Home Blog Page 3070

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক উত্তম মধ্যম ৰাইজৰ

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ অধিক সজাগ হৈ পৰিছে নগাঁৱৰ ৰাইজ।  আজি নগাঁৱৰ ভূঞাপট্টিত স্থানীয় ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি উত্তম মধ্যম শোধায়।  ভূঞাপট্টিৰ এখন গেলামাল দোকানৰ পৰা যুৱকজনে ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ ক্ৰয় কৰা সময়তে স্থানীয় লোকে আটক কৰে যুৱকজনক। ধৃত যুৱকজনৰ পৰা ৰাইজে হেৰ’ইনসহ ড্ৰাগছৰ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ জব্দ কৰে। লগতে চিৰিঞ্জ বিক্ৰী কৰা হবিব নামৰ গেলামাল দোকানীজনকো আটক কৰে ৰাইজে। ধৃত দুয়োকে ৰাইজে উত্তম মধ্যম শোধায় গতাই দিয়ে নগাঁও আৰক্ষীক।

কুইপৰ দুই অপহৃত বিষয়া এতিয়া ক’ত : কি কলে পৰেশ বৰুৱাই

অৰুণাচলৰ চাংলাং জিলাৰ ডায়ুনৰ কুইপ কোম্পানীৰ তৈল উৎপাদন ক্ষেত্ৰৰ পৰা যোৱা ২১ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ দুজন ব্যক্তিক আলফা(স্বা)য়ে অপহৰণ কৰি নিছিল ।

আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি আলফাৰ কবলতে আছে কুইপৰ দুই অপহৃত বিষয়া । এতিয়া কুইপৰ সৈতে আলোচনা চলি আছে। লগতে কুইপৰ সৈতে আলোচনাত ব্যৰ্থ হলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব বুলি হুংকাৰ পৰেশ বৰুৱাৰ । আলোচনা সম্পূৰ্ণ নোহোৱাকৈ বিষয়া দুজনক মুক্তি দিয়া নহয় বুলি জনাই বৰুৱাই ।

লগতে কয় যে অসমীয়া বিষয়াজনৰ প্ৰতি বিশেষ চিন্তা কৰিব নালাগে । নিৰাপত্তাবাহিনীয়ে উত্থাৰ অভিযান চলালে দুই বিষয়াৰ দায়িত্ব নলয় আলফা (স্বা)য়ে। অসমীয়া বিষয়া জনৰ নিৰাপত্তাৰ সম্পূূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ কিন্তু বিহাৰ লোকজনৰ দায়িত্ব নলয় আলফাই ।

শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিৰে নগাঁৱত নিৰ্মাণ হ’ব মাধৱ কন্দলী কলাক্ষেত্ৰ

