Home Blog Page 3068

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি বুঢ়ীদিহিঙত

অসমত বসবাস কৰা এক অন্যতম নৃ-গোষ্ঠীয় মটক জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখনি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা কঠালগুৰিৰ ৫ নং ডিব্ৰুজানস্থিত ডিব্ৰুপৰীয়া উপ ক্ৰীড়া সন্থাৰ  খেলপথাৰত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ অতিথ্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে । আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ১৯৩৯ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক সন্মিলন, ১৯৪০ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ত্ৰিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ আৰু ২০০৫  চনত জন্ম লাভ কৰা সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় ষষ্ট দ্বি- বাৰ্ষিক অধিৱেশনখনি ৫ নং ডিব্ৰুজানৰ উক্ত খেলপথাৰ “সৌমাৰ সমম্বয় ক্ষেত্ৰ”ত যৌথ ভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যে বৈকুণ্ঠ সোনোৱালক সভাপতি কিৰণ দুৱৰাক কাৰ্যকৰী সভাপতি আৰু দেৱজিত বৰুৱাক মুখ্য সম্পাদক ৰূপে লৈ মূল অভ্যৰ্থনা সমিতি গঠন কৰাৰ উপৰিও বিভাগীয় ৩০ খন উপ সমিতি গঠনেৰে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬, ২৭  আৰু ২৮ তাৰিখে দিন ধাৰ্য কৰি বিস্তৃতভাৱে আয়োজনৰ সিদ্ধান্ত লোৱা মটক  জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা, সু-দিহা পৰামৰ্শ একান্তই কামনা কৰিছে অভ্যৰ্থনা সমিতি, তিনি সংগঠন কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা আৰু কমলদ্বীপ বৰুৱাই । 

জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি

জ্যেষ্ঠ অধিবক্তা দেৱ কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি । শনিবাৰে জ্যেষ্ঠ অধিবক্তা তথা অসম আইনী সংমণ্ডলৰ ডীন দেৱ কুমাৰ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত সমস্যাৰ বাবে পৰলোক ।

কৃষি আইন বাতিলৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী ৰটাৰী ক্লাৱৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ।  ৰাজ্যিক কংগ্ৰেছে গ্ৰহণ কৰিছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। কৃষক বিৰোধী আইন বাতিলৰ দাবী সাৱস্ত্য কৰা হৈছে এই প্ৰতিবাদ। প্ৰেট’ল ,ডিজেল আৰু ৰন্ধন গেছৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও গ্ৰহণ এই প্ৰতিবাদী ।  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক আটক কৰিছে মহানগৰ আৰক্ষীৰ। আটক সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন।

হোজাইতো শুভাৰম্ভ কৰা হয় কৰ’না ভাইৰাছৰ বহু প্রতিক্ষিত টিকাকৰণ অভিযান

অসমৰ সমুহ জিলাৰ লগত সংগতি ৰাখি হােজাই জিলাৰ যােগীজান আদর্শ চিকিৎসালয় আৰু লংকা স্বাস্থ্য কেন্দ্ৰৰ কভিড সেনানী স্বৰুপ স্বাস্থ্য কর্মী সকলক টিকাকৰণ কৰা হয় । 
ঐতিহাসিক এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ অনুষ্ঠনত উপায়ুক্ত ডাঃ সদনেক সিংয়ে যােগীজান আদর্শ চিকিৎসালয়ত উপস্থিত থাকি কভিড সেনানী স্বাস্থ্য কর্মী সকলক টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ।

এই টিকাকৰণ অভিযানৰ আৰম্ভনিতে হােজাই জিলাৰ সুচিকিৎসক তথা প্রাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছাই প্রথম কভিড -১৯ টিকা গ্ৰহণ কৰি টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । উল্লেখযােগ্য যে যােগীযান আদর্শ চিকিৎসালয়ত ১০০ গৰাকী আৰু লংকা স্বাস্থ্য কেন্দ্ৰত ১০০ গৰাকী কভিড সেনানী স্বাস্থ্য কর্মীক টিকাকৰণ কৰা হব । এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ অনুষ্ঠাত হােজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ প্রতুল চন্দ্র চক্রবর্তী , জিলা টিকাকৰণ বিষয়া ডাঃ ৰঞ্জু ৰাজখােৱা , হােজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে , ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰৱন্ধক শ্বাৱানা চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে

লোকচানৰ পিছতো সাহায্যযুক্ত ট্ৰেইন চলাচল অব্যাহত ৰাখিব ভাৰতীয় ৰেলৱে

ভাৰতীয় ৰে’লৱে ১৫ জানুৱাৰীত এক প্ৰেছ বিবৃতি জাৰী কৰি উত্সৱ বতৰত চলি থকা বিশেষ ৰেলসমূহৰ ব্যয়ৰ বিষয়ে স্পষ্টিকৰণ প্ৰদান কৰে । বিভিন্ন সংবাদ মাধ্যমত ৰে’লৱে যাত্ৰীসকলৰ পৰা অতিৰিক্ত ভাৰা চাৰ্জ কৰি থকা বুলি বাতৰি প্ৰকাশ পোৱাৰ পৰিপেক্ষীতত ভাৰতীয় ৰে’লৱে এই স্পষ্টিকৰণ প্ৰদান কৰে ।

ভাৰতীয় ৰে’লৱে প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে, এই বিশেষ ট্ৰেইনবোৰৰ ৭৭ % ৰে’লৰ নিয়মীয়া ট্ৰেইন । বিশেষ ব্যয়েৰে দৈনিক প্ৰায় ২৫০ খন ট্ৰেইন চলি আছে ।

২০২০ চনত Covidৰ পৰিস্থিতিৰ বাবে বহুতো নিয়মীয়া ট্ৰেইন বন্ধ কৰা হৈছিল । ট্ৰেইনবোৰৰ ভাড়া ২০১৫ চনৰ পৰা সামান্য অধিক ৰখা হৈছে । এই বছৰ নতুন একো কৰা হোৱা নাই । এয়া এক প্ৰতিস্থিত প্ৰথা,” মুখ্য জনসম্পৰ্ক বিষয়া সুহনচচান্দে এই বুলি জনোৱা।

ঘিলামৰা-ধেমাজি সীমান্তৰ বৰমুঠৰিয়নী গাৱঁত খটিয়া হৰিণ উদ্ধাৰ

ঢকুৱাখনাৰ মহকুমাৰ ঘিলামৰাত আজি পুৱা এটা হৰিণ উদ্ধাৰ হয়। ঘিলামৰা-ধেমাজি সীমান্তত ধেমাজি থানাৰ অন্তৰ্গত ঘুগুহা পঞ্চায়তৰ মণিপুৰী আইথানৰ সমীপত বৰমুঠৰিয়নী গাৱঁত পুৱা ৮ মান বজাত গাওঁখনৰ কেইজনমান সচেতন লোকে  পুৱা শুই উঠি বাহিৰলৈ আহোতেই পথত মুক্ত ভাৱে বিচৰণ কৰি থকা অৱস্থাত হৰিণটো প্ৰতক্ষ্য কৰে ৷ সচেতন লোককেইজনে হৰিণটো খেদি আনি গাৱঁৰ এঘৰ ব্যক্তি ঘৰত হৰিণটো বন্দী কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হৰিণটো ৷ ঢকুৱাখনা উপ বন খণ্ডৰ বিষয়া চন্দ্ৰ কান্ত দাস আৰু ঘিলামৰাৰ সেই গাঁৱৰে সচেতন ব্যক্তি প্ৰিয় কুমাৰ চাংমাই, জয়জুতি চাংমাই, সঞ্জয় গগৈ, বলবিন্দ চাংমাই, ভৰত চাংমাই, মানসজ্যোতি চাংমাই, ভাগ্যবান গগৈ, প্ৰবিন গগৈ আৰু মিন্টু চাংমাইৰ এই  লোক কেইজনৰ সহযোগত হৰিণটো উদ্ধাৰ কৰি ঢকুৱাখনা বন বিভাগৰ কাৰ্যলয়লৈ আনে ৷ আঘাতপ্ৰাপ্ত হৰিণটো বৰ্তমান ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত স্বাস্থ্য পৰিক্ষা কৰোৱাৰ পাছত সম্পূৰ্ণ বিপদ মুক্ত বুলি পশু চিকিৎসক ডা° বিজয় কুমাৰ দত্তই জানিবলৈ দিয়ে ৷ ইফালে ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এই ঘটনাৰ খৱৰ লয় মেগামিক্স প্ৰকৃতি সংঘৰ কাৰ্য্যবাহী সদস্য দিগেন্দ্ৰ নাথ হাজৰিকাই

