Home Blog Page 3082

হিমাংশু প্ৰসাদ দাসলৈ ২০১৯-২০ বৰ্ষৰ যুৱ সাহিত্য বঁটা

 অসমীয়া সাহিত্য সন্মিলনীৰ ২০২১-২৩ বৰ্ষৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে খাগৰিজান মহাবিদ্যালয় অৱসৰী অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক নগাঁৱৰ ড০ সাগৰ বৰুৱা। সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী আৰু প্ৰধান সম্পাদক মিংকু কলিতাই কাকতলৈ দিয়া এক প্ৰেছ বিবৃতিত এই কথা সদৰি কৰে। উল্লেখ্য যে  Non-cooperation Movement in Assam  শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা বৰুৱাৰ ৫০ খনতকৈয়ো অধিক গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ লগতে প্ৰকাশিত গ্ৰন্থ সমূহ ক্ৰমে -ভাৰতৰ স্বাধীনতা আন্দোলনত অসম – ১ম, ২য় খণ্ড, ইতিহাস চৰ্চা, ইতিহাস আৰু ঐতিহাসিক, ইতিহাস অনুসন্ধান, কুৰি শতিকাৰ অসম আৰু লক -ডাউন, History of No- Coopeation Movement, Migration from East Bengal to Assam, Responses and Reaction, কাব্য সংকলন – তোমাৰ বাতৰি পাওঁ, নদীখনৰ পাৰলৈ যাওঁ, মন পথাৰৰ আকুলতা আদি। তদুপৰি তেখেতে Study of History in the  Twenty – First Century আৰু  Historical Studies in the Context of Globalization নামৰ গ্ৰন্থ দুখনো সম্পাদনা কৰিছে। আনহাতে একেটা বিবৃতিতে উল্লেখ কৰা অনুযায়ী সন্মিলনীৰ ২০১৯ -২০২০ বৰ্ষৰ সন্মিলনীৰ মহেশ্বৰ নাথ সোঁৱৰণী যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে সাম্প্রতিক অসমৰ বহু চৰ্চিত নাম হিমাংশু প্ৰসাদ দাসক। ১৯৮২ চনৰ ১ জানুৱাৰীত জন্মগ্রহণ কৰা হিমাংশু একেধাৰে কবি, নাট্যকাৰ, চলচ্চিত্রৰ কাহিনী, পৰিচালনা, নিৰ্মাতা হিচাপে বিশেষ ভাৱে পৰিচিত। NSD ৰ স্নাতক ডিগ্ৰীধাৰী হিমাংশু বৰ্তমানলৈকে প্ৰকাশিত কাব্যগ্রন্থ সমূহ ক্ৰমে প্ৰেম আৰু বিদ্ৰোহৰ দিনলিপি, জীৱন জিন্দাবাদ, আকৌ লগ পাম, এই ছোৱালী এবাৰ ভালপাই চাবানেকি, নাটক – মিচ ৰুক্মিণী হৰণ, মিৰাবাই, হেংদাং ফৰ চেল আদি, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু আদিৰ চলচিত্রৰ কাহনীকাৰ হিমাংশু প্ৰসাদ দাসে ২০০৩ চনতে ‘কটন কলেজ’ শীৰ্ষক দূৰদৰ্শন ধাৰাবাহিকৰ চিত্র নাট্য, সংলাপ আৰু সহ: পৰিচালক হিচাপে খোজ পেলাই পৰৱৰ্তী সময়ত বকুলতলৰ আদালত (ধাৰাবাহিক), চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু  (চলচিত্ৰ) পৰিচালনা কৰাৰ লগতে কুৰিখনৰো অধিক চিনেমা, ধাৰাবাহিকত অভিনয়, সহ: পৰিচালক, কাহিনী আদিৰ মাজেৰে নতুন প্ৰজন্মৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে। কালি ৩ জানুৱাৰীত গুৱাহাটী পাণবজাৰস্থিত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত অনুষ্ঠিত সন্মিলনীৰ বিশেষ কাৰ্য্যনিৰ্বাহ সভাত ড০ সাগৰ বৰুৱাক সন্মিলনীৰ পৰৱৰ্তী সভাপতি আৰু হিমাংশু প্ৰসাদ দাসক যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ পৰামৰ্শ ভিত্তত  মনোনিত কৰা হয় বুলি প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া। অহা ৫, ৬, ৭ ফেব্রুৱাৰীত গোলাঘাটৰ দৈয়াংত অনুষ্ঠিতব্য অসমীয়া সাহিত্য সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনত হিমাংশু প্ৰসাদ দাসক উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰিছে।

