Home Blog Page 3084

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত টংলা মহাবিদ্যালয়ত বাণীকান্ত কাকতি মেধা বঁটা বৈদ্যুতিক স্কুটাৰ প্ৰদান

ওদালগুৰি জিলাৰ সৰ্বমুঠ ৪২৩ গৰাকী ছাত্রীক বৈদ্যুতিক স্কুটাৰ প্ৰদান

ৰবিবাৰে ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয় প্ৰাঙ্গনত ‘প্ৰজ্ঞান ভাৰতী আঁচনি অধীনৰ ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰীসকলৈ অনুষ্ঠানিক ভাৱে বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰে। 

বৈদ্যুতিক স্কুটাৰ প্ৰদান অনুষ্ঠানত বিটিচিৰ উপঃ মূখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, ভেৰগাঁৱ মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্র ব্ৰাহ্ম, হৰিশিঙা ৰাজহ চক্ৰ বিষয়া ৰিতুত্তম বড়া, বিটিচিৰ ইএম দিগন্ত বৰুৱা, ভেৰগাৱৰ এম চি এল এ দাওবৈছা বড়ো, ননৈ চেৰফাংঙৰ এম চি এল এ, সঞ্জীব তাতী, খালীংদুৱাৰপ এম চি এল এ দিলীপ বড়ো, আদি উপস্থিত থকাৰ লগতে টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিভিন্ন বিষয়ৰ অধ্যাপক প্ৰবক্তা সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিটিচিৰ উপঃ মূখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে ।

নলবাৰীৰ ধমধমা আঞ্চলিক কলেজত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

যিকোনো বিপদকালিন সময়ত দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ প্ৰাংগনত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় ১৫০০ স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।

জুবিন গাৰ্গক চূড়ান্ত অপমান অৰুণাচল প্ৰশাসনৰ

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ, কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং : আজি পৰ্যন্ত হৈ নুঠিল জুবিন গাৰ্গ দলং

অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং ৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি শ্ৰমদানেৰে নিৰ্মান কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন  ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা ৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সতে ৷ কিন্তু সকলো কাম কাজ অসম সৈতে, ভোটাধিকাৰো অসমতে । সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা । ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও ৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হবলৈ ধৰিলে ৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন ৷  কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়ত কৰি আহিছে  টুলোঙা নাৱেৰে ৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিছিন্ন হৈ পৰে বহি: জগতৰ লগত ৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মানৰ সপোন দেখিলে ৷ এক সহমতত উপনিত হৈ গঁঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্ধোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল ৷ সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথ সমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মতব্য যে, লকডাউনৰ গইনা লৈ বিগত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দি চূড়ান্তভাৱে অপমান কৰিছিল নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক। ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু লকডাউন খোলাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ দলঙৰ কাম আৰম্ভ কৰা দেখা নগল ?  ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবলৈ অৰুণাচল প্ৰশাসনে কত অধিকাৰ পালে সেয়া এক ডাঙৰ প্ৰশ্ন? ইয়াক লৈ কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰা হল নে ? তাক লৈ এতিয়া ৰাইজৰ মাজত সৰৱ চৰ্চা চলা পৰিলক্ষিত হয় ।   এই ক্ষেত্ৰত অসম প্ৰশাসনে অনাগত দিনত কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব । হ’বনে এতিয়া সকলোৰে আশাৰ দলঙখন  ?

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধকত অনুমোদন

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধক কোভেক্সিন বিশেষ পৰিস্থিতিত জৰুৰী ভাৱে প্ৰয়োগ কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বিশেষজ্ঞ সকলে অনুমোদন জনাইছে।

কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন

গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ : কভিড প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলনমূলক ‘ড্ৰাই ৰাণ’ শনিবাৰে গুৱাহাটী মহানগৰীৰ তিনিটাকৈ কেন্দ্ৰত সফলভাৱে সম্পন্ন হৈ যায়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত পুৱাৰ ভাগৰ পৰা এই ড্ৰাই ৰাণ আৰম্ভ কৰা হয়৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডাঃ লক্ষ্মণন এছে জিএমচিএইছ আৰু খানাপাৰাত ড্ৰাই ৰাণৰ তদাৰক কৰে৷ জিএমচিএইছৰ অনুশীলনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য আৰু অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰাও উপস্থিত থাকে৷

