এজন গুজৰাটীয়ে দেশ বচালে আৰু এজন গুজৰাটীয়ে এফালৰ পৰা দেশ বিক্ৰী কৰিলে। দেশবাসীৰ কাৰণে মহাত্মা গান্ধীয়ে বুকুত গুলি পাতিলৈও ইংৰাজৰ পৰা মক্ত কৰা ভাৰতবৰ্ষৰ বুকুত থকা ৰাষ্ট্ৰীয় সম্পদৰ ধ্বংস যজ্ঞ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে : আজি এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰে। মৰিগাঁৱৰ বিহুতলিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কমিউনিষ্ট যুৱনেতা কানহায়া কুমাৰে কয় যে- কেন্দ্ৰত বিজেপি চৰকাৰ হ’লে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই কোটি চৰকাৰী চাকৰি, বিদেশত থকা ক’লা ধন আনি দেশৰ প্ৰতিটো পৰিয়ালৰ মাজত ভগাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যোৱা পাঁচটা বছৰত দুই কোটি চৰকাৰী চাকৰি দিয়াটো বাদেই ক’লা ধনো ঘুৰাই আনিবলৈ সক্ষম নহ’ল। সেয়ে দেশৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰীৰ শাসনকালত জনসাধাৰণে কি আশা কৰিব বুলি নেতা গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক কত্যাক্ষ কৰি তেওঁ পুনৰ কয় যে- অমিত শ্বাহে উচ্চ শিক্ষিত নিবনুৱাক পকৰী বেছি স্বাৱলম্বী হ’বলৈ ভাষণত কৈ আহিছে কিন্তু তেওঁৰ পুত্ৰক পকৰী বেছি স্বাৱলম্বী হ’বলৈ কিয় নকয়। ইউ পি এচ চি, এ পি এচ চি ডিগ্ৰী নথকাকৈয়ে গৃহমন্ত্ৰীৰ পুত্ৰক কি দৰে মোদী চৰকৰে মিনিষ্টাৰ চেক্ৰেটেৰী বনালে বুলি মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে। তাৰোপৰি কানহায়া কুমাৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয় যে- সাম্প্ৰদায়িকতা ৰাজনীতি কৰা বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এতিয়া কংসৰ দৰে জনপ্ৰিয় মামা, কিন্তু মই কানহায়া বুলিও তাচ্ছিল্য কৰে মন্ত্ৰী হিমন্তক। প্ৰবিত্ৰ অসমভুমি কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ ভুমি। সেয়া দেশৰ ইতিহাস নাজানা বিজেপি কেন্দ্ৰীয় চৰকাৰে অসমত কয়লা, চুপাৰী চিণ্ডিকেত চলাই লুণ্ঠন কৰাৰ বাহিৰে ৰাজ্যৰ জনসাধাৰণৰ বাবে কি কৰিব বুলি মন্তব্য কৰে। লগতে তেওঁ পুনৰ কয় যে- দেশক আগবঢ়ায় নিবলৈ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিলে নহ’ব। দেশৰ লগতে অসমক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ স্বাৰ্থত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলক ওফৰাই দিয়াৰ লগতে মৰিগাঁও সমষ্টিত উন্নয়নৰ স্বাৰ্থত চিপিআই নেতা মুনিন মহন্তক বিপুল ভোটত জয়ী কৰিবলৈ কমিউনিষ্ট নেতা কানহায়া কুমাৰে আহ্বান জনায়। ইফালে, মৰিগাঁও সমষ্টিৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তই ভাষণ প্ৰসংগত কয় যে-অসমত এইবা মহাজোঁট বন্ধনৰ ঢৌ উঠিছে। মহাজোঁট বন্ধনৰ এই শক্তিশালী ঢৌত বিৰোধী দল উটি যাব। বিজেপিৰ কাৰ্যকালত হোৱা দূৰ্নীতিৰ পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজে মহাজোঁট বন্ধনৰ চৰকাৰ বিচাৰিছে। মৰিগাঁও জিলা খন এক বান বিধ্বস্ত জিলা। বৰ্তমান সময়ত নিবনুৱা সমস্যাই জিলা খনত বৃহৎ সমস্যা হৈ পৰিছে। বিজেপি চৰকাৰৰ দিনত জাগীৰোড কাগজ কল আৰু কাছাৰ কাগজ কল বন্ধ হৈ গ’ল । জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত শাসনত বহা বিজেপি চৰকাৰে অসমত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। এইবাৰ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে। অসম জাতীয় পৰিষদ দলক মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তই তীব্ৰ কত্যাক্ষ কৰি কয় যে- বিজেপিৰ চৰকাৰক সহায় কৰিবলৈ অসম জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মহাজোঁট বন্ধনৰ ভোট বিভাজনৰ বাবে নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। গতিকে অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ বাবে এইবাৰ মহাজোঁট বন্ধনৰ চৰকাৰক অধিষ্ঠিত কৰিব বুলি চিপিআই নেতা মুনিন মহন্তই মন্তব্য কৰে। ইপিনে, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জোনজোনালী বৰুৱা আজি বিহুতলিত আয়োজন কৰা মহাজোঁট বন্ধনৰ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ নকৰাত মহাজোঁট বন্ধনৰ সমৰ্থক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।আজিৰ বিশাল নিৰ্বাচনী সভা খনত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোৱঁৰ, মৰিগাঁও কংগ্ৰেছ নেতা প্ৰণৱ জ্যোতি বৰকটকীকে ধৰি মহাজোঁট বন্ধনৰ বহু কেইজন বিষয়ববীয়াৰ লগতে প্ৰায় কেইবা সহস্ৰাধিক দলীয় সমৰ্থকে অংশ গ্ৰহণ কৰে।
