কোন হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি? ৰঞ্জিৎ দত্ত,ভৱেশ কলিতা নে ড: প্ৰদীপ ঠাকুৰীয়া?
পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ’ব পাৰে আপোনাৰ? সবিশেষ চাওক এই প্ৰতিবেদনত।
পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ’ব পাৰে আপোনাৰ? সবিশেষ চাওক এই প্ৰতিবেদনত।
নগাঁৱত আৰক্ষীৰ বাহনতে আত্মহত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত চোৰৰ
ড্ৰাগছৰ বাবেই বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম জড়িত হৈ পৰিছে অপৰাধ জগতৰ সৈতে। আজি নগাঁওত সংঘটিত হোৱা এক ঘটনাই পুনৰ তাকে প্ৰমাণ কৰিলে। জানিবপৰা মতে, আজি পুৱা নগাঁও চহৰৰ মৰিকলং স্থিত নগাঁও ৰেল ষ্টেচনত চুৰি সামগ্ৰী সহ এটা ৪জনীয়া চোৰৰ দল ৰৈ থকাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত মৰিকলং আৰক্ষী চকীৰ অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলৰ সহযোগত চোৰ কেইটাক আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে ৩টা চোৰে পলায়ণ কৰে।পিছত ৪ জনীয়া চোৰৰ দলটোৰ পৰা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে মহম্মদ ৱাক্কিল ভূঁঞা নামৰ চোৰটোক। আৰক্ষীয়ে ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে নামঘৰৰ পৰা চুৰি হোৱা বহু সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ আ- অলংকাৰ, ইনভাৰটাৰ, বেটেৰী, ২খন ডেগাৰ আদিকে ধৰি যথেষ্ট সামগ্ৰী উদ্ধাৰ কৰে। ইপিনে আৰক্ষীয়ে ধৃত ৱাক্কিলক আটক কৰি আৰক্ষীৰ বাহনত উঠোৱাৰ পিছতে ড্ৰাগছ বিচাৰি ৱাক্কিলে এক হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৱাক্কিলে আনকি এখন কেচিৰে নিজৰ ডিঙিত আঘাত কৰি আত্মহত্যাৰো চেষ্টা কৰে। ইয়াৰ পিছতে মৰিকলং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাই ৱাক্কিলৰ হাতৰ পৰা কেচিখন কাঢ়ি লৈ ৱাক্কিলৰ প্ৰাণৰক্ষা কৰে। ৱাক্কিলৰ অপ্ৰকৃতস্থ ব্যৱহাৰৰ পৰা আৰক্ষী নিশ্চিত হয় যে ৱাক্কিল এটা ড্ৰাগছ আসক্ত আৰু কেৱল ড্ৰাগছৰ বাবেই চুৰি-ডকাইটি আদি অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান আৰক্ষীয়ে ৱাক্কিলৰ সৈতে থকা আন ৩টা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই যে বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতও জড়িত হৈ পৰিছে সেয়া আজিৰ ঘটনাৰ পৰা পুনৰ প্ৰমাণ হৈ পৰিছে।
গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ অভিযান,দেশী – বিদেশী সুৰা জব্দ
ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া নিৰ্দেশৰ ভিত্তিত আজি গুৱাহাটী সদৰৰ আবকাৰী চক্ৰই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শকদ্বয় গোবৰ্ধন ডেকা আৰু দিব্যপ্ৰতীম বৰাৰ নেতৃত্বত আৱকাৰী দলে উলুবাৰী কছাৰীবস্তি , ভঙাগড় আৰু ৰূপনগৰত চলোৱা অভিযানত প্ৰায় ১২৫ লিটাৰ দেশীয় সুৰা আৰু ২৬ বটল বিদেশী সুৰা ( কোৱাৰ্টাৰ ) জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানকাৰী দলটোৱে ক’ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত অবৈধ সুৰাৰ লগত জড়িত লোক সকলক আটক নকৰি অনাগত দিনত যাতে পুনৰ অবৈধ সুৰাৰ বেহাৰ দৰে আইন বিৰোধী কাৰ্যত জড়িত নহয় তাৰ বাবে সকীয়নী দিয়ে বুলি জানিব পৰা গৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দিল্লীলৈ গৈ বিজেপিৰ বহুকেইজন শীৰ্ষ নেতাক সাক্ষাৎ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগত দীৰ্ঘ সময় মত-বিনিময় কৰাৰ লগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰি দিহা-পৰামৰ্শ গ্ৰহণ কৰে।
পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈলৈ ৰঞ্জিত ডেকাৰ সাহাৰ্য
পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈ সকলৰ দুৰ্দশাৰ প্ৰতিচ্ছবি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছত আজি বিয়লি ৩ বজাত কঞাকুছি গাওঁত ক’চিং চেণ্টাৰটোৰ ৩০ জন দুখীয়া খেলুৱৈৰ মাজত কিছু খাদ্য-সামগ্ৰী বিতৰন কৰে ৰঙিয়াৰ বিশিষ্ট ব্যাৱসায়ী, ৰঙিয়া ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত ভলীবল বিভাগৰ সম্পাদক, অসম ভলীবল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, অসম ভলীবল মিছন-১০০ ৰ উদ্যোক্তা ৰঞ্জিত ডেকাই। খাদ্য সামগ্ৰীৰ ভিতৰত চাউল, ডাইল, মিঠাতেল, পিয়াজ, চয়াবিন, চাবোন, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় বস্তু থাকে। খেলুৱৈ সকলৰ এই দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বাবে ক’চিং চেণ্টাৰৰ সভাপতি ,সম্পাদক ক্ৰমে দীপক কুমাৰ দাস আৰু হিতেশ দাসে ৰঞ্জিত ডেকাক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত ল’ক ডাউনৰ সময়তো উক্ত অনুষ্ঠানটোৰ অনুৰোধ মৰ্মে বিভিন্নজন হৃদয়বান ব্যাক্তিয়ে খেলুৱৈ সকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল।
মাৰ্ঘেৰিটাৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কৃষিভূমি ধ্বংস কৰি ইটাভাতা নির্মাণৰ বিৰোধিতা
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ সোমাজত ‘এ বি’ নামেৰে এটা ইটা ভাতা স্থাপনৰ যো-জা কৰাক লৈ মহকুমাটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে চাৰিওফালে কৃষিভূমিৰে আৱৰি থকা এলেকাত উদ্যোগ প্ৰতিষ্ঠা কৰাটো নীতিবিৰোধ বুলি মন্তব্য প্ৰকাশ কৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।