যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী সচাকৈ নগা যুৱতী হয়নে? ভিডিঅ’ত দেখা যুৱককেইজন কোন? সৱিশেষ চাওক।
ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা, কৰ্মচাৰীৰ দুৰ্দশা
লকডাউনৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলৰ লগতে ব্যপকভাৱে প্ৰভাবিত হৈছে অসমৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত হোৱা দুৰ্দশাৰ বিষয়ে অৱগত কৰে । উল্লেখযোগ্য যে যোৱাবছৰো আদালতৰ কামকাজ বন্ধহৈ এইসকল অধিবক্তা বিশেষভাবে সমস্যৰ সন্মুখিন হৈছিল আৰু এইবাৰো প্ৰায় এমাহধৰি ৰঙিয়া আদালতত নিয়োজীত হৈ থকা দুইশতাধিক অধিবক্তা তথা ইয়াৰ লগত জড়িত তৰণী আৰু ষ্টেম্প ভেণ্ডৰসমূহ আদালতৰ কামকাজ বন্ধ হৈ থকাৰ ফলত তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰি চৰকাৰে এইক্ষেত্ৰত আৰ্থিক সাহাৰ্য্যৰ ব্যৱস্থা কৰাৰ আহ্বান জনাই ।এইক্ষেত্ৰত কনিষ্ঠ অধিবক্তা সকল বিশেষভাবে সমস্যত পৰা বুলিও উল্লেখ কৰে ৰঙিয়া উকিল সন্থাৰ সদস্য অধিবক্তা অচ্যুত কলিতাই । ইয়াৰোপৰী অধিবক্তা সকলৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত ভেকচীন প্ৰদান কৰা নাই বুলিও অভিযোগ কৰি কয় যে দুশৰো অধিক অধিবক্তাৰ বিপৰীতে মাত্ৰ ২৫ জন অধিবক্তাক সেয়াও আমিনগাওঁস্থিত জিলা দণ্ডাধীশৰ আদালত চৌহদত প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে । অতিশীঘ্ৰেই ৰঙিয়া উকিল সন্থাৰ প্ৰতিজন অধিবক্তাৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অধিবক্তা চৈয়দ মোস্তাফা আহমেদে ।
বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, নগৰবেৰাৰ বদলাত উত্তাল প্ৰতিবাদ
ৰাজ্যত ধোঁৱাচাঙত বিদ্যুৎ বিভাগ।দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ আজৱ কাণ্ডই মূৰে কপালে হাত দিবলগীয়া হৈছে নগৰবেৰাৰ টুপামাৰী, বদলা, ৰাঙ্গাপানী অঞ্চলৰ ৰাইজে। বকো বিদ্যুৎ উপ সংমণ্ডলীয় নগৰবেৰাৰ ৰাঙ্গাপানী, বদলা, টুপামাৰী আদি অঞ্চলত একাংশ বিদ্যুৎ গ্ৰাহকলৈ এমাহৰ বিদ্যুৎ বিল আহিল ২০ ৰ পৰা ৩২ হাজাৰ পৰ্যন্ত। বিভাগীয় কতৃত্বপ্ৰাপ্ত লেচী বিল্লাল হোসাইনৰ মইমতালিৰ বাবেই এনে আজৱ কাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।গ্ৰাহক সকলে নিয়মিত বিদ্যুৎৰ বিল আদায় দি থকাৰ মাজতেই উল্লেখিত গাওঁৰ মেহবুব আলমৰ ২২৬৬১ টকা, আছিয়া খাতুনৰ ২৫৩৮৮ টকা, জয়নাল আব্দিনৰ ৪৮০০ টকা, জাহানাৰা বেগমৰ ৯৪৯৪ টকা, ছামাদ আলীৰ ৮৩৩৫ টকা, আমিৰ উদ্দিনৰ ১২৫০২ টকা, ময়নুল হকৰ ৩৯৯৩ টকা, মজিদ আলীৰ ৪০২৩ টকা, ছফিউৰ ৰহমানৰ ৫৩২৮ টকা, জেহাৰ আলীৰ ১৬৫০৬ টকা, জাকিৰ আলীৰ ৫৭৪০ টকা, আব্দুল বাৰেকৰ ৩৩২৩ টকা, আৰু আশ্ৰাফুল হুছেইনৰ ৩২৩৫৪ টকা পৰ্যন্ত বিদ্যুৎ বিল আহে। উপায়বিহীন হৈ বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগৰ মইমতালি নচলিব, লেচী বিল্লাল হোসাইন হায় হায় আদি প্ৰতিবাদী শ্ল-গানেৰে ৰাজপথত বিদ্যুৎ বিল হাতত লৈ ভোক্তভোগী গ্ৰাহকে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ । বিভাগীয় কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ দাবী জনাইছে ভুক্তভোগী গ্ৰহক সকলে।
ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনা পৰীয়া নামঘৰত কভিড প্ৰ’ৰ্টকল মানি মাধৱদেৱৰ ৫৩৩ তম আর্ৱিভাব তিথি সম্পন্ন
শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠিত টীয়কৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাহদৈগড়স্থিত মহিমা মণ্ডিত মইনা পৰীয়া নামঘৰত আজি সম্পূণ কভিড বিধি মানি অনুষ্টুপিয়াকৈ মাধৱদেৱৰ ৫৩৩ তম জন্ম জয়ন্তী কাৰ্যসূচি সম্পন্ন কৰা হয়। যোৱা বছৰৰ পৰা সমগ্ৰ ৰাজ্য তথা বিশ্বতে মহামাৰী কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়ত সকলো কাৰ্যসূচি ৰাজ্যতো তুৰাম্বিত হৈছে । সেই উদ্দেশ্যে আগত ৰাখি অসমৰ ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু নিসিং মোৰাৰী খ্যাত মইনাপৰীয়া নামঘৰতো সম্পূণ কৰ’না বিধি মানি পালন কৰিছে মাধৱদেৱৰ আর্ৱিভাব স্বৰূপ জন্ম জয়ন্তী।ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে ৰাইজৰ বাবে এই মহামাৰী সময়তো দুৱাৰ বন্ধ হৈ থকাত কেৱল পাঁচ জন ভকতৰে সম্পূণ কভিড নীতি মানি সম্পন্ন কৰা হয় মাধৱদেৱৰ আর্ৱিভাব স্বৰূপ জন্ম জয়ন্তী ভাগ ।সমান্তৰাল ভাৱে মইনা পৰীয়া নামঘৰটো পৰিচালনা সমিতিয়ে কভিড নীতি মানি পালন কৰে এই ৫৩৩ তম মাধৱদেৱৰ আর্ৱিভাব। অন্যহাতে পূব যোৰহাটৰ মেলেং মেটেলিস্থিত এক শৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলা সমিতিৰ নামঘৰতো বৈষ্ণৱপ্রাণ ভকত সমাজে নিয়ম নীতি মতে অনুষ্টুপিয়াকৈ আর্ৱিভাব স্বৰূপ সম্পন্ন কৰে ।
এম্বুলেন্সত উদ্ধাৰ কাছ মাংস :বন বিভাগৰ অভিযানত আটক দুজন
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰণাৰ আতংক এম্বুলেঞ্চ এখন চকুৰ সন্মুখেদি পাৰ হলেই ভাব হয় ইয়াত নিশ্চয় ক’ৰণা আক্ৰান্ত ৰোগী গৈছে। কিন্তু বিশ্বনাথৰ এখন এম্বুলেন্সত ৰোগীৰ পৰিবৰ্তে কাছ মাংস সৰবৰাহ কৰা কথাহে পোহৰলৈ আহিছে। কৰোণা বা অন্যান্য ৰোগী নহয় , এম্বুলেন্সত ওলাল কাছ মাংস । এম্বুলেঞ্চত উদ্ধাৰ কটা কাছ মাংস সহ দুজনক গ্ৰেপ্তাৰ বিশ্বনাথৰ পানীভড়ালস্থিত বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ এটা অভিযানকাৰীৰ দলে গোপন সূত্ৰৰ পম খেদি যোৱা নিশা গহপুৰ ডিপৰাৰ কঠালনিবাৰীৰ পৰা শশী দাস(৫৬) , দিগন্ত ভূঞাঁ(৪०) নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে । ফৰেষ্টাৰ ওৱান উত্তম চমুৱাহৰ নেতৃত্বত যোৱা দলটিয়ে কঠালনি বাৰীৰ পৰা ৬ বাজি ৫০ মিনিট মান বজাত AS-12 -BC4421 নম্বৰৰ এম্বুলেঞ্চত কটা কাছ মাংস সহ দুজনক গ্ৰেপ্তাৰ কৰা হয় । আটক কৰা দুয়োজনক বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলে সোধপোছৰে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জব্দ কৰা কাছ মাংস সহ গ্ৰেপ্তাৰ কৰি বিশ্বনাথ জিলা আদালতত আজি হাজিৰ কৰাৰ ব্যৱস্থা কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি এম্বুলেন্স খন কালি তেজপুৰৰ পৰা ৰোগী থৈ বিশ্বনাথৰ গহপুৰত উপস্থিত হৈছিল আৰু তাৰ পিছত গহপুৰৰ কঠালনীবাৰীৰ পৰা এম্বুলেন্সখনৰ চালক দিগন্ত ভূঞাই শশী দাসক লগ কৰি প্ৰায় ১ কেজি ৩০০ গ্ৰাম কাছ মাংস ক্ৰয় কৰাৰ পিছত অভিযান কাৰী দলে উক্ত অঞ্চলৰ পৰা আটক কৰে দুই ব্যক্তিক । ইতিমধ্যে এই সন্দৰ্ভত দুয়োকে গ্ৰেপ্তাৰ অভিযান কাৰী বিষয়াই তদন্ত অব্যাহত ৰাখিছে ।
ই -আলোচনী ‘গুৰুবাৰ্তা’ উন্মোচন,অনলাইন শিক্ষাত অভিযোজন কৰোৱাটো এক প্ৰত্যাহ্বানঃ উপাচাৰ্য কন্দৰ্প দাস
অনলাইন শিক্ষাত ছাত্ৰ ছাত্ৰীক জড়িত কৰি অভিযোজিত কৰোৱাটো এক প্ৰত্যাহ্বান। পৰম্পৰাগত শ্ৰেণীসমূহতকৈ অনলাইন শ্ৰেণীকোঠাত শিক্ষকে অধিক শিক্ষণ কৌশল প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীক পাঠৰ সৈতে একাত্ম কৰিব পাৰিলে বেছি ফলপ্ৰসূ হ’ব। ‘গুৰুবাৰ্তা’ শীৰ্ষক অনলাইন আলোচনীৰ দ্বিতীয়টো সংখ্যা উন্মোচনী অনুষ্ঠানত ‘Trends of distance education in the digital age’ শীৰ্ষক বিষয়ত আগবঢ়োৱা ভাষণত এই মন্তব্য প্ৰদান কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প দাসে। ২৬ মে তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ যৌথ উদ্যোগত প্ৰকাশিত আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত জিলাখনৰ শিক্ষক সমাজক সম্বোধি দিয়া অনলাইন ভাষণত তেওঁ কয় যে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মানসিক দিশৰ প্ৰতিও শিক্ষকসকলে অধিক গুৰুত্ব আৰোপ কৰাৰ সময়। ডিজিটেল ডিভাইদৰ বাবে বঞ্চিত ছাত্ৰ ছাত্ৰীক বিকল্প পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। ডায়েট কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত গুৰুবাৰ্তা আলোচনীখনৰ বিষয়ে সবিশেষ জনাই জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। এই আপাহতে গুৰুবাৰ্তাৰ মুখ্য সম্পাদক ড° শিৰোমণি ভূঞাই আঁত ধৰা এই ভাৰ্চুৱেল উন্মোচনী অনুষ্ঠানটোত বিকল্প পাঠদানৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰা কিৰণ কাৰ্যসূচীৰ কথা অৱগত কৰে শিক্ষা বিষয়াগৰাকীয়ে। সভাত শলাগৰ শৰাই প্ৰদান কৰে কাৰ্যবাহী সম্পাদিকা চুইটি বেজবৰুৱাই লগতে ‘গুৰুবাৰ্তা’ৰ তত্ত্বাৱধায়ক সংগীতা গোস্বামীয়ে জনাইছে যে আলোচনীখন www.gurubarta.com ৱেবছাইটত উপলব্ধ হোৱাৰ উপৰিও www.dietkamrupassam.in আৰু ssakamrup.co.in ৱেবছাইটতো সংলগ্ন কৰা হৈছে। এইক্ষেত্ৰত ৰাইজৰ সহাৰি কামনা কৰিছে সম্পাদনা সমিতি তথা কামৰূপৰ শিক্ষক সমাজে।
ক’ভিড-১৯ত আক্ৰান্ত অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকা
আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ দেহত ধৰা পৰিল ক’ভিড-১৯ ।
শিৱসাগৰৰ দ’লমুখ চাৰিআলি কভিড কেয়াৰ চেন্টাৰত ভৰ্ত্তি বিধায়ক প্ৰদীপ হাজৰিকা।
