Home Blog Page 3024

বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সমাধান বিচাৰিছে নদুৱাৰবাসী ৰাইজে ! নতুন চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ

 শোণিতপুৰ জিলাৰ ন-দুৱাৰ অঞ্চলত বিগত দীৰ্ঘকাল ধৰি বন্যহস্তীৰ উপদ্ৰৱ সহ্য কৰি আহিছে অঞ্চলবাসীয়ে। সেইহে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সামাধান বিচাৰিছে ন-দুৱাৰৰ দক্ষিণ পাৰৰ গঞা ৰাইজে। জীয়া ভৰলী নৈৰ দাতি কাষৰীয়া অঞ্চল অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা জাক জাক বন্য হস্তীয়ে ন-দুৱাৰৰ দক্ষিণ প্ৰান্তৰ গড় পাল,নিজ গড় পাল,তেৱাৰী পাল,মাজুলীআটি,কাছমাৰী,চিতলমাৰীকে ধৰি কে’বাখনো গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। কৃষিৰ ওপৰতেই নিৰ্ভশীল গাঁৱসমুহত নিশাৰ ভাগত প্ৰৱেশ কৰা বন্য হস্তীয়ে ধন-জনৰ ক্ষতি সাধন কৰিছে। বিগত সময়ত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁওবাসীক ৰক্ষ্যা কৰিবত বাবে সৌৰ শক্তি চালিত ফেঞ্চিংৰ ব্যৱস্থা কৰা হৈছিল যদিও সেইয়া সম্পূৰ্ণ ৰূপে ফলপ্ৰসু হোৱা পৰিলক্ষিত নহল। মূখ্য মন্ত্ৰী নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰখনে ন-দুৱাৰৰ দক্ষিণ প্ৰান্তত বছৰ বছৰ ধৰি চলি অহা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষ্যা কৰাৰ ক্ষেত্ৰত বিজ্ঞান সন্মত স্থায়ী ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰিব বুলি এতিয়া শ শ ৰাইজে আশাৰে বাট চাইছে।

এতিয়াৰ পৰা ঘৰতে পাব সুৰা : সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি চৰকাৰৰ।

এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পোৱা যাব দেশী-বিদেশী সুৰা ।দিল্লী চৰকাৰে ১জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে । দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি কাৰ্যকৰী কৰিছে ।জাননী খনত উল্লেখ কৰা মতে দিল্লী আবকাৰী (সংশোধনী) নিয়ম ২০২১ৰ অধীনত জুনৰ ১ তাৰিখৰ পৰা L-13 অনুজ্ঞাপত্ৰ থকা সুৰা বিক্রেতা সকলক মোবাইল এপ বা ৱেবচাইটৰ যোগেদি সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে । অৱশ্যে হোষ্টেল, কাৰ্যালয় আৰু প্ৰতিষ্ঠান সমূহত এই সুবিধা উপলব্ধ নহ’ব ।

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক’ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ  কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ তিনি প্ৰসূতি বিভাগৰ চিকিৎসকে নিজৰ দায়িত্ব সুকলমে পালন কেৱল নিদৰ্শন দেখুৱাই নহ’য় , জীৱন দান দিলে তিনি নৱজাতকক। ডা: গুণ কুমাৰ দলে, ডা: চাহিদুল হক আৰু ডা: নিপন শ্যাম এই তিনি চিকিৎসকে ক’ভিড যুদ্ধৰ সন্মুখ সমৰত থাকি দাঙি ধৰিলে এক বিৰল দৃষ্টান্ত। যোৱা ২৯ আৰু ৩১ মে’ত ভৰ্ত্তি হোৱা  দুই ক’ভিড পজিটিভ প্ৰসূতিক আপাতকালীনভাৱে অস্ত্ৰোপচাৰ কৰি দুটিকৈ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হ’য়।    সুভদ্ৰা তাঁতী আৰু ৰূপা তাঁতী নামৰ এই ক’ভিড আক্ৰান্ত মহিলা দুগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰি দুটিকৈ নৱজাতকক জীৱন দান দিয়ে। বৰ্তমান মাতৃসহ দুটি নৱজাতক সুস্থ বুলি জানিব পৰা গৈছে। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: সুৰেন তামূলীৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে পাঁচগৰাকীকৈ চিকিৎসা কৰ্মীৰ সহযোগত  এই  অস্ত্ৰোপচাৰ সম্পন্ন কৰি  সফলতা লাভ কৰে। যিটো এতিয়া সকলো চিকিৎসকৰ বাবেই অনুপ্ৰেৰণা হৈ পৰিছে।

