Home Blog Page 3069

ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত দুৰ্ঘটনা

ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত ভয়ঙ্কৰ দুৰ্ঘটনা

কথমপি প্ৰাণ ৰক্ষা ৬ জন ব্যক্তি

ততালিকে উপস্থিত চাবুৱা থানাৰ আৰক্ষী বিষয়া টুলুমনি নেতৃত্বত আৰক্ষী দল

জানিব পৰা মতে বিয়া খাই আহি এ এচ 23G 6468 চেন্ট গাঢ়ীখন ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে আহি থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়

আটাইকেইজন দিনজয় পকা লাইনৰ বুলি জানিব পৰা গৈছে

জামুগুৰিহাটত এগৰাকী কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা অভিযুক্তৰ ভাঙিলে ৰাইজে।

জামুগুৰিহাটৰ চামধৰাত উত্তপ্ত পৰিস্থিতি। এগৰাকী ১৫ বছৰীয়া কিশোৰীক দিব্যজ্যোতি নাথ নামৰ এজন যুৱকে বলাৎকাৰৰ চেষ্টা কৰা ঘটনাক লৈ সৃষ্টি হৈছে এই ভয়ানক পৰিস্থিতি। উত্তেজিত ৰাইজে অভিযুক্তক মাৰিবলৈ নাপাই ভাঙিছে ঘৰৰ আচবাৱ।
ঘটনাৰ বিৱৰণী অনুযায়ী আজি দুপৰীয়াৰ ভাগত কিশোৰী গৰাকীয়ে অভিযুক্ত দিব্যজ্যোতি নাথৰ বাসগৃহত ছাগলী বিছাৰি যোৱাৰ অৱস্থাত কিশোৰী গৰাকীক সুযোগবুজি পাছফালৰ পৰা ধৰি নি গোহালী ঘৰৰ খোটাত বান্ধি লৈ দিব্যজ্যোতিয়ে মাতৃৰ সৈতে উপয্যোপৰী প্ৰহাৰ কৰে। আৰু তাৰ পাছতেই দিব্যজ্যোতি নাথে কিশোৰী গৰাকীক বলাৎকাৰৰ প্ৰচেষ্টা চালাই থকা অৱস্থাতে আন এগৰাকী বান্ধৱীয়ে ঘটনা প্ৰতক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই স্থানীয় ৰাইজে আহি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই ঘটনাস্থলিত জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰি দুই অভিযুক্ত ক্ৰমে দিব্যজ্যোতি নাথ আৰু মাতৃ ৰীণা নাথক গেপ্তাৰ কৰে। আনফালে ৰাইজে দুই অভিযুক্ত মাতৃ পুত্ৰক কঠোৰ শাস্ত্ৰীৰ বিহিৱৰ বাবে প্ৰশাসনক দাৱী জনাই।

জামুগুৰিহাটৰ পৰা জোন বৰা

সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ।

সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ।তেওঁ ” সৰু বোৱাৰী” ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল । ভ্ৰাম্যমাণ থিয়েটাৰতো সঙ্গীত পৰিচালনা কৰিছিল ।

ভেকচিন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ অতি শেহতীয়া ঘোষণা।

ভেকচিন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ অতি শেহতীয়া ঘোষণা।

ভোটগণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ ক’ৰনা টেষ্ট

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ২ মে’ত ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ ফলাফল। ক’ভিড প্ৰট’কল মানি হ’বলগীয়া ভোটগণনাৰ পূৰ্বে ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া বিষয়া-কৰ্মচাৰী, সংবাদ-মাধ্যম, প্ৰাৰ্থী তথা প্ৰাৰ্থীৰ এজেন্টৰ ক’ভিড টেষ্ট কৰে। ডিব্ৰুগড় চহৰৰ চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত হ’বলগীয়া ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলগীয়া অনুমোদিত সকলো লোকৰ বাবে ক’ৰনা টেষ্ট বাধ্যতামূলক কৰা হৈছে। যাৰ ফলত শুক্ৰবাৰে চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত হৈ থকা ক’ভিড টেষ্টত দুগৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰনা পজিটিভ।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি ২ মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৩৩ পেকেট গাঞ্জা সহ N L 01K ৩২৯৪ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷ উল্লেখ যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাল হিলিমচিং এক গোপন সুত্ৰৰ ভিত্তিত শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৩৩ পেকেট গাঞ্জা সহ ট্ৰাকখনক আটক কৰে।গাঞ্জাভৰ্তি ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দামৰা পাৰাত পৰিতক্ত অৱস্থাত প্ৰত্যক্ষ কৰি তালাচী চলাই গাঞ্জাসমুহ জব্দ কৰি শিমুলটাপু আৰক্ষী চকীলৈ আনে। ৫৩৪ কেজি গাঞ্জা জব্দ কৰা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।

গোসাইগাঁওৰ পৰা আজিজুল হক

হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক

হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক।

উক্ত স্থানত উদ্ধাৰ হয় এখন বাইক।

উদ্ধাৰ হোৱা যুৱকজন হোজাই গীতা মন্দিৰৰ সম্ভূ ছেত্ৰী।

পিতা চন্দ্ৰ বাহাদুৰ ছেত্ৰী দক্ষিণ হোজাই উচ্চতৰ মাধ্যমিকত কৰ্মৰত।

পৰবৰ্ত্তী সময়ত ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে।

এয়া আত্ম হত্যা নে হত্যা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

লোকসংগীতৰ শিল্পী, বিহুৱা ,নামাচাৰ্য টংলাৰ গোপাল ডেকা আৰু নাই

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বালিপাৰা চমুৱাপাৰা গাঁৱৰ এগৰাকী প্ৰতিভাবান লোকসংগীতৰ শিল্পী , বিহুৱা ,নামাচাৰ্য গোপাল ডেকা আৰু নাই। ২৯ এপ্ৰিল বৃহস্পতিবাৰে নিশা ৯-২০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি বৈকণ্ঠগামী হোৱা গোপাল ডেকাৰ নিউমনীয়া টাইফয়েড হৈ আছিল। ৩৫ বছৰীয়া গোপালে দীৰ্ঘদিন ধৰি বিহু মঞ্চ,বিহুতলীত বিহু নাম,বাঁহী বজায়, পেঁপা বজাই ৰাইজৰ সমাদৰ লাভ কৰাই নহয় লোকসংগীতৰ এগৰাকী নিভাঁজ শিল্পী হিচাপে পৰিগণিত হৈছিল।

আৰ্থিক অনাটনে জুৰুলা কৰিলেও লোককলা কৃষ্টিৰ চর্চা -সাধনা নিৰন্তৰে কৰি গৈছিল।এক সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা গোপালৰ পিতৃ প্ৰয়াত সুকনান্নী ওজাপালিৰ শিল্পী হৰকান্ত ডেকা আৰু মাতৃ ভূমিত্রা ডেকা।খুৰাক, আইতাকৰ পৰা অলেখ অনুপ্ৰেৰণা লাভ কৰি কৃষ্টিৰ পথাৰত ভৰি দিয়া গোপালে বৰগীত, বিয়ানাম,দিহানাম,থিয় নাম খোল বাদনৰ উপৰি কোচ ৰাজবংশী, ৰাভা,শৰণীয়া কছাৰী মিছিং,তিৱা লোকনৃত্যটো দক্ষতা অর্জন কৰিছিল।

আনহাতে শিল্পী গোপাল ডেকাৰ খুৰাক মটৰ দুৰ্ঘটনাত মৃত্য ভতিজাক শিল্পী গোপাল ডেকাৰ সংস্কাৰ কৰি ঘৰলৈ উভটোতে টংলা কলেজ ৰ’ডৰ বালিপাৰা শ্মশানৰ সমীপতে মাৰুটি ভান (এ এছ-০১A D-৯১৪০) এখনে ষাঠিৰ উৰ্ধৰ ধনপতি ডেকাক মহতিয়াই নিয়ে। ততালিকে উন্নত চিকিৎসাৰ বাবে টংলা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও মৃত্যু হোৱা বুলি জনা যায়।মাৰুটি ভান খনৰ চালকজন খোখাবস্তিৰ মাৰতুছ তিৰকী। ভতি জাকৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন নৌহতে খুড়াকৰ আকস্মিক বিয়োগত সকলোৱে মৰ্মাহত হয়।

