Home Blog Page 3033

লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা : উপদেষ্টা দীপজয় শইকীয়াক বিদায় সম্বৰ্ধনা

আবেলি লাহোৱাল প্ৰেছ ক্লাবৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ক্লাবৰ কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষিন্দৰ কুৰ্মীয়ে৷ উক্ত সভাতেই নৱগঠিত মটক স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত সদস্য তথা লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা দীপজয় শইকীয়াক ক্লাবৰ তৰফৰ পৰা অভিনন্দন জনোৱা লগতে বিদায় সম্ভাষণ জনোৱা হয় ৷ লগতে অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত লেখক সম্বৰ্ধনা বঁটা লাভ কৰা লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টাদ্বয় ভূষণজ্যোতি সন্দিকৈ আৰু যাদৱ গগৈক এখনি ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়৷ সভাত লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা ভূষণজ্যোতি সন্দিকৈ, কনৌজ শইকীয়া, যাদৱ গগৈ, উপ সভাপতি বিজন্ত গগৈ, সদস্য উজ্জল শইকীয়া, যুগল কোঁৱৰ আৰু ধন্টি শইকীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

গায়ন গাঁৱৰ উজনি নামঘৰৰ লাইখুটা স্থাপন

অসম  চৰকাৰৰ মথাউৰি সবলীকৰন আঁচনিৰ বাবে গায়ন গাঁও উজনি নামঘৰৰ স্থানান্তৰ হৈছে গাঁও খনৰ মধ্যস্থল গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ কাষলৈ। সেই উদ্দেশ্যে বৃহস্পতিবাৰে নামঘৰৰ লাইখুটা স্থাপনৰ শুভ উদ্বোধন কৰাৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিল। পুৱা ৮ বজাত এক ধৰ্মীয় বিশাল শোভাযাত্ৰাৰে এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তক ডবা শংখ, গায়ন বায়নেৰে আদৰি আনে ৰাইজে। ডেকা সত্ৰীয়া গৰাকীয়ে নিজে সিদ্ধ কৰা ভোগ, সোন ৰূপকে ধৰি পঞ্চৰত্ন দি লাইখুটাৰ নিৰ্মাণৰ শুভ উদ্বোধন কৰি ধৰ্মীয় বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। বক্তৃতাত তেখেতে নামঘৰত নামকীৰ্তন , ভাওনা আদিৰ বাদে যাতে কোনেও গ্ৰাম্য আলোচনা নকৰে তাৰ প্ৰতি সকলো উপস্থিত ৰাইজক আহ্বান জনায়। এই অনুষ্ঠানতে মাজুলীৰ বিষ্ণুপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী দেহেশ্বৰ শইকীয়া, মিস্ত্ৰী জীৱন কলিতা, পূৰ্ণকান্ত কলিতা আৰু গহীন বৰাক সম্বৰ্ধনা জনায়। গাঁওবাসীৰ লগতে কাষৰীয়া নিকিনি খোৱা গাঁও , কলনীবাৰী গাঁও, নপমুৱা গাঁও, লাহন গাঁওৰ নিমন্ত্ৰণ অতিথি সকলে খুটাত শিল বালি চিমেন্ট  দিয়ে। অনুষ্ঠানত গাঁওৰ সমাজ কৰ্মী আনন্দ শইকীয়াই বক্তব্য আগবঢ়াই। বহুতো লোকে থিতাতে বহু অনুদান আগবঢ়াই এই অনুষ্ঠানতে। ৰাইজে দান অনুদানেৰে এই মহৎ কৰ্ম কৰিবলৈ লৈছে গতিকে ৰাইজে এই অনুষ্ঠানলৈ দান বৰঙণি আগবঢ়াই সোনকালে নামঘৰ ভাগ সম্পূৰ্ণ কৰাত সহযোগিতা  কৰাৰ লগতে দিহা পৰামৰ্শ কামনা কৰিছে। উপস্থিত সকলো ৰাইজ আৰু দাতা সকলক , বিশেষকৈ ভূমিদাতা বিমান বৰাৰ পৰিয়ালক শলাগৰ শৰাই আগবঢ়াই সভাপতি দিলীপ বৰা, যুটীয়া সম্পাদক প্ৰশান্ত বৰা আৰু জয়ন্ত মাধৱ কলিতাই। কোনো লোকে যদি নামঘৰৰ বাবে দান আদবঢ়াৱ বিচাৰে ৬০০০৫৯৯৯২৯ ত যোগাযোগ কৰিব পাৰিব বুলি বিষয়ববীয়া সকলে আমাক অৱগত কৰে ।