খানাপাৰাত উপস্থিত থাকে সাৰ্বজনীন প্ৰতিষেধক প্ৰদান আঁচনিৰ যুটীয়া সঞ্চালিকা ডা° বিনীতা গোস্বামী৷ সোণাপুৰত স্বাস্থ্য সঞ্চালক মুনীন্দ্ৰ নাথ নাগাটে আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়াই এই মক ড্ৰিলৰ তদাৰক কৰে৷

জিলা প্ৰতিষেধক বিষয়া আৰু UNICEF, FPIUI, NPSP WHO, SPO আৰু UNDPৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, জিলা মিডিয়া বিশেষজ্ঞ আৰু আন বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে৷ শনিবাৰৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে কভিড ভেকচিন প্ৰদান আৰম্ভ হোৱাৰ লগে লগে সকলো লোককে কোনো বিঘিনি নঘটাকৈ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰা৷ প্ৰকৃত প্ৰতিষেধকটো প্ৰদান কৰাৰ বাহিৰে আন সকলো প্ৰক্ৰিয়া এই ড্ৰাই ৰাণৰ সময়ত পালন কৰা হয়৷

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ । মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ এখন কাঠনীৰ মাজত গুলীবিদ্ধ মৃতদেহটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য৷

মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ কিছু দূৰত অৱস্থিত এই নাগাজাংকা চাহ বাগিচা। মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৰিয়নী আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি মৃত কিশোৰটি নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ উত্তম ফুল মালি (১৫) ৷

সম্প্ৰতি গুলীবিদ্ধ মৃতদেহটো ঘৰৰ পৰা কিছু দূৰতে উদ্ধাৰক লৈ তিব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল৷ কোনে, কিয়, কি কাৰণে কিশোৰটিক এনেদৰে বাগিছাৰ কাষৰ কাঠনি লৈ গৈ হত্যা কৰিছে সেই সন্দৰ্ভত অদ্যপি কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে অহা ৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ।

বিমান পৰিবহন মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কৈছে যে, চলিত মাহৰ ২৩ তাৰিখলৈ ভাৰত আৰু ব্রিটেইনৰ মাজত প্রতি সপ্তাহত মাত্র ৩০ খনকৈহে বিমান চলাচল কৰিব।

৫০ বিধ চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজলি উঠিছে ‘কুঁঁহি টি বাৰ