মংগলবাৰে বিধায়ক হাজৰিকাই গুৱাহাটীত ক’ভিড পৰীক্ষা কৰিছিল।
বুধবাৰে ফলাফলত পজিটিভ আহে।
জ্যেষ্ঠ বিধায়কগৰাকী ক’ভিডত আক্ৰান্ত হােৱাৰ স্বাভাৱিকতে তেওঁৰ আত্মীয়ৰ লগতে দলীয় কৰ্মীসকলাে চিন্তিত হৈ পৰিছে।
কোভিড ৰোগীৰ মৃতদেহৰ অংশ শ্মশানৰ পৰা টানি আনিলে কুকুৰে
বৰপেটা চহৰত সংঘটিত হৈছে এক আজৱ কাণ্ড । কোভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ শ্মশানত সম্পূৰ্ণ সৎকাৰ নকৰাৰ ফলত মৃতদেহৰ এটি অংশ টানি আনিলে কুকুৰে । এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ গান্ধী নগৰত । এই ঘটনাক লৈ স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, কোভিডত আক্ৰান্ত হৈ কালি মৃত্যু হোৱা এগৰাকী ব্যক্তিৰ নশ্বৰদেহ প্ৰশাসনৰ উদ্যোগত বৰপেটা চহৰৰ মাজ মজিয়াত থকা “গান্ধীনগৰ শ্মশান”ত নিশা সৎকাৰ কৰে । কিন্তু অতি দুৰ্ভাগ্যজনক ভাবে উক্ত নশ্বৰদেহটো সম্পূৰ্ণ জাহ নোযোৱাটেই মৃতদেহৰ এটা অংশ কুকুৰে টানি আনি শ্মশানখনৰ সমীপত থকা বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনলৈ আনে ৷
আজি পুৱাৰ ভাগত প্ৰত্যক্ষদৰ্শীয়ে এই খবৰ পোৱা মাত্ৰেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । অৱশেষত বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতাত এটা বিশেষ দল উপস্থিত হৈ উক্ত অৰ্ধদগ্ধ নশ্বৰদেহৰ অংশটো উঠাই নিয়ে যদিও বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় চৌহদটো কোনো ধৰণৰ চেনিটাইজেচন কৰা নাই ।
এতিয়া প্ৰশ্ন হয়- এই ভয়াবহ কাণ্ড সংঘটিত কৰাৰ বাবে দায়ী কোন…?? যিসময়ত ভয়াৱহ কৰোণাক লৈ অধিক সচেতনতাৰ সৃষ্টি কৰি আহিছে , তেনে সময়ত কোভিড আক্ৰান্তৰ মৃতদেহক লৈ এইধৰণৰ অসাৱধানতাই সাধাৰণ লোকলৈ যে বিপদ কঢ়িয়াই আনিব সেয়া নুই কৰিব নোৱাৰি
ৰহমৰীয়াত ক’ভিড চেন্টাৰ মুকলি বিধায়ক বিনোদ হাজৰিকাৰ
লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাকক্ষত এটি ক’ভিড চেন্টাৰ মুকলি কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই। ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোহাঁয়ে আঁত ধৰা সভাখনত চৰকাৰী গাঁওবুঢ়া, ভিডিপি, আশাকৰ্মী, নাৰ্চ, অংগনবাড়ী কৰ্মী, সহায়িকা, পঞ্চায়তৰ সচেতন ব্যক্তিসকলৰ লগত বিধায়কগৰাকীয়ে বিশ্বৰ কৰোনা মহামাৰী বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰিব তাৰ ওপৰতো সজাগতা সভা অনুষ্ঠিত কৰে। তদুপৰি বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াৰ গৰাখহনীয়া, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে।
বৰপেটাৰ দঙৰকুছিত বজ্ৰপাতত এগৰাকী যুৱকৰ মৃত্যু
বৰপেটাৰ দঙৰকুছিত শোকাবহ ঘটনা
বজ্ৰপাতত এগৰাকী যুৱকৰ মৃত্যু
বজ্ৰ পৰি মৃত্যু ৰিতুমণি দাসৰ
বুধবাৰে নিশা ঘৰ অভিমুখে গৈ থকাৰ পথত বজ্ৰ পৰি সংজ্ঞাহীন হৈ পৰে ২৫ বছৰীয়া যুৱকজন
যুৱকজনক ততালিকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে











