Home Blog Page 3107

মই কেৱল এগৰাকী অভিনেত্ৰী হ’ব নিবিচাৰোঁ, মাধুৰী দীক্ষিতৰ দৰে ব্ৰেণ্ড হ’ব খোজোঁ : “আশ্ৰম” অভিনেত্ৰী ত্ৰিধা চৌধুৰী

ত্ৰিধা চৌধুৰী এতিয়া এটা চিনাকি নাম । ববি দেউলৰ সৈতে আশ্ৰম কৰা সুন্দৰ অভিনয়ৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । 

ত্ৰিধাই ষ্টাৰ প্লাচৰ “দাহলিজ” নামৰ এখন ধাৰাবাহিকত কৰা অভিনয়ৰে সকলোৰে হৃদয় জিকিছিল আৰু তেতিয়াৰ পৰাই তেওঁ অভিনয় জগতত অতি সুন্দৰ কাম কৰি আহিছে।

 ত্ৰিধায়ে তেওঁৰ এতিয়ালৈকে অভিনয়ৰ যাত্ৰাৰ সম্পৰ্কত কেনেদৰে কয় –

“ইমান কম সময়ৰ ভিতৰতে ৰাইজৰ ইমান মৰম পোৱাটো সুভাগ্যৰ কথা মো বাবে ।ৰাইজে দিয়া মৰমৰ বাবে মই অতি  কৃতজ্ঞ । মই কম যে মোৰ বয়সৰ অভিনেত্ৰীসকলে OTT প্লেটফৰ্মত ভাল কাম কৰি আছে ।লগতে এতিয়া টিভি, চিনেমা বা OTT হওক সামগ্ৰিক মাধ্যম এটা হৈ পৰিছে আৰু যিটো মোৰ সপক্ষে ডাঙৰ কাম কৰিছে।”

তেওঁ লগতে কয় যে, “প্ৰতিটো দিনেই এক সংগ্ৰাম কিন্তু তেওঁ জীয়াই থকাৰ বাবে ইয়াত আছে, কিবা এটা বস্তু পাবৰ বাবে সংগ্ৰাম কৰোঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হ’ল “ধৈৰ্য্য”। আপুনি আপোনাৰ বাবে কি ভাল আৰু বেয়া বাছনি কৰাত অতি সতৰ্ক হোৱা উচিত, আপুনি যিকোনো কাম কৰাত আৱদ্ধ হোৱা উচিত নহয়, অভিনেতা হোৱাৰ বাহিৰে নিজকে ব্ৰেণ্ড হিচাপে গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।”

“আশ্ৰম”ত কৰা অভিনয় সম্পৰ্কত ত্ৰিধাই কয় যে “মই ৱেব ছিৰিজৰ বাবে অডিচন দিয়া নাছিলো, মই দাহলিজৰ বাবেও কেতিয়াও অডিচন দিয়া নাই। প্ৰকাশ ঝাই আগতে মোৰ প্ৰফাইলটো দেখিছিল আৰু তেওঁ ভাল পাইছিল। আৰু তেতিয়াৰ পৰাই তেওঁ মোৰ সৈতে কাম কৰিব বিচাৰিছিল, যাতে এনেদৰেই মই এই ছিৰিজটোৰ লগত জড়িত হৈ পৰিলো।”

ত্ৰিধাই তেওঁ অৰ্জন কৰা সফলতা আৰু ভালপোৱা খিনিৰ বাবে তেওঁৰ প্ৰথম শ্ব’টোক কৃতিত্ব দিয়ে ।

যদিও অভিনেত্ৰীগৰাকীয়ে সীমিত কাম কৰি আছে কিন্তু ইনষ্টাগ্ৰামত 1.5 নিযুতৰো অধিক অনুৰাগী আছে আৰু তেওঁ ব্ৰেণ্ড হ’বলৈ আহিছে আৰু তেওঁৰ অনুপ্ৰেৰণা ধাক ধাক গাৰ্ল মাধুৰী দীক্ষিতৰ বাহিৰে আন কোনো নহয় বুলি জানিবলৈ দিয়ে ।

