Home Blog Page 3029

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ

বাইকেৰে ফুৰাই অনাৰ কথা কৈ শিশুটিক লৈ আহিছিল বৰপেটা অভিমূখে।
শিশুটিক জোৰ জুলুমকৈ বাইকত উঠাই আনিছিল অপহৰণকাৰীয়ে।
গুৱাহাটীৰ পৰা শিশুটি আনি থকা অৱস্থাত ভেল্লাত
অপহৰণকাৰীয়ে বাইকখন ৰখাইছিল।
শিশুটি কান্দি থকা অৱস্থাত প্ৰত্যক্ষ হোৱাত স্থানীয় ৰাইজৰ সন্দেহ উপজে।
স্থানীয় ৰাইজে শিশুটিৰ কাষ চপাত লগে লগে তাৰ পৰা অপহৰণকাৰী আকিবুল আলীয়ে পলায়ন কৰে।

তাৰ পিছত শিশুটিক সোধা-পোছা কৰাত শিশুটিক অপহৰণ কৰা ঘটনা আৰু শিশুটিৰ পৰিচয় জানিবলৈ পায়।
পিতৃহাৰা শিশুটিৰ নাম শুকুৰ আলী আৰু মাতৃৰ নাম হাচিনা বেগম।
ঘৰ গুৱাহাটীৰ কটাহবাৰীত।
কটাহবাৰীৰ মছজিদৰ ওচৰতে মাতৃৰ সৈতে থাকে শিশুটি।
আকিবুল আলী নামৰ এজন যুৱকে শিশুটিক অপহৰণ কৰি আনিছিল।
অপহৰণকাৰী আকিবুলৰ প্ৰকৃত পৰিচয় জানিবলৈ পোৱা নাই যদিও কটাহবাৰীতে থাকে বুলি জানিবলৈ পোৱা গৈছে।
কি উদ্দেশ্য লৈ শিশুটিক অপহৰণ কৰা হৈছিল সেইয়াও জানিবলৈ পোৱা নাই যদিও উদ্দেশ্য অসৎ আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।

স্থানীয় ৰাইজে লগে লগে বৰপেটা সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অবগত কৰাত আৰক্ষীৰ এটি দল উপস্থিত হৈ শিশুটিক থানালৈ নিয়ে।

যোগীঘোপাত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত জড়িত পিতা -পুত্রক আটক

বঙাইগাঁও জিলাৰ যােগীঘােপা থানাৰ অন্তৰ্গত কাবাইটাৰীত কালি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ পিতা – পুত্ৰক আটক কৰে । আটকাধীন দুয়াে ক্রমে কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলাম আৰু তেওঁৰ পুত্র ইনামুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ নেতৃত্বত যােগীঘােপা আৰক্ষীৰ এটা দলে গােপন খবৰৰ পম খেদি কালি কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলামৰ নিজা বাসগৃহ আৰু গেলামালৰ দোকানত অভিযান চলায় । যোগীঘোপা আৰক্ষীৰ দলটোৱে চলোৱা জোৰদাৰ অভিযানত বাসগৃহ আৰু দোকান খনত তন্ন তন্নকৈ তালাচী চলাই নিষিদ্ধ ঘােষিত ৭৪ বটল কাহৰ ঔষধ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকা ৰেজাউল ইছলাম আৰু পুত্র ইনামুল ইছলামক আটক কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত ১৯৮/২০২১ নম্বৰত এটা গােচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে  যোগীঘোপা আৰক্ষীৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে লোৱা এই অভিযানক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে লগতে অঞ্চলটিক এই বৰবিহৰ পৰা মুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনায় ।

যৌনকর্মীক ৰেচন যোগান ধৰিবলৈ নির্দেশ উচ্চ ন্যায়ালয়ৰ

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দুৰৱস্থা কাছাৰৰ যৌনকর্মীসকলকৰ। এনে সময়ত ৰেচন যোগান ধৰিবলৈ জিলাখনৰ উপায়ুক্তক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এটা প্রকল্প ৰূপায়ণৰ বাবে কাছাৰত চিনাক্ত কৰা যৌনকর্মীসকলৰ পৰিয়ালক এই ৰেচন যোগান ধৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷শুকুৰবাৰে শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অসমৰ যৌনকর্মীসকলক চিনাক্ত কৰি কিদৰে মহামাৰীৰ সময়ছোৱাত সাহায্য প্রদান কৰিব পৰা যায়, সেই সন্দর্ভত অৱগত কৰিবলৈ চৰকাৰী পক্ষক নির্দেশনা দিয়ে৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ১ জুনত গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