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ ভিতৰতে সবাটোতকৈ ডাঙৰ হিচাপে চিহ্নিত হৈছে। কোৰোণাৰ টিকা প্ৰদানৰ বাবে সাজু কৰি তোলা হৈছে ৩০০৬টা কেন্দ্ৰ। অসমতো কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। দিনৰ ১০.৩০ বজাত প্ৰথম ভেকচিন ল’ব ৰাজ্যৰ ১২ জন বিশিষ্ট চিকিৎসকে। অসমত প্ৰথম ভেকচিন ল’ব ডাঃ উমেশ চন্দ্ৰ শৰ্মাই ৷ দ্বিতীয় ভেকচিন ল’ব ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ তৃতীয় ভেকচিন ল’ব পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে। কোভিড১৯ৰ ভেকচিন ল’বই লাগিব বুলি ধৰা বন্ধা নিয়ম নাই। কিন্তু কোৰোণা যুদ্ধা সকলে ভেকচিন লোৱাটো জৰুৰী। প্ৰথম ভেকচিনৰ লোৱাৰ ২৮ দিন পিছত দ্বিতীয় ডোজ ল’ব লাগিব ৷ আকৌ তাৰ ১৪ দিনৰ পিছত তৃতীয় ডোজ ভেকচিন ল’ব লাগিব ৷ প্ৰথম ডোজ লোৱাৰ পিছতো কোভিড১৯ শেষ নহয় ৷ তিনি ডোজ ল’লেহে কোভিড১৯ৰ পৰা নিৰাময় পাব। লগতে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব। আজি তিনি কোটি মানুহক ভেকচিন দিয়া হ’ব ৷ মুঠ ৩০ কোটি প্ৰথম পৰ্যায়ত দিয়া হ’ব।অসমত কোৰোণা যুদ্ধাক প্ৰথম পৰ্যায়ত ভেকচিন দিয়া হ’ব। চিকিৎসক, নাৰ্ছ, এম্বুলেন্সৰ চালক আদিক কোৰোণা যুদ্ধা হিচাপে ধৰা হৈছে। আনহাতে দ্বিতীয় পৰ্যায়ত ফ্ৰণ্টলাইনত কাম কৰা সকলক ভেকচিন দিয়া হ’ব ৷ আৰক্ষী, CRPF আদি ইয়াৰ আওঁতাত পৰে। তৃতীয় পৰ্যায়ত বাকীসকলক দিয়া হ’ব।

মুকালমুৱাৰ ঘৰুৱাবাহাত পথ দুৰ্ঘটনাত নিহত ১ জন

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্টী ঘৰুৱাবাহাত  সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়।জানিব পৰা মতে, ঘৰুৱাবাহাৰ পৰা ২ নং নাৰোৱা অভিমুখে তীব্ৰ গতিত আহি থকা এখন স্কৰপিঅ’ বাহনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ বাওঁফালে বাগৰি‌ যোৱাৰ উপক্ৰম হোৱাত চালকজনে একেই গতিত বাহনখন সোঁফালে ঘূৰাবলৈ‌ লওতেপথতে মেৰামতিৰ কাম কৰি থকা দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হয়। লগে লগে  আঘাতপ্ৰাপ্ত মহিলা দুগৰাকীক মুকালমুৱাৰ গ্ৰামীণ চিকিৎসায়ত ভৰ্তি কোৰোৱা হয় যদিও গুৰুতৰভাবে আঘাত পোৱা গণেশ্বৰী বড়ো (৪২) নামৰ মহিলা গৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।মৃত গণেশ্বৰী বড়ো কেকানকুছি। গাঁৱৰ  বাসিন্দা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে- ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালক জন।পিছত ক্ষুব্ধ ৰাইজে উত্তেজিত হৈ জলাই দিয়ে স্কৰপিঅ’ বাহনখন।

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

দুই শতাধিক বয়োজ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন বিধায়ক ৰূপক শৰ্মাৰ

ভোগালী বিহু উপলক্ষে নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। ভোগালী উৎসৱত সমবেত জনতাই সৃষ্টি কৰিছে এই পৰিৱেশ। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে বিগত সময়ত ৰাজ্য খনৰ আন ঠাইৰ লগতে নগাঁৱতো কোনো ধৰণৰ উৎসৱ সাংস্কৃতিক অনুষ্ঠান আদি হোৱা নাছিল।

প্ৰায় ন মাহৰ বিৰতিৰ পিছত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১০৮ সংখ্যক ভোগালী উৎসৱত বিহু উৎসৱ উপভোগ কৰিবলৈ নেহৰুৱালিলৈ ঢাপলি মেলিছে জাকে জাকে লোক। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ভোগালী উৎসৱৰ আজি তৃতীয় দিনা পুৱা চাইকেল চালনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপূন্দ্ৰ সংগীত, আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া পিঠা-পনা প্ৰতিযোগিতা, বিয়লি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, কণ কণ লৰা-ছোৱালীৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু সন্ধ্যাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পুৰ্বে কালি ভোগালী বিহুৰ দিনটোত পুৱা ১০ বজাত বিহুৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছত স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতি তৰ্পন, মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা,দুই শতাধিক বয়োজ্যেষ্ঠ নাগৰিকক  শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ইপিনে ভোগালী বিহু থলীত ৰাইজৰ মঙ্গল কামনাৰে মেজি প্ৰজ্বলন কৰি বিহু উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে  মেজিৰ জুইৰ তাপত সকলো অপায় অমঙ্গল নাশ হ‌ওক আৰু নগাওঁ খন নতুন ৰূপত গঢ়ি উঠক তাৰেই কামনা কৰিলো। মেজিৰ জুইয়ে  সকলোৰে হৃদয়,মন,প্ৰাণ উমাল কৰি তোলক লগতে  সমাজৰ পৰা নাশ হ‌ওক অসূয়া,অমংগল, অন্ধকাৰ আৰু অপশক্তি ।ভোগ প্ৰাচুৰ্যৰে উপচি পৰক  প্ৰতিটো দিন সকলোৰে । দুপৰীয়া ভোগালী বিহু তলীত লৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, প্ৰাইজমানি মুকলি কুইজ আৰু সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ঢকুৱাখনাত সতিনী বিললৈ সমূহীয়া মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ শ পুৰুষ-মহিলা

জাক জাক পুৰুষ-মহিলাই জাকৈ-জুলুকী লৈ নামিল বিলত : বিহু নামেৰে মুখৰ সতিনী বিলৰ পাৰ

অসমীয়াৰ বাপতি সাহোন মাঘবিহুৰ প্ৰথম দিনটোত ঢকুৱাখনা সতিনী বিলত  গোঁসাই বাৰী, দিঘলা চাপৰি, মানিকাচুক, দিঘলা গাওঁ আৰু ২ নং হিলৈদাৰী পাঁচখন গাৱঁৰ ৰাইজে পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ জাক জাক পুৰুষ-মহিলাই জাকৈ-জুলুকী লৈ নামিল সতিনী বিলত ৷ বিলত মৎস্য চিকাৰৰ পূৰ্বে পূৰ্ব যি নীতি নিয়ম আছে সেই অনুসৰি গায়ন বায়নেৰে ঘাট মৰা লগতে পূজা অৰ্চনা কৰা পাছতহে গাওঁবাসী বিলত মৎস্য চিকাৰৰ বাবে আনন্দত ফুৰ্তি কৰি বিহু নাম গাই মৎস্য চিকাৰ কৰে ৷

কভিড’১৯ সংক্ৰমণৰ মাজতে পূৰ্বতকৈ ভোগলীৰ উৎসাহ ৰাইজৰ মাজত ম্লান পৰিছে যদিও ইয়াৰ মাজতে অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহুটি। আৰু এনে এটা বিহুৰ দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিলত স্থানীয় ৰাইজে মিলি সমূহীয়া মৎস্য চিকাৰ কৰাটো এটা পৰম্পৰা। ৰাজ্যৰ অন্য স্থানৰ দৰে মাঘৰ প্ৰথম দিনটোত পুৱাই ঢকুৱাখনাৰ সতিনী বিলতো সমূহীয়া মৎস্য চিকাৰত নামিল শ শ পুৰুষ মহিলা।ইপিনে ঢকুৱাখনাৰ বৰদৈ পঞ্চায়তৰ অন্তৰ্গত পাতৃচুক, কৰঙা, ফুচকৰা, নাগপুৰ, মৰনৈ, মৰনৈ চাপৰি, বাটচৰা, সৰিয়নি, কাঠগাঁও, বলাহী, কৌপাতনী , সৰিয়নি, আলিমুৰ, অয়েঙীয়া, ৰূপহী, ছাকুলী আদি অঞ্চলৰ পুৰুষ মহিলাই হাতে হাতে এইদৰে জাকৈ, খালৈ, প’ল’, চালনী, আঁঠুৱা লৈ পানীত নামিল আনন্দ মনেৰে। কোনে কিমান ডাঙৰ মাছ পাই তাৰ বাবেও চলিল সকলোৰে মাজত প্ৰতিযোগিতা।

এজনে যদি বৰালি ধৰিছে আন কোনো জনে পাইছে শ’ল, ৰৌ, শিঙি, মাগুৰ, কাৱৈ, পুঠি, খলিহনা, গৰৈ আদি কিমান যে বিধে বিধে মাছ। ইয়াৰ মাজতে কোনোজনে যদি বিহুগীত এফাঁকি আৰম্ভ কৰিলে বাকী সকলে যেন তাত হাত উজান দিলে। মুঠতে এক ভাৱিব নোৱাৰা পৰিৱেশ এইখন  ঐতিহ্যমণ্ডিত সতিনী বিলৰ পাৰত। কাৰণ ইয়াত কোনো সৰু বৰ নাই। ইয়াত সকলো সমান।

কণ কণ শিশুৰ পৰা গাঁৱৰ  কি জীয়ৰী, কি বোৱাৰী পিছপৰি ৰোৱা নাই মহিলা – বৃদ্ধ সকলো ৷ সকলোৱে মিলি আনন্দেৰে মৎস্য চিকাৰ কৰা দেখা গৈছে ৷ বিশেষকৈ ইয়াত কাৰো মাজত কোনো ভেদাভেদ নাই। ইয়াত যে সকলো আহিছে সমজুৱাকৈ মাছ ধৰা পৰম্পৰাৰ ধৰি ৰাখিবলৈহে।

কোনে কিমান মাছ পালে সেয়া ডাঙৰ কথা নহয়, আনন্দ ফুৰ্তি হে ডাঙৰ কথা সকলোৰে মাজত। সেয়ে ইয়াত অতীতৰ পৰা মাঘৰ প্ৰথম দিনটোতেই এইদৰে সমূহীয়াকৈ মাছ মৰাৰ পৰম্পৰা মাজেৰে বৰ্তি আছে মৰম আৰু চেনেহৰ একতাৰ বান্ধোন।