Home Blog Page 3079

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ’ব। আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ জিলাৰ আক্ৰাছুৰ উদ্যোগত আৰু সেৰফাংগুৰী-ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ সহযোগত বৃহস্পতিবাৰে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰিছে।

ইয়াৰোপৰি ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ ওচৰত আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনাই ইতিমধ্যে সেই বিশেষ সম্প্ৰদায়ে চলে-বলে, কৌশলে কমতাপুৰৰ ভূমিতে কোচ ৰাজবংশীক সংখ্যালঘুত পৰিণত কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি মন্ত্ৰী তেখেতে এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলি কয়।

আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ দি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ অবিহনে আক্ৰাছু কেতিয়াও ক্ষান্ত নহয়। ১৪ গৰাকী শ্বহীদৰ একাংশ নিকটাত্মীয়ক সম্বৰ্ধনা জ্ঞাপন কৰি শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি জীৱেশ ৰায়ে আক্ৰাছুৱে নিজ লক্ষ্যৰ পৰা এক ইঞ্চিও বিচলিত নহয় বুলি মন্তব্য কৰে।

সমস্যাৰে ভৰপুৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জীৱেশ ৰায়ে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ মঞ্চত উপবিষ্ট থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে। আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজ ভাষণত কয় যে, সমস্যাৰে ভৰপুৰ জনগোষ্ঠীৰ সমস্যা সমাধানাৰ্থে সকলোৱে নিজৰ সংগ্ৰাম আগবঢ়াই নিছে আৰু জনগোষ্ঠীৰ সংগ্ৰামৰ প্ৰতি এবছুৰ সমৰ্থন আছে।

উল্লেখ্য যে, কাৰ্যসূচী অনুসৰি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, নৱনিৰ্মিত শ্বহীদবেদী শুভ উদ্বোধন কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে।

সমষ্টিবাসীৰ কাষলৈ গৈ উন্নয়ণৰ খতিয়ান দাঙি ধৰিলে বিধায়ক ৰূপক শৰ্মাই

সমষ্টিবাসীৰ কাষলৈ গৈ  ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও সদৰ সমষ্টিত ৰূপায়ন হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ হয়বৰগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি নগাঁও পৌৰসভাৰ ২০ নং মহলাৰ কুশল নগৰত  ঘৰে ঘৰে উপস্থিত হৈ বিধায়ক শৰ্মাই ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে অভাৱ অভিযোগৰ বুজ লয়  । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  নেতৃত্বত বিজেপি মিত্ৰজোটৰ চৰকাৰখনে ৰূপায়ণ কৰা উন্নয়ন মূলক কাম কাজ সম্পৰ্কত মহলাটোৰ বাসিন্দাসকলক বিধায়ক শৰ্মাই অৱগত কৰে।ইয়াৰ উপৰি  বিগত দিনসমূহত বিধায়ক হিচাপে নগাঁও সদৰ সমষ্টিত কৰা উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কত প্ৰস্তুত কৰি উলিওৱা উন্নয়নৰ খতিয়ান সম্পৰ্কত একোখনকৈ পত্ৰিকাও  ৰাইজৰ মাজত বিতৰণ কৰে। নগাঁও সদৰ সমষ্টিৰ উন্নয়নত  ৰাইজে আগবঢ়োৱা সহযোগিতাৰ শলাগ লোৱাৰ লগতে আগন্তুক দিনত এনেদৰে ৰাইজক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিবলৈ বিধায়ক শৰ্মাই সমষ্টিবাসীক আহ্বান জনায়।

সংঘাত : স্থান হেৰালে মান হেৰাই !