বুনাসত্ৰত দৌল মহোৎসৱৰ শুভাৰম্ভ : ক’ৰোনা প্ৰতিৰোধৰ লক্ষ্যৰে আমদানি কৃত ফাকুৱা বৰ্জন
ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুণাসত্ৰ ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৬২ সংখ্যক দৌল মহোৎসৱ । আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হোৱা মহোৎসৱৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে নাম প্ৰসংগ ,ভাগৱত আনয়নৰ লগতে সন্ধিয়া মূখ্য দ্বাৰ উন্মোচন,বন্তি প্ৰজ্বলন,বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । নিশাৰ ভাগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনহাতে দৌল মহোৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰিবলগীয়া হোলী উৎসৱ উপলক্ষে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰি অহা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন ৰাজৱংশী আৰু যুটীয়া সম্পাদক বণজিৎ শালৈ,বিটোপন শালৈয়ে ক’ৰোনা ভাইৰাছৰ ক্ৰমবৰ্দ্ধিত ত্ৰাসৰ প্ৰতি লক্ষ্য আগত ৰাখি এইবেলি আমদানিকৃত ফাকুৱাৰ পৰিৱৰ্তে থলুৱা ভাবে ৰং বিৰঙৰ গছৰ গুটি , হালধিগুৰী আদিৰে ফাকুৱা প্ৰস্তুত কৰাৰ ব্যাতিক্ৰমী পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছে । এই ক্ষেত্ৰত ধৰ্মপ্ৰান ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ।
নাজিৰা সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোটদান : ৰাইজৰ লগতে শাসক, বিৰোধী দুয়োগৰাকী প্ৰাৰ্থীৰ ভোটাধিকাৰ সাব্যস্ত
শনিবাৰে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ বিভিন্ন সমষ্টিৰ লগতে নাজিৰাত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ আৰম্ভ ৷ পুৱা ৭.৩০ বজাৰ পৰা ১০৪নং নাজিৰা বিধানসভা সমষ্টিত বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । প্ৰায়বোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ মুখত দেখা গৈছে মাস্ক আৰু হাতত হাত মোজা । একেদৰে ভোট কেন্দ্ৰবোৰত ভোটাৰক মাস্ক যোগান ধৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰাল ভাৱে সকলো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছে । আজি ৰাজ্যজুৰি অনুস্থিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰত ভোটাৰ সকলে সাব্যস্ত কৰিছে ভোটদান । ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই নাজিৰাৰ জল সম্পদৰ উপ সংমণ্ডলৰ কাৰ্য্যালয়ত ভোটদান সাব্যস্ত কৰিছে ।

আনহাতে ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে । বালিঘাট জনজাতি প্ৰাথমিক বিদ্যালয়ত নাজিৰাৰ বিজেপি দলৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে সাব্যস্ত কৰে ভোটদান । ভোটদান কৰি প্ৰাৰ্থী দুগৰাকীয়ে নিউজ টাইম অসমৰ আগত কয়, ভোটাৰ ৰাইজ পুৱাই ওলাই আহিছে । ই গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ । ৰাজ্যৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত ৰাইজে ভোট দিব । লগতে নাজিৰাবাসী ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু পুনৰ এখন শক্তিশালী চৰকাৰ গঠন হ’ব বুলি প্ৰাৰ্থী দুগৰাকীয়ে সংবাদ-মাধ্যমৰ আগত উল্লেখ কৰে ৷
নিৰ্বাচনত`কা`-এনআৰচিৰ কোনো প্ৰভাৱ নাই, মানুহে বিজেপিক পুনৰ ক্ষমতালৈ আনিবলৈ ভোট দিব : মন্ত্ৰী সোণোৱালৰ
অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে আজি দাবী কৰে যে ৰাজ্যৰ লোকসকলে জানে যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে তেওঁলোকক প্ৰভাৱিত নকৰিব আৰু তেওঁলোকে বিজেপিক পুনৰ ক্ষমতালৈ আনিবলৈ ভোট দিব।