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত  নিৰ্মাণ হব মাধৱ কন্দলী কলাক্ষেত্ৰ । আনহাতে নগাঁও চহৰৰ মৰিকলং বিলক  মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও এখন অভিলাষী আঁচনি গ্রহণ কৰাৰ লগতে কলঙৰ পাৰত এখন সুদীৰ্ঘ উৰণীয়া পদসেতু নিৰ্মান কৰা হব।” এই ঘোষণা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাঁও চহৰৰ সংখ্যালঘু অধ্যুষিত ৱাৰ্ড হিচাপে পৰিচিত ১৪ নং ৱাৰ্ডত বিজেপিৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰি নগাঁৱত নিৰ্মাণ হবলগা অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে । আনহাতে তদানীন্তন কংগ্রেছ চৰকাৰৰ কাৰ্যকালৰ এজন ক্ষমতাশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয় : “আগৰ বিয়াগোম মন্ত্ৰীজনে খোৱাকামূৰা কৰি থাকোতেই নগাঁও সদৰ সমষ্টিৰ উন্নয়ণৰ বাবে চিন্তা কৰিবলৈ আহৰি ন’হল। আমি নগাঁৱক আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছো।”  বিধায়ক গৰাকীয়ে আৰু কয় যে ইতিমধ্যে নগাঁও চহৰে নতুন ৰূপ পাইছে। কিন্তু আমি নগাঁৱক আৰু আধুনিক ৰূপত গঢ়ি তুলিব বিচাৰিছো। সেয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত আমি মাধৱ কন্দলী কলা ক্ষেত্ৰ নিৰ্মানৰ কথা চিন্তা কৰিছো। নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। লগতে কলঙৰ পাৰত সুদীৰ্ঘ উৰণীয়া সেতু নিৰ্মানৰো আধাৰশিলা স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া শীঘ্ৰেই নগাঁৱলৈ আহিব। ইপিনে পূৰ্বৰ চৰকাৰৰ দিনত কলঙত বহু টকা হেৰাল বুলি কটাক্ষ কৰি বিধায়ক গৰাকীয়ে লগতে কয় যে আগতে কলঙৰ নামত টকা আহে কিন্তু আঁচনিৰ কাম নহয়। সেয়ে  কলঙত বহুত টকা পোত গ’ল বুলি মানুহে কবলৈ ল’লে। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে সদৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা উন্নয়ণমূলক কাম-কাজৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ দলক চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰত নতুনকৈ নিৰ্মিত হোৱা চাৰিলেনযুক্ত ঘাইপথ, ষ্ট্ৰীট লাইট, হাইমাস্ক লাইট, ক্লক টাৱাৰ আদিৰ লগত পূৰ্বৰ চৰকাৰৰ দিনৰ নগাঁও চহৰৰ তুলনা কৰি বিধায়ক গৰাকীয়ে কংগ্ৰেছ দলক তীব্র কটাক্ষ কৰাও দেখা গৈছে। আনহাতে বিগত ৩০ বছৰে মুকলি নোহোৱা ভূঁঞাপট্টি দলঙৰ লগতে নগাঁও চহৰত একেটা বছৰতে ৪খনকৈ দলং নিৰ্মান কৰাৰ কথাও উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় :   আমাৰ লক্ষ্য উন্নয়ণৰ ৰাজনীতিহে। খোৱাকামোৰা  আৰু ধৰ্মীয় ৰাজনীতিৰে এইবাৰ সদৰ সমষ্টিৰ ৰাইজক কংগ্ৰেছে প্ৰবঞ্চনা কৰিব নোৱাৰে।” ইপিনে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত  শেনছোৱা, বেবেজীয়া আৰু বৰভেটি পঞ্চায়তৰ ৬ টা অনুষ্ঠানলৈ বিধায়ক শৰ্মাই বিধায়ক পূঁজিৰ অনুদান আগবঢ়ায়। বিধায়ক পূঁজিৰ অনুদান লাভ কৰা অনুষ্ঠান কেইটা হৈছে- বিজয়লক্ষ্মী পুথিভঁৰাল, নগাঁও জিলা মায়ামৰা সাংস্কৃতিক সমাজ,বিদ্যা মন্দিৰ জাতীয় বিদ্যালয় ,মোৱামাৰী কুহ মছজিদৰ সমীপৰ সামূহিক ভৱন।বেবেজীয়া গাঁও পঞ্চায়তৰ টোকোলাই বেবেজীয়াৰ ২ নং জুৰীয়া নামঘৰ আৰু বৰভেটি গাঁও পঞ্চায়তৰ আৰ্দশগাঁও শিমলুগুৰি নামঘৰ।

আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্লেন সাজু

আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বহুতো অসম বিজেপিৰ নেতা সকলৰ মাজত আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় ।

এই সভাৰ পিছত সংবাদমাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয় যে নিৰ্বাচনৰ বাবে অহা ২ মাহত কি কি সাংগঠনিক সিদ্ধান্ত ল’ব লাগিব, মোদী ডাঙৰীয়া , শ্বাহ ডাঙৰীয়া, নাড্ডা ডাঙৰীয়া কেতিয়া আহিব সেই বিষয় লৈ roadmap প্ৰস্তুত সন্দৰ্ভত আলোচনা হৈছে।