নতুন বৰ্ষতযুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই।নগাঁৱৰ পৰা  উজনি অসমলৈ যোৱাৰ পথত চামগুৰিৰ বেচিক প্ৰশিক্ষণ কেন্দ্ৰৰ ৫০০ মিটাৰ নিলগতে ভেলৌগুৰিৰ হেমাৰবড়ী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পোৱা যায় ।
এখন ব্যতিক্ৰমী ৰেষ্টুৰেন্ট।নাম-‘কুঁঁহি টি বাৰ’।এগৰাকী মহিলাৰ অদম্য সাহস আৰু কৰ্মতৎ পৰতাৰ ফচল এই টি বাৰখন।মহিলা গৰাকীৰ নাম ৰেণু মহন্ত।চামগুৰিৰ হেমাৰবড়ীৰ ৰেণু মহন্ত নামৰ মহিলা গৰাকীৰ উদ্যোগত স্থাপন হোৱা এই ৰেষ্টুৰেন্টখন সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।২০১১ চনৰ পৰা ‘ফুড প্ৰচেচিং’ প্ৰক্ৰিয়াৰ লগত জড়িত ৰেণু মহন্তই ২০১৯ বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে আৰম্ভ কৰিছিল ‘কুহি টি বাৰ’।ইয়াৰ পূৰ্বে তেওঁ এটা শ্বিল মেছিন ক্ৰয় কৰি কড়াইগুৰি,ভজা চাউল,কোমল চাউল আদি তৈয়াৰ কৰিছিল।তদুপৰি তেওঁ প্ৰায় ২৫ বিধ মান আচাৰ প্ৰস্তুত কৰিছিল।এই আচাৰ সমূহৰ ভিতৰত সাধাৰণ মানুহে প্ৰস্তুত কৰা আচাৰ সমূহৰ উপৰিও সাধাৰণতে প্ৰস্তুত নকৰা আচাৰ যেনে- কেৰেলাৰ আচাৰ,মূলা,পটলৰ আচাৰ আদি প্ৰস্তুত কৰিছিল।একেদৰে বাঁহ গাজ,ভোট জলকীয়া,কৰ্দৈ,কাচকল,নহৰু, ঔ টেঙা,বগৰী, অমিতা,কচু, বুট,গাজৰ, তেতেলী আদিৰ সু স্বাদু আচাৰ,জাম,জেলি আদি প্ৰস্তুত কৰিছিল।তেওঁৰ এই আচাৰে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছে।।ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে বেকাৰী ।তাত তেওঁ বিস্কুট,ব্ৰেড আদিও প্ৰস্তুত কৰে।এনেদৰে সামগ্ৰী প্ৰস্তুত কৰাৰ পিছত এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে এটা বিশেষ স্থানৰ প্ৰয়োজন আছিল।ইয়াৰ বাবেই আৰম্ভ হয় কুঁঁহি টি বাৰ।এই ৰেষ্টুৰেন্ট খনত এই সামগ্ৰী সমূহ বিক্ৰীৰো ব্যৱস্থা আছে।এই ৰেষ্টুৰেন্টখনত ঘৰুৱা খাদ্য পৰিবেশন কৰা হয়।ৰেষ্টুৰেন্ট খনত ৫০ বিধ চাহৰ ব্যৱস্থা আছে।এই চাহ সমূহৰ ভিতৰত প্ৰচলিত গাখীৰ চাহ,লাল চাহ আদিৰ লগতে মচলা চাহ,বগা চাহ,সেউজীয়া চাহ,নীলা চাহ,ষ্টেভিয়াৰ চাহ আদি পৰিবেশন কৰা হয়।একেদৰে কোমল চাউল,দৈ গাখীৰ,মিঠৈ আদিৰে জলপান,ভজা চাউলৰ জলপান আদিও গ্ৰাহকক যোগান ধৰা হয়।শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত তেওঁলোকে প্ৰস্তুত কৰিছে কভিড প্ৰটেক্টিভ টি নামৰ এবিধ চাহ ।এই চাহবিধ হালধি,ইলাচী,লং,জালুক,চাহপাত আদি দি প্ৰস্তুত কৰা হয়।চাহবিধ প্ৰস্তুত কৰোতে চেনীৰ সলনি মৌ ব্যৱহাৰ কৰা হয় ।এই চাহবিধৰ বাবেও ভালে সংখ্যক লোক টি বাৰখনলৈ আহে।ৰেণু মহন্তই জনোৱা মতে ৰেষ্টুৰেন্ট খনত কৰ্মচাৰী হিচাপে প্ৰায় ৩০ গৰাকী মহিলা কৰ্মৰত হৈ আছে। কভিড-১৯ সংক্ৰমণৰ জটিল পৰিবেশৰ সময়ত  মহিলা সকলৰ অধিকাংশই ঘৰৰ পৰাই কৰ্ম চলাই গৈছিল। কেৱল ৮ গৰাকী মহিলাহে ৰেষ্টুৰেন্টখনলৈ আহিছিল।ঘৰত থকা মহিলা সকলৰ কোনো গৰাকীয়ে কলাখাৰ প্ৰস্তুত কৰে।কোনো গৰাকীয়ে নাৰিকল যোগাৰ কৰে, কোনো গৰাকীয়ে কৰ্দৈ সংগ্ৰহ কৰি ঘৰতে কাটি দিয়ে ইত্যাদি।