“মই মাধুৰী দীক্ষিতক ভাল পাওঁ, যিদৰে তেওঁ তেওঁৰ কেৰিয়াৰটো নিয়ন্ত্ৰণ কৰিছে, আনকি এতিয়াও নিজে এটা ব্ৰেণ্ড আৰু সেইটো মই প্ৰজেক্ট কৰিবলৈ চেষ্টা কৰি আছো, মোৰ নিজৰ ব্ৰেণ্ড হ’বলৈ। এয়া কেৱল অভিনেত্ৰী বা নায়িকা হিচাপে নহয়”।

আঙুৰলতাঃ একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰকীয়ে ৰাজনৈতিক নেত্ৰী হৈয়ো যেন পাহৰা নাই আগৰ সেই গন্ধৰ্ব বিদ্যা
ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

কোকৰাঝাৰত বিশাল অনুষ্ঠানৰে নতুন চৰকাৰৰ শপতগ্ৰহণ !

আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে কয় –

‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব হিচাপে দায়িত্বভাৰ দিয়া হৈছে। বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল। বিটিচিত যাতে শান্তি আৰু প্ৰগতি সমানে হয়। শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো। ১৫ ডিচেম্বৰত শপত গ্ৰহণ হব পাৰে।’’

সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাই কয় –

‘‘বিপিএফৰ লগত ৰাজ্যিক পৰ্যায়ত ২১লৈ মিত্ৰতা থাকিব। ২১ৰ পিছত কি হ’ব এতিয়াও সিদ্ধান্ত লোৱা নাই। কিন্ত বিটিচিত বিপিএফৰ লগত মিত্ৰতা নাই।’’


সংবাদমেলত নৱ কুমাৰ শৰণীয়ায় কয় –

‘‘আমাৰ বিশ্বাস প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব’’

নৱনিৰ্বাচিত চিইএম প্ৰমোদ বড়োৱে কয় –

‘‘আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজৰ সেৱা কৰিবলৈ গৈ আছো। পূৰ্বে বিটিআৰবাসীয়ে বহুত কষ্ট পালে, এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে কটাব পাৰিব । আমি টীম হিচাপে কাম কৰিম।’’

আঙুৰলতাঃ একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰকীয়ে ৰাজনৈতিক নেত্ৰী হৈয়ো যেন পাহৰা নাই আগৰ সেই গন্ধৰ্ব বিদ্যা
ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

UPPL-BJPৰ মিত্ৰতাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মোহৰ

UPPL-BJPৰমিত্ৰতা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ  টুইট । টুইট যোগে বিজেপি-ইউপিপিএলৰ মিত্ৰতাক আনুষ্ঠানিক মোহৰ জে পি নাড্ডা আৰু অমিত শ্বাহৰ   । BTCৰ নিৰ্বাচনত NDAৰ সংখ্যাগৰিষ্ঠতা থকাৰ দাবী শ্বাহৰ। নতুন সহযোগী ইউ পি পি এল তথা প্ৰমোদ বড়োক অভিনন্দন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ  । ইউপিপিএলক সহযোগী দল বুলি অভিহিত কৰিলে জে পি নাড্ডা আৰু অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইট
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ টুইট
আঙুৰলতাঃ একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰকীয়ে ৰাজনৈতিক নেত্ৰী হৈয়ো যেন পাহৰা নাই আগৰ সেই গন্ধৰ্ব বিদ্যা
ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা  সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা প্ৰাৰ্থী সকল, বিপিএফ আৰু ইউ পি পি এলৰ নেতা সকল।

এই বৈঠকত উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰমোদ বড়ো, নৱ কুমাৰ শৰণীয়া আৰু বিটিচিৰ কেইবাজনো নিৰ্বাচিত সদস্য ।

ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

মন্ত্ৰী হিমন্তৰ সৈতে নিশা ২ বজাত বৈঠক

অন্ত পৰিল বিটিচি নিৰ্বাচনৰ ভোট গণনা । ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১৩ ডিচেম্বৰৰ মাজ নিশালৈ চলিল ভোট গণনা । ভোট গণনা অন্তত কোনো এটা দলেই বিটিচিত সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।

ইয়াৰ পিছতেই মাজ নিশা ২ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হয় এক ৰুদ্ধদ্ধাৰ বৈঠক। বৈঠকত কি আলোচনা হল সেই সম্পৰ্কত কোনো কথা বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও বৈঠকখন মিত্ৰতা সম্পৰ্কতে অনুষ্ঠিত হৈছিল বুলি ধাৰণা কৰা হৈছে । বৈঠকত মন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰমোদ বড়ো, গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক দেখা পোৱা যায় ।

মৰিগাঁও জিলাত ড্ৰাই ডে ঘোষণা

মৰিগাঁও, ১২ ডিচেম্বৰ :- মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে । জিলা খনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হব আৰু ১৯ ডিচেম্বৰ তাৰিখে ভোট গণনা কাৰ্য চলিব । সেয়ে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰিবলৈ সহায় হোৱাকৈ জিলা প্ৰশাসনে অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰ তাৰিখ এই তিনিটা দিনত সুৰা নিষিদ্ধ দিন হিচাপে ঘোষনা কৰিছে । বিলাতী অথবা স্থানীয়, পাইকাৰী আৰু খুচুৰা সুৰা ব্যৱসায়ী সকলে সেই কেইটা দিনত সুৰা বিপনী সমূহ খোলা ৰাখিব নোৱাৰিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে অসম আবকাৰী আইন ২০০০ আৰু ২০১৬ মতে দণ্ডনীয় হব ।

BTC নিৰ্বাচনৰ ভোটগননাত বৃহত্‍ উত্থান পতন ! শেহতীয়া খবৰ

আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন । নিৰ্বাচনৰ ভোটগননাত দেখা পোৱা গৈছে বৃহত্‍ উত্থান পতন । ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে  ১৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে BPF দলে আৰু UPPL লে ১৩  আসনত অগ্ৰগতি লাভ কৰিছে  ।

ইফালে বিজেপি আগবাঢ়ি আছে ১০ খন আসনত। সেইদৰে কংগ্ৰেছ আগুৱাই আছে মাত্ৰ এখন আসনত।  ইয়াৰ সমান্তৰালকৈ নৱ শৰণীয়াৰ দলেও এখন আসনত অগ্ৰগতি লাভ কৰিছে।

আটাইতকৈ ডাঙৰ খবৰটো হ’ল, বৰ্তমান সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে ইউ পিপিএলৰ প্ৰমোদ বড়ো নিজ নিজ সমষ্টিত পিছ পৰি আছে।

