Home Blog Page 3096

আস্থা ভোটত পৰাজয় : পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

পুনৰ আইনী মেৰপেছৰ মাজত সোমাই পৰিব বিটিচি নিৰ্বাচন

প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো । সকলো উৎকন্ঠাৰ অন্তত আস্থা ভোটত  ২২ পাৰিষদৰ ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো ।

আস্থা ভোটত পৰাজয় হোৱাৰ পাছতেই পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ভোটগ্ৰহণ কাৰ্যসূচী সম্পন্ন নোহোৱাৰ অভিযোগ হাগ্ৰামাৰ। অধ্যক্ষৰ ভূমিকাক লৈও সৰৱ হাগ্ৰামা মহিলাৰী। বেলট প্ৰক্ৰিয়াৰ মাজেৰে ভোটগ্ৰহণ নোহোৱাত অধ্যক্ষক সমালোচনা বিপিএফ প্ৰধান মহিলাৰীৰ।

আস্থাভোটত প্ৰমোদ বড়োৰ জয়লাভৰ পাছতো হাৰ মানিব খোজা নাই হাগ্ৰামা মহিলাৰীয়ে। ভোটগ্ৰহণৰ সময়ত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে সৃষ্টি কৰিছিল এক হুলস্থুলীয়া পৰিস্থিতিৰ।

সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে ১০ মিনিটৰ বাবে স্থগিত ৰখা হৈছিল সদন। UPPL-BJP-GSP দলৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰি পুনৰ বিটিচি চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো। কিন্তু বিপিএফে যেন এতিয়াও বিটিচি চীফ হিচাপে গ্ৰহণ কৰিব পৰা নাই প্ৰমোদ বড়োক।

বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সামৰণি ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  মন্তব্য ‘বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে, বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ । বিজেপিত আমি যোগ দিছিলো এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাঘজৰী হাতত ল’ম বুলি নহয়।”

জনতাক উদ্দেশ্যি কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য, “২১ত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংজেৱক খেদিবলৈ একো একোজন লাচিত হোৱাৰ লক্ষ্য লওক।”

ভাষণত মুখ্যমন্ত্ৰীৰ কাৰ্যকালক প্ৰশংসা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই ৫ বছৰত প্ৰতিটো আঁচনিৰ কামেৰে সকলো পৰ্যায়ৰ লোকক সামৰি বিকাশৰ নতুন দিগন্ত কঢ়িয়াই অনাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ।

সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হিমন্তবিশ্ব শৰ্মা। প্ৰতীক হাজেলাৰ অহমিকাৰ বাবে NRC অসম্পূৰ্ণ হৈ থকাৰ কথা প্ৰকাশ। আনহাতে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰাৰ আশ্বাস। 

বদৰুদ্দিন আজমলক তীব্ৰ ভাৱে সমালোচনা কৰি হিমন্ত বিশ্বৰ মন্তব্য, “সন্ত্ৰাসবাদীৰ ধনেৰে আজমলে বুনিয়াদ ধ্বংস কৰিবলৈ বিচৰাৰ লগতে মিঞা সভ্যতাৰ কথাৰে জাতিটোক নতুন প্ৰত্যাহ্বান দিছে । ২০২১ৰ নিৰ্বাচনক আজমলৰ বিৰুদ্ধে নতুন সংগ্ৰাম হিচাপে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। সভ্যতা ৰক্ষাৰ বাবে যিদৰে লাচিতে ঔৰংজেৱক খেদিছিল, আজমলকো খেদিব লাগিব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।

প্ৰিয়ংকা গান্ধীক আটক কৰিলে আৰক্ষীয়ে

অকৃষকসকলে ব্যাহত ৰখা প্ৰতিবাদক সমৰ্থন জনাই আজি বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছ নেতাসকলে এক ৰেলী বাহিৰ কৰিছিল । এই ৰেলীত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু লগতে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকো ।

আনফালে, ৰাহুল গান্ধী কংগ্ৰেছৰ একাংশ নেতা আৰু সাংসদৰ সৈতে উপস্থিত হৈছে ৰাষ্ট্ৰপতি ভৱনত । ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ২ কোটি হস্তাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰদানেৰে কেন্দ্ৰীয় কৃষি আইন বাতিল কৰাৰ দাবী জনাব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ।