চাৰিওফালে চহা কৃষকৰ কৃষিভূমিযে আৱৰি থকা ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কোনোপধ্যে ইটাভাতা নিৰ্মাণৰ অনুমতি নিদিবলৈ মহকুমাধিপতিক দাবী জনোৱাৰ লগতে ইয়াৰ ফলত শ শ বিঘা কৃষিভূমি ধ্বংস হোৱাৰ উপৰিও ব্যাপক বায়ু, পানী আৰু ভূমি প্ৰদূষণ হব বুলিও আঙুলিয়াই দিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানিয় কৃষক ৰাইজ সংকটত পৰাটো খাটাং বুলি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই দাবী কৰি কৃষিভূমি আৰু কৃষিজীৱীৰ জীৱনক হেতালি খেলি এটা উদ্যোগ স্থাপনৰ কিহৰ ভিত্তিত আৰু কিদৰে অনুমতি প্ৰদান কৰা হল সেই বিষয় সম্পৰ্কীয় তদন্ত কৰিবলৈ আজি ছাত্র মুক্তি সংগ্ৰাম সমিতি,তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অলিম্পিক উপভোগ কৰিবলৈ দর্শকক লাগিব নিগেটিভ ক’ভিড ৰিপ’ৰ্ট
বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক উপভোগ কৰিবলৈ ক’ভিড–১৯ টেষ্টৰ নিগেটিভ ৰিপ’ট অথবা টিকাকৰণৰ ৰিপ’ট লগত লৈ যাব লাগিব ক্রীড়ানুৰাগীয়ে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱে অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়া অলিম্পিকত বিদেশী দর্শকৰ উপস্থিতি ইতিমধ্যে নিষিদ্ধ কৰা হৈছে যদিও স্থানীয় দর্শকসকলে ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট অথবা টিকাকৰণৰ ৰিপ’ট লগত থাকিলেহে ষ্টেডিয়ামত বহি খেল উপভোগ কৰিব পাৰিব৷ আয়োজক সমিতিয়ে এই সন্দর্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই যদিও টকিঅ’ৰ এখন আগশাৰীৰ সংবাদ পত্রই এই বাতৰি প্রকাশ কৰিছে৷উল্লেখ্য যে অলিম্পিকক লৈ অনিশ্চয়তা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জাপান চৰকাৰে টকি’কে ধৰি আন কেইবাটাও অঞ্চলত অহা ২০ জুনলৈ জৰুৰীকালীন অৱস্থা বৃদ্ধি কৰিছে৷ এনে পৰিস্থিতিত অলিম্পিক বাতিল কৰিবলৈ দেশখনৰ অধিকাংশ নাগৰিকে দাবী জনাই আছে যদিও কঠোৰ ক’ভিড নীতিৰ মাজেৰে সুকলমে মেগা ইভেণ্টখন আয়োজন কৰিবলৈ প্রস্তুতি চলাই আছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে৷
ক’ভিড চেন্টাৰত এজন বিধায়ক; পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি
পিপিই কীট পিন্ধি ক’ভিড চেন্টাৰত এজন জনপ্ৰতিনীধি। ডিমৌ বৰুৱা চাংমাইস্থিত ক’ভিড চেন্টাৰত PPE KIT পিন্ধি ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ক’ভিড চেন্টাৰটো পৰ্যবেক্ষণ কৰিলে বিধায়ক সুশান্ত বৰগোহাঁয়ে।সংবাদ মাধ্যমৰ আগত বিধায়ক সুশান্ত বৰগোহাঁইয়ে কয়, “আজি থাওৰা বিধানসভা সমষ্টিৰ ডিমৌ বৰুৱা চাংমাই গাঁওস্থিত পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানত স্থাপন কৰা ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰটোত ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীৰ সৈতে উপস্থিত হৈ কভিড আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰোগীসকলে পাব লগা সা-সুবিধা আদিৰ সম্পৰ্কে খবৰ লওঁ। ডিমৌৰ এই ক’ভিড কেয়াৰ চেন্টাৰে যথেষ্ট ভাল কাম কৰি আছে। ক’ভিড চেন্টাৰটোৰ পৰা আমাৰ থাওৰা সমষ্টিত যিমান ক’ভিড ৰোগী আছে, সকলোখিনিয়ে সকাহ পাইছে। ইয়াত কৰ্তব্যৰত চিকিৎসক, নাৰ্চৰ লগতে আন আন বিভাগীয় লোকসকলে যিধৰণেৰে কষ্ট কৰিছে, তাৰফলত থাওৰা সমষ্টিত ক’ভিডক পৰাভূত কৰিব পৰা এক পৰিস্থিতিলৈ আহিছো। “