টুপামাৰীত বিশাল ধৰ্ম সভাৰ আয়োজন

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ দ্বাদশ বাৰ্ষিক বিশাল ধৰ্ম সভা ২২ ফেব্ৰুৱাৰী ২০২১ ইং তাৰিখ সোমবাৰে টুপামাৰী আঞ্চলিক হাফিজীয়া মাদ্ৰাছা প্ৰাঙ্গণত আবেলি চাৰি বজাত  আয়োজন কৰা হব। টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি মৌঃ মঃ আহচান আলি (ক্বাজী) ৰ সভাপতিত্বত অনুস্থিত হবলগীয়া বিশাল ধৰ্ম সভাত মুখ্য অতিথি হিচাপে ডেকাচাং ফাৰুকীয়া মাদ্ৰাছাৰ মুহতামিম হাফিজ ক্বাৰী মুফতি মঃ আবুল বাসাৰ, বিশিষ্ট অতিথি হিচাপে মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত মুদাৰিছ মৌঃ মঃ আশ্ৰাফ আলী তালুকদাৰ, টুপামাৰী হাই মাদ্ৰাছাৰ সহ শিক্ষক মৌঃ মঃ আবু তাহেৰ, দাৰুল উলুম টুপামাৰী মাদ্ৰাছাৰ হেড মুদাৰিছ হাফিজ মৌঃ নজৰুল ইছলাম নিৰ্দিষ্ট বক্তা ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী শিক্ষক মৌলবী মঃ জছিম উদ্দিন, সোনতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক মৌঃ মঃ ছিদ্দিক আলী, টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ হেড মুদাৰিছ হাফিজ মৌঃ মঃ মুফাজ্জল হকৰ   লগতে স্থানীয় কেইবাজনো আলেম ওলেমাই অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। উক্ত বিশাল দ্বিনী ওৱাজ মেহফিলত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোগতা সকলে।

উইপ্ৰ ইণ্ডিয়া অৰ্থিয়ান এৱাৰ্ড প্ৰগেম অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত জ’ভিয়েলভেলী ছাত্ৰ ফাহিম ইৰফান আহমেদক বঁটা প্ৰদান

উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ড প্ৰগেমত অসমৰ ভিতৰত দ্বিতীয় স্হান প্ৰাপক নাজিৰা জ’ভিয়েল ভেলী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদক কোম্পানীটোৰ তৰফৰ পৰা  ১৮ ফেব্ৰুৱাৰীত বিদ্যালয়ত বঁটা প্ৰদান কৰে। উল্লেখ্য যে দেশৰ অগ্ৰনি কম্পিউটাৰ প্ৰতিষ্ঠান উইপ্ৰ ইণ্ডিয়া লিমিটেডে প্ৰতিবছৰে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰি আহিছে উইপ্ৰ আৰ্থিয়ান এৱাৰ্ড প্ৰগেম।দলগতভাবে ছাত্ৰ-ছাত্ৰীসকলে পানী,জৈৱ-বৈচিত্ৰ্য আৰু আৱৰ্জনাৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি কোম্পানীটোৰ ওচৰত দাখিল কৰিব লাগে।২০২০বৰ্ষৰ কোম্পানীটোৰ এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত বিদ্যালয় পৰ্যায়ত নাজিৰা মহকুমাৰ তিনি বিদ্যালয় ক্ৰমে গেলেকী জাতীয় বিদ্যালয়ৰ এটা ছাত্ৰ ছাত্ৰী ৰ  দলে দলগতভাবে প্ৰথম স্হান আৰু বাউলী মৈদাম উঃমাঃবিদ্যালয়ৰ এটা ছাত্ৰ ছাত্ৰীৰ দলে তৃতীয় স্হান দখল কৰাৰ বিপৰীতে নাজিৰা নগৰৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ’ভিয়েল বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদে এককভাবে আৱৰ্জনাৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি অসমৰ ভিতৰত দ্বিতীয় স্হান দখল কৰি নাজিৰাৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।১৮ফেব্ৰুৱাৰীত উইপ্ৰৰ মূূূূখ্য বিষয়া অনুৰাগ বেহাৰৰ হৈ বিদ্যালয়খনৰ অধ্যক্ষ শিল্মী বড়াই  উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ডত দ্বিতীয় স্হান প্ৰাপ্ত ফাহিম ইৰফান আহমেদক  বঁটা প্ৰদান কৰে।একেটা অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰকল্প প্ৰস্তুতকৰণত সহায় কৰা বিদ্যালয়খনৰ শিক্ষয়ত্ৰী ফিৰদৌচী খাতুনক কোম্পানীটোৰ তৰফৰ পৰা এখন প্ৰমাণ পত্ৰ প্ৰদান কৰে।উল্লেখ্য যে এইখন বিদ্যালয়ৰ পৰা কেইবাজনো ছাত্ৰই বিগত সময়ত বিভিন্ন বিষয়ত কৃতিত্ব লাভ কৰিছে।

