Home Blog Page 3048

মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো : মমতা বেনাৰ্জীপশ্চিম বংগত।ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে এখন জনসভাত অংশ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়।

মমতা বেনাৰ্জীয়ে জনসভাখনত কয়, ‘মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো। বংগত বিভাজনৰ ৰাজনীতি নকৰিব। তৃণমূলে বৃহৎ সংখ্যাগৰিষ্ঠতাৰ সৈতে ক্ষমতা পুনৰ দখল কৰিব।মমতাই লগতে বেংগল দখল কৰাৰ পিছত মোদী নেতত্বাধীন বিজেপি চৰকাৰক দিল্লীৰ পৰাও আঁতৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে।বেনাৰ্জীয়ে কয়, ‘মই সাধাৰণ মানুহ হিচাপে চৰকাৰ চলাইছো। তৃণমূলে কাম কৰা লোকসকলক টিকট প্ৰদান কৰিব’।মমতাই লগতে কয় যে, বিজেপিয়ে ভাৱে যে তেওঁলোকৰ ওচৰত টকা আছে আৰু তেওঁলোকে যিকোনো কাম কৰিব পাৰে। আপুনি মানুহক টকাৰে মূল্যাংকন কৰিব নোৱাৰে।ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰক কৃষকসকলৰ তথ্য প্ৰদান কৰিছে কিন্তু কেন্দ্ৰই কৃষকসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা নাই বুলিও অভিযোগ তোলে মমতা বেনাৰ্জীয়ে।আনহাতে মমতাই পশ্চিম বংগৰ প্ৰতিগৰাকী লোককে নমস্কাৰৰ পৰিৱৰ্তে জয় বাংগ কবলৈও অনুৰোধ জনায়।

অন্য বহুতৰ দৰে বৰ্তমানলৈ কোনো খবৰ নাই তিনি অসমীয়া সন্তানৰ।

উত্তৰাখণ্ডৰ প্ৰকৃতিৰ মহাপ্ৰলয়ত তচনচ হৈ পৰিল বহুতৰে জীৱন। কোনো শুংসূত্ৰই নাই বহু লোকৰে। ইয়াৰে মাজত কেইবাজনো উদ্ধাৰ হোৱাৰ বিপৰীতে বহু মৃতদেহো উদ্ধাৰ হৈছে।নিৰবিচ্ছিন্ন ভাবে উদ্ধাৰ অভিযান চলাই গৈছে উদ্ধাৰকাৰী দলে। নিশাও অব্যাহত আছে উদ্ধাৰ অভিযান। পিছে বৰ্তমানলৈ কোনো খবৰ নাই অন্য বহুতৰে দৰে তিনিও অসমীয়া সন্তানৰ।নগাঁৱৰ দুখনকৈ ঘৰত আজিও কান্দোনৰ ৰোল। কামপুৰৰ ঘৰখনত যেন একোৱেই নাইকিয়া এতিয়া। দুয়ো পুত্ৰৰে নাই কোনো খবৰ।

আনহাতে তপোবনৰ সুৰংগত বৰ্তমানেও বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সেয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু সুৰংগত বোকা সোমাই পৰাত লেহেমীয়া হৈছে অভিযান।কিন্তু বোকা গুচাই, পাইপ আদি কাটি আগবাঢ়ি গৈ আছে উদ্ধাৰকাৰী দল। ভিতৰত ৩০ ত কৈ অধিক শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা ব্যক্ত।৬০০ত কৈ অধিক উদ্ধাৰকাৰী দলে দিনে নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, বৰ্তমানেও ১৭২ লোক সন্ধানহীন হৈ আছে দুৰ্ঘটনাটোৰ পিছৰে পৰা।

অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে এতিয়া বেলেগ ৰূপত দেখা পাব

ৰাজ্যসভাৰ পৰা অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে বেলেগ ৰূপত দেখা পাব।বুধবাৰে তেওঁ উচ্চ সদনত কয় যে মানুহে এতিয়া তেওঁক বহু ঠাইত দেখিবলৈ সক্ষম হ’ব কিয়নো তেওঁ এতিয়া মুক্ত হৈছে।ইয়াৰ উপৰি তেওঁৰ এতিয়া সাংসদ-মন্ত্ৰী হোৱাৰ ইচ্ছা নাই আৰু দলৰ কোনো পদবীও ল’ব নিবিচাৰে বুলি মন্তব্য কৰে।বক্তব্যত তেওঁ লগতে এজন ৰাজনীতিবিদ হিচাপে নিজৰ কামকলৈ সন্তুষ্ট আৰু জীয়াই থকালৈকে জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এটা সাক্ষাতত আজাদে কয়, ‘মই ১৯৭৫ চনত জম্মু আৰু কাশ্মীৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিলো। মই দলৰ বহুতো পদত কাম কৰিছো। মই বহুতো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছো। মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে মই দেশৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো’।

