Home Blog Page 3095

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম চমুকৈ আমছুৰ

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু শিক্ষা অনুষ্ঠানৰ নামৰ পাছফালে ৰাজ্য শিক্ষা বিভাগে এই ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো সংযোজন কৰাৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ  বিস্ফোৰক অভিযোগ ৷ অভিযোগ  সন্দৰ্ভত আমছুৰ হোজাই জিলা সমিতিয়ে এক সংবাদমেল সম্বােধন কৰি সংখ্যালঘু লোকৰ ওপৰত চৰকাৰৰ এই ক্ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ  উত্থাপন কৰে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোৱাৰ হুছেইনে সম্বােধন কৰা সংবাদমেল খনত কয় যে চৰকাৰে বৰ্তমানে সংখ্যালঘু দুখীয়া ছাত্ৰ-ছাত্ৰীক মাইনৰিটি প্ৰি মেট্ৰিক স্কলাৰস্পিপ পোৱাৰ পৰা বঞ্চিত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ৷ সংখ্যালঘু প্ৰধান এলেকা সমূহত থকা বিদ্যালয় সমূহৰ ভিতৰত যি সমূহ বিদ্যালয়ৰ পৰা ১০০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয় এই স্কলাৰস্পিচৰ বাবে আবেদন কৰিছে সেইসমূহ বিদ্যালয় এতিয়া সন্দেহজনক স্কুললৈ ৰূপান্তৰিত হৈছে বুলি কয় ৷ বৰ্তমানলৈকে হোজাই জিলাত ৬১ খন আৰু নগাওঁ জিলাত ৩১৮ খন স্কুল নামৰ পাছত  ৰহস্যজনক ভাৱে সন্দেহজনক শব্দটো লগাইছে ৷ এই সন্দেহজনক শব্দটোৱে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত আংতকৰ সৃষ্টি হৈছে বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷ এই সমূহ স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হব বুলি অভিভাৱক সকল চিন্তিত হৈ পৰিছে বুলিও কয় নেতা গৰাকীয়ে ৷তাৰোপৰি বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰ বৃত্তি আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা বিভাগে জটিল কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক ইয়াৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ বিস্ফোৰক অভিযোগ কৰে৷ গতিকে চৰকাৰে অতি শীঘ্ৰে এই বৈশম্যমূলক আচৰন বন্ধ কৰিবলৈ সংবাদমেলযোগে  চৰকাৰলৈ আহবান জনায় ৷ ইফালো যোৱা বৰ্ষত হোজাই জিলাত সংখ্যালঘু ছাত্ৰবৃত্তি ত সংগঠিত হোৱা দুৰ্ণীতি সন্দৰ্ভত হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত আকাৰে অভিযোগ দিয়াৰ পাছতো আজিলৈকে কোনো সুফল পোৱা নগল বুলি আমছুৱে  অভিযোগ উত্থাপন কৰে ৷

ডবকা SBI বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাৱে আহত প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰিনা বেগম চৌধুৰী

ডবকা, ২৪ ডিচেম্বৰ : আজি সন্ধিয়া হোজাই জিলাৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডবকা SBI বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় কংগ্ৰেছ নেত্ৰী। গুৰুতৰভাৱে আহত ৰহিমা বেগম  চৌধুৰী ওৰফে ৰিনা বেগম । ৰিনা বেগম বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী আছিল। ভাতৃ নুৰ খানো আহত হয়। নগাঁৱৰ পৰা মোৰাঝাৰ কপাহবাৰী নিজ গৃহলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। ই ৰিক্সাৰ ভুলৰ বাবেই সংঘটিত হৈছে দুৰ্ঘটনাটো। ই ৰিক্সাৰ চালক আলিম উদ্দিনক আটক কৰিছে আৰক্ষীয়ে । ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে আৰাম্ভ কৰিছে তদন্ত। ৰিনা বেগমক উন্নত চিকিৎসাৰ বাবে হোজাই হাম হস্পিতাললৈ প্ৰেৰণ কৰে।

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা প্ৰদান কৰিব শ্বাহে ।

আমিনগাঁৱতেই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ । একেটা স্থানতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বহিব বৈঠকত । বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বহিব বৈঠকত । দেওবাৰে পুৱা কামাখ্যা দৰ্শন কৰি ইম্ফললৈ যাব অমিত শ্বাহ ।