স্থান হেৰালে মান হেৰাই । জেষ্ঠ্য সকলে কোৱা এই ডাকৰ বচন ফা‍ঁকি যেন সঁচা হ’বলৈ গৈছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগে গেৰুৱা বসন পিন্ধা কাৰ্যত গোলাঘাট জিলা বিজেপিৰ ভিতৰচৰাত  তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা বাতৰি  প্ৰকাশ হৈছিল যদিও ইয়াৰ সত্যতা সন্দৰ্ভত স্পষ্ট হোৱা নাছিল। যদিও  আজি  প্ৰমাণিত হ’ল যে ভিতৰি – ভিতৰি গুজৰি -গুমৰি থকা পূৰ্বৰ বিজেপি কৰ্মীসকলে সদ্য গেৰুৱা বসন পিন্ধা নেওগক কেনেদৰে আঁদৰণি জনাইছে !  ক্ষোভৰ বৰ্হিপ্ৰকাশ এইবাৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গল গোলাঘাটৰ বিজেপি কাৰ্যালয়ত। আজি অজন্তা নেওগৰ প্ৰসংগ লৈয়ে গোলাঘাটৰ বিজেপি কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়।  বিজেপিৰ জিলা সমিতি আৰু বিজেপিৰ  তৃণমূল কৰ্মীৰ মাজত হোৱা সংঘাতত অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে  বিজেপিৰ  তৃণমূল কৰ্মীসকলে। জানিব পৰা মতে ,গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈও  দাবী জনায়। লগতে  ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ  টিকট বিতুপন শইকীয়া, দেৱজিত বৰা আৰু জয়ন্ত কুমাৰ গোস্বামীক  দিব লাগিব বুলিও দাবী উত্থাপন  কৰিছে তৃণমূল কৰ্মী সকলে। তেনেক্ষেত্ৰত পূৰ্বৰ শক্তিশালী কংগ্ৰেছী নেত্ৰী গৰাকীৰ  ৰাজনৈতিক জীৱনৰ অন্ত পৰিব বুলিও আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।

বিশেষ এককালীন অনুদান আঁচনিৰ পাৱাৰ টিলাৰৰ বাবে মাজুলীৰ অনুসূচীত জনজাতি পৰিয়ালৰ পৰা আবেদন আহ্বান আইটিডিপিৰ

অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ‘বিশেষ এককালীন অনুদান’ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত মাজুলী জিলাৰ আৰ্থিক ভাৱে পিছপৰা অনুসূচীত জাতিৰ পৰিয়াললৈ পাৱাৰ টিলাৰ বিতৰণৰ বাবে যোগ্য হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মাজুলীৰ ‘একীভূত জনজাতি উন্নয়ন প্ৰকল্প’ (আইটিডিপি)ই ইয়াৰ বাবে জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অনুসূচীত জনজাতি পৰিয়ালৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। আইটিডিপি, মাজুলীৰ প্ৰকল্প সঞ্চালকে এই সন্দৰ্ভত যোৱা ৫ জানুৱাৰীত মাজুলীৰ অনুসূচীত জনজাতিৰ লোকসকলৰ জ্ঞাতাৰ্থে জাৰি কৰা এক জাননী অনুসৰি এই পাৱাৰ টিলাৰ লাভ কৰিবলৈ আগ্ৰহী জিলাখনৰ আৰ্থিক ভাৱে পিছপৰা জনজাতীয় পৰিয়ালসমূহৰ মূৰব্বী সদস্যই অহা ২০ জানুৱাৰীৰ ভিতৰত গড়মূৰস্থিত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত আবেদন পত্ৰ দাখিল কৰিব লাগিব। আগ্ৰহী আবেদনকাৰীসকলে প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত আবেদনৰ প্ৰ-পত্ৰ লাভ কৰিব পাৰিব। তদুপৰি, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ ৱেবছাইট https://directorwptbc.assam.gov.inৰ পৰাও এই আবেদনৰ প্ৰ-পত্ৰ ডাউনলোড কৰি ল’ব পাৰিব আগ্ৰহী আবেদনকাৰীসকলে।

