছ পুলি ৰোপণ কৰে ৷গছ পুলি ৰোপণ কৰাৰ অন্তত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মূখ্য বৈজ্ঞানিক সুনিল পালে কয় যে  প্ৰকৃতিৰ ওপৰত  জীৱ শ্ৰেষ্ঠ মানৱৰ সীমাহীন  নিৰ্যাতনৰ ফলত সৃষ্টি হোৱা গোলকীয় উষ্ণতা ,বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ ভাৰসাম্যহীন প্ৰাকৃতিক পৰিৱেশ আদি উপলব্ধি কৰি গছ গছনি ৰক্ষাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকে মনোযোগ দিব লাগে আৰু গছ ৰোপণৰ প্ৰতিযোগিতা চলাই যত্ন সহকাৰে ডাঙৰ দীঘল কৰি তোলাৰ মনোবৃত্তি গঢ়ি তুলিব লাগে ৷গছ গছনি ধ্বংস কৰাৰ মনোবৃত্তি সমূলি পৰিত্যাগ কৰাৰ বাবে সকলোকে আহ্বান জনায় ৷কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ কয় যে আজি এই বিশ্ব পৰিৱেশৰ দিনা অসমৰ মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  কচুগাঁও বনসংমণ্ডলৰ অধীনস্হ ৰায়মনাত নেশ্যনল পাৰ্ক নিৰ্মাণ কৰা কথা ঘোষণা কৰাত মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে লগতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ,বি টি আৰ চীফ প্ৰমোদ বড়ো ,বি টি আৰৰ বন বিভাগৰ ই এম ৰনজিত বসুমাতাৰীক ধন্যবাদ জ্ঞাপন কৰে ৷নেশ্যনাল পাৰ্ক নিৰ্মাণৰ  ঘোষণাৰ খবৰ লাভ কৰি গোসাইগাঁও বাসী ৰাইজ উৎফল্লিত হৈ পৰিছে ৷

মহলীয়াপাৰা আঞ্চলিক ছাত্র সন্থাৰ সহযোগত দলংঘাট মিলন হাইস্কুলত স্বাস্থ্য বিভাগৰ ভেকচিন প্ৰদান

মহামাৰী কভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি চৰকাৰৰ বিভিন্ন নিয়ম নিয়ম-নীতি নিৰ্ধাৰণ কৰিছে তাৰ লগতে বিভিন্ন প্ৰকাৰে কভিড-১৯ৰ ভেকচিন প্ৰদান কৰিছে। শনিবাৰে দৰং জিলাৰ দলংঘাট মিলন হাইস্কুলত মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্বাস্থ্য বিভাগে ভেকচিন প্ৰদান কৰে। প্ৰতিকুল বতৰকো নেওচি দলংঘাট মিলন হাইস্কুলত ৪৫ বছৰৰ উদ্ধৰ লোকে গ্ৰহন কৰে কভিড-১৯ৰ ভেকচিন। উল্লেখযোগ্য যে, দৰঙৰ মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দৰং জিলা স্বাস্থ্য বিভাগেমহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত অঞ্চলত তিনি দিনিয়াকৈ কভিড-১৯ৰ ভেকচিন প্ৰদানৰ কৰে। বৰ্তমান কভিডৰ ভয়াবহ সময়ৰ মাজতে ভেকচিন প্ৰদানত সহযোগ কৰি ৰাইজক সজাগ সচেতন কৰিছে মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল নাথৰ লগতে আছুৰ কৰ্মী সকলে।ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ চহৰীয়াৰ লগতে স্হানীয় কেইবাজনো সমাজ সচেতন ব্যক্তি।মহামাৰীৰ কভিড-১৯ৰ আৰম্ভণিৰ পৰাই মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ মহলীয়াপাৰা-দলংঘাট অঞ্চলত আৰ্থিক ভাবে দুৰ্বল পৰিয়াল সকলক বিভিন্ন সময়ত সহায় সহযোগিতা কৰি অহা পৰিলক্ষিত হৈছে। মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ এনে পদক্ষেপক শলাগ লৈছে ৰাইজে।

নগাঁৱত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিশ্ব পৰিবেশ দিবস উদযাপন

সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জিলাখনৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন , গছ পুলি বিতৰন , সজাগতা অনুষ্ঠান আদি কাৰ্যসূচী ৰূপায়ন কৰে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত আৰু নগাঁও ৰটাৰী ক্লাব আৰু সেউজ নগাঁৱৰ সহযোগত চহৰখনৰ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত , হয়বৰগাও ৰাজপথৰ ডিভাইদাৰৰ মাজত বৃক্ষ ৰোপন কৰাৰ লগতে লাওখোৱা পথত   লখিমী যোগ কেন্দ্ৰ আৰু  আত্ম সহায়ক গোটৰ সহযোগত বৃক্ষ ৰোপন কৰে । তদুপৰি কেচাআলি আৰু নিজৰ বাসভৱনতো বিধায়ক গৰাকীয়ে বৃক্ষ ৰোপণ কৰে । এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় , বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰকৃতি সুংৰক্ষনৰ ওপৰত গুৰুত্ব দিব লাগিব । প্ৰকৃতি থাকিলেহে মানৱ জাতি জীয়াই থাকিব । সেয়ে আমি সকলোৱে প্ৰকৃতি সুৰক্ষাৰ কামত সৰ্বাধিক গুৰুত্ব দিব লাগিব । তেওঁ লগতে কয় , অকল ৫ জুন বুলিয়েই নহয় , পৰিবেশৰ  ভাৰ সাম্যতা ৰক্ষাৰ বাবে সকলো সময়তে গছ পুলি ৰোপন কৰিব লাগে । কাৰোবাক উপহাৰ দিব লগা হলে গছ পুলিকে উপহাৰ হিচাবে দিবৰ বাবে বিধায়ক গৰাকীয়ে   ৰাইজক আহবান জনাই । ইপিনে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আৰু নেতাজী বিদ্যপীঠৰ সহযোগত বিদ্যপীঠৰ চৌহদত বৃক্ষ ৰোপন কাৰ্যসূচীৰ লগতে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মা , পৰিবেশ কৰ্মী স্বপন চৌধুৰীৰ লগতে খগেন চন্দ্ৰ নাথ , ৰুনজুন বৰা , মনালিছা ভাগৱতীয়ে অংশ গ্ৰহণ কৰে । বৰকলা আদৰ্শ লালুং গাৱৰ ড: বি আৰ আম্বেডকাৰ বিদ্যাপীঠত অনুষ্ঠিত বিশ্ব পৰিবেশ দিবসত প্ৰধান শিক্ষক স্বৰুপানন্দ বৰদলৈ , সমাজকৰ্মী কেশৱ বৰদলৈ , যুগ প্ৰসাদ বৰদলৈ , পবিত্ৰ শইকীয়া , মাধবী বৰা আদিয়ে অংশ গ্ৰহণ কৰে । নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’চিয়েচনৰ উদ্যোগতো বিশ্ব পৰিবেশ দিবস উদযাপন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সাংবাদিক কনক হাজৰিকা , নেমাৰ সভাপতি তপন কুমাৰ বৰা , সম্পাদক বিৰেন বৰা আদিয়ে অংশ গ্ৰহণ কৰে । সাংবাদিক সকলৰ মাজত গছ পুলি বিতৰন কৰা হয় । শিল্পী কমল লস্কৰে সংবাদিক সকলৰ মাজত মাস্ক , ছেনিটাইজাৰ বিতৰণ কৰে ।