টংলাৰ সাংস্কৃতিক কৰ্মী, অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ-সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বটাঁ : টংলা আছুৰ লগতে বিভিন্ন সংগঠনৰ শুভেচ্ছা

টংলা, ২৫ ডিচেম্বৰ : অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্র- সন্থাৰ বিশেষ সন্মান।প্ৰতি বছৰে  সদৌ অসম ছাত্র-সন্থাৰ মজিয়াৰ পৰা বিশেষ ভাবে অসমৰ  সাহিত্য-সাংস্কৃতিৰ সাধক হিচাপে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ব্যক্তিক এই “পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক ২০২০” বটাঁ” আগবঢ়াই আহিছে। এইবেলি আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা, নাট্য শিল্পী সকলোৰে পৰিচিত ওদালগুৰি জিলাৰ টংলাৰ নিবাসী পবিত্ৰ ৰাভালৈ। বটাঁৰ বাবে মনোনীত হোৱাৰ বাবে সদৌ অসম ছাত্ৰ-সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে। এই সন্মান লাভ কৰি অনাগত দিনবোৰত অধিক উৎসাহ উদ্যমেৰে অসমৰ সাংস্কৃতিক জগতখনলৈ কাম কৰি যোৱাৰ সাহস পাব বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে। অভিনেতা পবিত্ৰ ৰাভাই দাপোন দা মিৰৰ উদ্যোগত “আমাৰ গাঁৱ”ত সমাজত অৱহেলিত “বিশেষ ভাৱে সক্ষম সৰ্বকায়” যুৱক -যুৱতী সকলক বিগত কেইবা বছৰ ধৰি সমাজত মৰ্য্যাদা সহকাৰে জীয়াই থাকিবলৈ ফলপ্ৰসু পদক্ষেপ গ্ৰহন কৰি আহিছে। সদৌ অসম ছাত্ৰ সন্থাই অহা ২৭ ডিচেম্বৰ ২০২০ তাৰিখে অভিনেতা পবিত্ৰ ৰাভাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰে সন্মানীত কৰিব বিচৰা সিদ্ধান্তক আছুৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য ,সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা, টংলা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি জিলাবাসী ৰাইজে আদৰনি জনাই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ২৭  ডিচেম্বৰত প্ৰদান কৰি অহা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবেলি টংলাৰ সুসন্তান, কৃতী খেলুৱৈ, চিত্ৰশিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক, ৰিয়েল হিৰু এৱাৰ্ড লাভ কৰোতা,  ৰাম চন্দ্ৰ ৰাভা আৰু  নাগেশ্বৰী ৰাভাৰ কণিষ্ঠ পুত্ৰ , ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা পবিত্ৰ ৰাভাক প্ৰদান কৰিব। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষনা কৰাৰ লগে লগেই  তেখেতৰ জলাহস্থিত “আমাৰ গাৱত ” সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য উপস্থিত হৈ তেখেতক ফুলাম গামোচা শৰাই প্ৰদান কৰি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। টংলা আঞ্চলিক ছাত্ৰ সন্থা, কলাইগাও আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা প্ৰেছ গিল্ড, টংলা প্ৰেছ ক্লাৱ, টংলা প্ৰেছ গিল্ড ৰ তৰফৰ পৰাও ফুলাম গামোচাৰে আদৰনি জনাই। 

১২ জানুৱাৰীত ৫০ হাজাৰ টকাকৈ লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে

১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহকত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও দিলে ভাল খবৰ । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিবছৰে চাহ শ্ৰমিকে লাভ কৰিব লাভ কৰিব এই অনুদান ।

হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত লংকাত নলিনী বালা দেৱীৰ স্মৃতি দিৱস উদযাপন

হোজাই, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ কাব্যজগতৰ এগৰাকী চিৰ নমস্য কবি নলিনী বালা দেবীৰ স্মৃতি দিৱস হোজাই জিলা সাহিত্য সভাই লংকাত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা সভা লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শাখা কাৰ্যালয়ৰ প্ৰাঙ্গনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত স্মৃতি দিৱসটি অনুষ্টিত কৰা হয়। পূৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপৰি ড০ গুনেশ্বৰ শইকীয়াই। দিনৰ ২ বজাত অনুষ্টিত শ্রদ্ধাঞ্জলি অনুষ্টানত কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি, উপন্যাসিক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে। উপস্থিত বিশিষ্ট অতিথি সকলে পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছত জিলা সভাপতি ড০ গুনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্টিত স্মৃিতি চাৰণ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে লংকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ইন্দ্ৰমোহন হাজৰিকা। নিৰ্দিষ্ট বক্তাগৰাকীয়ে অসমীয়া কাব্যজগতৰ মহান ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ জীৱন আলেখ্যৰ লগতে তেখেতৰ কবিতাৰ ভাৱ আৰু শব্দ চয়নৰ সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত শশীপ্ৰভা শইকীয়া, অজন্তা তামূলী ফুকন, ৰস্মিৰেখা নেওগ, কল্পনা দেৱী গোস্বামী আদিয়ে নলিনীবালা দেৱীৰ কেইটি কালজয়ী কবিতা পাঠ কৰাৰ লগতে শিল্পি বিন্দিয়া কোৰে নিলিনীবালা দেৱীৰ এটি গীত পৰিবেশন কৰে। জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আত ধৰা অনুষ্ঠানটিত ড০ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথ, ইছমাইল আলী আদি অতিথি সকলেও বক্তব্য আগবঢ়ায়।

“আলফাৰ কলংকিত অধ্যায়

Terrorist victims Family release entitled " Ulfa Kalonkito Adhya" written by Ranju Neog Hazarika at North Lakhimpur Press Club on 23-12-2020.pix by UB Photos

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ জীৱন্ত দলিল “আলফাৰ কলংকিত অধ্যায়” ।

গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই আলফাই ৯০ ৰ দশকত সংঘটিত কৰা হত্যা নিৰ্যাতনৰ নিৰ্মম বৰ্ণনা ।

আলফাৰ নীতি আদৰ্শ সমৰ্থন কৰিব নোৱাৰাৰ বাবেই জীৱন্তে গাত খান্দি পুতি পেলোৱা হৈছিল তেজাল অসমীয়া যুৱকক । গুহ্য দ্বাৰেৰে সোমোৱাই দিয়া হৈছিল নিমখ ।

স্বাধীনতাৰ সপোন দেখা আলফাক মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতি গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ বাবেই সত্তৰোৰ্দ্ধ স্বাধীনতা সেনানিক নিৰ্মম বেত্ৰাঘাতেৰে থকা সৰকা কৰি পেলোৱা হৈছিল । ৯০ ৰ দশকত আলফাই নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক, মানসিক নিৰ্যাতনৰ শিহৰণকাৰী বৰ্ণনাৰে লখিমপুৰৰ এগৰাকী সাহসী মহিলা তথা আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ ৰঞ্জু নেওঁগ হাজৰিকাই যুগুত কৰি উলিওৱা আলফাৰ কলংকিত অধ্যায় আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । প্ৰথম অৱস্থাত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আলফাৰ নৃশংস ঘটনাৱলী সামৰি ১৫২ পৃষ্ঠাৰ গ্ৰন্থখনি আজি আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই উন্মোচন কৰে মাতৃ নিৰ্মলা হাজৰিকা আৰু মুক্তি যোদ্ধা ৰাধানন্দ বৰাই ।

ৰঞ্জু নেওঁগ হাজৰিকা আৰু অমৰদ্বীপ বৰুৱাই সম্পাদনা কৰা আলফাৰ কলংকিত অধ্যায় শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাখনত লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাধৱ হাজৰিকা, নিৰ্যাতিত পৰিয়ালৰ মিনু ৰাজবংশী, ৰামেশ্বৰ নেওঁগকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।

বালিতাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কৰ্মী সভা

নলবাৰী, ২৪ ডিচেম্বৰ: বিজেপি দলৰ সৈতে যিটো ৰাজনৈতিক দলৰ সম্পৰ্ক ভাল নহয় সেইটো দলৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে । বিজেপি দলে ৰাইজক বিভিন্ন আঁচনিৰ প্ৰলোভন দি কিনিব বিচাৰিছে কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এই প্ৰলোভন সমূহ বন্ধ হব তেতিয়া ৰাইজে বিজেপি দলৰ এনেকুৱা প্ৰলোভনৰ কথা বুজিব পাৰি কংগ্ৰেছ দললৈ ওলাই আহিব :—- এই কথা মন্তব্য কৰে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদ্যুত ভূঞাই । আজি  ১৮ নং বালিতাৰা কংগ্ৰেছ কমিটিৰ উদ্যোগত বালিতাৰাত অনুষ্ঠিত এখন কৰ্মী সভাত অসম প্ৰদেশ কংগ্ৰেছ দল কমিটিৰ নলবাৰী যুৱ নেতা তথা নলবাৰী জিলা কংগ্ৰেছ কমিতিৰ সভাপতি প্ৰদ্যুৎ ভুঞা আৰু আজি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকল অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে,অসমত বিজেপি চৰকাৰে বিগত চাৰে চাৰিটা বছৰত ৰাজ‍্যখনৰ জনসাধাৰণক শোষণ আৰু বঞ্চনা কৰাৰ লগতে সকলো বিভাগতে সীমাহীন দুৰ্নীতি -অনিয়ম সংঘটিত কৰিছে বুলি সদৰী কৰে । যুৱ নেতা গৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰে যি উন্নয়ন সাধন কৰিছিল ,সেইবোৰ বিজেপিয়ে ধ্বংস কৰিলে । যাৰ বাবে আগন্তুক ২০২১ চনত ৰাইজে পুনৰ অসমত কংগ্ৰেছ চৰকাৰৰ পক্ষত ভোটাদান কৰি চৰকাৰ আনিব বুলি মন্তব্য কৰে । আজিৰ এই অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈ সহ প্ৰমুখ্যে বহু কেইজন কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কৰ্মী সকল উপস্থিত থাকে ।Attachments area

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ দাখিল: জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতি গঠন

জামুগুৰিহাট, ২৪ ডিচেম্বৰ: সাম্প্রতিক অসমৰ অন্যতম সাহিত্য চৰ্চাৰ অনুষ্ঠান অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ কালি জামুগুৰিহাটৰ বাপুজী ভৱনত দাখিল কৰে উদ্ যাপন সমিতিয়ে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস জামুগুৰি হাটত অনুষ্ঠিত হৈছিল। সন্মিলনীৰ সাংবিধানিক নীতি অনুসৰি ৪৫ দিনৰ ভিতৰত উদ্ যাপন সমিতিখনে হিচাপ দাখিল কৰিব লাগিছিল যদিও ক’ভিড – ১৯ ৰ বাবে কিছু মাহ পিছুৱাই কালি পৰীক্ষিত হিচাপ দাখিল কৰে। প্ৰতিষ্ঠা দিৱস উদ্ যাপন সমিতিৰ সভাপতি গোলাপ কলিতাই সভাপতিত্ব কৰা আৰু প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰে আঁতধৰা সভাখনত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক মিংকু কলিতা উপস্থিত থাকে। হিচাপ পৰীক্ষক লীলা ভূঞাৰ অনুমতি সাপেক্ষে বিত্ত সম্পাদক চাৰু কমল নেওগে সভাত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে। সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হিচাপৰ সামৰণি উদ্ধৃতি মুঠ জমা ৪৭১৮৬২.০০ টকাৰ বিপৰীতে খৰচ ৪৪০৮৬২.০০ টকা। ৰাহি ৩১০০০.০০ টকা। কোনো চৰকাৰী অনুদান নোলোৱাকৈ একমাত্র ৰাইজৰ দান-বৰঙণিৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত ৰাহি ধনেৰে হিচাপ সামৰণি মৰাত উদ্ যাপন সমিতিখনলৈ ধন্যবাদ জ্ঞাপন কৰে উপস্থিত সদস্যসকলে। আনহাতে উক্ত সভাতে অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম কাণ্ডাৰী, পৰ্বত-ভৈয়ামৰ সাংস্কৃতিক সমন্বয়ক, শোণিতকোঁৱৰ গজেন বৰুৱা স্মৃতি দিৱস ২১ জানুৱাৰীত জামুগুৰি হাটত বিস্তৃতভাবে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাই। অঞ্চলটোৰ সকলো অনুষ্ঠানক একত্রিত কৰি উমৈহতীয়া ভাৱে উদ্ যাপন কৰিব বিচৰা উক্ত স্মৃতি দিৱসৰ বাবে কালি গঠন কৰা উদ্ যাপন সমিতিখন ক্ৰমে সভাপতি গোলাপ কলিতা, কাৰ্যকৰী সভাপতি ডাঃ হৰেন শইকীয়া, উপ সভাপতি – জগত শইকীয়া, মহেশ্বৰ বৰা, ৰঞ্জিত বৰঠাকুৰ আৰু প্ৰদ্যুম্ন হাজৰিকা, প্ৰধান সম্পাদক – ৰঞ্জন কুমাৰ দাস আৰু প্ৰেশৱ কলিতা, সহযোগী সম্পাদক – চাৰু কমল নেওগ আৰু হিৰণ্য হাজৰিকা। উল্লেখ্য যোগ্য যে সভাখনতে জামুগুৰি সাহিত্য সন্মিলনীৰ আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰা, হেম বৰুৱা, ভীমলাল শৰ্মা আৰু দাদুল বৰকাকতিক উপদেষ্টা হিচাপে লৈ গঠন কৰা জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতিখন ক্ৰমে সভাপতি – ৰঞ্জিত বৰঠাকুৰ, কাৰ্যকৰী সভাপতি – প্ৰদ্যুম্ন হাজৰিকা, উপ সভাপতি – ৰঞ্জন কুমাৰ দাস, জয়ন্ত ভূঞা, প্ৰধান সম্পাদক – প্ৰেশৱ কলিতা, সম্পাদক – প্ৰৱাল নেওগ, হিৰণ্য হাজৰিকা, গ্ৰন্থ আৰু আলোচনী সম্পাদক – দুলমণি নাথ, সাংস্কৃতিক সম্পাদক – স্বৰাজ কটকী, কৰ্পূৰ মঞ্জুৰী তালুকদাৰ, প্ৰচাৰ সম্পাদক – জোন মণি বৰা,  সাংগঠনিক সম্পাদক – নীহাৰ ৰঞ্জন ভূঞা আৰু কৰৱী শইকীয়া। স্মৰণযোগ্য যে সভাৰ প্ৰাৰম্ভিকতে অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰঞ্জিত বৰঠাকুৰক উষ্ণ আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সন্মিলনীৰ জামুগুৰি আঞ্চলিক সমিতিখনে জামুগুৰিহাটৰ সাহিত্য -সংস্কৃতিৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে কেন্দ্রীয় সমিতিৰ প্ৰধান সম্পাদক তথা উপস্থিত সাহিত্যানুৰাগী ৰাইজে।