ডিমৌত প্ৰধানমন্ত্ৰীৰ সপোনক অংগুষ্ঠ প্ৰদৰ্শন পঞ্চায়ত প্ৰতিনিধিৰ
শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় অধিনস্থ ৰূপজ্যোতি গাওঁ পঞ্চায়তৰ একাংশই পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনক ভৰিৰে মোহাৰি নিজৰ মুনাফা কৰিবলৈ লুণ্ঠনৰ প্ৰতিযোগিতাত নামি পৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। একালত ডিমৌ উন্নয়ন খণ্ডৰ ৰূপজ্যোতি গাওঁ পঞ্চায়তত দুনীতি কেলেংকাৰীৰে প্ৰায়ে বাতৰি কাকতৰ শিৰোনামা দখল কৰি থকাত শূন্য সহনশীলতা শ্লোগান আওৰাই থকা বিজেপিৰ দখললৈ যায় এই পঞ্চায়তটো।কিন্তু অতি দুখৰ বিষয় যে এই সকলকো উদক ভেটা ৰখীয়া দিয়াৰ দৰেহে হলগৈ। এই সকলৰ একাংশই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণৰ নামত ব্যাপক হাৰত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে । ৰূপজ্যোতি পঞ্চায়ত সদস্য নিৰ্মল চাছনি আৰু সভানেত্ৰী হীৰা পাণ্ডৱবৰ বিৰুদ্ধে ৰাজহুৱাকৈ অভিযোগ উঠিছে প্ৰধানমন্ত্ৰী আৱাসৰ নামত কৰা ব্যাপক দুর্নীতি বিৰূদ্ধে । অভিযোগ অনুসৰি ৰূপজ্যোতি গাওঁ পঞ্চায়তৰ খংগীয়া লাইনৰ নিবাসী মংগো তাঁতীৰ প্ৰধানমন্ত্ৰী আৱাসগৃহ আৰু অনাময় আঁচনিৰ শৌচাগাৰটো প্ৰত্যক্ষ কৰিলেই সচেতন প্ৰতিজন লোকৰে চকু কপালত উঠিব । আজি পৰা প্ৰায় দুটা বছৰৰো অধিক সময় অতিক্ৰম কৰিলে যদিও সম্পূৰ্ণ নহ’ল ঘৰ আৰু শৌচাগাৰ । অতি দুখৰ বিষয় যে ঘৰ আৰু শৌচাগাৰৰ নামত আৱণ্টিত তিনিটা কৃষ্টিৰ সকলো ধন পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়ত সদস্যই মিলি আত্মসাত কৰাৰ অভিযোগ কৰিছে ভোক্তভূগি মংগো তাঁতীয়ে। উক্ত সম্পূৰ্ণ টকা উলিওৱাৰ পিছত মংগো তাঁতীক চমজাই দিয়ে পাছবুক। ভুক্তভোগীয়ে অভিযোগ কৰিলে নিজৰ ঘৰ নিজে বনাই লবলৈ বুলি কৈ খেদি পঠাই পঞ্চায়ত সদস্য আৰু সভানেত্ৰীয়ে। আনহাতে অৰ্ধনির্মিত ঘৰটোতে ৰ’দ আৰু বৰষুণত অতি কৰুণভাৱে তিতি তিতি জীৱন নিৰ্বাহ কৰিব লগা হৈছে ।ইয়াৰোপৰি একেটা পঞ্চায়ততে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আৰু বহু হিতাধিকাৰীৰ দশাও একে হৈছে । মুকলিত স্থানত মল মুত্ৰ ত্যাগ মুক্ত গাওঁ পঞ্চায়ত বুলি ডাঙৰ হোডিং আৰি ৰখা ৰূপজ্যোতি পঞ্চায়তৰ প্ৰকৃততে কি ঘটিছে এইবোৰ। ইয়াৰ এখন সম্পুৰ্ণ বিপৰীতে গাওঁ খনত দেখা গল এক বিপৰীত দৃশ্য। এতিয়াও এই পঞ্চায়তত বহু লোকৰ শৌচাগাৰৰ অৱস্থা অতি জৰাজীৰ্ণ। মংগো তাঁতীৰ নামত আৱণ্টিত শৌচাগাৰৰো দুটাবছৰে অৰ্ধনির্মিত অৱস্থাতে পেলাইথলে নিৰ্মাণৰ দায়িত্ব লোৱা পঞ্চায়ত সদস্য আৰু সভানেত্ৰীয়ে। এই ক্ষেত্রত শিৱসাগৰ জিলা উপায়ুক্তক পঞ্চায়তত সংঘটিত হৈ থকা দুর্নীতি অনিয়মৰ এক নিখুঁত তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে।