নগাঁৱত “নিচাসক্ত লোকৰ পুনৰবাস আৰু নিচাসক্ত ৰোধ” শীৰ্ষক সজাগতা সভা সম্পন্ন

 সম্প্ৰতি মানৱ জীৱনৰ বাবে এটা অতিশয় আতংকৰ বিষয় হৈ পৰিছে ড্ৰাগছৰ লগতে আন আন নিচাযুক্ত মাদক দ্ৰব্যসমূহ। এই দ্ৰব্যসমূহৰ প্ৰচলন ইমানেই ব্যাপক হৈ পৰিছে যে- ইয়াৰ প্ৰতিক্ৰিয়াই বৰ্তমান সময়ত একোটি পৰিয়াল,এখন সমাজ,গাওঁ,জিলা,ৰাজ্য তথা দেশৰ প্ৰতিজন সচেতন ব্যক্তিকেই চিন্তিত কৰি তুলিছে। স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক মাৰাত্মক ড্ৰাগছৰ প্ৰতি একাংশ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী,শিক্ষিত যুৱক-যুৱতী অত্যাধিক আসক্ত হৈ পৰা আমি সকলোৱেই দেখি আহিছো । ফলত আমাৰ সমাজত দ্ৰুতগতিত বৃদ্ধি পাই আহিছে হত্যা-ধৰ্ষণ, চুৰি,দকাইটি,লুন্ঠন আদি অনৈতিক তথা অসামাজিক, অপৰাধমূলক কামবোৰৰ । ড্ৰাগছৰ লগতে নানা ধৰণৰ মাদকদ্ৰব্য সেৱনকাৰীসকলে হেৰুৱাই পেলাইছে শাৰীৰিক, মানসিক আৰু দৈহিক শক্তি। ইয়াৰ কু-প্ৰভাৱেই সমাজ জীৱনৰ অৱক্ষয় ঘটাই চূৰান্ত সৰ্বনাশ সাধন কৰি আহিছে। ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা মাদক দ্ৰব্যৰ দ্ৰুত প্ৰচলনে সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টি কৰি মানৱ জাতিক আতংকিত কৰাৰ লগতে নৱপ্ৰজন্মৰ উঠি অহাচাম যুৱক-যুৱতীক দিনক দিনে ধংসৰ মুখলৈ থেলি দিছে | যাৰ ফলত আমাৰ সমাজত বৃদ্ধি পাইছে ঘৰুৱা হিংসা তথা ঘৰুৱা অশান্তিৰ ৷ এই বক্তব্য নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ সঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ পাঁচ জানুৱাৰীত নগাঁও আৰক্ষী চাউনিতৰ সভাগৃহত অনুষ্ঠিত হোৱা “নিচাসক্ত আজিৰ সমাজত ইয়াৰ প্ৰভাৱ তথা নিচাসক্ত লোকৰ পুনৰবাস আৰু নিচাসক্ত ৰোধ” শীৰ্ষক এখনি সজাগতা সভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় জিলা ও সত্ৰ ন্যায়াধীশ গৰাকীয়ে ৷ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসন,জিলা সমাজ কল্যাণ বিভাগ,নগাঁও জিলা মহিলা সমিতি,নগাঁও মৰ্হষি মহিলা সমিতিৰ যৌথ সহযোগত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে উপস্থিত থাকে নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোস্না দাস,নগাঁও জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ,অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল চন্দ্ৰ পাটৰ,জিলা সমাজ কল্যাণ বিষয়া দিনেশ দাস,জিলা মানসিক স্বাস্থ্য আচঁনিৰ বিষয়া ডাঃ জিয়াউদ্দিন আহমেদ,আশ্ৰয় নিচামুক্তি কেন্দ্ৰৰ পৰিচালন সঞ্চালক ৰফিকুল ইছলাম,অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ,মল্লিকা শৰ্মা,জামালউদ্দিন ছৌধুৰীৰ লগতে অন্যান্য সকল উপস্থিত থাকে ৷ ঋতুৰাজ বৰা আৰু হিমাংশু বৰ্মনে আতঁধৰা অনুষ্ঠানটিত নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ সম্পাদিকা মনালিছা দাস আৰু অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই নিচামুক্তি নগাঁও শীৰ্ষক এক কাৰ্যক্ৰমণিকা হাতত লোৱাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থা সমূহক সহায়ৰ হাত আগবঢ়ালৈ বিশেষভাৱে আহ্বান জনাই ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অধিবক্তা শ্বাহনাজ চুলতানাই ৷

দলবদ্ধ ধৰ্ষণ : মহিলাৰ যৌনাংগত ৰডেৰে আক্ৰমণ কৰাৰ লগতে ভাঙিলে বুকুৰ কামিহাড়

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা আপোনাৰ নিচ্ছয় মনত আছে । নিৰ্ভয়াৰ ওপৰত চলন্ত বাছত কি দৰে চলিছিল অত্যাচাৰ । এইবাৰ তেনে নাৰকীয় নিৰ্যাতনৰ বলি হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মহিলাগৰাকীৰ যৌনাংগত প্ৰচূৰ ৰক্তক্ষৰণ পোৱা গৈছে। বুকুৰ কামিহাড় আৰু ভৰিৰ হাড় ভাঙিছে ।মহিলাগৰাকীৰ ওপৰত দলবদ্ধ বলাৎকাৰৰ পিছত চলোৱা হৈছিল অমানৱীয় অত্যাচাৰ।