২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু ২৪ জানুৱাৰীত কোকৰাঝাৰ,নলবাৰীত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা হোৱাৰ পূৰ্ণ সম্ভাৱনা। মেনিফেষ্ট’ৰ বাবে কিধৰণে আগবাঢ়িম তাৰ বিষয়েও আলোচনা হয় আজি । বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়া প্লেন এণ্ড চিম্পল প্ৰক্ৰিয়া।

নতুন মুখ দেখা পোৱাৰ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিমান শতাংশ আসনত নতুন মুখ দেখিব সেই হিচাপ নাই কৰা বুলি মন্ত্ৰী গৰাকীয়ে জনাই ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কালি জে পি নাড্ডাই শিলচৰত এক মন্তব্য আগবঢ়াইছিল । এই সন্দৰ্ভত শৰ্মাই কয় যে আমাৰ যি প্ৰতিশ্ৰুতি, শিলচৰত সেয়াহে দোহাৰিছে নাড্ডা ডাঙৰীয়াই।

কম দিনৰ ভিতৰত দিল্লীক ৰিপ’ৰ্ট দিম। ভোটৰ কাৰণে জনজাতিকৰণ নকৰো, তেওঁলোকৰ জনজাতিকৰণ প্ৰকত অৰ্থত হ’ব লাগে বুলি মন্ত্ৰী গৰাকীয়ে কয় ।

মাজুলীৰ চেলেকঘাটত দেশীয় নৌকাচালনা প্ৰতিযোগিতা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ

আসন্ন অসম বিধানসভাৰ নিৰ্বাচন-২০২১ৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী ‘ছুইপ’ (এছভিইইপি)ৰ অংশ হিচাপে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে আজি নামনি মাজুলীৰ চেলেকঘাটত এখন আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ ছুইপ (এছভিইইপি) কোষে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত লুইত-খাবলু নদীৰ চেলেকঘাটত আয়োজন কৰা এই নৌকা প্ৰতিযোগিতাখনি আজি পুৱা ১১ বজাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলৰ অতিৰিক্ত উপায়ুক্ত নৰেণ দাসে। উদ্বোধনী অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) অৰিন্দম বৰুৱাই জিলাখনৰ ভোটাৰ ৰাইজৰ মাজত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অন্যতম মূল আধাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰি তোলাত ভোটাৰ হিচাপে নাগৰিকসকলৰ ভূমিকা, অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত সজাগ কৰি তুলিবলৈ মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে হাতত লোৱা ছুইপ অভিযানৰ অংশ হিচাপে এই নৌকা প্ৰতিযোগিতা আয়োজন কৰাৰ বিষয়ে সদৰি কৰে। তেওঁ দেশত নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভোটাৰে ভোটদানৰ অধিকাৰৰ সাব্যস্ত কৰি গ্ৰহণ কৰিব পৰা নিৰ্ণায়ক ক্ষমতাৰ বিষয়ে নাগৰিকসকলক সজাগ-সচেতন হ’বলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, সহকাৰী আয়ুক্তদ্বয় ড০ ৰাকেশ চেত্ৰী আৰু হিমাদ্ৰী বৰাৰ লগতে জিলাখনৰ বৃহৎ সংখ্যক ক্ৰীড়ানুৰাগী ৰাইজ তথা স্থানীয় জনসাধাৰণৰ উপস্থিতিত উখল-মাখল পৰিবেশত আয়োজিত এই নৌকা প্ৰতিযোগিতাত জিলাখনৰ মুঠ ১৪টা নৌকাচালনা দলে অংশগ্ৰহণ কৰে। উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাখনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত প্ৰথম স্থান দখল কৰে জকাইবোৱা য়াৰি চি ছাও নৌকাচালনা দলে। আজিৰ এই আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতাত কাকৰিকটা গাঁৱৰ সম্প্ৰীতি নৌকাচালনা দলে দ্বিতীয় আৰু ১নং মিছামৰা নৌকাচালনা দলে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। প্ৰথম তিনিটা বিজয়ী দলক অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত নগদ ধন, ট্ৰফী আৰু প্ৰশস্তিপত্ৰৰে পুৰস্কৃত কৰিব জিলা প্ৰশাসনে। সেইদিনাই আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আটাইকেইটা দলৰ প্ৰতিগৰাকী সদস্যকে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰিব।

সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি

উজনি মাজুলীৰ অগ্ৰনী শিক্ষানুষ্ঠান শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে অঞ্চলটোত শিক্ষাৰ দিশত এক  অনন্য ভূমিকা গ্ৰহন কৰি আহিছে ৷ প্ৰতি বছৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূৰান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ছাত্ৰ ছাত্ৰী সকলে কৃৰ্তীতৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বহুকেইজন ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা গৈ অসমৰ বিভিন্ন ঠাইত উচ্চ পদস্থ বিষয়াবৰ্গ হৈছেগৈ ৷ অঞ্চলটোত শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশৰ লগতে সৰ্বটো প্ৰকাৰে আগবাঢ়ি যাব পৰাকৈ সচেতন তথা প্ৰজ্ঞাৰ সাধক সকলে  1972 চনতে শ্ৰী শ্ৰী দক্ষিনপটীয় সত্ৰাধিকাৰ প্ৰয়াত  শ্ৰীৰাম বনমালীদেৱ ৰ নামাকৰণৰে  এই বিদ্যালয়খন স্থাপন কৰে ৷ ঐতিহ্য আৰু গৌৰৱৰ স্ব- মহিমাৰে উদভাষিত এই শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে সোনালী জয়ন্তী বৰ্ষ গৰকাৰ সময়তে অঞ্চলটোত এক আনন্দময় পৰিবেশে বিৰাজ কৰিছে ৷ যোৱা 26 ডিচেম্বৰত এই সম্পৰ্কত বিদ্যালয় খনত বিদৎ সমাজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী অঞ্চলৰ ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুস্থিত হয় ৷ সভাত বিদ্যালয় খনৰ সোনালী জয়ন্তী অনুষ্ঠানটি উদযাপন কৰিবৰ বাবে আলোচনা কৰি অহা 2022 চনত সম্পূূূূৰ্ণ কৰিবলৈ সিদ্ধান্ত কৰাৰ লগতে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেন্দ্ৰ শৰ্মাক সভাপতি অৱসৰ প্ৰাপ্ত অধ্যক্ষ পদ্মধৰ শইকীয়াক কাৰ্যকৰী সভাপতি অধ্যক্ষ দীনাৰাম বৰা আৰু বিষয় শিক্ষক অসীম হাজৰিকাক যুটীয়া সম্পাদক হিচাপে লৈ একাৱন্ন জনীয়া এখন কৰ্ণধাৰ সমিতি গঠন কৰা হয় ৷ সমিতি খনে বিদ্যালয় খনৰ সোনালী জয়ন্তী অনুষ্ঠানটি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিবলৈ অঞ্চলবাসী ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰিয়াল বৰ্গ আৰু শুভাকাংখী সকলৰ সহায় সহযোগিতা একান্তই কামনা কৰিছে ৷

কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল অনুষ্কা-বিৰুষ্কা

মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে অভিনেত্ৰী অনুষ্কা শৰ্মাই। কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বিৰুষ্কা।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অধিয়ানৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই সতত সকলোৰে মাজত ব্যাপক চৰ্চা লাভ কৰি আহিছে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা গৰ্ভৱতী হোৱাৰ পৰাই সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল বিৰুষ্কাৰৰ প্ৰতিটো পোষ্টত।