আনহাতে, সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে ‘বৰ্তমান ভাৰতত নাই গণতন্ত্ৰ। এয়া কেৱল কাল্পনিকহে। কিন্তু বাস্তৱত গণতন্ত্ৰ নাই।’

লণ্ডনৰ পৰা উভতা ভাৰতীয়ৰ দেহত কৰোনাৰ নতুন প্ৰজাতি

কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি বিয়পিবলৈ আৰম্ভ কৰিছে ভাৰতত । বিজয়ৱাড়াত লণ্ডনৰ পৰা উভতি অহা এগৰাকী ভাৰতীয় মহিলাৰ শৰীৰত লাভ কৰা গৈছে এই নতুন প্ৰজাতি। পেছাত স্কুল শিক্ষয়ত্ৰী মহিলাগৰাকীৰ নাম মেৰি ইউনফ্রেড আন ।

ডিচেম্বৰৰ ২১ তাৰিখে তেওঁ লণ্ডনৰ পৰা দিল্লী বিমানবন্দৰলৈ আহিছিল। তাতেই কৰোনা পৰীক্ষা কৰা হয় তেওঁৰ। সেই পৰীক্ষাতেই এই নতুন প্ৰজাতিৰ অস্তিত্ব ধৰা পৰে। ইয়াৰ পিছতে তেওঁক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছিল যদিও তাৰ পৰা তেওঁ পলাই যায় ।

এই ঘটনাৰ পৰিপ্রেক্ষিতত পূব গোদাবৰী প্রশাসনক সতর্ক কৰিছে দিল্লীয়ে। বুধবাৰে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় ।

আশঙ্কা কৰা হৈছে, তেওঁ যাত্ৰা কৰা ৰে’লখনত বহু সংখ্যক যাত্রীৰ সংস্পর্শলৈ আহিছিল। কেৱল যাত্রীয়েই নহয়, ৰে’ল কর্মচাৰীৰ পৰা হকাৰ, বহুতৰে সংস্পর্শলৈ তেওঁ অহাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। ৰে’লখনত মহিলাগৰাকীৰ পুত্ৰও আছিল।

মৰাণত আয়োজন কৰা টাইপা কেন্দ্ৰীয় অধিৱেশন অবৈধ !

সংগঠনৰ পৰা বহিষ্কৃত একাংশই নেতাই “টাই আহোম যুৱ পৰিষদ, টাইপা নাম লৈ মৰাণত ২৬, ২৭ আৰু ২৮ ডিচেম্বত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় অধিৱেশন । বুধবাৰে সংবাদমাধ্যমক সম্বোধন কৰি যুটীয়া সম্পাদক গৰাকীয়ে কয়-মৰাণত অনুষ্ঠিত হ’ব লগা অধিৱেশনখন টাইপা কেন্দ্ৰীয় অধিৱেশন নহয়।সংগঠনৰ পৰা বহিষ্কৃত একাংশই টাইপা নামত পেৰেলেল সংগঠন খুলি ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে”।

“অধিৱেশনক দিলীপ গগৈ নেতৃত্বত থকা টাই আহোম যুৱ পৰিষদে গৰিহণা প্ৰদান কৰিছো”, দ্বীপজ্যোতি দুৱাৰ, টাইপা যুটীয়া সম্পাদক ।

দুৱাৰই লগতে কয়, “মৰাণত অধিৱেশখন বহিষ্কৃত নেতা ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁই সম্পাদকৰ দায়িত্ব লৈ অবৈধ ভাৱে পাতিছে । লগত আছে অজিত দেওঘৰীয়া, বিজয় ৰাজকোঁৱৰ, শিক্ষক হৰেন ফুকন আদিকে ধৰি একাংশ”। লগতে তাই আহোম যুৱ পৰিষদ শক্তিশালী সংগঠন হৈ আছিল আছে আৰু ভৱিষ্যত দিনটো হৈ থাকিব বুলি জনায় দুৱাৰই ।

কৃষকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ১৮ হাজাৰ কোটি টকাৰ বিশেষ আঁচনি

এফালে চলি আছে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ । আনহাতে নৰেন্দ্ৰ মোডী নেত্বৃতাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে ঘোষণা কৰিলে এক নতুন আঁচনি । ন কোটি কৃষকৰ সুবিধাৰ্থে ১৮ হাজাৰ কোটি টকাৰ কৃষক সন্মান নিধি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ।  এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে চাৰি মাহৰ ব্যৱধানত ২০০০টকাকৈ মুঠ ৬০০০ টকা লাভ কৰিব কৃষকসকলে। এই ধনৰাশি পোনপটীয়াকৈ উপলব্ধ হ’ব কৃষকৰ বেংক একাউন্টত ।

প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সু-শাসন দিৱসৰ অংশ হিচাপে ন-কোটি কৃষকক মাত্ৰ দুঘন্টাৰ ভিতৰতে ১৮ হাজাৰ কোটি আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলক সম্বোধন কৰিব এই বিশেষ দিনটোত।

২৫ ডিচেম্বৰত ডিজিটেল মাধ্যমেৰে আয়োজন কৰা হ’ব এক বিশেষ অনুষ্ঠান। য’ত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে । এই অনুষ্ঠানৰ জৰিয়তে অনলাইনযোগে ছখন ৰাজ্যৰ ছজন কৃষকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই অনুষ্ঠানৰ বাবে প্ৰায় দুই কোটি কৃষকে নাম পঞ্জীয়নৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

হাগ্ৰামাৰ সকলো চেষ্টা অথলে গল : ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত প্ৰমোদ বড়ো

সকলো উৎকন্ঠাৰ অন্তত ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ নিৰ্বাচিত হ’ল প্ৰমোদ বড়ো । সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ । বিটিচিৰ আস্থা ভোটত প্ৰমোদ বড়োৰ জয় । আস্থা ভোটত UPPL-BJP-GSPৰ সন্মিলিত শক্তিৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰিলে প্ৰমোদ বড়োৱে ।

প্ৰটেম অধ্যক্ষই প্ৰতিজন সদস্যক শপত দিয়াৰ পিছত অনুষ্ঠিত হয় আস্থা ভোট পৰ্ব। বিটিচিৰ চীফ প্ৰমোদ বড়ো, ডেপুটী চীফ গোবিন্দ বসুমতাৰীয়ে শপত গ্ৰহণৰ পাছত সকলো সদস্যৰ শপত গ্ৰহণেৰে বিটিচিত আৰম্ভ হৈছিল ভোটগ্ৰহণ ।

আনফালে বিপিএফ পাৰিষদ সকলে প্ৰথমৰে পৰা সদনত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ। যাৰ বাবে বিটিচিত আস্থা ভোটৰ পূৰ্বেই ১০ মিনিটৰ বাবে স্থগিত ৰখা হয় সদন । 

উল্লেখ্য যে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হয় প্ৰমোদ বড়ো । কিন্ত সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ ।

কলকতাত জৰুৰী বিমান অৱতৰণ : বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশ

বিমান দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে । বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে । লগে লগে বিমানখনৰ বৈমানিকে কলকতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে বিমানখন।

বিমানখনত ব’বদেসহ ১৪৬ যাত্ৰী আছিল। দমদম বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে ব’বদেসহ ১৪৬ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰে।

উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়াধীশগৰাকীয়ে অসমসহ উত্তৰ পূৱ ভ্ৰমণলৈ আহিছিল। সেই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিভ্ৰণ কৰে।

বৰদিনলৈ এটা দিন : সম্পূৰ্ন সাজু গুৱাহাটীৰ গীৰ্জা সমূহ

খ্ৰীষ্টান ধৰ্মাৱলম্বী পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ আৰু এটা দিন। সজাই তোলা হৈছে গীৰ্জা সমূহ । বৰদিনৰ বাবে বজাৰ সমূহতো দেখা গৈছে ব্যাপক ভিৰ । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটী পৰিৱেশ । নানা ৰঙীন আলোকেৰে উজ্বলাই তোলা হৈছে গীৰ্জা সমূহ ।

উল্লেখ্য যে, ক’ৰনা ভাইৰাছৰ পাছত শুকুৰবাৰে বিশ্বজুৰি পালন হ’ব বৰদিন ।

আজি ৰাজপথত নামিল ৰাহুল গান্ধী, কৃষকৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছেৰ সমদল

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ আন্দোলন । আজি পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ বাবে বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল কৰে । ৰাহুল গান্ধীৰ নেতৃত্বত এই সমদলত অংশগ্ৰহণ কৰে আন কংগ্ৰেছী সাংসদ সকলেও ।

সমদলৰ অন্তত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে । ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ২ কোটি হস্তাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰদানেৰে কেন্দ্ৰীয় কৃষি আইন বাতিল কৰাৰ দাবী জনাব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ।