Home Blog Page 3084

বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : পিষ্টল দেখুৱাই লুটিলে চাৰি লক্ষাধিক টকা

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ এটা পেট্ৰল ডিপোত যোৱানিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে কালি নিশা প্ৰায় ৯ মান বজাত জিলাখনৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বাংনাবাৰীত থকা এম এছ এইছ পি বাংচিয়াৰী ফুৱেল ষ্টেচন নামৰ পেট্ৰল ডিপোলৈ আহে দুই বাইক আৰোহী। হঠাৎ পেট্ৰল ডিপোটোৰ স্বত্বাধিকাৰী মকুন্দ বাংচিয়াৰীক উক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰা লগতে পিষ্টল দেখুৱাই দুই জাঁই গুলী ফুটাই কেচ কাউন্টাৰৰ পৰা নগদ চাৰি লক্ষাধিক টকা কাঢ়ি লৈ যায়। এই ঘটনাৰ পিছতে  বাক্সা আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। বাতৰি লিখা পৰলৈ আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বাইক ৰেলি

কা আমি নামানো, কা অসমীয়াই নামানে, দে খেদি দে বাংলাদেশী খেদি দে ‌ আদি স্লোগানেৰে তীব্ৰ প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক বাইক‌ ৰেলি উলিয়াই টংলা চহৰৰ লগতে টংলাৰ নিকতৱৰ্তী বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ‌ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যৰ লগতে ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু টংলা আঞ্চলিক ছাত্ৰ সন্থাৰবিষয়ববীয়া সকল। বাইক ৰেলীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ‌ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই ‌কয় যে,এই নাগৰিকত্ব সংশোধনী আইন খন অসাংবিধানীক , অগণতান্ত্ৰিক । অবৈধ বাংলাদেশী বোজা জাপি দিব খোজা নাগৰিকত্ব সংশোধনী আইন খন আমি অসমৰ জনগণ আৰু সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লব নোৱাৰো। বিজেপি নেত্ৰাধিন চৰকাৰ খনে যিখন আইন প্ৰণয়ন কৰিছে এয়া অসমৰ জনগণই কেতিয়াও মানি নলয়।

বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় জনজাতি উন্নয়ন প্ৰৰিক্ৰমা মন্ত্ৰী অৰ্জ্জুন মুন্ডা

ওদালগুৰি জিলা সমিত্ৰ উদ্যোগত ননৈ ছেৰফাং সমষ্টিৰ সৌজনত সমাগত বিধান সভা নিৰ্বাচন বাবে ৬৪ নং পানেৰী বিধান সভাৰ বিজেপি-ইউপিপিএল – এজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী সমৰ্থন ১৯ মাৰ্চ তাৰিখৈ সমষ্টি টোৰ অন্তৰ্গত ওৰাঙ্গাজুলিত এখহ্মনি নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত হয। জিলা বৌধিক বিকাশ কোষৰ সহকাৰী সম্মন্ধৰক্ষী বিকন ডেকাই আত ধৰা সভা খমত আমন্ত্ৰিত মুখ্য বক্তা ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন প্ৰৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ঝাৰখন্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অৰ্জ্জুন মুন্ডা , মঙ্গলদৈ লোকসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিটিচি পৰিষদীয় কাৰ্য্যবাহী সদস্য সন্জিত তান্তী আৰু অৰুপ ৰয়, প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ শান্তিয়াছ কুজুৰ, জিলা সভাপতি কাৰ্তিক চম্দ্ৰ বড়ো, ৰাজ্যিক নেতা কিশোৰ উপাধ্যায়, ইউপিপিএল জিলা সদস্য কৃষ্ণ গিৰী, এজেপি প্ৰমোদ হাজৰিকা, সুজিত সৰকাৰ, জৌংশ্ৰা বড়ো, অৰ্জ্জুন দৈমাৰী, জোনমনি শইকীয়াৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী কৰ্মকৰ্তাৰ লগতে অঞ্চলৰ স্থানীয় বহু লোক উপস্থিত থাকে। সভাত জনতাক সম্বোধন কৰি কেন্দ্ৰীয়  মন্ত্ৰী গৰাকীয়ে কয় যে অসমত এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত । উল্লেখযোগ্য যে বিগত বৰ্ষ কেইটাত কেন্দ্ৰই অসমত আদিবাসী উন্নয়ন পুঁজিলৈ ৭০০ কোটিতকৈও অধিক ধন আবন্তন কৰাৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰন প্ৰক্ৰিয়া চলি আছে  বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । আনহাতে সাংসদ দিলিপ শইকীয়াই সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰা ভাষ্যক কটাক্ষ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা আমেৰিকা, লণ্ডন জাপান সকলোতে যাব পাৰিব কিন্তু হাগ্ৰামা মহিলাৰীৰk বিটিচিত সোমোৱাই কঠিন হৈ পৰিব তেওঁ যদি বেছি দুৰলৈ যাব খোজে অকল বাংলাদেশত হে যাব পাৰিব । লগতে বিটিচি একাংশ যুবকে অস্ত্ৰ তুলি লোৱা কাৰ্য্যক সহজ ভাবে লব পৰা নাই। তেওঁ সেয় সকল যুবকৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে সামাজিক জীবনলৈ ঘুৰি আহিবলৈ আহ্বান জনায়।

