সমগ্ৰ দেশতে বৃদ্ধি পোৱা মহামাৰী কৰোণাৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ওদালগুৰি জিলাৰ মাজবাটৰ অজাগড় গাৱঁত ১ মেত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’য় ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ। মহামাৰী কৰোণাৰ পৰা পৰিত্ৰাণ বিছাৰি অজাগড় গাওঁ বাসীয়ে গাঁৱৰ নামঘৰত আয়োজন কৰে ভাগৱত পাঠৰ লগতে ভাগৱত শোভাযাত্ৰাৰ। বিগত প্ৰত্যেক বছৰে গাওঁবাসীয়ে অনুষ্ঠিত কৰি আহিছে ভাগৱত পাঠ আৰু শোভাযাত্ৰা। এই বছৰেও বৰ্তমান কৰোণা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকে এই ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়া মতে যি সকল লোকে ভাগৱত পাঠ আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ৷বৰ্তমান কৰোণা মহামাৰীৰ যি ভয়াৱহ পৰিস্থিতি তাৰ পৰিত্ৰাণ বিছাৰি অজাগড় গাঁওবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। যাতে এই কৰুণা মহামাৰী সমগ্ৰ ৰাজ্যৰ পৰা আতৰি যায়।
ক’ৰণা মহামাৰীক লৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ।
এগৰাকী জনপ্ৰতিনিধি । যি গৰাকী জনপ্ৰতিনিধিয়ে সকলো সময়তে সংবাদ শিৰোনাম দখল কৰি আহিছে । কিন্তু জনপ্ৰতিনিধি জনৰ ভাল গুণ বা ভাল কামৰ বাবে নহয় ।তেঁও একমাত্র সংবাদ শিৰোনাম দখল কৰিছে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বাবেহে । লক্ষ্য তেওঁৰ উন্নয়ন নহয়, তেওৰ লক্ষ্য একমাত্র বিভাজন আৰু সমাজ বিদ্বেষ ।এইজন ধিঙৰ বিধায়ক আমিনুল ইছলাম ।
ক’ৰণা মহামাৰীয়ে সমগ্র দেশৰ লগতে সমগ্ৰ বিশ্বত সংহাৰ মূৰ্তী ধাৰণ কৰাৰ পাছত লক্ষজনে নিজৰ প্ৰাণ দিবলগীয়া হৈছে । তাৰ পৰা পৰিত্তাণ পোৱা নাই সংবাদ মাধ্যমৰ কৰ্মী তথা সাংবাদিকেও । কিন্তু এই সাংবাদিক সকলক লৈয়ো মৃত্যুৰ পিছতো নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ এৰা নাই ধিঙৰ বিধায়ক আমিনুল ইছলামে । ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় এংকৰ ৰোহীত ছৰধানাকে আদি কৰি অসমৰো তিনি গৰাকীকৈ সাংবাদিকে ক’ৰুণাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । আৰু ইয়াৰ পিছতেই যোৱাকালি চছিয়েল মেডিয়া যোগে এইজন নিকৃষ্ট বিধায়কে প্ৰকাশ কৰিছে যে ” তীব্র মুছলিম বিদ্বেহী, পৰশ্ৰীকাতৰ, হিংসুক প্ৰকৃতিৰ একাংশ নেতা, সাংবাদিক, এংকৰে যোৱা বছৰটোত ক’ৰুণা বাহকৰ মিছা অভিযোগেৰে তৱলিক জামাতী, আলিম ওলামাক অকথ্য গালি-গালাজ পাৰাৰ ফলশ্রুতিতেই এজন এজন কৈ কৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা দেখা গৈছে । এই মন্তব্য প্ৰকাশ কৰিছে বিধায়িক জনৰ নিজৰ ফেচবুক পেইজত । ফেচবুকত এই পোষ্টটো দিয়াৰ পিছতেই বৰষুণ পৰাৰ দৰেই আমিনুলক তীব্র সমালোচনা আৰু গালি-গালাজেৰে থকা সৰকা কৰে বহুজনে । কিয়নো ইছলাম ধৰ্ম মতে মৃত্যুৰ পিছত কোনো ব্যক্তিক সমালোচনা কৰা বা হিংসা মূলক বক্তব্য কৰাটো সম্পূৰ্ণ ইছলাম বিৰোধী । তেনে ক্ষেত্ৰত এগৰাকী ধৰ্মগুৰুৰ পুত্র তথা হাজী আমিনুলে অকল মৃত সাংবাদিক, নেতাকে নহয় তেঁও ইছলাম ধৰ্মকো বিপথে পৰিচালিত কৰিছে । এই মন্তব্য প্ৰকাশ পোৱাৰ লগে লগেই ইছলাম ধৰ্মৰ একাংশ লোকৰ লগতে সমাজৰ সচেতন ব্যক্তি সকলে তীব্র গৰিহণা দিয়াৰ লগতে আগন্তক দিনত এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে । এয়াৰ পূৰ্বেও বিগত বৰ্ষতো এই মহামাৰী কৰোনাক লৈ কৰা বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰঙা ঘৰৰ ভাত খাৱ লগা হৈছিল এইগৰাকী বিধায়কে ।
২ মে নিৰ্বাচনৰ ভোট গণনাক লামডিং সমষ্টিৰ বিজেপিৰ প্ৰাথী শিবু মিশ্ৰ কি কলে ?