উত্তৰ প্ৰদেশৰ উঘাইতি থানাৰ অন্তৰ্গত বাদুৱান জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। দেওবাৰে বিয়লি স্থানীয় এটা মন্দিৰলৈ গৈছিল মহিলাগৰাকী। কিন্তু ঘৰলৈ ঘূৰি নাহিল মহিলাগৰাকী।

স্থানীয় লোকে জনোৱা মতে, নিশা ১২ মান বজাত এখন চলন্ত গাড়ীৰ পৰা পেলাই দিয়া হয় ৰক্তাক্ত মহিলাগৰাকীক। মাজনিশাই মৃত্যু হয় নিৰ্যাতিতা মহিলাগৰাকীৰ। জনা গৈছে যে চৰম অত্যাচাৰৰ পিছত মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ গৈছিল অভিযুক্তসকলে।

মৃত মহিলাগৰাকীৰ আত্মীয়ই জনায় যে স্থানীয় থানাত যোগা়যোগ কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল। ১৮ ঘণ্টাৰ পিছত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে, মহিলাগৰাকীৰ যৌনাংগত প্ৰচূৰ ৰক্তক্ষৰণ পোৱা গৈছে। বুকুৰ কামিহাড় আৰু ভৰিৰ হাড় ভাঙিছে। আনকি হাওফাওতো গধূৰ বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট। যাৰ ফলত শৰীৰৰ পৰাও প্ৰচূৰ ৰক্তক্ষৰণ হৈছে।

আৰক্ষীয়ে অৱশেষত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰি অভিযুক্তসকলৰ সন্ধানত অভিযান আৰম্ভ কৰে।

দুলীয়াজানৰ সাহিত্যৰথী জাতীয় বিদ্যালয়ৰ বিশেষ কৃতিত্ব

আজি “ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক ও বহুমুখী বালিকা বিদ্যালয়”ৰ উদ্যোগত অনুষ্ঠিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিদ্যা দপ্তৰৰ অন্তর্গত অন্যতম কাৰ্যসূচী “২৮ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ”ৰ ডিব্ৰুগড় জিলা সমাৰোহত “বহনক্ষম জীৱন যাপনৰ বাবে বিজ্ঞান” শীর্ষক বিষয়ত বিজ্ঞান প্ৰকল্প উপস্থাপন কৰি দুলীয়াজানৰ “সাহিত্যৰথী জাতীয় বিদ্যালয়ে” প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শিশু আৰু কিশােৰসকলৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু চৌপাশৰ পৰিৱেশৰ পৰা পদ্ধতিগতভাৱে বিজ্ঞান চর্চা আৰু শিকনৰ বাবে জিলা পর্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়খনৰ বিজ্ঞান বিষয়ৰ শিক্ষক সংগীতা হাজৰিকা শইকীয়াৰ নেতৃত্বত সপ্তম শ্ৰেণীৰ ছাত্ৰ দ্বীপজ্যোতি গগৈ আৰু অনুৰণ কৃষ্ণস্তুতি দাসে “থলুৱা মৃন্ময় শৈলী ব্যৱহাৰৰ যোগেদি বতানুকুল আৱাসিক পৰিৱেশ সৃষ্টিকাৰক প্ৰযুক্তিৰ পৰিকল্পনা” বিষয়ত এই প্ৰকল্পটি উপস্থাপন কৰি গ্ৰহণ কৰি দক্ষতাৰে বিদ্যালয়খনৰ লগতে সমগ্ৰ  দুলীয়াজান অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । এই প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ত্ৰিশটাতকৈও অধিক দলে অংশগ্ৰহণ কৰিছিল । উল্লেখযোগ্য যে, বিজয়ী দলটোৱে পৰৱৰ্তী পৰ্যায়ত চলিত মাহৰ  ১৮,১৯ আৰু ২০ তাৰিখে (অনলাইন যোগে) ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া “ৰাজ্যিক বিজ্ঞান সমাৰোহ”ত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে । পৰৱৰ্তী পৰ্যায়তো দলটোৱে দক্ষতাৰে পুনৰ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিব বুলি বিদ্যালয়ৰ শিক্ষকসকল যথেষ্ট আশাবাদী ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ট্ৰফীৰ মেলবৰ্ণ টেষ্টত উপস্থিত থকা এগৰাকী দৰ্শক কোভিড প’জিটিভ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত অংশলোৱা এগৰাকী দৰ্শকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