হোজাই চহৰৰ নিৰ্মিয়মান ৰে’লৱে উৰণীয়া সেতুৰ সন্ধৰ্ভত বিধায়ক শিলাদিত্যৰ সৈতে আলোচনা

হোজাইত ব্যৱসায়ীসকলৰ সমস্যা সমাধানৰ বাবে অসম চেম্বাৰ অব কমাৰ্চ হোজাই জিলা শাখা আৰু বিধায়ক শিলাদিত্য দেৱৰ সৈতে দেওবাৰে এক আলোচনা হৈ যায়। হোজাই চহৰৰ নিৰ্মিয়মান ৰে’লৱে উৰণীয়া সেতুৰ মেইন ৰোডৰ শেষৰ ফালে ৱাল গাৰ্ড দিয়াৰ পৰিবৰ্ত্তে পিলাৰ দিয়াৰ দাবিৰে এক আলোচনাৰ আয়োজ কৰা হয়।

হোজাইৰ ব্যৱসায়ী সকলে আশংসা ব্যক্ত কৰে যে চহৰৰ নিৰ্মিয়মান উৰণীয়া সেতুৰ শেষৰ ফালে ৱাল গাৰ্ড দিলে চহৰৰ অতি ব্যস্ত বজাৰৰ দুয়োফালে থকা ব্যৱসায়ী সকল বেয়াকৈ প্ৰভাবিত হ’ব। উলেখ্য যে হোজাই সদা ব্যস্ত পুৰণা বজাৰ মেইন ৰোডত  নিৰ্মিয়মান হৈ থকা উৰণীয়া সেতুৰ শেষৰ ফালে নেতাজী মাৰ্কেটতকে আদি কৰি বহু দুকান, হোটেল আদি থকাৰ ওপৰিও বিপৰীত দিশে চহৰৰ মাছ বজাৰ অৱস্থিত। গতিকে ৱাল গাৰ্ড দিলে দুয়োফালৰ ব্যৱসায়ী তথা জনসাধাৰনৰ বাবে বিভিন্ন সমষ্যা সৃষ্টি কৰিব। এনে আশংকা ব্যক্ত কৰি অসম চেম্বাৰ অব কমাৰ্চ সন্থাৰ হোজাই জিলা শাখাৰ উদ্যোগত এক আলোচনাৰ জৰিয়তে বিধায়ক শিলাদিত্যক এখনি স্মাৰক প্ৰদান কৰা হয়। সভাত শিলাদিত্যই হোজাই বাসীৰ স্বাৰ্থত সকলো পদক্ষেপ লোৱা হ’ব বুলি আস্বাস প্ৰদান কৰে। আলোচনাত সন্থাৰ হোজাই শাখাৰ সভাপতি সম্পাদক তথা অনান্য ব্যৱসায়ী সকল অংশ গ্ৰহণ কৰে।