মাতৃত্বৰ অনুষ্কাই গৰ্ভৱতী অৱস্থাত কৰা ব্যায়ামৰ ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। টুইটাৰযোগে দেশবাসীক এই সুখবৰ জনালে বিৰাট কোহলীয়ে।

৯ জানুৱাৰী দুপৰীয়া ভাগত অভিনেত্ৰীগৰাকীয়ে সন্তান প্ৰসৱ কৰে। পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰি উৎফুল্লিত বিৰাট-অনুষ্কা।

এই খবৰ পাই আনন্দিত হৈছে অনুৰাগীসকলেও। বিভিন্ন তাৰকাৰ লগতে অনুৰাগীও বিৰাটৰ পোষ্টত দুয়োকে শুভেচ্ছা জনায়।

গোৱালপাৰাৰ চুনাৰীত বিশাল শৈক্ষিক দিশৰ সজাগতা সভা

অসমৰ লাখ লাখ লোক অন্ন বস্ত্ৰৰ সমস্যাত ককবকাই  সথকাৰ সময়তে ধুবুৰী সাংসদীয় সমষ্টিৰ চূকে কোনে হেলিকপ্টাৰ উৰুৱাই হোজাইৰ হবিব মহম্মদ চৌধুৰীয়ে  নিজৰ পৰিচয় দাঙি ধৰি শৈক্ষিক দিশৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ অভিযান অব্যাহত ৰাখিছে ।  আজি গোৱালপাৰা পশ্চিম সমষ্টিৰ চুনাৰী মহাবিদ্যালয় প্ৰাঙ্গনত হেলিকপ্টাৰেৰে উপস্থিত হয় আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী। সভাৰ আৰাম্ভণীতে হবিব মহম্মদ চৌধুৰীৰ জীৱনৰ কাৰ্য ক্ৰমণিকাৰ আৰু পৰিচয় দাঙি ধৰে মেদিনী গগৈয়ে। জে এফ ফাউন্ডেচন আৰু মাইনৰিটি ডেভেলপমেন্ট ছচিয়েল ৱেলফেয়াৰ এন জি ও ৰ উদ্যোগত অনুষ্ঠিত সভাত অংশগ্ৰহণ গ্ৰহণ কৰি বিশিষ্ঠ ব্যাৱসায়ী চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে সংখ্যালঘূ জনসাধাৰণ  ভয় ভীতিৰ  মাজত চলি আছে আৰু শিক্ষা দীক্ষাৰ দিশত পিছ পৰি আছে। কাৰিকৰী দিশত প্ৰশিক্ষণ দি এওঁ লোকক কৰ্ম সংস্থাপন দিয়া হল ফাউন্ডেচনৰ লক্ষ্য । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত  হিন্দুয়ে মচুলমানক নহয় মচুলমানে  মুছলমানে কাজিযা কৰা বুলি কয় । ধৰ্মীয় গোড়ামিৰ ৰাজনীতিক সকলে সাধাৰণ ৰাইজক ঠগি আৰু ব্যবহাৰ কৰি আছে বুলি  মন্তব্য কৰে।উল্লেখযোগ্য যে উক্ত সভাতে ভাষন আগবঢ়ায় চুনাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল ছালামকে ধৰি ভালেকেইজন নেতাই ।

যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ কৰ্মশালাৰ সফল সামৰণি

বৰপুখুৰীৰ (পীৰবজাৰ) মাৰাম একাডেমীত দুদিনীয়াকৈ “জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ” কৰ্মশালাৰ আয়োজন কৰা হয়। যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাখনি জানুৱাৰীৰ ৯ আৰু ১০ তাৰিখে আয়োজন কৰা হয়।

