বিভিন্ন প্ৰান্তৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত সফলতা লাভ কৰি ৰাজ্যবাসীলৈ এটি আনন্দৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে ষ্ট্ৰেছি ৰয়ে। গুৱাহাটী মহানগৰীৰ কামাখ্যাৰ বাসিন্দা তথা গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী ষ্ট্ৰেচি ৰয় নামৰ যুৱতী গৰাকীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিভিন্ন উপাধিৰে বিভূষিত হৈছে। ষ্ট্ৰেচি ৰয়ে বিগত ২০১৮ চনৰ এপ্ৰিল মাহৰপৰা এতিয়ালৈকে মডেলিং ক্ষেত্ৰখনত এটি খ্যাতি নাম আছে। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণেৰে ৰয়ে আজুৰি আনিবলৈ সক্ষম হৈছে বিভিন্ন বঁটা তথা উপাধি । ইয়াৰ ভিতৰত কলকাতাত অনুষ্ঠিত হোৱা AITA FSS বেষ্ট জুনিয়ৰ কৰ্ডিনেটৰ এৱাৰ্ড, দ্বিতীয় ৰাণাৰ্চ আপ ৰূপান্তৰ অসম, বেষ্ট আই এৱাৰ্ড, মষ্ট টেলেন্তেট মিছ আছাম এৱাৰ্ড আৰু মষ্ট টেলেন্টেড এৱাৰ্ড এণ্ড ক্ৰাউন এণ্ড মিছ আছাম বঁটাৰে বিভূষিত । ষ্ট্ৰেছি ৰয়ৰ এই সাফল্যত উৎফুল্লিত হৈ তেওঁৰ অনুৰাগীসকলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব : হিমন্ত বিশ্ব শৰ্মা
“পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব, নিজ নিজ মাতৃভাষাত পঢ়িব লাগিব ।” বৃহস্পতিবাৰে ধনশিৰি মহকুমাৰ সীমান্তৰ উৰিয়ামঘাটৰ সন্মিলীত বড়ো গণমঞ্চৰ সপ্তম বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “অসমীয়াৰ লগতে বড়ো, ৰাভা, ডিমাচা, কাৰ্বিৰ লগতে নানা জনগোষ্ঠীৰ নিজা নিজা ভাষা সংষ্কৃতি আছে যাক আমি পাহৰিব নোৱাৰো । সেয়ে অসমীয়াৰ লগতে, বড়োৱে বড়ো, ৰাভাই ৰাভা, কাৰ্বিয়ে কাৰ্বি ভাষাত পঢ়িবৰ বাবে সুবিধা পাব ।”
ইফালে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিত নিজ মাতৃভাষাত পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেখেতে কয়, ”চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিত নিজ মাতৃভাষাত পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে। কিন্তু নিজ মাতৃভাষাত পঢ়িবৰ বাবে, ভাষা সংস্কৃতি ৰক্ষাৰ বাবে যথেষ্ঠ শিক্ষক লাগিব। সেয়েহে চৰকাৰে সিদ্ধান্ত লৈছে অহা বৰ্ষত এই বছৰতকৈ বহু বেছি শিক্ষক নিযুক্তি দিব।”
সকলো ছাত্ৰ-ছাত্ৰীক টেট পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থাকিবলৈকো মন্ত্ৰী শৰ্মাই আহ্বান জনায়। তেখেতে কয়, ”এতিয়া যিদৰে এ: আই চাকৰিৰ বাবে যুৱক-যুৱতীসকলে পুৱা উঠি চেষ্টা কৰিছিল, ঠিক সেইদৰে পুনৰ অহা বছৰ টেট পৰীক্ষাৰ বাবে তেওঁলোকে কষ্ট কৰক|”
ডিব্ৰুগড় জিলাৰ আন্ত : জিলা চিনিয়ৰ খো খো প্ৰতিযোগিতাৰ বাচনি শিৱিৰ
আগন্তুক আন্ত:জিলা চিনিয়ৰ খো খো প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাই অংশ গ্ৰহণ কৰিব বুলি ডিব্ৰুগড় জিলা খো খো সন্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড় জিলাৰ চিনিয়ৰ শাখাৰ খো খো খেলুৱৈ বাচনি শিৱিৰ ২১ ফেব্ৰুৱাৰীত টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে। ইচ্ছুক খেলুৱৈ সকলক জন্মৰ প্ৰমাণ পত্ৰৰ লগতে দুকপি পাচপৰ্ট ফটোসহ পুৱা ন বজাত বাচনি শিবিৰত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
সীমান্তত মন্ত্ৰী হিমন্ত, বিধায়ীকা ৰজ’লীনা তিৰ্কীক ‘নিমাতি কন্যা’ আখ্যা মন্ত্ৰীগৰাকীৰ
১৭ , ১৮ আৰু ১৯ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা সন্মিলিত বড়ো গণ মঞ্চৰ (UBPO)সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন দ্বিতীয় দিনাৰ কাৰ্যসুচীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ দুপৰীয়া প্ৰায় ৩ বজাত আকাশী মাৰ্গাৰে উৰিয়ামঘাটত উপস্হিত হৈ প্ৰায় দুই কিলোমিটাৰ খোজেৰে কেইবা শতাধিক দলীয় নেতা কৰ্মীয়ে অধিবেশন স্হলিলৈ আগবঢ়াই লৈ যায় ৷
সভাত উপস্হিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সৰুপথাৰৰ বাট পথৰ দূৰৱস্হা দেখি নিজে বিভাগীয় মন্ত্ৰী যদিও লজ্জিত অনুভৱ কৰিছে ৷ বাট পথৰ দূৰৱস্হাৰ বাবে মন্ত্ৰী গৰাকীয়ে সৰুপথাৰবাসীক হে দোষাৰোপ কৰি কৱোৰা লগতে বিধায়ীকা ৰজলীনা তিৰ্কীক কটাক্ষ কৰি কয় যে নিমাতি কন্যাক নিৰ্বাচিত কৰিলে এনে অৱস্হা হব আৰু আগন্তুক নিৰ্বাচনত সিংহৰ দৰে গৰজিব পৰা এজন বিধায়ক নিৰ্বাচন কৰিবলৈ আহ্বান জনায় ৷ আগন্তুক দিনত সৰুপথাৰৰ উন্নয়নৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও আশ্বস প্ৰদান কৰে ৷ আগন্তুক নিৰ্বাচনত বিজেপি দলে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাব নেকি বুলি সাংবাদিকে কৰা এৰ প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে অগপৰ লগত মিত্ৰজোঁটত দুয়োটা দলে এতিয়াও চৰকাৰ চলাই আছে গতিকে বুজাবুজিৰে আগুৱাই যোৱাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷
অধিবেশনস্হলিতে মন্ত্ৰী গৰাকীয়ে বিটিচিৰ বাহিৰৰ ২১ খন জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকলৈ গঠিত সন্মিলিত বড়ো গণমঞ্চৰ অধিবেশনতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বডো় চুক্তি আধাৰত চৰকাৰে গঠন কৰি দিয়া বডো় কছাৰী উন্নয়ন পৰিষদৰ অন্তবৰ্তীকালীন পৰিষদখন আজিৰ সভাতে ঘোষণা কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতে সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীক অধ্যক্ষ আৰু গণমঞ্চৰ উপ – সভাপতি গাম্বাৰো মুছাহাৰীক উপাধ্যক্ষ হিচাপেলৈ বডো় কছাৰী উন্নয়ন পৰিষদ গঠন কৰা হয়। সমিতিত উৰিয়ামঘাট অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ স্বৰ্গীয়াৰীকো সদস্য হিচাপে মনোনীত কৰা হৈছে বুলি জানিব পৰা গৈছে।
সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা বডো় কছাৰী উন্নয়ন পৰিষদে বিটিচিৰ বাহিৰত থকা ২১ জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকৰ সৰ্বাংগীন উৎকৰ্ষ সাধন কৰিব বুলিও উল্লেখ কৰে। দীৰ্ঘদিনীয়া গণসংগ্ৰামৰ পৰিপ্ৰেক্ষিতত বডো় কল্যাণ উন্নয়ন পৰিষদ ঘোষণা কৰাত সভাস্থলীত উপস্থিত প্ৰায় কুৰি সহস্ৰাধিক লোক উৎফুল্লিত হৈ পৰা দেখা যায়। নৃত্য গীতেৰে মুখৰিত এক উৎসৱ মুখৰ পৰিবেশত অনুষ্ঠিত মুকলি সভাখনি উদ্ধোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ ফুকনে।
