Home Blog Page 3104

নগাঁৱৰ নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ২০২১ বৰ্ষৰ ১৩, ১৪, ১৫, ১৬ আৰু ১৭ জানুৱাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত এই ভোগালী বিহু উৎসৱ উদযাপনৰ বাবে নগাঁৱৰ বিশিষ্ট নাগৰিক ৰঞ্জিত কুমাৰ তামুলি ফুকনক সভাপতি, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰা, ৰঞ্জিত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই ভোগালী বিহু উৎসৱত সকলোৰে সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

চাবুৱাত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা সম্পন্ন

 মদাৰখাত, ১৮ ডিচেম্বৰ: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতিৰ বিৰোধিতাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে সমগ্ৰ জিলাখনতে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ইয়াৰে অংশ হিচাপে চাবুৱাৰ হৰগুণৰায় ভেৰুদন প্ৰাথমিক বিদ্যালয়ত জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত সজাগতা সভাখন সম্পন্ন হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে উপস্থিত ৰাইজক এন পি এছ কৰ্মচাৰী সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ বাহাল ৰখাৰ স্বাৰ্থতে সদৌ অসমভিত্তিক সাংগঠনিক ঐক্যৱদ্ধ হোৱাৰ গুৰুত্ব আৰোপ কৰে। পেন্সন ব্যৱস্থাটো ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব পৰাৰ সক্ষমতা থকাৰ কথা উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ স’তে সহযোগিতাৰে এক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহনে নতুন পেন্সন নীতিৰ ভৱিষ্যত আৰু ভয়াবহতাৰ বিষয়ে তথ্যভিত্তিক আলোচনা আগবঢ়ায়। তেখেতে নতুন পেন্সন নীতিৰ আওতাত পৰা কৰ্মচাৰীৰ অৱসৰৰ পাছতহে বহু কথা পোহৰলৈ অহাৰ কথা ব্যক্ত কৰে। চাবুৱাস্থিত ডায়েটৰ নীলমণি টেৰণে প্ৰথম অৱস্থাত নতুন পেন্সন নীতি খুওব সুন্দৰ বুলি ভাবিছিল যদিও কিছু বছৰৰ পাছত কথাখিনি স্পষ্ট হোৱাতহে ইয়াৰ ভয়াবহতাৰ কথা কয়। জিলা সমিতিৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে নতুন পেন্সন নীতিৰ অধীনত অৱসৰ গ্ৰহণ কৰা এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্যৰ সন্দৰ্ভত এজন কৰ্মচাৰীয়ে কিমান পৰিমাণৰ মাহিলী পেন্সন পাব তাৰ তুলনামূলক বিস্তৃত বিশ্লেষণ আগবঢ়ায়। চাবুৱা ডি ডি আৰ মহাবিদ্যালয় প্ৰবক্তা পুৰন্দৰ গোঁহাইয়ে এন পি এছৰ সামগ্ৰিক প্ৰতিচ্ছবিখন সভাত ব্যাখ্যা আগবঢ়াই পুৰণি পেন্সনৰ বাহালৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। সভাতেই নন্দৰাম তাঁতীক সভাপতি, অমৰজ্যোতি দিহিঙীয়াক উপ সভাপতি, অংকুৰ দত্তক সম্পাদক, প্ৰশান্ত কোঁৱৰক  সহকাৰী সম্পাদক হিচাপে লৈ চাবুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ বঢ়মপুৰ হাজৰিকা চুক অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি বঢ়মপুৰৰ হাজৰিকা চুক অঞ্চলৰ  হাজৰিকা উপাধিৰ এজন  লোক  অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ  আৰু কিছু মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে উপ বন সংপালক ৰাজেন্দ্ৰ শ‌ইকীয়াৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰক : উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান । হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷ জালুকবাৰীত নিৰ্মাণ হোৱা স্থায়ী হজ ভৱন শীঘ্ৰেই মুকলি কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে ৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সভাপতি ইছলামৰ মুখ্যমন্ত্ৰী সোনোৱাললৈ এই আহ্বান ৷

তৃণমূল কংগ্ৰেছ ত্যাগ আৰু বিজেপি যোগদানৰ লাভালাভ : লাভ কৰিব Z শ্ৰেণীৰ সুৰক্ষা আৰু বুলেট প্রুফ গাড়ী

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতেই সুবেণ্ডু অধিকাৰীক কেন্দ্ৰৰ পৰা Zশ্ৰেণীৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সৈতে আলোচনাৰ পিছত সুবেণ্ডু অধিকাৰীক বেংগলত Z শ্ৰেনীৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ বুলেট প্রুফ গাড়ীও লাভ কৰিব । বেংগলৰ বাহিৰত, তেওঁলোকে Y+ নিৰাপত্তা প্ৰাপ্ত কৰিব।

মমতাৰ ঘনিষ্ঠ হিচাপে পৰিচিত সুবেণ্ডু অধিকাৰীয়ে বুধবাৰে বিধায়িনী আৰু শুক্ৰবাৰে দলটোৰ পৰা পদত্যাগ কৰে। তেওঁ পূৱ মিদিনাৰ নণ্ডীগ্ৰাম আসনৰ পৰা এজন বিধায়ক আছিল। কিছু সময়ৰ বাবে দলৰ নেতৃত্বৰ পৰা দূৰত্ব ৰাখি আছিল বিধায়ক জনে। সুবেণ্ডুৰ পদত্যাগ দলটোৰ লগতে মমতা বেনাৰজীৰ বাবেও মোক্ষম আঘাট । ১৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে বংগ ভ্ৰমণ কৰিব । ইতিমধ্যে, সুবেণ্ডুয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতে বিজেপি দলত যোগদান কৰিব পাৰে বুলি ধাৰনা কৰা হৈছে ।

CONGRESS, COMMUNAL, COMMUNIST’ অসমৰ বাবে অতি বিপদজনক

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ ৰঞ্জিত দাস

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস এইবাৰ সৰৱ হৈ পৰিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে । বিজেপিৰ কৃষক সমাৰোহত অংশগ্ৰহণ কৰি AJPত যোগদান কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ।

‘অসমৰ বাবে তিনিটা C অতি বিপদজনক, সেয়া হৈছে CONGRESS, COMMUNAL, COMMUNIST’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ । লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ কয় যে, “লুৰিণে জালুকবাৰী নহয়, য’তেই প্ৰতিদ্বন্দিতা কৰিলেও বিজেপি চিন্তিত নহয় । গণতান্ত্ৰিক দল হিচাপে অসম জাতীয় পৰিষদক উষ্ম আদৰণি জনাইছো । শিৱসাগৰৰ ৭০০ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে লুৰিণজ্যোতি গগৈয়ে AJPত যোগদান কৰাও এক খবৰ ।” আনহাতে ইয়াৰ ফলত বিজেপিৰ এটা ভোটো ক্ষতি নহয় বুলি অংগীকাৰ ৰঞ্জিত কুমাৰ দাসৰ। 

বিবাহৰ আগতেই গৰ্ভাৱতী আছিল নেহা কক্কৰ !

নেহা কক্কৰৰ এটা ইন্টাগ্ৰাম পোষ্টে সকলোকে আচৰিত কৰিছে। বিবাহৰ দুমাহৰ পিছতে এনে ছবি দেখি সকলো আচৰিত হৈ পৰিছে ।

বিবাহৰ দুমাহৰ পিছতে নেহা কক্কৰে ইন্টাগ্ৰামত এটা পোষ্ট কৰিছে যিটো পোষ্ট দেখাৰ পিছত সকলোকে আচৰিত কৰা দেখা গৈছে । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে । পোষ্টটোত  এখন ফটো পোষ্ট কৰা হৈছিল আৰু য’ত নেহাক গৰ্ভৱতী যেন দেখা গৈছে । নেহাই পোষ্টটোত এই বিষয়ে খোলাকৈ একো কোৱা নাই যদিও নেহাই ইনষ্টাগ্ৰাম পোষ্টটোত স্বামী ৰোহন প্ৰীতৰ লগত ফটো শ্বেয়াৰ কৰি ফটোৰ কেপশ্বনত লিখিছে যে #KhyaalRakhyaKar (যত্ন ৰাখা) ।

ইন্টাগ্ৰাম পোষ্টৰ ফটোখন

নেহা কক্কৰৰ এটা ইন্টাগ্ৰাম পোষ্টে সকলোকে আচৰিত কৰিছে। বিবাহৰ দুমাহৰ পিছতে এনে ছবি দেখি সকলো আচৰিত হৈ পৰিছে ।

নেহাৰ পোষ্টটোত স্বামী ৰোহন প্ৰীতে মন্তব্য কৰি লিখিলে, “এতিয়া তুমি অধিক যত্ন ল’ব লাগিব” । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে ।

নেহা কক্কৰৰ ইনষ্টাগ্ৰাম পোষ্টটো দেখি গৰ্ভৱতী যেন লাগিছে যদিও এয়াও হ’ব পাৰে যে শিল্পী গৰাকীয়ে কোনো এলবামৰ শ্বুটিংৰ বাবে এনে এটা ৰূপত দেখা গৈছে । কিয়নো নেহা কক্কৰৰ প্ৰায়বোৰ গানতে নেহাই নিজে অভিনয় কৰা দেখিবলৈ পোৱা যায় ।

নেহাৰ পোষ্টটোত জনপ্ৰিয় কমেডিয়ান কপিল শর্মাই শুভেচ্ছা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ।

নেহা কক্কৰৰ বিশেষ ইনষ্টাগ্ৰাম পোষ্টটো চাবৰ বাবে ইয়াত ক্লিক

বিজেপিলৈ বিধায়িকা অজন্তা নেওগ !

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তৰে সৈতে আলোচনা  

গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! ২৬ ডিচেম্বৰত বিজেপিত যোগ দিব পাৰে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰায় ৩০ৰ পৰা ৪০ মিনিট সময় বৈঠকত মিলিত হয়। জানিব পৰা মতে বৈঠকত মন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে ।

আনহাতে অজন্তা নেওগৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তিৰ্কী আৰু ৰাজদ্বীপ গোৱালাইও ২৬ ডিচেম্বৰতে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যোগদান কৰিব পাৰে বিজেপিত। এনে পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙেও অসমলৈ আহিবলগীয়া ভ্ৰমণসূচী বাতিল কৰিছে।

পঢ়ক : ২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ দুই যুৱকৰ মৃত্যু

জামুগুৰিহাট, ১৭ডিচেম্বৰ : শোণিতপুৰ জিলাৰ খনামুখত কালি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ ৰঙাচকুৱাৰ দুজন যুৱকৰ মৃত্যু হয়। ৰঙাচকুৱাৰ অনন্ত শইকীয়া (২৯)আৰু প্ৰশান্ত শইকীয়া (২৮) নামৰ যুৱক দুজনে মটৰ চাইকেলৰে কিবা বিশেষ কামত বালিপৰালৈ গৈছিল আৰু তাৰ পৰা পুনৰ ঘৰলৈ ওভতি অহাৰ পথত খনামুখৰ নিশা নমান বজাত  সংঘটিত হোৱা  ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে  যুৱক দুজনৰ  মৃত্যু হয় । যুৱক দুজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত লোহিত দাসৰ অষ্টম মৃত্যু বাৰ্ষিকী তিথিৰ আয়োজন

নলবাৰী, ১৭ ডিচেম্বৰ : অহা ২১ ডিচেম্বৰত নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হব । ৰাতি পুৱা ৯ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা হীৰেণ কুমাৰ বৰ্মন, নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক বিভূতি ভূষণ দাস সহ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । তদুপৰি ৯.৩০ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিব  ইণ্ডিয়া জাৰ্ণালিষ্ট এচ’ ছিয়েন নলবাৰী জিলাৰ সভাপতি ওৱাহিদুজ জামানে । লোহিত দাসৰ এই অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে আয়োজিত হব লগীয়া এই অনুষ্ঠানত পৰিয়ালবৰ্গৰ লগতে অনুষ্ঠানটোৰ আহ্বায়ক নগেন তালুকদাৰে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামণা কৰিছে ।