নগাঁৱত কভিড ভেকচিনৰ নাটনি ।কেন্দ্ৰত হুলস্থুলীয়া পৰিবেশ ।

নগাঁৱত কভিড ভেকচিনৰ নাটনিয়ে ভেকচিন লব বিচৰা লোক সকলক চিন্তিত কৰি তুলিছে । ভেকচিন লবৰ বাবে প্ৰতি দিনে ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত বহু লোকে ভীৰ কৰা পৰিলক্ষিত হৈছে । বহুতে ভেকচিন নেপাই বিফল মনোৰথেৰে ওভতি আহিব লগা হৈছে ।  আজিও নগাৱৰ এটা ভেকচিন প্ৰদান কেন্দ্ৰত একে পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুলৰ কভিড ভেকচিন প্ৰদান কেন্দ্ৰত  এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুল ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন লবৰ বাবে  আজি    পুৱা ৫ বজাৰ পৰা বহু লোকে শাৰি পাতি অপেক্ষা কৰি থকা পৰিলক্ষিত হয় । ক’ভাক্সিন ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষই দিয়া বাৰ্তাৰ ওপৰত ভিত্তি কৰি আজি পুৱাৰে পৰা দ্বিতীয় পালি ভেকচিন লবৰ বাবে কেন্দ্ৰটোত বহু লোকে ভিৰ কৰে । কেন্দ্ৰটোৰ দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মীয়ে পুৱা  ১০ বজাত স্বাস্থ্য বিভাগৰ দ্বায়িত্বত থকা নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নেতৃত্বত প্ৰস্তুত কৰা এখন সুকীয়া তালিকাত নাম থকা লোককহে ভেকচিন প্ৰদান কৰা হব বুলি ঘোষনা কৰাৰ লগে লগে ভেকচিন লবলৈ যোৱা লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয় । একাংশ উত্তেজিত লোকে কেন্দ্ৰটোত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । এই লোক সকলে কৰা অভিযোগ অনুসৰি ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পক্ষপাত মূলক ভাবে তালিকা প্ৰস্তুত কৰে । যাৰ বাবে পুৱা  ৫ বজাৰ পৰা শাৰি পাতি থকা বহু বৃদ্ধ লোকো দ্বিতীয় পালি ভেকচিন লোৱাৰ পৰা বঞ্চিত হব লগা হয় । পিছত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অৱশ্যে তালিকাত নাম থকা লোক সকলে ভেকচিন লাভ কৰিবলৈ সক্ষম হয় । আজি ভেকচিন প্ৰদান কেন্দ্ৰটোত কভিড প্ৰটকলৰ কোনো চিন মোকামেই দেখা নগল ।  নাই কোনো সামাজিক দুৰত্বৰ নীতি । নগাঁও জিলাত ভেকচিন প্ৰদান কাৰ্যসূচী বৃদ্ধি কৰিবলৈ সচেতন লোক সকলে চৰকাৰক আহবান জনাইছে । জিলাখনত ক’ভাক্সিনৰ  নাটনিয়ে দ্বিতীয় পালি লবৰ বাবে অপেক্ষা কৰি থকা লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

নলবাৰীত ডকাইতৰ লগত দুঃসাহসিক অভিযান চলোৱা আৰক্ষীক পুৰস্কৃত কৰে জি পি সিঙে

নলবাৰী জিলাত আজি উপস্থিত হ’ল  ৰাজ্য খনৰ আৰক্ষী বিভাগৰ এডিজিপি  জি পি সিঙ । কালি নলবাৰী আৰক্ষী আৰু ডকাইতৰ এটি দলৰ মাজত সংঘটিত হোৱা গুলীচালনাত ডকাইত কেইগৰাকী গুলীবিদ্ধ হোৱা ঘটনা সন্দৰ্ভত বুজ ল’বলৈ নলবাৰীত উপস্থিত হ’ল অসম  আৰক্ষী বিভাগৰ উচ্চ  পৰ্যায়ৰ এই  বিষয়া গৰাকী । তদুপৰি জি পি সিঙে নলবাৰী সদৰ থানাত উপস্থিত হৈ  নলবাৰী আৰক্ষীৰ এই দুঃসাহসিক কাৰ্যৰ শলাগ লয় আৰু প্ৰশংসা কৰে । নলবাৰীত উপস্থিত হৈ  ডকাইতৰ দলটোৰ লগত চলোৱা উক্ত দুঃসাহসিক অভিযানত থকা নলবাৰী  আৰক্ষী সকলক পুৰস্কৃত কৰে জিপি সিঙে । আনহাতে বিষয়া গৰাকীয়ে নগদ ধনৰে পুৰস্কৃত কৰে অভিযানত থকা আটাইকেইজন নলবাৰী আৰক্ষীৰ কনিষ্টবলক । সমান্তৰাল ভাৱে এই অভিযানত নেতৃত্ব দিয়া আটাইকেইজন নলবাৰীৰ আৰক্ষী বিষয়াক সাহসিকতাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে এডিজিপি জিপি সিঙে।

অনলাইনযোগেই গীতে মাতে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰিলে গুৱাহাটীৰ ‘চেইন্ট মেৰি’জ স্কুলৰ’ একাংশ ছাত্ৰীয়ে