১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

অহা ১০জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, প্ৰায় ৫ঘন্টা ধৰি হব এই সূৰ্যগ্ৰহণ, দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ,ভাৰতত আংশিকভাৱে পৰিলক্ষিত হব এই সূৰ্যগ্ৰহণ

ওদালগুৰিৰ পানেৰীত দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন | অভিযুক্তক গ্ৰেপ্তাৰ |

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছি গাঁৱত এজনী দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে ৰূপেন দৈমাৰী(৪০) নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা অনুসৰি ফুলকুছি গাঁৱৰ ৰূপেন দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ সমন্ধীয় দহ বছৰীয়া কিশোৰীজনীক পঢ়া-শুনাৰ দায়িত্ব লৈ নিজৰ ঘৰত আশ্ৰয় দিয়ে ৷ সম্বন্ধত মহায়েক ৰূপেন দৈমাৰীয়ে কিশোৰীজনীক এসপ্তাহ পূৰ্বে যৌন উৎপীড়ন চলোৱাৰ উপৰি এই কথা আনক নক’বলৈ সকিয়াই দিয়া বুলি বায়েক এজনীক অৱগত কৰাত বায়েকে আজি পানেৰী থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত পানেৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এবি) আৰু প্ৰছক’ (POSCO) আইনৰ অধীনত ৪৮/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ উপৰি কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ এনে অমানৱীয় ঘটনাক পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিওঁ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আহ্বান জনাইছে |

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে বক্সাৰগৰাকীক।

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ শিৱ থাপাৰ।ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বক্সাৰৰ হাতত পৰাস্ত হয় শিৱ।মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত পৰাস্ত হয় শিৱ থাপা।২০১৩ চনৰ পৰা পাঁচবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বীপত পাঁচটা পদক জয় কৰিছে শিৱ থাপাই।শিৱ থাপাৰ এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে বক্সাৰগৰাকীক।

বঙাইগাঁৱত চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’ল দুই গভাইত চোৰ

বঙাইগাঁও ৰে’ল ষ্টেচনত সোমবাৰে এখন চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল বঙাইগাঁও চহৰৰ দুই গভাইত চোৰ ৷ ৰাইজৰ সহযোগত ৰে’লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰ দুজন বঙাইগাঁও চহৰৰ কবৰস্থানৰ ৰাজা ৰজক (২৫) আৰু পালপাৰাৰ শ্যামল দাস ( ২৬ ) ৷ উল্লেখ্য যে বঙাইগাঁও ৰে’ল ষ্টেচনত পুৱাৰ ভাগত নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’ল খন আহি ৰখাৰ পিছত পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ সময়তে চলন্ত ৰে’লখনৰ খিৰিকীৰ কাষত থকা এজন যাত্ৰীয়ে মোবাইলত কথা পাতি থাকোতে বাহিৰত থকা দুজনীয়া এই দলটোৱে যাত্ৰী জনৰ মোবাইলটো কাঢ়ি পালপাৰাৰ দিশে পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু উক্ত সময়ছোৱাত ষ্টেচনত কৰ্তব্যৰত ৰে’ল আৰক্ষীয়ে  স্থানীয় ৰাইজৰ সহযোগত দুজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বঙাইগাঁও ৰে’ল ষ্টেচন আৰু নিউ বঙাইগাঁও ৰে’লৱে জংচনত এটা মোবাইল চোৰৰ দল সক্ৰিয় হৈ উঠিছিল ৷ 

মুকালমুৱাৰ চুকে-কোণে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলন : গ্ৰেপ্তাৰ দহ সৰবৰাহকাৰী ৷

ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰি গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰীক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে বৃহৎ সফলতা ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিগত সপ্তাহত মুকালমুৱা,ঘোগা,লোহাৰকাঠা,বৰলিয়াপাৰ,মুগদি সোণাপুৰ ইত্যাদি অঞ্চলত অভিযান চলায় দহজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ৪৬ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ, ৫৬৫ টা নিচাজাতীয় টেৱলেট, ১৫ টা কপচিৰাপ আৰু নগদ ১৫,৩৪০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ কালি নিশা মুকালমুৱা আৰক্ষীয়ে চুঙৰবড়ীত সাধাৰণ লোকৰ বেশত নাটকীয়ভাৱে অভিযান চলায় এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি সৰবৰাহকাৰীজনৰ পৰা ২২ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণি গাঁৱৰ মোজামিল আলীৰ পুত্ৰ মকবিল আলী ওৰফে বদন ৷ সৰবৰাহকাৰীজনৰ পৰা জব্দকৃত ড্ৰাগছখিনি সন্ধৰ্ভত আৰক্ষীয়ে সোধ-পোচ কৰাত তেওঁ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘোগা গাঁৱৰ ৰছিদ আলী ওৰফে শগুণলৈ লৈ অহাৰ কথা স্বীকাৰ কৰে ৷ মকবিলৰ স্বীকাৰোক্তিৰ ভিত্তীত ৰছিদ আলীকো নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে কালি নিশাই যোৱা ২৮ মে’ত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা ৰঞ্জন আলীৰ স্বীকাৰোক্তিৰ ভিত্তীত মুকালমুৱাৰ ২নং লোহাৰকাঠা গাঁৱৰ পৰা ছাদ্দাম আলী আৰু ৰফিকুল আলীক গ্ৰেপ্তাৰ কৰে ৷ তদুপৰি যোৱা ২৪ মেত ঘোগা গাঁৱত অভিযান চলায় দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আব্দুল ৰহিম আৰু চফিকুল হ’কক গ্ৰেপ্তাৰ কৰি দুয়োজনাৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৩৪৬ টা নিচাজাতীয় টেৱলেট আৰু নগদ ১৫,৩৪০ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ২৫ মে’ত সাপকাতা গাঁৱৰ পৰা আফনুৰ আলী আৰু ৩নং কান্ধবাৰী গাঁৱৰ পৰা জাহিদুল ইছলাম নামৰ আন দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ২৮ মে’ত ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি সৰবৰাহকাৰীজনৰ পৰা ২১৯ টা নিচাজাতীয় টেৱলেট আৰু ১৫ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ ইপিনে ২৯ মে’ৰ নিশা দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত মুগদি (সোণাপুৰ) গাঁৱত অভিযান চলাই সোণাপুৰ গাঁৱৰ মোছলেম আলী কাকতিৰ পুত্ৰ আব্দুল মতিব কাকতিক নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে মুকালমুৱা থানাত পৃথকে পৃথকে কে’বাটাও গোচৰ ৰুজু কৰি এন.ডি.পি.এছ আইনৰ অধীনত নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে কেওজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানকাৰী দলটিত অচি যুগল কিশোৰ কলিতাৰ সহিতে মহিলা আৰক্ষী বিষয়া পৰিস্মিতা গগৈ, সহকাৰী উপ-পৰিদৰ্শক মোকছেদ আলীয়ে নেতৃত্ব বহন কৰিছিল ৷