‘মই সুখী যে মই বিশ্বস্ততাৰে মোৰ দায়িত্ব পালন কৰিছিলো। মই দেশ আৰু বিশ্বক জানিবলৈ আৰু বুজিবলৈ সুযোগ পাইছিলো’, তেওঁ লগতে কয়।সংসদত তেওঁ লাভ কৰা প্ৰশংসা আৰু অভিনন্দনৰ বিষয়ে সোধাত তেওঁ কয়, ‘যিসকলে মোক গভীৰভাৱে বুজি পায়, তেওঁলোকে বহু বছৰ ধৰি মোৰ কাম দেখিছে আৰু সেয়ে আৱেগিক হৈ পৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ’।  আৰু কয় যে মই  প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু বিভিন্ন দলৰ সহকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰশংসা কৰিছিল আৰু যাৰ সৈতে মই কাম কৰাৰ সুযোগ পাইছিলো।

আজি চিৰাঙলৈ অমিত শ্বাহ, গুৰুৰ ঘৰত গ্ৰহণ কৰিব আহাৰ

আজি চিৰাঙলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সভা–সমিতিৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ লাঞ্চ পলিটিক্স। মাটিৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপনত বদ্ধপৰিকৰ বিজেপি নেতাসকলে সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কোনো সাধাৰণ মানুহৰ ঘৰত। দখল কৰে বাতৰিৰ শিৰোনাম। আজি চিৰাঙলৈ যাবলগীয়া অমিত শ্বাহে আহাৰ গ্ৰহণ কৰিব অনন্ত মহাৰাজৰ ঘৰত। কি থাকিব অমিত শ্বাহৰ মেন্যুত?চিৰাঙত ৰাজবংশীয় ধৰ্মগুৰু অনন্ত মহাৰাজৰ ঘৰলৈ যাব অমিত শ্বাহ। গ্ৰেটাৰ কোচবিহাৰ পিপল্ছ এছ’চিয়েচনৰ নেতা অনন্ত ৰায় কোচবিহাৰৰ স্বঘোষিত মহাৰাজা। থাকে চিৰাং জিলাত। ৰাজনৈতিক মহলৰ মতে, কোচ ৰাজবংশীৰ ১৮ লাখ মানুহ আছে অনন্ত ৰায়ৰ সৈতে। মধ্যাহ্ন ভোজনো তাতেই কৰিব অমিত শ্বাহে। অংশ ল’ব বৈঠকতো।অমিত শ্বাহৰ খোৱাৰ ব্যৱস্থা কৰাৰ দায়িত্ব অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ৰ ওপৰত। একেবাৰে সাধাৰণ আহাৰ গ্ৰহণ কৰিব অমিত শ্বাহে। পুৱা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ুৰ জুতি ল’ব গৃহমন্ত্ৰীয়ে।দুপৰীয়া গ্ৰহণ কৰিব মধ্যাহ্ন ভোজন। ভাত, দাইল, পটল ভাজি, পনীৰ, চাটনি, দৈ–গোল্লা খাব অমিত শ্বাহে।ইয়াৰ পূৰ্বে মেদিনীপুৰত আদিবাসী পৰিয়ালত, শান্তি নিকেতনত বাসুদেৱ বাউলৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল অমিত শ্বাহে।

বজালী মহকুমাক অানুষ্ঠানিকভাবে জিলালৈ ৰূপান্তৰিত কৰিলে মুখ্যমন্ত্ৰী সণোৱালে

 বজালীবাসীৰ এক দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনায় সৰ্ৱানন্দ সণোৱাল নেতৃত্বাধীন বিজেপি  চৰকাৰ খনে সোমবাৰে অানুষ্ঠানিক ভাবে বজালী মহকুমাক জিলালৈ ৰূপান্তৰিত কৰিলে।বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্ৱানন্দ সণোৱালে অানুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে বজালী জিলাৰ অনুস্থানটোত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাস,মুখ্য মুখ পাত্ৰ ৰূপম গোস্বামী। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত সৰুক্ষেত্ৰী সমষ্টিৰ ৩২ খন গাঁও বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় কিছু দিন পূৰ্বে নিযুক্তি দিয়া উপায়ুক্ত অাৰু অাৰক্ষী অধীক্ষকৰ হাতত বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।লগতে পাঠশালাক নিম নগৰী হিচাপে ঘোষণা কৰাৰ লগতে ৪.৬৮ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালা স্থাপন হবলগীয়া  দুগ্ধ সংসাধন উদ্যোগৰ  নিৰ্মাণ কাৰ্য্যত অাধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰীয়ে।