নাজিৰাত দুবছৰত বৃদ্ধি পালে ১১,২২৮ জন ভোটাৰ , ৩০ টা ভোট কেন্দ্ৰ

অসমৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নাজিৰা মহকুমা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিভাগে অতি নিয়াৰিকৈ প্ৰস্তুতি চলাইছে । ১০৪ নং নাজিৰা বিধান সভা সমষ্টিটো ৪ টা মণ্ডলত ভাগ কৰি ৪ জন মাণ্ডলিক বিষয়া আৰু ১৮ জনকৈ ছেক্টৰ বিষয়া নিযুক্ত কৰিছে । আনহাতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰিবৰ বাবে ১৯৪ টা ভোটকেন্দ্ৰৰ বাবে ২৩৪ গৰাকী প্ৰিজাইডিং বিষয়া নাজিৰা জিলা নিৰ্বাচন বিভাগে নিযুক্তি দিয়াৰ উপৰি ৬৯৯ জন প’লিং বিষয়া নিযুক্তি দিছে । ইতিমধ্যে ৪ টা পৰ্যায়ত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰশিক্ষণ সামৰণি পৰিছে । নিৰ্বাচনী বিভাগে ভোট গ্ৰহণ বিষয়া আৰু অন্যান্য সকলৰ যাতায়তৰ  কাৰণে ইতিমধ্যে প্ৰয়োজনীয় যান – বাহন অধিগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, নাজিৰা বিধান সভা সমষ্টিত পূৰ্বৰ ১৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱৰ্তে এইবাৰ নিৰ্বাচনত ৩০ টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাকে ধৰি মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হ’ল ১৯৪ টা । কৰ’নাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি মহকুমা প্ৰশাসনে এহেজাৰতকৈ অধিক ভোটাৰ থকা কেন্দ্ৰ সমূহত অতিৰিক্ত সংযোগেৰে ৩০ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে ভোটাৰৰ সুবিধাৰ বাবে । চলিত মাহৰ ১০ তাৰিখলৈকে ভোটাৰ তালিকা শুধৰণিৰ পিছত বৰ্তমান নাজিৰা সমষ্টিৰ মুঠ ভোটাৰ হ’ল ১,৩৩,৬৬৮ জন । ইয়াৰে পুৰুষ ভোটাৰ ৬৬,৯৭৮ জন আৰু মহিলা ভোটাৰ হ’ল ৬৬,৬৯০ গৰাকী । আনহাতে ছাৰ্ভিচ ভোটাৰ হ’ল ৩০৬ জন । উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ ভোটাৰ আছিল ১,২২,৪৪০ জন আৰু ২০২১ চনৰ নিৰ্বাচনত মুঠ ভোটাৰ হ’ল ১,৩৩,৬৬৮ জন । অৰ্থাৎ দুবছৰত নাজিৰাত ভোটাৰ বৃদ্ধি পালে ১১,২২৮ জন । অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণৰ সময়ত যাতে শান্তিপূৰ্ণ পৰিৱেশ বাহাল থাকে তাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজলৈ সহযোগিতা আগবঢ়াৱৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই ৰাইজলৈ গোহাঁৰি জনাইছে । 