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : কাকপথাৰ উভতা গাঁৱত হেৰ’ইনসহ পাঁচ যুৱকক আটক

যোৱা ইংৰাজী ৩০ তাৰিখৰ দৈনন্দিন বাৰ্তাত “কাকপথাৰ, ডিৰাকত ড্ৰাগছ, কানি, মদৰ অবাধ বেহা::নীৰৱ-নিৰ্বিকাৰ আবকাৰী বিভাগ, আৰক্ষী” নামৰ এক শীৰ্ষক বাতৰিত তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, বৃহত্তৰ ডিৰাক অঞ্চলত ব্যাপক হাৰত  বৃদ্ধি পোৱা ড্ৰাগছ, কানি, মদৰ অবাধ বেহাৰ বিষয়ে প্ৰকাশ পোৱাৰ লগে লগে কাকপথাৰ আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱা দেখা যায় ।  কালি কাকপথাৰ আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি  কাকপথাৰ উভতা গাঁৱত ১২.৪০ গ্ৰাম হেৰ’ইনসহ পাঁচ যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱক কেইজন ক্ৰমে তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত আঢ়ৈমুৰীয়া গাৱঁৰ প্ৰভাত সোনোৱালৰ পুত্ৰ  সঞ্জীৱ সোনোৱাল(২২), দ্বীপ সোনোৱালৰ পুত্ৰ বিবেকা সোনোৱাল (২৩), কাকপথাৰ থানাৰ অন্তৰ্গত তেজী গাঁৱৰ গোপাল নেওঁগৰ পুত্ৰ বিপ্লৱ নেওঁগ (২১), নামউৱন গাঁৱৰ গিৰিন্দ বড়াৰ পুত্ৰ মুমিন বড়া (৩০), ১ নং তেজী গাঁৱৰ  লীলাকান্ত মৰাণৰ পুত্ৰ মনোজ মৰাণ (২৯) ৷ যুৱক কেইজনক আটক কৰি নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স আইনৰ (NDPS Act.) ২২ (বি)/২৯ নং ধাৰাৰ অধীনত কাকপথাৰ থানাত ২২/২০২১ নং গোচৰ ৰুজু কৰে। আৰক্ষী এনে কাৰ্যক কাকপাথৰৰ ৰাইজে শলাগ লৈছে আৰু এনেধৰণৰ মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈ অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছে ।

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পূৰণ কৰা হ’ব ৩,২৮৭টা খালী পদ!

Ranjeet Kumar Dass Minister of Panchayat & Rural Development addressing media people at Commissionerate of Panchayat & Rural Development, Panjabari in Guwahati on 31-05-21.Pix by UB Photos

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সু-খবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাসে। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘পঞ্চায়তআৰু গ্ৰামোন্নয়ন বিভাগত  ৩ হাজাৰ ২৮৭টা পদ খালী হৈ আছে। শীঘ্ৰে খালী পদ সমূহ পূৰণ কৰা হ’ব। চৰকাৰে দিবলগীয়া ১ লাখ নিযুক্তিৰ ভিতৰত এই পদ সমূহ পূৰণ কৰা হ’ব।’ইয়াৰ উপৰিও সোমবাৰৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শেহতীয়াকৈ কোভিড 19ক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ উঠি পৰি লাগিছে। প্ৰতি গাঁও পঞ্চায়তত গঢ়ি তুলিছে ‘ৱাৰ ৰূম’। বিভাগটোৱে আৰম্ভ কৰা গণ আন্দোলনত অংশ লৈছে তিনগৰাকী মন্ত্ৰী, দুগৰাকী সাংসদ আৰু ৪০গৰাকী বিধায়কে ৷ বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ দাবী, কোভিড বিৰোধী আন্দোলনৰ বাবে ৰাজ্যত বৰ্তমান ১৭৩খন গাঁও পঞ্চায়ত কোভিড মুক্ত হৈছে।