“আমি যোৱা পাঁচ বছৰত অসমৰ জনসাধাৰণৰ বাবে কাম কৰিছো। মানুহবোৰ আমাক লৈ সন্তুষ্ট। আমি ‘সবকা সাথ, আৰু সবকা বিশ্বাস’ অনুসৰণ কৰিছিলো,” সোণোৱালে এএনআই কেক কৈছিল।
মৰিগাঁও জিলাত ১ এপ্ৰিলত চৰকাৰী বন্ধ ঘোষণা
অহা ১ এপ্ৰিল তাৰিখত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে উক্ত দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে । জিলা খনৰ অন্তৰ্গত থকা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব । NIAct, 1881(25) ৰ অধীনত জিলাৰ বেঙ্কৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহো ১ এপ্ৰিলত বন্ধ থাকিব । আনহাতে জৰুৰীকালীন সেৱা বিভাগ আৰু বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা লোকৰ বাবে এই বন্ধ প্ৰযোজ্য নহব ।
২৮ মাৰ্চত কামৰূপ মেট্ৰ’ত শুকান দিন
কামৰূপ মেট্ৰ’ৰ উপায়ুক্তই জাৰী কৰা নিৰ্দেশ অনুসৰি জিলাখনৰ সকলো খুচুৰা আইএমএফএল আৰু দেশস্পিৰিটৰ দোকান হোলীৰ বাবে ২৮ মাৰ্চৰ আবেলি ৪ বজালৈকে বন্ধ কৰা হ’ব।
টীয়কত ই,ভি,এম, বিসংগতি : ভোটাৰৰ হাৰাশাস্তি
যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ টীয়কৰ বিভিন্ন প্ৰান্তত ই, ভি, এমৰ বিসংগতিৰ বাবে নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ অনুষ্ঠিত কৰিব নোৱাৰাত ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজ সকল দীঘলীয়া শাৰী পাতি অশেষ কষ্ট ভুগিব লগীয়া হ’ল । প্ৰাপ্ত তথ্য মতে টীয়ক সমষ্টিৰ পীড়াকটা মজলীয়া বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ ,চটাই ১১ নং চেনি আমগুৰি হাইস্কুল ,ঢেকীয়াখোৱা ১৫ নং প্ৰাথমিক বিদ্যালয় মেলেং বাৰপাইক প্ৰাথমিক বিদ্যালয়কে কে ধৰি বহু কেইটা ভোট গ্ৰহন কেন্দ্ৰত সময় মতে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰিলে । ৰিটাৰ্ননিং বিষয়াৰ পৰা জানিব পৰা মতে বুটাম টিপাৰ পিছত ই, ভি,এম মেচিনৰ কাৰ্যক্ষম হোৱা নাছিল যদিও পিচলৈ যোৰহাটৰ পৰা অহা এটা দলে বহু কেইটা ই,ভি,এম কাৰ্যক্ষম কৰি তোলে । এই সংক্ৰান্তত বিৰোধী দলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ত্ৰিপুৰাৰ গোমতী জিলাত বাহন বাগৰি ৪ বিজেপি নেতা নিহত আহত ৮
দক্ষিণ ত্ৰিপুৰাৰ গোমতী জিলাত এখন বাহন বাগৰি পৰাত লগে লগে তিনিগৰাকী মহিলাসহ কমেও চাৰিজন বিজেপি নেতা নিহত হয় আৰু আহত হয় আঠগৰাকীকৈ লোক।
ৰঙিয়াত ভবেশ কলিতাৰহৈ মন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া দ্বীতিয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । মঙ্গলদৈ লোকসভাৰ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াসহ হেলিকাপ্টাৰযোগে পোনেপোনে চিপাঝাৰৰ পৰা আহি উপস্থিত হয় ৰঙিয়াত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওৰ ভাষণত কংগ্ৰেছ নেতৃত্বাধীন মহাযোটক অপশক্তি বুলি কৈ তীব্ৰ সমালোচনা কৰে,ইয়াৰোপৰী আগন্তুক দিনত দহলাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰে । আনহাতে ৰঙিয়া সমষ্টিৰ ৰাইজক মন্ত্ৰী ভবেশ কলিতাক ডেৰলাখ ভোটত জয়ী কৰাব লাগিব বুলি কৈ প্ৰতিশ্ৰুতি আদায় কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়ন, শান্তি-প্ৰগতিৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় । উক্ত সভাত ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী ভৱেশ কলিতা, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ বড়ো, জিলা সভাপতি নন্দন তালুকদাৰ, ব্লক, মণ্ডল, বুথ, মৰ্চা, দলীয় কাৰ্য্যকর্তা সকলৰ লগতে অসংখ্যা লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত হোৱা ভবেশ কলিতাই আজি পুনৰ তেৱেই একলাখ ভোট পাই জয়ী হʼব বুলি সদম্ভে ঘোষণা কৰে । ৫৭নং ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত অনুষ্ঠিত মহাজোঁটৰ সভাত বৃন্দা কাৰাটে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিচিল,ইয়াৰ প্ৰত্যুত্বৰত কি কাৰাট বুলি তাচ্ছিল্য কৰি কয় যে ৰঙিয়াত কাৰাট ফাৰাট নচলে ৰঙিয়াত কেৱল কলিতা, আহমেদ, শৰ্মা, বড়ো, ৰাভা ইত্যাদি চলে বুলি কয় ।
বোকাখাতত আজি ১৪৪৩৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১ গৰাকীৰৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত
ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ৯৩ ন বোকাখাত বিধান সভা সমষ্টিত ১৮৫ টা ভোটগ্ৰহন কেন্দ্ৰত ১৪৪৩৬৩ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ১১ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য।কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ প্ৰাৰ্থী যুৱ নেতা প্ৰণৱ দলে,অসম গণপৰিষদৰ বিজেপি, গণশক্তি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা কৃষি মন্ত্ৰী অতুল বৰা, ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰা,জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈ, বোকাখাত নিৰ্মাণ গোটৰ সভাপতি তথা প্ৰাক্তন নিৰ্দলীয় বিধায়ক জীতেন গগৈ, আপৰ প্ৰাৰ্থী বিজয় কুটুম , নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰা, এন , চিপিৰ প্ৰাৰ্থী মৃদুল শইকীয়া , নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত দলৈ,সুমন তাতী , দীনেশ কৰ্মকাৰে। উল্লেখাযােগ্য যে, ৯৩নং-বােকাখাত বিধানসভা সমষ্টিত মুঠ ১৮৫ টা ভােট গ্রহণ কেন্দ্ৰত নিবার্চন অনুষ্ঠিত হব। ইয়াৰে ৮ টা ভােট গ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা গ্রামাঞ্চলত অৱস্থিত। ৩১ টা সহায়ক ভােটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে। সমষ্টিটোত ১০ টা ভােটদানকেন্দ্রক জটিল ভােটগ্রহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। বােকাখাত বিধানসভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১৪৪৩৬৩ গৰাকী ইয়াৰে পূৰুষ ভােটাৰৰ সংখ্যা হৈছে ৭৩৭৯৪ আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ৭৩৬৮৬ গৰাকী । ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭ । ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬। বােকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভােটাৰৰ সংখ্যা হৈছে ২১২ জন। আনহাতে মুঠ চাৰ্ভিচ ভােটাৰ আছে ৩৫৩ জন। আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধানসভা সমষ্টিটো ৬ টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে। ভােটদান পক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিয়া হৈছে। এইবাৰ ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত ১১ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও তিনি গৰাকী প্ৰাৰ্থীৰ মাজতে ভোটাৰ ৰাইজৰ দৃষ্টি থাকিব। কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী প্ৰণৱ দলে,,নিৰ্দলীয় বিধায়ক জীতেন গগৈ আৰু অসম গণপৰিষদৰ সভাপতি তথা মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ মাজতেই মূল যুজঁ খন হব বুলি অনুমান কৰিব পাৰি। এই বাৰ কংগ্ৰেছৰ নিজা প্ৰাৰ্থী নাই যদিও আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেক কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে সমৰ্থন আগবঢ়াইছে ।গাৱে গাৱে গৈ ঘৰে ঘৰে তামোল পান লৈ ভোট ভিক্ষা কৰি সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে প্ৰণৱ দলে । অন্য হাতে সমষ্টিটোত যদিও বোকাখাতত বহু কংগ্ৰেছ কৰ্মীৰ প্ৰণৱ দলেৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নাই তথাপিও শেষতীয়াকৈ বহু কংগ্ৰেছ কৰ্মীৰে প্ৰণৱ দলেৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।সমষ্টিটোত মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ সৱল স্থিতি যদিও নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই ভালকৈয়ে আউল লগোৱাৰ সম্ভাৱনা আছে অতুল বৰাক। বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা, দিচৈ, গুলুংটেমেৰা আৰু দুসূতিমুখ গাওঁ পঞ্চায়তৰ মিচিং সম্প্ৰদায় ভোটাৰ আৰু নুমলীগড় , বিহৰা , বোকাখাত , বৰজুৰি , কাজিৰঙাত চাহ জনগোষ্ঠিৰ ভোটাৰে নিৰ্ণয় কৰিব বোকাখাতৰ ১১ জন প্ৰাৰ্থীৰ ভাগ্য ।