হিমাংশু প্ৰসাদ দাসলৈ ২০১৯-২০ বৰ্ষৰ যুৱ সাহিত্য বঁটা

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২১-২৩ বৰ্ষৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে খাগৰিজান মহাবিদ্যালয় অৱসৰী অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক নগাঁৱৰ ড০ সাগৰ বৰুৱা। সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী আৰু প্ৰধান সম্পাদক মিংকু কলিতাই কাকতলৈ দিয়া এক প্ৰেছ বিবৃতিত এই কথা সদৰি কৰে। উল্লেখ্য যে  Non-cooperation Movement in Assam  শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা বৰুৱাৰ ৫০ খনতকৈয়ো অধিক গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ লগতে প্ৰকাশিত গ্ৰন্থ সমূহ ক্ৰমে -ভাৰতৰ স্বাধীনতা আন্দোলনত অসম – ১ম, ২য় খণ্ড, ইতিহাস চৰ্চা, ইতিহাস আৰু ঐতিহাসিক, ইতিহাস অনুসন্ধান, কুৰি শতিকাৰ অসম আৰু লক -ডাউন, History of No- Coopeation Movement, Migration from East Bengal to Assam, Responses and Reaction, কাব্য সংকলন – তোমাৰ বাতৰি পাওঁ, নদীখনৰ পাৰলৈ যাওঁ, মন পথাৰৰ আকুলতা আদি। তদুপৰি তেখেতে Study of History in the  Twenty – First Century আৰু  Historical Studies in the Context of Globalization নামৰ গ্ৰন্থ দুখনো সম্পাদনা কৰিছে। আনহাতে একেটা বিবৃতিতে উল্লেখ কৰা অনুযায়ী সন্মিলনীৰ ২০১৯ -২০২০ বৰ্ষৰ সন্মিলনীৰ মহেশ্বৰ নাথ সোঁৱৰণী যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে সাম্প্রতিক অসমৰ বহু চৰ্চিত নাম হিমাংশু প্ৰসাদ দাসক। ১৯৮২ চনৰ ১ জানুৱাৰীত জন্মগ্রহণ কৰা হিমাংশু একেধাৰে কবি, নাট্যকাৰ, চলচ্চিত্রৰ কাহিনী, পৰিচালনা, নিৰ্মাতা হিচাপে বিশেষ ভাৱে পৰিচিত। NSD ৰ স্নাতক ডিগ্ৰীধাৰী হিমাংশু বৰ্তমানলৈকে প্ৰকাশিত কাব্যগ্রন্থ সমূহ ক্ৰমে প্ৰেম আৰু বিদ্ৰোহৰ দিনলিপি, জীৱন জিন্দাবাদ, আকৌ লগ পাম, এই ছোৱালী এবাৰ ভালপাই চাবানেকি, নাটক – মিচ ৰুক্মিণী হৰণ, মিৰাবাই, হেংদাং ফৰ চেল আদি, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু আদিৰ চলচিত্রৰ কাহনীকাৰ হিমাংশু প্ৰসাদ দাসে ২০০৩ চনতে ‘কটন কলেজ’ শীৰ্ষক দূৰদৰ্শন ধাৰাবাহিকৰ চিত্র নাট্য, সংলাপ আৰু সহ: পৰিচালক হিচাপে খোজ পেলাই পৰৱৰ্তী সময়ত বকুলতলৰ আদালত (ধাৰাবাহিক), চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু  (চলচিত্ৰ) পৰিচালনা কৰাৰ লগতে কুৰিখনৰো অধিক চিনেমা, ধাৰাবাহিকত অভিনয়, সহ: পৰিচালক, কাহিনী আদিৰ মাজেৰে নতুন প্ৰজন্মৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে। কালি ৩ জানুৱাৰীত গুৱাহাটী পাণবজাৰস্থিত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত অনুষ্ঠিত সন্মিলনীৰ বিশেষ কাৰ্য্যনিৰ্বাহ সভাত ড০ সাগৰ বৰুৱাক সন্মিলনীৰ পৰৱৰ্তী সভাপতি আৰু হিমাংশু প্ৰসাদ দাসক যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ পৰামৰ্শ ভিত্তত  মনোনিত কৰা হয় বুলি প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া। অহা ৫, ৬, ৭ ফেব্রুৱাৰীত গোলাঘাটৰ দৈয়াংত অনুষ্ঠিতব্য অসমীয়া সাহিত্য সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনত হিমাংশু প্ৰসাদ দাসক উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰিছে।

থাওৰাত কংগ্ৰেছৰ ব্যাপক গৰাখহনীয়া : বিজেপিত যোগ দিলে প্ৰাক্তন কাউঞ্চিলাৰ, জেষ্ঠ্য কংগ্ৰেছ নেতাই

আগন্তুক বিধানসভা নিৰ্বাচন এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰ্বাচনী কুজ কাৱাজ আৰম্ভ হৈছে। থাওৰাত বিজেপি দলে ইতিমধ্যে বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত নিৰ্বাচনী কামকাজ ক্ষীপ্ৰ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া । আজি থাওৰা কংগ্ৰেছৰ নজন নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। থাওৰা সমষ্টিৰ বিজেপি দলৰ বকতাস্থিত  মুখ্য কাৰ্য্যালয়ত পালেঙীৰ জেষ্ঠ্য কংগ্ৰেছ নেতা দেবেন ফুকন, অবিচি কোষৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিকাশ গগৈ, প্ৰাক্তন কাউন্সিলাৰ বসন্ত গোহাঁই, ৰাজু গোৱালা, পালেঙী মণ্ডল কংগ্ৰেছৰ নেতা যাদৱ চন্দ্ৰ গগৈ, জিতু কোঁৱৰ, প্ৰদীপ দুৱৰা, ইন্দ্ৰজিৎ গগৈ, অনিপ মেচে বিজেপিত যোগদান কৰে। সকলোকে বিধায়ক কুশল দুৱৰীয়ে দললৈ আদৰণি জনায় আৰু সমষ্টিৰ উন্নয়নত আগভাগ ল’বলৈ আহ্বান জনায়। পাৰিজাত গাওঁ পঞ্চায়তৰ সভাপতি নৱৰঞ্জন মহনে আঁতধৰা সভাত বিজেপি বকতা মণ্ডলৰ সভাপতি, অমিয় কোঁৱৰ, নিতাই পানীদিহিং মণ্ডলৰ সভাপতি নবীন গগৈকে ধৰি ভালেসংখ্যক বিজেপি দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।

৮জানুৱাৰীত মৰিগাঁও আছুৰ উনবিংশ তম অধিৱেশন

সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম্ অধিৱেশন খনি অহা ৮ জানুৱাৰীত মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়াকৈ অনুষ্ঠিত হ’ব। মৰিগাওঁ সদৰ ছাত্ৰ সন্থাৰ উদ্যেগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হবলগীয়া অধিৱেশন খনি সূচাৰুৰূপে চলাই নিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।জিলা আছুৰ কাৰ্যালয়ত আজি দিনৰ ভাগত অনুষ্ঠিত হোৱা সভাত দেৱেশ্বৰ গোস্বামীক সভাপতি,অতনু শৰ্মাক কাৰ্যকৰী সভাপতি , ৰূপজ্যেতি মেধী আৰু লোকেন্দ্ৰ চেত্ৰীক যুটীয়া সাধাৰণ সম্পাদক, সহ: সাধাৰণ সম্পাদক তিনিজন ক্ৰমে– কমল মহন্ত, পুঞ্জজ্যোতি মেধী, প্ৰণৱজ্যোতি বৰ্মণৰ লগতে নৱ ৰাজন আৰু কুঞ্জ বৰাকস্মৃতি গ্ৰন্থৰ দুই সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি আজি গঠন কৰা হয়। ইফালে, মৰিগাওঁ সদৰ ছাত্ৰ সন্থাৰ আতিথ্যত ৮জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম্ অধিৱেশনখনিত উত্তৰ পূৰ্ৱাঞ্চলৰ ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যেতি বৰুৱাই অংশ গ্ৰহণ কৰিব বুলি জিলা আছুৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এক বিবৃতি যোগে জানিবলৈ দিয়ে।

পশ্চিম কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীত ভূলকৈ পৰিবেশন কৰিলে শিক্ষা বিষয়াই

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত ৱাইচং ষ্টেডিয়ামত দেওবাৰে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ড° বানীকান্ত কাকতি সোঁৱৰনী মেধা বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ পাৰ্বত্য জিলাখনৰ ৪৭ গৰাকী মেধাবী ছাত্ৰীয়ে বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে  প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে আজি অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ষ্টুটি প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে’, বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে ৷ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ তত্বাৱধানত আয়োজন কৰা অনুষ্ঠানটিত সৰ্বশিক্ষাৰ জিলা মিছন সমন্বয়ক হাকিম ৰংপিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি সাংঘাতিকভাৱে ভূলকৈ পৰিবেশন কৰি হাঁহিয়তাৰ পাত্ৰ হৈ পৰে ৷ উল্লেখযোগ্য যে এগৰাকী শিক্ষা বিষয়াই যদি সাধাৰণ ৰাষ্ট্ৰীয় সংগীতটিও শুদ্ধকৈ পৰিবেশন কৰিব নোৱাৰে তেন্তে কেনেদৰে এখন জিলাৰ সৰ্বশিক্ষাৰ দায়িত্ব লাভ কৰিছে বা তেওঁলোকৰ পৰা জিলাখনৰ শিক্ষাখণ্ডত কিবা উন্নতি হ’বনে বুলি তীব্ৰ সমালোচনা কৰে সচেতন মহলে ৷ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকা সভাখনিত ভূলকৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব ৷

বৰপেটাত শক্তি প্ৰদৰ্শণৰ যৎপৰোনাস্তি প্ৰচেষ্টা অগপৰ

বৰপেটাত আজি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী

নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে । অন্যান্য দলৰ দৰে বৰপেটাতো অগপই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । ভোটাৰ ৰাইজক আকৃষ্ট কৰি বিপৰীত পক্ষক ভেটিবলৈ অগপই কঁকালত বান্ধিছে টঙালি । কাইলৈ দিনৰ ১১ বজাত বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম গণ পৰিষদে ” জাতীয় ঐক্য সমাৰোহ ” নামেৰে এক বিশাল সমাৰোহৰ আয়োজন কৰা হৈছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰপেটা বিধানসভা সমষ্টি সমিতিৰ সহযোগত অনুষ্ঠিত হব লগা এই সমাৰোহত অগপৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা জল সম্পদ আৰু বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, যোগান মন্ত্ৰী ফণীভূষণ দাসৰ লগতে দলটোৰ কেইবাগৰাকী জ্যোষ্ঠ নেতাই অংশগ্ৰহন কৰিব। উক্ত নেতৃবৃন্দক বৰপেটাৰ ভেল্লাৰ পৰা ৫০০ শ বাইকেৰে আদৰি আনিব বুলি জানিব পৰা গৈছে। উক্ত সমাৰোহৰ পিছতে বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদং বজাৰত উপস্থিত হব মন্ত্ৰী কেশৱ মহন্তই । তাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ স্ব‌অগ্ৰাধিকাৰ প্ৰাপ্ত আঁচনিৰ বানপানীত হোৱা ক্ষয়ক্ষতি মেৰামতি শিতানৰ ১৬.৩১ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । এই আঁচনিখনৰ জৰিয়তে মৰাচাউলখোৱা নদীৰ ৫.৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি মেৰামতিৰ কৰা কামৰ আধাৰশিলা স্থাপন কৰিব তেওঁ । ইয়াৰ সৈতে সংগতি ৰাখি  আবেলি ৩ বজাত উক্ত স্থানতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত হব।

আন্তঃজিলা ভাৰোত্তোলনত দিখৌমুখ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ পাঁচটা সোণ

হেল্থ এণ্ড এথলেটিক্ছ ক্লাব, দিখৌমুখৰ চাৰিগৰাকী ভাৰোত্তোলকে হাফলঙত সদ্যসমাপ্ত ৪৮ সংখ্যক  আন্তঃজিলা ভাৰোত্তোলনত ৫ টাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ক্লাবৰ তাৰকা উত্তোলক তথা আন্তৰাষ্ট্ৰীয় পদকজয়ী ভাৰোত্তোলক বৰ্ণালী বৰাই ছোৱালীৰ ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা পৰ্যায়ত ৫৫ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰাৰ লগতে ছিনিয় আৰু জুনিয়ৰ ছোৱালীৰ শ্ৰেষ্ঠ উত্তোলকৰ খিতাপ অৰ্জন কৰিছে ৷ সংগীতা সাধনীদাৰে যুৱ আৰু জুনিয়ৰত ৬৪ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰিবলৈ সক্ষদ হয়৷ গৌৰাঙ্গ বৰাই লৰাৰ  ছিনিয়ৰৰ ৯৬ কিঃ গ্ৰাঃ ওজন শাখাত সোণ আৰু মাৰ্টিনা মিলিয়ে যুৱৰ ৫৫ কিঃ গ্ৰাঃ শাখাত ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয়৷ ছাৰিও গৰাকী উত্তোলকে শিৱসাগৰ জিলা দলক প্ৰতিনিধিত্ব কৰিছিল৷ উল্লেখ্য, ক্লাবৰ মুখ্য প্ৰশিক্ষক , শাৰিৰীক নিৰ্দেশক তথা আন্তৰাষ্ট্ৰীয় যোগ গুৰু শৰৎ মোহন নেওগৰ তত্ত্বাৱধানত ইতিমধ্যে ক্লাবৰ কেইবাগৰাকী উত্তোলকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে ৷ ক্লাবৰ হৈ সভাপতি সত্যজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই এই সাফল্যৰ বাবে আটাইকেইগৰাকী খেলুৱৈক অভিনন্দন জনাইছে৷ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ মুখ্য পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিৰ লগতে ক্লাবৰ পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে খেলুৱৈকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে৷ স্মৰ্ত্তব্য, ক্লাবটোৱে বিগত দুই দশকৰো অধিক কাল বৃহত্তৰ গ্ৰামাঞ্চলটোত লৌহ ক্ৰীড়াৰ প্ৰসাৰৰ লক্ষ্যৰে কাম কৰি আহিছে৷

সোণতলীত প্ৰাইজমানি ভলীবলত শ্ৰেষ্ঠ আৰাফা ৰয়েল একাডেমী

প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈ ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনোদ চৌধুৰী

দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত যোৱা ১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দিবা নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগীৰ চূড়ান্ত খেল যোৱা নিশা অনুষ্ঠিত হৈ যায় ৷ সোণতলীৰ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ উদ্যোগত আৰু আৰাফা ৰয়েল একাডেমীৰ সহযোগত একাডেমীৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাৰ চূড়ান্ত খেল আৰাফা ৰয়েল একাডেমী আৰু আৰিয়ানছ গ্ৰুপৰ মাজত অনুষ্ঠিত হয় ৷ প্ৰতিযোগীতাত আৰাফা ৰয়েল একাডেমীয়ে বিজয়ী হোৱাৰ বিপৰীতে প্ৰতিযোগীতাত ৰাণাৰ্চ আপ হয় আৰিয়ানছ গ্ৰুপ ৷ ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনোদ চৌধুৰীয়ে আৰাফা ৰয়েল একাডেমীৰ হৈ খেলি প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ৷ প্ৰতিযোগীতাৰ চূড়ান্ত খেলৰ অন্তত আৰাফা ৰয়েল একাডেমীৰ খেল পথাৰতে মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ সভাপতি নুৰ আলম খানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি ও বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাৱৰ সম্পাদক ৰহমত উল্লাহ ৷ উক্ত সভাতেই প্ৰতিযোগীতাৰ বিজয়ী আৰু ৰাণাৰ্চ আপ দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ সভাত প্ৰাক্তন ডি এফ অ ভৱেশ দাসৰ লগতে স্থানীয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷

বিজুলীবন আৰক্ষী চকীত উদণ্ড যুৱকৰ প্ৰহাৰত দুগৰাকী কনিষ্ঠবল আহত

যোৱা ০৩ জানুৱাৰীৰ আবেলি তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অধীনস্থ তথা ফিল’বাৰীৰ বিজুলীবন আৰক্ষী চকীত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণ অনুসৰি বিজুলীবন গাঁও পঞ্চায়তৰ অধীনৰ মইলাপুঙ গাঁৱৰ  অনন্ত দাং (ঐৰাম) নামৰ লোকজনে নিচাসক্ত অৱস্থাত ব্যক্তিগত বাহনেৰে বিজুলীবন আৰক্ষী চকীৰ সন্মুখৰ  ফিল’বাৰী পেঙেৰী ঘাইপথৰ কাষত স্থাপন কৰা  আৰক্ষী চকীৰ সুৰক্ষাৰ বেৰিকেত ভাঙে আৰু আৰক্ষী চকী খনত কৰ্তব্যৰত   দুগৰাকী   আৰক্ষী  জোৱানক প্ৰহাৰ কৰে। আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰিয়েই ক্ষান্ত নাথাকি নিচাসক্ত উদণ্ড অনন্ত দাঙে অশ্লীল ভাষাৰে গালি বর্ষণ কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষী জোৱান দুজনক প্ৰাণে  মৰাৰ ভাবুকি প্ৰদানৰ   অভিযোগ কৰিছে বিজুলীবন আৰক্ষী চকীৰ আৰক্ষীয়ে। চকীখনৰ ভাৰপ্ৰাপ্ত কৰ্মীয়ে এই সন্দৰ্ভত তৎক্ষনাত পেঙেৰী আৰক্ষী থানাৰ বিষয়া  শ্ৰীকুমাৰ নেওগক ফোনযোগে অভিযোগ কৰাত   আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সমগ্ৰ ঘটনাৰাজী চৰজমিন তদন্ত আৰম্ভ কৰিছে । ইফালে , দীৰ্ঘদিনৰ পৰা অনন্ত দাঙে কানি , অৰুণাচলী মদ, চুলাই আদিৰ ব্যৱসায় চলাই থকাৰ অভিযোগ  ব্যক্ত কৰিছে বিজুলীবন  আৰক্ষীয়ে। আৰক্ষীৰ অভিযোগ অনুসৰি,  অনন্ত দাং নামৰ উদণ্ড লোকজনে  এ-এচ ২৩ এন ৫৭০৫ পঞ্জীয়ন নম্বৰৰ ব্যক্তিগত  বাহনখনত  অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা কঢ়িয়াই আনিছিল।  কৰ্তব্যৰত আৰক্ষীয়ে সেই বাহন  খনত তালাচী চলাবলৈ বিচৰাত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত কৰিয়েই অবৈধ মাদক দ্ৰৱ্য বেপাৰীটোৱে পলায়ন কৰে।   আৰক্ষী সূত্ৰ অনুসৰি, এই ঘটনাত অশোক ডেকা আৰু উদিপ নাথ  নামৰ দুজন আৰক্ষী জোৱান আহত হৈছে। ইতিমধ্যে আহত দুয়োগৰাকী আৰক্ষীক  ফিল’বাৰী আদৰ্শ চিকিৎসালয়ত  স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।  খবৰ অনুসৰি আহত দুয়ো  আৰক্ষীয়ে  ঘটনাৰ সংক্ৰান্তত পেঙেৰী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত  ১/২০২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।  আৰক্ষীয়ে  অনন্ত দাঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখাৰ সময়লৈকে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। আৰক্ষী আৰু অবৈধ মদ, কানীৰ ব্যৱসায়ীৰ  মাজৰ  মুুকলি সংঘাতৰ খবৰে সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।