ৰঙিয়াত পুনৰ দুজন ড্ৰাগছ্ আসক্ত যুৱক আটক।

ৰঙিয়াত পুনৰ দুজন ড্ৰাগছ্ আসক্ত যুৱক আটক।

👉 ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে যুৱক দুজনক । আঙ্কুচ দাস আৰু বিশ্বজিৎ দাস বুলি জানিব পৰা জানিব পৰা গৈছে ।
👉 ধৃত যুৱকদুজনৰ পৰা চিৰিঞ্জ আৰু ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ ।
👉 সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো ড্ৰাগছ্ বিৰোধী অভিযান।

👉 অতি কম বয়সীয়া যুৱক ড্ৰাগছৰ কৰাল গ্ৰাসত ।

👉 আজি ধৃত দুয়োজন ড্ৰাগছ্ আসক্তই ১৮ বছৰৰ তলৰ।

👉 ৰাইজে হাতে-লোটে কৰায়ত্ত কৰা যুৱক দুজন ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীৰ‌ বুলি জানিব পৰা গৈছে। 👉 আৰক্ষী ভূমিকাৰ ওপৰত ৰাইজৰ সন্দেহ । 👉 একাংশ ফাৰ্মাচীৰ বিৰুদ্ধেও সৰৱ ৰাইজ । ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ

বিমান যাত্ৰীৰ বাবে দুঃখবৰ ! ১ জুনৰ পৰা বৃদ্ধি পাব বিমান ভাড়া

পুনৰ বৃদ্ধি পাব ঘৰুৱা বিমানৰ ভাড়া। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত। উৰণৰ সময়ৰ ওপৰত ভিত্তি কৰি মন্ত্ৰালয়ে ১৩ ৰ পৰা ১৬ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে বিমান ভাড়া।দৰাচলতে, চৰকাৰে ঘৰুৱা বিমানৰ ভাড়াৰ নিম্ন সীমা ১৩ ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ ভাড়াৰ নিম্ন সীমা ৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ফেব্ৰুৱাৰীত, নিম্ন মূল্যৰ বেণ্ডটো ১০ শতাংশ আৰু উচ্চতৰ বেণ্ডটো ৩০ শতাংশ বৃদ্ধি কৰা হৈছিল।বিমানৰ ভাড়াৰ এই বৃদ্ধি ১ জুনৰ পৰা কাৰ্যকৰী হ’ব। অৱশ্যে, চৰকাৰৰ এই পদক্ষেপে এয়াৰলাইন কোম্পানীবোৰক উচ্চ বিমান ভাড়াৰ সীমা অপৰিৱৰ্তিত ৰখাত সহায় কৰিব। কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ ফলত বিমান যাত্ৰীৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে যাৰ ফলত উপাৰ্জন হ্ৰাস পাইছে।শুকুৰবাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে ৪০ মিনিটলৈকে বিমান উৰণৰ বাবে নিম্ন ভাড়াৰ সীমা ২,৩০০ টকাৰ পৰা ২,৬০০ টকা বা ১৩ শতাংশলৈ বৃদ্ধি কৰা হৈছে। একেদৰে, ৪০ মিনিটৰ পৰা ৬০ মিনিটৰ উৰণৰ বাবে নিম্ন ভাড়াৰ সীমা এতিয়া ২৯০০ টকাৰ পৰিৱৰ্তে প্ৰতিজন ব্যক্তিৰ বাবে ৩৩০০ টকা হ’ব।দেশত বিমান উৰণৰ ম্যাদৰ ওপৰত ভিত্তি কৰি বিমান ভ্ৰমণৰ ভাড়া কম আৰু উচ্চ সীমা আছিল। যোৱা বছৰ ২৫ মে’ত মুকলি হোৱা দুমাহৰ লকডাউনৰ সময়ত এই সীমা নিৰ্ধাৰণ কৰা হৈছিল। ডিজিচিএয়ে(DGCA) যোৱা বছৰ মে’ত ঘৰুৱা বিমানৰ বাবে মুঠ ৭ টা ফেয়াৰ বেণ্ড ঘোষণা কৰিছিল। এই ৭ টা মূল্য বেণ্ড ভ্ৰমণৰ সময়ৰ ওপৰত আধাৰিত। প্ৰথম বেণ্ডটো ৪০ মিনিটলৈকে ভ্ৰমণ কৰা বিমানৰ বাবে। বাকী বেণ্ডবোৰ হৈছে ক্ৰমান্বয়ে ৪০-৬০ মিনিট, ৬০-৯০ মিনিট, ৯০-১২০ মিনিট, ১২০-১৫০ মিনিট, ১৫০-১৮০ মিনিট আৰু ১৮০-২১০ মিনিট।

ড্ৰাগছ সাম্ৰাজ্যৰ বিৰুদ্ধে কালৰূপ ধাৰণ কৰিছে অসম আৰক্ষীয়ে। এইবাৰৰ সফলতা নলবাৰীৰ মুকালমুৱাত।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় টেৱলেট আৰু ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ উল্লেখ্য যে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷

চাবুৱাৰ বিধায়ক পোণাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ’নৰ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান অগপৰ

‘বৰ্তমান সময়ত কোনেও ভয়ত বিতত ন’হব। এই সময়ত এজনে আনজনৰ সহায়ক হওক’। এই আহ্বান চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱাৰ। বিধায়ক পোণাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ’ন থকা সমূহ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান কৰে অগপ কৰ্মী সকলে। ৰাজ্যিক মহিলা পৰিষদৰ নেত্ৰী অঞ্জলী গগৈ, ৰাজিক সাধাৰণ পৰিষদৰ সদস্য প্ৰভাত চাহু, যুৱ পৰিষদৰ দেব্ৰবত দাসে চাউল, দাইল, মিঠাতেল, আলু, পিয়াজসহ সাহাৰ্য টোপোলাসমূহ কন্টেইনমেন্ট জ’নত থকা পৰিয়ালকেইটাক প্ৰদান কৰে। কৰোনা মহামাৰীৰ সময়ত কোনো পৰিয়ালেই ঘৰত আবদ্ধ হৈ থাকি যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰে বাবে চাবুৱাৰ সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই সদায় নজৰ দি থাকিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অগপ ৰাজ্যিক নেত্ৰী অঞ্জলী গগৈয়ে।

কোভিডক ‘কেয়াৰ’ নকৰা এখন বজাৰ,এটা অঞ্চল। দৃশ্য দেখিলে স্তম্ভিত হ’ব আপুনি। চাওক এই প্ৰতিবেদন।

কোভিডক ‘কেয়াৰ’ নকৰা এখন বজাৰ,এটা অঞ্চল। দৃশ্য দেখিলে স্তম্ভিত হ’ব আপুনি। চাওক এই প্ৰতিবেদন।

যোগীঘোপাৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ সৰকাৰৰ | ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিভাগীয় বিষয়াক

আজি বঙাইগাওঁ জিলাৰ অভয়াপুৰী দক্ষিন বিধান সভা সমষ্টিৰ অন্তৰ্গত ডুবাচুৰী, মধুফল, পাচনীয়া-মোহনপুৰ আদি নৈ-পৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয় স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে । লগতে সমস্যাৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক গৰাকীয়ে । খহনীয়া স্থলী সমুহ পৰিদৰ্শনৰ সময়ত সৃজনগ্ৰাম চক্ৰ বিষয়া শ্ৰীযুত সুভ্ৰম আদিত্য বৰা, টাপাট্টাৰী খণ্ড উন্নয়ণ বিষয়া আৰু জল সম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে । উল্লেখ্য যে, অঞ্চল সমূহত আই নদী, মানাহ, বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল সোঁতে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ নৈপৰীয়া শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত নিদ্ৰাহৰণ হৈছে পৰিয়াল কেইটাৰ । খহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি বিধায়ক প্ৰদীপ সৰকাৰে খহনীয়া ৰোধ কৰাৰ বাবে বিভাগীয় কতৃপক্ষক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সৰ্ব্বোতো প্ৰকাৰে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে । ইপিনে যোগীঘোপাৰ চটপাৰাতো ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰত্যেক বছৰৰ দৰে এইবেলিও খহনীয়াৰ সৃষ্টি কৰিছে । খহনীয়াই গাওঁখনৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে । এই সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গাওঁ খন নৈত বিলীন হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান:দেশী – বিদেশী সুৰা জব্দ

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । অৱশেষত গোপন সূত্ৰৰ পম খেদি  আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত  গুৱাহাটী সদৰৰ আবকাৰী দলে কালি বিয়লিৰ  পৰা সন্ধিয়ালৈ মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী সদৰৰ আৱকাৰী  পৰিদৰ্শকদ্বয় গোবৰ্ধন ডেকা আৰু দিব্যপ্ৰতীম বৰাৰ নেতৃত্বত আৱকাৰী দলে উলুবাৰী কছাৰীবস্তি , বেলতলা , চচল , জটিয়া , আঠগাঁও আৰু পল্টন বজাৰত চলোৱা  অভিযানত ১৬৫ লিটাৰ দেশীয় সুৰা আৰু ৩৫ বটল বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে অভিযানকাৰী দলটোৱে ক’ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত অবৈধ সুৰাৰ লগত জড়িত লোক সকলক আটক নকৰিলে বুলি জানিব পৰা গৈছে ।