বৰবহা হাইস্কুলৰ কৃতী ছাত্ৰক ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ আশিস দাসক আজি ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান কৰা হয় । বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁ‌টাটি আগবঢ়োৱা হয়। বৰবহা হাইস্কুলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও আৰু হোজাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেধাৱী ছাত্ৰ আশিস দাসক বঁটাটি প্ৰদান কৰে । বঁটা প্ৰদান কৰি দিয়া ভাষণত বিদ্যালয়সমূহৰ পৰিদৰ্শক নাথে পিতৄ , মাতৃ  আৰু শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ছাত্ৰ – ছাত্ৰী সকলক অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় । প্ৰসংগ ক্ৰমে তেওঁ নিজৰ জীৱনৰ উদ্ধৃতিৰে  ছাত্ৰ অৱস্থাত কঠোৰ শ্রমৰ মাজেৰে কেনেদৰে শিক্ষা গ্রহণ কৰিছিল সেই বিষয়ে ছাত্ৰ- ছাত্ৰী সকলক অৱগত কৰি সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংবাদিক জিতেন বৰকটকীয়ে প্ৰকৃত শিক্ষা আহৰণেৰে   নিজকে প্ৰস্তুত কৰি  সমাজৰ হিতৰ বাবে মনোনিৱেশ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । সভাত  বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ হৈ আদৰণি ভাষন প্ৰদান কৰে বিভা বৰকটকীৰ কনিষ্ঠ পুত্র তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ইয়াৰ পূর্বে বিভা বৰকটকীৰ প্ৰতিচ্ছবিত বিশিষ্ট অতিথি সকলৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে সভাস্থলীত উপস্থিত থকা অঞ্চলটোৰ শ্ৰমজীৱি পাঁচ গৰাকী মহিলাক মাতৃ জ্ঞান কৰি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই একোটিকৈ উপহাৰ প্ৰদান কৰে । এই ক্ষেত্রত ড০ বৰকটকীক সহযোগ কৰে তেওঁৰ পত্নী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে। উল্লেখ্য যে বৰবহা অঞ্চলৰ প্ৰয়াত শিক্ষাবিদ তথা সমাজসেৱক নীলকান্ত বৰকটকীৰ  পৰিবাৰ বিভা বৰকটকীৰ স্মৃতিত পৰিয়ালৰ লোকে বৰবহা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক বিগত তিনি বছৰে বিভা বৰকটকী বঁটা প্ৰদান কৰি আহিছে ।বঁটা প্ৰদান অনুষ্ঠানত বিভা বৰকটকীৰ জ্যেষ্ঠ পুত্র অনন্ত বৰকটকী, কনিষ্ঠ পুত্র ড০ শৰৎ বৰকটকী, বোৱাৰী দীপিকা লস্কৰ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক হিৰণ্য শৰ্মাৰ উপৰি বৰবহা হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । আনহাতে বিদ্যালয়খনত আজি‌ দশম শ্রেণীৰ ছাত্র-ছাত্রী সকলৰ এখনি বিদায় সভাও অনুষ্ঠিত হয় ।

ডাম্পাৰৰ দৌৰাত্ম্য-পাৰ্কিঙৰ অভাৱ-ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা

নিয়ন্ত্ৰণৰ বাবে নাই যানবাহন আৰক্ষী

যান-জট নিয়ন্ত্ৰণৰ বাবে ট্ৰেফিক পইন্ট আছে যদিও যান বাহন আৰক্ষীৰ অভাৱৰ লগতে যান বাহন ৰখোৱা স্থানৰ অভাৱৰ বাবেই তীব্ৰ যান-যটৰ সমস্যাই দেখা দিছে জামুগুৰিহাটৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থলত৷যাৰবাবে এতিয়া যানজটৰ সমস্যা যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে জামুগুৰিহাটত ৷ সময়ৰ লগত খাপখোৱাকৈ ব্যৱসায়িক প্ৰতিস্থানৰ সংখ্যা দিনকদিনে ক্ৰমাৎ বৃদ্ধি পোৱাৰ উপৰিও জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থল নগৰলৈ ৰূপান্তৰিত হ’ল ৷ যদিও যানবাহনসমুহ নিয়ন্ত্ৰণৰ বাবে ট্ৰেফিক পুলিচৰ অভাৱ আৰু ব্যৱসায়িক কেন্দ্ৰস্থলৰ নিকটৱৰ্তী স্থানত নিৰ্দিষ্টকৈ গাড়ী পাৰ্কিংৰ সুবিধা নথকাৰ ফলত কেন্দ্ৰস্থলটোত দিনকদিনে যানজঁটৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে৷বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকৰ ঘৰতেই একোখনকৈ নিজাকৈ দুচকীয়া অথবা চাৰিচকীয়া বাহন থকাৰ বাবেই ব্যৱসায়িক কেন্দ্ৰস্থলটোলৈ বজাৰ সমাৰ কৰিবলৈ অহা লোকসকলে নিজৰ নিজৰ গাড়ী, মটৰচাইকেল সমূহ নিজৰ ইচ্ছানুযায়ী বিশৃংখলভাৱে ৰখাই থোৱাৰ ফলত ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজেদি দুখন বাহন একে সময়তে পাৰ হৈ যোৱাতো জটিল হৈ পৰিছে ৷ ইয়াৰোপৰি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কামত ব্যৱহৃত দৈনিক শতাধিক শিল-বালিভৰ্তি ডাম্পাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেদিয়েই অহা যোৱা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰীৰ লগতে যান-বাহনৰ গৰাকীসকলো ৷ ঠিক একেদৰে প্ৰতিদিনাই সন্ধিয়াৰ সময়ছোৱাৰ লগতে  ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ নাতিদূৰত প্ৰতি বৃহস্পতিবাৰে বহা সপ্তাহিক বজাৰৰ দিনটোত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলত অভাৱনীয় যান – জটৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ৷ এই যানজটৰ সমস্যাই কেন্দ্ৰস্থলটোৰ মাজেদি খোজকাঢ়ি আৰু চাইকেল লৈ জামুগুৰিহাটৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলকো যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পেলাই ভয়ংকৰ দূৰ্ঘটণা সংঘটিত হোৱাৰ আশংকাৰ ফালেও ঠেলি দিছে৷তাৰোপৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা সৰু বৰ গাড়ী, যাত্ৰীবাহি, বাছসমুহ জামুগুৰিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মূল ট্ৰেফিক পইন্টৰ কেকুঁৰিটোৰ ওচৰত চালকৰ নিজ খেয়ালখুচিমতে ৰখা আৰু অন্যান্য সৰু ব্যৱসায়িক যান বাহনসমুহো নিজ ইচ্ছামতে ৰখোৱাৰ বাবেই বিগত সময়চোৱাত কেবাটাও দূৰ্ঘটনা সংঘটিত হৈছে৷ঠিক একেদৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজেৰে শেহতীয়াকৈ পৰ্যটনৰ থলী হিচাপে স্বীকৃতি লাভ কৰা পাণপুৰঘাট, চকীঘাট আৰু গমিৰিপাললৈ যোৱা পথ তিনিটাৰ মধ্যম স্থানত সম্প্ৰতি ট্ৰেফিক পুলিচৰ অভাৱৰ বাবেই বিশৃংখলভাৱে চাইকেল, মটৰচাইকেল, চাৰিচকীয়া বাহন আদি ৰখাই থোৱাত যিকোনো সময়তেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে৷বিশেষকৈ প্ৰতিদিনেই যানজটৰ সমস্যাই এতিয়া গুৰুত্বৰ ৰূপ ধাৰণ কৰা জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলত এই সমস্যা দূৰ কৰিবৰ বাবে ট্ৰেফিক পুলিচ মোতায়েন কৰাৰ লগতে সংশ্লিষ্ঠ বিভাগক পৰিকল্পিত ভাৱে পাৰ্কিং ৰ  ব্যৱস্থা কৰি শীঘ্ৰে এই গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰান পোৱাবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে৷উল্লেখ্য যে পূৰ্ৱে জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ট্ৰেফিক পইন্টত ট্ৰেফিকৰ দায়িত্ব কেবাগৰাকীও গৃহৰক্ষী জোৱানে সুচাৰুৰূপে পালন কৰিছিল যদিও যোৱা ডেৰ বছৰ ধৰি জামুগুৰিহাটত যান বাহন নিয়ন্ত্ৰণৰ বাবে দেখা পোৱা ন’গল এগৰাকীও ট্ৰেফিক পুলিচ ৷