কৰোণা প্ৰটোকল মানি অনুস্থিত হ’ব ভোট গণনা ৷ চৰকাৰী নীতি নিয়ম সমূহ মানি চলিবলৈ লামডিং ৰাইজক সজাগ আৰু সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে আৰু ২ মে নিৰ্বাচনৰ ভোট গণনাক লৈ সাংবাদিকৰ কেমেৰাৰ আগত হোজাই জিলা লামডিং সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাথী শিবু মিশ্ৰ কি কলে ?
ডবকাৰ জাব্ৰাখোৱা RJ পেট্ৰল পাম্পত জব্দ চাৰিখনকৈ অবৈধ কয়লা গাড়ী৷
ৰাজ্যজুৰি অব্যাহত আছে অবৈধ কয়লাৰ বেহা৷
আজি ডবকাৰ জাব্ৰাখোৱা RJ পেট্ৰল পাম্পত জব্দ কৰা হয় চাৰিখনকৈ অবৈধ কয়লা গাড়ী৷
গাড়ী কেইখনৰ নম্বাৰ ক্ৰমে AS02 E6399, AS01 JC1041, AS02C 3403, AS01HC3356,
মেঘালয়ৰ পৰা নগাওঁৰ বিভিন্ন ঠাইত গৈ আছিল এই অবৈধ কয়লা খিনি৷
উল্লেখ্য যে কয়লা ভৰ্তি ট্ৰাক চাৰিখনত নাচিল কোনো ধৰণৰ নথী-পত্ৰ৷
স্থানীয় ৰাইজে গাড়ী কেইখন জব্দ কৰি খবৰ দিয়ে ডবকা আৰক্ষীক৷
আৰক্ষী উপস্থিত হৈ জব্দ কৰে চাৰিওখন অবৈধ কয়লা ভৰ্তি ট্ৰাক।
আচৰিত কথা যে কোনো ধৰণৰ নথী-পত্ৰ নথকা সত্বেওঁ মেঘালয়ৰ পৰা হোজাই জিলাৰ মাজমজিয়াৰে আৰক্ষীয়ে গিজগিজাই থকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ডবকাৰ জাব্ৰাখোৱা লৈকে কেনেকৈ আহিল পালে অভাৰ্লোড অবৈধ কয়লা ভৰ্তি ট্ৰাক কেইখন ।
এনেদৰে প্ৰতিদিনে কাৰ্বি আংলং জিলাৰ পৰা ডবকা ডিফু বাইপাছ আৰু নখুটিৰ পৰা উদালী তিনি আলীয়ে দি শশ অবৈধ কয়লা গাড়ী বিভিন্ন পক্ষ্যক মেনেজ কৰি পাৰ হৈ যায়।
চৰকাৰক লক্ষ্য লক্ষ্য টকা কৰ ফাকি দি কোনে চলাইছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা??