হোজাই জিলা ভিত্তিক কৰ্মশালাৰ সন্দৰ্ভত সভাৰ হোজাই জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে জাৰি কৰা প্ৰেছ বাৰ্তা অনুসৰি প্ৰথম দিনা হোজাই, মোৰাঝাৰ, পদুমনি, পীৰবজাৰ, চাৰিংপথাৰ আদি অঞ্চলৰ অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক সহাৰি জনায়। এই উপলক্ষে পুৱা ৯:০০ বজাত ব্যৱস্থাপক শাখা সাহিত্য সভা, যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। অসমৰ জাতীয় মহাসভাখনৰ জন্মৰ এশ চাৰিবছৰৰ অন্তত জিলাখনৰ উত্তৰ দিশৰ অত্যন্ত পিচপৰি থকা বৰপুখুৰী এলেকাত প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰিবলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া ভাষা আৰু জাতিৰ সংকট মুক্তৰ বাবে সকলোকে মাৰবান্ধি থিয় দিবৰ সময় সমাগত বুলি কয়। কৰ্মশালাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ড: সাৰদানন্দ দেৱগোস্বামীয়ে ভাষাটোক বিজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে উঠি অহা চামক এনেধৰণৰ কৰ্মশালাৰ মাধ্যমত অসমীয়া ভাষাৰ কালিকাখিনি উপলব্ধি কৰাবই লাগিব বুলি কয়। ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগতে বিষয় শিক্ষকসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰা আৱশ্যক বুলি কোৱাৰ উপৰিও কয় যে শিক্ষকেই যদি উচ্চাৰণ অশুদ্ধকৈ কৰে ছাত্ৰই ক’ৰ পৰা শুদ্ধকৈ শিকিব।কৰ্মশালাৰ দ্বিতীয় দিনাও পুৱা ১০ বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হয়। দিনৰ ১:০০ বজাত কৰ্মশালাৰ অন্তত জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে আদৰণী ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ড: হাচিনুচ চুলতানে আজিকালি অসমীয়া ভাষা ব্যৱহাৰ কৰা সকলে সততে জানি বা নাজানি কৰি অহা বানান বিভ্ৰাটৰ বিষয়ে বহলাই কয়। মুকলি সভাত বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই কবি চাদিকুজ জামানৰ কাব্যপুথি ‘এজাক বৈৰী মানুহৰ সমাজ’ উন্মোচন কৰে।দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাখনৰ মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড: নিৰলা দেৱী আৰু সহ-সমল ব্যক্তিৰূপে চয়নিকা ডেকা। দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বৰ্ণৰ উচ্চাৰণ আৰু বানান সম্পৰ্কে বিতংকৈ প্ৰশিক্ষণ দিয়াৰ লগতে হোজাই সাহিত্য সভাৰ সভাপতি ডা: শ্বামছুল হকে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰথম দিনাৰ কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ সঠিক উচ্চাৰণ কেনেকৈ কৰিব লাগে তাৰবাবে প্ৰশিক্ষণ প্ৰদান কৰে ড: সাৰদানন্দ দেৱগোস্বামী আৰু আবৃত্তিকাৰ অচ্যুত ঠাকুৰীয়াই। জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ উপস্থিতিত  কৰ্মশালাখনৰ সামগ্ৰীক পৰিচালনাৰ দায়িত্বত জিলা সভাৰ সহকাৰী সম্পাদক যোগেন দত্ত, ৰামধেনু উপ-সমিতিৰ আহ্বায়ক প্ৰতাপ বৰুৱা, শাখাৰ সভাপতি চাবিৰ আহমেদ, শাখা সম্পাদক চাদিকুজ জামান আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক আবু চুফিয়ান আদিয়ে উপস্থিত থাকে।সভাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। শেষত সভাপতি ড: গুণেশ্বৰ শইকীয়াই অসম সাহিত্য সভাৰ উদ্দেশ্য আৰু লক্ষ্যৰ দিশত দুদিনীয়া কৰ্মশালাখন এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি বৃহত্তৰ অসমীয়া জাতি গঠণৰ দিশত জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমবাসীৰে কৰণীয়খিনি নিষ্ঠাৰে আগবঢ়াবলৈ আহ্বান জনায়। হোজাই জিলা সাহিত্য সভাৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে লোৱা এনে প্ৰয়াসৰ প্ৰতি অঞ্চলবাসীয়ে দেখুৱা অকুণ্ঠ সহযোগে জাতীয় মহাসভাখনৰ প্ৰতি একাত্মতা অধিক দৃঢ হোৱা পৰিলক্ষিত হয়, জাতীয় সংগীতেৰে কৰ্মশালাৰ সমাপ্তি ঘোষণা কৰা হয়।