হোজাইত সংঘটিত হয় এক শোকাৱহ ঘটনা: হোজাই ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ

হোজাই, ২৪ ডিচেম্বৰ:  হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় লোকজন। হোজাই ৰে’ল আৰক্ষীয়ে ঘটনাৰ বিষয়ে বিবৰি কয় যে ২ নং প্লেটফৰ্মৰ কাষৰ ৩ নং ট্ৰেকত এজন মানুহ পৰি থকা বুলি নিশা প্ৰায় ১ বজাত হোজাই ষ্টেচন মাষ্টাৰৰ পৰা খবৰ পায় আৰু ততাতৈয়াকৈ ঘটনাস্থলীত ৰেল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজনৰ পৰা ভোটাৰ আই ডি লগতে এখন মোবাইল উদ্ধাৰ কৰে। লোকজনে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে নতুন দিল্লীৰ পৰা হোজাইলৈ আহি আছিল, কিন্তু হোজাই ষ্টেচনত বিগত প্ৰায় ১৫ দিনৰ পৰা হোজাইৰ ষ্টপেজ উঠাই দিয়ে, গতিকে চলন্ত ৰে’লৰ পৰা জপিয়াই নামোতে ভাৰসাম্য হেৰুৱাই মৃত্যু হোৱা বুলি সন্ধেহ প্ৰকাশ কৰে ৰে’ল আৰক্ষীয়ে। হোজাই ৰে’ল আৰক্ষীয়ে মৃত লোকজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে। দিল্লীৰ পৰা হোজাইৰ ঘৰলৈ বুলি অহা গংগাপ্ৰসাদ শাহু নামৰ লোকজন শোকাৱহ ঘটনাৰ ফলত মৃত্যু হোৱাত চাঞ্চল্যই বিৰাজ কৰিছে গাওঁখনত।