নগাঁও পৌৰ এলেকাৰ ১৩ টা পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ


নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সো়মবাৰে সমষ্টিটোৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।পথ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ ধাৰাক অনন্য মাত্ৰা প্ৰদানৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো।নগাঁও চহৰক উন্নয়নৰ নতুত্বৰে জাতিষ্কাৰ কৰাৰ উদ্দেশ্যে আজিও চহৰখনৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে  ভূঞাপট্টি শিশু উদ্যানৰ চাৰিসীমাৰ নৱ নিৰ্মিত পকীদেৱাল উদ্ধোধন কৰা হয় বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । এই উদ্যানখনত  শিশুৱে উমলি আনন্দ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।আনহাতে নগাঁও পৌৰসভা এলেকাৰ পথৰ উন্নয়নে নগাঁও বাসী ৰাইজক উপকৃত কৰিব বুলিও বিধায়ক গৰাকী আশাবাদী। সো়মবাৰে আধাৰশিলা স্থাপন কৰা পৌৰসভা এলেকাৰ পথ সমূহ হৈছে- ৮ নং ৱাৰ্ডৰ এন বি পি উপপথ, ২২নং ৱাৰ্ডৰ লখিমী পথ, ২নং ৱাৰ্ডৰ ৰামকৃষ্ণ পলি উপপথ,২১নং ৱাৰ্ডৰ লাচিত নগৰ পথ,১ নং ৱাৰ্ডৰ হয়বৰগাঁও হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ ,২নং ৱাৰ্ডৰ শান্তিপুৰ উপপথ,৬নং ৱাৰ্ডৰ হৰিজন কলনি পথ‌,১৯ নং ৱাৰ্ডৰ ফুলচান্দ বৰা পথ,১৯ নং ৱাৰ্ডৰ ভোলা বৰুৱা পথ‌,১৯ নং ৱাৰ্ডৰ খুটিকটীয়া কলংপাৰ পথ, ১৬ নং ৱাৰ্ডৰ দেছুৱালী পট্টি পথ,১৬নং ৱাৰ্ডৰ কীৰ্তন ঘৰ পথ আৰু ২ নং ৱাৰ্ডৰ শান্তিপুৰৰ কালী মন্দিৰৰ সমীপৰ ১ নং উপপথ ।

এদিনীয়া ভ্ৰমণসূচীৰে আজি নিশা অসমত উপস্থিত হ’ব অমিত শ্বাহ

এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি নিশা গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী । গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁৱত বৰ্তমান কটকটীয়াকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী ।

বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে চিৰাঙলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

অৱশ্যে, অমিত শ্বাহৰ এই ভ্ৰমণৰ উদ্দেশ্য সুকীয়া । গৃহমন্ত্ৰীগৰাকীয়ে কোনো ৰাজনৈতিক সভাত অংশ ল’বৰ বাবে নহয়, চিৰাং জিলাৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ অতিথি হৈহে আহিব। চিৰাঙত গ্ৰেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ নেতা অনন্ত ৰায়ক সাক্ষাৎ কৰিব শ্বাহে। এই ভ্ৰমণত অমিত শ্বাহক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

ডবকাত পৰিবহন বিভাগৰ পথ সজাগতা সভা,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট পৰিবেশন

হোজাই জিলা পৰিৱহন বিভাগৰ উদ্যোগত আজি ৩২ তম পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি এখন পথ সুৰক্ষা সজাগতা সভা ,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট ডবকা চহৰত অনুষ্ঠিত কৰি পৰিৱহন বিভাগে দুৰ্ঘটনাৰ পৰা কিদৰে ৰাইজে সকাহ পাব পাৰে তাৰ প্ৰয়াস চলায় ৷ এই উপলক্ষে আয়োজিত বাইক ৰেলীৰ ফ্লেগ মাৰ্চ কৰে পৰিবহন বিষয়া তামছিন আফতাবে ৷

সজাগত সভাত হোজাই জিলা পৰিৱহন বিষয়া তামছিন আফতাব, এম বি আই হৰমহন শিকীয়া, এনফৰ্চমেন বিষয়া মখলিচুৰ ৰহমান আৰু ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ স্বত্থাধিকাৰী ফাৰুক আহমেদসহ স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে ৷ ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ সন্মুুুুখত এখন পথ সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত পৰিবহন বিভাগৰ বিষয়া সকলে পথ সুৰক্ষাৰ উপৰত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পিছত মটৰ চাইকেল ৰেলি কৰি ডবকা পুলিচ পিন্টৰ সমীপত সকলো সমবেত হোৱাৰ পাছত কাকীৰ শিল্পী সকলৰ দ্বাৰা পথ সুৰক্ষা সন্দৰ্ভত এখন বাটৰ নাট অতি সুন্দৰকৈ পৰিবেশন কৰা হয় ৷

