জামুগুৰিহাট, ১৬ডিচেম্বৰ: শ্ৰী শ্ৰী গোপাল দেৱ সেৱক সমাজৰ শোণিতপুৰ জিলাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা কালি জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্র নামঘৰত অনুষ্ঠিত হৈ যায়। গহন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক প্ৰমোদ বৰঠাকুৰে। দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতি ভৱ গোস্বামীয়ে অনুষ্ঠানটিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰণ সম্পৰ্কে বহল বাখ্যা আগবঢ়োৱাৰ লগতে ৰাজ্যজুৰি সংগঠনৰ বিশালতা সম্পৰ্কে বহল বাখ্যা আগবঢ়াই । সভাত উপস্থিত থাকি গোপন আতাৰ জীৱন দৰ্শন সম্পৰ্কে আলকপাত কৰে প্ৰেম নাৰায়ণ গোস্বামীকে ধৰি বহুজনে।
ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয় কৰাৰ বিৰুদ্ধে সোনোৱাল
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে ।
সোনোৱালে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰত নিজৰ কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰাৰ বাবে, এ আই আৰ আৰু ডি ডি কে, গুৱাহাটী কাৰ্য্যসূচী সম্প্ৰচাৰ কৰাৰ বাবে প্ৰসাৰ ভাৰতীৰ নিৰ্দেশনাৰ বিষয়টো উত্থাপন কৰে । শুক্ৰবাৰে প্ৰকাশিত এক আনুষ্ঠানিক পত্ৰত এই কথা কোৱা হৈছে।
ডি ডি কেৰ দুয়োটা ডিব্রুগড় কেন্দ্ৰ ১৯৯৩ চনৰ পৰা সম্পূৰ্ণ ষ্টেচন হিচাপে কাম কৰি আছে আৰু ২০১৯ চনত ৫০ বছৰ সম্পূৰ্ণ কৰা এ আই আৰ ডিব্রুগড়ক ৰিলে কেন্দ্ৰৰ স্থিতিলৈ স্থানান্তৰ কৰিব নালাগে, কিয়নো এ আই আৰ আৰু ডি ডি কেৰ গুৱাহাটী কেন্দ্ৰসমূহক অসমৰ সমৃদ্ধ সাংস্কৃতি সমূহ সঠিকভাৱে প্ৰচাৰ কৰাৰ বাবে অত্যাধিক ব্যৱস্থা কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী সোনোৱালে পত্ৰত উল্লেখ কৰে। ‘ৰাজ্যৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু বাহাল ৰখাৰ বাবে এ আই আৰ আৰু ডি ডি কে, ডিব্রুগড়ৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিব লাগে আৰু তেওঁলোকক নিজৰ স্থানীয়ভাৱে প্ৰস্তুত কৰা কাৰ্য্যসূচী প্ৰচাৰ কৰিবলৈ দিয়া উচিত,’ সোনোৱালে পত্ৰত কয় ।
বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় ।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যিয়ে বাংলাদেশক স্বাধীন দেশ কৰিছিল । সেই দিনটো ‘বিজয় দিৱস’ হিচাপে পালন কৰা হয় ।
বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে ।
শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা কৰে। এমাহৰ ভিতৰত বিটিআৰত ৪০খন কলেজ, তামুলপুৰত মেডিকেল কলেজ, ২০২২ চনৰ ১ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি আদিকে ধৰি বহুকেইটা উন্নয়নমুলক আঁচনি কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ লগতে কয় যে, “এতিয়াহে প্ৰকৃত গণতন্ত্ৰ ৰাইজে উপভোগ কৰিব। ৰাইজক সেৱা কৰিবলৈকে প্ৰমোদ বড়ো ওলাই আহিছে । সন্দেহ , আশাংকাৰ বীজ আতৰাই উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই সমঅধিকাৰ, সমমৰ্যদা প্ৰতিষ্ঠা হ’ব ।” বিটিআৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে বুলি কৈ সমন্বয়ৰ সেঁতু গঢ়াৰ বাবে সকলোকে আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ নৱ শৰণীয়া, সাংসদ ভূৱনেশ্বৰ কলিতা , মন্ত্ৰী ভৱেশ কলিতাকে ধৰি আন বহু বিশিষ্ট অতিথি উপস্থিত থাকে ।
৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন
গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা। ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন । মঙলবাৰে ইয়াৰ লাইখুঁটা স্থাপন কৰা হয় ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই স্থাপন কৰে লাইখুঁটা । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি পৰিষদৰ বহুকেইজন বিষয়া-কৰ্মচাৰী ।
পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰেছে ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই । লগতে চলিহাই জনায় যে, এই পৰ্যন্ত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্ৰন্থ বিপনীয়ে গ্ৰন্থমেলাত অংশ গ্ৰহণ নিশ্চিত কৰিছে । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থমেলা ২০২১ চনৰ ১০ জানুৱাৰীত সমাপ্ত হব ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি
আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত উপস্থিত আছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকী । গণতন্ত্ৰ দিৱসত উপস্থিত থাকিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছিল আৰু এই আমন্ত্ৰণ গ্ৰহণ কৰিছে জনছনে।
ব্রিটেইনৰ বিদেশ সচিব ডমিনিক ৰৱে মঙ্গলবাৰে কয়, ‘‘প্রধানমন্ত্রী জনছনে ভাৰত গণতন্ত্র দিৱসত প্রধান অতিথি হোৱাৰ আমন্ত্রণ গ্রহণ কৰিছে। এইটো আমাৰ বাবে অত্যন্ত সন্মানৰ বিষয়।’’
তেওঁ লগতে জনায়, অহা বছৰ ব্রিটেইনত আয়োজিত জি-৭ শীর্ষ সন্মিলনত যোগদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনাইছে জনছনে।
অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ : জীপ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰূপক শৰ্মাৰ : মঞ্চত তিৱা বিহু গাই ভোট ভিক্ষা আঙুৰলতাৰ
নগাঁও, ১৫ডিচেম্বৰ: কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম- নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আজি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে। নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা বেবেজীয়া, জামগুৰি হৈ কাছমাৰীলৈ আজি বিজেপিৰ বিধায়কগৰাকীয়ে এখন খোলা জীপত প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰক লগত লৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই কয়, অসমৰ ৰাইজে এতিয়া উন্নয়ণ। বিচাৰে আৰু উন্নয়ণৰ বাবেই ৰাইজে কেৱল বিজেপিক বিচাৰে। সেয়ে এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদত বিজেপিৰ কোনো প্ৰতিদন্দী নাই।
আনহাতে বৰছিলা সমষ্টিৰ অগপ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিৰ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই কয়, “কংগ্ৰেছক ভোট দিয়া আৰু ভোট নলাত পেলাই দিয়া একেই কথা। কংগ্ৰেছ এতিয়া ফুটা বেলূন পাম দিলেও পাম নৰয়।বিটিচিত কংগ্ৰেছৰ এজনেই জিকিছিল সেইজনো বিজেপিলৈ আহিল। তিৱা স্বায়ত্ব শাসিত পৰিষদতো কংগ্ৰেছৰ একে দশাই হ’ব।” ভোটাৰক আকৰ্ষিত কৰিবলৈ সম্পূৰ্ণ তিৱা সাজপোচাকত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বিধায়িকা আঙুৰলতাই মঞ্চত অগপ নেতা-কৰ্মীৰ সৈতে বিহুগীতো পৰিৱেশন কৰে। আনহাতে এই সভাত অগপৰ নেতা মণিমাধৱ মহন্ত, মামনি বৰাৰ লগতে বিজেপিৰো বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ১৭ ডিচেম্বৰত হ’ব লগা ৩৫টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। ইফালে গৌৰৱ গগৈক স্কুটিত বহুৱাই বটদ্ৰৱাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ১৯ নং বৰচিলা তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধর্মেন্দ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলিৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈ – ৰকিবুল হুছেইনে । নিৰ্বাচনী প্ৰচাৰ সভা কেইখনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ ভোটাৰক ভোট দিবলৈ আহ্বান জনাই। সভাকেইখন প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা শিৱামনি বৰাৰ , অভিজিৎ বৰা লগতে বহুতো দলীয় কৰ্মী উপস্থিত থাকে।

অসমীয়া লোক-সংস্কৃতিৰে জনজাতীয় যুৱতীৰ ব্যতিক্ৰমী নিদৰ্শন : থলুৱা আৰু অৰুণাচলী খাদ্য সম্ভাৰেৰে ৰাইজৰ মন মোহিত কৰিছে খৈৰাবাৰীৰ কেফে ব্লুজে
টংলা, ১৫ ডিচেম্বৰ: যিটো সময়ত অসমৰ বহু যুৱক যুৱতী নিজ কৰ্মসংস্থাপনৰ বাবে দেশ বিদেশ ঘূৰি হাবাথুৰি খোৱাৰ পৰিলক্ষিত হৈছে, তেনে সন্ধিক্ষণত অসমৰ থলুৱা খাদ্য আৰু অৰুণাচলী খাদ্যৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰীত নতুনকৈ স্থাপন কৰা কেফে ব্লুজত পিতৃ আৰু দুই বড়ো যুৱতীয়ে অন্য এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে দুলাল বসুমতাৰীৰ নেতৃত্বত গঢ়ি উঠিছে “কেফে ব্লুজ” নামৰ এখন অত্যাধুনিক হোটেল। ২৪ বছৰৰ আগত কৰ্মসূত্ৰে অৰুণাচলতগৈ কৰ্মসংস্থাপন বাট বিচাৰি কষ্টৰে জীৱন নিৰ্বাহ কৰা বসুমতাৰীয়ে এতিয়া নিজে আন নিবনুৱা যুৱক যুৱতীক আত্মাসংস্থাপন দিবলৈ সক্ষম হৈছে। দুলাল বসুমতাৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত কয় যে মই কেতিয়াবা গাড়ী কেতিয়াবা হোটেলত বিভিন্ন ধৰণৰ কৰ্মসূত্ৰে জীৱন জাপন কৰিছিলোঁ অৰুণাচলত। ধৈৰ্যৰ ফল মিঠা সেয়েহে মই এটা সময়ত ইটানগৰত “চিটি হোটেল” নামে এখন হোটেল স্থাপন কৰিবলৈ সক্ষম হৈছিলো ৷ কিন্তু বৰ্তমান সমগ্ৰ দেশত ক’ৰোণা মহামাৰী তাতে লক- ডাউনে মানুহক জুৰুলা কৰিলে যাৰ কাৰণে মই অন্য এক চিন্তাৰে নিজৰ জন্ম স্থান খৈৰাবাৰীত “কেফে ব্লুজ” নামৰ উক্ত হোটেল খুলিলৈ বাধ্য হলো বুলি কয়। আনহাতে বসুমতাৰীৰ দুজনী ছোৱালী দিল্লীত হোটেল মেনজমেন্ট বিষয়ত অধ্যয়নৰত। এতিয়া ছোৱালী দুজনীও লক ডাউনৰ সময়তে ঘৰলৈ আহি উক্ত কেফে ব্লুজত ব্যস্ত হৈ পৰে। প্ৰায় ১২ জন মান কৰ্মচাৰী থকা উক্ত কেফে ব্লুজত অসমীয়া লোক – সংস্কৃতিৰে সজাই তোলা হৈছে ।।
১৭ ডিচেম্বৰৰ পৰা বদৌচা কাপ ফুটবল আৰম্ভ
তিনিচুকীয়া, ১৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টছ ক্লাবৰ এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় । সংবাদ মেলত বদৌচাম্পৰ্টছ ক্লাব সভাপতি অৰুণজ্যোতি মৰাণে কয় যে বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা অসম ফুটবল সন্থাৰ স্বীকৃতিপ্রাপ্ত বদৌচা কাপ আমন্ত্রণমূলক ফুটবল প্রতিযগিতাখনৰ দ্বাদশ সংখ্যক প্রতিযােগিতাখন অহা ১৭ ডিচেম্বৰ ২০২০ তাৰিখৰ পৰা ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈকে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ১৬ তাকৈ স্থানত অনুষ্ঠিত কৰিবলৈ লােৱা হৈছে । স্থান কেইটা ক্রমে- কচুজান খেলপথাৰ , ডুমডুমা ৰাজহুৱা খেলপথাৰ , কাকপথাৰ ৰাজহুৱা খেলপথাৰ , বৰগড়া ৰাজহুৱা খেলপথাৰ , গৰিয়াটিং খেলপথাৰ , এঠেঙীয়া খেলপথাৰ , দিয়ামুলী পালং লাইন খেলপথাৰ , লংছােৱাল চাইডিং চাহ বাগিছা খেলপথাৰ , চামদাং চাহ বাগিছা খেলপথাৰ , বজালনী চাহ বাগিছা খেলপথাৰ , বগাপানী চাহ বাগিছা খেলপথাৰ , ৰাইডাং ৰাজহুৱা খেলপথাৰ , ফিল’বাৰী হাইস্কুল খেলপথাৰ , মুলােক গাঁও খেলপথাৰ , কঠালগুৰি খেলপথাৰ , দুলীয়াজান নেহেৰু মৈদান খেলপথাৰ । প্রতিযােগিতাখনত অইল ইণ্ডিয়া এফ . চি . , অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ , এ.পি.আৰ.অ . গুৱাহাটী , তিনিচুকীয়া ৰেলৱে ডিভিজনেল এফ.চিকে আদি কৰি মুঠ টা উত্তৰ – পূৰ্বাঞ্চলৰ আগশাৰীৰ ফুটবল দলে অংশগ্রহন কৰিব । প্রতিযােগিতাখন সর্বটো প্রকাৰে সফল কৰি তুলিবলৈ ইতিমধ্যে ১৬ টা স্থানত ১৬ খন উপ- অভ্যর্থনা সমিতি গঠন কৰা হৈছে।প্রতিযােগিতাখনি সফল সমাপ্তি কৰিবলৈ সকলাে ক্রীড়া প্রেমী ৰাইজকে বদৌচা স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনায় ।
লাহোৱালত ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা
মদাৰখাত, ১৫ ডিচেম্বৰ: সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল বালিকা বিদ্যালয়ত এখন সজাগতামূলক সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিয়ে কেতিয়াও ভৱিষ্যত সুৰক্ষিত নকৰে বুলি কয়। এই ব্যৱস্থা শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সাম্ভাৱ্য অনিশ্চয়তাৰ কথা বিতংভাৱে অৱগত কৰে। চলকাৰক এই ব্যৱস্থাৰ সংশোধন কৰি পুৰণি পেঞ্চন ব্যৱস্থাকে কৰ্মচাৰীৰ কল্যানাৰ্থে বাহাল ৰাখিবলৈ আহ্বান জনায়। সুকুমাৰ ঘোষে সভাত এন পি এছ কৰ্মচাৰীৰ অৱসৰকালীন পেঞ্চনৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহই কৰ্মচাৰী পৰিষদে এন পি এছৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতেও প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয়। তেওঁ যৌথ সংগ্ৰামৰো পোষকতা কৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তি তথা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱানন্দ হালৈয়ে এন পি এছ কি আৰু ই কেনেদৰে অৱসৰকালত প্ৰযোজ্য হ’ব তাক বিতংভাৱে বিশ্লেষণ কৰে। নতুন পেঞ্চন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতাৰ্থে নহয় বুলি উল্লেখ কৰি ভৱিষ্যতত ই অন্ধকাৰহৈহে পৰিব বুলি কয়। সেয়ে চৰকাৰক পুনৰ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই কৰ্মচাৰীৰ ভৱিষ্যতৰ অৱসৰকালীন সময়ছোৱা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে এন পি এছৰ বিৰুধিতা কৰি অহাৰ লগতে অনাগত দিনত সহযোগিতা থাকিব বুলি বক্তব্য ৰাখে। সজাগতামূলক সভাতেই সংগ্ৰামখন শক্তিশালী কৰাৰ স্বাৰ্থত পূণ্য গোঁহাই দত্তক সভাপতি, ৰাজীৱ দাসক উপ সভাপতি, দিগন্ত গোঁহাইক সম্পাদক, মৃদুল কলিতাক সহ সম্পাদক হিচাপে লৈ লাহোৱাল আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, জিলা সম্পাদক মনোজ মহন, যুটীয়া সম্পাদক নন্দৰাম তাঁতীৰ লগতে জিলা বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।