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় গৰ্জন” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী, ১২ ডিচেম্বৰ : সমগ্ৰ অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১০, ১১ আৰু ১২  তাৰিখে আয়োজন কৰা “জাতীয় গৰ্জন” কাৰ্যসূচীৰ অংশ ৰূপে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নলবাৰী চহৰৰ এন টি ৰোডস্থিত মাৰুতি ষ্টেণ্ডত এই জাতীয় গৰ্জন কাৰ্যসূচী পালন কৰে । আজিৰ কাৰ্যসূচী মৰ্মে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিষয়া আটাউৰ ৰহমানে, শ্বহীদ তৰ্পন কৰে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰোফ আলীয়ে । তদুপৰি এই সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীয়ে কা আন্দোলন তীব্ৰ কৰাৰ হুংকাৰ প্ৰদান কৰে । তদুপৰি গণশিল্পী ৰাজেন শৰ্মাই বিপ্লৱী গীত পৰিবেশন কৰাৰ লগতে কৃষক মুক্তি নেতা দীপেন কলিতা, হেদায়ৎ উল্লাহ আৰু মনোজ ডেকাই কৃষক গগৈৰ মুক্তিৰ দাবী তুলি শ্বহীদৰ তেজ অথলে যাব দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰে । আজিৰ এই সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি নেতা ৱাছিম আক্ৰাম তথা ব্ৰজেন বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৌশিক বৰ্মন, অসম সংগ্ৰামী মঞ্চৰ নেতা ৰূপম দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে “চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০”। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত অনুষ্ঠিত  যোগ মহোৎসৱৰ আজি উদ্ধোধনী অনুষ্ঠানত সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , অসম যোগ এচছিয়েশ্বনৰ সভাপতি তপন কুমাৰ দাস, অসম যোগ এচছিয়েশ্বনৰ অধ্যক্ষ ডা:কৃষ্ণ কুমাৰ বৰা, যোগাচাৰ্যা শুভাশীষ, ড:শান্তনু ৰয় চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অসম যোগ এচছিয়েশ্বনৰ সম্পাদক প্ৰভাত বৰাই আঁত ধৰা উদ্ধোধনী সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই   ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত সুস্থ আৰু নিৰোগী জীৱনৰ সংগী হৈছে নিয়মিত যোগভাস। যোগ হৈছে প্ৰণালীবদ্ধ জীৱনৰ আধাৰ । আৰোগ্য জীৱনৰ এক সংকল্প  যোগ। সুস্থ আৰু নিৰোগী জীৱনেই হৈছে এখন সুস্থ সমাজৰ মূলমন্ত্ৰ। লগতে বিধায়ক গৰাকীয়ে এনে এটা অনুষ্ঠান নগাঁৱত আয়োজন কৰাৰ বাবে উদ্যোক্তা সকলক   ধন্যবাদ জনোৱাৰ লগতে  অনাগত দিনত তেওঁলোকৰ অনুষ্ঠান সমূহ সফল হোৱাৰ কামনা কৰে।উল্লেখযোগ্য যে এমাহ যোৰা এই যোগ সচেতনতা অনুষ্ঠান  পৰ্যায় ক্ৰমে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি

মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ কাম ঠিকাদাৰক দিয়াৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মূখ্য অভিযন্তাৰ কায্যলয়ৰ সমান্তৰালকৈ মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যলয়টো টকাৰ উজান উঠিছে। জিলাখনত ভিতৰত সুচল আৰু বিকল হৈ থকা মুঠ ১৫৪ খন খোৱাপানী যোগান আঁচনি আছে যদিও, তাৰে ভিতৰত প্ৰথম পৰ্যায়ত ৬৪ খন আঁচনিৰ বাবদ অনলাইন আৱাহন কৰিছিল বিভাগৰ ফালৰ পৰা। ইয়াৰে জাগীৰোড বিধানসভা সমষ্টি ৪৩খন আঁচনি কামৰ দায়িত্ব অনলাইন ঠিকাদাৰে লাভ কৰিছে যদিও জিলাৰ বিভাগীয় এগৰাকী অভিযন্তাক আগতীয়াকৈ আদায় দিব লগা হৈছে প্ৰতিজন ঠিকাদাৰে ২শতাংশ কমিচনৰ ধন। কমিচন ধন আদায় নিদিয়ালৈকে দুই-এজন প্ৰভাৱশালী ঠিকাদাৰৰ বাহিৰে বাকী কোনো এজন ঠিকাদাৰে “ৱৰ্ক অৰ্ডাৰ’ পাবলৈ সক্ষম হোৱা নাই। জিলাখনৰ জাগীৰোড সমষ্টিত যদিও লাহৰীঘাট আৰু মৰিগাঁও সমষ্টি ঠিকাদাৰ নিবিদাযোগে ঠিকা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইসকলৰ ক্ষেত্ৰত নতুন নতুন নিয়ম বান্ধি দিয়াৰ লগতে কমিচনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া বুলি জানিব পৰা গৈছে। মুঠতে আইকেইখন মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যলয়ত টকাৰ উজান উঠিছে। তৃণমূল পর্যায়ৰ কৰ্মচাৰী সকলে কাৰ্যলয়ত দিনে নিশাই কাম কৰি আঁচনি খন সফল কৰাত উঠি পৰি লগিছে যদিও, ওপৰ মহলত কমিচনৰ এখন বৃহৎ পৰিমাণৰ বজাৰ গঢ়ি উঠা বুলি অভিযোগ উত্থাপন হৈছে। জিলাখনৰ বহু ঠিকাদাৰে কমিচন আদায় দিব নোৱাৰাৰ বাবে কামৰ পৰা বঞ্চিত হবলগা হৈছে। মৰিগাঁও আৰু লাহৰীঘাট ভালেকেইগৰাকী পুৰণা ঠিকাদাৰে মন্ত্ৰী-বিধায়কৰ পৰা লেখা আনি দিব নোৱাৰাৰ বাবে বঞ্চিত হৈছে কামৰ পৰা। যদিহে ঠিকাদাৰ সকলে আগতীয়াকৈ কমিচন আদায় দিবলগাই হয়, তেন্তে কামৰ নমুনা কিমান উন্নত হব, সেয়া সহজে অনুমান কৰিব পৰা যায়। বহু ঠিকাদাৰ লোকচানৰ ভয়ত কাম কৰিব এখোজ আগুৱাই পিছুৱাই ৰৈছে। আনফালে পাইপসমূহ ক্ৰয় কৰাৰ বাবে ঠিকাদাৰ সকলক কেইখনমান বচা বচা প্ৰতিষ্ঠান বাছি দিয়া হৈছে। নতুন বহু ঠিকাদাৰ বৰ্তমান বিপাঙত পৰিছে। পাইপ যোগান ধৰা প্ৰতিষ্ঠানক আগতীয়াকৈ ধন আদায় দিব লাগিব বুলি বিভাগীয় অভিযন্তাই হেঁচা প্ৰয়োগ কৰিছে। মূখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে যিমান দুৰ্নীতি আৰু লুণ্ঠন বিৰুদ্ধে জেহাদ ঘোষণা কৰা বুলি সৰৱ হৈ আহিছে সিমানে বৃদ্ধি পাইছে দুৰ্নীতি আৰু লুণ্ঠন। দুৰ্নীতি অনিয়মৰ বাবে মৰিগাঁও জিলাত আজিও বহু পানী যোগান কেন্দ্ৰ বিকল অথবা আৰম্ভ নোহোৱাকৈ ফুলদানী দৰে পৰি আছে। বিভাগৰ ফালৰ পৰা ধন খৰচ কৰা দেখুৱা হৈছে যদিও আজি পৰ্যন্ত পানী এটোপাল ওলোৱা নাই বহু আঁচনিৰ। এইয়াই হল  কামৰ নমুনা। এই ক্ষেত্ৰত অৱশ্যে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগীয় বিষয়া অভিযন্তা এই বিষয়ত কিমান দূৰ জ্ঞাত হৈছে তাত সন্দেহ আছে। যদিও পৰৱৰ্তী সময়ত আমাৰ দৈনন্দিন বাৰ্তা গ্ৰুপে দুৰ্নীতি গ্ৰস্ত বিষয়া সকলক নাম আৰু ঠিকনা লগতে ফটো প্ৰকাশ কৰা হব। ইয়াৰ উপৰিও বহু গোপন তথ্য কেমেৰাত আবদ্ধ হোৱা ভিদেও ক্ৰিলপৰ যোগেৰে অসমৰ ৰাইজৰ আগত দাঙি ধৰা হব জল জীৱন মিছনৰ আঁচনি কি হব পৰৱৰ্তী কালত।