মেলবৰ্ণ ক্ৰিকেট ক্লাৱ(এম চি চি)ৰ তৰফৰ পৰা বুধবাৰে এই কথা সদৰী কৰা হয়।
বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনৰ খেলত উপভোগ কৰিব অহা দৰ্শক এগৰাকীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে।

মেলবৰ্ণ ক্ৰিকেট ক্লাৱে এই কথা প্ৰকাশ কৰাৰ পাছতে দেশখনৰ স্বাস্থ্য বিভাগে গ্ৰেট চাউথাৰ্ণ ষ্টেণ্ডৰ পঞ্চম জ’নত উপস্থিত থকা দৰ্শক সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ দিয়ে।

উল্লেখযোগ্য যে, মেলবৰ্ণ টেষ্টৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ কিছু সংখ্যক খেলুৱৈয়ে বায়’বাবল ভংগ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।

ৰোহিত শৰ্মা, ঋষভ পণ্টকে ধৰি কেইগৰাকীমান ক্ৰিকেটাৰে বাহিৰত আহাৰ গ্ৰহণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে কুইলেণ্ড প্ৰশাসনে ভাৰতীয় ক্ৰিকেট দলক কঠোৰ সতৰ্কবাণী শুনায়।

বৰ্তমানলৈ শৃংখলাটোত ভাৰত আৰু অষ্ট্ৰেলিয়াই এখন এখন টেষ্টত জয়লাভ কৰিছে।

চিৰিংহোলাত ১০ জানুৱাৰীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত মাৰাথন দৌৰ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ডিব্ৰুগড় জিলা ভিত্তিত দশম বৰ্ষৰ বাবে প্ৰাইজমাণি মাৰাথন দৌৰ প্ৰতিযোগিতাখনি। আয়োজন কৰা হৈছে। চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনি চিৰিংহোলা বাপুজী যুৱক সংঘৰ প্ৰাঙ্গনত আয়োজন কৰা হৈছে। এই উপলক্ষে সন্তোষ কোঁৱৰক সভাপতি, প্ৰশান্ত দত্তক কাৰ্যকৰী সভাপতি, সীমান্ত বৰুৱাক সম্পাদক হিচাপে লৈ খেল পৰিচালনা সমিতি গঠন কৰা হৈছে। ন জানুৱাৰীত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক সোমেধৰ বৰুৱাই, ছহিদ তৰ্পণ কৰিব চিৰিংহোলা বাপুজী যুৱক সংঘৰ উপদেষ্টা ভৱেন গগৈয়ে, বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰিব ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথ, বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা শইকীয়া আৰু চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতুল গগৈয়ে, সন্ধিয়ালৈ সমুহীয়া বন্তি প্ৰজ্বলন কৰিব বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰে। দহ জানুৱাৰীৰ পুৱা চাৰি বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। টিংৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোলাপ গগৈ আৰু টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসে ক্ৰমে ল’ৰা আৰু ছোৱালী শাখাৰ ফ্লেগ অফ কৰিব। ৭.৩০ বজাত নাহৰসাঁকো গাঁৱৰ চৰকাৰী গাঁওবুঢ়া সুব্ৰত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ ল’ব লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ-সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ বড়াই। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ, সভাপতি দেভিড চেতিয়া, উপ-সভাপতি অজয় গগৈ, স্বৰূপ গোঁহাই, সাধাৰণ সম্পাদক ধৰণী গোঁহাই, ক্ৰীড়া সম্পাদক গিৰিণ চেতিয়া, তথ্য আৰু প্ৰচাৰ সম্পাদক দীপজয় শইকীয়া, সাংগঠনিক সম্পাদক ৰূপজ্যোতি বুঢ়াগোঁহাই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি-সম্পাদক নিৰূপম দুৱৰা আৰু মুকুন্দ মাধৱ বুঢ়াগোঁহাইৰ লগতে লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা, আৰ ডি শৈক্ষিক ফাউণ্ডেচনৰ সঞ্চালক মনোজ ধানোৱাৰ, চিৰিংহোলা গাঁও পঞ্চায়তৰ সভাপতি ঋতু গোঁহাই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। প্ৰতিযোগিতাখন সুচাৰুৰূপে অনুষ্ঠিত কৰাত সকলো ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি সঞ্জু হাজৰিকা আৰু সম্পাদক কল্পজ্যোতি কোঁৱৰে। খেলুৱৈসকলৰ সুবিধাৰ্থে ৮১৩৩৯৪২২৯২, ৭৬৩৮৮৭৪৬২১ আৰু ৭০০২৪৩১৭৯৮ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

এজন প্ৰতিবন্ধী লোকে ডিমৌ নদীৰ ওপৰত ১৪ লাখ টকা ব্যয়ৰে সাঁজি উলিওৱা দলং উদ্ধোধন

 শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্রৰ ডিমৌ নদীৰ উপৰত অতি কম সময়ৰ ভিতৰতে এজন প্ৰতিবন্ধীয়ে প্ৰায় গাঁঠিৰ ১৪ লাখ টকা ব্যয়েৰে  দুটা সমষ্টিৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা পকী দলং আজি এক আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে হৰেশ্বৰ বাইলুং নামৰ ব্যক্তিজন । দীর্ঘ দিন ধৰি গাঁৱৰ ৰাইজৰ লগতে পথচাৰীয়ে বিপদসংকুল ভাৱে ভৰ বাৰিষা সাঁকো, কল ভুৰে ডিমৌ নদীৰ পাৰা পাৰ হৈ বিভিন্ন কৰ্মস্হলিলৈ আহ-যা কৰি অহাৰ পিচত এনে এটা কাম কৰাৰ মনস্হ কৰে হৰেশ্বৰ বাইলুঙে ।

আজি এই কাম কৰি সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ পাই যথেষ্ঠ আনন্দিত হৈ পৰে হৰেশ্বৰ বাইলুং। চৰকাৰী পক্ষই ৰাইজৰ এই দীর্ঘ দিনিয়া  সমস্যাটো কোনো স্থায়ী সমাধান নকৰাৰ বাবেই এই কাম কৰাৰ মনস্হ কৰিছিলে। নিজৰ কষ্ট উপাৰ্জিত ধন আৰু বুজন পৰিমানৰ বেংকৰ পৰা ধাৰলৈ লোৱা টকা ভাঙি ডিমৌ বাইলুং গাঁৱত ডিমৌ নদীৰ ওপৰত লক্ষ্মী নাৰায়ণ নামেৰে নামাকৰণ কৰি সাঁজি উলিওৱা পকী টনা আজোৰা দলং খন ফিটা কাতি শুভ উদ্বোধন কৰে তাই আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে টাই পুৰোহিত নিপেন মহন আৰু টাই মুলুং  সকলে। হৰেশ্বৰ বাইলুঙে নিজস্ব চিন্তা-চৰ্চাৰে নিৰ্মাণ কৰি উলিওৱা অত্যন্ত মনোমোহা হৈ পৰা দলংখনত নাই কোনো বাঁহ-কাঠ ব্যৱহাৰ। ১৩ টা পকি খুটা, ১২০ ফুট দীঘল,৩০ উচ্চতা পকি টনা আজোৰা দলংখন দুই খলপীয়াকৈ নিৰ্মাণ কৰিছে । দলংখনে থাওৰা সমষ্টিৰ পৰা মৰাণ সমষ্টিৰ বেজপথাৰ সংযোগ কৰি ৰাইজ দীর্ঘ দিনীয়া এটা সমস্যা সমাধান কৰিব এক সমন্বয়ৰ হেতু গঢ়ি তোলা বুলি বিভিন্ন জনে মন্তব্য কৰিছে । ইফালে আজি পুৱাৰ ভাগতে পতাকা উত্তোলন কৰি দিনযোৰাকৈ অনুষ্ঠিত দলং উদ্ধোধনী অনুষ্ঠান চাবলৈ বহুলোক সমবেত হোৱা পৰিলক্ষিত হয়। হৰেশ্বৰ বাইলুঙে উক্ত ১৪/১৫ লাখ টকা ৰূণ মুক্ত হলে দলংখনত বাকি ৰৈ যোৱা বহু কাম কৰিবলগীয়া থকাৰ কথা জানিবলৈ দিছে।