■টংলাৰ পৰা অৰূপ বড়ো

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু।

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু।

নীলবাগান কভিড কেয়াৰ চেন্টাৰত এজনৰ মৃত্যু ৷

হোজাই জিলাৰ নীলবাগান এম জি মডেল হস্পিতালত কভিড আক্ৰান্ত এজন ৰোগীৰ মৃত্যু ৷

মৃত্যু হোৱা লোকজনৰ নাম দেৱ নাথ (50)

নিশা ১২:১৫ বজাত মৃত্যু হোৱা বুলি চিকিৎসক আজহাৰ উদ্দিন আহমেদে জনায় ৷

নিহত লোকজনৰ ঘৰ কাকীত ৷

লোকজনক ২৮ এপ্ৰিলত নীলবাগান মডেল হাস্পতালৰ কভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হৈছিল ৷

ডিৰাক কঁপাহতলীত পৌৰাণিক নীতি নিয়মেৰে ৰাতি বিহু পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তথা উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিৰাক কঁপাহতলীত সৰুমেছাই আৰু কঁপাহতলী ৰাইজৰ যৌথ উদ্যোগত কালি ক’ৰণা অতিমাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিডৰ সকলো নীতি নিয়মৰ মাজেৰে অতীজৰ নিয়মেৰে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহুখনি অনুষ্টুপিয়াকৈ অনুষ্ঠিত হৈ যায় । স্মতব্য যে, ৰাতি বিহু হৈছে মৰাণ জাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱে মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰাৰ লগতে জাতীয় পৰিচয় প্ৰতিফলিত কৰি আহিছে । ৰাতি বিহু হ’ল গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি ক’ব পাৰি। ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু । মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰি আহিছে । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লবলগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি ওলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয় । বিহু ঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰে । বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয় । তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে । ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে । ৰাতি বিহু গাবৰ বাবে এজন বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । ৰাতি বিহু  শেষ হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে । তেলৰ চাকিৰ পোহৰত গীত, বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে । নিশা আঠমান বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে এই বিহু চলি থাকে, কিন্তু এইবাৰ ক’ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া হোৱাৰ লগে আৰম্ভ হৈ ৮.০০ বজাৰ লগে লগে সামৰণি পৰে । আন গাঁৱৰ ডেকা বিহুখোলালৈ আহিলে গাভৰুসকলে ডেকাসকলক টকা চমজাই দিয়ে আৰু ডেকাবিলাকেও হাতত থকা বাদ্যবোৰ চমজাই দিয়ে । বেলেগ গাঁৱৰ পৰা অহা ডেকাবোৰে তেতিয়া প্ৰেম-প্ৰণয়, ব্যঞ্জনাধৰ্মী শালীনতাপূৰ্ণ বিহুগীত গায় ঢোল তাল বজায় গাভৰুসকলক নচুৱাই । অৰ্থাৎ আন গাঁৱৰ পৰা অহা ডেকাইহে গাভৰুসকলক নচুৱাই । একে গাঁৱৰ ডেকাই একে গাঁৱৰ গাভৰুক ননচুৱাই । ধেমালি ৰং ৰহইচৰ মাজেৰে বিহু কৰি থাকিলেও এই বিহুত কোনো অশ্লীলতা নাথাকে । বৰঞ্চ ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত । আধুনিকতাৰ পৰশত ৰাতি বিহু এতিয়া হেৰাই যাব ধৰিছে যদিও সৰুমেছাই আৰু কঁপাহতলীবাসী ৰাইজৰ প্ৰচেষ্টাত পুনৰ পৌৰাণিক ৰীতি নীতিৰে জীপাল হৈ উঠা দেখিবলৈ পোৱা যায় ।