অৱশ্যে বৰ্তমান কৰোনা সংক্ৰমণ কিছু হ্ৰাস পোৱাত পুনৰ কৰ্মৰত মহিলা সকল ৰেষ্টুৰেন্ট খনলৈ আহিছে।মহন্তই জনোৱা মতে ৰেষ্টুৰেন্টখনত চাহৰ লগতে ঘৰুৱাভাবে প্ৰস্তুত কৰা পিঠা-পনা আদি পৰিবেশন কৰা হয়।এই পিঠা পনা ৰেষ্টুৰেন্টতে প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বিশেষকৈ তিল পিঠা,নাৰিকলৰ পিঠা,নাৰিকলৰ লাড়ু আদি ৰেষ্টুৰেন্টখনত প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বহিঃ অসম অথবা অন্য স্থানৰ পৰা অহা গ্ৰাহকে এই পিঠা প্ৰস্তুত কৰা পদ্ধতি দেখিও আকৰ্ষিত হয়।তদুপৰি কিছু সংখ্যক গ্ৰাহকৰ বাবে ‘চাউমিন’,পুৰী-চবজি আদিৰো ব্যৱস্থা আছে।একেদৰে দুপৰীয়াৰ আহাৰ হিচাপে ভাতৰ লগত থলুৱা খাদ্য সামগ্ৰী বাহৰ গাজ,পদিনা,নৰসিংহৰ জোল,বেহুৱা,মাহৰ গুৰা,ভেবেলী লতা আদি ব্যৱহাৰ কৰা হয়।ৰেণু মহন্তই জনোৱা মতে নৰসিংহ,ভেবেলী লতা,পদিনা আদি তেওঁলোকে নিজে খেতি কৰি লয়।মহন্তই কয় -‘ অসমৰ পৰম্পৰাগত খাদ্য সামগ্ৰী সমূহ সদায় স্বাস্থ্য বৰ্ধক।সেয়ে গ্ৰাহকৰ আকৰ্ষনো বেছি।মই এই ৰেষ্টুৰেন্ট খন স্থাপন কৰি লাভান্বিত হৈছো।অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগত বহিঃৰাজ্যৰ পৰ্যটক সকল যাতে পৰিচিত হয় তাৰ বাবেই এনেধৰণৰ ৰেষ্টুৰেন্ট অসমৰ অন্য প্ৰান্তত মহিলা সকলে আৰম্ভ কৰাটো মই বিচাৰো।’ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত কোৱাৰেইন্টাইন কেন্দ্ৰত তথা কভিড কেন্দ্ৰত খাদ্য সামগ্ৰীও যোগান ধৰিছিল ৰেণু মহন্তই।তেওঁ যোগান ধৰা খাদ্য সামগ্ৰীক কোৱাৰেন্টাইন কেন্দ্ৰ বা কভিড কেন্দ্ৰত থকা ৰোগী সকলে উচ্চ প্ৰশংসা কৰিছে।উল্লেখযোগ্য যে ৰেণু মহন্তই বেঙেনাৰ আহাৰ প্ৰস্তুত কৰি আই আই টি এফৰ দিল্লীত হোৱা প্ৰদৰ্শনীত যোগদান কৰি মানুহৰ সহাৰি লাভ কৰিছে।তেওঁ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই মাছৰ আচাৰৰ কাৰণে দিয়া প্ৰশিক্ষণত অংশলৈ সকলো ধৰণৰ স্থানীয় মাছৰে আচাৰ প্ৰস্তুত কৰা আচনিও লৈছে।২০১৬ চনত তেওঁ অসম চৰকাৰৰ অধীনস্থ ‘জোনাক’ প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্তহৈ ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।ৰেণু মহন্ত  পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাৰ্যতো পাৰ্গত।ৰেণু মহন্তৰ প্ৰতিষ্ঠান ‘কুঁঁহি ফুড প্ৰচেচিঙে’ ২০১৮ চনত শ্ৰেষ্ঠ এম এচ এম ই ৫০০০ বঁটা লাভ কৰিছিল।২০১৬ চনত তেওঁ মৃণাল কুমাৰ শৰ্মা সোঁৱৰণী উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ উদ্যোগী বঁটা লাভ কৰিছিল।তেওঁ সিদ্ধিনাথ কলিতা স্মাৰক বক্তৃতা অনুষ্ঠানটো নৱ প্ৰজন্মৰ উদ্যোগী হিচাপে সম্বৰ্ধিত হৈছে।তাৎপৰ্যপূৰ্ণ যে ৫০ বিধ চাহ আৰু থলুৱা পৰম্পৰাগত খাদ্য সামগ্ৰীৰে উজলি উঠা কুঁঁহি টি বাৰ আৰু কুঁঁহি ফুড প্ৰচেচিং ইউনিট সম্প্ৰতি দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।সম্পূৰ্ণ ঘৰুৱা পৰিবেশত ইয়াত খাদ্য পৰিবেশন কৰা হয়।কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ‘লক ডাউন’ৰ সময়ত সামান্য ক্ষতিগ্ৰস্ত হৈছিল যদিও বৰ্তমান পুনৰ গ্ৰাহকৰ সহাৰি আশানুৰূপ।স্বাৱলম্বী মহিলাৰ আৰ্হি হৈ পৰা ৰেণু মহন্তই অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা সকলে এনে দৰে থলুৱা খাদ্য সম্ভাৰৰে ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।তেওঁ কয়-‘ইয়াৰ দ্বাৰা মহিলা সকলো লাভান্বিত হব আৰু অসমৰ থলুৱা খাদ্য সম্ভাৰো বহিঃ ৰাজ্য বা বহিঃ দেশৰ মানুহৰ ওচৰত পৰিচিত হব।’ ‘দক্ষিণ ভাৰতৰ ইডলি,ডোচা বা চীনৰ চাউমিন আদি যেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত আমি কোমল চাউল,ভজা চাউল,তিল পিঠা,নাৰিকলৰ লাড়ু,তিলৰ লাড়ু,গাঁজ  টেঙা,নৰসিংহৰ জোল,ভেবেলী লতাৰ জোল আদি কিয় পৰিচিত কৰিব নোৱাৰিম?নিশ্চয় পাৰিম।-আত্মবিশ্বাসী ৰেণু মহন্তই এনেদৰে কয়।এইগৰাকী আত্মবিশ্বাসী মহিলা বৰ্তমান  নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ ।