নীলবাগানৰ পৰা হাচিব উদ্দিন তালুকদাৰ
অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ কোভিড-১৯ত মৃত্যু হয়।
বহুতো জনপ্ৰিয় চলচ্চিত্ৰ, টিভি অনুষ্ঠান আৰু ৱেব শৃংখলাৰ অংশ হৈ থকা অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ শুকুৰবাৰে কোভিড-১৯ জটিলতাৰ বাবে মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫২ বছৰ।
Covid-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাই
ক’ৰোনা মহামাৰীয়ে প্ৰাণ ল’লে আৰু এগৰাকী সাংবাদিকৰ । গুৰুগ্ৰামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ জেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাই । দিল্লীত বিগত ২৭বছৰ ধৰি The Assam Tribune কাকতৰ বিশেষ সংবাদদাতা হিচাপে দায়িত্ব পালন কৰি আছিল তেওঁ । এদিন পূৰ্বে Covid-19ত আক্রান্ত হৈ তেওঁৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হয় । ভট্টাচাৰ্য The Times Of India কাকতৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল । ইহ সংসাৰত তেওঁলোকে এৰি থৈ গৈছে এগৰাকী ২০বছৰীয়া কন্যা সন্তান ।
দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল । ইন্দ্ৰ কুমাৰ গুজৰালৰ পৰা মনমোহন সিঙলৈ প্ৰতিজন প্ৰধানমন্ত্ৰীৰ একাধিক বিদেশ ভ্রমণৰ সাক্ষী আছিল বৰুৱা । বাতৰি সংগ্রহৰ কাৰণে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সহযাত্ৰী হৈছিল তেওঁ বহুবাৰ । Press Council of Indiaৰ দুবাৰকৈ সদস্যৰ দায়িত্ব পালন কৰাৰ উপৰিও, বৰুৱা মৃত্যু পর্যন্ত Press Club of Indiaৰ নিৰ্বাচিত কাৰ্যকৰী সদস্য আছিল আৰু North East Media Forumৰ সভাপতি হৈ আছিল ।
কেৱল সাংবাদিকেই তেওঁৰ সান্নিধ্য লাভ কৰা প্রতিজন ব্যক্তিয়েই আজি শোকগ্ৰস্ত । সর্বদা মানুহক সহায় কৰাৰ মন পুহি ৰখা বৰুৱাক আজি সহস্ৰজনে স্মৰণ কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৰুৱাক স্মৰণ কৰি এক টুইটত কয় – “বৰুৱাই সংসদীয় পৰিক্ৰমাৰ বাতৰি বিশদভাৱে সংগ্ৰহ কৰিছিল; তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব ।“ The Assam Tribune কাকতে বৰুৱাৰ মৃত্যুত প্ৰতিষ্ঠানটোৱে এক শক্তিশালী স্তম্ভ হেৰুওৱা বুলি উল্লেখ কৰিছে । হিমন্ত বিশ্ব শৰ্মাই বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় – তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত অতি নিষ্ঠাৰে জড়িত হৈ থাকি সেৱা আগবঢ়াইছিল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰুৱাৰ বিয়োগ সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ।
ম্ৰিয়মান তেওঁৰ সতীৰ্থ, বন্ধু সকলে আজিৰ দিনটোত তেওঁৰ সৈতে থকা স্মৃতিবোৰ অশ্ৰুসিক্ত নয়নৰে স্মৰণ কৰিছে । জেষ্ঠ সাংবাদিক জীয়া হকে কল্যাণ বৰুৱাক ৰোমন্থন কৰি কয় – বৰুৱা North Block আৰু South Blockত অসমৰ Window আছিল । বৰুৱাৰ উত্তৰ পূবৰ ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত দখল থকাৰ উপৰিও এক দূৰদৃষ্টি বুজা শক্তি আছিল । জেষ্ঠ সাংবাদিক ঋতুপৰ্ণ ভুঞাই কয় – বৰুৱা এক Institution আছিল; তেওঁৰ মৃত্যু সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি ।
টিভি সাংবাদিক দীনেশ চৌহানে কয় – দিল্লীত অসমৰ সাংবাদিকসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়া ব্যক্তিজনেই আছিল কল্যাণ বৰুৱা । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যইও বৰুৱাৰ বিয়োগত দুখ প্ৰকাশ কৰে ।