চিয়াঙৰ পৰা ব্ৰহ্মপুত্ৰ জলপথৰে তেজপুৰত উপস্থিত হোৱা দল গুৱাহাটী অভিমুখে ৰাওনা

ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰনালয়ে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ তত্বাৱধানত অসম চৰকাৰ,অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এন ডি আৰ এফৰ সহযোগত অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গেলিংত ২৩ডিচেম্বৰত আৰম্ভ কৰা ১৭জনীয়া গবেষকৰ দলটো কালি সন্ধিয়া তেজপুৰ জাহাজ ঘাটত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰ জাহাজঘাটৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ উল্লেখ্য যে , “ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান” প্ৰকল্পৰ অধীনত  ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ সচিব উপেন্দ্ৰ প্ৰসাদ সিং ৰ  লগতে ভাৰতৰ জল শক্তি  মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দুহিতা  সুহাসিনী  শ্বেখাৱটৰ নেতৃত্বত অহা ১৭জনীয়া গৱেষকৰ দলটিয়ে ৬খন ৰাফটত বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত ৯১৭কি:মি: ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ ,খহনীয়া-অবক্ষেপন আৰু মাছৰ লগতে শিহুকে ধৰি বিভিন্ন জলজ জীৱৰ সন্দৰ্ভতো গবেষণা চলোৱাৰ যাত্ৰাত এন ডি আৰ এফৰ ২০জনীয়া এটি দলে সংগ দিছে ।ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ  ৫৮০ কি:মি:পথ  অতিক্ৰম কৰি তেজপুৰ জাহাজ ঘাটত কালি  বিয়লি উপস্থিত হোৱা ১৭জনীয়া দলটিত সুহাসিনী শ্বেখাৱটৰ উপৰিও  আই আই টি গুৱাহাটী , ইন্‌লেণ্ড ৱাটাৰ ওৱেজ অথ’ৰিটী  অৱ ইণ্ডিয়া,  চেন্ট্ৰেল ফিছাৰীজ  ৰিচাৰ্চ ইন্সটিটিউট , ব্ৰহ্মপুত্ৰ বৰ্ড আৰু কেন্দ্ৰীয় জল আয়োগৰ গবেষকৰ দলে অংশ গ্ৰহণ কৰিছে । নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ অধ্যয়নৰ জৰিয়তে জল শক্তি  মন্ত্ৰনালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত ভাৰত চৰকাৰে পৰবৰ্তী পদক্ষেপ গ্ৰহন কৰিব। আনহাতে দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ জলশক্তি বিভাগে গঙ্গাৰ লেখীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত চলোৱা এনেধৰনৰ গবেষণাই নিশ্চিতভাৱে অনাগত সময়ত ব্ৰহ্মপুত্ৰ অসমৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। আনহাতে ভাৰতৰ ভাৰতৰ মুঠ জলৰাশিৰ ৪০শতাংশ উত্তৰ পূৰ্বাঞ্চলৰ জলভাণ্ডাৰ বুলি অভিহিত কৰি অৰুণাচলৰ ছিয়াংত নদী বান্ধ নিৰ্মাণত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোক সকলৰ জল জীৱনৰ জৰিয়তে  আৰ্থিক বিকাশৰ দিশটো অধ্যয়ন কৰিছে দলটোৱে ৷