সদৌ অসম ভিত্তিত স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা সোৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

নাজিৰা টাউন স্পৰ্চ ক্লাৱ আৰু কেন্দ্ৰীয় ক্লাৱৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা সোৱৰণীত চলন্ত ট্ৰফী আৰু প্ৰাইমনি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ঐতিহাসিক গড়গাঁও কলেজ খেল পথাৰত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমনি এক লাখ টকা বুলি উদ্যোক্তা সকলে জনাইছে । ইচ্ছুক দল সমূহক আগতীয়াকৈ ভ্ৰাম্যভাষ ৯৪০১৩৬১৯৬৮ অথবা ৭০০২১৭১৫১৫ নম্বৰত যোগাযোগৰ বাবে আয়োজকৰহৈ সভাপতি ৰঞ্জিত বৰ্মন আৰু সম্পাদক অমৰ গগৈয়ে অনুৰোধ কৰিছে ।

নগাঁৱত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়

নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছে। নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন স্থানত স্থানীয় আৰু দেশীয় তথা‌ বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলি আছে। অবৈধ সুৰাৰ অবাধ প্ৰচলনে বিভিন্ন স্থানত সামাজিক বিশৃংখলাৰ সৃষ্টি কৰিছে। সংঘটিত হৈছে বহু কেইটা অপৰাধজনিত ঘটনা। মাজে সময়ে আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যদিও জিলাখনত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাত তেওঁলোক সফল হ’ব পৰা নাই। জিলা খনৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে অভিযোগ কৰিছে যে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগক অবগত কৰিলেও তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰে। আৰক্ষী আৰু আবকাৰী বিভাগৰ লগত অবৈধ সুৰাৰ ব্যৱসায়ীৰ গোপন বুজা-বুজি থকাৰ বাবে তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব নিবিচাৰে বুলি সচেতন মহলে মন্তব্য কৰিছে। আনহাতে মাজে সময়ে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাই যদিও একাংশ আবকাৰী বিষয়া কনিষ্টবলে ব্যৱসায়ী সকলৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে। নগাঁও চহৰকে ধৰি জিলাখনৰ ঠাই বিশেষে অবৈধ সুৰা ব্যৱসায়ীক আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে আটক কৰে যদিও পিছত ৰহস্যজনক ভাবে ব্যৱসায়ী সকলক এৰি দিয়াৰ অভিযোগ উঠিছে। কালিও নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ একাংশ ব্যৱসায়ী পৰা আবকাৰী বিভাগে ধন লোৱাৰ কথা ব্যৱসায়ী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। সচেতন মহলে জিলাখনত অব্যাহত থকা অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় শীঘ্ৰে বন্ধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাঞ্জা কঢ়িওৱা ট্ৰাকসহ চালকক আটক

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ভাং সহ ট্ৰাক জব্দ। যোৱা নিশা শিমুলটাপু আৰক্ষীৰ দলে শ্ৰীৰামপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ট্ৰাকখনক আটক কৰে। অসমৰ পৰা বংগ অভিমুখে গৈ থকা ইউ কে ০৬ চিবি ২২৫৩ নম্বৰৰ ট্ৰাক খনৰ গোপন চেম্বাৰত উদ্ধাৰ কৰে বৃহৎ পৰিমানা ভাংসমুহ। ট্ৰাকৰ লগতে চালক জছৱিন্দৰ সিং ক আটক কৰে  ৷আৰক্ষীৰ আগত চালকে স্বীকিৰোক্তি দিয়া মতে অবৈধ গাঞ্জাখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বোজাই কৰি বংগৰ কলিকতালৈ লৈ যোবাৰ সময়ত শিমুলটাপু আৰক্ষীয়ে ট্ৰাকখন যোৱা নিশা আটক  কৰি আজি তালাচী চলোৱাত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা 90 খন গাঞ্জাৰ পেকেট উদ্ধাৰ হয়।উদ্ধাৰ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য  এক কোটি টকা হব বুলি অনুমান কৰা হৈছে ।

বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, বুজা নাইঃ লুৰীণজ্যোতি গগৈ

অসমত এইবাৰ জাতীয় পৰিষদৰ চৰকাৰঃ বোকাখাতত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

“যি মানুহে জাতিক ভালপায়, যি মানুহে জাতিক বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে বিজেপি, অগপ দলৰ দৰে ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে ৷ অগপ সভাপতিজনে মাতৃৰ আহ্বান শুনি কা বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰি পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে কৰা আহ্বান উঠাই লৈছিল নেকি ? এনে দুমুখীয়া নীতিৰে পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰা নেতাৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কোৱাৰ কোনো অধিকাৰ নাই ৷ কা-বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰা জনতাক আভুৱা ভাৰিবলৈহে তিনি মন্ত্ৰীয়ে এখন নাটকহে কৰিছিল ৷ আমাৰ বাবে মন্ত্ৰীত্ব প্ৰথম কথা নহয়, আমাৰ বাবে জাতিৰ সুৰক্ষা নিশ্চিত কৰাতোহে প্ৰথম কথা ৷ বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, সেইয়া মই বুজিব পৰা নাই বুলি মিত্ৰজোঁটৰ চৰকাৰখনক কটাক্ষ কৰে ৷ বোকাখাত সমষ্টিত এইবাৰ জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব অগপৰ সভাপতি, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷” বোকাখাতত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ সভাত অংশ লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ বোকাখাত কেন্দ্ৰীয় বিহুতলীত আজি অনুস্থিত জাতীয় জাগৰণ সমাৱেশ সভালৈ মানুহ অনাৰ বাবে আয়োজক বোকাখাত সমষ্টি পৰিষদে গাড়ীৰ ব্যৱস্থা কৰিছিল যদিও, জাতীয় পৰিষদে ভাড়া কৰা গাড়ীক বাধা প্ৰদান কৰাৰৰ উপৰিও মানুহ অনাৰ ক্ষেত্ৰতো মন্ত্ৰী অতুল বৰাই পৰোক্ষভাৱে বাধা দিয়াৰ অভিযোগ আনে লুৰীণজ্যোতি গগৈয়ে ৷ আঞ্চলিকতাবাদী শক্তিৰে অসম জাতীয় পৰিষদে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ, এই তিনি গগৈৰ সন্মিলিত শক্তিয়ে অসমত এখন বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে জনোৱা আহ্বান পোনচাটেই নাকচ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ আজি বোকাখাতত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে সেই আহ্বান পুনৰ জনাইছিল লুৰীণজ্যোতি গগৈক ৷ কিন্তু সেই আহ্বান প্ৰত্যাখান কৰে লুৰীণজ্যোতি গগৈয়ে ৷ সভাৰ পূৰ্বে  বোকাখাতৰ লতাবাৰীৰ পৰা এখন সুসৰ্জিত জীপছী গাড়ীত লুৰীণজ্যোতি গগৈক আদৰি অনাৰ পাছত কেন্দ্ৰীয় বিহুতলীলৈ যোৱা পথত গায়ন-বায়ন, বিহুদল, ঝুমুইৰ দল আৰু বেনপাৰ্টিৰ দলে লুৰিণজ্যোতি গগৈক সভাকক্ষলৈ আদৰি আনে ৷ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে সম্পাদকদ্বয় ৰাজু ফুকন, দীপক হাজৰিকা, যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক ৰিদীপ ভূষণ নাথ, নাৰী শক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদিকা ভাৰতী দত্তৰ লগতে কেইবাগৰাকীও ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷ সমাৱেশত বোকাখাত সমষ্টিৰ প্ৰায় পাঁচশতাধিক লোকে অংশ গ্ৰহণ কৰে ৷