জেষ্ঠ সাংবাদিক ৰেজাউল লস্কৰে কয় – যদি কোনোবাই সমগ্ৰ উত্তৰ পূবৰ পৰা চিকিৎসাৰ কাৰণেও দিল্লীলৈ আহি কল্যাণ বৰুৱাৰ যোগেদি সহায় লাভ কৰা লোকৰ তালিকা প্ৰস্তুত কৰে সেয়া বহু হাজাৰ লোকৰ তালিকা হ’ব । কিন্তু তেওঁক যেতিয়া সহায়ৰ প্ৰয়োজন হৈছিল আমি নিৰুপায় । তেওঁৰ বন্ধু চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে দিল্লীৰ সংবাদ মাধ্যমে উত্তৰ পূব সন্দৰ্ভত এজন ‘go-to-guy’ক হেৰুৱালে বুলি অভিহিত কৰিছে ।
বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ সকলো Covid protocolৰ মাজত গুৰুগ্ৰামতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । আজিও অনুৰূপ ধৰণে বৰুৱাৰ শেষকৃত্য সম্পন্ন হ’ব ।
হোজাইৰ ধনীৰাম পথাৰত ধৰ্ষণৰ বলি এগৰাকী মুকবধিৰ যুৱতী
হোজাইত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা ৷
হোজাইৰ ধনীৰাম পথাৰত ধৰ্ষণৰ বলি হৈছে এগৰাকী মুকবধিৰ তথা বিশেষভাৱে সক্ষম যুৱতী ৷
মুকবধিৰ যুৱতীগৰাকীক নিজ গৃহৰ পৰা বলপূৰ্বক অপহৰণ কৰি নিশা যৌন নিৰ্যাতন চলালে এজন লম্পটে৷
তাৰ পিছতে ঘৰৰ পৰা লম্পট ভক্ত দাসে যুৱতীগৰাকীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
নিশা ঘৰৰ কাষতে অনুষ্ঠিত হোৱা খুৰায়েকৰ বিবাহ অনুষ্ঠানত যুৱতীগৰাকীৰ পৰিয়াল যোৱাৰ বাবে ঘৰত অকলে আছিল যুৱতীগৰাকী৷
পিছত যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে৷
ইফালে ঘটনা সংঘটিত কৰিয়েই লম্পটজনে পলায়ন কৰে৷
পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছোৱালীজনীক।
বৰ্তমানেও পলাতক লম্পট ধৰ্ষণকাৰী ভক্ত দাস আৰু পৰিয়াল।
ঘটনা সংক্ৰান্তত হোজাই থানাত ভুক্তভোগীৰ পৰিয়ালৰ লোকে এটা গোচৰ তৰাত হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ (২) ধাৰাৰ অধীনত ২৯৬/২১ নং এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
কৰ’ণাত আক্ৰান্ত হৈ মৃত্য মুখত পৰিল উদীয়মান প্ৰতিভাশালী গায়িকা পাৰবিন পৰী।
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰতিভাৱান গায়িকা পাৰবীন পৰীয়ে। শনিবাৰে চিকিত্সাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে। উল্লেখ্য যে, কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰি আছিল কণ্ঠশিল্পীগৰাকীয়ে। কিন্তু হঠাত্ শাৰীৰিক ভাবে অসুস্থ হৈ পৰা পাৰবীনে অৱশেষত শনিবাৰে অকালতে মৃত্যুক সাৱটি লয়।
দুদিন পূৰ্বে পাৰবীন পৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃও বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ ইয়াৰ পূ্ৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু সংগীত পৰিচালিকা বিজয়লক্ষ্মী দাসে মৃত্যুক সাৱটি লৈছে। পাৰবীনৰ মৃত্যুত এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।
ক’ভিডৰ বাবে চেন্নাইলৈ চিকিৎসাৰ বাবে যোৱাৰ অনুমতি পোৱা নাই মেধাৱী ছাত্ৰ ৰাজেশ কলিতাই
ভয়াবহ ৰূপত অগ্ৰাসন হোৱা ক’ভিড১৯ তথা ৰাজ্যত প্ৰবৰ্তিত ক’ভিড১৯ প্ৰট’কলৰ পৰিপ্ৰেক্ষিতত এক জটিল ৰোগত আক্ৰান্ত যুৱক তথা মেধাৱী ছাত্ৰক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিব নোৱাৰা এক কৰুণ ঘটনা সংঘটিত হৈছে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱত। উল্লেখ্য যে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱৰ বাসিন্দা তথা অসম আৰক্ষী বিভাগৰ চাকৰিয়াল ভৱানন্দ কলিতা আৰু কল্পনা কলিতাৰ জ্যেষ্ঠ পুত্ৰ,সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ চেমিষ্টাৰ তথা চূড়ান্ত বৰ্ষৰ ছাত্ৰ (অৰ্থনীতি বিষয়ত মেজৰসহ) এক জটিল ৰোগত আক্ৰান্ত হোৱা ৰাজেশ কলিতাক ক’ভিড প্ৰট’কলৰ বাবে চেন্নাইলৈ উন্নত মানৰ চিকিৎসাৰ বাবে নিব নোৱাৰাত নিজৰ ঘৰতেই শয্যাগত হৈ থাকিবলগীয়া হৈছে। কাৰণ ৰোগাক্ৰান্ত ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰী অনুমতি পোৱা নাই বুলি ৰাজেশৰ পিতৃয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিছে।
উল্লেখ্য যে মেধাৱী ছাত্ৰ ৰাজেশ কলিতাৰ মগজুত টিউমাৰ হোৱাটো চিকিৎসা বিভাগৰ দ্বাৰা প্ৰমাণিত হোৱাত চলিত বৰ্ষৰ জানুৱাৰীত চেন্নাইৰ এপলো হাস্পতালত ভৰ্তি কৰা হয়।লগতে এক জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পিছত যোৱা ১৯ মাৰ্চত নিজ গৃহলৈ কিছু সুস্থ হৈ উভতি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ ২৫ মাৰ্চৰ পৰা ৰাজেশ কলিতাৰ দেহত ডাঙৰ বসন্ত ৰোগে দেখা দিয়ে।পুণৰ অসুস্থ হৈ পৰাত ৰাজেশ কলিতাক যোৱা ৩০ মাৰ্চত গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও যোৱা ৫ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয়।ৰাজেশ কলিতাই সুস্থ হৈ নুঠাৰ লগতে ১৩ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল কৰ্তৃপক্ষই ৰিলিজ দিয়াত ১৩ এপ্ৰিলৰ পৰা বাতৰি লিখা সময়লৈকে বাংলীপাৰাৰ নিজ গৃহৰ বিছনাতেই অসুস্থ হৈ পৰি আছে ৰোগাক্ৰান্ত ৰাজেশ। উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপলো হাস্পতাললৈ বিমানযোগে নিয়াৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কলৰ বাবে বাধাৰ সন্মুখীন হৈছে। ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত অনুমতি বিচৰিছে যদিও অনুমতি পোৱা নাই বুলি জানিবলৈ দিছে ৰাজেশৰ পিতৃয়ে।ফলত দিশহাৰা হৈ পৰিছে ৰাজেশ কলিতাৰ পিতৃৰ লগতে পৰিয়ালবৰ্গই। ৰাজেশ কলিতাক উন্নত চিকিৎসাৰ বাবে বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ তথা ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় সচেতন ৰাইজে আৰু দিশপুৰ আাইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক দ্বিগবিজয় ডেকাই ।
আন এক উল্লেখ্য যে ৰাজেশ কলিতাৰ চিকিৎসাৰ ক্ষেত্ৰত পিতৃয়ে বহু পৰিমাণৰ ধন ব্যয় কৰি সৰ্বস্বান্ত হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰীভাৱে আৰ্থিক সহায়ৰো অধিক প্ৰয়োজন হৈছে। কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাৰ ৰাজেশৰ পিতৃ ভবানন্দ কলিতাৰ ২০০০১৬৯১৯১৭ নম্বৰৰ একাউণ্টত আৰ্থিক ভাবে সহায় কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে
কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ
কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ৷
স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ দুয়োটা৷
উদ্ধাৰ হোৱা মৃতদেহ দুটা সঞ্জয় চৌহান (12) আৰু ধনঞ্জয় চৌহান (13)৷
উল্লেখ্য যে তিনি বন্ধু বিয়াৰ বাবে আহিছিল হোজাইৰ 2 নং কানাবালিৰ নৰেশ চৌহানৰ ঘৰত৷
শুক্ৰবাৰে হোজাইৰ কানাবালি টুপ নামৰ গাওঁত কপিলী নৈত গা ধুবলৈ গৈছিল কাৰ্বি আংলং খেৰনিৰ তিনি বন্ধু ক্ৰমে বিজয় চৌহান, সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহান৷ গা ধুই থকাৰ সময়তে তিনি বন্ধুক নৈৰ সোঁতে উটুৱাই নিয়ে৷ স্থানীয় ৰাইজে বিজয় চৌহানক জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন সন্ধানহীন হৈ আছিল৷
শুক্ৰবাৰে গোটেই দিন SDRF বাহিনীয়ে অভিযান চলাইয়ো দুয়োৰে শুংসুত্ৰ লাভ কৰাত ব্যৰ্থ হৈছিল৷
স্থানীয় ৰাইজৰ সহযোগত আজি সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
উদ্ধাৰ হোৱা দুয়োৰে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷