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন

সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান পৰিদৰ্শন কৰি সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এই কথা সদৰী কৰিছিল।

কিন্তু ঘোষণাৰ কিছু সময়ৰ পাছতে তেওঁ টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে। তেওঁ কয় – প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে বিনামূলীয়াকৈ ১ কোটি স্বাস্থ্যকৰ্মী আৰু ২ কোটি ‘Frontline Worker’ক Covid-19 প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। আনহাতে অন্য ২৭ কোটি হিতাধিকাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত কেনেদৰে অহা জুলাইৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়; তাৰ পৰিকল্পনা কৰি থকা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীত চি আৰ পি এফ বাহিনীৰ নৱবৰ্ষৰ প্ৰথম দিন উলহ মালহেৰে পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষৰ প্ৰথমটো দিন নিশা ৰং ধেমালিৰে পালন কৰাৰ লগতে নলবাৰী জাপাৰকুছিস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বি কোম্পানীয়ে নৱবৰ্ষৰ প্ৰথম-দিন উলহ মালহেৰে পালন কৰে ।  বিভিন্ন গীত মাত পৰিবেশন কৰাৰ উপৰিও চি আৰ পি এফ বাহিনীৰ জোৱান সকলে নৃত্য প্ৰদৰ্শন কৰি এই নৱবৰ্ষৰ প্ৰথমটো দিনৰ আনন্দ প্ৰকাশ কৰে । লগতে চি আৰ পি এফ বাহিনীৰ তৰফৰ অঞ্চলটোৰ স্হানীয় কেইগৰাকীমান সাংবাদিকক আমন্ত্ৰিত কৰি সম্বৰ্দ্ধনা ও জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত চি আৰ পি এফ বাহিনীৰ জোৱান তথা বিষয়ববীয়া সকলে নৱবৰ্ষত যেতিয়া সমগ্ৰ অসমবাসী ৰাইজৰ মঙ্গলময় হয় আৰু সদৌটিলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰে । অনুষ্ঠানৰ অন্তত সকলোৱে এক লগ হয় প্ৰীতি-ভোজন গ্ৰহণ কৰে ।