সন্মিলিত বডো় গণমঞ্চৰসাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে আঁত ধৰা সভাত গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,ধনশিৰি মহকুমাধিপতি দিবাকৰ নাথ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা,সন্মিলিত বড়ো গণমঞ্চৰ সম্পাদক প্ৰদীপ স্বৰ্গীয়াৰী, বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া, ৰাজীৱ শইকীয়া আদি বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।তদুপৰি সভাৰ পূৰ্বে পুৱাৰ ভাগত সন্মিলিত বড়ো গণ মঞ্চৰ পতাকা উত্তোলন আৰু মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে ইউ বি পি অ ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে।শ্বহীদ তৰ্পণ কৰে ইউ বি পি অ ৰ উপ-সভাপতি গাম্বাৰু মুছাহাৰীয়ে ।
অধিবেশন উপলক্ষে মহেশ বসুমতাৰীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “খৌছেথিনি থিলি” নামৰ এখন স্মৃতি গ্ৰন্থৰ লগতে প্ৰদীপ স্বৰ্গীয়াৰীৰ “একান্ত মনৰ সুঁতি” নামৰ গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে বিয়লি বি টি চি ৰ বাহিৰৰ ২১ খন জিলা সমিতিৰ আগশাৰীৰ বড়ো সংঘটন সমূহৰ নেতৃত্বৰ মাজত এক আলোচনা অনুষ্ঠিত হয়।সন্ধ্যা সন্মিলিত বড়ো গণ মঞ্চৰ দ্বিতীয় খন প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে ৰাতিলৈ শিল্পী সকলৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
মূল্য বৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
পুনৰ চৰকাৰ বিৰোধী শ্ল’গানত কপিল গোলাঘাট চহৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । গোলাঘাটতো জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
অত্যাৱশ্যকীয় সামগ্ৰী চাউল, দাইল, পেট্ৰল, ডিজেল, চিলিণ্ডাৰ আদি সন্মুখত লৈ এই প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ।অসম চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই , বিজেপি চৰকাৰ গ’বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা ৰাজ্য চৰকাৰক ধিক্কাৰ জনাই ছাত্র সংগঠন টোৱে।
AIR AMBULANCE-ৰে দিল্লীৰ এইমছত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক এয়াৰ এম্বুলেঞ্চেৰে নি দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে ।
১৯৮৫ চন আৰু ১৯৯৬ চনত দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ইতিমধ্যে দিল্লীত স্বাস্থ্যৰ প্ৰাৰম্ভিক চিকিৎসা আৰম্ভ কৰা হৈছে।
দক্ষিণ যোৰহাটৰ পাণগিৰীয়াত ইতিহাস সমৃদ্ধ ‘কল্পতৰু’ উন্মোচন
আধ্যাত্মিক অনুষ্ঠানৰ সাহিত্য বিভাগৰ দ্বাৰা গাঁও তথা অঞ্চলৰ ইতিহাস সমৃদ্ধ স্মৃতিগ্ৰন্থ ‘কল্পতৰু- ২০২১’ দক্ষিণ যোৰহাটৰ পাণগিৰীয়া বৰ নামঘৰত ৰূদ্ৰেশ্বৰ শইকীয়াই উন্মোচন কৰে। যোৰহাট জিলাৰ সাৰ্বজনীন আঞ্চলিক ভিত্তিত অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ ৰূপালী জয়ন্তী আদৰণি বৰ্ষ উপলক্ষে ১২-২১ ফেব্ৰুৱাৰীলৈ চলি থকা ধৰ্মানুষ্ঠানত উন্মোচিত কল্পতৰুৰ সম্পাদনা কৰে সভাপতি বিনোদ গগৈ, উপ-সভাপতি ৰাণাজিৎ গগৈ, সম্পাদক বিনয় কুমাৰ শইকীয়া, মুখ্য সহযোগী সম্পাদক লাটু গগৈ, জ্যেষ্ঠ উপ-সম্পাদক গজেন বাঢ়ৈ আৰু সহযোগী সম্পাদক ধীৰাজ বৰুৱাই। বিনোদ গগৈৰ সঞ্চালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডম্বৰুধৰ গগৈয়ে। উপস্থিত থাকে পৃষ্ঠপোষক অপূৰ্ব কুমাৰ গগৈ আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি খগেশ্বৰ গগৈৰ লগতে সম্পাদনা সমিতি। বিশেষ সহযোগিতা আগবঢ়াই সহকাৰী সম্পাদক ৰূপক গগৈয়ে। অসমৰ কেইবাগৰাকীও বিশিষ্ট লেখক-লেখিকাৰ লগতে গাঁৱৰ নৱ প্ৰজন্মই সাহিত্যৰ ক্ষেত্ৰত মনোনিবেশ কথাটো কল্পতৰুৰ ইতিবাচক দিশ।
নগাঁৱলৈ দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ
২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।
২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।
লগতে গৃহমন্ত্ৰী অমৃত শ্বাসৰ আগমনৰ বাৰ্তা পাই এতিয়া মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে । নিৰ্মাণ কৰা হৈছে হেলিপেড ।
সজাই-পৰাই তোলা হৈছে মন্দিৰৰ চৌপাশ । মন্দিৰ কতৃপৰ্ক্ষৰ সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰীৰ আগমনৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰশাসনো । আজি সমগ্ৰ প্ৰস্তুতিৰ বুজ লবৰ বাবে উপস্থিত হ’ব অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
টীয়ক সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থীত্ব দাবী
আগন্তক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে টীয়ক বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰীক শীতল যুঁজ আৰম্ভ হৈছে ।বিশেষকৈ মিত্ৰজোঁটৰ ক্ষেত্ৰত সমষ্টিটো এইবাৰ বিজেপি দলটোক অগ্ৰাধিকাৰ দিবলৈ বাৰম্বাৰ দাবী জনাই অহা কথা ইতিমধ্য বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাইছে ।কিয়নো বিগত সময়চোৱাত অগপ আমোলত থকা সমষ্টিটো বহুতো উন্নয়নৰ কামৰ বেলিকা স্বজনতোষনৰ লগতে কেতবোৰ অনিয়মৰ কথা পোহৰলৈ অহাত অধিকাংশ ৰাইজে ক্ষোভিত হৈ আছে ।এনে পৰিপ্ৰেক্ষিতত অগপ দলক টীকট দিলে বিজয় হোৱাৰ সম্ভৱনা কঠিন অন্যহাতে টীয়কত ১৫ বছৰ কংগ্ৰেছ দলটো শাসনত থাকি কেৱল উন্নয়নৰ নামত দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈ সমষ্টিটোক বহুতো দিশত পিছ পেলাই যোৱাত সমষ্টিত পুনৰ কংগ্ৰেছৰ দখললৈ অহাটো ৰাইজে বিছৰা নাই ।ইতিমধ্যে ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদ দলৰ বৰ্তমানলৈকে টীয়কত সাংগঠনিক দিশটো মুষ্ঠিমেয় কেইজন মান লোকৰ লগতে দুই এটা জাতীয় সংগঠনৰ মাজতে আৱদ্ধ থকাৰ বিপৰীতে প্ৰায়েই শূণ্য বুলিব পাৰি । সেয়ে টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপি দলটোক প্ৰক্ষেপ কৰাৰ লগতে সৰ্বসন্মত নেতা হিচাপে যদুনাথ বুঢ়াগোহাঁই অসীম বৰুৱা,জিতু হাজৰিকা, অমৰ শইকীয়াক স্থানীয় হিচাপে কোনো এজনক প্ৰাৰ্থীত্ব দিবলৈ ৰাইজে উৰ্ধত্তম কৰ্তৃপক্ষক দাবী জনাইছে বুলি জানিব পৰা গৈছে ।সম্প্ৰতি টীয়কত ১৯খন গাঁও পঞ্চায়তত দলীয় কাম কাজ তথা সাংগঠনিক দিশটো অধিক মজবুত কৰি ৰখাত বিজেপি দলটোক এক গতিশীল কৰাত স্থানীয় নেতা কেইজনৰ অৱদান অনস্বীকাৰ্য যদিও একাংশ সমষ্টিটোত কোনো কালে ৰাইজৰ ওচৰত গৈ নোপোৱা ব্যক্তিও টীকট দাবীদাৰ হোৱাত সমালোচিত হ’ব লগা হৈছে ।অলপতে সমষ্টিত বিজেপি দলে কৰা পৰ্যৱেশনৰ লগতে ৰাইজৰ মতামত গ্ৰহণ কৰি শীঘ্ৰে দলৰ স্থানীয় প্ৰাৰ্থীত্ব টীয়কৰ ৰাইজে আশাৰে বাট চাইছে ।
১ নং মৰিটুনী গাঁৱৰ উদ্যোগত আলি -আ:য়ে -লৃগাং উদ্যাপন
আলি আ:য়ে লৃগাং মিচিং সকলৰ উৎসৱেই নহয় ই এক মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন | মাজুলীৰ বিভিন্ন ঠাইত আলি আ:য়ে লৃগাং উদ্যাপন হোৱাৰ লগতে ১ নং মৰিটুনী গাঁৱৰ উদ্যোগত আজি ১৭ ফেব্ৰুৱাৰীত মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে আলি আ:য়ে লৃগাং উদ্যাপন কৰা হয় | পুৱা ৭:০০ বজাত মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ৰেগনে গছপুলি ৰোপণ কৰাৰ পিছতেই ধান সিঁচা শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ সভাপতি প্ৰদীপ পায়েং আৰু সহযোগিতা আগবঢ়াই বক্সিৰাম ৰেগন, ৰাজু ৰেগন আৰু বীৰেণ ৰেগনে ৷ পুৱা ৯:০০ বজাত সামূহিক গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হয় ৷ পুৱা ১০:৩০ বজাত মাজুলী ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে দুপৰীয়া ১২:০০ বজাৰ পৰা মাজুলী ভিত্তিত মিচিং একক নৃত্য, মিচিং ঐ নি:তম, মিচিং সাজপাৰ , সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা অনুষ্ঠানত সঞ্চলনা কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে ৷ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ৰেগনে আঁত ধৰা অনুস্থানত প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধন কৰে মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ৰেগনে ৷ প্ৰতিযোগিতাসমূহৰ ফলাফল ক্ৰমে-চিত্ৰাংকন নিম্ন শাখাৰ প্ৰথম বিপুল ৰেগন, দ্বিতীয় নীলকান্ত ৰেগন, তৃতীয় কৃষ্ণকান্ত পায়েং আৰু উচ্চ শাখাৰ প্ৰথম কৃষ্ণকান্ত ৰেগন, দ্বিতীয় ৰাজকুমাৰ ৰেগন, তৃতীয় আকাশ পায়েং , মিচিং সাজপাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ মহিলাৰ শাখাত প্ৰথম মৌচমী নৰহ , দ্বিতীয় কৃষ্ণা পামে গাম,তৃতীয় ময়ুৰী গাম, পুৰুষৰ শাখাত প্ৰথম অপূৰ্ব ৰেগন, দ্বিতীয় নৃপেন পায়েং, তৃতীয় বুধিন্দ্ৰ ৰেগন, মিচিং আধুনিক একক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম কৃষ্ণা পামে গাম, দ্বিতীয় বহাগী ৰেগন, তৃতীয় কল্পনা ৰেগন, ঐ নি:তম প্ৰতিযোগিতাৰ প্ৰথম মৌচমী নৰহ, দ্বিতীয় ৰূপজ্যোতি ৰেগন, তৃতীয় দিপাঞ্জলী পায়ে আৰু প্ৰদীপ পায়েঙে স্থান লাভ কৰে ৷ আবেলি ৪:৩০ বজাত অনুস্থিত হোৱা বঁটা বিতৰণি সভাত উপস্থিত থাকে ক্ৰমে – উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ ৰেগন,যুটীয়া সম্পাদক মানস ৰেগন আৰু বাবু ৰেগন, দাতা- বিপুল পায়েং, মনোজ ৰেগন, প্ৰণয়ন ৰেগন, মুহিধৰ পায়েং, জয়ৰাম ৰেগন, ৰাজেশ পায়েং, বুবু ৰেগন ,শৰত ৰেগন, লক্ষজিৎ ৰেগন, পবিত্ৰ পায়েং প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে উপস্থিত থাকে ৷ প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থাকে অংকিত বাল্মিকী, দিব্যজ্যোতি পাহাদী, অদিতি বৰুৱা, ময়ুৰী কামান, বুবু ৰেগনে ৷ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ৰেগনে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাপতি প্ৰদীপ পায়েঙে মন্তব্য প্ৰদান কৰি সভা সমাপ্ত হোৱা ঘোষণা কৰে |