ৰঙিয়াৰ পথাৰত অচল জলসিঞ্চন ব্যৱস্থা,মূৰেকপালে হাত দিছে খেতিয়কে

অসম চৰকাৰৰ সবাতোকৈ অকৰ্মণ্য বিভাগ হিচাপে পৰিচিত জলসিঞ্চন বিভাগৰ পুনৰ  ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে । জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত ৯৫ শতাংশ জলসিঞ্চন আঁচনি ভালুকৰ সাঙীত পৰিণত হৈছে । ৰঙিয়াৰ নিকটৱৰ্তী বৰকুকুৰীয়া গাৱৰ খেতিয়কে জলসিঞ্চন বিভাগৰ কোটি টকীয়া জলসিঞ্চন আঁচনিৰ পৰা আজিলৈকে খেতি পথাৰত নাপালে পানী । কোটি কোটি টকা ধন খৰচ কৰাৰ পিছতো এই আঁচনি সমূহৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে পানীনোপোৱা কথাই ক্ষোভিত কৰি তুলিছে । খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত পানীৰ বাবে খেতিয়কৰ হাহাকাৰ । আঁচনি আছে, কিন্তু আঁচনি বিকল । খেতি পথাৰত পানী নাই বাবে চিৰাল ফাট মেলিছে । জলসিঞ্চন বিভাগৰ আঁচনি থকাৰ পিছতো খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰিলে অকৰ্মণ্য জলসিঞ্চন বিভাগে । যাৰ ফলত এতিয়া শশ বিঘা  বড়ো ধানৰ কঠিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । ঋণ লৈ অথবা ধাৰ কৰি দৰিদ্ৰ খেতিয়কসকলে ধানৰ বীজ খিচিছিল । কিন্তু খেতিপথাৰত  চিৰাল ফাট মেলাত মুৰে কপালে হাত দিছে খেতিয়কসকলে । পথাৰত পানী নোহোৱাত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কৰ মাজত । খেতি পথাৰৰ কাষতে জলসিঞ্চন আঁচনি আছে যদিও সেই আঁচনি এতিয়া ভালুকৰ সাঙিত পৰিণত হৈছে । কৃষক ৰাইজৰ নামত কৌটি কৌটি টকাৰ আঁচনি স্থাপন কৰোতেই দায়িত্ব শেষ হয় জলসিঞ্চন বিভাগটোৰ । সেয়েহে এতিয়া উপায়ন্তৰ ৰাইজৰ শেষ ভৰষা ভগৱান । পথাৰৰ খেতিডৰাৰ মাজেৰে জীৱনৰ সপোন দেখা খেতিয়ক ৰাইজে আশীৰ্বাদ বিছাৰিছে ভগৱানৰ । পুজা অৰ্চনা কৰি দুৰ্ভগীয়া খেতিয়ক ৰাইজৰ প্ৰাৰ্থনা – পথাৰৰ খেতি ডৰা ভালে ৰাখক । খেতিয়ক ৰাইজৰ কৰুণা কৰি পানীৰে জীপাল হওক খেতি পথাৰ ।

হয় চাহ শ্ৰমিকক ৩৫১ টকা মজুৰি দিয়ক অন্যথা বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাব আটছাই

১০ ফেব্ৰুৱাৰী তাৰিখে উজনি অসমৰ ভিন্ন ঠাইত আটাছাই চাহ জনগোষ্ঠীৰ বাবে বৃদ্ধ কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে বহু শ শ লোক।কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক ৩৫১ টকা মজুৰি প্ৰদান, মাটিৰ পট্টা আৰু অসম জনজাতিকৰণ নকৰিলে আগন্তক ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাব বুলিো হুংকাৰ দিয়ে আটাছাই।

স্বাধীনতাৰ ৭০ বছৰ কাল পাৰহৈ যোৱাৰ পাছতো চৰকাৰে চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধান কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ বুধবাৰে চাহজনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হায় হায় শ্লোগানেৰে বোকাখাত মহকুমাত বোকাখাত নগৰৰ পৰা সমদল বাহিৰ কৰি বোকাখাত মহকুধিপতি কাৰ্যলয়ত উপস্থিত হৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।আনহাতে চাহ জনজাতি ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ নির্দেশ মৰ্মে মৰিয়নী শাখাৰ উদ্যোগতো মৰিয়নী ৰাজহ কাৰ্যালয়ত ৩ ঘণ্টাৰ এক ধৰ্মঘট কাৰ্যসূচী পালন কৰে।