২১ মাৰ্চত আন্তৰ্জাতিক চলচ্চিত্ৰ শিল্পী আদিল হুছেইনলৈ পি এইচ ডি প্ৰদান

২১ মাৰ্চত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত আন্তৰ্জাতিক চলচ্চিত্ৰ আৰু থিয়েটাৰ শিল্পী আদিল হুছেইনক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হ’ব।

২০ মাৰ্চত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি কৰিব ৰাহুল গান্ধীয়ে

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ইস্তাহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) ।

দলটোৰ ইস্তাহাৰ ২০ মাৰ্চ অৰ্থাৎ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব।

কামৰূপত নিৰ্বাচন পৰ্যবেক্ষকৰ সৈতে জিলা নিৰ্বাচন বিষয়া, আৰক্ষী অধীক্ষক আৰু নিৰ্বাচনী কোষৰ বিষয়ববীয়াৰ সভা

কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৪৮ নং বকো (অনুসুচিত জাতিৰ বাবে সংৰক্ষিত), ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষকসকল আৰু আৰক্ষী পৰ্যবেক্ষক  ক্ৰমে পবিত্ৰ মণ্ডল,  ডঃ  মিত্ৰা টি, দয়ানন্দ মিশ্ৰ, ডঃ চন্দ্ৰশেখৰ কুমাৰ আৰু ৰঞ্জন কুমাৰ শৰ্মাই আজি কামৰূপ জিলাৰ উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হৈ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়কে প্ৰমুখ্য কৰি ৰিটানিং বিষয়া, সহকাৰী ৰিটানিং বিষয়া  আৰু নিৰ্বাচনী কোষ সমূহৰ বিষয়ববীয়া সকলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰে। সভাত জিলা নিৰ্বাচন বিষয়া কৈলাশ কাৰ্তিক এনে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত কামৰূপ নিৰ্বাচন জিলাৰ চাৰিটা সমষ্টিত গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে নিৰ্বাচনী পৰ্যবেক্ষক কেইগৰাকীক বিস্তৃত ভাবে অবগত কৰে । জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভোট গ্ৰহণ কেন্দ্ৰত গ্ৰহণ কৰা ব্যৱস্থা, নিৰ্বাচনত নিয়োজিত হবলগীয়া বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ, পোষ্টেল বেলট, আদৰ্শ আচৰণ বিধি, মিডিয়া মনিটৰিং, ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ আৰু দিব্যাংগ ভোটাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, কভিড প্ৰটোকল, মডেল ভোট গ্ৰহণ কেন্দ্ৰ আৰু ভোটাৰ সজাগতা অভিযান, পৰিবহন ব্যৱস্থা আদিৰ বিষয়ে নিৰ্বাচন পৰ্যবেক্ষক সকলক বিতং ভাবে জানিবলৈ দিয়ে । 
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়েও সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গ্রহণ কৰা ব্যৱস্থাবলীৰ বিষয়ে ব্যাখ্যা কৰে । নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে সভাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি বিভিন্ন নিৰ্বাচনী কোষৰ নডেল বিষয়া হিচাপে দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়া সকলৰ পৰা কোষ সমূহৰ কাম-কাজৰ বুজ লয় আৰু বিভিন্ন পৰামৰ্শ আগবঢ়ায় । হাজো সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক  ডঃ চন্দ্ৰশেখৰ কুমাৰে নিৰ্বাচনত কভিড-১৯ ৰ প্ৰটোকল সম্পূৰ্ণৰূপে মানি চলাৰ ওপৰত গুৰুত্ব দিয়ে । নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি যাতে কোনো কাৰণতে উলংঘন নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সভাত পৰামৰ্শ দিয়ে । আৰক্ষী পৰ্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মাই আৰক্ষীয়ে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে আলোচনা কৰে । নিৰ্বাচনী পৰ্যবেক্ষক কেইগৰাকীয়ে আজি সমষ্টি কেইটাৰ জোনেল আৰু ছেক্টৰ অফিচাৰ সকলৰ সৈতেও এক সুকীয়া সভাত মিলিত হৈ নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে ।

সাগৰসদৃশ বিশাল জনতাৰ সমদলেৰে গৈ ড° হিমন্ত বিশ্ব শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰে

মনোনয়ন দাখিলৰ সময়ত তেওঁক অসংখ্য জনতাই সংগ দিয়ে।

বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ ৰোড শ্ব’ কৰে।হাজাৰ হাজাৰ সমৰ্থকক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ সময়ত তেওঁক অসংখ্য জনতাই সংগ দিয়ে।’আমি হিমন্ত বিশ্ব শৰ্মাক ভালপাওঁ। আমি তেওঁক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পুনৰ জিকাম। জালুকবাৰীৰ এজন ভোটাৰে এই মন্তব্য কৰে।’জালুকবাৰীত ড° শৰ্মাৰ বিৰুদ্ধে কোনো প্ৰতিযোগী নাই’- আন এজন জালুকবাৰী সমষ্টিৰ ব্যক্তিয়ে কয়।

বিৰোধীক নিদ্ৰাহৰণ কৰি নিৰ্বাচনী প্ৰচাৰত অ,জা,পৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱ

তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা সমষ্টিত বিৰোধীক শংকিত কৰি  প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে অ,জা,পৰ প্ৰাৰ্থী সঞ্জয় দেৱে৷ একপ্ৰকাৰে দিন ৰাতি একাকাৰ কৰি দৈনিক শতাধিক সমৰ্থকক লৈ প্ৰচাৰ অভিযান অ,জা,পৰ প্ৰাৰ্থী গৰাকীৰ৷ অ,জা,পৰ কেন্দ্ৰীয় সম্পাদক তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱৰ এনে প্ৰচাৰ অভিযান দেখি একপ্ৰকাৰৰ নিদ্ৰাহৰণ কৰিছে বিজেপিৰ আৰু কংগ্ৰেছ দলৰ  প্ৰাৰ্থীৰ৷ কেইবাটাও  গোটত বিভক্ত হৈ প্ৰাৰ্থীৰ গৰাকীৰ বাবে প্ৰচাৰ চলাইছে দলীয় কৰ্মকৰ্তাই৷ প্ৰাক্তন বিজেপিৰ নেতা তথা দক্ষ্য ৰাজনীতিবিদ জনৰ ৰণনীতিত বিপক্ষ থানবান হৈ পৰিছে৷ মধুৰভাষী তথা আৰ্কষনীয় ভাষ্য প্ৰদান কৰিব পৰা দক্ষ ৰাজনীতিবিদজনৰ প্ৰভাৱশালী প্ৰচাৰত বিপক্ষ এক প্ৰকাৰ ধৰাসৰি হৈ পৰিছে৷ দৈনিক ২০ ৰ পৰা ২৫ খন নিৰ্বাচনী সভা অনুষ্টিত কৰি  গৈছে ৷ প্ৰতিখন নিৰ্বাচনী সভাত ৰাইজৰ স্বৰ্তস্ফুৰ্ত অংশ গ্ৰহণ আৰু ৰাইজৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে৷ যাৰ বাবে সমগ্ৰ সমষ্টিটোতে বলিছে নিৰ্বাচনী গৰম বতাহ আৰু এই বতাহত চৌদিশে ভাঁহি উঠিছে কেৱল নীলা পতাকা আৰু  সঞ্জয় কুমাৰ দেৱৰ জয় যাত্ৰা৷যাৰ বাবে দল ত্যাগ কৰি দৈনিক বিভিন্ন দল সংগঠনৰ পৰা অ,জা,প লৈ আগমন ঘটিছে শ শ  কৰ্মী৷ মুঠৰ ওপৰত প্ৰাৰ্থীজনে নিদ্ৰা হৰণ কৰিছে বিপক্ষক৷

মাজুলীত কংগ্ৰেছৰ প্ৰচাৰ সভাৰ দিনাই কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে-লগে ৯৯ নং মাজুলী বিধান সভা (এচ টি) সমষ্টিত ৰাজনৈতিক দল সমূহে গাঁৱে-ভূঞে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ উল্লেখ যে এইবাৰ সমষ্টিটোৰ পৰা মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ৷  পূৰ্বৰ তুলনাত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত কৰিবলৈ ইতিমধ্যে সমষ্টিৰ তিনিও দলৰ নেতা-কৰ্মীৰ লগতে বিজেপি দলৰ মুখপাত্ৰ সুভাষ দত্ত , ড° প্ৰকাশ কাশ্যপ , ভূৱন গাম আদিয়ে প্ৰচাৰ জোৰদাৰ গতিত চলাইছে ৷ যোৱা ১৮ মাৰ্চত ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছতে আজি কংগ্ৰেছ দলৰ প্ৰতি মোহভঙ্গ হৈ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ত নিত্যা বৰুৱা সহ অৰ্দ্ধশতাধিক কৰ্মীয়ে গেৰুৱা বসন পিন্ধে ৷ যোগদান কৰি বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মাজুলীৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ প্ৰতি আস্থা ব্যক্ত কৰাৰ কথা প্ৰকাশ কৰে ৷ ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বাঘেলে ভাষণ প্ৰদান কৰি থকা সময়ত কেইছেকেণ্ডমান অনুভাষ যন্ত্ৰৰ বিজুতিৰ বাবে ক্ষন্তেক ৰ’ব লগীয়া হৈছিল ৷ উক্ত সময়ছোৱাত চক্ৰান্ত কৰি বিজেপিয়ে বিদ্যুত কৰ্তন কৰা বুলি অভিযোগ অনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ড°কাশ্যপে এইয়া কংগ্ৰেছৰ নিকৃষ্ট মানসিকতা ৷ তেওঁ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মাজুলীত দ্ৰুত উন্নয়ন হোৱা বুলি কৈ কংগ্ৰেছে উন্নয়ন হোৱা নাই বুলি কোৱাটো পৰিতাপৰ কথা ৷ যিগৰাকী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আৰু একালৰ মন্ত্ৰী ৰাজীৱ লোচন পেগুক প্ৰত্যাহ্বান জনায় কয় তেওঁৰ কাৰ্যকালত নিজৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ কৰিব নোৱাৰিলে , নিজৰ ওচৰতে থকা চিকিৎসালয়ৰ উন্নয়ন কৰিব নোৱাৰিলে , এথেনিক ভিলেজৰ নিৰ্মাণৰ নামত লাখ-লাখ টকা হৰলুকি কৰাৰ সুবিধা দি নিৰ্মাণ কাৰ্য আধৰুৱা কৰিলে , ঘৰৰ ওচৰতে হোৱা খেৰকতীয়াৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰিলে ৷ যিবোৰ কাম এতিয়া বিজেপি চৰকাৰে কৰিব লগীয়া হ’ল ৷ এতিয়া নিৰ্বাচনত হাৰিম বুলি জানিব পাৰি কংগ্ৰেছে আবোলতাবোল কৈছে বুলি কয় ৷ তেওঁ কয় যে মাজুলীৰ ৰাইজে উন্নয়ন প্ৰত্যেক্ষ কৰিছে আৰু উন্নয়নৰ স্বাৰ্থতে এতিয়া কংগ্ৰেছত খহনীয়া হোৱা বুলি উল্লেখ কৰে ৷ যোগদান কৰা সকলক দললৈ আদৰণি জনায় দলীয় গামোচা পিন্ধাই প্ৰাক্তন সভাপতি দীপক গোস্বামীয়ে সকলোকে নিস্বাৰ্থ ভাৱে দলক শক্তিশালী কৰিবলৈ আহবান জনায় ৷ জিলা সম্পাদক দেৱব্ৰত দত্তই মাজুলীবাসীক মিছা কথাৰে কেতিয়াও প্ৰলোভিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি ২৭ মাৰ্চত কংগ্ৰেছক যোগ্য উত্তৰ দিব বুলি কয় ৷ ১৮ মাৰ্চত গড়মূৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে মাজুলীৰ উন্নয়ন হোৱা নাই বুলি আস্ফালন কৰি থকা সময়তে মাজুলীৰ প্ৰবীন কংগ্ৰেছী নেতা প্ৰয়াত চাৰু চন্দ্ৰ কাকতিৰ দুই বোৱাৰী , পুত্ৰ , নাতি সহ ছয় গৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান ক”ৰে ৷ তেওঁলোক হ’ল -ৰূপা কাকতি , অভিজিত কাকতি , ৰবীন কাকতি , ৰূপামণি কাকতি আৰু পৰিয়ালটোত সৰুৰ পৰাই থকা জুটালা মাহাতু আৰু ৰিতুমণি মাহাটু ৷ ইফালে উক্ত দিনাই দক্ষিণপাটত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় ফিটা কাটি উদ্ধোধন কৰে প্ৰাক্তন জিলা বিজেপিৰ সভাপতি দীপক গোস্বামীয়ে ৷ অনুষ্ঠানত দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত কংগ্ৰেছ দলৰ ২০ গৰাকী কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